আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা খূবেই কম ওলাব।ব্লুটুথ হল কম দুৰত্বৰ ভিতৰত থকা দুটা কম্পিউটাৰ,মোবাইল বা তেনে কোনো ইলেকট্ৰনিক ডিভাইছৰ মাজত ডাটা দিয়া-লোৱাৰ (exchange) এটা তাঁৰবিহীন কৌশল ।ইয়াক ১৯৯৪ চনত টেলিকম ভেন্দৰ (বেচোঁতা) এৰিকছনে আৱিস্কাৰ কৰিছিল । পূৰ্বতে RS-232 ডাটা কেৱলেৰে দুটা ডিভাইছ সংযোগ কৰি ডাটা একছেঞ্জ কৰাৰ যি পদ্ধতি চলি আছিল তাৰ বিকল্প ৰূপত আচলতে ইয়াক আৱিস্কাৰ কৰা হৈছিল।
ব্লুটুথক Bluetooth Special Interest Group (SIG) নামৰ এটা সংস্থাই নিয়ন্ত্ৰণ কৰে,যাৰ নিয়ন্ত্ৰণত ইলেকট্ৰনিক জগতৰ ২০,০০০ কোম্পানী জড়িত হৈ আছে।
ব্লুটুথ শব্দতো আচলতে স্কান্ডিনেভিয়্যান (Scandinavian: চুইডেন, ডেনমাৰ্ক,নৰৱে,ফিনলেণ্ড আৰু আইচলেণ্ডৰ সতে সম্বন্ধিত) ভাষাৰ পৰা ইংৰাজী ভাষালৈ ধাৰ কৰা এটা শব্দ। এই শব্দতো লোৱা হৈছিল দশম শতিকাৰ সম্ৰাট ‘হেৰল্ড ব্লুটুথ’ ৰ নামৰ পৰা। যি জনে ভেদাভেদৰ ৰক্তপাতত ব্যস্ত থকা ডেনিচ জনগোষ্ঠীক এখন সম্ৰাজ্যৰ অধীনত একত্ৰিত কৰিছিল;জনবিশ্বাস মতে তেওঁলোকৰ মাজত খৃষ্টান ধৰ্মকো তেওঁয়েই পৰিচয় কৰাই দিছিল।এই নামটো নিৰ্বাচন কৰাৰ কথা প্ৰথমে মনলৈ আহে ১৯৯৭ চনত ‘জিম কাৰডাছ’ নামৰ এজন ব্যক্তিৰ,যি জনে কম্পিউটাৰৰ সতে মোবাইল সংযোগ কৰি ডাটা লোৱা-দিয়াৰ এটা পদ্ধতিৰ উন্নীতকৰণ কৰিছিল। এই কথাটো মনলৈ অহাৰ সময়ত তেওঁ ‘ফ্ৰাঞ্ছ জি বেনঘ’ছ্ছন’ ৰ (Frans G.Bengtsson) ঐতিহাসিক উপন্যাস ‘দ্যা লং চিপ’(The long ship) খন পঢ়ি আছিল।য’ত সাগৰীয় দস্যু আৰু মহাৰাজ ‘হেৰল্ড ব্লুটুথ’ ৰ কথা বৰ্ননা কৰা হৈছিল। ব্লুটুথ ব্যৱস্থায়ো বিশ্বক আজি আদান-প্ৰদানৰ ক্ষেত্ৰত একত্ৰিত কৰিবলৈ সক্ষম হৈছে।
লিখক: ইমৰান হুছেইন
শেহতীয়া উন্নীতকৰণ: : 6/5/2020