মূল পৃষ্ঠা / শিক্ষা / শিক্ষাৰ উৎকৃষ্ট অনুশীলন / শিক্ষাৰ উদ্দেশ্য সুনাগৰিক হিচাপে গঢ়ি তোলা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিক্ষাৰ উদ্দেশ্য সুনাগৰিক হিচাপে গঢ়ি তোলা :

শিক্ষাৰ উদ্দেশ্যৰ বিষয়ে লিখা হৈছে ।

 

বিদ্যালয়ৰ শিক্ষাৰ্থীক সু-নাগৰিক হিচাপে গঢ়াৰ বিপৰীতে তথ্য সংগ্ৰহ কেন্দ্ৰ (ডাটা বেংক)ৰ ৰুপত নিৰ্মাণ কৰাৰ ব্যৱস্থাক লৈ সময়ে সময়ে ব্যাপক চৰ্চা চলি আহিছে। শিক্ষাৰ্থীক গধুৰ পাঠ্যক্ৰমৰ বোজা জাপি দিয়া হৈছে। এই পাঠ্যক্ৰমত ব্যৱহাৰিক শিক্ষণ পদ্ধতিতকৈ নুবুজাকৈ পুনৰাবৃত্তি কৰা জ্ঞান আহৰণ পদ্ধতি (Rote Learning) য়ে প্ৰাধান্য পাইছে। পৰিণতিত শিক্ষাৰ্থীয়ে ভৱিষ্যৎ কৰ্ম জীৱনত বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়াত পৰিছে। শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ পাঠ্যক্ৰমৰ লগত জড়িত গ্ৰন্থৰ বোজা কঢ়িয়াই লৈ যাবলগীয়া বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে। শিক্ষা বিশেষজ্ঞ, বেচৰকাৰী সংস্থা, বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ লগত বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞৰ লগত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে কেইবালানিও আলোচনাত মিলিত হৈ পাঠ্যক্ৰম হ্ৰাস কৰাৰ সিদ্ধান্তত উপনীত হৈছে। শিক্ষাৰ্থীক তথ্য সংগ্ৰহ কেন্দ্ৰ (ডাটা বেংক) ৰ মাজতে আবদ্ধ নাৰাখি সু-নাগৰিক হিচাপে গঢ়ি তোলাটো শিক্ষাৰ মুখ্য উদ্দেশ্য। আমাৰ দৈনিক জীৱনত শিক্ষাৰ মুল্য, জীৱন কৌশল, পৰীক্ষণমুলক শিক্ষণ আৰু শাৰীৰিক সক্ষমতাক বিকশিত কৰাৰ আৱশ্যকতাক গুৰুত্ব আৰোপ কৰি পাঠ্যক্ৰম সালসলনি কৰাৰ লগতে হ্ৰাস কৰা হ’ব। পৰৱৰ্তী বৰ্ষৰ পৰাই নেচনেল কাউন্সিল অৱ এডুকেচনেল ৰিছাৰ্চ এণ্ড ট্ৰেইনী চমুকৈ এনচিইআৰটি (NCERT)ৰ পাঠ্যক্ৰম হ্ৰাস কৰা হ’ব বুলি কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী প্ৰকাশ জাভাডেকাৰে ঘোষণা কৰিছে। এইক্ষেত্ৰত প্ৰয়োজনীয় বিধেয়ক চলিত কেন্দ্ৰীয় বাজেট অধিৱেশন (২০১৮-১৯ বৰ্ষ) ত উত্থাপন কৰাৰ বিষয়ে সদৰী কৰিছে। এনচিইআৰটিৰ এই পদক্ষেপ গ্ৰহণ কৰাৰ অন্তৰালত অনেক কাৰণ নিহিত হৈ আছে। সেইখিনিও জনাৰ প্ৰয়োজন আছে। প্ৰতিদিনেই বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে গ্ৰন্থৰ এক গধুৰ বোজা কান্ধত কঢ়িয়াই লৈ যাবলগীয়াত পৰে। বিশেষত: ৮ বছৰৰ পৰা ১৩ বছৰ বয়সীয়া শিক্ষাৰ্থীয়ে ৫ কিলোগ্ৰামৰ পৰা ১০ কিলোগ্ৰাম ওজনৰ বেগ কঢ়িয়ায়। দিনটোৰ বাবে ডজন গ্ৰন্থ আৰু বহীৰ বোজা কঢ়িয়াই লৈ ফুৰাটোৱে শিক্ষাৰ্থীৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। এই লৈ শিক্ষাৰ্থীৰ অভিভাৱকৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈ আহিছে। গধুৰ গ্ৰন্থ- বহীৰ উপৰি খাদ্যৰ বাকচ (টিফিন বক্স) আৰু পানীৰ বটলে বেগটোৰ ওজন আৰু অধিক গধুৰ কৰি তোলে। এই গধুৰ বেগ কঢ়িওৱাৰ বাবে পিঠি আৰু ডিঙিৰ অসুখ, আনকি জীৱনটোৰ বাবে অস্থি ৰোগত ভোগাৰ শংকা চিকিৎসকে প্ৰকাশ কৰিছে। শিশুৰ শিক্ষা জীৱনতে শৰীৰলৈ নমাই আনিব পৰা শংকাক প্ৰতিৰোধ কৰাৰ প্ৰয়োজনীয়তা আছে। শিক্ষাৰ্থীয়ে ভৱিষ্যৎ জীৱন গঢ়াৰ নামত মাত্ৰাধিক বিদ্যালয়ৰ বেগৰ বোজা কঢ়িওৱাটো যে স্বাস্থ্যৰ বাবে নেতিবাচক, সেই কথা নিশ্চিত হোৱাৰ পাছত এনচইআৰটি পাঠ্যক্ৰম হ্ৰাস কৰিব। পাঠ্যক্ৰম সালসলনি কৰিব আৰু গ্ৰন্থবোৰ লঘু কৰিব যাতে বিদ্যালয়ৰ বেগৰ বোজা লঘু হয়। লক্ষণীয় যে গধুৰ গ্ৰন্থৰ বোজা শিক্ষাৰ্থীৰ কাৰণে এক মানসিক বোজা হৈ আছে। মানসিক আৰু শাৰীৰিক বোজাৰ পৰা মুক্ত কৰি শিক্ষাৰ্থীক বোধাত্মক দক্ষতা বিকাশৰ কাৰণে সম্পুৰ্ণ স্বাধীনতা দিয়াৰ প্ৰাসংগিকতাও উলাই কৰিব নোৱাৰি।

লেখক: দীপক কুমাৰ দাস (শিক্ষা বাৰ্তা)

3.15384615385
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top