এজন মানুহ সমাজত সুস্থ আৰু সবল ভাৱে জীয়াই থাকিবৰ বাবে কিহৰ প্ৰয়োজন? এখন ভাল সমাজ, এটা ভাল পৰিবেশ আদিৰ লগতে নিত্য প্ৰয়োজনীয় সম্পদ সমূহ, তাৰোপৰি বিভিন্ন শাৰীৰিক কাম-কাজ, ব্যম আদিৰ লগতে খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগিব। কথা হ’ল- আমি কি কি খাদ্য গ্ৰহণ কৰিম………..? এজন মানুহক সুস্থ বুলি কবলৈ গলে কেৱল স্বাস্থ্য থাকিলেই তেখেতক সুস্থ বুলি কব নোৱাৰি। তেখেতে শাৰীৰিক খাদ্য খোৱাৰ লগতে মানসিক খাদ্য খোৱাৰ প্ৰয়োজন।
বিভিন্ন ধৰণৰ কিতাপ, প্ৰবন্ধ, আলোচনী আদি পঢ়ি আমি মানসিক খাদ্য গ্ৰহণ কৰিব পাৰো। তাৰ বাবে আমি নিজে সুস্থ মনৰ অধিকাৰী হ’ব লাগিব আৰু তেতিয়াহে পৰিবেশ সুস্থ হ’ব, আৰু সমাজ সুস্থ হ’ব আৰু তেতিয়া আমাৰ দেশ সুস্থ হ’ব।
শেহতীয়া উন্নীতকৰণ: : 4/26/2020