অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আনুষ্ঠানিক শিক্ষাঃ স্কুল

 

 

ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ দায়িত্ব আনুষ্ঠানিক আৰু প্ৰত্যক্ষভাৱে গ্ৰহণ কৰা শিক্ষা-কৰ্তৃপক্ষৰ ভিতৰত স্কুল হৈছে অন্যতম। সেয়েহে ইয়াক আনুষ্ঠানিক শিক্ষা ব্যৱস্থা বুলি জনা যায়। ছাত্ৰই শিক্ষাগ্ৰহণ কৰিবলৈ স্কুললৈ যোৱাৰ কথাষাৰ সৰ্বসাধাৰণ লোকে পুৰণি কালৰে পৰা অনুভৱ কৰি আহিছে। স্কুল হৈছে ছাত্ৰক পাঠদান কৰা এক ‘যন্ত্ৰ’ বা ‘শাল’ আৰু সেইবাবে ইয়াক কোৱা হয় ‘পাঠশালা’। স্কুলৰ কটকটীয়া নীতি-নিয়ম, শিক্ষকৰ কঠোৰ অনুশাসন আৰু নিয়ন্ত্ৰণ ব্যৱস্থাই ল’ৰা-ছোৱালীক মানুহ কৰি তোলে বুলি তেওঁলোকৰ মনত স্কুলীয়া শিক্ষাৰ এক সাধাৰণ ধাৰণা থাকে। স্কুলৰ আনুষ্ঠানিক আৰু নিয়মতান্ত্ৰিক শিক্ষাৰ প্ৰতি তেওঁলোকৰ মনত আস্থা আৰু নিষ্ঠাৰ ভাব থাকে। সেইবাবে কোনো কোনো মাক-দেউতাকে নিজৰ ল’ৰা-ছোৱালীক ঘৰত চম্ভালিব নোৱাৰি স্কুলৰ শিক্ষকৰ হাতত গতাই দিয়াৰ এক প্ৰৱণতাও দেখা যায়। সি যি কি নহওক, বৰ্তমান স্কুলৰ শব্দগত অৰ্থ, ইয়াৰ ধাৰণা আৰু ক্ৰিয়া ব্যৱস্থা আদিৰ তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন সাধন হৈছে। আধুনিক শিক্ষাৰ নতুন চিন্তাধাৰাৰ লগত পৰিচিত হ’বৰ বাবে আনুষ্ঠানিক শিক্ষা-কৰ্তৃপক্ষ স্বৰূপে স্কুল সম্বন্ধে নতুন চিন্তাৰ আলোচনা আৰু বিশ্লেষণ কৰাটো প্ৰয়োজন।

স্কুলৰ ধাৰণা আৰু ইয়াৰ ক্ৰমবিকাশঃ

 

পুৰণি গ্ৰীক ভাষাৰ মূল শব্দ ‘Skhole’ৰ পৰা উৎপত্তি হোৱা ইংৰাজী ভাষাৰ ‘School’ৰ প্ৰাচীন অৰ্থ হৈছে ‘Leisure’ বা ‘অৱসৰ’। প্ৰাচীন গ্ৰীক সমাজত অৱসৰ সময় কটোৱা আৰু অৱসৰ সময়ৰ অভাৱত কঠোৰ দৈহিক শ্ৰম কৰা দুই শ্ৰেণী লোক আছিল। অৱসৰ সময় লাভ কৰা সৌভাগ্যৱান শ্ৰেণীৰ লোকে আজৰি সময় কোনো এক নিৰ্দিষ্ট ঠাইত নানা কথাৰ চিন্তা-চৰ্চা আৰু আলাপ-আলোচনাৰ যোগেদি কটাইছিল। সেইবাবে পুৰণি ‘স্কুল’ শব্দৰ লগত ‘Philosophy’ বা ‘দৰ্শন’ আৰু ‘Lecture Place’ বা ‘বক্তৃতা দিয়া ঠাই’ এই দুয়োটা শব্দ জড়িত। এনে শব্দ বিশ্লেষণৰ দ্বাৰা অনুমান কৰিব পাৰি যে প্ৰাচীন গ্ৰীক সমাজৰ উচ্চ শ্ৰেণীৰ লোকে আজৰি সময় দাৰ্শনিক চিন্তা-চৰ্চাৰ দ্বাৰা কটাবৰ বাবে নিৰ্দিষ্ট কৰি লোৱা ঠাইকেই ‘স্কুল’ বোলা হৈছিল। বৰ্তমান এই অৰ্থৰ পৰিৱৰ্তন হৈ বিধিগতভাৱে লিখা-পঢ়া কৰা বিশেষ অনুষ্ঠানকহে স্কুল বুলি জনা যায়। পুৰণি কালত অভিজাত শ্ৰেণীয়ে আজৰি সময় কটোৱা ঠাইক বুজোৱাৰ পৰিৱৰ্তে বৰ্তমান কঠোৰ নীতি-নিয়মৰ মাজেৰে ল’ৰা-ছোৱালীয়ে আনুষ্ঠানিকভাৱে মানসিক শ্ৰম কৰা ঠাইক স্কুল বুলি বুজোৱা হয়। সময়ৰ পৰিৱৰ্তনৰ ই এক উল্লেখযোগ্য পৰিণতি।

পুৰণি কালত আজিৰ দৰে স্কুলৰ ধাৰণা মানুহৰ মনত নাছিল। জীৱনৰ প্ৰয়োজনীয় জ্ঞান-অভিজ্ঞতাখিনি অত্যন্ত সহজ-সৰল আৰু সীমাৱদ্ধ আছিল। খোৱা-পিন্ধা আদি জীৱনৰ মৌলিক প্ৰয়োজনবোৰ পূৰণ কৰা, সামাজিক ৰীতি-নীতিবোৰ গ্ৰহণ কৰা আৰু পুৰণি সমাজৰ আস্থা, নিষ্ঠা, বিশ্বাস আদি অনুকৰণ কৰা কাৰ্যতেই শিক্ষা অভিজ্ঞতাৰ পৰিসৰ সীমাৱদ্ধ আছিল। এনেবোৰ অভিজ্ঞতা বহু পৰিমাণে নীৰৱ অনুকৰণ আৰু সামাজিক ক্ৰিয়া আদিত অংশগ্ৰহণৰ যোগেদিয়ে মানুহে লাভ কৰিছিল। সেইবাবে স্কুলৰ দৰে এক বিশেষ শিক্ষানুষ্ঠানৰ প্ৰয়োজন হোৱা নাছিল। সামাজিক আৰু পাৰিবাৰিক জীৱনৰ ক্ৰমে উন্নতি হৈ অহাৰ লগে লগে পৰিয়ালসমূহে শিশু-শিক্ষাৰ বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ ধৰে। পৰিয়ালৰ মাক-দেউতাকেই শিশুৰ প্ৰয়োজনীয় শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিছিল। পৰিয়ালৰ উন্নতিয়ে সামাজিক গাঠনিও ক্ৰমে সুদৃঢ় কৰি তোলে। সামাজিক জীৱনতো নৈতিকতা, অনুশাসন আদিৰ অনুভৱ কৰি উঠা হয়। এনে অৱস্থাত ধৰ্মীয় অনুষ্ঠান আৰু ধৰ্মগুৰুসকলে সমাজৰ লোকৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰে। ধৰ্মৰ মাধ্যমেৰে সৰ্বসাধাৰণ লোকৰ মাজত শিক্ষা বিস্তাৰ কৰাটো ধৰ্মগুৰুসকলৰ এক পৱিত্ৰ কৰ্তব্যস্বৰূপ হৈ উঠে। ধৰ্মানুষ্ঠানবোৰে শিক্ষানুষ্ঠানৰ ভূমিকা গ্ৰহণ কৰে।

সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ জ্ঞান-অভিজ্ঞতা আৰু জীৱন নিৰ্বাহৰ পদ্ধতি সলনি হ’বলৈ ধৰে। ৰক্ষণশীল ধৰ্মীয় শিক্ষাই গতিশীল মানুহৰ বৰ্ধিত প্ৰয়োজন পূৰণ কৰিব নোৱাৰা হৈ পৰে। ফলত ধৰ্মৰ কবলৰ পৰা শিক্ষা মুক্ত কৰি তুলিবৰ বাবে সমাজৰ লোকৰ দায়িত্বত স্কুল স্থাপন কৰা হয়। ইয়াৰ উপৰিও মানৱ সমাজৰ ক্ৰমবৰ্ধিত জ্ঞান-অভিজ্ঞতা পূৰ্বৰ কথিত আৰু মৌখিক পদ্ধতিৰে আয়ত্ব কৰাটো অসম্ভৱ হৈ উঠে। ফলত লিখনিৰ প্ৰয়োগ হ’বলৈ ধৰে আৰু লিখিত পুথিৰ দ্বাৰা জ্ঞান দান কৰিবলৈ আনুষ্ঠানিক শিক্ষাৰ ব্যৱস্থা কৰি শিক্ষকৰ ওপৰত তাৰ দায়িত্ব প্ৰদান কৰা হয়। ইয়াৰ লগে লগে শিক্ষাত ক্ৰমে বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ প্ৰয়োগ কৰিবলৈ লোৱা হয়। পূৰ্বৰ গৃহ কৰ্তৃপক্ষ আৰু ধৰ্মীয় অনুষ্ঠানবোৰে এনে শিক্ষা প্ৰদান কৰিবলৈ অসমৰ্থ হৈ পৰে।

ধৰ্ম-নিৰপেক্ষতা আৰু সামাজিক প্ৰয়োজনীয়তাৰ ভিত্তিত স্থাপিত হোৱা এই স্কুলবোৰত ব্যক্তিৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে ভাষা, ব্যাকৰণ, তৰ্কবিজ্ঞান, দৰ্শন, গণিত আদি বিভিন্ন মননাত্মক বিষয় শিকোৱাৰ ব্যৱস্থা কৰা হয়। অৱশ্যে এইখিনিতে উল্লেখযোগ্য যে এনে শিক্ষা সেই সময়ত কেৱল সমাজৰ উচ্চ শ্ৰেণীৰ মুষ্টিমেয় লোকৰ ল’ৰা-ছোৱালীৰ মাজতেই সীমাৱদ্ধ আছিল। নিম্নশ্ৰেণীৰ সৰ্বসাধাৰণ লোকৰ ল’ৰা-ছোৱালীয়ে এনে বিধিগত স্কুলীয়া শিক্ষাৰ পৰা তেতিয়াও বঞ্চিত আছিল। সমাজত থকা শ্ৰেণী-বিভেদ, বাধ্যতামূলক শিক্ষাৰ অভাৱ আৰু শিক্ষাৰ প্ৰয়োজনীয়তা সৰ্বসাধাৰণ লোকে আজিৰ দৰে অনুভৱ কৰিব নোৱাৰা আদিয়েই ইয়াৰ কাৰণ বুলিব পাৰি।

কুৰি শতিকাত হোৱা ৰাজনৈতিক পটভূমিৰ পৰিৱৰ্তনে স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত গণতান্ত্ৰিক মনোভাৱৰ সূচনা কৰে। দেশত গঢ়ি উঠা বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ ধাৰণাই স্কুলৰ ভূমিকা আৰু ইয়াৰ জনপ্ৰিয়তা অধিক বৃদ্ধি কৰি তোলে। পূৰ্বৰ শিক্ষাৰ কেৱল মানসিক আৰু বৌদ্ধিক বিকাশৰ পৰিৱৰ্তে পাঠ্যক্ৰমত কেতবোৰ সমাজৰ প্ৰয়োজনীয় আৰু ব্যৱহাৰিক বিষয় অন্তৰ্ভুক্ত কৰা হয়। বৰ্তমান স্কুলক এক সামাজিক উন্নয়ন অনুষ্ঠান স্বৰূপে গণ্য কৰা হয় যি পৰিয়াল তথা সমাজৰ শিক্ষাৰ দায়িত্বও ই বহন কৰে। গৃহ আৰু সমাজৰ প্ৰগতি আৰু উন্নতিৰ সকলো দিশ ই সামৰি ল’ব লাগে। স্কুলৰ বৰ্তমান এনে ব্যাপক দায়িত্ব আৰু ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি সেয়েহে কোৱা হয় যে এটা জাতিৰ ভৱিষ্যৎ স্কুলৰ শ্ৰেণীসমূহতেই গঢ় দি তোলা হয়।

স্কুলৰ বাঞ্চিত কৰ্তব্যসমূহঃ

 

দেশ আৰু সমাজৰ অগ্ৰগতিত বৰ্তমানে স্কুলে এক বিশেষ দায়িত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াক কেৱল চাৰিবেৰৰ মাজত ল’ৰা-ছোৱালীক গতানুগতিকভাৱে পাঠদান কৰা ঠাই বুলি ক’ব নোৱাৰি। বৰ্তমান স্কুলৰ বৰ্ধিত সামাজিক দায়িত্বলৈ লক্ষ্য কৰি ইয়াৰ কেতবোৰ অতি প্ৰয়োজনীয় কৰ্তব্য সম্বন্ধে বিচাৰ কৰি চোৱা প্ৰয়োজন। এই প্ৰসংগত স্কুলৰ কৰ্তব্যৰ নিম্নলিখিত দিশসমূহ উল্লেখযোগ্য।

(১) শিক্ষাদানঃ

কেতবোৰ নিৰ্ধাৰিত নীতি-নিয়ম আৰু অনুশাসনৰ মাজেদি শিক্ষাদানৰ ব্যৱস্থা কৰাটো স্কুলৰ প্ৰথম কৰ্তব্য। নিৰ্ধাৰিত সময়ত নিৰ্দিষ্ট পাঠ্যক্ৰম আৰু শিক্ষণ পদ্ধতিৰ যোগেদি শিক্ষকে ছাত্ৰক বিভিন্ন বিষয়ৰ শিক্ষাদান কৰিব লাগে। ইয়াৰ বাবে প্ৰয়োজনীয় সকলো শিক্ষা-আহিলা, পুথিভঁৰাল, প্ৰয়োগশালা, খেলপথাৰ আৰু অন্যান্য সা-সুবিধাৰে আৱশ্যকীয় শিক্ষা পৰিৱেশৰ সৃষ্টি কৰিব লাগে। ইয়াৰ উপৰিও শিক্ষাৰ্থীৰ যোগ্যতা নিৰূপণ কৰা, মান-পত্ৰ প্ৰদান কৰা আদি কেতবোৰ বিধিগত দায়িত্ব স্কুল-কৰ্তৃপক্ষই বহন কৰিব লাগে। স্কুলৰ এটা প্ৰধান কৰ্তব্য হৈছে ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ যোগেদি সুশৃংখল আৰু অনুশাসন মনা কৰি তোলা।

(২) প্ৰতিভাৰ বিকাশ সাধনঃ

মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে বিবিধ মননাত্মক আৰু কাৰ্যকৰী বিষয়ৰ পাঠ্যক্ৰম স্কুলত অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ যোগেদি ছাত্ৰৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ লগতে বিশেষ বিশেষ বিষয়ত ব্যুৎপত্তি আৰু ভৱিষ্যৎ বিকাশৰ সম্ভাৱনীয়তা আদি নিৰীক্ষণ কৰা হয়। স্কুলীয়া শিক্ষাৰ যোগেদি ছাত্ৰৰ অন্তৰ্নিহিত প্ৰতিভাই বিকাশৰ পথ বিচাৰে। সেয়েহে ব্যক্তিগতভাৱে ছাত্ৰৰ ভৱিষ্যৎ সম্ভাৱনীয়তা ভালদৰে নিৰীক্ষণ কৰা আৰু তাৰ আশানুৰূপ বিকাশৰ সুবিধা দান কৰা স্কুলৰ এক বিশেষ কৰ্তব্য বুলি বিবেচনা কৰা হয়।

(৩) সজ অভ্যাস গঠনঃ

স্কুলীয়া শিক্ষাই ব্যক্তিৰ ভৱিষ্যৎ শিক্ষা-অভিজ্ঞতা আৰু কৰ্মজীৱনত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। ছাত্ৰ-ছাত্ৰীৰ সহজাত আৰু আদিম পশু-প্ৰবৃত্তি পৰিচালিত ক্ৰিয়া-আচৰণবোৰ স্কুলীয়া শিক্ষাৰেই আৱশ্যকীয় সংশোধনৰ চেষ্টা চলোৱা হয়। এই সময়তেই ভৱিষ্যৎ বিকাশৰ বাবে সহায়কাৰী কেতবোৰ সজ ক্ৰিয়া-আচৰণৰ অনুশীলন কৰি অভ্যাসত পৰিণত কৰিব লাগে। স্কুলীয়া জীৱন সেয়েহে অভ্যাস গঠনৰ সময় বুলিব পাৰি।

(৪) সামাজিক বংশগতিৰ সঞ্চাৰণ আৰু বিকাশ সাধনঃ

সমাজৰ পূৰ্বপুৰুষসকলৰ পৰা লাভ কৰা কৃষ্টি-সভ্যতা-সংস্কৃতি আদি উত্তৰ পুৰুষক উপযুক্তভাৱে প্ৰদান কৰাটো স্কুলৰ এক মহান দায়িত্ব। পাঠ্যক্ৰমৰ বিভিন্ন বিষয়ৰ যোগেদি অতীতৰ জ্ঞান-অভিজ্ঞতাৰ প্ৰয়োজনীয় অংশ ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰিব পৰাকৈ স্কুলে উপস্থাপন কৰিব লাগে। এই সামাজিক বংশগতিৰ প্ৰয়োজনীয় অংশ নতুন পুৰুষৰ মাজত সঞ্চাৰণৰ যোগেদিহে এটা জাতি বা এখন সমাজৰ ভৱিষ্যৎ ৰচনা কৰিব পাৰি। অতীতৰ কৃষ্টি-সংস্কৃতি সঞ্চাৰণৰ উপৰিও ইয়াৰ আশানুৰূপ বিকাশ আৰু উন্নতি সাধনৰ চেষ্টা কৰাটো স্কুলৰ আন এটা গুৰুত্বপূৰ্ণ দায়িত্ব। নতুন বংশধৰসকলক পুৰণি কৃষ্টি-সভ্যতা আদি ভালদৰে চালি-জাৰি চাই তাৰ প্ৰয়োজনীয় অংশ গ্ৰহণৰ বাবে স্কুলেই শিক্ষা দিব লাগে। উল্লেখযোগ্য যে বৰ্তমান অতীতৰ ওপৰত নিৰ্ভৰশীল যদিও ই অতীতৰ হুবহু অনুকৰণ নহয়।

(৫) সুনাগৰিকতাৰ শিক্ষাদানঃ

ব্যক্তিত্বৰ বিকাশ সাধন কৰাটো স্কুলৰ দায়িত্ব বুলি কোৱা হয়। কিন্তু ব্যক্তিত্বৰ এনে বিকাশ যাতে সমাজমুখী আৰু সমাজৰ হিতসাধনকাৰী হয় তাৰ প্ৰতি বৰ্তমান অধিক মনোযোগ দিয়া হৈছে। সমাজ-সচেতন আৰু সুনাগৰিক ব্যক্তি স্বৰূপে নিজকে প্ৰস্তুত কৰি তুলিবৰ বাবে স্কুলেই তাৰ প্ৰাথমিক দায়িত্ব বহন কৰিব লাগে। স্কুলীয়া শিক্ষাই ছাত্ৰৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ লগতে সামাজিক যোগ্যতা লাভৰ শিক্ষাও দিব লাগে।

(৬) নৈতিক বিকাশ সাধনঃ

স্কুলক ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠনৰ কেন্দ্ৰ বুলিও ক’ব পাৰি। নৈতিকতাৰ আদৰ্শ আৰু মূল্যবোধ ভাব ল’ৰা-ছোৱালীৰ মনত জগাই তুলিব নোৱাৰিলে ব্যক্তিৰ সুনাগৰিকতা আৰু সামাজিক যোগ্যতা লাভৰ আশা কৰিব নোৱাৰি। স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মনত বৰ্তমান সমাজৰ কেতবোৰ অসুস্থ আৰু নৈতিকতাহীন পৰিস্থিতিৰ প্ৰভাৱ পৰিব পাৰে। এনেবোৰ কু-প্ৰভাৱৰ পৰা যাতে তেওঁলোকক মুক্ত কৰি ৰাখিব পৰা যায় তাৰ প্ৰতিও স্কুল-কৰ্তৃপক্ষই বিশেষ চকু দিব লাগে।

(৭) আত্মনিৰ্ভৰশীলতাৰ শিক্ষাদানঃ

স্কুলীয়া শিক্ষাৰ অন্তত বহুতো ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগত সাংসাৰিক আৰু অৰ্থনৈতিক জীৱনত প্ৰৱেশ কৰে। সেইবাবে স্কুলীয়া শিক্ষাৰেই তেওঁলোকে জীৱনৰ বিবিধ অৰ্থনৈতিক সমস্যা সমাধানৰ উপযুক্ততা লাভ কৰিব পাৰিব লাগে। ইয়াৰ বাবে বৃত্তীয় আৰু কাৰিকৰী বিষয়ৰ শিক্ষা আৰু কৰ্ম-অভিজ্ঞতা ছাত্ৰ-ছাত্ৰীক স্কুলৰ শিক্ষাই দিব লাগে। বৰ্তমান সামাজিক আৰু অৰ্থনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্কুলৰ ছাত্ৰ-ছাত্ৰীক আত্মনিৰ্ভৰশীলতাৰ বাবে দিব লগা এই শিক্ষা অতি গুৰুত্বপূৰ্ণ।

স্কুলৰ বিভিন্ন পৰ্যায়ঃ

স্কুলে বৰ্তমান পালন কৰিব লগা দায়িত্ব সম্বন্ধে স্পষ্ট ধাৰণা পাবৰ বাবে শিশু বিকাশৰ ভিন ভিন স্তৰত প্ৰয়োজন হোৱা বিভিন্ন স্কুলৰ বিষয়ে জনা উচিত। সাধাৰণতে এই সকলোবোৰকে স্কুল বুলি জনা যায় যদিও ইয়াৰ লক্ষ্য-উদ্দেশ্য, দায়িত্ব আৰু ক্ৰিয়া-পদ্ধতিৰ ফালৰ পৰা প্ৰত্যেকেই বেলেগ বেলেগ। শিক্ষাৰ্থীৰ বয়স, যোগ্যতা, প্ৰয়োজন আৰু তাৰ অধ্যয়ন ৰীতি অনুযায়ী ইয়াক কেইবাটাও পৰ্যায়ত ভাগ কৰিব পাৰি। এইসমূহ সাধাৰণভাৱে পূৰ্ব-প্ৰাথমিক বা প্ৰাক্-প্ৰাথমিক, প্ৰাথমিক আৰু মাধ্যমিক স্বৰূপে তিনিটা ভাগ কৰা হয়। এই পৰ্যায়সমূহৰ শিক্ষাৰ লক্ষ্য, দায়িত্ব তথা চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিষয়ে জনাটো আমাৰ প্ৰয়োজন।

পূৰ্ব-প্ৰাথমিক স্কুলঃ

 

পূৰ্ব-প্ৰাথমিক স্কুলক প্ৰকৃত অৰ্থত স্কুল নুবুলি চালুকীয়া শিশুৰ পালনশালা (Nursery) বুলিহে ক’ব পাৰি। কাৰণ শিশুক প্ৰাথমিক স্তৰত বিধিগতভাৱে শিক্ষা আহৰণৰ উপযুক্ত কৰি তুলিবৰ বাবে ইয়াত প্ৰয়োজনীয় প্ৰস্তুতি চলোৱা হয়। স্কুলৰ নিৰ্ধাৰিত নীতি-নিয়মৰ পৰিৱৰ্তে ইয়াত শিশুৰ বাবে ৰং-আনন্দ আৰু খেলা-ধূলাৰ এক প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰা হয়। এনে পৰিৱেশৰ মুখ্য নায়ক হয় শিশু নিজেই। শিশুৰ সহজাত প্ৰবৃত্তিসমূহ উপযুক্ত শিক্ষা পৰিৱেশৰ যোগেদি অধিক সংশোধিত আৰু সামাজিকৰণ কৰি তোলাটো ইয়াৰ মুখ্য উদ্দেশ্য। শিশু প্ৰকৃতিৰ লগত খাপ খোৱাকৈ খেলাৰ যোগেদি আত্মপ্ৰকাশৰ ইয়াত পৰিকল্পিত আঁচনি প্ৰস্তুত কৰা হয়। খেলাৰ পৰিৱেশত শিশুক প্ৰত্যক্ষ অভিজ্ঞতাৰ আনন্দ দিয়াটোহে এইবিধ স্কুলৰ প্ৰধান উদ্দেশ্য, পাঠ্যপুথিৰ পাঠদান কৰাটো নহয়। খেলা আৰু ৰং-আনন্দৰ চলেৰে শিশুৰ প্ৰাথমিক স্বাস্থ্যৰক্ষা সম্বন্ধীয় জ্ঞান দিয়া আৰু দৈনন্দিন জীৱনৰ ক্ৰিয়া অনুশীলন কৰিবলৈ শিকোৱা হয়। এই পৰ্যায়ৰ শিক্ষাৰ মাধ্যম হৈছে খেলা। খেলাৰ উপৰিও নৃত্য-গীত, চিত্ৰাংকণ আদি শিশুৰ মনোগ্ৰাহী বিষয়ৰ শিক্ষা দিয়া হয়। শিশুৰ জ্ঞানেন্দ্ৰিয়সমূহ অধিক সক্ৰিয় কৰি তুলিবৰ বাবে নানাবিধ শিক্ষা-সঁজুলিৰ সহায়েৰে ইন্দ্ৰিয়ানুভূতিৰ বিজ্ঞানসন্মত শিক্ষা দিয়া হয়। দেহ-মানসিকভাৱে স্বাভাৱিক শিশুতকৈ ব্যতিক্ৰম অথবা ইন্দ্ৰিয়সমূহৰ দুৰ্বলতাত ভোগা শিশুক ধৰা পেলাই তাৰ উপযুক্ত চিকিৎসা আগবঢ়াবৰ বাবেও ইয়াত ব্যৱস্থা থাকে। উপযুক্তভাৱে ইন্দ্ৰিয়ানুভূতিৰ যোগ্যতা লাভ কৰি উঠিলে ইয়াৰ শেষ পৰ্যায়ত শিশুক লিখা-পঢ়া আৰু অংক কৰাৰ প্ৰাথমিক অভিজ্ঞতাও দিয়া হয়। দুবছৰৰ পৰা পাঁচ-ছয় বছৰ বয়সলৈকে শিশুক এইবিধ স্কুলত প্ৰয়োজনীয় তত্ত্বাৱধান লোৱা হয়। শিক্ষাৰ এই পৰ্যায়ৰ কেতবোৰ বিশেষ প্ৰয়োজনীয় দায়িত্ব তলত সংক্ষেপে উল্লেখ কৰা হৈছে।

(১) দৃষ্টি, শব্দ, স্পৰ্শ আদি ইন্দ্ৰিয় অনুভূতিসমূহ উপযুক্তভাৱে লাভ কৰিবলৈ শিশুক সংবেদন শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।

(২) কেতবোৰ দৈনন্দিন জীৱনৰ ক্ৰিয়া অনুশীলনৰ যোগেদি শিশুৰ সজ অভ্যাস গঠনৰ চেষ্টা কৰিব লাগে।

(৩) মুক্ত প্ৰাকৃতিক পৰিৱেশৰ মাজত খেলা-ধূলাৰ যোগেদি শিশুৰ অংগ-সঞ্চালন ক্ষমতাৰ বিকাশ সাধন কৰিব লাগে।

(৪) কল্পনাপ্ৰিয় শিশুক খেলা-ধূলা, নৃত্য-গীত, গল্প, চিত্ৰাংকণ আদিৰ যোগেদি মনত কাল্পনিক আনন্দ দিয়াব লাগে।

(৫) এনেবোৰ কাৰ্যসূচীৰ আন এটা উদ্দেশ্য হৈছে শিশুৰ আৱেগিক প্ৰকাশ আৰু বিকাশত সহায় কৰা।

(৬) শিশুৰ ঘৰুৱা আৰু শিক্ষা পৰিৱেশৰ মাজত একো ব্যৱধান নৰখাকৈ মৰম-চেনেহৰ এটা প্ৰতিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিব লাগে।

(৭) কোনো শিশুৰ ইন্দ্ৰিয় দুৰ্বলতা আদি নিৰীক্ষণ কৰি তাৰ প্ৰয়োজনীয় তত্ত্বাৱধান আৰু চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।

(৮) উপযুক্তভাৱে ইন্দ্ৰিয় অনুশীলনৰ ক্ষমতা লাভ কৰিলে ইয়াৰ শেষ পৰ্যায়ত শিশুক আখৰ আৰু সংখ্যাৰ প্ৰাথমিক জ্ঞান দিব লাগে।

প্ৰাথমিক স্কুলঃ

পাঁচ বছৰ বয়সত শিশুৱে বিধিগত শিক্ষাৰ বাবে আৱশ্যকীয় মানসিক প্ৰস্তুতি আৰু অনুশাসনীয়তা লাভ কৰে। সেইবাবে এই সময়ছোৱাকে শিশুৰ লিখা-পঢ়া কৰা অথবা পাঠ গ্ৰহণ কৰা সময় বুলি ধৰা হয়। শিশুৰ পাঁচ বছৰ বয়সৰ পিচৰ পৰা এঘাৰ বছৰ বয়সলৈকে নিয়মিত শিক্ষাদানৰ দায়িত্ব গ্ৰহণ কৰা অনুষ্ঠানকেই প্ৰাথমিক স্কুল বুলি জনা যায়। এই পৰ্যায়ৰ স্কুলক পাঠশালা বুলিও কোৱা হয়।

আনুষ্ঠানিকভাৱে বিধিগত শিক্ষা দিয়া এই পৰ্যায়ৰ স্কুলৰ কেতবোৰ নিজস্ব বৈশিষ্ট্য আছে। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে লিখা-পঢ়া আৰু অংক কৰা আদিৰ যোগে। শিশুক ভাষা আৰু সংখ্যাৰ প্ৰাথমিক জ্ঞান দি নিৰক্ষৰতা দূৰ কৰা। শিশুক সাক্ষৰতা দান কৰাৰ উপৰিও প্ৰাকৃতিক তথা সামাজিক পৰিৱেশৰ কেতবোৰ প্ৰয়োজনীয় জ্ঞান-অভিজ্ঞতা সহজ-সৰলভাৱে প্ৰদানৰো ইয়াত ব্যৱস্থা কৰা হয়। প্ৰাথমিক ভূগোল আৰু বুৰঞ্জী, সাধাৰণ জ্ঞান, প্ৰকৃতি-পাঠ আদি এনে কেতবোৰ বিষয়। এই পৰ্যায়ৰ শিক্ষাৰ আন এটা বৈশিষ্ট্য হৈছে ক্ৰিয়া-প্ৰধানতা। মানসিক চিন্তা-চৰ্চাত অনভিজ্ঞ শিশুক ক্ৰিয়াৰ যোগেদি শিক্ষা প্ৰদানেই হৈছে এই পৰ্যায়ৰ শিক্ষাৰ উৎকৃষ্ট পন্থা। ইয়াৰ কেতবোৰ কাৰ্যকৰী বিষয় হৈছে- কাগজ, মাটি আদিৰ হাতৰ কাম, চিত্ৰাংকণ, নৃত্য-গীত, নাট্যাভিনয় ইত্যাদি। চিন্তা-গধূৰ মননাত্মক বিষয়সমূহ পৰিহাৰ কৰি পাঠ্যক্ৰম আৰু শিক্ষা-পদ্ধতি যথাসম্ভৱ কাৰ্যকৰী আৰু ক্ৰীড়াপ্ৰধান কৰি তোলাটো ইয়াৰ প্ৰধান উদ্দেশ্য। এই পৰ্যায়ৰ শিক্ষা অধিক কাৰ্যকৰী কৰি তুলিবৰ বাবে প্ৰাথমিক স্কুল-কৰ্তৃপক্ষৰ কেতবোৰ প্ৰয়োজনীয় দায়িত্ব তলত উল্লেখ কৰা হৈছে।

(১) প্ৰাথমিক স্কুলৰ প্ৰথমাৰ্ধত আখৰ চিনাকি আৰু দ্বিতীয়াৰ্ধত শিশুৰ শুদ্ধ ভাষা বিকাশৰ প্ৰতি বিশেষ সতৰ্ক হ’ব লাগে।

(২) শিশুৰ প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশত নিজকে ভালদৰে খাপ খুৱাব পৰাকৈ প্ৰয়োজনীয় বিষয়ৰ শিক্ষা দিব লাগে।

(৩) উপযুক্ত ক্ৰিয়া অনুশীলনৰ যোগেদি দৈনন্দিন জীৱনৰ কেতবোৰ সজ অভ্যাস আৰু নৈতিক চৰিত্ৰ গঠনৰ চেষ্টা কৰিব লাগে।

(৪) প্ৰাথমিক স্কুলৰ শিক্ষা ক্ৰিয়া-ভিত্তিক আৰু শিশুৰ মনোৰঞ্জনকাৰী স্বৰূপে গঢ় দি তুলিব লাগে।

(৫) শিশুৰ সুস্থ আৱেগিক বিকাশৰ বাবে নৃত্য-গীত, আবৃত্তি, নাট্যাভিনয় আদিৰ ব্যৱস্থা কৰিব লাগে।

(৬) কল্পনাবিলাসী শিশুৰ বাবে সামূহিক খেলা-ধূলা, গল্প, চিত্ৰাংকণ, হাতৰ কাম আদি বিষয়ত গুৰুত্ব দিব লাগে।

(৭) শিশুৰ মনত দায়িত্ববোধ ভাব আৰু অনুশাসনৰ মনোভাৱ জগাই তুলিবলৈ চেষ্টা কৰিব লাগে।

(৮) শিশুৰ ব্যক্তিগত সমস্যাসমূহ শিক্ষা-কৰ্তৃপক্ষই ভালদৰে বুজি উঠিবৰ বাবে শিক্ষক-অভিভাৱকসকলৰ মাজত ঘনিষ্ঠ সম্বন্ধ গঢ়ি তুলিব লাগে।

মাধ্যমিক স্কুলঃ

জীৱনৰ কৈশোৰ কালছোৱাৰ শিক্ষাৰ দায়িত্ব মাধ্যমিক স্কুলে গ্ৰহণ কৰে। শিক্ষাৰ্থীৰ ১১ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সলৈকে সাধাৰণভাৱে মাধ্যমিক শিক্ষাৰ কাল বুলি ধৰা হয়। মজলীয়া স্কুল, উচ্চ-মাধ্যমিক, উচ্চতৰ মাধ্যমিক, বহুমুখী স্কুল আদিও এই পৰ্যায়ৰ ভিতৰত পৰে। শিক্ষাৰ্থীৰ দেহ-মনৰ ভিন্নমুখী প্ৰয়োজন আৰু পৰিৱৰ্তনৰ হেতুকে মাধ্যমিক স্কুলৰ উদ্দেশ্যও বহুমুখী আৰু জটিল বিধৰ হৈ উঠে। সেয়েহে শিক্ষাৰ এই পৰ্যায়ৰ কাৰ্যকাল আনকেইটা পৰ্যায়তকৈ আপেক্ষিকভাৱে দীঘল আৰু জটিল হয়। ইয়াৰ পাঠ্যক্ৰম, শিক্ষণ-কাল আৰু শিক্ষণ-পদ্ধতি আদিও বিভিন্ন ধৰণৰ হয়। কৈশোৰ কালত দ্ৰুত গতিৰে দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক বিকাশ সাধিত হয়। সেয়েহে এই পৰ্যায়ৰ শিক্ষা-সমস্যা আন সকলো পৰ্যায়তকৈ ব্যাপক আৰু সুদূৰপ্ৰসাৰী বিধৰ হৈ উঠে। সি যি কি নহওক, এনেবোৰ শিক্ষা-সমস্যাৰ বিষয়ে বহলভাৱে আলোচনা কৰাটো এই অধ্যায়ৰ উদ্দেশ্য নহয়। ইয়াৰ কেতবোৰ সাধাৰণ দায়িত্ব আৰু লক্ষ্য-উদ্দেশ্য নহয়। ইয়াৰ কেতবোৰ সাধাৰণ দায়িত্ব আৰু লক্ষ্য-উদ্দেশ্য আদিৰ বিষয়েহে ইয়াত অধ্যয়নৰ চেষ্টা কৰা হয়।

মাধ্যমিক স্কুলৰ সাধাৰণ লক্ষ্যসমূহ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

(১) ছাত্ৰ-ছাত্ৰীক বিভিন্ন বিষয়ৰ লগত পৰিচয় কৰি দি জ্ঞানৰ প্ৰতি আগ্ৰহ জন্মাই মনৰ দিগন্ত বহলাই তুলিব লাগে।

(২) এই পৰ্যায়ৰ শিক্ষা বিশেষীকৰণ কৰি নুতুলি প্ৰতিভাৰ অন্বেষণকাৰী স্বৰূপেহে গঢ় দি তুলিব লাগে।

(৩) কিশোৰ-কিশোৰীৰ দেহ-মানসিক, সামাজিক আৰু আনুভূতিক জীৱনৰ প্ৰতি বিশেষ লক্ষ্য ৰাখি এই পৰ্যায়ৰ কাৰ্যসূচী যুগুত কৰিব লাগে।

(৪) বৌদ্ধিক আৰু মননাত্মক বিষয়সমূহৰ যথাবিহিতভাৱে শিক্ষা দিবলৈ বিশেষজ্ঞ শিক্ষক নিয়োগ কৰিব লাগে।

(৫) ছাত্ৰ-ছাত্ৰীক প্ৰয়োজন অনুসৰি অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ বাবে বৃত্তীয় শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগে।

(৬) উন্নত ধৰণৰ শাৰীৰিক যোগ্যতা আৰু কৌশলযুক্ত খেলা-ধূলাৰ বাবেও প্ৰয়োজনীয় সা-সুবিধাৰে উপযুক্ত পৰিৱেশ গঢ়ি তুলিব লাগে।

(৭) এই পৰ্যায়ত শিক্ষাই ছাত্ৰ-ছাত্ৰীক এহাতে সামাজিক সমাযোজনত আৰু আনহাতে উচ্চ শিক্ষা গ্ৰহণৰ বাবে প্ৰস্তুত কৰি তুলিব লাগে।

(৮) বিভিন্ন মানসিক পৰ্যায়ৰ ছাত্ৰৰ বৌদ্ধিক প্ৰয়োজন পূৰণ কৰিবৰ বাবে মাধ্যমিক স্কুলৰ উচ্চ পৰ্যায়ত বিভাজিত পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে।

(৯) পাঠ্যক্ৰম ব্যৱস্থাৰ উপৰিও পুথিভঁৰাল, পাঠাগাৰ, বিজ্ঞানাগাৰ, প্ৰয়োগশালা আদি সুচাৰুৰূপে পৰিচালনাৰ অতিৰিক্ত দায়িত্ব কৰ্তৃপক্ষই বহন কৰিব লাগে।

(১০) কৈশোৰ কালৰ বিবিধ দেহ-মানসিক সমস্যা সমাধানত সহায় কৰিবৰ বাবে কৰ্তৃপক্ষই বৃত্তীয় নিৰ্দেশক, মনোৰোগ বিশেষজ্ঞ আদি নিয়োগ কৰিব লাগে।

(১১) কিশোৰ-কিশোৰীসকলৰ বিভিন্ন সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি তাৰ সমাধানৰ বাবে শিক্ষক-অভিভাৱকসকলৰ সহযোগিতা বৃদ্ধি কৰিব লাগে।

(১২) শিক্ষাৰ গুণ আৰু পৰিমাণ সমানে বজাই ৰখাৰ চেষ্টা কৰিব লাগে।

স্কুলৰ বিভিন্ন প্ৰকাৰঃ

শিক্ষা গ্ৰহণকাৰীৰ শিক্ষাৰ উদ্দেশ্য আৰু প্ৰয়োজন, শিক্ষাৰ কাৰ্যসূচী আৰু শিক্ষাদানৰ পদ্ধতি আদিৰ বিবেচনাৰে স্কুলক বিভিন্ন প্ৰকাৰত বিভক্ত কৰিব পাৰি। উল্লেখযোগ্য যে প্ৰাক্-প্ৰাথমিক পৰ্যায়ত এনে পাৰ্থক্য আমাৰ বিশেষ বিবেচনাযোগ্য নহয়। প্ৰাথমিক পৰ্যায়ত আমাৰ দেশত প্ৰচলিত স্কুলৰ ব্যতিক্ৰম স্বৰূপে গান্ধীজীৰ দ্বাৰা বুনিয়াদী স্কুলৰ উদ্ভাৱন আৰু প্ৰচলন কৰা হৈছিল। বৰ্তমান এইবিধ প্ৰাথমিক স্কুল নোহোৱা হৈছে। মাধ্যমিক পৰ্যায়ত ল’ৰা-ছোৱালীৰ ভিন্নমুখী ব্যক্তিত্বৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি স্কুলৰ ভিন ভিন প্ৰকাৰ গঢ় দি তোলা হৈছে। ইয়াৰ উপৰিও শিক্ষাৰ প্ৰয়োজনৰ বিভিন্ন দৃষ্টিকোণৰ পৰা আবাসিক স্কুল, কাৰিকৰী স্কুল আৰু প্ৰাপ্তবয়স্কৰ স্কুল স্বৰূপে স্কুলৰ ভিন ভিন প্ৰকাৰ বিবেচনা কৰিব পাৰি। এই সকলোবিধ স্কুলৰ চাৰিত্ৰিক বৈশিষ্ট্য তলত বৰ্ণনা কৰা হৈছে।

বুনিয়াদী স্কুলঃ

ইংৰাজ শাসন কালতেই ভাৰতৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি গান্ধীজীয়ে ১৯৩৭ চনত বুনিয়াদী শিক্ষা নামেৰে দেশক এক নতুন শিক্ষা ব্যৱস্থাৰ উপহাৰ দিয়ে। এই শিক্ষাৰ প্ৰধান উদ্দেশ্য আছিল প্ৰাথমিক পৰ্যায়ত শিশুক হস্তশিল্পৰ মাধ্যমেৰে উৎপাদনমুখী শিক্ষা দি অৰ্থনৈতিক স্বাৱলম্বিতা লাভত সহায় কৰে। ইয়াৰ আন কেতবোৰ উদ্দেশ্য হৈছে ৭ বছৰৰ পৰা ১৪ বছৰ বয়সলৈকে মুঠ ৭ বছৰৰ বাবে শিশুৰ শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়া কৰি তোলা, মাতৃভাষা শিক্ষাৰ মাধ্যম স্বৰূপে প্ৰয়োগ কৰা, হস্তশিল্পক কেন্দ্ৰ কৰি বিষয় শিক্ষা প্ৰদান কৰা আৰু শিশুৱে প্ৰস্তুত কৰা হস্তশিল্পৰ উৎপাদিত বস্তুৰে শিক্ষাৰ আৰ্থিক ব্যয় কিছু পৰিমাণে পূৰণ কৰা। এই হস্তশিল্প স্থানীয়ভাৱে প্ৰয়োজনীয় আৰু প্ৰচলিত শিল্প, যেনে- সূতা কটা আৰু কাপোৰ বোৱা শিক্ষাদানৰ কেন্দ্ৰস্থ বিষয় স্বৰূপে নিৰ্বাচিত কৰি ল’ব লাগে। এই ক্ষেত্ৰত শিক্ষকে শিক্ষাদানৰ বাবে সহ-সম্বন্ধ নীতি গ্ৰহণ কৰিব লাগে। স্কুলৰ সমগ্ৰ শিক্ষা পৰিৱেশ ছাত্ৰৰ বাবে ক্ৰিয়াকেন্দ্ৰিক কৰি তোলা হয়। শিক্ষাৰ অধিক সময় ছাত্ৰই নিজৰ কাৰ্যকৰী অভিজ্ঞতাৰে কটাব লাগে। কেৱল হস্তশিল্পৰ উৎপাদন আৰু অৰ্থনৈতিক স্বাৱলম্বিতাই নহয়, ইয়াৰ যোগেদি শিশুৱে শ্ৰমৰ মৰ্যাদা, আত্মসন্মান, সমাজৰ প্ৰতি কৰ্তব্যবোধ ভাব তথা সুনাগৰিকতাৰ শিক্ষাও লাভ কৰি উঠিব পাৰে। ছাত্ৰৰ দেহ, মন আৰু আত্মাৰ সমগ্ৰ ব্যক্তিত্বৰ বিকাশ সাধনৰ এক কাৰ্যকৰী শিক্ষা-ব্যৱস্থা ইয়াৰ যোগেদি গঢ় দি তোলাৰ আঁচনি বুনিয়াদী স্কুলৰ শিক্ষাত পাব পৰা যায়।

ইয়াৰ সবলতাঃ

বুনিয়াদী শিক্ষাই ভাৰতত কৃতকাৰ্যতা লাভ কৰি উঠিব নোৱাৰিলে। এই কথা ভূতপূৰ্ব ৰাষ্ট্ৰপতি আৰু বুনিয়াদী শিক্ষাৰ মূল প্ৰবক্তা ড জাকিৰ হুচেইনে নিজেই স্বীকাৰ কৰি গৈছে। কিন্তু বৰ্তমান ভাৰতৰ শিক্ষা-সংস্কাৰৰ প্ৰসংগত শিক্ষাবিদসকলে এই বুনিয়াদী শিক্ষা-নীতিৰ মৌলিকতা আৰু ইয়াৰ বৰ্তমানৰ সম্ভাৱনীয়তা আৰু প্ৰাসংগিকতা সমূলি অস্বীকাৰ কৰিব পৰা নাই। ইয়াৰ কেতবোৰ আদৰণীয় দিশ বৰ্তমানৰ বাবেও আমাৰ বাবে অনুপ্ৰেৰণাদায়ক। এই দিশসমূহ তলত সংক্ষেপে উল্লেখ কৰা হৈছে।

(১) বুনিয়াদী শিক্ষা ক্ৰিয়া-ভিত্তিক শিশুকেন্দ্ৰিক শিক্ষানীতিৰ দ্বাৰা প্ৰভাৱিত।

(২) হস্তশিল্পৰ দ্বাৰা শিশুৰ গঠনাত্মক প্ৰবৃত্তি ইয়াৰ যোগেদি সৃজনাত্মক পথেদি পৰিচালিত কৰিব পাৰি।

(৩) এই শিক্ষাৰ বুনিয়াদ ভাৰতীয় সংস্কৃতিৰ ওপৰত প্ৰতিষ্ঠিত হোৱা বাবে বিদেশী শিক্ষাৰ অসুস্থ প্ৰভাৱৰ পৰা মুক্ত।

(৪) বুনিয়াদী স্কুলত ৰাষ্ট্ৰীয় ভাষা স্বৰূপে হিন্দী আৰু আঞ্চলিক ভাষা স্বৰূপে মাতৃভাষাবোৰক উচিত স্থান দিয়া হৈছে।

(৫) বুনিয়াদী স্কুলৰ শিক্ষাই ছাত্ৰৰ প্ৰচলিত শিক্ষাৰ অকৃতকাৰ্যতাৰ হাৰ কমাই প্ৰাথমিক শিক্ষাৰ অপচয় বন্ধ কৰিব পাৰে।

(৬) শিক্ষা বৃত্তিমূলক মনোভাৱৰ হোৱা বাবে সাধাৰণ শিক্ষাই সৃষ্টি কৰা নিবনুৱা সমস্যাও ই সমাধান কৰিব পাৰে।

(৭) ছাত্ৰৰ ব্যক্তিত্বত কেতবোৰ সজ গুণ, যেনে- শ্ৰমৰ মৰ্যাদা, কৰ্মপ্ৰিয়তা, সামাজিক চেতনা আদি ভাব ই জগাই তুলিব পাৰে।

(৮) এই শিক্ষা আন্তৰিকতাৰে কাৰ্যত পৰিণত কৰিব পৰা হ’লে ছাত্ৰৰ সমগ্ৰ ব্যক্তিত্বৰ শিক্ষাৰে পূৰ্ণ বিকাশ সম্ভৱ হৈ উঠিব পাৰে।

(৯) এই শিক্ষাই ভাৰতীয় সংস্কৃতিৰ পৰম্পৰা আৰু আধুনিক জীৱনৰ প্ৰয়োজনীয়তাৰ মাজত সমন্বয় সাধন কৰিব পাৰে।

(১০) গান্ধীজীৰ অহিংসা নীতি আৰু দৰ্শন এইবিধ শিক্ষাৰ যোগেদি বাস্তৱ ৰূপত প্ৰকাশ লাভ কৰি উঠিব পাৰে।

ইয়াৰ দুৰ্বলতাঃ

গান্ধীজীৰ শিক্ষা-দৰ্শন দেশবাসীয়ে ভালদৰে উপলব্ধি কৰিব নোৱাৰা বাবেই হয়তো এই শিক্ষা পদ্ধতি অকৃতকাৰ্য হ’ল। অৱশ্যে বৰ্তমান এই শিক্ষা সম্বন্ধে বিস্তৃত অধ্যয়ন আৰু বিশ্লেষণ কৰা হৈছে। ইয়াৰ পৰা এই সম্বন্ধে ইয়াৰ কেতবোৰ দুৰ্বলতাৰ কথাও শিক্ষা-সমালোচকসকলৰ চকুত পৰিছে। এই প্ৰসংগত নিম্নলিখিত দিশসমূহ আমাৰ বিবেচনাযোগ্য।

(১) এক নিৰ্দিষ্ট হস্তশিল্পৰ যোগেদি স্কুলৰ সকলো বিষয়ৰ শিক্ষাদান ব্যৱস্থা স্বাভাৱিক আৰু সকলো সময়তে কাৰ্যকৰী বিধৰ হৈ উঠিব নোৱাৰে।

(২) শিশুক নিচেই সৰু অৱস্থাতে বৃত্তীয় শিক্ষাদানৰ ব্যৱস্থা কৰা সমৰ্থনযোগ্য কাৰ্য হ’ব নোৱাৰে।

(৩) শিশুৰ স্বভাৱ-সুলভ মুক্ত খেলা পৰিৱেশৰ শিক্ষাৰ প্ৰতি ইয়াত অৱহেলা কৰা হৈছে।

(৪) কণ কণ শিশুক হস্তশিল্পৰ যোগে শিক্ষা দিয়া কাৰ্য অতি কষ্টসাধ্য আৰু ব্যয়বহুল হৈ উঠে।

(৫) হস্তশিল্পৰ দ্বাৰা উপাৰ্জন হোৱা ধনেৰে বৰ্তমান সময়ত এখন স্কুল স্বাৱলম্বী হৈ চলিব নোৱাৰে।

(৬) প্ৰাথমিক স্কুলত শিল্পকেন্দ্ৰিক শিক্ষাই স্কুলৰ শিক্ষা পৰিৱেশ কাৰখানালৈ আৰু ছাত্ৰসকলক অৰ্থ উপাৰ্জনকাৰী একো একোটা যন্ত্ৰলৈ পৰিণত কৰিব পাৰে।

(৭) হস্তশিল্পৰ যোগেদি দিয়া শিক্ষা ব্যৱস্থা ছাত্ৰৰ উচ্চ শিক্ষাৰ বাবে সম্ভাৱনাপূৰ্ণ হৈ উঠিব নোৱাৰে।

(৮) বৰ্তমান বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ প্ৰয়োগৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ দিশত কেৱল সূতা কটা আৰু কাপোৰ বোৱা শিক্ষাই দেশৰ শিল্প উদ্যোগৰ প্ৰগতি পিছুৱাইহে নিব পাৰে।

(৯) বুনিয়াদী পদ্ধতি গাঁৱৰ পিচপৰা অঞ্চলৰ লোকৰ উপযোগী হ’লেও নগৰবাসীৰ লোকৰ উপযোগী নহয়।

(১০) গান্ধীজীৰ প্ৰতি থকা দেশবাসীৰ শ্ৰদ্ধা আৰু ভক্তিৰ বাবেহে মূলতঃ ইয়াক গ্ৰহণ কৰা হৈছিল, শিক্ষা পদ্ধতিৰ প্ৰতি আকৃষ্টি হৈ নহয়।

উচ্চ আৰু উচ্চতৰ মাধ্যমিক স্কুলঃ

এইবিধ স্কুলৰ শৈক্ষিক উদ্দেশ্য আৰু ইয়াৰ ক্ৰিয়া পৰিসৰ আন সকলোবিধ স্কুলতকৈ অধিক জটিল। ছাত্ৰ-ছাত্ৰীৰ ১৪ বছৰ বয়সৰ পৰা ১৭-১৮ বছৰ বয়সলৈকে কৈশোৰ কালছোৱাৰ শিক্ষাৰ দায়িত্ব ই গ্ৰহণ কৰে। এই সময়ছোৱাত ল’ৰা-ছোৱালীৰ এহাতে ব্যক্তিগত দেহ-মানসিক প্ৰয়োজন আৰু আনহাতে সমাজৰ আশা-আকাংক্ষা আদি পূৰণ কৰাটো এইবিধ স্কুলৰ প্ৰধান উদ্দেশ্য। অৱশ্যে মজলীয়া স্কুলৰ শিক্ষাৰ ধাৰাবাহিকতা ৰক্ষা কৰি একেটা শিক্ষানুষ্ঠানতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক স্কুলৰ শিক্ষা ইয়াত পৰিচালনা কৰা হয়। তথাপিও এইবিধ স্কুলৰ শিক্ষাৰ উদ্দেশ্য আৰু ইয়াৰ কাৰ্যসূচীৰ সুকীয়া বৈশিষ্ট্য আছে। উল্লেখযোগ্য যে উচ্চ-মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক স্কুলৰ পাঠ্যক্ৰম আৰু কাৰ্যসূচীৰ মাজত পাৰ্থক্য বিবেচনা কৰা হয়।

উচ্চ-মাধ্যমিক স্কুলৰ শিক্ষাই ব্যক্তিৰ শৈক্ষিক জীৱনৰ এক নিৰ্দিষ্ট মানদণ্ড বহন কৰে। ই ব্যক্তিৰ অৰ্থনৈতিক উপযুক্ততা আৰু সামাজিক স্বীকৃতি জন-মানসত প্ৰদান কৰে। ইয়াৰ শিক্ষা বিশেষীকৰণ কৰাৰ পৰিৱৰ্তে জ্ঞান-অভিজ্ঞতাৰ এক বহল পৰিসৰ প্ৰদান কৰাৰ প্ৰতিহে বিশেষ লক্ষ্য ৰখা হয়। ইয়াৰ বাবে ভাষা অধ্যয়ন, সামাজিক বিষয়ৰ অধ্যয়ন (ভূগোল অথবা বুৰঞ্জী), বিজ্ঞান, গণিত, কলা আৰু হস্তশিল্প, শৰীৰ-চৰ্চা আৰু নাগৰিকতাৰ শিক্ষা আদি বিষয়সমূহৰ অধ্যয়ন দশম শ্ৰেণীলৈকে থাকে আৰু ইয়াৰ অন্তত ছাত্ৰই ৰাজহুৱা পৰীক্ষাৰ সন্মুখীন হ’ব লাগে।

উচ্চতৰ মাধ্যমিক স্কুলৰ শিক্ষাকাল হৈছে ২ বছৰ আৰু ইয়াৰ পাঠ্যক্ৰম বিভাজিত। ইয়াক +২ পৰ্যায়ৰ শিক্ষা বুলিও জনা যায়। বিভাজিত পাঠ্যক্ৰমত ছাত্ৰই সাধাৰণ বিষয়সমূহ অধ্যয়ন কৰাৰ উপৰিও কলা, বিজ্ঞান, কৃষি, বাণিজ্য, সুকুমাৰ কলা, গাৰ্হস্থ্য বিজ্ঞান (কেৱল ছোৱালীৰ বাবে) আদিৰ যিকোনো এটা গোটৰ অন্তৰ্ৱৰ্তী তিনিটা বিষয় অধ্যয়নৰ বাবে নিৰ্বাচন কৰি ল’ব লাগে। বিষয়সমূহ বিশেষজ্ঞ শিক্ষকৰ দ্বাৰা শিকোৱা হয়। এই স্কুলৰ শিক্ষা বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতকাৰী স্বৰূপে বিবেচনা কৰা হয়। চিকিৎসা আৰু অভিযান্ত্ৰিক শিক্ষাৰ বাবেও ই প্ৰস্তুতকাৰী বুলি ধৰা হয়। উচ্চতৰ মাধ্যমিক স্কুলৰ প্ৰসংগত উল্লেখযোগ্য যে এই শিক্ষা স্কুলৰ লগত সংলগ্ন কৰিব লাগে বুলি শিক্ষা আয়োগে পৰামৰ্শ দিয়ে যদিও বৰ্তমান শিক্ষাৰ স্নাতক পৰ্যায়ৰ দায়িত্ব লোৱা কলেজবোৰতহে ই অধিক জনপ্ৰিয়তা লাভ কৰা কথাষাৰ বিশেষ মন কৰিবলগীয়া। ইয়াৰ ফলত উচ্চতৰ মাধ্যমিক স্কুলবোৰত ইয়াৰ শিক্ষা আৰু পৰীক্ষাৰ ফলাফল নিৰৎসাহজনক হৈ পৰাটো পৰিলক্ষিত হৈছে।

বহুমুখী স্কুলঃ

মাধ্যমিক পৰ্যায়ত শিক্ষাৰ একাধিক উদ্দেশ্য সাধনৰ বাবে উচ্চতৰ মাধ্যমিক স্কুলৰ সমপৰ্যায় স্বৰূপে এইবিধ স্কুল স্থাপন কৰা হয়। মাধ্যমিক শিক্ষাৰ ধাৰাবাহিকতা ৰক্ষা কৰি ইয়াৰ শেষ পৰ্যায়ত ছাত্ৰ-ছাত্ৰীক জীৱনৰ প্ৰয়োজনমুখী কাৰ্যকৰী বিধৰ শিক্ষা দিয়াৰ ইয়াত ব্যৱস্থা কৰা হয়। মাধ্যমিক স্কুলৰ সকলো ছাত্ৰই সাধাৰণ শিক্ষাৰ বাবে উপযোগী নহয় অথবা ই তেওঁলোকৰ বাবে প্ৰয়োজন নহয়। সেইবাবে ছাত্ৰৰ ভিন্নমুখী প্ৰয়োজন আৰু যোগ্যতা অনুসৰি বাস্তৱ অভিজ্ঞতাভিত্তিক আৰু বৃত্তিমুখী শিক্ষা দিয়াৰ প্ৰচেষ্টা ইয়াত কৰা হয়। এই শিক্ষাই সেয়েহে ব্যক্তিৰ ভৱিষ্যৎ জীৱনত প্ৰয়োজন অনুসৰি কোনো এক লাভজনক ব্যৱসায় গ্ৰহণৰো সুবিধা দিয়ে। সমাজৰ উৎপাদনশীল ব্যক্তি স্বৰূপে ই শিক্ষাৰ্থীৰ মনত শ্ৰমৰ প্ৰতি মৰ্যাদাৰ ভাব গঢ়ি তুলিব পাৰে। বৰ্তমান সময়ত বস্তুবাদী সমাজৰ অৰ্থনৈতিক চাহিদা এনেবিধ স্কুলৰ শিক্ষাইহে পূৰণ কৰিব পাৰে। সাধাৰণ শিক্ষাৰ বাবে অনুপযোগী ছাত্ৰক ই উদ্দেশ্যধৰ্মী শিক্ষা দিব পাৰে। ইয়াৰ ফলত তেওঁলোকে শিল্পকেন্দ্ৰত কৰ্ম-নিযুক্তি তথা আত্ম-নিযুক্তি লাভ কৰি উঠিব পাৰে। অৱশ্যে এইবিধ স্কুলৰ প্ৰত্যাশিত উদ্দেশ্য আৰু আশা-আকাংক্ষা পূৰণ কৰাটো নিচেই সহজ কথা নহয়। অন্যান্য মাধ্যমিক স্কুলৰ তুলনাত এইবিধ স্কুল অতি খৰচী। প্ৰয়োজনীয় প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ, উপযুক্ত পাঠ্যক্ৰম আৰু পাঠ্যপুথিৰ অভাৱ, কৰ্মশালাৰ সা-সুবিধাৰ অভাৱ, ছাত্ৰৰ মনত এই শিক্ষাৰ প্ৰতি অভিৰোচণৰ সৃষ্টি কৰাত ব্যৰ্থতা আদি নানা প্ৰতিকূল অৱস্থাই ইয়াৰ প্ৰত্যাশিত ফলাফল দিয়াত ব্যৰ্থ হোৱা বুলি ক’ব পাৰি।

পাব্লিক স্কুলঃ

মাধ্যমিক পৰ্যায়ত সাধাৰণ শিক্ষা ব্যৱস্থাৰ কিছু ব্যতিক্ৰম স্বৰূপে এক পৃথক শিক্ষা উদ্দেশ্যৰে এইবিধ স্কুল গঢ়ি উঠিছে। সেইবাবে পাব্লিক স্কুল শিক্ষাৰ এক বিতৰ্কমূলক বিষয়। এই স্কুল নামত ‘পাব্লিক’ বোলা হয় যদিও সৰ্বসাধাৰণ লোকে এই স্কুলৰ শিক্ষাৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰে। পাব্লিক স্কুলৰ ধাৰণা ইংলেণ্ডৰ শিক্ষা ব্যৱস্থাৰ পৰা বৰ্তমান আমাৰ দেশতো গা কৰি উঠিছে। ইংলেণ্ডৰ পুৰণি লৰ্ড, ডিউক, বেৰণ আদি শাসক আৰু আভিজাত্য শ্ৰেণীৰ লোকসকলে তেওঁলোকৰ ল’ৰা-ছোৱালী এইবিধ স্কুলত শিক্ষা দিছিল। ইংৰাজসকল ভাৰতলৈ অহাৰ পিছত এই শিক্ষা ভাৰততো গঢ় লৈ উঠে। ইয়াৰ সংখ্যা নিচেই কম যদিও দেশৰ শিক্ষা আৰু প্ৰশাসনীয় ব্যৱস্থাত গ্ৰহণ কৰা ইয়াৰ প্ৰভাৱশালী ভূমিকা অস্বীকাৰ কৰিব নোৱাৰি। এইবিধ স্কুলৰ শিক্ষা অতি উন্নত বিধৰ, যি ছাত্ৰৰ এক প্ৰভাৱশালী ব্যক্তিত্ব আৰু নেতৃত্বৰ প্ৰয়োজনীয় গুণসমূহ বিকশাই তুলিব পাৰে। অৱশ্যে এই স্কুলত ভৰ্তি হ’বৰ বাবে ছাত্ৰসকলৰ সামাজিক আৰু অৰ্থনৈতিক মানদণ্ড উচ্চ মানবিশিষ্ট হোৱাটো হৈছে এক প্ৰয়োজনীয় চৰ্ত বিশেষ। সেইবাবে সমাজৰ নিম্নমানৰ ল’ৰা-ছোৱালীয়ে ইয়াৰ সুবিধা গ্ৰহণৰ আশা কৰিব নোৱাৰে। আভিজাত্য শ্ৰেণীৰ লোকে তেওঁলোকৰ বংশ পৰম্পৰা ৰক্ষা কৰি সৰ্বসাধাৰণ লোকৰ ওপৰত প্ৰভাৱ আৰু প্ৰভুত্ব বিস্তাৰ কৰাৰ মনোবৃত্তি এইবিধ স্কুলৰ শিক্ষাত পৰিলক্ষিত হয়। সেইবাবে ই দেশৰ গণতান্ত্ৰিক শিক্ষা-নীতি আৰু পদ্ধতিৰ এক প্ৰতিকূল শিক্ষা ব্যৱস্থা স্বৰূপে সমালোচনা কৰা হয়।

পাব্লিক স্কুলৰ সমালোচনাঃ

পাব্লিক স্কুলৰ শিক্ষাৰ পৰম্পৰা এখন গণতান্ত্ৰিক দেশত গ্ৰহণযোগ্য হৈ উঠিব নোৱাৰে। এই পৰম্পৰাৰ অৱসান ঘটাবৰ বাবে শক্তিশালী যুক্তি প্ৰদৰ্শন কৰা হয়। এই প্ৰসংগত নিম্নলিখিত যুক্তি আমাৰ বিবেচনাযোগ্য।

(১) এইবিধ স্কুলৰ শিক্ষা ব্যৱস্থাই সমাজত উচ্চ-নীচ, শাসক আৰু শাসিতৰ মাজত এক অগণতান্ত্ৰিক মনোভাৱ গঢ় দি তোলে।

(২) পাব্লিক স্কুলৰ শিক্ষা ব্যৱস্থা অত্যন্ত ব্যয়বহুল কৰি তোলা হৈছে আৰু তাৰ যোগেদি সৰ্বসাধাৰণ লোকক উন্নত শিক্ষা ব্যৱস্থাৰ পৰা পৰোক্ষভাৱে বঞ্চিত কৰা হৈছে।

(৩) ইয়াত অধ্যয়ন কৰা ছাত্ৰসকলৰ মনত উচ্চাত্মিকা ভাব গঢ়ি উঠে। ইয়াৰ ফলত তেওঁলোক অসামাজিক আৰু আত্মাভিমানী ব্যক্তিত পৰিণত হয়।

(৪) ইয়াত অধ্যয়ন কৰা ছাত্ৰই ভাৰতীয় সামাজিক আৰু সাংস্কৃতিক জীৱনৰ পৰিচয় পাব নোৱাৰে। ফলত তেওঁলোকৰ মনোভাব আৰু মনোবৃত্তি দেশৰ বাবে ক্ষতিকাৰক হৈ উঠিব পাৰে।

ইয়াৰ শক্তিশালী দিশঃ

পাব্লিক স্কুলৰ দুৰ্বলতা থকা স্বত্বেও ইয়াক সম্পূৰ্ণৰূপে বিলোপ সাধনৰ মত প্ৰকাশ কৰিব নোৱাৰি। কাৰণ এইবিধ স্কুলৰ শিক্ষাৰ এক নিজস্ব বৈশিষ্ট্য আছে যি আমাৰ বাবে উৎসাহজনক। ইয়াৰ কেতবোৰ শক্তিশালী দিশ তলত উল্লেখ কৰিব পাৰি।

(১) পাব্লিক স্কুলৰ উন্নত শিক্ষা পৰিৱেশ ছাত্ৰৰ শক্তিশালী ব্যক্তিত্ব গঠনৰ বাবে বিশেষ সহায়কাৰী। এনে পৰিৱেশ সচৰাচৰ সাধাৰণ শিক্ষাৰ স্কুলত আশা কৰিব নোৱাৰি।

(২) ইয়াত লাভ কৰা শিক্ষাই দেশৰ উচ্চ পৰ্যায়ৰ প্ৰশাসনীয় দায়িত্ব যোগ্যতাৰে গ্ৰহণ আৰু পালন কৰাত ছাত্ৰসকলক সহায় কৰে।

(৩) এইবিধ স্কুলৰ শিক্ষাই ছাত্ৰসকলক সাহসী আৰু অনুশাসন মনা কৰি তুলিব পাৰে। সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা, পৰিপাতিতা আদি গুণসমূহে ব্যক্তিত্ব আকৰ্ষণীয় কৰি তোলে।

(৪) পাব্লিক স্কুলৰ শিক্ষাই আন্তৰ্জাতিক শিক্ষাৰ মানদণ্ড ৰক্ষা কৰি চলিব পাৰে। ইয়াত শিক্ষিত হোৱা ছাত্ৰই আন্তৰ্জাতিক ক্ষেত্ৰত নিজকে ভালদৰে প্ৰতিষ্ঠা কৰিব পাৰে।

এনেবোৰ কথাৰ বিবেচনাৰে আমাৰ দেশৰ মাধ্যমিক শিক্ষা আয়োগে এইবিধ স্কুল বিলোপ সাধনৰ পৰিৱৰ্তে ইয়াৰ প্ৰয়োজনীয় সংস্কাৰ সাধনৰহে পৰামৰ্শ দিয়ে।

কেন্দ্ৰীয় বিদ্যালয়ঃ

আমাৰ দেশত মাধ্যমিক পৰ্যায়ত বৰ্তমান জনপ্ৰিয়তা লাভ কৰি উঠা এবিধ স্কুল হৈছে কেন্দ্ৰীয় বিদ্যালয়। কেন্দ্ৰীয় চৰকাৰৰ তলত চাকৰি কৰা লোকসকলৰ দৰমহা সংশোধনৰ বাবে স্থাপিত হোৱা দ্বিতীয় দৰমহা আয়োগে এইবিধ স্কুল স্থাপনৰ পৰামৰ্শ দিয়ে। সেইবাবে কেন্দ্ৰীয় চৰকাৰে এইবিধ স্কুল স্থাপন কৰে আৰু ইয়াৰ পৰিচালনাৰ দায়িত্ব কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে গ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলে তেওঁলোকৰ চাকৰি স্থানান্তৰ হোৱা বাবে এইবিধ স্কুলত ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবে ৰাখিব পাৰে। সেনা-বাহিনীত চাকৰি কৰা লোকেও এই সুবিধা গ্ৰহণ কৰে। ইয়াত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে বিনামূলীয়া শিক্ষা দিয়া হয়। ইয়াৰ শিক্ষাৰ মাধ্যম হৈছে ইংৰাজী আৰু হিন্দী। এই স্কুলৰ পাঠ্যক্ৰম, পৰীক্ষা ব্যৱস্থা, শিক্ষক নিযুক্তি আদি সৰ্বভাৰতীয় ভিত্তিত কৰা হয়। ইয়াৰ স্কুল-ঘৰ নিৰ্মাণ আৰু যাৱতীয় খৰচ কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগে বহন কৰে। সেইবাবে ইয়াৰ শিক্ষাৰ মানদণ্ড উন্নত হয়।

অৱশ্যে এইবিধ স্কুল দেশৰ বিভিন্ন অঞ্চলত স্থাপন কৰা হৈছে যদিও শিক্ষাৰ আঞ্চলিক প্ৰয়োজন ই পূৰণ কৰিব পৰা নাই। আঞ্চলিক ভাষা-সংস্কৃতি আদি অধ্যয়নৰ প্ৰতি ই উদাসীন। ইয়াৰ উপৰিও চৰকাৰী উচ্চপদস্থ বিষয়াসকলৰ ল’ৰা-ছোৱালীক আচুতীয়াকৈ দিয়া এই শিক্ষা ব্যৱস্থাই দেশৰ শিক্ষাত গণতান্ত্ৰিক মনোভাব সুদৃঢ় কৰি তুলিব নোৱাৰে। ই আওপকীয়াকৈ দেশত পাব্লিক স্কুলৰ এক অগণতান্ত্ৰিক শিক্ষা প্ৰৱণতাহে গঢ় দি তুলিব পাৰে। সেয়েহে এই স্কুলৰ শিক্ষানীতি সম্বন্ধেও পুনৰ বিবেচনাৰ প্ৰয়োজন।

সৈনিক স্কুলঃ

মাধ্যমিক পৰ্যায়ৰ ছাত্ৰৰ দেহ-মানসিক প্ৰয়োজন পূৰণ কৰিব পৰাকৈ দেশৰ বিভিন্ন ৰাজ্যত সৈনিক স্কুল স্থাপন কৰা হয়। দৈহিক আৰু মানসিকভাৱে উপযুক্ত ছাত্ৰসকলে দেশৰ প্ৰতিৰক্ষা সম্বন্ধীয় বিভিন্ন দিশত নিজৰ যোগ্যতা বিকশাই তুলিবৰ বাবে আৱশ্যকীয় প্ৰশিক্ষণৰ ইয়াত ব্যৱস্থা কৰা হয়। ইয়াৰ বাবে উপযুক্ত নিৰ্বাচনৰ ভিত্তিত ছাত্ৰৰ নাম ভৰ্তি কৰা হয়। সৈনিকৰ বিভিন্ন বিভাগৰ শাৰীৰিক আৰু কাৰিকৰী দিশৰ ক্ৰিয়া-কৌশলৰ প্ৰশিক্ষণ ইয়াত দিয়া হয়। ইয়াৰ উপৰি অনুশাসন আৰু আনুগত্যৰ মনোভাব গঢ় দি তুলিবৰ বাবে প্ৰণালীবদ্ধ শিক্ষাৰ ব্যৱস্থা কৰা হয়। এইবিধ স্কুল হৈছে আবাসিক স্কুল য’ত ছাত্ৰৰ খোৱা, থকা আৰু শিক্ষাৰ সকলো দায়িত্ব গ্ৰহণ কৰা হয়। প্ৰতিজন ছাত্ৰৰ অন্তৰ্নিহিত যোগ্যতা বিজ্ঞানসন্মতভাৱে নিৰ্ধাৰণ কৰি তেওঁলোকক এই অনুসৰি সৈনিকৰ বিভাগীয় শিক্ষা দিয়া হয়। স্থলসেনা, জলসেনা আৰু বায়ুসেনাৰ বিভিন্ন ক্ৰিয়া-প্ৰশিক্ষণ বিশেষজ্ঞসকলৰ দ্বাৰা প্ৰদান কৰা হয়। বিভিন্ন শাখাৰ বিভাগবোৰত এনে প্ৰশিক্ষণ ৩-৪ বছৰলৈ দিয়া হয়। প্ৰশিক্ষণৰ অন্তত শিক্ষাৰ্থীসকলক সেইমতে সৈনিকত ভৰ্তি কৰা হয়। দেশৰ অখণ্ডতা, স্বাধীনতা আৰু নিৰাপত্তা ৰক্ষাৰ বাবে এইবিধ স্কুলৰ শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

শাৰীৰিক আৰু মানসিক বাধাগ্ৰস্ততাৰ স্কুলঃ

মাধ্যমিক পৰ্যায়ত প্ৰয়োজনভিত্তিক এবিধ স্কুল হৈছে দেহ-মানসিকভাৱে বাধাগ্ৰস্তসকলৰ স্কুল। সকলো দেশতে আৰু সকলো সমাজতে দৈহিকভাৱে অক্ষম, বিকলাংগ, নেত্ৰহীন, কলা-বোবা আৰু মানসিকভাৱে হীন-বুদ্ধি আৰু স্নায়ৱিক অস্বাভাৱিকতাত ভোগা ল’ৰা-ছোৱালী থাকে। এইসকলে স্বাভাৱিক ল’ৰা-ছোৱালীৰ বাবে থকা স্কুলৰ সাধাৰণ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। কিন্তু তথাপিও এইসকল ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ প্ৰয়োজনভিত্তিক আৰু নিজ ক্ষমতা সাপেক্ষে শিক্ষা লাভ কৰি জীৱনত অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল হৈ সামাজিকভাৱে সন্মানজনক জীৱন-যাপন কৰাটো প্ৰয়োজন। তেওঁলোকে নিজ নিজ পৰিয়ালৰ তথা সমাজৰ বাবে বোজা স্বৰূপ হৈ উঠিব নালাগে। তেওঁলোকৰ বাবে এই বিশেষ ধৰণৰ স্কুল আবাসিক বিধৰ হ’ব লাগে, যাতে নিজ ব্যক্তিগত অক্ষমতা গুচাব নোৱাৰালৈকে কেইবাবছৰো ধৰি স্কুলৰ আবাস গৃহত শিক্ষকৰ ব্যক্তিগত শিক্ষা আৰু যত্নত কটায়। বৰ্তমান এইসকল ল’ৰা-ছোৱালীক বিবিধ হস্তশিল্প আৰু নৃত্য-গীত আদি কলাত্মক বিষয়ৰ শিক্ষাদান কৰি বহু পৰিমাণে স্বাভাৱিক আৰু সক্ষম কৰি তুলিব পৰা হৈছে। অন্ধসকলক ব্ৰেইলি পদ্ধতিৰে স্পৰ্শ অনুভূতিৰ প্ৰশিক্ষণ দি সক্ষম কৰি তুলিব পৰা হৈছে। মানসিকভাৱে হীনবুদ্ধিৰ ল’ৰা-ছোৱালীকো বিজ্ঞানসন্মতভাৱে ইন্দ্ৰিয় অনুশীলনৰ প্ৰয়োজনীয় শিক্ষা-ব্যৱস্থাৰে লিখিব আৰু পঢ়িব পৰা কৰি তুলিব পৰা হয়। বিকলাংগসকলে তেওঁলোকৰ নিজ পৰিৱেশত উপযুক্তভাৱে সমাযোজন কৰিব পৰাকৈ কৃত্ৰিম অংগ আৰু সা-সঁজুলি প্ৰস্তুত কৰা হৈছে। সেইবাবে কল্যাণকামী ৰাষ্ট্ৰই এইসকল ল’ৰা-ছোৱালীৰ প্ৰয়োজনভিত্তিক শিক্ষাৰ স্কুল স্থাপনৰ দায়িত্ব আৰু প্ৰয়োজনীয়তা বৰ্তমান অধিকভাৱে অনুভৱ কৰি উঠিছে।

কাৰিকৰী স্কুল বা প্ৰযুক্তি বিদ্যালয়ঃ

বৰ্তমান সমাজৰ দ্ৰুত আধুনিকীকৰণৰ বাবে কাৰিকৰী শিক্ষাৰ প্ৰয়োজনীয়তা গভীৰভাৱে অনুভৱ কৰা হৈছে। শিক্ষাৰ মাধ্যমিক স্তৰতেই ল’ৰা-ছোৱালীক কাৰিকৰী শিক্ষাৰ সুবিধা দান কৰিব লাগে। এই সময়তেই তেওঁলোকে দৈহিক আৰু মানসিকভাৱে কৰ্মক্ষম আৰু কৰ্মপ্ৰিয় হৈ উঠে। অনুসন্ধিৎসু মনে ক্ৰিয়াৰ নতুন আৰু উন্নত কৌশল নিজেই আৱিষ্কাৰ কৰিব পৰা হয়। নিজ ক্ৰিয়াৰ যোগে পোৱা সৃষ্টিৰ আনন্দ তেওঁলোকে অনুভৱ কৰিবলৈ বিচাৰে। সেয়েহে কৈশোৰৰ এই কৰ্মশক্তি গঠনাত্মকভাৱে পৰিচালনা কৰাত কাৰিকৰী স্কুলবোৰৰ বিশেষ দায়িত্ব আছে। ইয়াৰ উপৰি প্ৰতিটো কাৰিকৰী দিশৰ শিক্ষা বৰ্তমান অধিক বিজ্ঞানভিত্তিক আৰু বিশেষ কাৰিকৰী কৌশলযুক্ত হৈ উঠিছে। অধিক উৎপাদন কৰা, উৎপাদনৰ গুণমান বৃদ্ধি কৰি তোলা আদিৰ প্ৰতি লক্ষ্য ৰাখি উন্নত কৌশল প্ৰয়োগৰ প্ৰয়োজন হৈ পৰিছে। সেইবাবে বিশেষ বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন অনুভৱ কৰা হৈছে।

শিক্ষাৰ মাধ্যমিক পৰ্যায়ত কাৰিকৰী স্কুলসমূহ স্বতন্ত্ৰ অনুষ্ঠান স্বৰূপে গঢ়ি তোলা হয়। সাধাৰণ মাধ্যমিক স্কুলৰ শিক্ষা শেষ কৰি অথবা মাধ্যমিক স্কুলৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰা ছাত্ৰইও ইয়াত অধ্যয়নৰ সুবিধা পায়। ইয়াৰ উপৰি যিকোনো বৃত্তি বা ব্যৱসায়ত ইতিমধ্যে প্ৰৱেশ কৰিও নিজৰ যোগ্যতা বৃদ্ধিৰ বাবে আগ্ৰহ প্ৰকাশ কৰা লোকে এইবিধ স্কুলত অংশকালীন শিক্ষাৰ সুবিধা ল’ব পাৰে। ইয়াৰ পাঠ্যক্ৰমো ক্ৰিয়া-প্ৰধান আৰু ইয়াৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীক নানবিধ যন্ত্ৰ, সা-সঁজুলি আদিৰে প্ৰত্যক্ষ আৰু কাৰিকৰী অভিজ্ঞতা দান কৰা। ইয়াৰ কাৰ্যকৰী বিষয়সূচীৰ ভিতৰত প্ৰায়োগিক গণিত, জ্যামিতি বিষয়ক চিত্ৰাংকণ, যন্ত্ৰ বিষয়ক বিদ্যা, বৈদ্যুতিক যন্ত্ৰবিদ্যা, কাৰখানাৰ প্ৰযুক্তিবিদ্যা আদি উল্লেখযোগ্য। এনেবোৰ বিষয় ছাত্ৰই নিজ ৰুচি আৰু যোগ্যতা অনুসৰি বাছি ল’ব পাৰে। কাৰিকৰী বিদ্যাৰ এনেবোৰ সাধাৰণ পাঠ্যক্ৰমৰ উপৰিও আঞ্চলিকভাৱে গঢ়ি উঠা নানাবিধ শিল্প-উদ্যোগ আৰু কুটিৰ শিল্পৰ প্ৰয়োজনীয় পাঠ্যক্ৰম ইয়াত অন্তৰ্ভুক্ত কৰা হয়। সমাজত প্ৰযুক্তিবিদ্যাৰ প্ৰচুৰ সম্ভাৱনীয়তা নিহিত হৈ আছে। এইসমূহ চিনাক্তকৰণ কৰি তাৰ প্ৰয়োজনীয় শিক্ষাৰ ব্যৱস্থা কৰিব পাৰিলেহে সমাজৰ পিচপৰা শ্ৰেণীৰ লোকৰ অৰ্থনৈতিক উন্নতি আৰু তেওঁলোকৰ মনোভাব আৰু দৃষ্টিভংগী আধুনিকীকৰণ কৰি তোলাটো সম্ভৱপৰ।

নবোদয় বিদ্যালয়ঃ

ভাৰত চৰকাৰে ১৯৮৬ চনত ঘোষণা কৰা নতুন শিক্ষা-নীতিৰ ফলস্বৰূপে আমাৰ দেশত নবোদয় বিদ্যালয়ৰ সৃষ্টি কৰা হয়। ই হৈছে মাধ্যমিক পৰ্যায়ৰ এক আবাসিক বিদ্যালয় আৰু ইয়াৰ শিক্ষা হৈছে বিনামূলীয়া। ইয়াৰ উদ্দেশ্য হৈছে মাধ্যমিক পৰ্যায়ত উচ্চ গুণমানৰ শিক্ষা সকলো প্ৰতিভাৱান আৰু বিশিষ্ট যোগ্যতা থকা ছাত্ৰকে প্ৰদান কৰি তোলাটো সম্ভৱ কৰি তোলা। বহুতো যোগ্যতা থকা ছাত্ৰইও গুণমান বিশিষ্ট স্কুলৰ উন্নত শিক্ষা ব্যৱস্থাৰ অভাৱত নিজ যোগ্যতা আৰু প্ৰতিভা বিকাশৰ সুবিধা নাপায়। এইবিধ স্কুল সেইসকল ছাত্ৰৰ বিশেষ শৈক্ষিক প্ৰয়োজন পূৰণৰ বাবে স্থাপন কৰা হৈছে। ঘোষিত শিক্ষা-নীতি মতে এনেবিধ স্কুল দেশৰ বিভিন্ন অঞ্চলত স্থাপন কৰা হ’ব আৰু ইয়াৰ বহল উদ্দেশ্য হ’ব সমতা আৰু সামাজিক ন্যায়ৰ ভিত্তিত চৰম উৎকৰ্ষ সাধনৰ লক্ষ্য সাধন কৰা। সমাজৰ পিচপৰা অনুসূচীত জাতি আৰু জনজাতিৰ লোকসকলে শিক্ষাৰ বিশেষ সুবিধা লাভ কৰিব পাৰিব। গাওঁ অঞ্চলৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলে এই স্কুলত একেলগে থাকি আৰু শিক্ষা লাভ কৰি নিজ সম্ভাৱনীয়তাৰ পূৰ্ণ বিকাশ কৰিব পাৰিব। ইয়াৰ যোগেদি তেওঁলোকে জাতীয় সংহতি ভাবৰো বিকাশ সাধন কৰি তুলিব পাৰিব। সমগ্ৰ দেশজুৰি স্কুলীয়া শিক্ষা উন্নত মানবিশিষ্ট কৰি তোলাৰ ক্ষেত্ৰত নবোদয় বিদ্যালয় এক গুৰুত্বপূৰ্ণ আঁচনি স্বৰূপে বিবেচিত হ’ব।

আবাসিক স্কুলঃ

আবাসিক স্কুল ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ কেতবোৰ বিশেষ প্ৰয়োজন পূৰণৰ উদ্দেশ্যে স্থাপন কৰা হয়। স্কুলৰ শিক্ষা-কৰ্তৃপক্ষই ইয়াত ছাত্ৰক আনুষ্ঠানিক শিক্ষাদানৰ উপৰিও থকা-খোৱা আৰু ৰক্ষণা-বেক্ষণৰ দায়িত্ব বহন কৰে। আবাসিক ছাত্ৰ-ছাত্ৰীসকলে স্কুলৰ বাহিৰে-ভিতৰে সকলো সময়তে শিক্ষকৰ তত্বাৱধানত আৰু অনুশাসনৰ তলত চলিব লাগে। শিক্ষকসকলৰ মাজৰ পৰা বিশেষভাৱে আবাস গৃহ পৰিচালনা কৰিবৰ বাবে এজন তত্বাৱধায়ক নিযুক্ত কৰা হয়। তেওঁক সহায় কৰিবৰ বাবে আবাসিক ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰা আবাস গৃহৰ বিভিন্ন দায়িত্ব পৰিচালনা কৰা সমিতি আদিও প্ৰস্তুত কৰা হয়। এনে সমিতিৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলক স্বায়ত্ব শাসনৰ প্ৰয়োজনীয় দায়িত্ব প্ৰদান কৰে। মুঠতে আবাসিক স্কুলে ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আৰু গৃহ পৰিৱেশৰ যুটীয়া প্ৰয়োজন পূৰণ কৰিব লাগে। আবাসিক স্কুল স্থাপনৰ গুৰিতেই কেতবোৰ ব্যক্তিগত আৰু সামাজিক প্ৰয়োজন থাকে। এইসমূহ এনেধৰণৰ-

v  চৰকাৰী আৰু বেচৰকাৰী চাকৰিয়ালসকলে প্ৰায়ে দেশৰ বিভিন্ন ঠাইত অস্থায়ীভাৱে বসবাস কৰিব লাগে। সেইবাবে তেওঁলোকৰ ল’ৰা-ছোৱালীৰ শিক্ষা আৰু লালন-পালনৰ দায়িত্ব আবাসিক স্কুল কৰ্তৃপক্ষৰ হাতত এৰি দি নিশ্চিন্ত হয়।

v  নিজ বাসস্থানৰ ওচৰে-পাজৰে উপযুক্ত আৰু গুণমান বিশিষ্ট শিক্ষানুষ্ঠানৰ ব্যৱস্থা নথকা অঞ্চলৰ লোকে আবাসিক স্কুলৰ সুবিধা গ্ৰহণ কৰিব পাৰে।

v  মাক-দেউতাক অথবা অভিভাৱক নথকা অসহায় ল’ৰা-ছোৱালীয়ে বৰ্তমান চৰকাৰী বৃত্তি গ্ৰহণ কৰি এইবিধ স্কুলৰ আশ্ৰয় গ্ৰহণ কৰিব পাৰে।

v  বৰ্তমান সামাজিক জটিলতাই পাৰিবাৰিক জীৱনলৈ কেতবোৰ অশান্তি কঢ়িয়াই আনিছে। মাক-দেউতাকৰ বিবাহ-বিচ্ছেদ, অসৎ জীৱন-যাপন আদিয়ে যাতে ল’ৰা-ছোৱালীৰ শিক্ষা জীৱনৰ ক্ষতিসাধন কৰিব নোৱাৰে তাৰ বাবে এইবিধ স্কুলৰ বিশেষ প্ৰয়োজন।

v  কোনো উচ্চাভিলাষী অভিভাৱকে ল’ৰা-ছোৱালীক সাধাৰণ শিক্ষাৰে সময় নষ্ট কৰাটো নিৰৰ্থক বুলি ভাবে। সেইবাবে পাব্লিক স্কুল, সৈনিক স্কুল আদি বিশেষ শিক্ষাদান কৰা আবাসিক স্কুলবোৰলৈ পঠোৱাটো কামনা কৰে।

আবাসিক স্কুলৰ সুস্থ-অসুস্থ প্ৰভাৱঃ

ছাত্ৰজীৱনত আবাসিক স্কুলৰ প্ৰভাৱ ব্যক্তিৰ ভৱিষ্যতৰ বাবে সুদূৰপ্ৰসাৰী হৈ উঠিব পাৰে। শিক্ষাৰ ফালৰ পৰা এনে প্ৰভাৱ আমাৰ বিশেষ বিবেচনাযোগ্য। ছাত্ৰৰ জীৱনত পৰা ইয়াৰ কেতবোৰ সুস্থ আৰু গঠনাত্মক প্ৰভাৱ তলত উল্লেখ কৰা হৈছে।

(১) সুস্থ আবাসিক স্কুলৰ অভিজ্ঞতাৰ স্মৃতি ছাত্ৰৰ ভৱিষ্যৎ জীৱনৰ বাবে অনুপ্ৰেৰণাদায়ক হৈ ৰয়। ইয়াতেই ছাত্ৰসকলৰ মনত বন্ধুত্ব, পাৰস্পৰিক বুজাপৰা আৰু সহযোগিতাৰ মনোভাব গঢ়ি উঠে।

(২) আবাসিক স্কুলে ছাত্ৰৰ মনত দলীয় ঐক্য আৰু আনুগত্যৰ ভাব শক্তিশালী কৰি তোলে। আবাস গৃহৰ সামূহিক জীৱনে ছাত্ৰৰ মনত দলীয় মন শক্তিশালী কৰি গঢ় দি তুলিব পাৰে।

(৩) আবাসিক স্কুলৰ নীতি-নিয়মে ছাত্ৰসকলক শৃংখলাবদ্ধ আৰু অনুশাসন মনা কৰি তোলে। শিক্ষা-জীৱনৰ এক দীঘলীয়া সময় তেওঁলোকে শিক্ষকৰ তত্ত্বাৱধানত কটাব লগা হোৱা বাবে সুশৃংখলতা, নিয়মানুৱৰ্তিতা আদি গুণ আয়ত্ব কৰি উঠিব পাৰে।

(৪) আবাসিক স্কুলৰ পৰিৱেশে ছাত্ৰ-শিক্ষকৰ মাজত বুজাপৰাৰ আন্তৰিকতাৰ আৰু সহযোগিতাৰ মনোভাব সহজে গঢ়ি তোলে। এনে পৰিৱেশত শিক্ষা অধিক ফলপ্ৰসূ হৈ উঠাটো কামনা কৰিব পাৰি।

(৫) ব্যক্তিগতভাৱে অন্তৰ্মুখী আৰু অসামাজিক প্ৰকৃতিৰ ছাত্ৰকো আবাসিক স্কুলৰ পৰিৱেশে সামাজিক কৰি তুলিব পাৰে। কোনো কোনো ছাত্ৰৰ কেতবোৰ কু-অভ্যাসো নিজৰ অজ্ঞাতে ইয়াত সংশোধন কৰিব পাৰি।

(৬) আবাসিক জীৱনে ছাত্ৰক সৰুৰে পৰা আত্মনিৰ্ভৰশীল হ’বলৈ শিকায়। বিশেষকৈ অৰ্থনৈতিক দিশত ছাত্ৰই সীমিত খৰচ-পাতিৰ যোগেদি চলিবলৈ আৰু মিতব্যয়িতা অৱলম্বন কৰিবলৈ শিকে।

আবাসিক স্কুলৰ এনেবোৰ সুস্থ প্ৰভাৱে ইয়াৰ কেতবোৰ অসুস্থ প্ৰভাৱ নুই কৰিব নোৱাৰে। শিক্ষাৰ ফালৰ পৰা ইয়াৰ অনিষ্টকাৰী প্ৰভাৱসমূহৰ প্ৰতি সতৰ্ক দৃষ্টি ৰখাটো বিশেষ প্ৰয়োজন। উল্লেখযোগ্য যে বৰ্তমান আবাসিক স্কুলৰ ছাত্ৰাবাসবোৰ কৰ্তৃপক্ষৰ বাবে কোনো কোনো সময়ত আইন-শৃংখলা ৰক্ষাৰ জটিল প্ৰশ্নতো পৰিণত হৈ উঠে। ইয়াত ছাত্ৰ-ছাত্ৰীৰ মনত শিক্ষা সম্বন্ধীয় অথবা সাম্প্ৰদায়িক সম্বন্ধীয় নানাবিধ সমস্যাই সহজে প্ৰতিক্ৰিয়া সৃষ্টি কৰি জটিল ৰূপ ধাৰণ কৰিব পাৰে। এই প্ৰসংগত ছাত্ৰাবাসৰ নিম্নলিখিত অসুস্থ প্ৰভাৱ কেইটা বিশেষ মন কৰিবলগীয়া।

(১) আবাসিক স্কুলে ছাত্ৰৰ ঘৰুৱা জীৱনৰ মধুৰতা আৰু মৰম-চেনেহৰ আন্তৰিকতা অস্থায়ীভাৱে হ’লেও নষ্ট কৰে। আবাসিক জীৱনে পাৰিবাৰিক জীৱনত লাভ কৰা সুখ-আনন্দৰ কেতিয়াও ক্ষতিপূৰণ কৰিব নোৱাৰে।

(২) ঘৰুৱা জীৱনৰ বিচ্ছিন্নতাই ছাত্ৰক নিজ সমাজৰ সাংস্কৃতিক আৰু সাম্প্ৰদায়িক জীৱনৰ লগতো যোগাযোগ আৰু সম্পৰ্ক নোহোৱা কৰি পেলায়। বিয়া-সবাহ, উৎসৱ-পৰ্ব আদিৰ পৰা প্ৰায়ে আঁতৰি থাকিব লগা হোৱা বাবে ছাত্ৰৰ প্ৰকৃতিত এক অসামাজিকতাৰ ভাব গঢ় লৈ উঠে।

(৩) আবাস গৃহত দীৰ্ঘদিনৰ বাবে কটোৱা গতানুগতিক পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীৰ জীৱন কৰ্কশ, বৈচিত্ৰহীন আৰু যন্ত্ৰচালিত বিধৰ কৰি তোলে। জীৱনৰ প্ৰয়োজনীয় কৰ্ম-প্ৰেৰণা আৰু উৎসাহ-উদ্দীপনা আদি ই বহু পৰিমাণে নাইকিয়া কৰি পেলায়।

(৪) আবাস গৃহৰ পৰিৱেশে ছাত্ৰ-ছাত্ৰীৰ যৌন- জীৱনতো এক অসুস্থ আৰু বিকৃত প্ৰভাৱ পেলায়। ঘৰুৱা পৰিৱেশত ভাই-ভনীৰ সংস্পৰ্শত লাভ কৰা মৰম-চেনেহ আৰু স্বাভাৱিক যৌন-জীৱনৰ পৰা বঞ্চিত হোৱা হেতুকে বিপৰীত লিংগৰ প্ৰতি অসুস্থ ভাব গঢ়ি তোলে।

(৫) সুস্থ অনুশাসনৰ অভাৱ হোৱা আবাসিক স্কুলত ছাত্ৰৰ দলীয় ঐক্য বিপথে পৰিচালিত হোৱাৰহে আশংকা থাকে। পৰিৱেশৰ অসুস্থতা আৰু কৰ্তৃপক্ষৰ উদাসীনতাৰ ফলত ছাত্ৰাবাসবোৰত সময়ে সময়ে অসামাজিক চক্ৰ গঢ় লৈ উঠে।

(৬) বৰ্তমান অৰ্থনৈতিকভাৱে অৱস্থাপন্ন অভিভাৱকসকলে নিজৰ ল’ৰা-ছোৱালীক আবাসিক স্কুলত ৰখাটো এটা ৰুচি বা ফেচনত পৰিণত হৈছে। ইয়াৰ ফলত প্ৰকৃত প্ৰয়োজন অনুভৱ কৰা অৰ্থনৈতিক নিম্নমানৰ ছাত্ৰ বঞ্চিত হৈছে।

ওপৰত কৰা আলোচনাৰ পৰা ক’ব পাৰি যে ছাত্ৰাবাস গৃহত আদৰ্শ শিক্ষা-পৰিৱেশ গঢ়ি তোলাটো যিমান প্ৰয়োজন বাস্তৱ ক্ষেত্ৰত সি কৰ্তৃপক্ষৰ বাবে সিমান সহজ নহয়। ইয়াৰ বাবে শিক্ষকৰ অনুশাসন ক্ষমতা আৰু নেতৃত্বৰ যোগ্যতাৰ উপৰিও উন্নত ছাত্ৰাবাসৰ এক সুস্থ পৰিৱেশৰ প্ৰয়োজন। স্কুলৰ সা-সুবিধাৰ উপৰিও ল’ৰা-ছোৱালীৰ আজৰি সময় গঠনমূলক ক্ৰিয়াৰ যোগেদি কটোৱাৰ প্ৰচুৰ ব্যৱস্থা থাকিব লাগে। এইক্ষেত্ৰত খেলা-ধূলা, ব্যায়াম চৰ্চা, সংগীত, নৃত্য-কলা আদিৰ চৰ্চা, দলগত সামাজিক ক্ৰিয়া আঁচনি আদি বিবিধ কাৰ্যসূচীত ছাত্ৰই অংশগ্ৰহণ কৰিব লাগে। এনেবোৰ ক্ৰিয়াৰ মূল উদ্দেশ্য হৈছে ছাত্ৰৰ ব্যক্তিত্ব গতিশীল আৰু সমাজমুখী কৰি তোলা। ইয়াৰ যোগেদি তেওঁলোকৰ ঘৰুৱা পৰিৱেশৰ লগত আবাসিক পৰিৱেশৰ সমন্বয় সাধন কৰি ক্ষতিপূৰণৰ চেষ্টা কৰিব পাৰি। উল্লেখযোগ্য যে পুৰণি ভাৰতত গুৰুকুল শিক্ষা-পদ্ধতিতো আবাসিক ছাত্ৰৰ ব্যক্তিত্ব সমাজমুখী কৰি তুলিবৰ বাবে ভিক্ষা কৰা ব্যৱস্থাৰ প্ৰচলন কৰা হৈছিল।

(উৎসঃ শিক্ষা-তত্ব অধ্যয়ন, যতীন বৰুৱা)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate