অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভূ-বিজ্ঞান শিক্ষাৰ পৰা লাভালাভ:

ভূ-বিজ্ঞান শিক্ষাৰ পৰা লাভালাভ:

 

ভূ-বিজ্ঞান বিজ্ঞানৰ এটি উল্লেখযোগ্য সংযোজন। ভূ-বিজ্ঞান(Geology)ত আমি বাস কৰা পৃথিৱীখনৰ নানা দিশ খৰচি মাৰি অধ্যয়ন কৰা হয়। ভূ-বিজ্ঞানক “Pages of Nature’s open book” বুলি কোৱা হয়। উল্লেখনীয় যে ভূ-বিজ্ঞানৰ সম্যক জ্ঞান থকা প্ৰথম কিতাপখন হ’ল চাৰ্লছ লৱেলৰ ‘Priniciples of Geology’(১৭৯৭-১৮৭৫)। এই কিতাপখনৰ এঘাৰটা সংস্কৰণ চাৰ্লছৰ জীৱিত কালতেই প্ৰকাশ পাইছিল। মুঠতে এই কিতাপখনেই আছিল ভূ-বিজ্ঞানৰ প্ৰথম কিতাপ। অৱশ্যে ঊনৈশ শতিকাৰ পৰাহে ভূ-বিজ্ঞানৰ প্ৰতি থকা মানুহৰ ৰাপ বৃদ্ধি পাবলৈ ধৰে। পৃথিৱীখনৰ প্ৰকৃতি আৰু উপাদান, বুৰঞ্জী, প্ৰাকৃতিক ঘটনা প্ৰৱাহ আদি অধ্যয়ন কৰাটোৱেই হ’ল ভূ-বিজ্ঞান অধ্যয়নৰ বিষয়বস্তু। সেইবাবে ভূ-বিজ্ঞানক ‘ধৰিত্ৰী বিজ্ঞান’(Earth Science) হিচাপেও গণ্য কৰা হয়। ভূ-বিজ্ঞানত শৈক্ষিক(Academic Pure), ব্যৱহাৰিক(Applied) আৰু ক্ষেত্ৰভিত্তিক(Field) অধ্যয়নক সামৰি লোৱা হয়।

ভূ-বিজ্ঞানৰ এটা প্ৰধান শাখা হ’ল শিলাতত্ত্ব(Petrology)। আমি বাস কৰা পৃথিৱীখনৰ প্ৰধান উপাদান হ’ল শিল। এই শিলবোৰ ভূ-বিজ্ঞানৰ যি শাখাত অধ্যয়ন কৰা হয়, সেই শাখাটোৱেই হ’ল শিলাতত্ত্ব। এই শিলসমূহ কেনেকৈ সৃষ্টি হ’ল, ইয়াৰ ভৌতিক আৰু ৰাসায়নিক উপাদান কি কি, ইয়াৰ ধৰণ আৰু প্ৰকাৰ, শ্ৰেণী বিভাজন ইত্যাদি কথা শিলতত্ত্বত খৰচি মাৰি অধ্যয়ন কৰা হয়।

এই শিলবোৰ এটা বা ততোধিক মণিকেৰে গঠিত। এই মণিকসমূহ ভূ-বিজ্ঞানৰ যিটো শাখাত অধ্যয়ন কৰা হয়, তাক মণিক বিদ্যা(Minerology) অৱস্থাত পোৱা যায়। এইবোৰক ক্ৰিষ্টল(Crystals) বুলি কোৱা হয়। এই ক্ৰিষ্টলবোৰৰ কিছুমান স্বকীয় ধৰ্ম বা গুণ আছে। তদুপৰি ইহঁতৰ অন্ত:গঠন বিশেষ ধৰণৰ। এই সকলোবোৰ অধ্যয়ন কৰিবলৈ মণিক বিদ্যাৰ বিশেষ এটা শাখা আছে, যাক ক্ৰিষ্টল বিদ্যা(Crystallography) বোলা হৈছে।

মণিক আকৌ দুই ধৰণৰ আছে। কিছুমান মণিকে কেৱল শিল গঠন কৰে। তেনে মণিকক শিল গঠনকাৰী মণিক(rock forming minerals) বুলি কোৱা হয়। কিছুমান মণিকে খনিজ আকৰ সৃষ্টি কৰে আৰু তেনে মণিকক আকৰিক মণিক(Oreforming minerals) হিচাপে জনা যায়। আকৰিক মণিকত ধাতু আৰু অধাতু প্ৰাকৃতিক অৱস্থাত থাকে। ধাতু আৰু অধাতুৰ উৎপাদনৰ লগত দেশৰ অৰ্থনৈতিক অৱস্থা ভালেখিনি নিৰ্ভৰ কৰে। সেইবাবে আকৰিক মণিকৰ বিষয়ে যিটো শাখাত অধ্যয়ন কৰা হয়, সেই শাখাক অৰ্থনৈতিক ভূ-বিজ্ঞান(Economic Geology) বোলা হয়। প্ৰাকৃতিক কাৰ্যকৰণৰ ফলত শিল ভাগি-ছিগি চূৰ্ণ-বিচূৰ্ণ হৈ অতি সৰু কণাত পৰিণত হয়। এনে সৰু সৰু কণাৰ সমষ্টিয়েই হ’ল মাটি। মাটিৰ বিজ্ঞানসন্মত অধ্যয়নক মৃত্তিকা তত্ত্ব(Pedology) আখ্যা দিয়া হৈছে। ভূ-বিজ্ঞানৰ যিটো শাখাত এই বিষয়ে আলচ কৰা হয়, তাক মৃত্তিকা ভূ-বিজ্ঞান(Soil Geology) বোলে।

পৃথিৱীখন জন্ম হোৱাৰ লগে লগে জীৱ সৃষ্টি হোৱা নাছিল। কাৰণ তেতিয়া পৃথিৱীখন জীৱৰ বাসৰ বাবে উপযোগী নাছিল, অৰ্থাৎ জীৱ বাসৰ অনুকূল পৰিৱেশ গঢ়ি উঠা নাছিল। কালক্ৰমত জীৱ বাসৰ বাবে পৃথিৱীখন উপযোগী হৈ উঠিল আৰু ক্ৰমে সৰল জীৱৰ পৰা আৰম্ভ কৰি জটিল জীৱলৈকে সকলোধৰণৰ জীৱৰে পৃথিৱীত বিৱৰ্তনৰ(Evolution) ফলত এই জীৱবোৰৰ কিছুমানৰ মৃত্যুৰ পাছত অৱশেষবোৰ কালক্ৰমত শিলত সংৰক্ষিত অৱস্থাত পোৱা গৈছে। জীৱদেহৰ এনে অৱশেষবোৰক আমি জীৱাষ্ম(fossil) বুলি কওঁ। জীৱাশ্মবোৰৰ বিজ্ঞানৰ যিটো শাখাত অধ্যয়ন কৰা হয়, তাক জীৱাশ্ম বিজ্ঞান(Palaeontology) বুলি কোৱা হয়। এই শাখাত জীৱাশ্মৰ আকৃতিগত গঠন, শ্ৰেণী বিভাজন, বিৱৰ্তনৰ ধাৰা আদি অধ্যয়ন কৰা হয়। অধ্যয়নৰ সুবিধাৰ্থে জীৱাশ্ম বিজ্ঞানক উদ্ভিদ জীৱাশ্ম বিজ্ঞান(Palaeobotany), প্ৰাণী জীৱাশ্ম বিজ্ঞান(Palaeozoology), অণুজীৱাশ্ম বিজ্ঞান(Micro Palaeontology), ৰেণু বিজ্ঞান(Palynology) আদি প্ৰশাখাত ভাগ কৰা হৈছে। এই জীৱাশ্মৰ পৰাই পেট্ৰ’লিয়াম আৰু কয়লা উৎপত্তি হোৱা বুলি ভূ-বিজ্ঞানীসকলে ভাবে। সেইবাবে ইহঁতক দাহ্য জীৱাশ্ম(Fossil Fuel) আখ্যা দিয়া হয়। পেট্ৰ’লিয়াম ভূ-বিজ্ঞানত(Petroleum Geology) পেট্ৰ’লিয়াম আৰু কয়লা ভূ-বিজ্ঞানত(Coal Geology) কয়লা সম্পৰ্কে বিতংভাৱে অধ্যয়ন কৰা হয়।

লেখক: ড° প্ৰদীপ কুমাৰ দাস(শিক্ষা বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 3/4/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate