অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিক্ষা, স্বাৱলম্বিতা, কৰ্ম :

শিক্ষা, স্বাৱলম্বিতা, কৰ্ম :

 

প্ৰতিটো কৰ্ম কৰিবলৈ নিৰ্দিষ্ট পদ্ধতি, কাৰিকৰী দিশৰ প্ৰয়োজন হয় আৰু এই সম্পৰ্কীয় জ্ঞান আহৰণ আনুষ্ঠানিক, অনানুষ্ঠানিক পদ্ধতিতে কৰা হয়। সাধাৰণতে দেখা যায় যে প্ৰতিটো কৰ্ম আনুষ্ঠানিক আৰু অনানুষ্ঠানিকভাৱে শিকি উক্ত কৰ্মত প্ৰবৃত্ত হয়। উদাহৰণস্বৰূপে উৎসৱ-পাৰ্বণ বা সমূহীয়া ভোজ আদিত ৰন্ধন কাৰ্য কৰাসকলৰ আনুষ্ঠানিক শিক্ষা নাথাকে। তেওঁলোকে দেখি, কাৰোবাৰ অধীনত কাম কৰি বা নিজা প্ৰচেষ্টাৰে কুশল ৰান্ধনিৰূপে পৰিচিত হয়। সৰু হোটেল, ৰেস্তোৰাঁতো এনে ধৰণে ৰান্ধনি থাকে।

আনহাতে, ৰন্ধন কাৰ্য বিষয়ক শৈক্ষিক প্ৰতিষ্ঠানো আছে আৰু সেইবোৰত শিক্ষা গ্ৰহণ কৰি তাৰকাযুক্ত বা বিলাসী হোটেলত কৰ্মত জড়িত হয়। তাৰকাযুক্ত বা বিলাসী হোটেলত ৰন্ধন কাৰ্যৰ ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন হয়।

দুচকীয়া-তিনিচকীয়া-চাৰিচকীয়া বাহনৰ মেকানিকসকলৰ ক্ষেত্ৰতো দেখা যায় যে তেওঁলোকেও আনুষ্ঠানিকভাৱে কাম নিশিকে, গেৰেজত থাকি কামবোৰ শিকে আৰু পৰৱৰ্তী সময়ত দক্ষ মেকানিকলৈ পৰিৱৰ্তিত হয়। আনহাতে শৈক্ষিক প্ৰতিষ্ঠানত শিকিও কৰ্মত প্ৰবৃত্ত হয়। কৰ্মৰ ক্ষেত্ৰত সৰ্ববৃহৎৰূপে বিবেচিত কৃষি ক্ষেত্ৰখনৰ সৈতে জড়িতসকলৰ গৰিষ্ঠসংখ্যকৰ সেইটো বিষয়ত আনুষ্ঠানিক শিক্ষা নাথাকে। তেওঁলোকে দেখি পৰম্পৰাগতভাৱে কৰি অহা পদ্ধতিৰ দ্বাৰা কৃষি কাৰ্যত ব্ৰৰ্তী হয়। কোনো কাম কৰিবলৈ আনুষংগিক কথাবোৰ আহৰণ বা হৃদয়ংগম কৰিব লাগিব। যিসকলে ভালদৰে সমগ্ৰ বিষয়ক আয়ত্ত কৰিব পাৰে, সেইসকল দশ, কুশলী হিচাপে পৰিচিত হয়।

যিজনে নিজস্বভাৱে উপাৰ্জন কৰিব পাৰে তেওঁ স্বাৱলম্বী আৰু কৰ্মত জড়িত জন স্বাৱলম্বী হয়। কিছুমান কাৰ্যৰ ক্ষেত্ৰত প্ৰাথমিক ধাৰণা থাকিব পাৰে, কিন্তু চিকিৎসকৰ ভূমিকা গ্ৰহণ কৰিব নোৱাৰে। সেইসকলে সাধাৰণ পৰ্যায়ৰ অসুখত দুই-এবিধ ঔষধ গ্ৰহণৰ পৰামৰ্শ দিব পাৰিলেও চিকিৎসকৰ দৰে পদ্ধতিগত নিদান দিব নোৱাৰে, কাৰণ বেমাৰৰ ক্ষেত্ৰত তেওঁলোকৰ সামাজিক জ্ঞান নাথাকে।

স্বাৱলম্বী হ’বলৈ বা অৰ্থ উপাৰ্জন কৰিবলৈ যে আনুষ্ঠানিক শিশাৰ প্ৰয়োজনীয়তা থাকিলেও জৰুৰী নহয় সাব্যস্ত হৈছে। নিৰক্ষৰজনেও কাৰোবাৰ পৰা শিকি, পৰ্যবেক্ষণ, প্ৰচেষ্টাৰ দ্বাৰা কোনো বিষয়ৰ জ্ঞান আহৰণ কৰি উক্ত কৰ্মত জড়িত হৈ অৰ্থ উপাৰ্জন কৰিব পাৰে। এনে প্ৰক্ৰিয়াৰে বিভিন্ন কৰ্মৰ জড়িত হৈ জীৱন নিৰ্বাহ কৰি আছে।

‘শিক্ষিত নিবনুৱা’ এই শব্দযুগলে সমস্যাক প্ৰতিনিধিত্ব কৰে আৰু ই ভয়াৱহ সমস্যাৰূপে পৰিগণিত হৈছে। শিক্ষিতজন নিৱনুৱা হোৱা উচিত নে? নিৰক্ষৰ, অৰ্ধশিক্ষিতসকলক কৰ্মত জড়িত হ’ব নোৱাৰে, তেনেহ’লে তেওঁৰ শিক্ষা গ্ৰহণৰ সাৰ্থকতা থাকিবনে? শিক্ষা গ্ৰহণৰ পাছতো যদি স্বাৱলম্বী হ’ব নোৱাৰে, তেতিয়া সেই শিক্ষা তেওঁৰ কাৰণে অপ্ৰয়োজনীয় কিয় নহ’ব?

কৰ্ম কৰিবলৈ কৰ্মক্ষেত্ৰ লাগিব। খেতি কৰিবলৈ খেতিৰ উপযোগী মাটি লাগিব। আনহাতে কৰ্মক্ষেত্ৰখন যদি উপলব্ধ হৈ নাথাকে, তেতিয়া কৰ্মক্ষেত্ৰ উদ্ভাৱন কৰিব লাগিব। সাধাৰণতে দেখা যায় যে অৰ্থ উপাৰ্জন বা কৰ্মত জড়িত হোৱাৰ ক্ষেত্ৰত শিক্ষিত, উচ্চ শিক্ষিতজনতকৈ নিৰক্ষৰজন, অৰ্ধশিক্ষিতজন সহজতে সম্ভৱ কৰিব পাৰে।

সাধাৰণ পৰ্যায়ৰ কৰ্মৰ পৰিমাণ বেছি কাৰণে নিৰক্ষৰসকলৰ কৰ্মত জড়িত হোৱাৰ সুবিধা বেছি। যেতিয়া শিক্ষাৰ প্ৰসাৰ নাছিল শিক্ষিতজনৰ চৰকাৰী কৰ্মত নিযুক্ত হোৱাটো সহজ আছিল। আনহাতে শিক্ষাৰ প্ৰসাৰৰ লগে লগে কঠিন হ’ল।

শিক্ষা গ্ৰহণ কৰি যদি নিবনুৱা বা নিষ্কৰ্মা হৈ থাকিব লাগে, তেতিয়াহ’লে শিক্ষাই কি শিকিলে? যদিহে চৰকাৰী, বেচৰকাৰী কৰ্মত জড়িত হ’ব নোৱাৰে তেতিয়া তেওঁ নিজাববীয়াকৈ পথৰ অন্বেষণ কৰিব নোৱাৰি কৰ্মহীন হৈ থাকে।

শিক্ষিতৰ কাৰণে কৰ্মক্ষেত্ৰ তৈয়াৰ কৰাত চৰকাৰী ব্যৱস্থাৰ লগতে আমিও ব্যৰ্থ হৈছো আৰু ইয়াৰ মূলতে যে প্ৰচলিত শিক্ষা পদ্ধতি ইতিমধ্যে সাব্যস্ত হৈছে। বৰ্তমানৰ শিক্ষা পদ্ধতিয়ে উদ্ভাৱনী শক্তি গঢ়াত সহায়ক হোৱা নাই।

শিক্ষিতজন যদি নিবনুৱা হৈ থাকে, তেতিয়া সেই শিক্ষাৰ কাৰণে লজ্জাজনক হয়। কাৰণ শিক্ষাৰ জৰিয়তে জ্ঞান আহৰণ হয় আৰু জ্ঞানে মাৰ্গ দৰ্শন কৰে।

লেখক: কৰেন্দ্ৰ চক্ৰৱৰ্তী(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate