অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সময়ৰ সদব্যৱহাৰ

সময়ৰ সদব্যৱহাৰৰ বিষয়ে লিখা হৈছে

 

কবিয়ে কোৱা কথাষাৰেই বাৰে বাৰে মনলৈ আহিছে। সময় পাখি লগা কাঁড়ৰ দৰে’। এৰা, আমাৰ জীৱনৰ দিনবোৰ পাখি লগা কাঁড়ৰ দৰেই গৈ থকা নাই জানো। সময়ক লৈ যে কত কথা। সময় অমূল্য ধন। সময় ৰৈ নাথাকে। এবাৰ গুছি যোৱা সময় আৰু ওভতাই নোপোৱা। সময়ৰ কাম সময়তে কৰা । ক’বলৈ গ’লে গোটেই জীৱনটোতে সময়ক লৈ এনেবোৰ কথাই শুনি আহিলো। কিন্তু আমাৰ নিচিনা সাধাৰণ লোকৰ বাবে অতি দুৰ্ভাগ্যৰ কথাটোৱেই হ’ল— মূল্যৱান সময়ৰ মূল্য বুজি নোপোৱাটো। কিন্তু এই পৃথিৱীতে এনে বহু সাধাৰণ হৈ জন্মা লোকো আছে, যিসকলে সময় আৰু সাধনাক একত্ৰ কৰি তেওঁলোকৰ জীৱনক অতি অসাধাৰণ ৰূপত প্রতিষ্ঠা কৰি গৈছে। এ পি জে আব্দুল কালাম, আমাৰ ড: ভবেন্দ্ৰ নাথ শইকীয়া আদি লোকসকল জানো তেনে ব্যক্তি নহয়। যিসকল দৰিদ্ৰ পৰিয়ালত জন্ম হৈয়ো দেশৰ-সমাজৰ সু-মহান ব্যক্তি হৈ পৰিব পাৰিছে।

কোৱা হয় কাম কৰা লোকৰ বাবে সময়ৰ নাটনি নাই। বাস্তৱিক ক্ষেত্ৰতো দেখা যায়- তেওঁলোকে প্রতিটো সময় কামৰ মাজেৰে পাৰ কৰে। সময়বোৰ সুন্দৰকৈ সজাই লয়। প্ৰতিটো দিনৰ কৰিবলগীয়া কামবোৰ কিবা কাৰণত কৰিব নোৱাৰিলে মনতে শান্তি নাপায়। সেয়েহে সেইসকলে যেনে তেনে কৰিবলগীয়া কামটো সম্পন্ন কৰিবলৈ যত্ন কৰে। তাৰ বাবে লাগে এটা দৃঢ় মন। কৰ্মৰ মাজেৰে এনে লোকে আচলতে দৃঢ়তাৰে সাধনা কৰে। আমি বেছিভাগ মানুহেই সময়ৰ মূল্য নুবুজো। অর্থ নোহোৱা কথা-বতৰা, অবাবত বহি বা ঘূৰি, অযথা টিভি চাই আমাৰ জীৱনৰ বহু মূল্যৱান সময় অবাবত পাৰ কৰি দিওঁ। ভাবি দুখ লাগে যে এই গুছি যোৱা সময়বোৰ আমাৰ কাৰো জীৱনলৈ আৰু ঘূৰি নাহে। আজিও ভাবি বেয়া লাগে শৈশৱতে কোনোবাই যদি সময়ৰ কঠোৰ পাঠ শিকালেহেঁতেন জীৱনটোক কিছু অন্য ৰূপ দিব পাৰিলোহেঁতেন। পৰীক্ষাৰ বাবে পঢ়িম পঢ়িম বুলি ভাবি থাকোতে পঢ়া নহৈছিল আৰু পৰীক্ষাৰ মূৰামূৰি সময়ত না-জল, না-থল অৱস্থা হৈছিল। শেষত কোনোমতেহে সৰকিব পাৰিছিলো। লিখিম লিখিম বুলিও নিলিখিছিলো প্রিয় মামা-মামীলৈ অন্তৰৰ মৰমবোৰ পঠিয়াই দিব পৰা চিঠিখন। এতিয়াতো চিঠি লিখাৰ পৰম্পৰাই নোহোৱা হ’ল। সেই চিঠিখন নিলিখাৰ বাবেও মনত আজি ভীষণ আপছোছ হয়। যাম যাম বুলি ভাবিও গাঁৱৰ আইতাৰ (পিতাদেউৰ মাতৃ) খবৰ এটা ল’বলৈ নাযাওঁতে এদিন খবৰ পালো বাসত্তৰ বছৰীয়া আইতাই এই পৃথিৱীখনৰ পৰা বিদায় মাগিলে।

অথচ আমাৰ সাধাৰণ জীৱন। অসাধাৰণ একো কাম-কাজেই নাই। ৰন্ধা-বঢ়া আৰু খোৱা, তথাপি আমি কৰিবলগীয়া বহু কামেই নকৰো সময়ৰ মূল্য নুবুজাৰ বাবেই। সময়ক আগত লৈ জীৱনৰ কামবোৰ কৰি যোৱা হ’লে আজি কিছু পূর্ণতা অনুভৱ কৰিলোহেঁতেন। জীৱনত আগ বয়সত কৰা ভুলৰ অনুশোচনা কৰিব লগা হয় ভৱিষ্যতৰ দিনবোৰত।

মই ভাবো, আজিৰ পিতৃ-মাতৃ, শিক্ষক সকলোৱে ল’ৰা- ছোৱালীক সময়ৰ সুব্যৱহাৰ আৰু নিয়মানুৱৰ্তিতাৰ সুপাঠ দিয়া উচিত। কাৰণ বর্তমান যুগৰ ল’ৰা-ছোৱালীৰ বিভিন্ন দিশত অবাটে বাট বোলাৰ সুযোগ-সুবিধাই বেছি। নেট ছাৰ্ছ কৰি নাচাবলগীয়াৰ অনুসন্ধান কৰা, সেইবোৰ চাই চাই অমূল্য সময় খৰচ কৰা, হাতৰ ম'বাইল ফোনকে ধৰি বিভিন্ন গেজেট, বাৰ, বন্ধু-বান্ধৱৰ লগত আড্ডা, ঘূৰা-ঘূৰি, পাটী, মটৰ, বাইক, বিলাসিতা ইত্যাদি কত যে বাট-অবাটে হাত বাউল দি মাতি থাকে। আজিৰ প্রজন্মক ইমানবিলাক অনাৱশ্যকীয় দিশৰ পৰা আজিৰ প্রজন্মক ধৰি ৰখাই কঠিন হৈ পৰিছে। সেয়েহে ভাবো আজিৰ উঠি অহা প্রজন্ম যিসকলে ভবিষ্যতে দেশৰ, সমাজৰ, ঘৰ-সংসাৰৰ, নিজৰ জীৱনৰ গধূৰ দায়িত্ব কান্ধ পাতি ল’ব লাগিব সেইসকলক জীৱনৰ আদিতে সময়ৰ জ্ঞান দিয়াতো অতি জৰুৰী কথা। এই ক্ষেত্ৰত ঘঁহি থাকিলে শিলো ক্ষয় যায় নীতিয়েই আমি মানি চাব পাৰো।

পাৰ হৈ যোৱা সময়বোৰৰ কথা অনুভৱ কৰিয়েই এইখিনি কথা পিতৃ-মাতৃসকললৈ আগ বঢ়ালো। আমি অগ্ৰজসকলে যি ভুল কৰিছে আমাৰ সন্তানসকলৰ ক্ষেত্ৰত তাৰ পুনৰাবৃত্তি নঘটে যাতে। কাৰণ তেওঁলোক আজি এখন নতুন পৃথিৱীৰ সন্তান। এই পৃথিৱীৰ সতে তাল মিলাব লাগিব তেওঁলোকে।

লেখিকা: আৰতি ভূঞা, অসম বাণী।

 

3.24242424242
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top