মূল পৃষ্ঠা / শিক্ষা / শিক্ষাৰ উৎকৃষ্ট অনুশীলন / শিক্ষা সমাজবিজ্ঞান, ড০ বীৰেন্দ্ৰ ডেকা / সামাজিক পৰিৱেশ আৰু ব্যক্তিত্বৰ বিকাশ-চতুৰ্থ অধ্যায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সামাজিক পৰিৱেশ আৰু ব্যক্তিত্বৰ বিকাশ-চতুৰ্থ অধ্যায়

সামাজিক পৰিৱেশ আৰু ব্যক্তিত্বৰ বিকাশৰ কথা লিখা হৈছে

 

 

পৰিৱেশ কি ?

 

পৰিৱেশ হ’ল আমাৰ চাৰিওফালে আবৃত হৈ থকা এটি অৱস্থা। পৰিৱেশে আমাক সামাজিক বিকাশৰ উপৰিও শৈক্ষিক বিকাশত বিভিন্ন ধৰণে সহায় কৰে। পৰিৱেশে আমাৰ চাৰিওফালে থকা আৱহাৱাক আঁকোৱালি লয় আৰু শিশুসকলৰ জীৱনত চাপ পেলায়। বাহিৰৰ আৱহাৱাই আনকি স্কুলৰ ভিতৰৰ পৰিৱেশকো কিছু কিছু ক্ষেত্ৰত পৰিৱৰ্তিত কৰে।

আমি সাধাৰণতে মানুহৰ বাসস্থানক কেন্দ্ৰ কৰি চাৰিওফালে থকা প্ৰকৃতিৰ অৱদানসমূহক সামৰি লৈ যি পৰিৱেশ সৃষ্টি হয় তাকেই প্ৰাকৃতিক পৰিৱেশ বুলি কওঁ। এই প্ৰাকৃতিক পৰিৱেশৰ লগত গছ-গছনি, পৰ্বত-পাহাৰ, মাটি, পানী, ঘাঁহ, বন, বায়ু, নৈ, জান, জুৰি ইত্যাদিৰ প্ৰভাৱ যথেষ্ট বেছি। পৰিৱেশ অকলে গঢ়ি নুঠে বা এবিধ সৰল বস্তু হিচাপে পৰিগণিত নহয়। ইয়াৰ প্ৰকৃত দিশটো যৌগিক হিচাপে ধৰা হয়।

মানুহ সমাজপ্ৰিয় জীৱ। সামাজিক ক্ৰমবিকাশ ঘটাৰ পিছৰেপৰা মানুহে শ্ৰেষ্ঠ জীৱ হিচাপে সমাজ পাতি বাস কৰি আছে। সেই সমাজৰ আৰম্ভণিৰপৰাই আজিলৈ মানুহে প্ৰাকৃতিক পৰিৱেশৰ লগত নিজকে খাপখুৱাই জীয়াই থাকিবলগীয়া হৈছে। বৰ্তমান সমাজত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশ বহুলভাৱে হৈছে আৰু ই এটি গুৰুত্বপূৰ্ণ দিশ আৱৰি লৈছে। এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰগতিৰ আগতে মানুহে প্ৰাকৃতিক পৰিৱেশৰ অৱস্থা অনুযায়ী তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ যেনে- খাদ্য, আৱৰণৰ সামগ্ৰী, ঘৰ-দুৱাৰ আদি সজোৱা পদ্ধতি শিকিবলগীয়া হৈছিল। পৃথিৱীৰ বিভিন্ন স্থানৰ মাটি, পানী, বায়ু অনুযায়ী গছ-গছনি, চৰাই-চিৰিকতি, জীৱ-জন্তু আদিয়ে স্থিতি লাভ কৰে। প্ৰকৃতিৰ নিয়ম অনুযায়ী সমাজপ্ৰিয় খাদ্য উত্পাদন কৰিবলগীয়া হয়। স্থান আৰু কাল ভেদে বিভিন্ন সমাজৰ খাদ্য প্ৰণালীও বেলেগ বেলেগ। যি প্ৰাকৃতিক পৰিৱেশত ধান, মাহ, সৰিয়হ আদি শস্য হয় সেই ঠাইৰ মানুহে ধান, মাহ, সৰিয়হকেই নিজৰ খাদ্য হিচাপে ব্যৱহাৰ কৰে। আনহাতে যি প্ৰাকৃতিক পৰিৱেশত এনেকুৱা ধৰণৰ খাদ্য-সামগ্ৰী উত্পাদন নহয় তেনেকুৱা ঠাইত অন্য ধৰণৰ শস্যক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়।

সমাজলৈ পৰিৱৰ্তন অহাৰ লগে লগে মানুহে সাধাৰণ পৰিৱেশকো পৰিৱৰ্তন সাধন কৰিবলৈ চেষ্টা কৰিছে। অতীতৰ পৰাই মানুহে নানা ধৰণৰ প্ৰচেষ্টাৰ মাধ্যমত প্ৰকৃতি আৰু জীৱ-জগতক নিজৰ আয়ত্বলৈ আনিব ধৰিছে। প্ৰকৃতিৰ মাজেৰে নানা ধৰণৰ সামগ্ৰীক ব্যৱহাৰ কৰি নতুন নতুন সামগ্ৰী প্ৰস্তুত কৰি লৈ নিজৰ ব্যৱহাৰত লগাইছে। আনকি মানুহে ভৌগোলিক অৱস্থাৰো পৰিৱৰ্তন সাধন কৰিছে। মানুহে নিজৰ উপযোগী স্থানৰ বাবে পৰ্বত-পাহাৰ কাটি, হাবি-বননি চাফা কৰি নৈ জান-জুৰিৰ গতি সলনি কৰাই নদ-নদীক নিজৰ আয়ত্বলৈ আনিছে। মানুহে প্ৰকৃতিৰ অদম্য শক্তিক ৰোধ কৰিব বিচাৰিলেও প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱৰপৰা সমাজক সম্পূৰ্ণভাৱে মুক্ত কৰিব পৰা নাই। বৰ্তমান সময়ত মানুহে নানা ধৰণৰ কৃত্ৰিম বস্তু উত্পাদন কৰি নিজৰ চাহিদা পূৰণ কৰিবলৈ সমৰ্থবান হৈছে। কিন্তু অতীত কালত জীৱন ধাৰণৰ বাবে মানুহে প্ৰকৃতিৰ পৰিৱেশৰ ওপৰতহে অধিক নিৰ্ভৰশীল হ’বলগীয়া হৈছিল। প্ৰকৃতিৰ নানা ধৰণৰ সামগ্ৰী যেনে- কাঠ, বাঁহ, খেৰ আদিক লৈ তেওঁলোকে ঘৰ-বাৰী সজাই এটা পৰিৱেশৰ সৃষ্টি কৰিছিল। খাদ্যৰ বাবে ধান, মাহ, সৰিয়হ, ঘেঁহু, আলু, কচু, মাছ, মাংস সকলোবোৰ প্ৰকৃতিৰ পৰা গ্ৰহণ কৰিছিল আৰু প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল হ’বলগীয়া হৈ আছিল। বৰ্তমান সমাজত মানুহে কৃত্ৰিম বস্তু উত্পাদন কৰি নিজৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰি ল’লেও প্ৰাকৃতিক অৱস্থাৰ ওপৰত নিৰ্ভৰ নকৰাকৈ আজিও মানুহে থাকিব নোৱাৰা হৈ আছে। মানুহৰ নূন্যতম প্ৰয়োজনীয়তাখিনিও প্ৰকৃতিৰ পৰাহে আয়ত্ব কৰিবলগীয়া হয়।

পৰিৱেশ এটা যৌগিক ধাৰণা বুলি ধৰা হয়। ইয়াৰ কেইবাটাও ভাগ নাইবা প্ৰকাৰ থকা বুলি জনা যায়। তাৰ ভিতৰত প্ৰধান কেইটা হ’ল- (ক) প্ৰাকৃতিক পৰিৱেশ, (খ) জৈৱিক পৰিৱেশ, (গ) সামাজিক পৰিৱেশ আৰু (ঘ) উৰ্দ্ধ সামাজিক পৰিৱেশ।

প্ৰাকৃতিক পৰিৱেশে আমাক ভৌগোলিক দিশ আৰু বতৰ সম্বন্ধে জ্ঞান দিয়ে আৰু ইয়াত ভৌগোলিক পৰিৱেশ আয়ত্ব হয়। জৈৱিক পৰিৱেশে সাধাৰণতে গছ-গছনি, পশু-পক্ষী আদিৰ লগত মানুহৰ যিটো সম্বন্ধ সেইটোক সামৰি লয়। সামাজিক পৰিৱেশ সাধাৰণতে তিনিটা ভাগত বিবক্ত। প্ৰথমটো অৰ্থনৈতিক, দ্বিতীয়টো সাংস্কৃতিক আৰু তৃতীয়টো হ’ল মনো-সামাজিক পৰিৱেশ। আকৌ উৰ্দ্ধ সামাজিক পৰিৱেশ হ’ল ভগৱান আৰু ঐশ্বৰিক শক্তিৰ বিভিন্ন দিশৰ কথা সামৰি লোৱা ভাগ। ইয়াৰে সামাজিক পৰিৱেশ আমাৰ আলোচ্য বিষয়।

সামাজিক পৰিৱেশঃ

 

সামাজিক জীৱ হিচাপে মানুহ পৰিৱেশৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। পৃথিৱীত জন্মগ্ৰহণ কৰা মুহূৰ্তৰ পৰা এটি মানৱ শিশুৱে তাৰ মাক-দেউতাক, আত্মীয়-স্বজন, ওচৰ-চুবুৰীয়া, শিক্ষক ইত্যাদিৰে পৰিপূৰ্ণ সামাজিক পৰিৱেশৰদ্বাৰা প্ৰভাৱান্বিত হয়। শিশুৱে তাৰ আচৰণ সমাজে বিচৰা ধৰণে গঢ়ি তোলে। যেতিয়া শিশুৱে সমাজৰ গ্ৰহণযোগ্য আচৰণ গঢ়ি তোলে তেতিয়া সমাজে তাক আদৰি লয় আৰু যেতিয়া অসামাজিক আচৰণ গঢ়ি লয় তেতিয়া শিশু সমাজৰ নিন্দনীয় হয়। শিশুৰ নৈতিক, সামাজিক, ধৰ্মীয় মূল্যবোধ গঢ়ি তোলাত সমাজৰ প্ৰভাৱ উল্লেখনীয়। শিশু আৰু পৰিৱেশৰ মাজত হোৱা পাৰস্পৰিক ভুল প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। এটা বিশেষ ধৰণৰ পৰিৱেশে এজন মানৱ শিশুৰ এক বিশেষ ধৰণৰ বিপথগামী আচৰণ গঢ়ি তোলে, আনহাতে সেই একেই পৰিৱেশে অন্য এটা শিশুৰ ক্ষেত্ৰত স্বাভাৱিক অৱস্থা আনিব পাৰে।

সামাজিক পৰিৱেশ হ’ল আমাৰ চাৰিওফালে যিবিলাক মানুহ থাকে সেই মানুহ তথা ব্যক্তিসকলৰ ব্যক্তিগত তথা সামূহিক আচাৰ-ব্যৱহাৰ, কাৰ্যকলাপ, ৰীতি-নীতি ইত্যাদি। ব্যক্তিসকলে দৈনন্দিন জীৱনত যিবোৰ কাৰ্যকলাপ কৰি থাকে, যিবোৰ ৰীতি-নীতি প্ৰচলন কৰে আৰু যিবোৰ মূল্যবোধ লৈ জীয়াই থাকে সেই সকলোবোৰৰ পৰা যি পৰিস্থিতি বা সামাজিক অৱস্থা উদ্ভৱ হয় তাকেই সামাজিক পৰিৱেশ বুলি কোৱা হয়। সামাজিক পৰিৱেশৰ অংগ হিচাপে অৰ্থনৈতিক পৰিৱেশে সাধাৰণতে আৰ্থিক বস্তুসমূহ, ঘৰ-বাৰী, ৰাস্তা-ঘাট উত্পাদিত সামগ্ৰীসমূহ, ভূমি আৰু বাগিছাসমূহ, ঘৰচীয়া জন্তুবোৰ, উদ্যোগিক আহিলাসমূহ আৰু মানুহৰ লাহ-বিলাসৰ কাৰণে ব্যৱহাৰ হোৱা সামগ্ৰীসমূহৰ লগত থকা পৰিৱেশ সামৰি লয়। মানুহৰ দৈনন্দিন জীৱনত লাগতিয়াল বস্তুবিলাক মানুহে নিজৰ উপভোগৰ বাবে প্ৰস্তুত কৰি লয় আৰু তেওঁলোকৰ আৱশ্যকতাসমূহ পৰিপূৰ্ণ কৰে। বিনিময়, বিতৰণ আৰু সম্পত্তিৰ ব্যৱহাৰ হোৱাই এই দিশটোৰ প্ৰধান লক্ষ্য। অৰ্থনৈতিক দিশটোৰ সামাজিক বিৱৰণ প্ৰতিষ্ঠা হয় শ্ৰমৰ বিভাজনৰ ওপৰত আৰু সেইটো এটা মুখ্য কৰ্ম হিচাপে দল আৰু অঞ্চলসমূহত ধৰা হয়। এইটো দিশ অকল ব্যক্তিজনৰ ক্ষেত্ৰতেই নহয় সংঘবদ্ধতাৰ ওপৰতো প্ৰভাৱান্বিত হয়। অৰ্থনৈতিক পৰিৱেশে সামাজিক জীৱন আৰু চৰিত্ৰক নিশ্চিত কৰে। সমাজৰ জীৱন আৰু চৰিত্ৰ অৰ্থনৈতিক পৰিৱেশৰ লগত সদায় জড়িত। এই ক্ষেত্ৰৰ সম্বন্ধতো শিল্প বিপ্লৱৰ সময়ত পোনপটীয়াভাৱে প্ৰমাণিত হৈছিল। যিটোৰ পৰা আইন আৰু চৰকাৰৰ ওপৰত প্ৰভাৱ পৰিছিল। এই শ্ৰেণী বিভাজন, জনসংখ্যাৰ বিতৰণ, নিয়ম আৰু অনুষ্ঠানসমূহৰ লগতে চিন্তা আৰু বিশ্বাসৰ দিশটো সোমাই পৰিছিল। বিখ্যাত মনিষী কাৰ্লমাৰ্ক্সে কৈছিল যে সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত অৰ্থনৈতিক পৰিৱেশে প্ৰভাৱান্বিত কৰে। ইয়াৰ বিশদ বিৱৰণ তেওঁৰ অমূল্য গ্ৰন্থ ‘ডাচ-কেপিটেল’ত প্ৰকাশ কৰিছে। ডাচ কেপিটেলত থকা মতে মালিকৰ উত্পাদন ক্ষমতাৰ অৱস্থাসমূহৰ ক্ষেত্ৰত পৰা প্ৰভাৱেই সামাজিক গঠনতো প্ৰভাৱ পেলায়। তেওঁৰ ভাষাত বৃহত্ সংগঠনসমূহ যেনে ৰাষ্ট্ৰ, পৰিয়াল, গীৰ্জা, তাৰ উপৰি মানৱীয় সংস্কৃতিৰ বিভিন্ন দিশসমূহ সাহিত্য, কলা-বিজ্ঞান আদিয়ে অৰ্থক ভিত্তি কৰিহে তেওঁলোকৰ চৰিত্ৰ আৰু ধৰণৰ পৰিৱৰ্তন কৰে। এই ক্ষেত্ৰত মাৰ্ক্সবাদী চিন্তাধাৰাই বস্তুবাদৰ বিভিন্ন বৰ্ণনা ঐতিহাসিক দিশত বিশ্লেষণ কৰি দেখুৱাইছে আৰু সমাজৰ আকৃতি গঠনৰ ক্ষেত্ৰত অৰ্থনৈতিক পৰিৱেশে লোৱা ভূমিকাৰ কথা উল্লেখ কৰিছে।

সাংস্কৃতিক পৰিৱেশে ৰীতি-নীতি, পৰম্পৰা, আইন, জ্ঞান, ধাৰণা, চিন্তা আৰু বিশ্বাস সম্বন্ধীয় ধাৰণা সামৰি লৈছিল। সামাজিক জীৱনৰ বৈশিষ্ট্যবোৰ যেনে যৌন সম্পৰ্ক স্থাপন, মালিকানা, বন্ধুত্ব, সেৱাৰ বিনিময় আৰু বস্তুসমূহৰ বিভাগৰ ক্ষেত্ৰত লোৱা বিভিন্ন পৰম্পৰা হিচাপে ধৰা হয়। এই পৰম্পৰাসমূহে দলসমূহৰ নিজস্ব সংস্কৃতিৰ প্ৰকাশ কৰে। ঠিক তেনেদৰেই ৰীতি-নীতিসমূহে সদস্যসকলৰ আচৰণক গ্ৰহণযোগ্য পন্থা বুলি ধৰাটো বিচাৰে। আকৌ তাত কিছুমান অনুষ্ঠান বা উত্সৱ আছে যিবিলাকে ধৰ্মীয় ধাৰণা প্ৰকাশ কৰে, আনহাতে কিছুমান আইন আছে, যিবিলাক নিৰ্দিষ্ট একোটা প্ৰশাসনীয় গোটে প্ৰশাসনৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে।

অৰ্থনৈতিক পৰিৱেশ, সাংস্কৃতিক পৰিৱেশৰ লগতে আন এবিধ পৰিৱশ আছে, সেইবিধ হ’ল মনোসামাজিক পৰিৱেশ। এইবিধ পৰিৱেশ আন দুবিধ পৰিৱেশতকৈ বেছি গুৰুত্বপূৰ্ণ। কিছুমান চিন্তাবিদে ক’ব বিচাৰে যে এই ধাৰণাই মানৱ জীৱনক সম্পূৰ্ণভাৱে বৰ্ণনা কৰাত সহায় কৰে।

সামাজিক পৰিৱেশৰ স্থান ভেদে বিভিন্নতা দেখা যায়। নগৰ বা চহৰত ওচৰ চুবুৰীয়াবোৰেই সামাজিক পৰিৱেশৰ সৃষ্টি কৰে। কাৰণ একোটা চুবুৰীত যিসকল লোক বাস কৰে তেওঁলোকৰ নিজৰ নিজৰ ভাৱধাৰা, আচৰণ, সংস্কৃতি, আচাৰ-ব্যৱহাৰ, দৈনন্দিন কাম-কাজত প্ৰকাশিত হয়। সেয়ে চুবুৰী ভেদে সংস্কৃতিৰ বিভিন্নতা দেখা যায়। এই সুকীয়া সংস্কৃতিবোৰক এখন নগৰ বা অঞ্চলৰ উপ সংস্কৃতি বোলা হয়। কাৰণ চহৰ বা নগৰৰ মূল সংস্কৃতিৰ পটভূমিতেই এই চুবুৰীয়া সংস্কৃতিবোৰ গঢ় লৈ উঠে। সামাজিক পৰিৱেশৰ মূল অৰ্থ এই চুবুৰীৰ সংস্কৃতিতেই সীমাৱদ্ধ হৈ নাথাকে। সমগ্ৰ ভাৰতবৰ্ষৰ সামাজিক পৰিৱেশক অকল এখন চহৰৰ সামাজিক পৰিৱেশেই আঁকোৱালি ল’ব নোৱাৰে।

সমাজখন সাধাৰণতে দুটা ভাগত বিভক্ত হৈ গৈছে। এটা হ’ল ‘গ্ৰাম্য সমাজ’ আৰু আনটো হ’ল ‘চহৰীয়া সমাজ’। গ্ৰাম্য সমাজত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ অলপ বিস্তৃত। নগৰীয়া পৰিৱেশ মানুহে সৃষ্টি কৰে। কিন্তু গ্ৰাম্য সমাজ অকল মানুহে সৃষ্টি নকৰে, ইয়াত প্ৰাকৃতিক ধাৰণাও জৰিত হৈ থাকে। গ্ৰাম্য সমাজৰ মাটি, পানী, গছ-গছনি, হাবি-বন আৰু জলবায়ু সকলো প্ৰকৃতিৰ অৱদান। মানুহে তেওঁলোকৰ নিজৰ প্ৰয়োজনীয় আচবাব, ঘৰ-দুৱাৰ সকলোখিনি সজায় লৈছে প্ৰাকৃতিক পৰিৱেশৰ মাজত। ঘৰ-দুৱাৰ সজোৱাৰ সামগ্ৰীসমূহো প্ৰাকৃতিক সম্পদৰ পৰাই সংগ্ৰহ কৰি লৈহে সজায়। গ্ৰাম্যাঞ্চলত ঘৰ সজোৱাৰ সামগ্ৰীসমূহ সম্পূৰ্ণভাৱে প্ৰাকৃতিক। এই সামগ্ৰীসমূহ গ্ৰাম্যাঞ্চলত স্বাভাৱিকভাৱে উত্পন্ন হয়। ইয়াৰ জলবায়ুত ধান, মাহ, সৰিয়হ, মৰাপাট, কপাহ, আলু আদি খেতি হয়। সেয়াহে গ্ৰাম্যাঞ্চলৰ মানুহে খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰে। গ্ৰাম্যাঞ্চলৰ আৰ্থিক উত্পাদনৰ ক্ষেত্ৰত জীৱ-জন্তুৰ অৱদানো গুৰুত্বপূৰ্ণ। এই জীৱ-জন্তুবোৰে প্ৰকৃতিৰ বুকুতেই উত্পন্ন হোৱা ঘাঁহ, বন আদি খাই জীয়াই থাকে। আনকি মানুহৰ খাদ্য সামগ্ৰীসমূহ প্ৰকৃতিৰ পৰাই উত্পন্ন হয়। সকলোবিলাক বিশ্লেষণ কৰি চালে দেখা যায় গ্ৰাম্যাঞ্চলৰ মানুহে জীৱন নিৰ্বাহ কৰে প্ৰকৃতিৰ ওপৰত। পৰিৱেশৰ পটভূমিত নিজৰ সকলো আৰ্থ-সামাজিক পদ্ধতি আৰু সংস্কৃতি গঢ়ি তুলিবলগীয়া হয়। প্ৰাকৃতিক অৱস্থাৰ লগত খাপ খুৱাই মানুহে যিবোৰ আৰ্থ-সামাজিক কাম-কাজ কৰিবলগীয়া হয় সেই সকলোবোৰক কেন্দ্ৰ কৰিয়েই সামাজিক ৰীতি-নীতি, পৰম্পৰা, আচাৰ-ব্যৱহাৰ, মূল্যবোধ আদি গঢ়ি তুলিবলগীয়া হয়। গ্ৰাম্য জীৱনৰ সকলো দিশ প্ৰাকৃতিক পৰিৱেশক কেন্দ্ৰ কৰিয়েই পালন কৰা হয়। গ্ৰাম্য জীৱনৰ সকলো দিশ প্ৰাকৃতিক সময়, স্থান, কাল, আদিক উপলক্ষ্য কৰি পালন কৰিবলৈ মানুহে চেষ্টা কৰে। দেৱ-দেৱীৰ পূজা-পাৰ্বন আৰু ধৰ্মৰ প্ৰতি বিশ্বাস গ্ৰাম্য সমাজৰ মানুহৰ বেছি। এইটো চহৰীয়া সমাজত কম দেখা যায়। চহৰত বাস কৰা মানুহে নিজৰ অন্ন-বস্ত্ৰ, সাজ-সজ্জা, লাহ-বিলাহৰ ওপৰত ভিত্তি কৰিয়েই ধৰ্মৰ ধাৰণাটো আঁতৰাই ৰাখে। সকলো নগৰীয়া সমাজত এই ধাৰণাটো থকা দেখা নাযায়। কাৰণ বেছিভাগ নগৰীয়া সমাজত গ্ৰাম্যাঞ্চলৰ প্ৰভাৱ আজিও পৰিলক্ষিত হৈয়ে আছে। কিন্তু পশ্চিমীয়া দেশবোৰৰ নগৰীয়া সভ্যতাত গ্ৰাম্য প্ৰভাৱ পৰিলক্ষিত নহয়। সেই সমাজত ধৰ্মক এটা সুকীয়া পদ্ধতি হিচাপে ধৰা হয়।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আধুনিক সমাজক দিনক দিনক জটিল অৱস্থালৈ আগুৱাই লৈ গৈ আছে। শিক্ষা, বিজ্ঞান আৰু আধুনিক প্ৰযুক্তিবিদ্যাই নগৰীয়া সমাজক এক আৰ্থিক পদ্ধতিত উপনীত কৰাইছে। ইয়াৰ ফলতে মানৱ সমাজ বিভক্ত হৈছে বিভিন্ন শ্ৰেণীত। চহৰীয়া সামাজিক জীৱনত স্তৰীকৰণ ব্যৱস্থা অতি প্ৰকট। বিভিন্ন ধৰণৰ মানদণ্ডক ভিত্তি কৰিয়েই চহৰীয়া সমাজত সৃষ্টি হৈছে উচ্চ শ্ৰেণী, উচ্চ মধ্যবিত্ত শ্ৰেণী, মধ্যবিত্ত শ্ৰেণী, নিম্ন মধ্যবিত্ত শ্ৰেণী, নিম্ন শ্ৰেণী। এই শ্ৰেণীসমূহৰ প্ৰত্যেকটোৰ মাজতে মানদণ্ডৰ প্ৰতিযোগিতা দেখা যায়। প্ৰতিযোগিতাৰ ফলত মানুহে শ্ৰেণীৰ স্থান উন্নত কৰিব পৰাৰ কথা চিন্তা কৰি নিজৰ অস্তিত্বক পাহৰিবলগীয়া হৈ পৰে। এনে ভাৱধাৰাতে চহৰ আৰু নগৰৰ সামাজিক পৰিৱেশৰ দিশ সলনি হৈ পৰে।

সভ্যতা আৰু সংস্কৃতিকো পৰিৱেশে প্ৰভাৱান্বিত কৰে। এখন ঠাইৰ ভৌগোলিক প্ৰভাৱবোৰে সেই ঠাইৰ সভ্যতা আৰু সংস্কৃতিত চাপ পেলায়। উদাহৰণস্বৰূপে গঙ্গা, নীল, হোৱাংহো নদীয়ে পূৰ্বৰ সভ্যতাক ধ্বংস কৰিছিল। যদি ইউৰোপত দানীয়ুব আৰু ৰাইন নদী নাথাকিলেহেঁতেন তেনেহ’লে ইউৰোপৰ সভ্যতাৰো পৰিৱৰ্তন নহ’লহেঁতেন। সেইদৰে সংস্কৃতিতো পৰিৱেশে প্ৰভাৱ পেলায়। প্ৰাকৃতিক পৰিৱেশ আমাৰ কলা, সাহিত্য, বিবাহ আৰু চৰকাৰ গঠনকো প্ৰভাৱান্বিত কৰে।

সামাজিক পৰিৱেশৰ ধাৰণা স্থান ভেদে বেলেগ বেলেগ বুলি আগতে কোৱা হৈছে। মানৱ সমাজ বিস্তৃত হৈ আছে সমতলত, পাহাৰীয়া অঞ্চলত আৰু মৰুভূমিত। সমতলৰ সামাজিক পৰিৱেশৰ ধাৰণা পাহাৰীয়া অঞ্চলৰ লগত নিমিলে। সমতল অঞ্চলত জনসংখ্যা খুব বেছি আৰু পাহাৰীয়া আৰু মৰুভূমি অঞ্চলতকৈ মানুহ ইয়াত বেছিকৈ বাস কৰে। সমতল অঞ্চলত চহৰ আৰু নগৰ বেছিকৈ গঢ় লৈ উঠিছে, মানুহৰ বসতিও বৰ ঘন। সমতলৰ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উচ্চ পৰ্যায়ৰ। সভ্যতা আৰু সংস্কৃতিৰ বিকাশৰ লগে লগে কলা, সাহিত্য আৰু সংগীতৰো বিকাশ লাভ হয়। সমতলত শিক্ষাৰ বিকাশ সহজে হয়। সামাজিক সংগঠন কটকটীয়া হৈ পৰে। দলবদ্ধ সমন্বয়ৰ সূত্ৰপাত সামাজিক জীৱনত সম্ভৱপৰ হয়। সহজ যোগাযোগৰ ব্যৱস্থা আৰু যান-বাহনৰ সুচলতা থকা হেতুকে ৰাজনৈতিক কৰ্ম সম্পাদনো সহজে হৈ উঠে। প্ৰশাসনীয় কৰ্মসমূহ সুচাৰুৰূপে পৰিচালিত হয়। সামাজিক একতাবোধৰ উন্নতিও ইয়াতে সহজে হয়। পাহাৰীয়া অঞ্চলত শিক্ষাৰ প্ৰসাৰতা কম সেয়েহে মানুহবিলাক ৰক্ষণশীল। জনসংখ্যাৰ গাঁঠনি য’তে ত’তে বাবেই তেওঁলোকে এখনি সু-সংগঠিত সমাজ গঢ়াত বাধাপ্ৰাপ্ত হৈছে। জীৱন নিৰ্বাহৰ বাবেই বেছি সময় কৰ্ম ব্যৱস্থাৰ লগত জৰিত হৈ থাকিব লাগে। সেয়েহে তেওঁলোকে কলা-সাহিত্য বিকাশৰ বাবে আহৰি সময় নেপায়। মানুহবিলাকে আধুনিক যন্ত্ৰ-পাতিৰ ব্যৱহাৰৰ বাবে কোনো ধৰণৰ সুবিধা নাপায়, সেয়েহে সামাজিক জীৱনৰ উন্নতি হোৱা নাই। মৰুভূমিত বাস কৰা লোকসকলৰ সামাজিক জীৱন সু-সংগঠিত নহয়। কাৰণ তেওঁলোকে য’তে ত’তে বাস কৰে আৰু দাৰিদ্ৰতাৰ লগত যুঁজ দিওতে বেছি সময় অতিবাহিত হয়। কাৰাভানবোৰেই তেওঁলোকৰ মূল সামাজিক গোট আৰু তেওঁলোকৰ মাজত আচৰণৰ ব্যৱধান নোহোৱা হয়। মৰুভূমিত সু-শিক্ষা দিয়াৰ কোনো ব্যৱস্থা নাই বাবে সমাজ বিকাশ কৰাৰ কোনো ব্যৱস্থা নাই।

ব্যক্তিত্বৰ বিকাশঃ

 

সামাজিক পৰিৱেশত ব্যক্তিত্বৰ বিকাশৰ কথা আলোচনা কৰিবলৈ যাওতে প্ৰথমতে ব্যক্তিত্বনো কি তাৰ বিষয়ে জনাটো প্ৰয়োজন হ’ব। ব্যক্তিত্বৰ কোনো ধৰণৰ নিৰ্দিষ্ট সংজ্ঞা নাই বুলি মনোবিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে। সামাজিক পৰিৱেশত ব্যক্তিসকলৰ কোনো ধৰণৰ আকৰ্ষণীয় গুণৰ প্ৰকাশ হ’লেই সেই গুণৰ অধিকাৰী ব্যক্তিজনক ব্যক্তিত্বপূৰ্ণ ব্যক্তি বুলি কোৱা হয়। মানুহ জন্মলাভ কৰাৰ লগে লগে ব্যক্তিত্বৰ অধিকাৰী হৈ আহে বুলি সৰ্বসাধাৰণ সমাজত প্ৰচলিত হৈ থাকে। সৎ গুণৰ অধিকাৰীক সু-ব্যক্তিত্বৰ অধিকাৰী আৰু অসৎ গুণৰ অধিকাৰী ব্যক্তিক কু-ব্যক্তিত্বৰ অধিকাৰী বুলি কোৱা দেখা যায়। ব্যক্তিৰ চিন্তাপ্ৰৱণতা, গুণ, আগ্ৰহ আৰু জীৱন দৰ্শনৰ যৌগিক সংমিশ্ৰণকে প্ৰকৃততে ব্যক্তিত্ব বুলি কোৱা হয়। সামাজিক জীৱনত সকলো ব্যক্তিয়ে ব্যক্তিত্বৰ অধিকাৰী কিন্তু সেই ব্যক্তিত্বৰ বিভিন্নতা নাই বুলি নুই কৰিব নোৱাৰি। ব্যক্তিত্বৰ বিষয়ে অধ্যয়ন কৰি মনোবিজ্ঞানীসকলে নানা ধৰণৰ মত পোষণ কৰিছে। ব্যক্তিৰ পৰিৱেশৰ লগত বিশেষ ধৰণৰ সংগতিপূৰ্ণ উপযোজন স্থাপন হয়। ব্যক্তিসত্বাই পৰিৱেশৰ লগত সংগতিপূৰ্ণ বিধানত সহায় কৰে। আমি এইক্ষেত্ৰত ‘Allport’ নামৰ মনোবৈজ্ঞানিকজনৰ এষাৰ মন্তব্য উল্লেখ কৰিব পাৰো। সেয়া হৈছে- “Personality is the dynamic organisation within the individual of those psycho-physical systems that determine his unique adjustment to his environment.”

আনহাতে ‘মৰ্টন প্ৰিণ্স’ নামৰ মনোবৈজ্ঞানিকজনে কৈছে যে, “Personality is the sumyotal of all the biological innate dispositions, impulse, tendencies appetites and instincts of individual and the acquired disposition and tendencies.”

সেইদৰে ‘বৰিং’ নামৰ মনোবৈজ্ঞানিকজনৰ মতে, “Personality is an individual’s typical or consistent adjustment to his environment.” পৰিৱেশৰ লগত সংগতি স্থাপন কৰি বিকাশ লাভ কৰাকে ব্যক্তিত্ব বুলি কোৱা হয়। মানুহবিলাক কিছুমান বিশেষ গুণৰ অধিকাৰী। সেই গুণ তথা লক্ষণসমূহকে ব্যক্তিত্ব বুলি কোৱা হয়।

ব্যক্তিত্ব হ’ল এটা যৌগিক ধাৰণা। প্ৰত্যেক ব্যক্তিয়ে যেতিয়া জন্মলাভ কৰে তেতিয়া তেওঁৰ ভিতৰত অন্তৰ্নিহিত সম্ভাৱনা বা শক্তি-সামৰ্থ সন্নিৱিষ্ট হৈ থাকে। সামাজিক পৰিৱেশৰ মাজেদিয়েই ব্যক্তিয়ে নিজস্ব ব্যক্তিত্বক প্ৰকাশিত কৰে। সামাজিক পৰিৱেশতেই সমাজৰ আচৰণ, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আৰু ভাৱাদৰ্শই ব্যক্তিসকলক বিকাশ লাভ কৰাত সহায় কৰে। পৰিৱেশৰ লগত সংগতি বিধান কৰি আত্মচেতনা আৰু আত্মনিয়ন্ত্ৰণৰ ক্ষমতা লাভ কৰাকেই ব্যক্তিত্বৰ মূল ভেটি বুলি কোৱা হৈছে। ব্যক্তিত্বৰ সম্পূৰ্ণভাৱে বিকাশ লাভ হয় সামাজিক পৰিৱেশত। মানুহে জন্মলাভ কৰোতে দেহ আৰু মনৰ বাহিৰে বাহ্যিক গুণ একোৱেই লগত লৈ নাহে। সামাজিকৰণ প্ৰক্ৰিয়াৰ মাধ্যমতহে ক্ৰমাৎ মানুহ হিচাপে নিজকে পৰিগণিত কৰে। সামাজিক প্ৰক্ৰিয়াৰ মাধ্যমত ডাঙৰ-দীঘল হোৱাৰ লগে লগে ভাষা, ধৰ্ম, ৰীতি-নীতি আৰু সংস্কৃতি আদি দিশবোৰ আহৰণ কৰিবলৈ ধৰে। এই সকলোবোৰ আহৰণ কৰিহে মানুহে মানুহ হিচাপে সমাজত প্ৰকাশ লাভ কৰে। মানুহক সামাজিক ধাৰণা লাগে কিন্তু মানুহ সম্পূৰ্ণভাৱে সমাজৰ বশৱৰ্তী নহয়। সকলো ব্যক্তিয়েই সামাজিক ধাৰণাৰ দ্বাৰা উদ্বুদ্ধ নহয়। সমাজে বিচাৰিলেও সমাজৰ মতে তেওঁলোকে গঢ় নলয়। যদি সেই ধাৰণাটোৰে সকলোৱে একেলগে বিকাশ লাভ কৰিলেহেঁতেন তেতিয়াহ’লে মানুহৰ স্বভাৱ, চৰিত্ৰ, ব্যক্তিত্ব সকলো একে হ’লহেঁতেন।

ব্যক্তিৰ বিকাশত পৰিৱেশ, সভ্যতা আৰু সংস্কৃতিয়ে বিশেষ ধৰণৰ ভূমিকা গ্ৰহণ কৰে। পৰিয়ালসমূহৰ মাধ্যমত ব্যক্তিয়ে সমাজত শিক্ষা আৰু সংস্কৃতিৰ সম্যক জ্ঞান লাভ কৰে। প্ৰত্যেক ব্যক্তিয়ে সৰুৰেপৰা একেটা সংস্কৃতিৰ উপাদানখিনিয়ে শিকি আছে যদিও ব্যক্তিসকলৰ নিজস্ব সত্বা আছে। এই নিজস্ব সত্বাৰ মাধ্যমেদি ব্যক্তিয়ে সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। মানুহৰ ব্যক্তিত্বই কি ধৰণে বিকাশ লাভ কৰে তাৰ বিষয়ে ‘Cooley’ নামৰ সমাজবিদজনে কেইটামান ধাৰণা প্ৰকাশ কৰিছিল। ধাৰণাকেইটা তলত দিয়া ধৰণৰ-

v  মানৱ আচৰণৰ (আমাৰ) বিষয়ে আন মানুহৰ চকুত কি ধৰণে ধৰা দিয়ে।

v  মানৱ আচৰণৰ (আমাৰ) বিষয়ে আন মানুহে কি ধৰণে বিশ্লেষণ কৰি ধাৰণা কৰে।

v  আনৰ ধাৰণা অথবা বিশ্লেষণবোৰ আমি কি ধৰণেৰে লওঁ।

আচৰণৰ সংশোধনক সাধাৰণতে আমি শিক্ষা বুলি কওঁ। সেই আচৰণেই মানুহৰ ব্যক্তিত্বক সমাজত বা আনৰ ওচৰত প্ৰতিফলিত কৰে। ওপৰত উল্লেখ কৰা ধাৰণাটোক কেন্দ্ৰ কৰিয়েই ব্যক্তিত্বৰ বিকাশ সাধন হয়। কৰ্মৰ প্ৰতি মানুহৰ বিভিন্ন ধৰণে প্ৰৱণতা থাকে। আমি যেতিয়া সেই কৰ্ম সম্পাদন কৰিবলৈ যাওঁ তেতিয়া আমি নিজেই চিন্তা কৰো যে আমি যিখিনি কাম কৰিম বা কৰিছো সেই ক্ষেত্ৰত আনে কি ভাৱে। যদি আমি দেখো যে আনে সেই কামটো সহজভাৱে ল’ব পৰা নাই নাইবা ভালপোৱা নাই তেতিয়াহ’লে আমি সেই কাম ত্যাগ কৰো। কাৰোবাৰ পৰা যদি উৎসাহ-উদ্দীপনা পাওঁ তেতিয়াহ’লে আমি সেই কাম দুগুণ উৎসাহেৰে কৰিবলৈ উদ্যত হওঁ। শিশুসকলৰ ক্ষেত্ৰচো এনেভাৱৰ উদয় হয়। আনৰ ধাৰণা, ভাৱাদৰ্শ আদিলৈ লক্ষ্য ৰাখি আমি ব্যক্তিত্বক কিছু পৰিমাণে সজাগ কৰি তোলো।

ব্যক্তিত্ব বিকাশৰ এখনি মূল ক্ষেত্ৰ হ’ল পৰিয়াল। পৰিয়ালৰ মাধ্যমেৰে শিশু ডাঙৰ-দীঘল হয়। পৰিয়ালৰ সদস্যসকলৰ আচৰণ, দৃষ্টিভংগী সকলোবোৰ শিশুৰ চৰিত্ৰত প্ৰতিফলিত হয়। পৰিয়ালৰ সহায়তেই শিশুৱে প্ৰথমতে সামাজিক পৰিৱেশৰ সন্মুখীন হয়। জন্মলাভৰ পিছৰ পৰা পৰিয়ালৰ সদস্য তথা অভিভাৱকসকলৰ তত্বাৱধানত থাকি পৰিপুষ্ট হয়। শিশুৰ সামগ্ৰীক বিকাশৰ বাবে তেওঁলোকে আনৰ সহায় লয়। সামাজিক পৰিৱেশত জীয়াই থকাৰ বাবে শিশুৱে পৰিয়ালৰ যিকোনো পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লয়। পৰিয়ালৰ পৰিৱেশত থকা সদস্য আৰু অৱস্থাসমূহৰ লগত সম্বন্ধ স্থাপন কৰি নানা ধৰণে আচৰণ শিকিবলৈ চেষ্টা কৰে। পৰিয়ালে শিশুৰ বিকাশত কেইবাধৰণে সহায় কৰে। মৰম-চেনেহৰ মাধ্যমেৰে শিশুৰ অসহায় অৱস্থা দূৰ কৰে, অভাৱ-অনাটন আদিৰ সন্মুখীন হোৱাৰ পৰা বিৰত ৰাখে, শিক্ষাৰ দ্বাৰা জ্ঞান বৃদ্ধি তথা শক্তি আহৰণত সহায় কৰে, সামাজিক প্ৰক্ৰিয়াৰ দিশত সুমুৱাই লৈ সামাজিকৰণ কৰে, খেল-ধেমালীৰ মাধ্যমত শাৰীৰিক বিকাশ ঘটায়। শিশুৰ সৰ্বাঙ্গীন বিকাশত পৰিয়ালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। পৰিয়ালেই শিশুৰ শাৰীৰিক সুস্থতা বজাই ৰাখি শাৰীৰিক, সামাজিক আৰু মানসিক আচৰণ গঢ়ি তুলিব পাৰে। পৰিয়ালৰ মাজেদিয়েই শিশুৰ নৈতিক শিক্ষা, ধৰ্মশিক্ষা, অনুশাসনৰ শিক্ষা, আদৰ্শবোধৰ শিক্ষা, দৃষ্টিভংগী আৰু অভ্যাস গঠনৰ শিক্ষা লাভ কৰি নিজৰ ব্যক্তিত্ব বিকাশত আগবাঢ়ি যায়। এইক্ষেত্ৰত সকলোবোৰ পৰিয়ালৰ পৰিৱেশ স্বাস্থ্যকৰ নহয়, তথাপি অস্বাস্থ্যকৰ হ’লেও সেই দিশতেই শিশুৰ ব্যক্তিত্ব বিকাশ হয়। সুশৃংখল পৰিয়ালত মাক-বাপেক, অভিভাৱকৰ আচৰণ লক্ষ্য কৰিয়েই শিশুৱে অভ্যাস, মনোভাৱ, মূল্যবোধৰ জ্ঞান লাভ কৰে। পৰিয়ালৰ সদস্যসকলে সদায় সজাগ তথা উদ্দেশ্যপূৰ্ণ পৰিৱেশ গঢ়ি তুলিলে শিশুৰ ব্যক্তিত্ব বিকাশত সহায়ক হ’ব।

পৰিয়ালৰ পিছতে ব্যক্তিত্ব বিকাশত বিদ্যালয়সমূহে নানা ধৰণৰ ভূমিকা গ্ৰহণ কৰে। শিক্ষাৰ্থীৰ সুস্থ ব্যক্তিত্বৰ বিকাশ সাধন হয় বিদ্যালয়ত। আধুনিক শিক্ষাবিদসকলে সামাজিক পৰিৱেশত শিশুৰ শাৰীৰিক, মানসিক, সামাজিক আৰু আনুভূতিক দিশসমূহৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। শিশুৰ বুদ্ধি, আগ্ৰহ আৰু মনোবৃত্তি অনুযায়ী অভিজ্ঞতা সঞ্চয়ৰ বাবে অৱস্থাৰ সৃষ্টি কৰাত আধুনিক বিদ্যালয়ে অধিক দায়িত্ব বহন কৰি আহিছে। সেয়েহে আধুনিক বিদ্যালয়ৰ শিক্ষা হ’ল শিশুকেন্দ্ৰীক আৰু এই শিক্ষাৰ উদ্দেশ্য হৈছে ব্যক্তিত্বৰ বিকাশৰ বাবে শিশুৰ বিভিন্ন দিশৰ উন্নতি সাধন কৰা। এই বিদ্যালয়সমূহতেই শিশুৱে নিজস্ব সৃজনী শক্তিৰ বিকাশ কৰোৱায়। সুন্দৰভাৱে মাটি পুতি ভেটি স্থাপন কৰিলেহে ঘৰ-দুৱাৰ সাজিব পাৰি আৰু সেইদৰে সাংস্কৃতিক উত্তৰাধিকাৰ আয়ত্ব কৰিলেহে মানুহৰ সৃজনী শক্তিৰ বিকাশ সম্ভৱ হয়। শিশুকালৰ পৰা বিদ্যালয়ৰ সৃজনীশীল প্ৰতিভা বিকাশত প্ৰাধান্য দিলেহে ডাঙৰ হোৱাৰ পিছতো সেইজন শিশুৱেই নতুন নতুন তথ্য আৱিষ্কাৰ কৰাত উৎসাহ-উদ্দীপনা পাব। বিদ্যালয়খনেই হ’ল এটা বিশেষ ধৰণৰ পৰিৱেশ ইয়াৰ সহায়ত শিক্ষাৰ্থীৰ সুপ্ত সম্ভাৱনা, বুদ্ধি, আগ্ৰহ আৰু শক্তিৰ বিকাশ সাধনৰ ব্যৱস্থা কৰিব পাৰি। ইয়াৰ বাবে প্ৰয়োজন হ’ল উপযুক্ত পৰিৱেশৰ। এই পৰিৱেশ সৃষ্টি কৰাত শিক্ষক-শিক্ষাৰ্থী উভয়েই আগভাগ ল’ব লাগিব। শিশুৰ ক্ৰমবৰ্ধমান শক্তিসমূহক উপযুক্তভাৱে বিকাশৰ সুবিধা দি তেওঁক এটি পূৰ্ণাংগ মানুহ হিচাপে বিকশিত কৰাৰ দায়িত্ব শিক্ষকৰ ওপৰত ন্যস্ত হয়।

ব্যক্তিত্বৰ ক্ষেত্ৰত পৰিয়াল, বিদ্যালয়ৰ দৰে সমাজৰো ভূমিকা অতি উল্লেখযোগ্য। ব্যক্তিয়ে বিকাশ লাভ কৰে সমাজত। সমাজ অবিহনে ব্যক্তিৰ বিকাশ সম্ভৱ নহয়। বৰ্তমান সময়ত স্কুলক এখনি সমাজৰ ক্ষুদ্ৰ সংস্কৰণ বুলি অভিহিত কৰিছে। আমেৰিকাৰ বিখ্যাত শিক্ষাবিদ জন্ ডিউইয়ে কৈছে যে দৈহিক জীৱনৰ বাবে খাদ্য আৰু প্ৰজননৰ যেনেকৈ প্ৰয়োজন, শিক্ষাৰো সামাজিক জীৱনৰ বাবে ঠিক তেনেধৰণৰ প্ৰয়োজন। আধুনিক সমাজত বিজ্ঞান, প্ৰযুক্তিবিদ্যা, শিল্প আৰু নানা ধৰণৰ আৱিষ্কাৰে মানুহৰ সামাজিক জীৱনত নানা ধৰণৰ পৰিৱৰ্তন আনিছে। সেই পৰিৱৰ্তনৰ লগত খাপখোৱাকৈ শিক্ষা পদ্ধতিকো সামাজিক বিকাশত কামত লগোৱাৰ বাবে প্ৰস্তুত কৰি তুলিব লাগিব। সামাজিক পৰিৱেশত থাকি আত্ম-উপলব্ধিৰ মাজেৰে সমাজক উন্নত কৰিব লাগিব। সমাজৰ উন্নতি হ’লে ব্যক্তিৰ বিকাশ হ’ব। সামাজিক পৰিৱেশত থাকি এটা শিশুৱে আদান-প্ৰদান আৰু ক্ৰিয়া-প্ৰক্ৰিয়াৰ মাজেৰে ভাষা, আচাৰ-ব্যৱহাৰ, আদৰ্শ আৰু নীতি-নিয়মসমূহ গ্ৰহণ কৰি বিকশিত হয়। শিশুৰ জীৱনৰ গতি বিকাশ সাধন কৰাৰ বাবেই প্ৰয়োজন হয় সামাজিক পৰিৱেশৰ। কিন্তু আজি সামাজিক পৰিৱেশ অতি জটিলৰূপে পৰিগণিত হৈছে। শিশুৰ ব্যক্তিত্ব বিকশিত কৰিবলৈ হ’লে বিশেষ ধৰণৰ সামাজিক পৰিৱেশৰ সৃষ্টি কৰিব লাগিব। বিদ্যালয়ত নিয়ন্ত্ৰিত পৰিৱেশ সৃষ্টি কৰিলেহে মানৱ ব্যক্তিত্বৰ সফল বিকাশ হ’ব।

এই বিশ্বব্ৰহ্মাণ্ডখন পৰিৱৰ্তনশীল। পৰিৱৰ্তনশীল আমাৰ চাৰিওফালৰ পৰিৱেশ। গতিকে ব্যক্তিত্বও নিশ্চল হৈ থাকিব নোৱাৰে। পৰিৱৰ্তনশীল পৰিৱেশৰ লগত উপযোজন কৰোতে ব্যক্তিত্বও পৰিৱৰ্তিত আৰু পৰিৱৰ্ধিত হৈ থাকে। ই এটা গতিশীল প্ৰক্ৰিয়া। মন কৰিবলগীয়া যে ব্যক্তিত্ব পৰিৱৰ্তনশীল হ’লেও এই পৰিৱৰ্তনৰ অন্তৰালত ব্যক্তিৰ এটা স্থায়ী ৰূপো আছে আৰু তাৰ দ্বাৰাই ব্যক্তিবিশেষৰ ব্যক্তিত্ব আন মানুহৰ ব্যক্তিত্বৰ পৰা পৃথক কৰিব পাৰি। সেইদৰে প্ৰত্যেকজন ব্যক্তিৰেই পৰিৱেশৰ লগত কৰা উপযোজন প্ৰণালীবোৰ সুকীয়া ধৰণৰ। মানুহ আত্মসচেতন জীৱ। মানুহৰ এই আত্মসচেতনতাই আত্মস্বাতন্ত্ৰ ৰক্ষা কৰি পৰিৱেশৰ লগত সুন্দৰভাৱে সংযোজিত কৰে। সেই সংযোজনৰ ফলস্বৰূপেই ব্যক্তিৰ ব্যক্তিত্বৰ বিশেষত্ব ওলাই পৰে। পৰিৱেশৰ লগত উপযোজন কৰোতে ব্যক্তিৰ চিন্তা, অনুভূতি ক্ৰিয়া আদি মানসিক উপাদান আৰু দৈহিক গঠন, স্নায়ুতন্ত্ৰ গ্ৰন্থি আদি দৈহিক উপাদানবোৰে ঐক্যৱদ্ধভাৱে প্ৰতিক্ৰিয়া কৰে। পৰিৱেশৰ লগত উপযোজন, গতিশীলতা, অসামান্যতা, সমগ্ৰতা আদি গুণবোৰৰ সহায়তেই ব্যক্তিত্বৰ বিকাশ লাভ হয়।

ব্যক্তিত্বৰ বিকাশ লাভ হয় সামাজিক পৰিৱেশৰ মাজত। সামাজিক পৰিৱেশে ব্যক্তিত্বৰ বাট মুকলি কৰি দিয়ে। ব্যক্তিসকল, আমি আলোচনা কৰা মতে সমাজৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকে। সামাজিক পৰিৱেশৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱেশ হৈছে পাৰিবাৰিক পৰিৱেশ। পাৰিবাৰিক পৰিৱেশে যেনেকৈ অতি প্ৰয়োজনীয় সেইদৰে শিশুৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত মানসিক পৰিৱেশো প্ৰয়োজনীয়। বাহ্যিক পৰিৱেশে আমাৰ সকলো সময়তে মানসিক প্ৰয়োজনসমূহ পৰিপূৰ্ণ কৰিব নোৱাৰে। সেইকাৰণে মানুহক মানসিক পৰিৱেশৰো প্ৰয়োজন। মানুহক শাৰীৰিক খাদ্য যেনেকৈ প্ৰয়োজন তেনেদৰেই মানসিক খাদ্যৰো প্ৰয়োজন। শিক্ষাৰ্থীৰ বাবে পাঠ্যক্ৰমসমূহ মানসিক খাদ্য। ধৰিলোৱা হ’ল এজন ব্যক্তি ইংৰাজী সাহিত্যৰ প্ৰতি অনুৰাগী। ওচৰ-চুবুৰীয়াসকলতকৈ ইংৰাজী সাহিত্যৰ মিল্টন, শ্বেলী, চেক্সপীয়েৰ আদি সাহিত্যিকৰ লিখনি তেওঁ বেছিকৈ পঢ়ে। সেই বিষয়ে কোনোধৰণৰ লিখনি নাথাকিলেও তেওঁ মানসিক দিশৰ পৰা নিঃসঙ্গতা অনুভৱ কৰিব।

শিশুৰ ব্যক্তিত্ব গঠনত পৰিৱেশৰ লগতে বংশগতিৰো ভূমিকা অতি গুৰুত্বপূৰ্ণ। বংশগতিৰ সহায়ত মানুহে জন্মৰ লগে লগে দৈহিক, মানসিক, আনুভূতিক, ঐচ্ছিক আৰু নৈতিক শক্তি আৰু সামৰ্থৰ অধিকাৰী হয়। এই শক্তিসমূহৰ সম্পূৰ্ণৰূপে বিকাশ সাধন কৰি জীৱনৰ আদৰ্শ, অভিপ্ৰায় আদি চৰিতাৰ্থ হোৱাৰ অনুকূলে সকলো শক্তি আৰু দক্ষতা প্ৰয়োগ কৰি সুসংগঠিত সামঞ্জস্যৰ বিধান কৰিব পৰাটোৱে ব্যক্তিত্বৰ ক্ৰমবিকাশৰ মূল সূত্ৰ। ব্যক্তিত্বৰ ক্ৰমবিকাশ বংশগতি আৰু পৰিৱেশ দুয়োটা উপাদানৰ সম্বন্ধ আৰু ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। বংশগত আৰু পৰিৱেশ দুয়ো দুয়োৰে সহায়ক আৰু পৰিপূৰক। পৰিৱেশৰ সহায় নহ’লে বংশানুক্ৰমে পোৱা প্ৰকৃতিৰ বিকাশ নহয় আৰু প্ৰকৃতিৰ সহায় নহ’লে পৰিৱেশে ক্ৰিয়া কৰিব নোৱাৰে।

শিশুৰ ব্যক্তিত্ব বিকাশত বংশগতিৰ প্ৰভাৱ বেছি নে পৰিৱেশৰ প্ৰভাৱ বেছি- এই সম্পৰ্কে আধুনিক চিন্তাবিদসকলে বিভিন্ন ধৰণে মত পোষণ কৰিছে। মনোবৈজ্ঞানিকসকলেও ব্যক্তিত্ব গঠনত তুলনামূলকভাৱে পৰিৱেশতকৈ বংশগতিৰে প্ৰাধান্য বেছি বুলি মত প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে নীচবংশোদ্ভৱ ব্যক্তিক কোনো পৰিৱেশেই উচ্চভাৱাপন্ন কৰিব নোৱাৰে। মনোবৈজ্ঞানিকসকলে এইক্ষেত্ৰত পৰিসংখ্যামূলক মূল্যৱান তথ্য প্ৰকাশ কৰিছে। এই তথ্যবোৰক ভিত্তি কৰিয়েই বংশগতিবাদীসকলে দাবী কৰে যে ব্যক্তিত্ব গঠনত পৰিৱেশতকৈ বংশগতিৰ প্ৰাধান্যহে বেছি। আনহাতে এদল মনোবিজ্ঞানীয়ে আকৌ পৰিৱেশকহে ব্যক্তিত্ব বিকাশৰ মূল বুলি মত প্ৰকাশ কৰিছে। আচৰণবাদী ৱাটচনে এষাৰ কথা উল্লেখ কৰিছে। তেওঁ কৈছে “মোক এক ডজন সুস্থ-সবল শিশু দিলে তেওঁলোকৰ বংশগতি যিয়েই নহওক কিয়, অকল পৰিৱেশক নিয়ন্ত্ৰণ কৰি তেওঁলোকক যিকোনো বিষয়ৰ বিশেষজ্ঞ কৰিব পাৰো”।

আমি ওপৰোক্ত আলোচনাৰ পৰা উপলব্ধি কৰিলো যে দুয়োটা মতবাদেই আংশিকভাৱে সত্য। কোনো এটা মতবাদেই পূৰ্ণ সমৰ্থন পোৱাৰ যোগ্য নহয়। প্ৰকৃতপক্ষত ব্যক্তিৰ ব্যক্তিত্ব গঠনত বংশগতি আৰু পৰিৱেশ দুয়োটাৰে ভূমিকা অতি গুৰত্বপূৰ্ণ। বংশগতি আৰু পৰিৱেশৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ দ্বাৰাই ব্যক্তিৰ বিকাশত সহায় হয়।

(উৎসঃ শিক্ষা সমাজবিজ্ঞান, লেখকঃ ড বিৰেন্দ্ৰ ডেকা)।

3.07142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top