অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সংখ্যাৰ সৌন্দৰ্য-এক

সংখ্যাৰ সৌন্দৰ্য-এক

  • ১ হৈছে আটাইতকৈ সৰু স্বাভাবিক সংখ্যা। ই মৌলিকো নহয়, যৌগিকো নহয়। ই এটা অযুগ্ম স্ংখ্যা।
  • ১ক ১ৰে পূৰণ কৰিলে পূৰণফল সদায় ১ হয়।
  • ১ক ১ৰে একাধিকবাৰ পূৰণ কৰিলেও পূৰণফল ১ৱেই হ’ব।
  • কোনো সংখ্যাক ১ৰে হৰণ কৰিলে হৰণফল সেই সংখ্যাটোৱেই হ’ব।
  • কোনো সংখ্যাৰ লগত ১ যোগ দিলে তাৰ পাছৰ সংখ্যাটো আৰু ১ বিয়োগ কৰিলে তাৰ আগৰ সংখ্যাটো পোৱা যায়।
  • কোনো যুগ্ম সংখ্যাৰ লগত ১ যোগ বা বিয়োগ কৰিলে অযুগ্ম স্ংখ্যা পোৱা যায়।
  • কোনো অযুগ্ম সংখ্যাৰ লগত ১ যোগ বা বিয়োগ কৰিলে যুগ্ম সংখ্যা পোৱা যায়।
  • কেৱল ১ অংকযুক্ত সংখ্যাবোৰৰ বৰ্গ উলিয়াবলৈ সহজ। যেনে-

১×১=১

১১×১১=১২১

১১১×১১১=১২৩২১

১১১১×১১১১=১২৩৪৩২১

১১১১১×১১১১১=১২৩৪৫৪৩২১

১১১১১১×১১১১১১=১২৩৪৫৬৫৪৩২১

১১১১১১১×১১১১১১১=১২৩৪৫৬৭৬৫৪৩২১

১১১১১১১১×১১১১১১১১=১২৩৪৫৬৭৮৭৬৫৪৩২১

১১১১১১১১১×১১১১১১১১১=১২৩৪৫৬৭৮৯৮৭৬৫৪৩২১

লিখক: ড০ ৰফিক আলী।

শেহতীয়া উন্নীতকৰণ: : 3/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate