অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিষ্টাচাৰ

শিষ্টাচাৰৰ বিষয়ে ইয়াত দিয়া হৈছে।

শিষ্টাচাৰ হ’ল ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰৰ বাহ্যিক সৌষ্ঠৱসমূহৰ অন্যতম। ই ভূষণ। সজ আচৰণৰ ফলত সৰু সৰু কামবোৰো সুন্দৰ হৈ পৰে। শিষ্টাচাৰৰ গুণত জীৱনটো সৌন্দর্যময় আৰু আনন্দদায়ক কৰি গঢ়ি উঠে।

‘শিষ্টাচাৰ’ এটা সাধাৰণ শব্দ নহয়। ইয়াৰ জৰিয়তে জীৱনৰ কৰ্মপথ সফলতাৰ দিশে ধাবিত হয়। সামাজিক স্থিতিও মধুৰ কৰি তোলে। এইক্ষেত্ৰত বিছপ মিড্‌ল টনে কৈছিল- ‘ভাল কাম এটাও জধলাভাৱে কৰিলে সি সুফল হোৱাতকৈ বিৰক্তিজনকহে হয়। এজন ব্যক্তি বা ছাত্ৰৰ বিষয়ে কি ধাৰণা কৰিব, সেই কথা নিৰ্ভৰ কৰে ছাত্ৰজনৰ ব্যৱহাৰৰ ওপৰত। ব্যক্তিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা বহুত উল্লেখনীয় গুণতকৈ ইয়াৰ শক্তি বেছি। প্ৰথম দৰ্শনতে এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ মনত কেনে প্ৰভাৱ বিস্তাৰ কৰে, তাৰ ওপৰত ই কথা নিৰ্ভৰ কৰে। বিনয় আৰু শিষ্টাচাৰৰ বলত অচিনাকি লোকজনকো আকৰ্ষণ কৰিব পাৰি। ব্যৱহাৰৰ অমায়িকতা আৰু শোভনীয়তাই সকলো দিশতে আওৰাই লৈ যাব পাৰে লগতে আনৰ অন্তৰত প্ৰৱেশৰ দুৱাৰ মুকলি কৰি দিয়ে। সেয়ে শিষ্টাচাৰ বুলিলে অমায়িকতা আৰু মনোহাৰিতাকে বুজায়। আচৰণত বিনয় আৰু 'ভদ্রতা এই দুই গুণেহে প্রকৃত মানুহ এজনক জিলিকাই তোলে। এজন ব্যক্তিৰ আচৰণে চৰিত্ৰৰ আভাস দিয়ে। শিষ্টাচাৰৰ আন এটা লক্ষণ হ’ল সূক্ষ্ম অনুভূতি আৰু সৰু সৰু কামবোৰ নিষ্ঠাৰে পালন কৰা। ভগৱানে দিয়া সামৰ্থ্য কর্মশক্তিৰ মাজেৰে প্ৰদৰ্শন কৰিব লাগে। সেই কৰ্মৰ দিশত আগবাঢ়োতে আমি বিবেকৰ নিৰ্দেশ পালন কৰিব লাগে। আত্মসন্মানেৰে সৎ আৰু পৰিশ্ৰমী হৈ কৰ্ম কৰিলে আমি সকলোৰে শ্ৰদ্ধাভাজন হোৱাৰ লগতে সফল হ’ব পাৰিম। দ্বাদশ শ্ৰেণীত পঢ়া ছাত্র এজনক ক’লো—তোমাক মই ১০ টকাৰ মিঠাই খাবলৈ দিম তুমি সৌ ষ্টুডিঅ’টোৰ পৰা মোক এখন দৰমহাৰ বিল আনি দিব পাৰিবা ? তেতিয়া ছাত্ৰজনে উত্তৰ দিলে- “বাইদেউ, দহ টকাৰ বিনিময়ত নহয় মই হৃদয়েৰে আপোনাক কাগজখন আনি দিম। কিয়নো আপুনি মোৰ শিক্ষাগুৰু। ছাত্রজনৰ স্পষ্ট কথাত মোৰ অন্তৰত তাৰ প্ৰতি কৰুণা উথলি উঠিল। ধন্যবাদ বুলি তাক হিয়া উজাৰি আশীৰ্বাদ দিলো। ছাত্ৰজনৰ ব্যৱহাৰ কিছুসময় অনুভৱ কৰিলোঁ।

আত্মত্যাগ, স্বাৰ্থত্যাগ, দয়া আৰু পৰোপকাৰৰ সৰু সৰু কামবোৰ নিয়াৰিকৈ কৰিলেই শিষ্টাচাৰ ফুটি উঠে। শিষ্টাচাৰৰ ভেটি প্রতিষ্ঠা হয় ঘৰখনতেই। জন্মগত অভ্যাসবোৰ যেনেধৰণৰ নহওক, ঘৰখনৰ আচাৰ-আচৰণে প্ৰভাৱিত কৰিবই। সৰু সৰু কামত যিজনে আনৰ বিশ্বাসভাজন হ'ব পাৰে, তেনে লোকে ডাঙৰ কামতে বিশ্বাসভাজন হ’ব পাৰে। এজনে আনি এজনলৈ দেখুওৱা দয়া আৰু স্বাৰ্থত্যাগে আনৰ অন্তৰতো তেনে ভাবৰ সঞ্চাৰ কৰিব। তেনেদৰে সত্য আৰু বিশ্বাসৰ ক্ষেত্ৰতো একে কথাই। ছাত্র এজনৰ শিষ্টাচাৰ তেনে গুণবোৰৰ পৰা সহজে ধৰা দিয়ে। এই সজ গুণবোৰ চিৰস্থায়ী, তাৰ জ্যোতি সকলোতে বিয়পি পৰে।

সৎ চিন্তা, সৎকর্ম সূর্যৰ দৰে সত্য। সৎ আদর্শ কেতিয়াও হেৰাই নাযায়। এটা সৎ কর্ম, সৎ দৃষ্টিভংগীয়ে এখন সমাজ, এটা জাতি জিয়াই ৰাখিব পাৰে। যেনেদৰে সামান্য ৫ টি এটাৰ পৰাই বৃহৎ বৃক্ষ এজোপাৰ সৃষ্টি হয়, তেনেদৰে সৎ চিন্তা, সৎ কর্তব্যই ব্যক্তিক মহান কৰি তোলে। কৰ্ডছৱৰ্থে তেওঁৰ কবিতা এটাত কৰ্তব্যক কঠোৰ বিধানকর্তা বুলি সম্বোধন কৰিছে।

কিন্তু সৎকর্মৰ ফল সহজ নহয়। বহু বিপদ-বিঘিনিৰ মাজেৰে প্ৰকৃত ফল পাব পাৰি। কিটো কৰা উচিত, সেইটো জনাৰ বাবে আমাৰ বিচাৰ শক্তি থাকিব পাৰে কিন্তু কৰিবৰ বাবে উদ্দেশ্যৰ দৃঢ়তা আমাৰ প্ৰায়ে নাথাকে। দুর্বল-সংকল্পী মানুহে আকাশত চাং পাতি সময় কটায়, তেওঁলোকে কার্যতঃ একোকে নকৰে। এজন পৰিশ্ৰমী বনুৱাই কৈছিল- কাম এটা বুলিলে তাক কৰিবলৈ চেষ্টা কৰিব লাগে, সেইটোহে আচল কথা। কামটো সম্পর্কে ভবা-চিন্তা কৰি থকাৰ পৰা কাৰো একো লাভ নহয়। তেওঁহে আচলতে প্ৰকৃত লোক।

সজ কাম কৰাতেই আমাৰ শিষ্টাচাৰ অব্যাহত ৰয়। সজ ইচ্ছাতেই সজ কামৰ সৃষ্টি হয়। ভাল কাম এটা সম্পন্ন কৰিবলৈ হ’লে তাত নেৰানেপেৰাকৈ লাগি থাকিব লাগে। এজনৰ শ্ৰম, ত্যাগ, গভীৰ জীৱনবোধ আন এজনৰ আদৰ্শ হয়। সজ কৰ্মই প্রকৃত শিষ্টাচাৰ। আমি একেবাৰে কেতিয়াও নভবা কামতে ডাঙৰ বাধা-বিপত্তিবোৰ ওলায়। বিপদৰ সময়ত অধৈৰ্য নহৈ দৃঢ়তাৰে ৰ’লে আমি বাধা বিপত্তিবোৰৰ সমাধান উলিওৱাত সহজ হয়। দৈনন্দিন জীৱনত বহুতো সমস্যাই আমাক আগভেটি ধৰে। সেইবোৰক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি সৎ পথত কৰ্তব্য কৰি গ’লে জীৱনৰ গৌৰৱ অটুট হৈ ৰয়। বিপদত পৰিলেহে নৈতিক শিক্ষা হয়। আমাৰ বিচাৰ-বুদ্ধিৰ ওপৰতে নৈতিক-অনৈতিকতাৰ পৰিচয় পোৱা যায়। জীৱনত বিপদ-আপদ আহিলে হাঁহিমুখে আৰু সাহসেৰে আমি সেইবোৰৰ সন্মুখীন হ’ব লাগে। অকল সুখেই আমাৰ লক্ষ্য হ’ব নালাগে। তাক লাভ কৰাৰ বাবে লগা কর্মোদ্যমতহে ঘাইকৈ থাকে বুলি এৰিষ্ট'টলে কৈছিল। তেওঁ ঠিক কথাকে কৈছে। কোনো এক লক্ষ্যত উপনীত হ’বলৈ থকা কৰ্মস্পৃহাই আমাৰ নৈতিক প্রত্যয় অর্থাৎ দৃঢ় বিশ্বাসৰ প্রতিফলন। কামটো কৰিব পাৰিম আৰু কৰিমেই- এই উপলব্ধিয়েই সফলতা আনে। বিপদ-বিঘিনিৰ জুইত পুৰিলেহে আমাৰ নৈতিক ব্যক্তিত্ব চিক্‌চিকীয়া হয়। আনৰ কৃতকাৰ্যতা দেখিলে মানুহে ঈর্ষা কৰে, কিন্তু দেখাত অসফল যেন লগা অনেক চেষ্টাৰ পিছতহে সফলতা লাভ কৰা যায়। ভাল কৰ্মৰ বীজ সিঁচিলে তাৰ পৰা এদিন ভাল ফল পোৱা যাবই।

শিষ্টাচাৰৰ পৰা অভ্যাস গঢ় লয়। নিয়মাবদ্ধ অনুশীলন আৰু আত্মসংযমৰ দ্বাৰা কিমান মহৎ কৰ্ম সাধন কৰিব পাৰি ভাবিলে আচৰিত লাগে। চৰিত্ৰ গঠনতো নৈতিক শিক্ষাৰ অনুশীলন খুবেই প্রয়োজন। ছাত্ৰ-ছাত্ৰীৰ আত্মসম্মানবোধ, জ্যেষ্ঠজনৰ আজ্ঞা পালনৰ অনুশীলন আৰু কর্তব্যবোধৰ বিকাশ ইয়াৰ ওপৰতে নিৰ্ভৰশীল। সংযমী, আত্মনিৰ্ভৰশীল লোকসকল সদায় অনুশাসনৰ মাজত থাকে। এই অনুশাসন যিমানেই উচ্চ পৰ্যায়ৰ হয়, তেওঁৰ আচাৰ-আচৰণো সিমানেই উচ্ছ মানৰ হয়। বুদ্ধদেৱৰ বাণী-“আত্মপদীপো ভৱ নিজক নিজৰ প্ৰদীপ কৰি নিজৰ পোহৰেৰে আলোকিত হোৱা। মানৱিক গুণেৰে সমৃদ্ধ হোৱাকে কোৱা হয় ‘মানুহ’। শিক্ষকসকলক শ্ৰদ্ধা কৰিলেহে ছাত্ৰই তেওঁলোকৰ ব্যক্তিগত সান্নিধ্য লাভ কৰিব পাৰে। ছাত্ৰৰ অৰ্থ যিয়ে ছাত্র অর্থাৎ ছাতিৰ দৰে শিক্ষকৰ দোষ ঢাকি ৰাখিব পাৰে, প্ৰকৃতাৰ্থত তেৱেঁই ছাত্ৰ। শিক্ষক আমি ব্রহ্ম, বিষ্ণু, মহেশ্বৰৰ লগত তুলনা কৰোঁ। গীতাত আছে একমাত্র সেইজনেহে জ্ঞান লাভ কৰিব পাৰে, যাৰ অন্তৰত শ্ৰদ্ধা আছে।

আমি গাঁৱৰ বিদ্যালয়ত পঢ়োতে চাইকেলেৰে গৈ থাকোতে সন্মুখেৰে যদি কোনো শিক্ষাগুৰু আহে, তেন্তে লগে লগে চাইকেলৰ পৰা নামি সন্মান জনাইছিলোঁ। তাৰ পিছত ছাৰৰ অনুমতি লৈহে পুনৰ চাইকেলত উঠিছিলোঁ। যিয়ে নিজক ভাল পায়, তেওঁ আনকো ভাল পায়। আত্মবিশ্বাসীজনে প্রতিদানৰ আশা নকৰে। তেনে লোকে জানে নিঃস্বার্থ ভালপোৱাৰ পৰা যি আনন্দ পোৱা যায়, সেয়াই প্রতিদিনৰ বাবে প্রতিদানস্বৰূপ হৈ পৰে। কৃতজ্ঞতা প্রকাশেই হ’ল প্রার্থনা। সেই প্রার্থনাৰ ওচৰত কেতিয়াও আমি ভিক্ষা বা প্রতিদান বিচাৰিব নালাগে। বিচাৰিব লাগে মাথোঁ মনোবল।

শিষ্টাচাৰ অৰ্জন কৰাৰ উপায়

১। পৰিয়াল, ঐতিহ্যক সন্মান জনালে।

২। দেশ বা জাতিৰ নায়কসকলৰ প্ৰতি শ্ৰদ্ধাশীল হ’লে।

৩। দেশক ভাল পালে।

৪। ধর্ম, ভাষা আৰু জাত-পাতৰ ভিত্তিত মানুহক বিচাৰ নকৰি মানৱতাৰ মাপকাঠীৰে মানুহৰ মূল্যায়ন কৰা।

৫। আনক হেয় প্রতিপন্ন কৰি।

৬।বিপদত পৰা মানুহক সাধ্যানুসাৰে সহায় কৰা।

৭। মানুহৰ প্ৰতি শ্ৰদ্ধাশীল হ’ল।

৮। শাৰীৰিক শক্তি আৰু মনোবল বৃদ্ধি কৰা।

৯। পঢ়া-শুনাৰ প্ৰতি মনোযোগী হৈ পৰীক্ষাত ভাল ফলাফল দেখুওৱা।

১০। মিঠা মাত-কথা, বিনয় বা নম্ৰ ব্যৱহাৰ আৰু কৰ্তব্য পৰায়ণতাৰ দ্বাৰা নিজক সংশোধন কৰা।

এইখিনি নিয়ম পালন কৰি ইতিবাচক ধাৰণা লৈ ছাত্ৰ-ছাত্ৰীসকলে কামত জপিয়াই পৰিলে শিষ্টাচাৰী হৈ সাফল্য অর্জন কৰিবই কৰিব।

লেখিকা: অনিতা দেৱী।

3.11538461538
গৌতম দাস Sep 23, 2018 09:50 PM

বহুত ভাল লাগিল পঢ়ি।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top