আপোনাৰ সন্তানে আপোনাৰ লগত তৰ্ক কৰিলে তেওঁক বুজাই দিব যে তেওঁ সঠিক কাম কৰা নাই। আপুনি মনে মনে থাকিলে তাৰ বেয়া ব্যৱহাৰ সদায়ে সহ্য কৰিব লাগিব আৰু কেতিয়াবা সমাজতো আপুনি অপদস্থ হ’ব লগা হ’ব পাৰে।
নতুন সংস্কৃতিৰ প্ৰভাৱত বহু অভিভাৱকে সন্তানৰ লগত বন্ধুত্বৰ সম্পৰ্ক স্থাপন কৰে। মই বিশ্বাস কৰোঁ যে ই ভুল ধাৰণা। সন্তানৰ সৈতে বন্ধুত্বপূৰ্ণ ব্যৱহাৰে ক্ষতি নকৰিলেও দৃঢ়তা কমি যায় আৰু আপোনাৰ প্ৰভাৱো সন্তানৰ ওপৰত হ্ৰাস পায়। আপুনি সন্তানৰ যত্ন লওঁতা, সুৰক্ষা দিওঁতা, কিন্তু সমবয়সীয়া বন্ধু নহয়। মনত ৰাখিব যে তেওঁলোকৰ বহু বন্ধু আছে, কিন্তু অভিভাৱক মাত্ৰ দুজনেই।
আপোনাৰ শিশুক সৰু সৰু সফলতাত হোৱা-নোহোৱাই প্ৰশংসা কৰিলে সিহঁতৰ আত্মবিশ্বাস প্ৰয়োজনতকৈ বেছি হ’ব। উদাহৰণস্বৰূপে আপোনাৰ শিশুটোৱে যদি নিজৰ বিছনাখন পৰিষ্কাৰ কৰিছে, তেন্তে তেওঁক সাধাৰণভাৱে ভাল হৈছে বুলি কৈ থ’ব। কিন্তু পৰীক্ষাত ভাল ফলাফল দেখুৱালে নিশ্চয়কৈ তেওঁক প্ৰশংসা আৰু উৎসাহ দিব।
আপোনাৰ সন্তানে আপোনাৰ সকলো কাম-কাজ নিৰীক্ষণ কৰে। আপোনাৰ ব্যৱহাৰে জনাই দিয়ে যে আপোনাৰ সন্তানে আপোনাক কিমান সন্মান কৰে। আপোনাৰ সন্তানৰ কল্যাণৰ বাবে অতিকৈ দৰকাৰী। ভুল উদাহৰণ দেখুৱালে শিশুৱে মিছা কথা ক’বলৈ বা ভুল কাম কৰিবলৈ ভয় নকৰা হ’ব। আপোনাৰ কথা-কামৰ মাজৰ পাৰ্থক্য নাৰাখিব।
তেওঁলোকৰ বাবে বেয়া বুলি ভবা কথাবোৰ অনুমতি দিয়াৰ ক্ষেত্ৰত কঠোৰ হ’বলৈ ভয় নকৰিব। তেওঁলোকক না কৰাৰ অৰ্থ আপুনি তেওঁলোকৰ প্ৰতি কঠোৰ হোৱাটো নুবুজায়। আপুনি তেওঁলোকৰ ভালৰ বাবেহে তেওঁলোকক বাধা দিছে, সেই কথা তেওঁলোকক বুজাই দিব। ফলত তেওঁলোকে আপোনাক বেয়া পোৱাৰ পৰিৱৰ্তে ভালহে পাব।
আপুনি যেতিয়া কথা কওঁতে ব্যৱহাৰ নকৰিবলগীয়া শব্দ ব্যৱহাৰ কৰে তেতিয়া আচলতে আত্মসন্মানৰ অভাৱ ঘটাৰেই প্ৰমাণ দিয়ে। নজক ভাল পাবলৈ শিকিব, তেতিয়া আনেও আপোনাক আঘাত দিবলৈ সাহস কৰিব নোৱাৰিব।
অভিভাৱক হিচাপে সন্তানৰ ওপৰত আপোনাৰ গভীৰ প্ৰভাৱ থকা উচিত। তেওঁলোকৰ শৈশৱত সঠিক দিশ নিৰ্দেশনাৰে আগুৱাই যোৱাত তেওঁলোকক সহায় কৰিব। সুখী আৰু সফল জীৱনৰ বাবে অভিভাৱকক সন্মান কৰাটো অতিকৈ দৰকাৰী। তদুপৰি বহল পৃথিৱীত প্ৰৱেশ কৰাৰ পাছতো আপুনি দিয়া মূল্যবোধৰ শিক্ষা সিহঁতে কঢ়িয়াই লৈ ফুৰিব।
উৎস: সুকন্যা
শেহতীয়া উন্নীতকৰণ: : 12/29/2021