অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিকাশ স্বৰূপে শিক্ষাঃ

বিকাশ স্বৰূপে শিক্ষাঃ

বিৱৰণ

শিক্ষা আৰু বিকাশ এই দুয়োটা শব্দই এটা আনটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। শিক্ষাৰ যোগেদিহে বিকাশ সম্ভৱ হৈ উঠে। ব্যক্তিৰ বিকাশৰ যিকোনো সম্ভাৱনাকেই শিক্ষাই বাস্তৱত পৰিণত কৰে। শিক্ষাবিদসকলে শিক্ষাৰ প্ৰকৃত অৰ্থ ব্যাখ্যাৰ বেলিকা সেয়েহে বিকাশৰ মৌলিক অৰ্থ আৰু তাত্পৰ্য্যৰ ওপৰত অধিক গুৰুত্ব দিয়ে। শিক্ষাৰ ইংৰাজী প্ৰতিশব্দ ‘Education’-ৰ মৌলিকতা অধ্যয়ন কৰিলে ই লেটিন ভাষাৰ ‘E’ আৰু ‘Duco’ নামৰ দুটা শব্দৰ পৰা উত্পত্তি হোৱা দেখা যায়। ইয়াৰ অৰ্থ হৈছে ক্ৰমে ‘out of’ অৰ্থাত্ ‘য’ৰ পৰা’ আৰু ‘I lead’ অৰ্থাত্ ‘মই আগবাঢ়ো’ বা ‘মই বিকাশ লাভ কৰো’। শিক্ষাৰ ইংৰাজী প্ৰতিশব্দটোৰ আন কেতবোৰ মৌলিক শব্দও পোৱা যায়। ইয়াৰ ভিতৰত এটা হৈছে ‘educere’ যাৰ অৰ্থ ‘to lead out’ অৰ্থাত্ ‘বিকশাই তোলা’ আৰু আন এটা হৈছে ‘educare’ যাৰ অৰ্থ ‘to bring up’ অৰ্থাত্ ‘তুলি তালি ধৰা’। ইয়াৰ উপৰিও আন এটা শব্দ ‘educatum’ ইয়াত উল্লেখ কৰিব পাৰি যে যাৰ অৰ্থ হৈছে ‘the act of teaching’ অৰ্থাত্ ‘শিক্ষা দান কৰা কাৰ্য্য’।

ওপৰৰ শব্দবোৰৰ অৰ্থ বিশ্লেষণ কৰিলে এই কথা ক’ব পাৰি যে এই সকলোবোৰ শব্দই বিকাশৰ ওপৰত প্ৰাধান্য দিছে। মাত্ৰ এই বিকাশ বহিঃশক্তি নে অন্তঃশক্তিৰ দ্বাৰা ঘাইকৈ পৰিচালিত তাক লৈহে মত পাৰ্থক্য ৰৈ যায়। উল্লেখিত বিভিন্ন অৰ্থ ফঁহিয়াই চালে দেখা যায় যে ‘Educare’ আৰু ‘Educatum’ এই দুই শব্দই শিশুৰ বিকাশ বাহ্যশক্তিৰ দ্বাৰা পৰিচালিত হোৱাৰ পক্ষপাতী। আনহাতে ‘E’ ‘Duco’ আৰু ‘Educare’ শব্দকেইটাৰ অৰ্থই বিকাশৰ ক্ষেত্ৰত শিশুৰ অন্তৰ্নিহিত ক্ষমতাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰে। বৰ্তমান শিক্ষাবিদসকলেও সাধাৰণভাৱে এই দৃষ্টিভংগীকেই সমৰ্থন কৰে। শিশুৰ অন্তৰ্নিহিত ক্ষমতাইহে প্ৰকৃতপক্ষে তাৰ বিকাশ সম্ভৱ কৰি তোলে। সেইবাবে শিক্ষাৰ বৰ্তমান গ্ৰহণযোগ্য অৰ্থও হৈছে শিশুৰ এনে ক্ষমতা যথাসম্ভৱ বিকাশ কৰি তোলাটোহে।

বিকাশৰ লগত শিক্ষাৰ নিবিড় সম্বন্ধ স্থাপনত নিহিত থকা কেইটিমান বিশেষত্ব এইখিনিতে মন কৰিবলগীয়া। প্ৰথমতে এই কথা উল্লেখযোগ্য যে শিক্ষাৰ দ্বাৰা সংঘটিত হোৱা বিকাশ অন্তহীন এক অবিৰাম প্ৰচেষ্টা। এনে বিকাশ আৰু উন্নতি সাধিত হয়, কিন্তু ইয়াৰ শেষ সীমাত আমি কোনো দিনেই উপনীত হ’বগৈ নোৱাৰো। ই আমাক উন্নতিৰ উৰ্ধতন স্তৰলৈ লৈ যায় কিন্তু শীৰ্ষ বিন্দুত কেতিয়াও স্থাপিত কৰিবগৈ নোৱাৰে। ক্ৰমাগত উন্নতি আৰু গতিশীলতাই হৈছে ইয়াৰ প্ৰকৃত ৰূপ। সেইবাবে কোৱা হয় যে শিক্ষা জীৱনৰ বাবে এক প্ৰস্তুতি নহয়, বৰং ইয়েই জীৱন। শিক্ষাৰ দ্বাৰা চিৰন্তন বিকাশৰ এই গতি আমাৰ জন্মৰ পৰা মৃত্যুলৈকে অব্যাহত থাকে।

বিকাশৰ আন এটা বৈশিষ্ট্যপূৰ্ণ অৰ্থ এয়ে যে ব্যক্তিৰ বিকাশযোগ্য নিজ দেহ-মানসিক ক্ষমতাইহে ইয়াক সম্ভৱ কৰি তোলে। ব্যক্তিৰ এনে ক্ষমতা নাথাকিলে কেৱল বাহ্যিকভাৱে শিক্ষা দানৰ দ্বাৰা বিকাশ সম্ভৱ হৈ উঠিব নোৱাৰে। বিকাশৰ বাবে প্ৰয়োজন ব্যক্তিৰ নিজস্ব অন্তৰ্নিহিত বিকাশযোগ্য ক্ষমতা বা শক্তি। যিদৰে শূন্যৰ পৰা কোনো গাণিতিক বিকাশ সম্ভৱ নহয়, সেইদৰে ব্যক্তিৰ নিজস্ব অন্তৰ্নিহিত ক্ষমতাৰ শূন্যতাৰ পৰাও কোনো শিক্ষা বিকাশ আশা কৰিব নোৱাৰি।

সেয়েহে ওপৰৰ আলোচনাৰ পৰা এই কথা স্পষ্ট হয় যে শিক্ষাৰ অৰ্থ হৈছে ব্যক্তিৰ অবিৰত বিকাশৰ গতি আনি দিয়া। এনে গতি সম্ভৱপৰ কৰি তোলা যায় কেৱল মাত্ৰ নিজ অন্তৰ্নিহিত ক্ষমতা বা শক্তিৰ বিকাশৰ যোগেদিহে। বাহিৰৰ জ্ঞান-অভিজ্ঞতা এজনৰ ওপৰত বলপূৰ্বকভাৱে জাপি দি নহয়। শিক্ষা অন্তঃশক্তিৰ বিকাশ, বহিৰাৰোপন নহয়।

দ্বি-পক্ষীয় আৰু ত্ৰি-পক্ষীয় প্ৰক্ৰিয়া স্বৰূপে শিক্ষাঃ

শিক্ষক আৰু শিক্ষাৰ্থীৰ পাৰস্পৰিক প্ৰভাৱ আৰু আদান-প্ৰদানেই প্ৰকৃত পক্ষে শিক্ষা সম্ভৱ কৰি তোলে। শিক্ষা দিয়া আৰু লোৱা কাৰ্য্যৰ যোগেদি শিক্ষকে শিশুৰ ওপৰত আৰু শিশুৱে শিক্ষকৰ ওপৰত যি পাৰস্পৰিক প্ৰভাৱ পেলাই তাকেই দ্বি-পক্ষীয় প্ৰক্ৰিয়া বোলা হয়। এনে প্ৰভাৱৰ মূল কথা এয়ে যে শিশুৰ অপৈণত ব্যক্তিত্বৰ ওপৰত শিক্ষকৰ পৈণত, অভিজ্ঞ আৰু শক্তিশালী ব্যক্তিত্বৰ নিশ্চিত প্ৰভাৱ পৰে। ফলত শিশুৰ ব্যক্তিত্ব গঢ় লৈ উঠে। শিক্ষকে শিক্ষাদান কাৰ্য্যৰ যোগেদি প্ৰকৃত পক্ষে তেওঁৰ জ্ঞান-ধাৰণা আৰু অভিজ্ঞতা আদিৰে ছাত্ৰৰ ওপৰত এক অদৃশ্য অথচ শক্তিশালী প্ৰভাৱ পেলায়। শিক্ষকৰ এনে প্ৰভাৱৰ পৰা আঁতৰত থাকি ছাত্ৰই প্ৰয়োজনীয় শিক্ষা অভিজ্ঞতা লাভ কৰিব নোৱাৰে। আনহাতে ছাত্ৰসকলেও তেওঁলোকৰ দৈহিক উপস্থিতিয়ে শিক্ষকৰ মনত আৰু তেওঁৰ ক্ৰিয়া আচৰণত এক আৱেগিক অথবা আনুভূতিক প্ৰভাৱ পেলায়। ছাত্ৰসকলৰ উপস্থিতি, তেওঁলোকৰ সহযোগিতা, আগ্ৰহ-অভিৰুচি আদিয়ে শিক্ষকক তেওঁৰ শিক্ষাদান কাৰ্য্যত অনুপ্ৰাণিত কৰে। শিক্ষাক সেয়েহে কেৱল ছাত্ৰ বা শিক্ষকৰ একপক্ষীয় কাৰ্য্য বুলি কোৱা নাযায়। শিক্ষাবিদ ছাৰ জন আদমচে সেই হেতুকে শিক্ষাক দ্বি-পক্ষীয় প্ৰক্ৰিয়া বুলি বৰ্ণনা কৰিছে।

শিক্ষাৰ দ্বি-পক্ষীয় প্ৰক্ৰিয়াৰ ধাৰণা অৱশ্যে আপেক্ষিকভাৱে পুৰণি। আধুনিক শিক্ষাবিদ সকলৰ মনত সমাজ আৰু পৰিৱেশৰ পৰিৱৰ্তনশীল চিন্তাধাৰাৰ প্ৰভাৱ পৰিছে। সেয়েহে বৰ্তমান শিক্ষাৰ সামাজিক দিশটোৰ ওপৰত অধিক মনোনিৱেশ কৰা হৈছে। এনে সামাজিক প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত শিক্ষা কেৱল ছাত্ৰ আৰু শিক্ষকৰ দ্বি-পক্ষীয় সম্বন্ধৰ মাজতেই আৱদ্ধ থকা বুলি শিক্ষাবিদসকলে নাভাবে। শিক্ষকে প্ৰভাৱ পেলোৱা আৰু ছাত্ৰই প্ৰভাৱিত হোৱা প্ৰসংগত শিক্ষা বিষয়, শিক্ষা পৰিৱেশ আৰু সামাজিক প্ৰয়োজনীয়তা আদিৰ ভূমিকা কম গুৰুত্বপূৰ্ণ নহয়। সামাজিক পৰিৱেশৰ প্ৰভাৱেহে শিক্ষাক উদ্দেশ্যধৰ্মী কৰি তুলি এক নিৰ্দিষ্ট পথেৰে পৰিচালিত কৰে। ছাত্ৰ আৰু শিক্ষকৰ লগতে শিক্ষা ক্ষেত্ৰত থকা সামাজিক পৰিৱেশৰ প্ৰভাৱৰ কথাও সেয়েহে বৰ্তমানে স্বীকাৰ কৰে। ছাত্ৰ, শিক্ষক আৰু পৰিৱেশৰ সংযোগত গঢ়ি উঠা ত্ৰি-পক্ষীয় প্ৰক্ৰিয়াৰ এই সূত্ৰ বৰ্তমান অধিক জনপ্ৰিয়। দাৰ্শনিক জন্ ডিউইৰ সামাজিক দৰ্শনৰ প্ৰভাৱেই ইয়াৰ প্ৰধান কাৰণ বুলি ক’ব পাৰি।

সমাযোজন স্বৰূপে শিক্ষাঃ

প্ৰত্যেক ব্যক্তিয়েই জন্মৰ পিছৰে পৰা নিজ পৰিৱেশ আৰু পৰিস্থিতিত নিজকে খাপ খুৱাই ল’বলৈ চেষ্টা কৰে। জন্মৰ লগে লগে আমি কেতবোৰ দেহ-মানসিক ক্ষমতা আদি লগত লৈ আহোঁ। এইবোৰেই হৈছে ব্যক্তিত্ব বিকাশৰ মূলধন। আনহাতে জন্মৰ পিছত আমি যি পৰিৱেশত সোমাই পৰো সেই পৰিৱেশৰো সুস্থ বা অসুস্থ একো একোটা নিজস্ব প্ৰভাৱ থাকে। পৰিৱেশৰ এনে বৈশিষ্টপূৰ্ণ প্ৰভাৱে আমাৰ জন্মলব্ধ ক্ষমতাবোৰৰ ওপৰত অনুকূল প্ৰতিকূল ক্ৰিয়া কৰে। সেইবাবে ব্যক্তিয়ে নিজকে খাপ খুৱাই ল’বৰ বাবে কিছু পৰিমাণে এৰা-ধৰাৰ মনোভাৱেৰে পৰিৱেশ আৰু পৰিস্থিতিৰ লগত একোটা সম্বন্ধ স্থাপন কৰিব লগা হয়। ইয়াকে সমাযোজন প্ৰক্ৰিয়া বোলা হয়।

শিক্ষা হৈছে এবিধ সমাযোজন প্ৰক্ৰিয়া। ব্যক্তিয়ে পৰিৱেশত নিজকে উপযুক্তভাৱে খাপ খুৱাই লোৱাত শিক্ষাই সহায় কৰে। শিক্ষাৰ যোগেদি ব্যক্তিয়ে নিজৰ জন্মগত প্ৰবৃত্তি আৰু আচৰণসমূহ আশানুৰূপভাৱে পৰিৱৰ্তন আৰু সংশোধন কৰিব পাৰে। শিক্ষাৰ মূল উদ্দেশ্যই হৈছে আমাৰ জৈৱিক পশু-প্ৰবৃত্তিবোৰৰ প্ৰয়োজন মতে সংস্কাৰ আৰু বিকাশ সাধন কৰা। শিক্ষানুষ্ঠানবোৰ হৈছে ব্যক্তিৰ দেহ-মানসিক প্ৰয়োজনবোৰ সুস্থ আৰু সমাজমুখী কৰি তুলিবলৈ মানুহে গঠন কৰা একো একোটা পৰিকল্পিত পৰিৱেশ মাথোন। সেয়েহে ক’ব পাৰি যে শিক্ষাৰ যোগেদি এহাতে বংশগত শক্তি ক্ষমতাবোৰ আৰু আনহাতে পৰিৱেশীয় প্ৰভাৱ সমূহ সংশোধন কৰি ব্যক্তিৰ সুস্থ সমাযোজন স্থাপন কৰিব পাৰি। ইয়াৰ যোগেদিহে সুস্থ ব্যক্তিত্ব গঠন আৰু বিকাশ সম্ভৱ হৈ উঠে। সেইবাবে কোৱা হয় যে শিক্ষা হৈছে ব্যক্তিৰ এক সমাযোজন কাৰ্য্য। শিক্ষিত লোকে সমাজত বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিত নিজকে সুস্থ সমাযোজন কৰি চলিব পাৰে।

জীৱন-ব্যাপী প্ৰক্ৰিয়া স্বৰূপে শিক্ষাঃ

শিক্ষাক অবিৰত আৰু এক জীৱন-ব্যাপী প্ৰক্ৰিয়া স্বৰূপে বৰ্ণনা কৰা হয়। শিক্ষাৰ বহল দৃষ্টিকোণৰ পৰা কোৱা হয় যে আমাৰ জন্মৰ পৰা মৃত্যুলৈকে গোটেই জীৱনটোৱেই শিক্ষা। আমাৰ জীৱনত পুৰণি অভিজ্ঞতাবোৰ গুচাই নতুন অভিজ্ঞতা গ্ৰহণ কৰো। তাৰ যোগেদি অভিজ্ঞতাৰ পৰিৱৰ্তন আৰু পুনৰ নিৰ্মাণ কৰো। সময়ৰ অগ্ৰগতিৰ লগে লগে নতুন অভিজ্ঞতাও পুৰণিত পৰিণত হয়। নতুন পৰিস্থিতিৰ সন্মুখীন হ’বৰ বাবে নতুন অভিজ্ঞতা আমাৰ দৃষ্টিগোচৰ হয়। পুৰণিক আঁতৰাই পুনৰ অভিজ্ঞতা আমি গ্ৰহণ কৰো। মানুহ সেয়েহে সদায় নতুনৰ পূজাৰী। এই নতুনৰ প্ৰতি আগ্ৰহ আৰু তাৰ সন্ধান কাৰ্য্য আমাৰ জীৱন-ব্যাপী চলে। ফলত জীৱনজুৰি আমি শিক্ষাৰ লগত জড়িত হৈ পৰো। ইয়াৰ কোনো দিনেই অন্ত, তৃপ্তিৰ পৰিসমাপ্তি হৈ নুঠে। উন্নতিৰ শীৰ্ষ বিন্দুলৈ আমি সদায় গতি কৰো, কিন্তু শীৰ্ষ বিন্দু কোনোদিনেই স্পৰ্শ কৰিবগৈ নোৱাৰো।

আনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময় আৰু বিষয়সূচী থাকে। এই সময় আৰু বিষয়সূচীৰ শেষ হ’লেই তেনে শিক্ষাৰো অন্ত পৰে। কিন্তু অনানুষ্ঠানিক আৰু প্ৰাসংগিক বিধৰ এই শিক্ষা আমাৰ জীৱন-ব্যাপী চলে। ইয়াক কোনো নিৰ্দিষ্ট স্থান, কাল আৰু পাত্ৰৰ দ্বাৰা নিৰ্ধাৰিত কৰিব নোৱাৰি। জীৱনেই তাৰ পাঠ্যপুথি আৰু জীৱনৰ অভিজ্ঞতাই তাৰ শিক্ষা। সেয়েহে শিক্ষা এক জীৱন-ব্যাপী প্ৰক্ৰিয়া।

সামাজিক পৰিৱৰ্তনৰ আহিলা স্বৰূপে শিক্ষাঃ

শিক্ষা হৈছে সামাজিক পৰিৱৰ্তনৰ উপায় বা অৱলম্বন স্বৰূপ। এখন দেশ বা সমাজ পৰিৱৰ্তনৰ যোগেদি বিকাশৰ পথত আগবাঢ়ে। সামাজৰ এই পৰিৱৰ্তন আৰু বিকাশ সাধন কৰাটো শিক্ষাৰ দ্বাৰাহে সম্ভৱ হৈ উঠিব পাৰে। সমাজ সদায় ক্ৰমাগতভাৱে পৰিৱৰ্তনশীল আৰু বিকাশশীল। এই পৰিৱৰ্তন আৰু বিকাশৰ ধাৰা অব্যাহত কৰি ৰখাৰ গুৰিতেই হৈছে শিক্ষা। শিক্ষাই এজন লোকৰ ব্যক্তিগতভাৱে আৰু এখন সমাজৰ সামূহিকভাৱে ক্ৰিয়া আচৰণৰ পৰিৱৰ্তন আৰু সংশোধন কৰে। ই মানুহৰ মনৰ অজ্ঞান আন্ধাৰ দূৰ কৰি নতুন পোহৰ বিলায়। পুৰণি সমাজৰ অসুস্থ নীতি-নিয়ম, অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু কু-অভ্যাস আদি মানুহে বুজি উঠাত শিক্ষাই সহায় কৰে। তাৰ লগে লগে শিক্ষাই মানুহৰ মনত নতুন চিন্তা, ক্ৰিয়া আৰু নতুন মূল্যবোধ জগাই তোলে। নতুন জ্ঞান-অভিজ্ঞতা আৰু আদৰ্শৰ পোহৰত পুৰণি আলান্ধুকলীয়া নীতি-নিয়মবোৰ আঁতৰাই পেলায়। সমাজে পৰিৱৰ্তন আৰু বিকাশৰ পথত এক নতুন পদক্ষেপ দিয়ে। এইদৰে শিক্ষাই মানুহৰ মনত যুগে যুগে পৰিৱৰ্তনৰ ভাব জগাই তোলে।

শিক্ষা অবিহনে সেয়েহে পৰিৱৰ্তনৰ ভাব মানুহৰ মনত জাগি উঠিব নোৱাৰে। ইয়াৰ অভাৱত মানুহৰ মনত স্থবিৰতা, নিষ্ক্ৰিয়তা আৰু গতিহীনতাৰ ভাব আহি পৰিব আৰু তাৰ ফলত বিকাশৰ পথ আমাৰ বাবে ৰুদ্ধ হৈ পৰিব। তেনে হোৱা হ’লে মানুহ আৰু জন্তুৰ মাজত বিশেষ পাৰ্থক্যও নাথাকিলহেঁতেন। জন্তুৰ দৰে বিকাশহীন আৰু গতানুগতিক জীৱন-যাপন কৰিবলগা হ’লহেঁতেন। সেয়েহে ক’ব পাৰি যে শিক্ষাই হৈছে একমাত্ৰ উপায় যাৰ যোগেদি সামাজিক পৰিৱৰ্তনৰ গতি অব্যাহত কৰি ৰাখিব পাৰি। মানুহে উন্নতিৰ পৰা অধিক উন্নতি আৰু প্ৰগতিৰ পৰা অধিক প্ৰগতি লাভৰ মূল চাবি-কাঠি হৈছে শিক্ষা।

ভাৰতৰ শিক্ষা সম্বন্ধে সৰ্ববৃহত্ প্ৰতিবেদন আগবঢ়োৱা ১৯৬৬ চনৰ কোঠাৰী আয়োগেও সামাজিক পৰিৱৰ্তনৰ দিশত শিক্ষাৰ এই ভূমিকাৰ কথা প্ৰথমেই উল্লেখ কৰিছে। আয়োগৰ মতে ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন কোনো তীব্ৰ ধ্বংসমুখী বিদ্ৰোহৰ যোগেদি আনিবলৈ নিবিচাৰিলে ইয়াৰ এটা মাত্ৰ অস্ত্ৰ বা উপায় আছে, আৰু সেয়ে হৈছে শিক্ষা।

দৰ্শন, কলা আৰু বিজ্ঞান স্বৰূপে শিক্ষাঃ

শিক্ষাৰ প্ৰকৃত অৰ্থ ইমানেই ব্যাপক আৰু গভীৰ যে দৰ্শন, কলা আৰু বিজ্ঞানৰ ৰূপতো ইয়াৰ স্বৰূপ বৰ্ণনা কৰিব পাৰি। শিক্ষাৰ লগত দৰ্শনৰ এৰাব নোৱাৰা সম্বন্ধ। শিক্ষাই আমাৰ দেহ-মানসিক উত্কৰ্ষ সাধন কৰি জীৱনৰ এক নিৰ্দিষ্ট লক্ষ্য আৰু বিকাশৰ পথত আগুৱাই নিয়ে। সেইবাবে শিক্ষা হৈছে বিকাশৰ এক জীৱনজোৰা প্ৰচেষ্টা বা মূল কথাত ইয়েই জীৱন স্বৰূপ। আমাৰ জীৱনৰ গতি শুদ্ধ পথে আগুৱাই নিবৰ বাবে নিৰ্ভুল চিন্তাধাৰা আৰু আদৰ্শ বা নীতিৰ প্ৰয়োজন। এনে সুপৰিকল্পিত আৰু সামূহিক চিন্তাধাৰাই হৈছে দৰ্শন। শিক্ষাৰ লগত জীৱনৰ যি অবিচ্ছেদ্য সম্বন্ধ দৰ্শনৰ লগতো ইয়াৰ তেনে সম্বন্ধ। আমাৰ জীৱন দৰ্শন শিক্ষা দৰ্শনৰ দ্বাৰা ৰূপায়িত অথবা কাৰ্যকৰী কৰা হয়। সেয়েহে আমাৰ শিক্ষা ব্যৱস্থা জীৱনৰ দৰ্শন বা চিন্তাধাৰা অনুযায়ী ৰচিত আৰু পৰিচালিত হোৱা উচিত। উদাহৰণ স্বৰূপে সমাজবাদ, গণতন্ত্ৰ, ন্যায়, সমতা, ভ্ৰাতৃত্ব আদি আমাৰ সামাজিক জীৱনৰ দৰ্শন আৰু আদৰ্শ হোৱা সময়ত তাৰ কাৰ্যকৰী পন্থা স্বৰূপে দেশৰ শিক্ষা ব্যৱস্থাত সি প্ৰতিফলিত হৈ উঠিব লাগিব। চিন্তা নকৰাকৈ কৰা কাৰ্য্যত যেনেকৈ কেনা লাগিব পাৰে সেইদৰে সুচিন্তিত মত বা আদৰ্শক কাৰ্যকৰী ৰূপ নিদিলেও প্ৰকৃত বিকাশ আশা কৰিব নোৱাৰি। শিক্ষা আৰু দৰ্শনৰ এনে ওতঃপ্ৰোত সম্বন্ধ থকাৰ বাবেই দেখা যায় যে বিখ্যাত শিক্ষাবিদসকল একো একোজন বিখ্যাত দাৰ্শনিকো। তেওঁলোকৰ নিজ নিজ জীৱনৰ দৰ্শন শিক্ষাৰ মাজেদি বাস্তৱায়ন আৰু কাৰ্যকৰী কৰি তুলিছে। সেয়েহে ক’ব পাৰি যে জীৱন সম্বন্ধে কৰা দৰ্শনৰ ব্যাপক আৰু সুচিন্তিত বিৱেচনাক কাৰ্যকৰী ৰূপ দান কৰি মানুহক ক্ৰমবিকাশৰ পথত আগুৱাই নিয়াই হৈছে প্ৰকৃত শিক্ষা। শিক্ষা হৈছে দৰ্শনৰ কাৰ্যকৰী ৰূপ।

কলাৰ ৰূপতো শিক্ষাক বৰ্ণনা কৰিব পাৰি। শিক্ষাৰ এক প্ৰধান উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ দেহ-মানসিক গুণ আৰু সম্ভাৱনীয়তা সমূহৰ বিকাশ সাধন কৰা। ইয়াৰ যোগেদি চৰিত্ৰ আৰু ব্যক্তিত্ব গঢ় দি তুলি সুন্দৰতৰ কৰি তোলা হয়। শিশু বিকাশৰ বিভিন্ন দিশ আৰু তাৰ সম্ভাৱনীয়তাসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আদৰ্শ ব্যক্তিত্ব গঢ় দি তুলিবৰ বাবে শিক্ষক আৰু চিন্তাবিদসকলক কলা-সুলভ অনুভূতি, প্ৰেৰণা আৰু অন্তৰ্দৃষ্টিৰ প্ৰয়োজন। জীৱনৰ গভীৰ উপলব্ধি আৰু সুন্দৰতাৰ প্ৰাঞ্জল অনুভূতি অবিহনে এনে কাৰ্য্যত সাৰ্থকতা লাভ কৰিব পৰা নাযায়। সেয়েহে সাধাৰণতে কোৱা হয় যে শিক্ষাদান কাৰ্য্য হৈছে এবিধ কলা। এই কলাৰ প্ৰকৃত উত্তৰাধিকাৰী জনেহে শিক্ষাদান কাৰ্য্য সাৰ্থক কৰি তুলিব পাৰে। কলাৰ সূক্ষ্ম অনুভূতিয়েহে শিক্ষকৰ ভাবধাৰা আৰু আচৰণৰ যোগেদিহে শিক্ষাৰ্থীৰ মনত তেওঁ সুস্থ ব্যক্তিত্বৰ প্ৰভাৱ পেলাব পাৰে। শিক্ষকতা বৃত্তিও এই দৃষ্টিকোণৰ পৰা এবিধ কলাত্মক বৃত্তি বুলি অভিহিত কৰিব পাৰি। আদৰ্শ শিক্ষকৰ ব্যক্তিত্বৰ প্ৰভাৱে সেয়েহে শিক্ষাৰ্থীক গোটেই জীৱনলৈকে অনুপ্ৰেৰণা যোগাব পাৰে।

শিক্ষাৰ বৰ্তমান কাৰ্যকৰী আৰু ব্যৱহাৰিক দিশৰ বিৱেচনাৰে ইয়াক বিজ্ঞানৰ শ্ৰেণীত পেলাব পাৰি। শিশুৰ দেহ-মনৰ বিকাশ সাধন কৰিবৰ বাবে বিজ্ঞানসন্মত কাৰ্যপন্থা আৰু আঁচনিৰ বিশেষ প্ৰয়োজন অনুভৱ কৰা হয়। বৰ্তমানৰ প্ৰতিটো শিক্ষা বিষয় আৰু তাৰ কাৰ্য-ব্যৱস্থাকেই বৈজ্ঞানিক দৃষ্টিৰে চালি-জাৰি চাইহে তাক গ্ৰহণ কৰা হয়। শিক্ষা ক্ষেত্ৰত যি বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা হৈছে তাৰ গুৰিতে বিজ্ঞানৰ অৱদানৰ কথা স্বীকাৰ কৰিব লাগিব। শিক্ষাৰ বিভিন্ন কাৰ্যকৰী দিশ, যেনে- পাঠ্যক্ৰম প্ৰস্তুতি, পাঠদান পদ্ধতি, অনুশাসন ব্যৱস্থা, সহ-পাঠ্যক্ৰম বিষয়ৰ প্ৰয়োগ নীতি পৰীক্ষা আৰু মূল্যায়ণ ব্যৱস্থা আদি বৈজ্ঞানিক দৃষ্টিৰে ৰচনা আৰু পৰিচালনা কৰাৰ ব্যৱস্থা কৰা হৈছে। এই সম্বন্ধীয় বিবিধ সমস্যা সমাধানৰ পথো বিজ্ঞানসন্মতভাৱে উদ্ভাৱনৰ চেষ্টা চলোৱা হৈছে। মনোবিজ্ঞানৰ ন ন পৰীক্ষা-নিৰীক্ষাৰ যোগে লাভ কৰা অভিজ্ঞতাসমূহৰ প্ৰতি শিক্ষাবিদসকল অধিক আকৃষ্ট হৈ উঠিছে। শিক্ষাৰ্থীৰ দেহ-মনৰ ক্ষমতা, প্ৰয়োজনীয়তা, আগ্ৰহ আৰু ভৱিষ্যত্ সম্ভাৱনীয়তা আদি মনোবৈজ্ঞানিকভাৱে পৰীক্ষা কৰি চাইহে সেই অনুক্ৰমে শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। মনোবিজ্ঞানত কৰা বিবিধ পৰীক্ষাৰ ফলাফল শিক্ষাত প্ৰয়োগৰ প্ৰচুৰ সম্ভাৱনীয়তা দেখা দিছে। ছাত্ৰক শিক্ষাদানৰ বাবে বৈজ্ঞানিক ভিত্তিত ন ন শিক্ষা আঁচনি যুগুত কৰা হৈছে। এই ক্ষেত্ৰত পূৰ্ব-প্ৰাথমিক পৰ্যায়ত বৰ্তমান অধিক গুৰুত্ব দিয়া হৈছে। ইয়াৰ ফলত শিক্ষকৰ বাবে শিক্ষা আৰু শিশু-মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজন হৈ পৰিছে। ইয়াৰ উপৰিও শিক্ষকে নিজৰ বৃত্তীয় যোগ্যতা আহৰণ কৰিবৰ বাবেও শিক্ষা-মনোবিজ্ঞানৰ অধ্যয়ন বিশেষ অপৰিহাৰ্য্য। সেয়েহে ক’ব পাৰি যে বৰ্তমানৰ গোটেই শিক্ষা ব্যৱস্থা ক্ৰমে বিজ্ঞানমুখী হৈ আহিছে।

সভ্যতা-সংস্কৃতিৰ সংৰক্ষক আৰু বিকাশক স্বৰূপে শিক্ষাঃ

শিক্ষা-দাৰ্শনিক সকলৰ মতে শিক্ষাৰ দুটা প্ৰধান দায়িত্ব বা ভূমিকা আছে, যেনে- সংৰক্ষণমূলক আৰু বিকাশমূলক। অতীত সমাজৰ কৃষ্টি, সংস্কৃতি, সভ্যতা আদি সংৰক্ষণ কৰি ৰখা আৰু সেই সমূহৰ ভৱিষ্যত্ উন্নতি আৰু বিকাশ সাধন কৰি তোলা। এই দুয়োটাই হৈছে ব্যাপক পৰিসৰৰ সামাজিক দায়িত্ব আৰু দুয়োটা দায়িত্বকেই শিক্ষাই যুগে যুগে পালন কৰি আহিছে। এই দুইবিধ দায়িত্ব পালনৰ প্ৰতি সচেতন হৈহে শিক্ষক, শিক্ষাৰ্থী আৰু শিক্ষাৰ লগত জড়িত ব্যক্তিসকলে শিক্ষাৰ মৌলিক উদ্দেশ্য সাধন কৰিব পাৰে।

(১) শিক্ষাৰ সংৰক্ষণমূলক ভূমিকাঃ সাধাৰণভাৱে ক’বলৈ হ’লে স্কুল, কলেজ আদি শিক্ষানুষ্ঠানবোৰৰ দায়িত্ব হৈছে ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথিৰ জ্ঞান দান কৰা। শিক্ষক হৈছে পাঠদানকাৰী আৰু ছাত্ৰ হৈছে পাঠ গ্ৰহণকাৰী। কিন্তু এই কথা বহল সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে ক’ব পাৰি যে শিক্ষানুষ্ঠানবোৰৰ প্ৰধান দায়িত্ব হৈছে সমাজৰ নতুন পুৰুষসকলক অতীত সমাজৰ সভ্যতা-সংস্কৃতিৰ জ্ঞান দিয়া আৰু তাৰ লগত পৰিচয় কৰাই দিয়া। পাঠ্যপুথিৰ বিভিন্ন বিষয়ৰ মাজত অতীত সমাজৰ লোকৰ জ্ঞান-অভিজ্ঞতা, ভাবধাৰা, চিন্তাধাৰা, তেওঁলোকৰ আস্থা, নিষ্ঠা, বিশ্বাস, অভ্যাস আদি ছাত্ৰসকলৰ উপযোগীকৈ প্ৰদান কৰি তাক সংৰক্ষণ কৰি ৰখা হয়। ছাত্ৰ-ছাত্ৰী নামধাৰী সমাজৰ এই নতুন বংশধৰসকলে পাঠ্য বিষয়সমূহৰ যোগেদি পুৰণি সমাজৰ লোকসকলৰ সেই জীৱনধাৰা আৰু চিন্তাধাৰা জানি উঠিব লাগে। শিক্ষকে ছাত্ৰক অতীত সমাজৰ সভ্যতা-সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়ে। তেওঁ বৰ্তমানৰ বাবে তাৰ প্ৰয়োজনীয় অংশগ্ৰহণ কৰাত আৰু অপ্ৰয়োজনীয় অংশ ত্যাগ কৰাত ছাত্ৰক আৱশ্যকীয় নিৰ্দেশনা দিয়ে। বহল অৰ্থত্ ক’বলৈ গ’লে ই হৈছে শিক্ষাৰ এক সংৰক্ষণমূলক কাৰ্য। এনে কাৰ্যৰ যোগেদি সমাজৰ নতুন বংশধৰসকলে অতীত সমাজৰ সভ্যতা-সংস্কৃতিৰ প্ৰয়োজনীয় অংশ আয়ত্ব কৰি তাক ভৱিষ্যতৰ বাবে ধৰি ৰাখিব লাগে। এনে কাৰ্যৰ যোগেদিয়ে পূৰ্বপুৰুষসকলৰ সভ্যতা-সংস্কৃতি উত্তৰ পুৰুষলৈ গতি কৰে। এইদৰে শিক্ষাই এটা জাতি বা এখন সমাজৰ ভৱিষ্যত্ বিকাশৰ বুনিয়াদ ৰচনা কৰে। যিদৰে এটা নতুন ঘৰ সাজি ওপৰলৈ ক্ৰমে বঢ়াই নিবলৈ এটা সুদৃঢ় ভেটিৰ প্ৰয়োজন, সেইদৰে এখন সমাজৰ ভৱিষ্যত্ বিকাশৰ বাবেও অতীত সভ্যতা-সংস্কৃতিৰ ওপৰত ৰচিত এক সুদৃঢ় ভেটিৰ প্ৰয়োজন। শিক্ষাইহে কেৱল সমাজৰ এই প্ৰয়োজন পূৰণ কৰিব পাৰে।

(২) শিক্ষাৰ বিকাশমূলক ভূমিকাঃ

ওপৰত উল্লেখ কৰাতকৈও অধিক গুৰুত্বপূৰ্ণ শিক্ষাৰ আন এটা ভূমিকা হৈছে বিকাশমূলক ভূমিকা। শিক্ষাই অতীত সভ্যতা-সংস্কৃতিৰ কেৱল সংৰক্ষণেই নহয়, তাৰ আশানুৰূপ ভৱিষ্যত্ বিকাশৰো দায়িত্ব গ্ৰহণ কৰিব লাগে। পুৰণি সমাজৰ পৰা পোৱা সকলোখিনি জ্ঞান-অভিজ্ঞতাই আমাৰ বৰ্তমান সমাজ আৰু পৰিস্থিতিৰ বাবে গ্ৰহণযোগ্য নহয়। অতীত সমাজৰ বহুখিনি কথাই আমাৰ বাবে পুৰণি, অচল আৰু অদৰকাৰী হৈ পৰে। আনহাতে বৰ্তমান সমাজৰো কেতবোৰ নিজস্ব প্ৰয়োজন, সমস্যা, আশা-আকাংক্ষা আদি থাকে, যিবোৰ অতীতৰ সমাজতকৈ পৃথক। সেয়েহে বৰ্তমানৰ বাবে প্ৰয়োজনীয় অংশহে মাথোন আমি অতীতৰ পৰা গ্ৰহণ কৰিব লাগে। আমাৰ ভৱিষ্যত্ বিকাশত সহায়কাৰী নোহোৱা অতীতৰ অপ্ৰয়োজনীয় অংশ বাদ দিব লাগে। অতীতৰ জ্ঞান-অভিজ্ঞতাৰ সহয় লৈ নতুন চিন্তা, গৱেষণা আৰু উদ্ভাৱন কৰি নতুন পৰিস্থিতিৰ সন্মুখীন হোৱাটোহে নতুন পুৰুষ আৰু নতুন সমাজৰ প্ৰয়োজন। প্ৰতিখন সমাজৰে নতুন বংশধৰ সকলৰ মহান দায়িত্ব হৈছে অতীতৰ সভ্যতা-সংস্কৃতিখিনিক তেওঁলোকৰ নতুন চিন্তা-গৱেষণাৰ দ্বাৰা অধিক নিকা কৰি তোলা, যাতে বৰ্তমান আৰু ভৱিষ্যতৰ বাবে সি অধিক গ্ৰহণযোগ্য হৈ উঠে। এনে নতুন চিন্তা আৰু উদ্ভাৱন ক্ষমতাৰ যোগেদিহে আমি বৰ্তমান সমাজৰ ইচ্ছা, আকাংক্ষা আৰু প্ৰয়োজন আদি উপযুক্তভাৱে পূৰণ কৰিব পাৰিম আৰু ভৱিষ্যতৰ বাবেও আমাৰ অৱদান যোগাব পাৰিম। ইয়াৰ যোগেদিয়ে সমাজ বিকাশৰ পথত অগ্ৰসৰ হ’ব পাৰে। সমাজক পুৰণি সভ্যতা-সংস্কৃতিৰ ওপৰত প্ৰতিষ্ঠিত কৰি বিকাশৰ নতুন আৰু উন্নত পথেদি আগুৱাই নিয়াৰ এই মহান দায়িত্ব হৈছে শিক্ষাৰ। এই বিকাশমূলক ভূমিকা শিক্ষাই গ্ৰহণ নকৰা হ’লে সমাজ স্থবিৰ আৰু গতিহীন হৈ পৰিলেহেঁতেন।

শিক্ষাৰ সংজ্ঞাঃ

শিক্ষাৰ অৰ্থ সম্বন্ধে ওপৰত দিয়া বিভিন্ন ব্যাখ্যাৰ অন্তত ইয়াৰ সংজ্ঞা দিবলৈ আৰু বুজিবলৈ আমাৰ বাবে টান নহয়। শিক্ষাৰ অৰ্থৰ ব্যাপকতালৈ চাই ইয়াৰ সংজ্ঞাও ভিন ভিন হোৱাটো স্বাভাৱিক। প্ৰতিজন লোকেই নিজৰ জীৱনত শিক্ষাৰ অভিজ্ঞতা লাভ কৰা হেতুকে নিজ নিজ ভাৱে ইয়াৰ ব্যাখ্যা আৰু সংজ্ঞা দিয়াটো স্বাভাৱিক। সেয়েহে শিক্ষাৰ এক সৰ্বসন্মত সংজ্ঞা দিয়াটো প্ৰায় অসম্ভৱ। সাধাৰণ লোকৰ কথা বাদ দিলেও শিক্ষাবিদ আৰু শিক্ষা-দাৰ্শনিকসকলৰ মাজতো এই বিষয়ে মতপাৰ্থক্য থকা দেখা যায়। শিক্ষা সম্বন্ধে তেওঁলোকৰ নিজস্ব উপলব্ধিৰে দিয়া সংজ্ঞাসমূহৰ কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ অথবা কোনটো আমাৰ বাবে অধিক গ্ৰহণযোগ্য তাক বিচাৰ কৰাটো আমাৰ উদ্দেশ্য নহয়। শিক্ষাৰ বহল আৰু ব্যাপক অৰ্থ মাত্ৰ কেইটামান বাক্যত সামৰি লোৱাটো অসম্ভৱ। সেয়েহে শিক্ষা বিষয়ত চিন্তাশীল ব্যক্তিসকলৰ কেইটামান উল্লেখযোগ্য সংজ্ঞা তলত উদ্ধৃত কৰি ইয়াৰ ব্যাপকতাৰ ৰূপ দাঙি ধৰিবলৈ বিচৰা হৈছে।

গ্ৰীক দাৰ্শনিক চক্ৰেটিচৰ মতে প্ৰত্যেক ব্যক্তিৰ মনত সুপ্ত অৱস্থাত নিহিত হৈ থকা বিশ্বজনীন বৈধতাৰ ভাব বিকাশ কৰি তোলাই শিক্ষা।

প্লেটোৱে তেওঁৰ ‘ৰিপাব্লিক’ নামৰ গ্ৰন্থত উল্লেখ কৰে যে উপযুক্ত সময়ত আমি সুখ আৰু দুখ অনুভৱ কৰিব পৰা ক্ষমতাই হৈছে শিক্ষা। ই ছাত্ৰৰ দেহ আৰু আত্মাত সকলো সৌন্দৰ্য্যৰ বিকাশ আৰু সম্ভাৱ্য পূৰ্ণতা আনি দিয়ে। তেওঁ আৰু কয় যে শিক্ষাই ব্যক্তিৰ মনত কোনো নতুন সূত্ৰ উত্পাদন আৰু প্ৰৱেশ কৰাই নিদিয়ে, ই কেৱল পূৰ্বস্থিত সূত্ৰকহে নিৰ্দেশ দিয়ে আৰু পৰিচালনা কৰে।

প্লেটোৰ শিষ্য এৰিষ্ট’টলৰ মতে সুস্থ শৰীৰত সুস্থ মন গঢ়ি তোলাটো শিক্ষাৰ দ্বাৰাই সম্ভৱ হয়, ই মানুহৰ মানসিক শক্তিৰ বিকাশ সাধন কৰে, যাতে তাৰ দ্বাৰা তেওঁ প্ৰকৃত সুখত অন্তৰ্নিহিত হৈ থকা সত্য, শিৱ আৰু সুন্দৰৰ সাধনা লাভ কৰিব পাৰে।

শিক্ষাক সৰ্বপ্ৰথম মনোবৈজ্ঞানিক দৃষ্টি দান কৰা শিক্ষা-দাৰ্শনিক  পেষ্টালজীৰ মতে শিক্ষা হৈছে মানুহৰ সুপ্ত শক্তিৰ স্বাভাৱিক, সংযত আৰু উন্নতশীল বিকাশ সাধন কৰা।

জাৰ্মানীৰ শিক্ষা-দাৰ্শনিক আৰু কিণ্ডাৰ গাৰ্টেন স্কুলৰ জন্মদাতা ফ্লোৱেলেও এনে মতকেই প্ৰকাশ কৰি কয় যে ই এবিধ প্ৰক্ৰিয়া যাৰ দ্বাৰা শিশুৱে তাৰ অন্তৰ্নিহিত শক্তিৰ বহিঃপ্ৰকাশ কৰে।

ইংলেণ্ডৰ শিক্ষা-দাৰ্শনিক পাৰ্চি নানে শিক্ষাৰ ক্ষেত্ৰত শিশুৰ ব্যক্তিত্ব বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ মত প্ৰকাশ কৰে যে শিক্ষা হৈছে শিশুৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ, যি তাৰ সৰ্বোত্কৃষ্ট ক্ষমতা অনুযায়ী মানৱ জীৱনৰ প্ৰতি নিজৰ মৌলিক বৰঙণি আগবঢ়াব পাৰে।

শিক্ষা-দাৰ্শনিক জন্ ডিউইৰ মতে, শিক্ষা হৈছে এবিধ জীৱন পদ্ধতি যাৰ দ্বাৰা অভিজ্ঞতাৰ অবিৰত পুনৰ নিৰ্মাণ কৰিব পাৰি। ই ব্যক্তিৰ সেই সকলোবোৰ ক্ষমতাৰ উত্কৰ্ষ সাধন কৰিব পাৰে যাৰ দ্বাৰা তেওঁ নিজ পৰিৱেশৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব আৰু সম্ভাৱনীয়তাসমূহ পূৰণ কৰিব পাৰে।

ভাৰতৰ শিক্ষা ব্যৱস্থাত জাতীয় আন্দোলনৰ ভাব সৃষ্টি কৰা গান্ধীজীৰ সংজ্ঞাও এইখিনিতে স্মৰণযোগ্য। তেওঁৰ মতে আমাৰ দেহ-মন আৰু আত্মাৰ সৰ্বতোপ্ৰকাৰ আৰু সৰ্বোত্কৃষ্ট উত্কৰ্ষ সাধনেই হৈছে শিক্ষা। নিজৰ অন্তৰ্নিহিত শক্তিক সৰ্বোত্কৃষ্টভাৱে বিকশাই তোলাতেই প্ৰকৃত শিক্ষা নিহিত হৈ থাকে।

শিক্ষা সম্বন্ধে চিন্তাশীল ব্যক্তিসকলৰ আৰু অধিক সংজ্ঞাৰ প্ৰয়োজন নাই। ওপৰত উল্লেখ কৰা সংজ্ঞাসমূহত প্ৰকাশৰ ভিন্নতা থাকিলেও মূল ভাবৰ সাদৃশ্য নথকা নহয়। সেয়ে হৈছে- সাধাৰণভাৱে সকলোৱেই এই কথা স্বীকাৰ কৰে যে শিশুৰ এক বিকাশশীল ক্ষমতা অন্তৰ্নিহিত হৈ আছে যাৰ প্ৰকৃত আৰু পূৰ্ণ বিকাশেই হৈছে শিক্ষা।

অসমত প্ৰাথমিক শিক্ষাৰ বিকাশঃ

ভাৰতৰ প্ৰাথমিক শিক্ষা বিকাশৰ লগত অসমৰ প্ৰাথমিক শিক্ষা বিকাশৰ ইতিহাস জড়িত হৈ আছে। অৱশ্যে ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি স্থাপন হোৱাৰ পূৰ্বে অসমৰ এক স্বতন্ত্ৰ ইতিহাস আছিল। সেই অনুক্ৰমে শিক্ষা ব্যৱস্থাৰো এক প্ৰাচীন নিজস্ব বৈশিষ্ট্য আছিল। সেই হেতুকে ইংৰাজসকলৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নীতি আৰু শিক্ষা-নীতিয়ে ইয়াক প্ৰভাৱিত কৰিব পৰা নাছিল। অৱশ্যে এই কথাও মন কৰিবলগীয়া যে ১৮২৬ চনৰ আগলৈকে ইংৰাজ শাসকসকলে ভাৰতৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰতো তেনে কোনো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নাছিল। মিছনেৰী সকলেই অ’ত ত’ত শিক্ষা কাৰ্য পৰিচালনা কৰিছিল। ১৮৩৫ চনৰ মেকলেৰ প্ৰতিবেদন আৰু বেণ্টিংকৰ ঘোষিত শিক্ষা-নীতিৰ পিছৰ পৰাহে তেওঁলোকে প্ৰাথমিক শিক্ষাৰ ইতিহাসৰ লগত অসমৰ ইতিহাস জড়িত হৈ আছে।

অসমৰ প্ৰাথমিক শিক্ষাৰ ইতিহাসঃ

 

বৈষ্ণৱ আন্দোলনৰ প্ৰভাৱঃ

ছশ বছৰীয়া আহোমৰ ৰাজত্বকালৰ শিক্ষা-বুৰঞ্জী স্পষ্টভাৱে পাব পৰা নাযায়। আহোম ৰজাসকলে শেষলৈ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা বাবে শংকৰ মাধৱৰ বৈষ্ণৱ আন্দোলন সমগ্ৰ অসমতে সুসংগঠিত হৈ উঠে। ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্থল সত্ৰ সমূহ আৰু ইয়াৰ শাখা স্বৰূপে নামঘৰ সমূহে ধৰ্মীয় শিক্ষাৰ এক সুস্থ সাংগঠনিক ব্যৱস্থা সৰ্বসাধাৰণৰ মাজত গঢ়ি দি তোলে। গাঁৱৰ ভিতৰুৱা অঞ্চলবোৰত নামঘৰবোৰে ধৰ্মীয়, সাংস্কৃতিক আৰু উন্নয়নমূলক কেন্দ্ৰ স্বৰূপে কাম কৰিছিল। শংকৰদেৱৰ নামধৰ্ম প্ৰচাৰৰ বাবে সৃষ্টি হোৱা এই নামঘৰবোৰক সৰ্বসাধাৰণ লোকৰ শিক্ষানুষ্ঠান আৰু নাট্যানুষ্ঠান স্বৰূপেও বৰ্ণনা কৰিব পাৰি। সৰ্বসাধাৰণ লোকৰ মন আকৰ্ষণ কৰিব পৰাকৈ শংকৰদেৱে শিক্ষাৰ দৃশ্য শ্ৰাব্য সঁজুলিৰ যোগে শিক্ষাদানৰ ব্যৱস্থা স্বৰূপে এই নামঘৰবোৰত ভাওনাৰ প্ৰচলন কৰিছিল। সত্ৰসমূহ হৈছে উচ্চ পৰ্যায়ৰ অনুষ্ঠান যাক একোজন সত্ৰাধিকাৰে পৰিচালনা কৰে। তেওঁলোকৰ ওচৰত সৰ্বসাধাৰণ লোকে শৰণ-ভোজন লৈ শিক্ষা-দীক্ষা লাভ কৰা প্ৰথা বৰ্তমানেও প্ৰচলিত হৈ আছে। এই সত্ৰসমূহৰ যোগেদি দিয়া শাস্ত্ৰীয় নৃত্য-গীত আৰু নাট্যাভিনয় শিক্ষা বৰ্তমানে সৰ্বভাৰতীয় ক্ষেত্ৰতো বিশেষ জনপ্ৰিয়তা লাভ কৰা দেখা যায়। শংকৰদেৱ, মাধৱদেৱ আদিৰ জীৱনী অধ্যয়নৰ পৰাও জানিব পাৰি যে বৈষ্ণৱ আন্দোলনৰ আগৰে পৰা অসমত সীমিতভাৱে গুৰুৱে দিয়া প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ প্ৰচলন আছিল।

ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰভাৱঃ

১৮২৬ চনত অসম ইংৰাজ শাসনৰ অধীনলৈ যায়। প্ৰশাসনৰ ভাৰ লৈ ডেভিদ স্কট চাহাব অসমলৈ আহে। তেওঁ অসমত ইতিপূৰ্বে চলি থকা পুৰণি দেশীয় স্কুলবোৰ উন্নত কৰিবলৈ চেষ্টা কৰে। প্ৰায় পাঁচ বছৰৰ ভিতৰত অসমত এঘাৰখন নতুন স্কুল স্থাপন কৰা হয়। এই স্কুলবোৰৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰক চৰকাৰী চাকৰিও দিয়া হয়। ফলত সৰ্বসাধাৰণ লোক শিক্ষাৰ প্ৰতি আগ্ৰহী হৈ উঠে। অৱশ্যে ১৮৩৫ চনৰ মেকলেৰ শিক্ষা প্ৰতিবেদনে অসমতো সৰ্বসাধাৰণৰ শিক্ষা আৰু দেশীয় শিক্ষাৰ বিকাশত প্ৰতিকূল প্ৰভাৱ পেলায়। ১৮৫৪ চনৰ উদৰ ঘোষণা পত্ৰই সহায়ক অনুদানৰ পৰামৰ্শ দিয়াৰ ফলত প্ৰাথমিক স্কুল গঢ়ি উঠিবলৈ ধৰে। অৱশেষত ১৮৭৪ চনলৈকে অসম বংগদেশৰ অন্তৰ্বন্তী অঞ্চল স্বৰূপে প্ৰশাসনীয় কাৰ্য পৰিচালনা কৰি থকা বাবে অসমৰ পৃথক শিক্ষা বিভাগ নাছিল। ১৮৭৪ চনৰ পিছতহে প্ৰথম শিক্ষাবিভাগ স্থাপিত হয় আৰু অসমৰ শিক্ষাৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰখা হয়। ১৮৭২ চনৰ হাণ্টাৰ আয়োগৰ পৰামৰ্শাৱলীৰ প্ৰভাৱ অসমতো পৰে। শিক্ষাৰ প্ৰশাসন ব্যৱস্থা স্থানীয় কৰ্তৃপক্ষক দিয়া হয় আৰু শিক্ষাৰ মুঠ ব্যয়ৰ এক-তৃতীয়াংশ অৰ্থ সাহায্য দিয়া হয়। ফলাফলৰ নীতিত শিক্ষকৰ দৰমহা দিয়া নীতি অসমতো প্ৰয়োগ কৰা হয়। লৰ্ড কাৰ্জনে প্ৰাথমিক শিক্ষা বিকাশৰ সম্বন্ধে গ্ৰহণ কৰা উদাৰ নীতিৰ অৰ্থ-মঞ্জুৰিয়ে ভাৰতত স্কুল আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰি তোলে। ফলাফলৰ ওপৰত ভিত্তি কৰি দৰমহা দিয়া নীতি কাৰ্জনে তুলি দিছিল যদিও অসমত এই নিয়ম ১৯১৭ চনলৈকে চলি আছিল। ফলত প্ৰাথমিক শিক্ষা বিস্তাৰত বাধাপ্ৰাপ্ত হৈছিল। গোখলেৰ বাধ্যতামূলক প্ৰাথমিক শিক্ষা আন্দোলনৰ ফলত বম্বেত ১৯১৮ চনতেই আইন গ্ৰহণ কৰা হয় যদিও অসমত ১৯২৬ চনতহে তেনে আইন কৰা হয়। স্থানীয় কৰ্তৃপক্ষবোৰৰ অক্ষমতা আৰু অৰ্থৰ অভাৱৰ হেতুকে অসমৰ কোনো অঞ্চলতে আইনখন কাৰ্যকৰী কৰা নহয়।

মিছনেৰীসকলৰ প্ৰভাৱঃ

অসমৰ শিক্ষা আৰু ভাষা-সংস্কৃতিৰ বিকাশত মিছনেৰীসকলৰ অৱদান অবিস্মৰণীয়। আধুনিক অসমীয়া ভাষা-সাহিত্যৰ তেওঁলোকেই হৈছে গুৰি ধৰোঁতা। ইংৰাজৰ শাসনাধীন হোৱাৰ পিছত ১৮৩৬ চনত আমেৰিকাৰ বেপ্তিষ্ট মিছন অসমলৈ আহে। নাথান ব্ৰাউন আৰু কুটাৰ নামৰ এই মিছনেৰী দুজন সদস্যই অসমৰ পূৰ্ব অঞ্চলৰ শদিয়াত প্ৰাথমিক স্কুল স্থাপন কৰি অসমীয়া ভাষাত বুৰঞ্জী, ভূগোল, বিজ্ঞান আদি বিষয়ৰ পাঠ্যপুথি ছপা কৰে। ক্ৰমে তেওঁলোকৰ কেন্দ্ৰ জয়পুৰ, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, নগাঁও, গুৱাহাটী, গোৱালপাৰা আদিলৈও সম্প্ৰসাৰিত হয়। অৱশেষত গাৰো পাহাৰৰ তুৰাত তেওঁলোকৰ কেন্দ্ৰ স্থাপন কৰে।

বেপ্তিষ্ট মিছনেৰীসকলে প্ৰায় সমগ্ৰ অসমতে কেন্দ্ৰ স্থাপন কৰি অসমৰ শিক্ষা আৰু অসমীয়া ভাষা-সংস্কৃতিৰ গুৰি ধৰে। তেওঁলোকৰ ৰবিনচন্ নামৰ এজন সদস্যই ১৮৩৯ চনত ‘গ্ৰামাৰ অব এচামিজ লেংগুৱেজ’ নামৰ প্ৰথম অসমীয়া ব্যাকৰণ ৰচনা কৰে। নাথান ব্ৰাউন চাহাবে ১৮৪৬ চনত শিৱসাগৰৰ পৰা ‘অৰুণোদয়’ নামৰ প্ৰথম অসমীয়া বাতৰি কাকত প্ৰকাশ কৰে। ব্ৰনচন চাহাবে ১৮৬৭ চনত ‘ডিকশ্বনেৰি ইন্ এচামিজ এণ্ড ইংলিছ’ নামৰ প্ৰথম অভিধান ৰচনা কৰে। গুৰ্ণি চাহাবে ১৮৭৭ চনত ‘কামিনী কান্ত’ নামৰ প্ৰথম অসমীয়া উপন্যাস প্ৰকাশ কৰে। ইয়াৰ উপৰি কলিকতাৰ  চিৰামপুৰ ত্ৰয়ীয়ে আত্মাৰাম শৰ্মা নামৰ এজন অসমীয়া পণ্ডিতৰ সহযোগত ১৮১৩ চনতেই বাইবেল গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰে।

ৱেলচ প্ৰেচবিটেৰিয়ান মিছনেৰীয়ে ১৮৪১ চনত খাছিয়া জয়ন্তীয়া পাহাৰত কেন্দ্ৰ স্থাপন কৰি সেই অঞ্চলৰ শিক্ষা বিকাশ কৰে। এই মিছনেৰীসকলৰ শিক্ষা কাৰ্যৰ বাবেই খাছিয়া জয়ন্তীয়া জিলাত অসমৰ জিলা কেইখনতকৈও শিক্ষিতৰ হাৰ অধিক হৈ উঠিছিল।

অসমৰ বেপ্তিষ্ট মিছনেৰীসকলৰ শিক্ষা অৱদান প্ৰসংগত তেওঁলোকৰ বিশেষ ভূমিকা এইখিনিতেই উল্লেখযোগ্য। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ প্ৰশাসনীয় কাৰ্য অসমত পৰিচালনা কৰিবৰ বাবে বংগদেশৰ কেতবোৰ বিষয়া লগত লৈ আহে। এই বিষয়া আৰু কৰ্মচাৰীসকলে ইংৰাজ শাসকসকলক ভুলকৈ বুজাবলৈ চেষ্টা কৰে যে অসমীয়া এটা স্বতন্ত্ৰ ভাষা নহয়, ই বঙলা ভাষাৰেই এক অপভ্ৰংশহে মাথোন। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই কথাত পতিয়ন গৈ ১৮৩৬ চনত অসমৰ প্ৰাথমিক শিক্ষা বঙলা ভাষাত প্ৰচলন কৰে। কিন্তু আমেৰিকান মিছনেৰীসকলে অসমৰ ভিতৰুৱা অঞ্চলবোৰত শিক্ষা বিস্তাৰৰ কাম কৰি অনুভৱ কৰি উঠে যে অসমৰ প্ৰাথমিক শিক্ষাৰ মাধ্যম অসমীয়াহে হোৱা উচিত। তেওঁলোকে ইংৰাজ প্ৰশাসকসকলক এইকথা বুজাব পৰাত পূৰ্বৰ ভুল সংশোধন কৰি ১৮৩৭ চনত অসমীয়া ভাষা শিক্ষাৰ মাধ্যম স্বৰূপে পুনৰ প্ৰচলন কৰে। সেয়ে নোহোৱা হ’লে অসমৰ শিক্ষাৰ মাধ্যম চিৰদিনৰ বাবেই বঙলা ভাষা হ’লহেঁতেন।

স্থানীয় শিক্ষা কৰ্তৃপক্ষ সমূহৰ প্ৰভাৱঃ

লৰ্ড ৰিপনে ভাৰতত স্বায়ত্ব শাসনৰ নীতি গ্ৰহণ কৰে। সেই অনুক্ৰমে তেওঁ গঠন কৰা ১৮৮২ চনৰ হাণ্টাৰ আয়োগেও পৰামৰ্শ দিয়ে যে প্ৰাথমিক শিক্ষা পৰিচালনাৰ দায়িত্ব কৰ্তৃপক্ষ, যেনে- মিউনিচিপেলিটি আৰু ল’কেল ব’ৰ্ডবোৰক দিব লাগে। স্কুলবোৰক পৰীক্ষাৰ ফলাফলৰ ভিত্তিত চৰকাৰী অনুদান দিব লাগে। সি যি কি নহওক, অসমৰ প্ৰাথমিক শিক্ষা স্থানীয় কৰ্তৃপক্ষৰ হাতলৈ যায় যদিও অৱস্থাৰ অৱনতিহে ঘটে। এই স্থানীয় কৰ্তৃপক্ষবোৰ শিক্ষা পৰিচালনাৰ ক্ষেত্ৰত অনভিজ্ঞ আছিল। ইয়াৰ উপৰি তেওঁলোকলৈ আগবঢ়োৱা চৰকাৰৰ আৰ্থিক সাহায্য আছিল নিচেই কম। এই কৰ্তৃপক্ষবোৰক স্থানীয়ভাৱে শিক্ষাৰ কৰ ধাৰ্য্য কৰি পূজি সংগ্ৰহৰ ক্ষমতা দিয়া হয়। কিন্তু তেওঁলোকে জনসাধাৰণৰ মাজত এনে কাৰ্যৰ যোগে অপ্ৰিয় হ’বলৈ নিবিচাৰিলে। ফলত তেওঁলোকে স্থানীয় অঞ্চলৰ বাট-পথ নিৰ্মাণৰ প্ৰতি চকু দিওঁতে শিক্ষা বিষয়ৰ প্ৰতি অৱহেলা কৰে। এনে কাৰণতে শিক্ষাৰ প্ৰসংগত তেওঁলোকৰ কোনো কৰ্তৃত্ব আৰু প্ৰভাৱ বাস্তৱ ক্ষেত্ৰত নাথাকে। ১৯২৬ চনতেই অসমত প্ৰথম বাধ্যতামূলক প্ৰাথমিক শিক্ষা আইন প্ৰৱৰ্তন কৰা হয়। স্থানীয় কৰ্তৃপক্ষক নিজ নিজ অঞ্চলত বাধ্যতামূলক আইন বলবত্ কৰাৰ ক্ষমতা দিয়া হয়। কিন্তু স্থানীয় কৰ্তৃপক্ষবোৰৰ নিজ নিজ দুৰ্বলতা হেতুকে আৰু শিক্ষা কৰ্তৃত্ব কাৰ্যতঃ নথকা বাবে অসমৰ কোনো অঞ্চলতেই প্ৰাথমিক শিক্ষা আইন কাৰ্যকৰী কৰিব পৰা নহ’ল।

সেয়েহে ক’ব পাৰি যে স্বাধীনতাৰ আগলৈকে অসমৰ প্ৰাথমিক শিক্ষাৰ অগ্ৰগতি আছিল নিৰাশজনক। স্থানীয় কৰ্তৃপক্ষবোৰৰ দুৰ্বলতা আৰু অক্ষমতাৰ বাবে শিক্ষা বাধ্যতামূলক কৰিব পৰা নহয়। সৰ্বসাধাৰণ লোক নিৰক্ষৰ হোৱা হেতুকে এই বিষয়ে তেওঁলোক আছিল অজ্ঞ আৰু উদাসীন। চৰকাৰৰ অমনোযোগিতা স্থানীয় কৰ্তৃপক্ষক শিক্ষাৰ দায়িত্ব দি গা এৰা দিয়া মনোবৃত্তি আৰু চৰকাৰী অৰ্থ সাহায্যৰ কম পৰিমাণ আদিও আছিল অসমৰ প্ৰাথমিক শিক্ষাৰ অনগ্ৰসৰতাৰ কেতবোৰ মুখ্য কাৰণ।

উৎসঃ যতীন বৰুৱা, প্ৰাৰম্ভিক শিক্ষাতত্ত্ব আৰু বুৰঞ্জী|

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate