অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিক্ষাৰ অৰ্থঃ

চমু বিৱৰণ

মানুহৰ ধ্যান-ধাৰণা আৰু বিকাশৰ সকলো দিশতে শিক্ষা ইমান নিবিড়ভাৱে জড়িত যে তাক একেটা কথাত সহজে কৈ দিব পৰা নাযায়। বায়ু যেনেকৈ পৃথিৱীৰ সকলো প্ৰান্তৰতে বিদ্যমান হৈ আমাৰ জীৱন ৰক্ষা কৰি থকা স্বত্ত্বেও আমাৰ চকুত নপৰে সেইদৰেই শিক্ষাও আমাৰ জীৱনৰ সকলো দিশতে ব্যাপকভাৱে নিহিত হৈ আছে অথচ আমি তাৰ স্বৰূপ বুজি উঠাটো সহজ নহয়।

অতি প্ৰাচীন কালৰে পৰা শিক্ষাই মানৱ সমাজৰ প্ৰগতিৰ পথ দেখুৱাই আহিছে। সেই সময়ৰ শিক্ষাৰ যি প্ৰয়োজন আছিল তাৰ তুলনাত বৰ্তমান উন্নত আৰু শিক্ষিত সমাজৰ বাবে ইয়াৰ প্ৰয়োজন কমি অহা নাই বৰং অধিক বৃদ্ধি পাই আহিছে। বৰ্তমান সমাজৰ অভিজ্ঞতা, কাৰ্যক্ষেত্ৰ আৰু দায়িত্ব বৃদ্ধি পাই অহাৰ লগে লগে শিক্ষাৰ ন ন ভূমিকাৰ কথা উপলব্ধি কৰা হৈছে।

অন্যান্য জীৱ-জন্তুৰ তুলনাত মানুহৰ বাবে শিক্ষাৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ। এটি মানৱ শিশু জন্মৰ পিছত অন্যান্য জীৱ-জন্তুতকৈ আপেক্ষিকভাৱে দীৰ্ঘদিনধৰি আনৰ ওপৰত নিৰ্ভৰশীল হয়। তাৰ খোৱা-পিন্ধা, চলা-ফিৰা কৰা আদি সকলো দেহ-মানসিক ক্ৰিয়া আনে যতন ল’ব লাগে। অৰ্থাত্ দীৰ্ঘদিনৰ বাবে এটি মানৱ শিশুৱে তাৰ মাক-দেউতাকৰ পৰা প্ৰয়োজনীয় বিকাশৰ বাবে শিক্ষা ল’ব লাগে। এনে বিকাশৰ গতি মন্থৰ যদিও ই ক্ৰমাগত পৰিৱৰ্তনশীল আৰু আমাৰ গোটেই জীৱনব্যাপি এনে পৰিৱৰ্তন সংঘটিত হয়। সেইবাবে কোৱা হয় যে পৰিৱৰ্তনৰ মাজেদি সংঘটিত হোৱা এই বিকাশ অন্তহীন আৰু বিৰামহীন এক গতি স্বৰূপ। শিক্ষাৰ এই কথাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি শিক্ষাবিদ, দাৰ্শনিক জন ডিউইয়ে সেয়েহে জীৱনক ক্ৰমাগত বিকাশৰ এক বিৰামহীন প্ৰক্ৰিয়া বুলি বৰ্ণনা কৰিছে।

পশুত্বৰ পৰা মনুষ্যত্বলৈ শিক্ষাৰ প্ৰভাৱঃ

মানুহে পশুত্বৰ পৰা মনুষ্যত্ব লাভ কৰি উঠাৰ একমাত্ৰ উপায় বা অৱলম্বন হৈছে শিক্ষা। মানৱ সভ্যতাৰ বুৰঞ্জী অধ্যয়ন কৰিলে এই কথাৰ সত্যতা আমি উপলব্ধি কৰিব পাৰো।

প্ৰাক্-ঐতিহাসিক কালত মানুহে প্ৰায় জন্তুৰ দৰেই জীৱন কটাইছিল। পাহাৰ-পৰ্বতৰ গুহাৰ ভিতৰত, ডাঙৰ গছৰ তলত আশ্ৰয় লৈছিল। আন আন জন্তুৰ দৰেই দুৰ্বল জন্তুবোৰক স্বীকাৰ কৰি, নৈৰ মাছ-কাছ, গছৰ ফল-মূল আৰু মাটিৰ তলৰ আলু-কচু আদি খাই জীৱন নিৰ্বাহ কৰিছিল। তৃষ্ণা নিবাৰণৰ বাবে সাধাৰণতে নৈ, জান-জুৰি, সাগৰ আদিৰ কাষত বসবাস কৰিছিল। এইদৰে জৈৱিক পশু প্ৰবৃত্তিৰ মূল প্ৰয়োজনবোৰ, যেনে- আশ্ৰয়, ক্ষুধা আৰু তৃষ্ণা আদি প্ৰকৃতিৰ পৰাই পূৰণ কৰিছিল।

ইয়াৰ লগে লগে অন্যান্য হিংস্ৰ জন্তু আৰু মানুহৰ পৰাও আত্মৰক্ষা কৰাটো প্ৰয়োজন হৈ পৰিছিল। তাৰ বাবে জানি উঠিছিল অস্ত্ৰৰ নিৰ্মাণ আৰু প্ৰয়োগ পদ্ধতি। আত্মৰক্ষা প্ৰবৃত্তি পূৰণৰ বাবেই দল বান্ধি বাস কৰিবলৈ শিকিছিল। তাতেই সৃষ্টি হৈছিল আদিম মানৱৰ সমাজ সচেতনতা আৰু আনুগত্যৰ প্ৰবৃত্তি। প্ৰয়োজন হৈছিল দলৰ নেতা আৰু নীতি-নিয়মৰ। কিন্তু তেতিয়া পাশৱিক হিংস্ৰ প্ৰবৃত্তি অন্যান্য জন্তুৰ দৰেই প্ৰৱল হোৱা হেতুকে এটা দলে আনটো দলক আক্ৰমণ কৰিছিল, পৰাস্ত কৰিছিল আৰু দুৰ্বল নেতাক মাৰি পেলাইছিল। পৰাজিত দলে বিজয়ী দলৰ নেতাৰ নেতৃত্ব গ্ৰহণ কৰিছিল। এইদৰেই ক্ষুদ্ৰ ক্ষুদ্ৰ দলবোৰ ক্ৰমে লুপ্ত হৈ ডাঙৰ দল আৰু জাতিত পৰিণত হৈছিল।

যৌন প্ৰবৃত্তিয়েও প্ৰৱল আৰু পাশৱিক ৰূপ ধাৰণ কৰিছিল। স্ত্ৰী-পুৰুষৰ যৌন কামনা পূৰণৰ বাবেও দলবোৰৰ মাজত হৈছিল সংঘৰ্ষ, মৃত্যু হৈছিল দুৰ্বলীৰ আৰু বিজয়ী শক্তিশালী লোকে সৃষ্টি কৰিছিল নতুন বংশধৰ সকলৰ। এইয়া আছিল আদিম মানুহৰ পশুত্ব সমাজ আৰু জীৱনৰ নিয়ম। এই সময়ত মানুহৰ সকলো ক্ৰিয়া-আচৰণ মুখ্যভাৱে প্ৰবৃত্তিৰ দ্বাৰাই পৰিচালিত হৈছিল।

সময়ৰ লগে লগে মানুহৰ এই পশু প্ৰবৃত্তি পৰিচালিত আচৰণৰ পৰিৱৰ্তনৰ আৰু সংশোধন হ’বলৈ ধৰে। নতুন নতুন অভিজ্ঞতা লাভ হোৱাৰ লগে লগে পূৰ্বৰ পুৰণি আচৰণৰ পৰিৱৰ্তন আৰু সংশোধন হয়। নতুন পৰিৱেশ আৰু পৰিস্থিতিত নিজকে খাপ খুৱাবলৈ ক্ৰমে নতুন নীতি-নিয়ম গ্ৰহণ কৰে। জুইৰ ব্যৱহাৰ জানি উঠাৰ লগে লগে খোৱাবস্তু সিজাই খাবলৈ শিকে। লজ্জা নিবাৰণ, শীত-তাপৰ পৰা ৰক্ষা পৰিবলৈ গছৰ ছাল, জন্তুৰ ছাল আদি পৰিধান কৰিবলৈ শিকে। যৌন প্ৰবৃত্তি পূৰণৰ বাবেও পূৰ্বৰ বৰ্বৰতা পৰিহাৰ কৰি বিবাহ পদ্ধতিৰ বাবে কেতবোৰ সামাজিক নীতি-নিয়ম বান্ধি লয়। ক্ৰমে খেতি কৰা, পশু পালন কৰা আদি ব্যৱসায় জানি উঠাৰ লগে লগে পুৰণি পশু প্ৰবৃত্তিৰ বহুখিনি আচৰণ সংশোধিত হয়। মানৱ সভ্যতাৰ নতুন দিগন্তৰ পোহৰলৈ মানুহে ক্ৰমে আগবাঢ়ে। নতুন অভিজ্ঞতাই পুৰণি প্ৰবৃত্তি আৰু ক্ৰিয়া আচৰণৰ সলনি কৰে। গঢ় লৈ উঠে কেতবোৰ নতুন আস্থা, নিষ্ঠা, বিশ্বাস, অভ্যাস আৰু সামাজিক নীতি-নিয়মৰ।

মনৰ ভাব অনুভূতিবোৰ প্ৰকাশ কৰিবলৈ প্ৰথমে ব্যৱহাৰ কৰা আকাৰ-ইংগিত আৰু কণ্ঠস্বৰ, ধ্বনি, চিঞৰ আদিয়েই ক্ৰমে পৰিৱৰ্তন আৰু অভিজ্ঞতাৰ যোগেদি সংশোধিত হৈ কথিত আৰু লিখিত ভাষাত পৰিণত হ’বলৈ ধৰে। লগে লগে মানুহৰ বিভিন্ন ক্ৰিয়া অভিজ্ঞতাৰ পৰিধি বহল হৈ আহিবলৈ ধৰে। মানুহৰ সকলো আৰ্জিত জ্ঞান আৰু অভিজ্ঞতা কোৱল মৌখিক অথবা অনুকৰণ ক্ৰিয়াৰ যোগেদি পৰৱৰ্তী বংশধৰসকলে আয়ত্ব কৰাটো সম্ভৱ হৈ পৰে। তেওঁলোকৰ ভাৱ-অনুভূতি আৰু ক্ৰিয়াসমূহৰ অস্তিত্ব ভৱিষ্যতৰ বুকুত ৰাখি থৈ যাবলৈও তেওঁলোকে বিচাৰে। ফলস্বৰূপে গছৰ পাত, শিলৰ পিঠিত আৰু আন আন সুবিধাজনক ঠাইত লিখা আৰু খোদিত কৰি ৰখাৰ ব্যৱস্থা কৰা হয়।

মানুহৰ পূৰ্বৰ পাশৱিক আৰু হিংস্ৰ প্ৰবৃত্তিৰ আচৰণসমূহ ক্ৰমে শিক্ষা আৰু অভিজ্ঞতাৰ ফলত মাৰ্জিত, যুক্তিসংগত আৰু সুৰুচিপূৰ্ণ হৈ আহিবলৈ ধৰে। পশুৰ উন্মত্ত, হিংস্ৰ আৰু নিৰ্বোধ ক্ৰিয়া-আচৰণৰ ঠাইত সুস্থ চিন্তা, যুক্তি আৰু বিচাৰ-বিবেচনাই তাৰ ঠাই লয়। প্ৰকৃতিৰ বুকুত লুকাই থকা নানাবিধ ৰহস্য আৰু জ্ঞানৰ সঁফুৰা নতুন দৃষ্টিৰে চাব পৰা আৰু উদ্ঘাটন কৰিব পৰা হয়। মানুহৰ ভাৱ-চিন্তা ক্ৰমে দৰ্শন আৰু বিজ্ঞানমুখী হৈ আহিবলৈ ধৰে। বৰ্তমান সমাজৰ সভ্যতা আৰু সংস্কৃতি আদিম যুগৰ পৰা চলি অহা এই ক্ৰমবিবৰ্তন আৰু ক্ৰমবিকাশ পদ্ধতিৰেই এটা বিশেষ পৰ্যায় মাথোন।

মানৱ সভ্যতাৰ এই দীৰ্ঘ দিনৰ ইতিহাস অধ্যয়ন কৰিলে আমি সেয়েহে দেখিবলৈ পাওঁ যে পশুত্বৰ পৰা মনুষ্যত্বৰ পৰ্য্যায়লৈ উন্নীত হোৱাৰ গুৰিতেই আছে ক্ৰমবিবৰ্তন আৰু পৰিৱৰ্তনৰ যোগেদি পোৱা শিক্ষা অভিজ্ঞতাৰ ব্যাপক প্ৰভাৱ। জন্তুবোৰ আজিলৈকে জন্তু হৈয়ে থকাৰ মূলতেই হৈছে সিহঁতৰ পশু প্ৰবৃত্তিৰ অপৰিৱৰ্তনীয়তা আৰু বংশানুক্ৰমে তাৰ গতানুগতিক পুনৰাবৃত্তি। মূল কথা কবলৈ গ’লে সিহঁতৰ জীৱন ইতিহাসত শিক্ষা আৰু নতুন অভিজ্ঞতাৰ অভাৱ।

শিক্ষাৰ ব্যাপক আৰু সীমিত অৰ্থঃ

আমাৰ শিক্ষা আৰু বিকাশ যিদৰে বিৰামহীন আৰু অন্তহীন, সেইদৰে ব্যাপক আৰু বহুমুখী। ইয়াক কোনো নিৰ্দিষ্ট বিষয় আৰু দিশত সীমায়িত কৰিব নোৱাৰি। মানুহৰ সৰ্বতোপ্ৰকাৰ বিকাশ আৰু উন্নতিয়েই শিক্ষাৰ লক্ষ্য। আমাৰ দেহ-মনৰ সকলো দিশত ক্ৰমাগতভাৱে বিকাশৰ পথত পূৰ্ণতাৰ ফালে আগুৱাই যোৱাটোৱেই হৈছে ইয়াৰ কাম্য। শিক্ষাৰ এনে ব্যাপক উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি ডামভাইল নামৰ এজন চিন্তাবিদে এই সম্বন্ধে কৰা মন্তব্য উল্লেখযোগ্য। তেওঁৰ মতে ব্যাপক অৰ্থত জন্মৰ পৰা মৃত্যুলৈকে সুদীৰ্ঘ জীৱন পথত ব্যক্তিৰ ওপৰত ক্ৰিয়া কৰা সকলো প্ৰভাৱকেই শিক্ষাই অন্তৰ্ভুক্ত কৰে। সেই হেতুকে বহল অৰ্থত ক’বলৈ গ’লে আমাৰ বিকাশ সাধনৰ ক্ষেত্ৰত পৰিব পৰা পৰিৱেশ আৰু পৰিস্থিতিৰ সকলো ধৰণৰ প্ৰভাৱেই শিক্ষাৰ অন্তৰ্ভুক্ত। ভিন ভিন পৰিৱেশৰ মাজত আমাৰ কেনে প্ৰতিক্ৰিয়া সৃষ্টি হয়, ব্যক্তি, বিষয় আৰু পৰিস্থিতিয়ে আমাৰ ওপৰত প্ৰভাৱ পোলাই কেনে প্ৰতিক্ৰিয়া কৰিবলৈ শিকায় আৰু ইয়াৰ প্ৰভাৱত আমাৰ চৰিত্ৰ, ব্যক্তিত্ব আদিয়ে কেনে ৰূপত গঢ় লৈ উঠে এই সকলোবোৰেই শিক্ষাৰ অন্তৰ্ভুক্ত বিষয়। এই প্ৰসংগত ব্যক্তিৰ জন্মলব্ধ দেহ-মানসিক ক্ষমতাৰ উপৰিও, গৃহ, শিক্ষানুষ্ঠান আৰু আন আন সামাজিক পৰিৱেশৰ ধৰ্মীয়, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক দিশ আদিৰ বিবিধ প্ৰভাৱৰ কথা উল্লেখ কৰিব পাৰি। চমুকৈ ক’বলৈ গ’লে, ব্যক্তিৰ বংশগত আৰু পৰিৱেশীয় প্ৰভাৱে তেওঁৰ ক্ৰমবিকাশৰ পথত কেনে ভূমিকা গ্ৰহণ কৰে তাক চিন্তা কৰাটোৱেই হৈছে বহল অৰ্থত শিক্ষাৰ বিষয়বস্তু।

অৱশ্যে এই কথাও মন কৰিবলগীয়া যে শিক্ষা কেৱল মাত্ৰ বহল অৰ্থত দাৰ্শনিক দৃষ্টিকোণেৰে কৰা চিন্তাই নহয়, ই এবিধ সচেতন, বাস্তৱ আৰু কাৰ্যকৰী ব্যৱস্থাও। এনে কাৰ্যকৰী আৰু সংযত দৃষ্টিকোণৰ পৰা সেয়েহে ক’ব পাৰি যে প্ৰত্যেক ব্যক্তিৰে শিক্ষালাভৰ ক্ষেত্ৰত নিজস্বভাৱে আৰু প্ৰত্যেক সমাজৰে ব্যক্তিৰ বিকাশৰ ক্ষেত্ৰত সামূহিক তথা আনুষ্ঠানিকভাৱে একো একোটা নিৰ্দিষ্ট কাৰ্যপন্থা আছে। এটি শিশুৱে জন্মৰ পিছত আনৰ সহায় নোলোৱাকৈ আপোনা-আপুনি নিজৰ সকলো প্ৰয়োজনীয় শিক্ষাৰ বিকাশ সাধন কৰাটো সম্ভৱ নহয়। এই ক্ষেত্ৰত মাক-দেউতাক তথা সংশ্লিষ্ট সকলো লোকৰ সচেতন আৰু সক্ৰিয় ভূমিকাৰ প্ৰয়োজন হয়। তেওঁলোকৰ পৰিকল্পিত কাৰ্যব্যৱস্থা আৰু ইয়াৰ বাবে কৰা সক্ৰিয় প্ৰচেষ্টাইহে শিশুৰ বিকাশৰ পথ সুগম কৰি তুলিব পাৰে। সেইদৰে বিবিধ শিক্ষানুষ্ঠানেও সুচিন্তিত আৰু সুপৰিকল্পিতভাৱে শিশুৰ প্ৰয়োজনীয় শিক্ষা দিয়াৰ দায়িত্ব গ্ৰহণ কৰিব লাগে। ব্যক্তি বিকাশৰ বাবে থকা সমাজৰ দায়িত্বৰ কথাও এইখিনিতে স্মৰণযোগ্য। শিক্ষানুষ্ঠান হৈছে এটি দায়িত্বশীল সামাজিক অনুষ্ঠান আৰু শিক্ষক হৈছে ইয়াৰ দায়িত্বশীল ব্যক্তি, যি শিশুৰ ক্ৰমবিকাশত উদ্দেশ্য প্ৰণোদিত আৰু সক্ৰিয়ভাৱে ভূমিকা গ্ৰহণ কৰে। ইয়াৰ নিৰ্দিষ্ট সময়-তালিকা, পাঠ্যক্ৰম, অনুশাসন আৰু মূল্যায়ণ আদি ব্যৱস্থা এনে বিকাশৰ এক পৰিকল্পিত আৰু সুস্পষ্ট কাৰ্যকৰী আঁচনি বুলি ধৰিব পাৰি। শিশুৰ সহজাত শক্তি সামৰ্থৰ লগত পৰিচিত হৈ উঠি তাৰ যথোচিত বিকাশৰ বাবে শিক্ষা পৰিৱেশক পৰিকল্পিতভাৱে গঢ়ি তোলাটো হৈছে শিক্ষক আৰু শিক্ষানুষ্ঠানৰ প্ৰধান দায়িত্ব। ইয়াৰ উপৰিও বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান, চৰকাৰ তথা গৃহ পৰিৱেশত মাক-দেউতাক আদিৰো শিক্ষা বিষয়ক একো একোটা নিজস্ব দায়িত্ব আছে, সেয়েহে সীমিত আৰু ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা কব পাৰি যে ব্যক্তিৰ ক্ৰমবিকাশৰ বেলিকা সমাজ, চৰকাৰ, শিক্ষানুষ্ঠান আৰু গৃহ পৰিৱেশৰ নিৰ্দিষ্ট আৰু সুপৰিকল্পিত ভূমিকাই হৈছে শিক্ষা।

আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাঃ

শিক্ষা পৰিচালনা কৰা কৰ্তৃপক্ষলৈ চাই ইয়াৰ দুটা ভাগ কৰিব পাৰি, যেনে- আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষা। অতি প্ৰাচীন কালত মানুহৰ শিক্ষা অভিজ্ঞতা আদি অত্যন্ত সীমিত অৱস্থাত আছিল। সেইবাবে আজিৰ দৰে সুসংগঠিত আনুষ্ঠানিক শিক্ষাৰ কথা মানুহে ভাবিব পৰা নাছিল। শিক্ষা-অভিজ্ঞতা সীমিত অৱস্থাত থকা বাবে ইয়াৰ প্ৰয়োজনো তেতিয়া নাছিল, দৈনন্দিন জীৱন সংগ্ৰামত প্ৰকৃতিৰ বহল পৰিৱেশৰ পৰাই মানুহে প্ৰয়োজনীয় আৰু ব্যৱহাৰিক দিশৰ শিক্ষা অভিজ্ঞতা লাভ কৰিছিল। ক্ৰমবিবৰ্তনৰ ফলস্বৰূপে কালক্ৰমত মানুহৰ এই শিক্ষা অভিজ্ঞতা আৰু কৰ্মক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি পাই আহে। লগে লগে একো একোটা বিশেষ অনুষ্ঠান আৰু একো একোজন বিশেষ ব্যক্তিয়ে সুসংগঠিত আৰু সুপৰিকল্পিতভাৱে শিক্ষাৰ দায়িত্ব ল’ব লগা হয়। তেতিয়াৰ পৰাই স্কুলৰ দৰে সুসংগঠিত অনুষ্ঠান গঢ়ি উঠিবলৈ ধৰে। এনে অনুষ্ঠানক সুসংগঠিত বোলা হৈছে এই বাবেই যে ইয়াৰ নিৰ্দিষ্ট স্থান-কালৰ উপৰিও পাঠ্যক্ৰম, নিয়ম-শৃংখলা, শিক্ষা-পদ্ধতি, শিক্ষা-আহিলা, পৰীক্ষা ব্যৱস্থা আদি সকলো বিষয়ৰেই সুপৰিকল্পিত ব্যৱস্থা আছে। এনে ব্যৱস্থা থকা বৰ্তমানৰ স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ক আনুষ্ঠানিক শিক্ষানুষ্ঠান বুলি জনা যায়। শিক্ষা প্ৰদানৰ বেলিকা এনে অনুষ্ঠানৰ অধিক দায়িত্ব আৰু ক্ষমতা থকা বাবে বহুতো লোকে ইয়াকেই শিক্ষা আহৰণৰ একমাত্ৰ অনুষ্ঠান বুলিও ভাবিবলৈ বিচাৰে।

মন কৰিবলগীয়া যে শিক্ষাৰ আনুষ্ঠানিক ব্যৱস্থাই দৰ্শনীয়ভাৱে প্ৰধান ভূমিকা গ্ৰহণ কৰিলেও ই শিক্ষাৰ একমাত্ৰ অনুষ্ঠান নহয়। বৰ্তমান বিজ্ঞানৰ ন ন আৱিষ্কাৰক শিক্ষাৰ আহিলা স্বৰূপে প্ৰয়োগ কৰিবলৈ ধৰা হোৱাৰ লগে লগে শিক্ষা জগতত এক নতুন আমূল পৰিৱৰ্তনৰ সূচনা হৈছে। গতানুগতিকভাৱে স্কুলীয়া শিক্ষাদানৰ পৰিৱৰ্তে কেতবোৰ অনানুষ্ঠানিক শিক্ষা-কৰ্তৃপক্ষই এনে দায়িত্ব হাতত ল’বলৈ ধৰিছে। শিশুৰ ঘৰুৱা পৰিৱেশ শিক্ষাৰ এক দায়িত্বশীল অনানুষ্ঠানিক কৰ্তৃপক্ষ স্বৰূপে বৰ্তমান অনুভৱ কৰা হৈছে। শিশুৰ শিক্ষা গ্ৰহণত গৃহ কৰ্তৃপক্ষৰ ভূমিকা স্কুলতকৈ কোনো গুণেই কম নহয়। শিশুৱে ইয়াত নিৰ্ধাৰিত নীতি-নিয়ম পালন কৰি চলিব লগা নহয়। নিজৰ ইচ্ছা, আগ্ৰহ-অভিৰুচি অনুযায়ী সি বিভিন্ন ক্ৰিয়া-কলাপত স্বাভাৱিক ৰূপত অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও বৰ্তমানৰ কথাছবি, ৰেডিঅ’, টেলিভিছন যন্ত্ৰ আদি দৃশ্য-শ্ৰাব্য সঁজুলিবোৰৰ প্ৰয়োগে অনানুষ্ঠানিক শিক্ষাক্ষেত্ৰৰ পৰিসৰ আৰু প্ৰাধান্য অধিক বৃদ্ধি কৰি তুলিছে। এনেবোৰ শিক্ষা ক্ষেত্ৰৰ বৈশিষ্ট্য এয়ে যে শিশুৱে ইয়াত নিজৰ ইচ্ছা-অভিৰুচি মতে অংশগ্ৰহণ কৰি আত্মপ্ৰকাশৰ সুযোগ লাভ কৰে। নিৰ্ধাৰিত নীতি-নিয়মৰ ব্যৱস্থা নথকা হেতুকে খেলা বা ক্ৰীড়াৰ মনোভাৱেৰে শিক্ষা আহৰণ কৰিব পাৰে। সেয়েহে শৈশৱৰ শিশু-সুলভ স্বভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই অনানুষ্ঠানিক শিক্ষাৰ ভূমিকা সম্বন্ধে বৰ্তমান শিক্ষাবিদসকল অধিক আগ্ৰহী হৈ উঠিছে।

আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ পাৰ্থক্যঃ

এই দুইবিধ শিক্ষাৰ মাজত লক্ষ্য, উদ্দেশ্য, ক্ৰিয়া ব্যৱস্থা আৰু সাংগঠনিক দিশ আদিৰ মাজত কেতবোৰ মন কৰিবলগীয়া পাৰ্থক্য আছে। এনেবোৰ পাৰ্থক্যৰ বিবেচনাৰেহে আমি এই দুইবিধ শিক্ষাৰ উপযুক্ততা আৰু তাৰ গ্ৰহণযোগ্যতা আদি সম্বন্ধে অৱগত হ’ব পাৰিম। এই প্ৰসংগত তলত উল্লেখ কৰা কথা কেইটা আমাৰ বিবেচনাযোগ্য।

আনুষ্ঠানিক শিক্ষা

অনানুষ্ঠানিক শিক্ষা

(১) অনানুষ্ঠানিক শিক্ষাতকৈ ই নতুন।

(১) আনুষ্ঠানিক শিক্ষাতকৈ পুৰণি।

(২) নিৰ্দিষ্ট স্থান, কাল আৰু পাত্ৰৰ দ্বাৰা ই পূৰ্ব-নিৰ্ধাৰিত আৰু পৰিচালিত হয়।

(২) কোনো নিৰ্দিষ্ট স্থান, কাল বা পাত্ৰৰ দ্বাৰা পূৰ্ব-নিৰ্ধাৰিতভাৱে পৰিচালিত নহয়।

(৩) প্ৰাপ্ত শিক্ষা অভিজ্ঞতা ঠেক আৰু সীমিত বিধৰ।

(৩)প্ৰাপ্ত শিক্ষা অভিজ্ঞতা ব্যাপক আৰু বহল পৰিসৰৰ।

(৪) কোনো এটা বিষয়ৰ খৰচি মাৰি পুংখানুপুংখৰূপে অধ্যয়ন কৰে।

(৪) কোনো বিষয়ৰেই খৰচি মাৰি অধ্যয়ন কৰাৰ ব্যৱস্থা ইয়াত নাথাকে।

(৫) দৈনন্দিন জীৱনৰ সাধাৰণ অভিজ্ঞতাতকৈ ই কিছু পৃথক।

(৫) দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ পৰাই এনে শিক্ষা পাব পাৰি।

(৬) বাধ্যতামূলকভাৱে নিৰ্ধাৰিত নীতি-নিয়ম আৰু অনুশাসনৰ মাজেদি পৰিচালিত হয়।

(৬) কোনো নিৰ্ধাৰিত নীতি-নিয়ম আৰু অনুশাসন বাধ্যতামূলকভাৱে প্ৰয়োগ কৰা নহয়।

(৭) বিষয়-সূচী আৰু কাৰ্যসূচী পূৰ্ব-নিৰ্ধাৰিত।

(৭) পূৰ্ব-নিৰ্ধাৰিত বিষয়সূচী আৰু কাৰ্যসূচী নাথাকে।

(৮) ছাত্ৰ জীৱনৰ মাথো কেইটামান বছৰহে ই আগুৰি থাকে।

(৮) ব্যক্তিৰ সমগ্ৰ জীৱন ই আগুৰি থাকে।

(৯) ব্যক্তিৰ সম্পূৰ্ণ স্বাধীনতা আৰু স্বতঃস্ফূৰ্ততা ইয়াত নাথাকে।

(৯) ব্যক্তিৰ পূৰ্ণ স্বাধীনতা আৰু স্বতঃস্ফূৰ্ততা ইয়াত পাব পাৰি।

(১০) সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবেই ই সমানে উপযুক্ত নহয়।

(১০) সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে ই সমানে উপযুক্ত।

(১১) এই শিক্ষা যথেষ্ট ব্যয়বহুল আৰু কষ্টসাধ্য।

(১১) ই তেনে ব্যয়বহুল নহয় আৰু শিক্ষাও সহজলভ্য

(১২) এইবিধ শিক্ষা সামাজিকভাৱে স্বীকৃতিপ্ৰাপ্ত।

(১১) এইবিধ শিক্ষা সামাজিকভাৱে স্বীকৃতিপ্ৰাপ্ত নহয়।

উৎসঃ যতীন বৰুৱা,প্ৰাৰম্ভিক শিক্ষাতত্ত্ব আৰু বুৰঞ্জী

শেহতীয়া উন্নীতকৰণ: : 1/23/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate