মূল পৃষ্ঠা / শিক্ষা / শিক্ষাৰ উৎকৃষ্ট অনুশীলন / বিদ্যালয়ত আবেগিক বুদ্ধিৰ বিকাশত ক্ৰীড়াৰ ভূমিকা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিদ্যালয়ত আবেগিক বুদ্ধিৰ বিকাশত ক্ৰীড়াৰ ভূমিকা

নিতৌ বাতৰিকাকত পঢ়োতে এটা নহয় এটা দুখলগা কাহিনীৰ বতৰাই আমাৰ মনতো বৰ বেয়াকৈ ভাৰাক্ৰান্ত কৰি তোলে; কৰবাত যদি উঠন বা উদীয়মান যুবকযুবতীৰ আত্মহত্যাৰ

নিতৌ বাতৰিকাকত পঢ়োতে এটা নহয় এটা দুখলগা কাহিনীৰ বতৰাই আমাৰ মনতো বৰ বেয়াকৈ ভাৰাক্ৰান্ত কৰি তোলে; কৰবাত যদি উঠন বা উদীয়মান যুবকযুবতীৰ আত্মহত্যাৰ কাহিনী অন্য কৰোবাত হয়তো স্কুলীয়া শিক্ষাৰ্থীয়ে নিজ সহপাঠী বা বন্ধুৰ জীবন লবলৈ কুন্ঠাবোধ নকৰি প্ৰচন্ড হিংসাত্মক ব্যৱস্হা লৈছে অথবা নভবা নিচিন্তাকৈ খংৰ ভমকত নিষ্ঠুৰ ভাবে প্ৰহাৰ কৰাৰ ফলত সহপাঠীৰ প্ৰানবায়ু উৰাৰ উপক্ৰম হৈছে। বহুসময়ত সাময়িক পৰিস্হিতিৰ পৰা পলাই থাকিবৰ কাৰণে শিশু নানা ধৰণৰ অসামাজিক কাৰ্য্যকলাপত লিপ্ত হোৱাৰ সংখ্যা দিনকদিনে বঢ়াতো পৰিলক্ষিত হোৱাৰ কাৰণে চিন্তিত হৈছে পিতৃমাতৃ,আত্মীয়-স্বজন,বিদ্যালয় কৰ্তৃপক্ষ বা সমজুৱা। বিশ্বৰ বিভিন্ন প্ৰান্তৰত এনেধৰনৰ তৰহে তৰহে বহু ঘটনাই সংঘটিত হৈ আছে যি বাতৰি পঢ়ি আমি দুখ প্ৰকাশ কৰিছো আৰু বহুসময়ত ভাবিছো কেতিয়া এনে অথন্তৰৰ পৰা আমাৰ বিশ্ব সমাজ খনে উদ্ধাৰ

সামাজিক জীৱনধাৰাত জটিলতা

দিনক দিনে এনে ঘটনাৰ মাত্ৰা বাঢ়িছে, কমা নাই! সামাজিক জীৱনধাৰাত জটিলতা ক্ৰমশঃ বৃদ্ধি পাইছে; আগৰ দিনৰ প্ৰাকৃতিক পৰিবেশ নাইকিয়া হোৱাৰ ওপৰিও জীৱনযাপনৰ ষ্টাইল সলনি হৈছে, যৌথ পৰিয়াল ক্ৰমান্বয়ে লুপ্তপ্ৰায় হৈছে,তাৰ পৰিবৰ্ত্তে গঢ়লৈ উঠা  ‘মাইক্ৰ মিনি’ ঘৰোৱা পৰিবেশত আছে এটা বা দুটা সন্তানৰে মাক-দেউতাক। বহু সময়ত দুয়োজনেই চাকৰিৰ তাড়নাত দিনটোৰ বাবে ঘৰৰ পৰা ৰাতিপুৱাতেই উলাই গৈ ক্লান্তহৈ গধূলি  ঘৰ পাইহি। নিজ সন্তানৰ সৈতে অলপ সময় কটোৱাৰ পাচত চাকৰিজীবি ভাগৰুৱা মাক গৰাকী পূনৰ ৰন্ধন প্ৰক্ৰিয়াত ব্যস্ত হৈ পৰিব লগা হয়।শিশুটিৰ সৈতে আন্তৰিক ভাবে সময় কটাই শিশুৰ শাৰীৰিক বা মানসিক বিকাশৰ বাবে লবলগা যতন বহু সময়ত আধৰুৱা হৈ ৰয়। যদিওবা মহানগৰী বা মেট্ৰোত দিনটোৰ বাবে সন্তানক ‘দে-কেয়াৰ চেন্টাৰত’ থোৱাৰ সুবিধা আছে,কিন্তু সেইবিলাকত শিশুটিয়ে সুন্দৰ পৰিবেশ পালেও তাত ঘৰোৱা আকৰ্ষণৰ অভাব তেওঁলোকে অনুভূত কৰে।দুখীয়া পৰিয়ালত পাঁচ ছবচৰীয়া শিশুৱে ভাইভনীহতক চোৱাচিতা কৰিব লাগে।সকলোৰে বাবে প্ৰাথমিক শিক্ষাৰ ব্যৱস্হা থাকিলেওঁ সেই সুবিধাৰ পৰা বঞ্চিত হৈ ৰৈছে বহু দুৰ্ভগীয়া।অথবা শিশুৰ স্বাভাবিক বিকাশৰ সম্ভাৰ আগবঢ়াবলৈ স্কুলীয়া শিক্ষা বহুসময়ত অসফল হৈছে, আজিকালি স্কুলীয়া শিক্ষাত যান্ত্ৰিকতাৰ প্ৰভাব বহু পৰিমানে বাঢ়িছে, পঢ়াশুনাৰ ভাৰ ভয়ানক ভাবে বাঢ়ি যোৱাৰ বাবে মাক-দেউতাক দুয়ো সন্তানৰ পঢ়া যাতে ঠিক থাকে তাৰবাবে শিশুটোক সকীয়াই থাকিব লগা পৰিস্হিতি খুবেই পৰিলক্ষিত হয়। পিতৃমাতৃয়ে নিজ সন্তানক সুতত্ত্বাবধান দিব পৰাকৈ সুবিধা নাই; প্ৰায়েই শিশুৰ পঢ়াশুনাৰ ভাৰ সূচাৰুৰুপে চম্ভালি লোৱাৰ দায়িত্ব ব্যক্তিগত শিক্ষক শিক্ষয়িত্ৰীৰ(প্ৰাইভেট টিউটৰৰ) ওপৰত অৰ্পণ কৰা হয়।

আবেগিক বুদ্ধিমত্তা

সাধাৰনতে পিতৃমাতৃয়ে সন্তানটোৰ বুদ্ধিমত্তাৰ বিকাশত বা পৰীক্ষাত ভাল নম্বৰ পোৱাৰ ওপৰত চকু ৰাখে যদিও এটা অতি গুৰুত্বপূৰ্ণ দিশৰ প্ৰতি বহুতো অভিভাবকৰ আওকান কৰা স্বভাব পৰিলক্ষিত হৈছে,সেইয়া হৈছে সন্তানৰ আবেগিক বুদ্ধিমত্তাৰ সঠিক বিকাশৰ ক্ষেত্ৰত লবলগা যতনৰ প্ৰতি অবহেলাপূৰ্ণ সংক্ষেপে নিজৰ আবেগিক বুদ্ধিমত্তাৰ লগত ব্যৱহাৰ কৰাকে আবেগিক বুদ্ধিমত্তা বুলি কব পাৰি ।সাধাৰনতে কেইটামান দক্ষতালৈ উনুকিয়াব পাৰি,যেনে নিজৰ আবেগ অনুভূতি লগতে অন্যৰ আবেগিক দিশ বুজা বা তৰ পৰিচালনা কৰা বা উপলদ্ধি কৰাৰ মানসিক সচেতনতাৰ ক্ষমতা।পাৰিপাৰ্শ্বিক পৰিবেশ বা পৰিস্হিতিত চিন্তাভাবনাক জুকিয়াই, আঁত মাৰি সমাধান কৰাৰ ক্ষমতা বা নিজস্ব খংৰাগ,ঘৃনা আদি পৰিস্হিতি নিয়ন্ত্ৰন কৰাৰ ওপৰিও অন্যৰ দুখসুখৰ অংশীদাৰ হৈ প্ৰয়োজন সাপেক্ষে দিহাপৰামৰ্শ অন্য ব্যক্তিকো সম্ভালিব পৰা অবস্হা তৈয়াৰ কৰি নৰ্মেল কৰাৰ ক্ষমতাই আবেগিক বুদ্ধিমত্তা। ড্যানিয়েল গোলমেনে(১৯৯৫)বৈজ্ঞানিক পদ্ধতিৰে ইমোশ্যনেল ইনটেলিজেন্চৰ ধাৰনাটো সুধী সমাজলৈ আগবঢ়াইছিল। সাধাৰনতে আমি বুদ্ধিমত্তাৰ ভাগফল(INTELLIGENCE QUOTIENT বা I.Q. সমন্ধে জ্ঞাত কিন্তু আবেগিক বুদ্ধি বা আবেগিক ভাগফল (EMOTIONAL INTELLIGENCE বা EMOTIONAL QUOTIENT)সমন্ধে জনাৰ সচেতনতা খুব কম লোকৰ মাজতহে পৰিলক্ষিত হয়।এজন ব্যক্তিৰ বাবে বুদ্ধিৰ বিকাশ যিমান প্ৰয়োজন ঠিক একেমাত্ৰাতে তেওঁৰ আবেগিক দিশৰ ভাৰসম্যতা ৰক্ষা কৰাতোও নিত্যান্তই প্ৰয়োজনীয়।কিন্তু এই প্ৰয়োজনীয়তাৰ উপলদ্ধি অনুভূত হলেও বহু কমেইহে নীতিগতভাবে সহায়ক হোৱা দিশ সমূহ কাৰ্যকৰী কৰিবলৈ আগবাঢ়ি আহে।দৰাচলতে সহজাত আবেগিক দক্ষতা, ইমোশ্যনেল ইন্টেলিজেন্সৰ মাজত এক সাধাৰন পাৰস্পৰিক বুজাপৰা আছে কিন্তু সেই দিশ সমন্ধে জুকিয়াই চোৱাৰ অবকাশ নথকা হেতুকে পিতৃমাতৃয়ে গুৰুত্ব প্ৰদান নকৰে।শিশুৰ বিকাশৰ নানান স্তৰত তেওঁলোকৰ দৈহিক বিকাশৰ ক্ষেত্ৰত যত্ন লওঁতে তেওঁলোকৰ সংবেদনশীল অনূভূতিক আওঁকান কৰিব নেলাগে আৰু তেওঁলোকৰ বুদ্ধিবৃতিগত বা ভাবাবেগগত দিশবিলাকৰো চাহিদা পূৰণ কৰাতো বাঞ্চনীয়।আবেগ-অনূভূতিৰ বা ইচ্ছাশক্তিৰ বিকাশৰ মাজত নিহিত থাকে আচৰনৰ স্হিতিশীলতা আৰু জীবনযাত্ৰাৰ মূল চালিকা শক্তি।আবেগঅনুভূতিৰ সুবিকাশ নহলে ব্যক্তিত্বৰ বিকাশত বাধা আহিব পাৰে,অতি চোকা হোৱা স্বত্তেও জীবনযুদ্ধত সফল হব নোৱাৰে,অন্যহাতে আবেগিক ভাবে সফল কম বুদ্ধিসম্পন্ন এজনে নানান দিশৰ ঘাত প্ৰতিঘাত চম্ভালি চৰম মুহূৰ্তকো জয় কৰি সফলতা অৰ্জন কৰিব পাৰে।আবেগঅনুভূতিক নিয়ন্ত্ৰলৈ অনা কঠিন হলে বা চৰম অৱস্হা পালে অভিভাবকে এটাসময়ত চাইকোথেৰাপিষ্টৰ সহায়ৰে শিশুবিকাশৰ পৰিস্হিতি নিয়ন্ত্ৰন কৰিবলৈ যত্নপৰ হবলগা হয়।

আবেগিক বুদ্ধিয়ে ব্যক্তিৰ জীবনযাত্ৰাত স্বাভাবিক আৰু সুস্হ মানসিক স্বাস্হ্যৰ ভেটি সবল কৰি তোলে যাৰ ফলত ব্যক্তিজনৰ ব্যক্তিত্ব বিকাশ সূচল ভাবে হয়।শিশু অৱস্হাৰে পৰা যুক্তিসংগত আবেগ আৰু অনুভূতিৰ বিকাশ হয়, মাথো ভাবাবেগ বিলাকেহে যে শিশুক আগুৰি থাকে সেইটো নহয়,শিশুৰ নিজৰ আচৰনৰ সৈতে যুক্ত অনুভূতি সমূহেও শিশুক পৰিচালিত কৰে।প্ৰাপ্তবয়স্কই কৰা প্ৰশংসাত উত্ফুল্লিত হৈ উঠা মন তিৰস্কাৰত বেদনাসিক্ত হোৱাতো অতি স্ৱাভাবিক। বিকাশৰ ধাৰাত পৰিয়াল বা বিদ্যালয়ৰ সমন্ধ,উন্নত সামাজিক সংস্পৰ্ষ,আবেগিক বুদ্ধিমত্তাৰ ইতিবাচক আচৰন আদিৰ  প্ৰভাব প্ৰবলভাবে পৰিলক্ষিত হয় দক্ষ কৰ্ম ক্ষমতা,পৰিস্হিতিক সম্ভালি লৈ সমস্যা,বিপদযুক্ত মুহূৰ্ত্তৰ,আহুকালৰ পৰা মুক্ত হোৱা বা নেতৃত্ব লব পৰা দক্ষতা আদি যথাৰ্থ মানবীয় গুনৰাজিৰ অধিকাৰী হবলৈ প্ৰস্তুত কৰে।সেয়েহে ঘৰখনৰ ৰীতিনীতি,সংস্কাৰ,সামাজিক সম্পৰ্কৰ ইতিবাচক দিশসমূহ যাতে শিশু বা কিশোৰ-কিশোৰীৰ বাবে দৈনন্দিন জীবনধাৰাৰ স্বাভাবিক ক্ৰিয়া হিচাবে পৰিগনিত হয় তাৰ প্ৰতি পৰিয়াল,বিদ্যালয় বা সমজুৱাৰ দায়িত্ব অপৰিসীম।

সেয়েহে পিতৃমাতৃয়ে শিশু অৱস্হাৰে পৰা সন্তানৰ আবেগিক অৱস্হাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে যাতে শৈশব কালতোৰ সোনোৱালী সময়খিনি স্বত-ফূৰ্ত নিৰাপদ পৰিবেশত সুস্হভাবে বিকাশ হব পাৰে আৰু কৈশোৰ অৱস্হাত কিশোৰ-কিশোৰীয়ে শাৰীৰিক,মানসিক পৰিবৰ্ত্তনৰ সংঘাতপূৰ্ণ কালচোৱা হেলাৰঙে সচেতনতাৰে অতিক্ৰম কৰিবলৈ সক্ষম হবলৈ সুবিধা লাভ কৰে;শাৰীৰিক পৰিবৰ্ত্তনৰ সময়ত তেওঁলোক নানাতৰহৰ আবেগিক চিন্তাভাবনাৰ সমুখীন হয়,বহুসময়ত সুস্হ দিহা পৰামৰ্শৰ অভাবত পৰিস্হিতি তেওঁলোকৰ নিয়ন্ত্ৰনৰ বাহিৰত হয় আৰু নকৰিবলগীয়া কাম কৰি ঘৰত নতুবা বাহিৰত কৰ্থনা-অকৰ্থনাৰ সমুখীন হওতে নিজকে চম্ভালি লোৱাতো কথীন হয়।এনে মূহুৰ্ত্তত পিতৃমাতৃ,বন্ধু,অভিভাবক বা অন্য কাৰোবাৰ সাহচৰ্য্যৰ প্ৰয়োজনীয়তা অতি বেচি হয়,আবেগিক ভাবে নিজকে নিয়ন্ত্ৰনাধীন কৰিব পৰাৰ সময়ত মানসিক বহু দক্ষতা প্ৰকাশিত হয়। যেনেদৰে শিশু এটিৰ বুদ্ধি,ব্যক্তিত্ব বিকাশৰ কিছুমান দিশ উন্মুচিত কৰিবলৈ মনোবৈজ্ঞানিক টেষ্টৰ সহায় লব পাৰি,ঠিক তেনেদৰেই আবেগিক দিশৰ পৰিপক্কতা বা দুৰ্বলতা জানিবলৈকো সুবিধা আছে।এজন ব্যক্তিৰ বুদ্ধি কিমান আছে জানিবৰ কাৰনে বুদ্ধি পৰিমাপক টেষ্ট প্ৰয়োগ কৰি বুদ্ধি নিৰ্নয় কৰিব পাৰি আৰু এজন ব্যক্তিৰ আবেগিক দিশৰ কথাও জানিব পৰাকৈ আবেগিক বুদ্ধিমত্তা নিৰ্নেয়ক টেষ্ট আছে যাৰ দ্বাৰা আবেগিক বুদ্ধিমত্তা (EMOTIONAL INTELLIGENCE/E.I.)বা আবেগিক বুদ্ধিমত্তাৰ ভাগফল (EMOTIONAL QUITIENT/E.Q)জনা সহজ হয় ।এটাকথা বিশেষকৈ লক্ষনীয় যে আবেগপূৰ্ন বুদ্ধিমত্তা (E.I)বা আবেগিক পৰিমাপ(EQ)ৰ দ্বাৰা ব্যক্তিয়ে নিজৰ সমন্ধে জনাৰ ক্ষমতাৰ ওপৰিও অনান্য ব্যক্তিৰ আবেগ,অনুভূতি,চিন্তা-চৰ্চা বা আচৰনজাত ব্যৱহাৰ বা সেই বিলাকৰ মাজত বৈষম্যতা বা নৈপুন্যতা আদি নিৰ্নয় কৰাৰো মাপকাঠিকো লৈ প্ৰয়োজন বিশেষে সংশোধন মুলক ব্যৱস্হা লব পাৰে।

খেলধেমালি, মষ্তিস্ক ক্ৰিয়া আৰু আবেগিক জীৱন

আমি খেলাধুলা কৰো কিয়নো ই আমাৰ বাবে আনন্দদায়ক,পৰিতৃপ্তিৰে ভৰপূৰ।খেলাধুলা সু-স্বাস্হ্যপূৰ্বক যিহেতু এই পৰিস্হিতিয়ে ব্যক্তিৰ সুস্হ অনুভূতি আৰু আবেগে গঠনত সহায়ক হোৱাৰ বাবে বিকাশৰ দীৰ্ঘকালীন উপাদান হিচাবে খ্যাতি লাভ কৰিছে।বিশেষজ্ঞ ব্ৰীয়ান চুট্টান-স্মিথে উল্লেখ কৰিছে যে জীবনৰ মানদন্দ উন্নত কৰাৰ ই মূল বাধক।কৰ্মৰত খেলাই(active play) মনোযোগ বঢ়ায়,চিন্তাশক্তিত পৰিপক্কতা আনিব পাৰে আৰু সমস্যা সমাধানমূলক প্ৰবৃত্তি বৃদ্ধি কৰে।প্ৰতিদিন দুঘণ্টা খেলিবলৈ সুবিধা পালে শৈশব বা কৈশোৰ অৱস্হাৰ মনোযোগ দিব নোৱৰা (ATTENTION DEFICIT)বা অতি কৰ্মপ্ৰবনতা ব্যাধি(Hyper Activity Disorder)জাতীয় জটিল মনোবৃত্তিক নিয়ন্ত্ৰন কৰাৰ সুবিধা পায়।সচৰাচৰ এটা ধাৰনা আছে যে খেলাধুলাৰ বিপৰীত পৰিস্হিতিটোৱে কাম বুজায়;দৰাচলতে ইয়াৰ বিপৰীত  অৰ্থ  হতাশাৰ সৈতেহে জড়িত।শিশুৰ মানসিক বা আবেগিক বিকাশত যিকোনো ধৰণৰ খেলাই সকাৰাত্মক ভূমিকা লয় PLAY IS THE LENS THROUGH WHICH CHILDREN EXPERIENCE THEIR WORLD AND THE WORLD OF OTHERS’,এনে স্বাভাবিক ক্ৰিয়াৰ পৰা বিৰত ৰাখিলে শিশুৰ আবেগিক বিকাশত মাৰাত্মক প্ৰভাব পৰাৰ সম্ভাবনা থাকে।প্লেটোৱে কৈছিল যে ব্যক্তি এজনক ভালভাবে জানিবৰ কাৰনে খেলাধুলাৰ এঘন্টায়ে যথেষ্ট।‘YOU CAN DISCOVER MORE ABOUT A PERSON IN AN HOUR OF PLAY THAN IN A YEAR OF CONVERSATION’. ( Plato)

নিঃসন্দেহে সবাতোকৈ আমোদজনক বিষয়টো হৈছে যে অন্যৰ লগত সফলতাৰে খেলিবৰ কাৰণে অতি গুৰুত্বপূৰ্ণ দিশতো হৈছে “আবেগিক বুদ্ধিমত্তা“ৰ।সাধাৰনতে আমি বিশ্বাস কৰো যে আমাৰ আবেগ,অনুভূতি আদিৰ কেন্দ্ৰস্হল বুকুৰ বাওঁফাল কিন্তু আমাৰ শৰীৰত আবেগিক ভাব,অনুভূতি আদিৰ নিয়ন্ত্ৰন কৰাত মস্তিষ্কইহে মূল কেন্দ্ৰ হিচাবে আগভাগ লয়।যিহেতু  মষ্তিস্ক বিকাশৰ ক্ষেত্ৰত ক্ৰীড়াৰ অবদান অপৰিসীম,বিশেষকৈ নতুনকৈ নিউৰল কানেকশ্যন তৈয়াৰ কৰাৰ ক্ষেত্ৰত, ইয়াৰ ভূমিকাৰ বাবে ভাগ লওতা জনক অধিক বুদ্ধিবন্ত কৰি তোলে,লগৰীয়াৰ সৈতে আবেগিক বন্ধন দৃঢ় কৰাত সুবিধা আগবঢ়ায় আৰু পৰিবেশৰ লগত সমন্ধ ৰাখি আবেগিক পৰিস্হিতি সফলভাবে নিয়ন্ত্ৰন কৰিবলৈ সক্ষম কৰে।খেল মনো-বিশেষজ্ঞ ব্ৰীয়ানৰ মতে খেলুৱৈয়ে মাথোন সমস্যা সমাধান,ভাষাগত বিকাশ বা সৃজনীশীলতাৰ ক্ষেত্ৰতেই নিউৰলজিকেল ফাউন্দেশ্বন গঠন নকৰে,তেওঁলোকে প্ৰতিতো ক্ষণতে শিকাৰ সুযোগ লয়।তেওঁলোকে কেনেকৈ শিকিব লাগে শিকে(Children learn how to learn);সহজৰ পৰা জটিল সকলো ধৰনৰ সমস্যা সমাধান কৰিব পৰাকৈ মানসিক বিকাশ হয় আৰু শিশু অৱস্হাত যদি খেলাৰ মাধ্যমৰে উদ্দীপনা যোগোৱা/ষ্টিমুলেট কৰা নহয়,নতুন পৰিবেশৰ আনন্দদায়ক আবেষ্টনীত পৰিবেশক এক্সপ্লোৰ কৰিবলৈ দিয়া নহয়, তেনেহলে তেওঁলোকে নিউৰল কানেকশ্বন সমূহৰ সমন্ধ লগাবলৈ সুবিধা নাপাব, যিবিলাক ভবিষ্যতে শিকিবৰ কাৰণে শিকণৰ লাইখুটা স্বৰূপ!মাথোন খেল মনোবৈজ্ঞানিকেই নহয়,নিউৰোবৈজ্ঞানিক(Jaak Panksepp, Rosenzweig) সকলেও মতামত আগবঢ়াইছে যে খেলাক্ৰিয়াই মষ্তিস্কৰ নিউৰট্ৰফিক(Brain derived neurotrophic factors) অবদানতো সহায়ক কিছুমান প্ৰোটিন তৈয়াৰ কৰে।

তদুপৰি মষ্তিস্কৰ বিভিন্ন অংশই বিভিন্ন সময়ত ভিনভিন আবেগ অনুভূতিৰ সৃষ্টি কৰে।ভিন্ন সময়ত আবেগ অনুভূতি আদিৰ সৃষ্টি হওঁতে মস্তিষ্কৰ বেলেগবেলেগ অংশবিলাক ক্ৰমৰত হয়;উদাহৰণ স্বৰূপে আমাৰ চিন্তা,বুদ্ধি,কথাকোৱা্ বা সৃজনীমূলক শক্তি আদিৰ নিয়ন্ত্ৰনত মস্তিষ্কৰ আগঅংশ(চেৰেব্ৰাম)ৰ ভূমিকা,বা হাইপথেলামাচৰ দ্বাৰা ভোক-পিয়াহ লগা, খং-আনন্দ অনুভূত হোৱা,টোপনি অহা আদি সমাদিত হয়।ঠিকতেনেদৰে মধ্যমস্তিষ্কৰ দ্বাৰা জটিলভাবে ভাললগা,বেয়ালগা আদি অনুভূতিৰ সৃষ্টি কৰে।‘YOU CAN DISCOVER MORE ABOUT A PERSON IN AN HOUR OF PLAY THAN IN A YEAR OF CONVERSATION’. ( Plato ) খেলাধূলাই দুঃচিন্তা,হতাশা,খং,আক্ৰমান্তমক ব্যৱহাৰ,টোপনি সমন্ধীয় সমস্যা আদি কমোৱাত সহায় কৰি সুস্হ আবেগিক বিকাশৰ পটভূমি গঠন কৰে।সেয়েহে  খেলাধূলাক এটা থেৰাপী হিচাবে(THERAPY)ব্যৱাৰ কৰি  মনোবৈজ্ঞানিকসকলে Emotional-behavioural benefits of playত সফলতা লাভ কৰিছে।

মুখনি

পৰিশেষত উল্লেখ কৰিব পাৰি যে বিশ্ব ব্যাপী অৰাজকতা বা সামাজিক অনিশ্চয়তাই আমাৰ দ্যৈনন্দিন জীৱনধাৰাত পেলোৱা বেয়া প্ৰভাব নিৰোধ কৰাত বিদ্যালয়ৰ ভূমিকা অপৰিসীম। পৰিবৰ্ত্তন আনিবৰ কাৰণে আমাৰ মানসিক দিশটোক সুস্হ কৰিলেহে ইতিবাচক বিকাশৰ মূধাখুটা স্হাপন কৰিবলৈ সক্ষম হম।বিদ্যালয়ে শিক্ষাৰ্থীৰ সুস্হ আবেগিক বিকাশৰ ওপৰত গুৰুত্ব দিব লাগিব যিহেতু শিশুৰ জীবনৰ বিকাশৰ প্ৰতিফলন হয় সামন্জস্যপূৰ্বক শাৰীৰিক, মানসিক স্বাস্থ্যৰ ওপৰত।বিদ্যালয় সমূহত সংস্কাৰৰ প্ৰয়োজনীয়তা উপলদ্ধি  কৰোতে  ইয়াৰ আন্তৰ্গাঠনি বা পৰিবৰ্ত্তনৰ ৰীতিগত ব্যৱস্হা কায্যৰ্কৰীকৰনৰ ওপৰিওঁ সমাজৰ প্ৰতিজন শিক্ষাৰ্থীৰ সুস্হ আবেগিক চিন্তাধাৰা আৰু বুদ্ধিমত্তাৰ পূৰ্ণ বিকাশ সামৰি লয়।বহুতো মনোবিজ্ঞানীয়ে উল্লেখ কৰিছে যে স্কুল সমূহৰ সংশোধনৰ আবশ্যকৰ সময়ত অনান্য বিষয়সমূহৰ ওপৰত গুৰত্ব আৰোপ কৰোতে স্কুলৰ প্ৰশাসক, শিক্ষক,শিক্ষয়ত্ৰীৰ আবেগিক বুদ্ধি আৰু সামাজিক নৈপুন্যতা প্ৰতি লক্ষ্য ৰখাতো নিত্যান্তই আৱশ্যক। কিয়নো এওলোক স্কুলৰ সাফল্যতা বা বিফলতাৰ সৈতে জড়িত থাকে;এওলোকেই সংশোধনমূলক ৱ্যৱস্হা সমূহৰ কাৰ্যকৰী ৰূপদানৰ চালিকা শক্তি। এওঁলোকৰ উতসাহ,উদ্দীপনা,অনুপ্ৰেৰনা,কৰ্মদান আদিয়ে বিদ্যালয়ৰ সকলোকে বিকাশমূখী ক্ৰিয়াত নিমগ্ন হৈ আগুৱাই যোৱাত সহায় কৰা অবদান অতি উল্লেখযোগ্য।স্কুলৰ প্ৰগেম সমূহত আবেগিক বুদ্ধিৰ সুস্হ পৃষ্ঠভূমিয়ে শিক্ষাৰ্থী/শিক্ষক,শিক্ষয়িত্ৰীৰ মাজত নেতিবাচক ব্যৱহাৰ নাইকিয়া কৰি তেওঁলোকৰ আচৰনগত বিন্যাস আৰু স্ব-অনুভূত ক্ষমতাৰ বৃদ্ধি কৰে আৰু সুস্হ আবেগিক বিকাশ হোৱাত প্ৰৰনা যোগায়। অনান্য বিধিব্যৱস্হা সমূহৰ লগতে নিতৌ খেলাধুলা কৰি শৰীৰ আৰু মনক কৰ্মৰত ৰখাতো স্কূলৰ পাঠ্যক্ৰম,পাঠদানৰ অবিছেদ্য অংগস্বৰূপ কৰাতো আমাৰ এক অতি প্ৰয়োজনীয় দিশ! (এইখিনিতে উল্লেখ কৰিব পাৰি যে পাশ্চত্যৰ শিক্ষাবিদ সকলেউল্লেখ কৰিছে যে বিশ্বৰ অতি আগবাঢ়ি অহা দুখন পূব প্ৰাচ্যৰ ৰাষ্ট্ৰ চীন আৰু জাপানৰ শিক্ষানীতিত অনান্য ব্যৱস্হাসমূহৰ তুলনাত খেলাধুলাৰ বাবে সবাতোকৈ বেছি সময় ব্যৱহাৰ কৰা হয়।)

লেখিকা : ড.উৎপলা কোঁৱৰ, অৱসৰ প্ৰাপ্ত প্ৰফেছৰ, এনচিআৰটি, নতুন দিল্লী

2.97959183673
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top