শিক্ষাদান কাৰ্য আৰু এই সম্বন্ধীয় কৃতকাৰ্যতা স্কুল-প্ৰতিষ্ঠানৰ ওপৰত একান্ত নিৰ্ভৰশীল। স্কুল প্ৰতিষ্ঠানত ছাত্ৰ আৰু শিক্ষকৰ কৰ্মপ্ৰেৰণা আৰু কৰ্মক্ষমতা তেওঁলোকক দিয়া বৈষয়িক সা-সুবিধা, ইয়াৰ পাঠ্যক্ৰম আৰু কাৰ্যসূচী আৰু তাৰ সুপৰিচালনাৰ বাবে কৰ্তৃপক্ষই গ্ৰহণ কৰা অনুশাসন নীতি আৰু পদ্ধতি আদি প্ৰতিজন অভিভাৱক আৰু শিক্ষা-সচেতন লোকৰ বাবেই মন কৰিবলগীয়া কথা। ইয়াৰ সু-ব্যৱস্থা থকা স্কুল এখনকেই ভাল স্কুল বুলিব পাৰি।