মূল পৃষ্ঠা / শিক্ষা / শিক্ষাৰ উৎকৃষ্ট অনুশীলন / শিক্ষাৰ মৌলিক প্ৰয়োজনীয়তা আৰু আধুনিক শিক্ষা ব্যৱস্থা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিক্ষাৰ মৌলিক প্ৰয়োজনীয়তা আৰু আধুনিক শিক্ষা ব্যৱস্থা

শিক্ষাৰ মৌলিক প্ৰয়োজনীয়তা আৰু আধুনিক শিক্ষা ব্যৱস্থাৰ বিষয়ে লিখা হৈছে ।

 

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ নামৰ গল্পটো যিসকলে পঢ়িছে সেইসকলে নিশ্চয় অনুভৱ কৰিব পাৰিব যে প্ৰচলিত শিক্ষা ব্যৱস্থাই শিশুৰ মনত কি ধৰণৰ আতংকৰ সৃষ্টি কৰি এজন ছাত্ৰক তিলতিলকৈ মৃত্যুৰ ফালে ঠেলি দিব পাৰে। জীৱনত আগবাঢ়ি যাবলৈ, যিকোনো লক্ষ্যত উপনীত হ’বলৈ শিক্ষাই হৈছে আমাৰ পৰম সম্পদ।

শিক্ষাৰ অবিহনে কোনো মানুহেই পূৰ্ণাঙ্গ ৰূপত স্বয়ংসম্পূৰ্ণ হ’ব নোৱাৰে। কিন্তু শিক্ষাৰ পদ্ধতি আৰু ব্যৱস্থাই যেতিয়া বেজবৰুৱাৰ ‘মুক্তি’ গল্পৰ নায়ক ‘সুকুমাৰ’ৰ দৰে অনেক ছাত্ৰৰ জীৱনলৈ অন্ধকাৰ নমাই আনে তেতিয়া আমি শিক্ষাৰ মৌলিক প্ৰয়োজনীয়তাৰ লগতে শিক্ষা ব্যৱস্থাটোৰ আসোঁৱাহবিলাকৰ প্ৰতিও দৃষ্টি দিয়া উচিত।

বেজবৰুৱাই মুক্তি গল্পত কৈছে “আজিকালিৰ স্কুল আগৰ দিনৰ নিচিনা বিদ্যাৰ্থীক পৱিত্ৰ বিদ্যা দান দিয়া পঢ়াশালি নহয়। সি চকী, মেজ, বেঞ্চ, ঘড়ী, চকীদাৰ আদিৰে বিভূষিত আৰু গুৰু শিষ্যৰ আন্তৰিকতা শূন্য ক্ষন্তেকীয়া সমন্ধেৰে সমন্ধ লগা নিৰ্মম মহলা লোৱা কাৰখানাহে। তাত ছাতৰৰ মানসিক সুবৃত্তিবোৰ পৰিৱৰ্দ্ধিত নহৈ জাঁতত চাউল পিহ খোৱাদি পিহ খোৱাৰহে বন্দোৱস্ত।”

শেহতীয়াকৈ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাই এটা জলন্ত সমস্যাৰ সৃষ্টি কৰিছে। সমাজৰ জটিলতাত খোজ দিয়াৰ আগতেই কেৱল মাত্ৰ কেইটামান নম্বৰৰ কাৰণে আত্মহত্যা কৰা বিষয়টোৰ আলমত আমাৰ শৈক্ষিক ব্যৱস্থাটোক বিচাৰ কৰি চোৱা অতি প্ৰয়োজন হৈ পৰিছে। আমি প্ৰতি বছৰে বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে ‘শিক্ষক দিৱস’ পালন কৰি আহিছোঁ। কিন্তু বাস্তৱত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আদৰ্শৰে শিক্ষানীতি তৈয়াৰ কৰা হৈছেনে?

উৎসৱৰ দৰে তথাকথিত ভাৱে পালন কৰা এই দিৱসটোৱে ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু আমাৰ শিক্ষা ব্যৱস্থাটোৰ কিবা পৰিৱৰ্তন আনিছেনে? ড° ৰাধাকৃষ্ণণে কৈছিল “শিক্ষক কেৱল সেইসকলেই নহয় যি ছাত্ৰ-ছাত্ৰীৰ মস্তিষ্কত তথ্যৰ এটা ভাণ্ডৰ সৃষ্টি কৰে, বাস্তৱিকতে শিক্ষক সেইসকলহে যি তেওঁক আহিব লগা সময়ৰ বাবে প্ৰস্তুত কৰে।”

ড° ৰাধাকৃষ্ণণে কেৱল নম্বৰ কেন্দ্ৰিক শিক্ষাৰ কথা কোৱা নাছিল। তেওঁ ছাত্ৰ-ছাত্ৰীৰ মানৱীয় উৎকৰ্ষ সাধনৰ লগতে ছাত্ৰ-ছাত্ৰীক নৈতিক ভাৱে সুস্থ-সবল কৰি গঢ়ি তোলাৰ শিক্ষা প্ৰদান কৰাৰ কথাহে কৈছিল। তেওঁ বিচাৰিছিল The end-product of education should be a free creative man, who can battle against historical circumstances and adversities of nature। অৰ্থাৎ ড° ৰাধাকৃষ্ণণে শিক্ষাৰ জৰিয়তে যিকোনো পৰিৱেশৰ বিৰুদ্ধে যুঁজিব পৰাকৈ এজন মুক্ত-চিন্তাৰ মানুহৰ জন্ম দিয়াৰ কথাহে কৈছিল। বাস্তৱিকতে আজিৰ শিক্ষাই ছাত্ৰ-ছাত্ৰীক এই সাহস, শক্তি আৰু সূক্ষ্ম চিন্তা-চৰ্চা প্ৰদান কৰিছেনে?

আজিৰ ছাত্ৰ-ছাত্ৰীয়ে কেৱল নম্বৰৰ পিছত দৌৰোঁতে দৌৰোঁতে যেন ‘মানৱীয় উৎকৰ্ষ সাধনৰ শিক্ষা’ ক’ৰবাতে এৰি থৈ আহিবলৈ বাধ্য হৈছে। ইয়াৰ বাবে জগৰীয়া কোন? জগৰীয়া আমাৰ শিক্ষা ব্যৱস্থা, শিক্ষক আৰু অভিভাৱক।

বৰ্তমান চাকৰি আৰু বৃত্তিমুখী শিক্ষা ব্যৱস্থাই এনে এটা পৰিৱেশৰ সৃষ্টি কৰিছে যে পৰীক্ষাত কম নম্বৰ লাভ কৰিলেই নিজৰ লক্ষ্যত উপনীত হ’ব পৰা নহ’ব। দেখা যায় প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উচ্চ স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক ফটো, সাক্ষাৎকাৰ আদিৰে এটা দিন ভৰাই তোলা হয়।

ফলত ছাত্ৰ-ছাত্ৰীৰ মনত নম্বৰ কেন্দ্ৰিক এক মানসিকতাৰ সৃষ্টি হয়। কিন্তু বাস্তৱত এই ধাৰা কিমানজন ছাত্ৰ-ছাত্ৰীয়ে ৰক্ষা কৰিব পাৰিছে তাৰ খবৰ ৰখা হৈছেনে? ছাত্ৰ-ছাত্ৰীক উৎসাহ দিয়াতো ভাল কথা। জীৱনৰ লক্ষ্যও থাকিব লাগিব। কিন্তু লক্ষ্যত উপনীত হ’বলৈ যাওঁতে ‘শিক্ষা’ আত্মহত্যাৰ কাৰক হৈ পৰাতো কিমানদূৰ সমীচীন?

সেয়ে ব্যৱস্থা এটাৰ পৰিৱৰ্তন নকৰাকৈ কেৱল ঘটনা এটাৰ পিছত আলোচনা কৰি থাকিলেই সমস্যাৰ সমাধান নহয়।

ড° ৰাধাকৃষ্ণণৰ দৰেই অসম তথা ভাৰতৰ শিক্ষা ব্যৱস্থা আৰু ইয়াৰ সংশোধনৰ একাধিক উপায়ৰ বিষয়ে বেজবৰুৱাই তেওঁৰ ৰচনাতো উল্লেখ কৰিছিল। ‘কাহুঁদী আৰু খাৰলি’ বিষয়ক ৰচনাসমূহৰ এঠাইত তেওঁ কৈছে- “উঠি অহা ল’ৰা-ছোৱালীক এনে শিক্ষা দিয়াৰ প্ৰয়োজন যে, সেই শিক্ষাৰ গুণত সিঁহত সেই কাৰ্যৰ নিমিত্তে সহজে যোগ্য হয়।

আমাৰ দৃঢ় বিশ্বাস যে বৰ্তমান পঢ়াশালি, স্কুল, কলেজত যি প্ৰণালীত যি শিক্ষা দিয়া হৈছে, সি সেই মহৎ উদ্দেশ্যৰ প্ৰতিবন্ধকহে হৈ পৰিছে। এই নিমিত্তে শিক্ষাৰ আমূল পৰিবৰ্তন আৱশ্যকীয়।” ছাত্ৰ-ছাত্ৰীক স্বাধীন ভাৱে চিন্তা কৰাৰ মুক্ত পৰিবেশ দি নিজৰ বিচাৰ-বিবেচনাৰে শক্তি বৃদ্ধি কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছিল।

মুখস্থ বিদ্যা, শিক্ষাৰ ‘নোট দিয়া’ অবিদ্যাসমূহক আৰু পৰীক্ষাৰ ওপৰত পৰীক্ষাৰ ব্যৱস্থাক বেজবৰুৱাই বৰ্জন কৰিবলৈ উপদেশ দিছিল। লগতে প্ৰত্যেক ছাত্ৰ আগলৈ মানুহ হ’বলৈ হ’লে ‘বাহিৰৰ ঘৰ, সমাজ আৰু দিগন্ত প্ৰসাৰিত মুক্ত প্ৰকৃতিৰে সৈতে ঘনিষ্ঠতা’ অপৰিহাৰ্য বুলি কোৱাৰ লগতে ছাত্ৰক উগ্ৰ দণ্ড, দাবি, প্ৰহাৰ আৰু পেংলাইৰে শিক্ষা দিয়া প্ৰথাটো সম্পূৰ্ণৰূপে পৰিত্যক্ত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

প্ৰকৃততে চাবলৈ গ’লে আজিৰ ছাত্ৰ-ছাত্ৰীক নম্বৰৰ পিছত দৌৰিবলৈ আমিয়েই বাধ্য কৰা নাইনে? জ্ঞান, যোগ্যতাতকৈ আজি সকলোতে নম্বৰক প্ৰাধান্য দিয়া হৈছে। ভাল শিক্ষানুষ্ঠানত নামভৰ্ত্তি কৰিবলৈ তাহানিৰ ৬০% এতিয়া ১০০% লৈ বৃদ্ধি হ’ল।

কলেজ শিক্ষকৰো চাকৰিবিলাক যোগ্যতাতকৈ পৰীক্ষাৰ নম্বৰ, গৱেষণা-পত্ৰ, প্ৰবন্ধ, কিতাপ আদিৰ সংখ্যাৰ হিচাপত হ’বলৈ ধৰিলে। তেন্তে ছাত্ৰ-ছাত্ৰীৰ উপায় কি? হাইস্কুলৰ পৰা বিশ্ববিদ্যালয়লৈকে ভাল নম্বৰ নাপালে আজি কলেজ শিক্ষকৰ চাকৰি লাভ কৰিব নোৱাৰা অৱস্থা হ’ল।

আজিৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতাৰ নামত এনে এখন মহাৰণ আৰম্ভ কৰি দিছে যে সেই ৰণত পৰি বহুতে নিজকে শেষ কৰি দিব লগা হৈছে। এই ৰণ খন কিন্তু ছাত্ৰ-ছাত্ৰীয়ে আৰম্ভ কৰা নাই। আৰম্ভ কৰিছে আমাৰ প্ৰশাসনিক, সামাজিক, শৈক্ষিক ব্যৱস্থাৰ নীতি নিৰ্ধাৰক ব্যক্তিসকলেই।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উচ্চ স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ফটো, সাক্ষাৎকাৰ প্ৰকাশ হোৱাৰ বিপৰীতে আজিলৈকে এনে ছাত্ৰ-ছাত্ৰীক আদৰ্শ হিচাপে প্ৰচাৰ চলোৱা হৈছেনে- যি হাজাৰ বিফলতাৰ পিছতো আজি সমাজত এজন সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। আজিৰ সমাজত এনে কোনো প্ৰতিষ্ঠিত ব্যক্তি নাইনে যি মেট্ৰিকত ফেইল কৰা নাছিল !!

ইয়াৰ বিপৰীতে এনে ছাত্ৰ-ছাত্ৰীও নাইনে যি ভাল নম্বৰ লাভ কৰি ফটো, সাক্ষাৎকাৰে আদিৰে এদিন কাকতত নিজৰ নাম উঠোৱাৰ পিছতো আজি এজন সাধাৰণ ব্যক্তিলৈ পৰিণত হৈছে !! এইবিলাকৰ সমীক্ষা হোৱা উচিত। তেতিয়া ছাত্ৰ-ছাত্ৰীয়ে অনুপ্ৰেৰণা লাভ কৰিব যে জীৱনৰ এটা মাত্ৰ বিফলতাই জীৱন নহয়।

নিজৰ যোগ্যতা, জ্ঞানেৰে জীৱনৰ যিকোনো মুহূৰ্ত্ততে সফলতা লাভ কৰিব পাৰি। ইয়াৰ বাবে আমাৰ সমাজ ব্যৱস্থা, শিক্ষা ব্যৱস্থা আৰু প্ৰধানকৈ আমাৰ মানসিকতাৰ পৰিবৰ্তন কৰা উচিত, তেতিয়াহে ছাত্ৰ-ছাত্ৰীয়ে নম্বৰ আৰু ফলাফলৰ পৰা ওলাই আহি জীয়াই থকাৰ সাহস লাভ কৰিব।

আজি সততে প্ৰশ্ন উত্থাপিত হৈছে যে আমাৰ চাৰিওফালে মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয় হৈছে। নতুন প্ৰজন্ম বিপথে পৰিচালিত হৈছে। আজিৰ বিদ্যালয়সমূহে সমাজ এখনৰ ভৱিষ্যত প্ৰজন্মৰ সন্মুখত এনে কি আদৰ্শ দাঙি ধৰিছে বা ‘প্ৰমূল্যবোধৰ শিক্ষা’ প্ৰদান কৰিছে যে উঠি অহা নতুন প্ৰজন্মই নিজকে চিনি পাবলৈ সক্ষম হৈছে। প্ৰচলিত সমাজব্যৱস্থাৰ পৰিৱৰ্তন প্ৰধান চৰ্তটোৱেই হোৱা উচিত প্ৰথমে নিজক পৰিৱৰ্তন কৰা আৰু নিজৰ পৰাই পৰিবৰ্তনৰ ধাৰাটো আৰম্ভ কৰা। কিন্তু এই স্ব-সংশোধনৰ শিক্ষা আজিৰ বিদ্যালয়সমূহে প্ৰদান কৰিছেনে?

পুথিগত শিক্ষা, নম্বৰ, পৰীক্ষা, টিউচন আদিৰ মাজত আজিৰ ছাত্ৰ-ছাত্ৰীয়ে অন্য বিষয়বোৰ শিকাৰ অৱকাশ পাইছেনে? মানৱীয় প্ৰমূল্যবোধ, সামাজিক সংস্কাৰ, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদিৰ শিক্ষাৰ অবিহনে কেৱল নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থাই প্ৰকৃত গুণসম্পন্ন এটা নতুন প্ৰজন্মৰ জন্ম দিব পাৰিবনে? আৰু এনে এটা নতুন প্ৰজন্মৰ অবিহনে আমি আমাৰ সামাজিক পৰিৱৰ্তনৰ আশা ৰাখিব পাৰোঁনে?

আমাৰ প্ৰশাসনিক, সামাজিক, শৈক্ষিক ব্যৱস্থাৰ নীতি নিৰ্ধাৰক ব্যক্তিসকলে যেতিয়ালৈকে এই কথাবোৰ সূক্ষ্ম ভাৱে বিচাৰ কৰি বাস্তৱসন্মত পদক্ষেপ নলয়, তেতিয়ালৈকে আমি অন্ধকাৰ ভৱিষ্যতৰ দিশেৰেই গতি কৰিব লাগিব।

শেষত, মনত ৰখা ভাল- ঘৰৰ সকলো সুবিধা, টিউচন, ভাল বিদ্যালয় আদি লাভ কৰি কেৱল যান্ত্ৰিকতাৰে ১০০% নম্বৰ লাভ কৰা ছাত্ৰজনতকৈ ঘৰৰ হাজাৰ অসুবিধা আৰু টিউচনৰ অবিহনেই, নিজেই উপাৰ্জন কৰি সাধাৰণ স্কুলত পঢ়ি ৬০% লাভ কৰা ছাত্ৰজন সমাজৰ বাবে বেছি প্ৰয়োজনীয়।

কিন্তু দুখৰ কথা আজিৰ শিক্ষা ব্যৱস্থা, উচ্চশিক্ষা আৰু চাকৰিৰ বজাৰে পিছৰ জন ছাত্ৰক কেতিয়াও আগাবাঢ়িবলৈ সুবিধা নিদিয়ে। বেজবৰুৱাই আত্মজীৱনীত অকপট ভাৱে তেওঁৰ স্কুলৰ প্ৰতি থকা ভয়ৰ কথা স্বীকাৰ কৰি কৈছিল “স্কুল মোৰ মনত ভয়ৰ ভৱন নহৈ যদি আনন্দভৱন হ’লহেঁতেন আৰু মোৰ নিচিনা দুৰ্ভগীয়া ‘স্কুলাতঙ্কৰোগগ্ৰস্ত’ এশ-এটা ল’ৰাৰ পক্ষেও যদি তেনেকুৱাই হ’লহেঁতেন, তেন্তে আমাৰ দেশত কি সুস্থ সবল দেহৰ আৰু মনৰ এচাপ প্ৰজাৰ (generation) সৃষ্টি হ’লহেঁতেন (মোৰ জীৱন সোঁৱৰণ, পৃষ্ঠা-৩২)।” এখন মূল্যবোধ সম্পন্ন সমাজ গঢ়াৰ বাবে সময় থাকোঁতেই এই ভয় আৰু মানসিকতাৰ পৰিৱৰ্তন ঘটোৱা উচিত।

লেখক: অঞ্জল বৰা

 

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top