অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইউনিক’ড: বিশ্বাস আৰু সংশয়ৰ প্ৰকাশ

ইউনিক’ড: বিশ্বাস আৰু সংশয়ৰ প্ৰকাশ

 

ৰাছিয়াৰ বিশ্ববিশ্ৰুত চলচিত্ৰ পৰিচালক আন্দ্ৰে তাৰ্কোৱস্কীৰ চিনেমা এখন চাই এজনী ছোৱালীয়ে মাকলৈ এখন চিঠি লিখিছিল । চিঠিৰ ভাষা আছিল এনেধৰণৰঃ

“…..এজন মানুহে কিমান শব্দ জানে বাৰু? তেওৰ দৈনন্দিন জীৱনত কিমান শব্দ ব্যবহাৰ কৰে? এশ? দুশ ….তিনিশ? আমি আমাৰ অনুভূতিসমূহ শব্দৰ বান্ধোনেৰে বান্ধি ৰাখো, সুখ-দূখ আৰু বিভিন্ন আবেগ শব্দৰে প্ৰকাশ কৰো, যিবিলাক প্ৰকৃততে এইদৰে প্ৰকাশ কৰিব নোৱাৰি ।ৰোমিঅই জুলিয়েটৰ অন্তৰাত্মা উদ্বেলিত কৰাকৈ শুৱলা আৰু ভাৱোদ্দীপক শব্দ চয়ন কৰিছিল, কিন্তু সেই শব্দবোৰে ৰোমিঅৰ আবেগৰ অৰ্ধেক অংশকো সঠিকভাৱে ব্যক্ত কৰিব পৰা নাছিল- যি আবেগ ৰোমিঅৰ হৃদয় ভেদি নিঃসৃত হৈছিল আৰু জুলিয়েটক প্ৰেমৰ বাহিৰে সকলো কথাই পাহৰাই পেলাইছিল ….”

আবেগৰ অপাৰ অভিব্যঞ্জনাৰ পৰিব্যপ্তিক ইন্দ্ৰিয়গ্ৰাহ্য হোৱাকৈ শব্দৰ অভিধাই চুই যোৱাৰ অসমৰ্থতাৰ কথা কিছু পৰিমাণে উক্ত বাক্যকেইশাৰীত ফুটি উঠিছে ।

১৯৩২ চনতে কোৱন্টাম ফিজিক্সৰ ‘থিয়ৰি অফ্‌ আনচাৰ্টেইনিটি’ (Theory of Uncertainty)ৰ উদ্ভাৱক  ৱাৰ্ণাৰ হাইজেনবাৰ্গেও একেধৰণৰ কথা এটা কৈছিল-

“ বিজ্ঞানৰ নিত্য নতুন আৱিষ্কাৰে আমাক বিভিন্ন ধৰণে প্ৰভাৱিত কৰিছে ঠিকেই; কিন্তু সমস্যা হৈছে এই আৱিষ্কাৰসমূহৰ বিষয়ে সঠিক তথ্য দিব পৰা শুদ্ধ ভাষা এটা উদ্ভাৱন হৈ উঠা নাই – ইয়াৰ পৰিণতিত বিজ্ঞানৰ আৱিষ্কাৰ সম্পৰ্কে বিভ্ৰান্তিৰ উদ্ৰেক হৈছে ।’’

আন্দ্ৰেই মানুহৰ মনোজগত, নষ্টাল’জিয়া, অজ্ঞাপনীয় অথচ ইন্দ্ৰিয়গ্ৰাহ্য আবেগ আদি বিষয় চিনেমাৰ ভাষাৰ মাধ্যমত প্ৰকাশ কৰিবলৈ কিছুমান অগ্ৰগামী পৰীক্ষা কৰিছিল । মানুহৰ মনোজগত সন্ধান কৰা এজন চলচিত্ৰনিৰ্দেশক আৰু পদাৰ্থৰ কেন্দ্ৰৰ সুক্ষ্মাতিসুক্ষ্ম (micro atomic level) অৱস্থিতিৰ গৱেষণা কৰা এজন বিজ্ঞানীয়ে একে সুৰতে মন্তব্য কৰি ভাষাৰ এটা বিশ্বজনীন সমস্যা উত্থাপন কৰি গৈছে ।সেয়া হ’ল প্ৰকাশৰ মাধ্যম হিচাপে ভাষাৰ সীমাবদ্ধতা ।

পুৰণি আৰু চহকী ভাষাসমূহে স্থানীয় বা বিদেশী ভাষাৰ পৰা শব্দ বা ধ্বনিগত শব্দক মান্যৰুপ দি নিজৰ পৰিসৰ বৃদ্ধি কৰিয়েই থাকে । ই এটা ক্ৰমবিকাশৰ দশা । কথিত ভাষাসমূহত ধ্বনিগত শব্দ সাঙুৰি প্ৰকাশৰ সুবিধা থকা স্বত্তেও ইয়াৰ কোনো প্ৰতিলিপি নথকাত ই পাহৰণিৰ গৰ্ভত লীন হয় ।আবেগময়তাক শব্দময়তালৈ ৰুপান্তৰ কৰাৰ ক্ষেত্ৰত সৃষ্ট প্ৰত্যাহ্বানে ভাৱ প্ৰকাশৰ আন মাধ্যমসমূহ যেনে চকু অথবা মুখমণ্ডলৰ ভাষাক অধিক প্ৰাসঙ্গিক কৰি তোলে ।

যদিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সমাজৰ উন্নতিৰ ৰুপৰেখা নিৰ্ণয় কৰে তথাপি হাইজেনবাৰ্গে কোৱৰ দৰে বিজ্ঞানৰ আহিলা / উদ্ভাৱন / সম্পৰীক্ষা সম্পৰ্কে সৰ্বসাধাৰণৰ মাজত প্ৰকৃত ছবিখন সদায় ধূসৰ হৈয়েই থাকিল । ইয়াৰ এটা প্ৰধান কাৰণ হ’ল হিতাধিকাৰি (beneficiary) হিচাপে সাধাৰণ মানুহ কেৱল ব্যৱহাৰকাৰীৰ (user) ঠাইতে সন্তুষ্ট থাকিল । দ্বিতীয়তে ইউৰোপ/আমেৰিকা/জাৰ্মানীত সম্পাদিত উদ্ভাৱনসমূহৰ যথাযথ থলুৱা বৈজ্ঞানিক পৰিভাষাৰ অভাৱ । অকল বিজ্ঞানৰ পৰিভাষাই নহয় বহু সময়ত মানুহৰ মনোজগতৰ অন্তৰ্ভাগৰ সাহিত্যিক শব্দতুল্য প্ৰকাশ বিচাৰি পোৱা টান । হৃদয়ৰ গভীৰতম আবেগ অনুভূতিটো বাদেই কেতিয়াবা অতি সাধাৰণ মুহুৰ্ত একোটাৰ প্ৰকাশৰ অভিব্যক্তি বিচাৰি স্ংগ্ৰাম কৰিবলগীয়া হয় ।

হাইজেনবাৰ্গৰ উক্ত চিন্তা উদ্ৰেককাৰী ভাষ্যৰ ষাঠি বছৰৰো অধিক কাল পিচত, ১৯৯৩ চনৰ মে মাহত বিশ্বৰ প্ৰথমতো ইউনিক’ড লিপি লুচিডা চাঞ্চ ইউনিক’ড (Lucida Sans Unicode) উদ্ভাৱন হয় । ইয়াৰ পূৰ্বে ত্ৰু টাইপ  আৰু অ’পেন টাইপ ফ’ন্ট ব্যৱহাৰ হৈছিল।   কম্পিউটাৰ লেঙ্গুৱেজত ফ’ন্ট ডেভেল’প কৰা প্ৰক্ৰিয়া অতি জটিল আৰু ই কেইবা দশকজুৰি অহৰ্নিশে চলি থকা গৱেষণাৰ ফল । এই দুবিধ ফ’ন্ট ত থকা সুবিধাৰ উপৰিও ইউনিক’ডত বিশ্বৰ বিভিন্ন ভাষা আৰু লিপিৰ পৰা আহৰিত ইডিঅ’গ্ৰাম (Ideogram), গ্লীফ(Glyph), ল’গ’গ্ৰাম (Logogram), সিম্বল, লিগাচাৰ (Ligature) আদি একেলগে মেপিং কৰি এক বিশ্বজুৰি গৃহীত মান্যৰুপ দিয়াৰ দিয়াৰ প্ৰচেষ্টা আৰম্ভ হৈছে । ইয়াৰ ফলত প্ৰচলিত ভাষাৰ পঠন আৰু চৰ্চা বৃদ্ধি পাব । বহুতো ভাষাৰ জটিল শব্দগাঠনি আৰু বৰ্ণসমূহৰ জ্যামিতিক/গ্ৰাফিকেল সমতুল্য (Graphical Equivalent) কম্পিউটাৰ লেঙ্গুৱেজত সাঙুৰি ল’ব নোৱাৰাৰ ববে সংকটৰ সৃষ্টি হৈছিল । ইউনিক’ডত এই ভাষাসমূহৰো পাঠোদ্ধাৰ কৰি পুনৰুজ্জীৱিত কৰিব পৰা যাব বুলি ভবাৰ থল আছে । পৃথিৱীৰ চুকে-কোণে অলেখ মানুহে নিজ মাতৃভাষাত কথা কৈ, লিখি শব্দৰ সীমিৰ গণ্ডীৰ ভিতৰতে আৱেগ প্ৰকাশ কৰিব পৰিব ।

ইউনিক’ড মাধ্যমত অসমীয়া ভাষা প্ৰ্কাশ কৰিব পৰা কেইবাবিধো লিপি (font) যোৱা কিছুবচৰৰ পৰা চলি আহিছে । ইয়াৰ ফলত কি কি পৰিবৰ্তন অনাগত সময়ত দিশ নিৰ্ণায়ক হ’ব পাৰে? উত্তৰত ক’ব পাৰি যে অহা কিছু বছৰৰ ভিতৰত ন-ন দিশত অসমৰ সমাজ জীৱনৰ দায়িত্ব চম্ভালিব সাজু হোৱা যুৱচামে নিজ মাতৃভাষাৰ মাধ্যমেদি কলা-স্ংস্কৃতি চৰ্চা কৰি মূলসূতিলৈ উভতি যাব । সৰ্বোপৰি ইন্টাৰনেট মাধ্যমত তাৎক্ষণিক প্ৰকাশৰ শক্তি আহৰণ কৰি অনেকেই সাহিত্যিক ক্ষেত্ৰলৈ বৰঙণি আগবঢ়াব । সমাজত এনে বহু  প্ৰতিভাশীল ব্যক্তি  আছে যিয়ে অপ্ৰকাশৰ বেদনাত বিহ্বল হৈ তেওলোকৰ সৃষ্টিৰাজি ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে । ইন্টাৰনেট আৰু ইউনিক’ডৰ সংযোগে এইসকল লোকক আৰু অধিক সৃষ্টিশীল কৰিব । তাৰোপৰি ইন্টাৰনেটৰ গতিশীলতাই পঢ়ুৱৈ আৰু লিখকৰ মাজত আত্মিক সম্পৰ্ক স্থাপন কৰি সৃষ্টিৰাজিৰ গুণগত মানদণ্ড উন্নত কৰাত সহায়ক হ’ব কাৰণ ইন্টাৰনেটত তাৎক্ষণিক মতামত/ভাৱপ্ৰকাশৰ সুবিধা আছে । এটা লক্ষণীয় দিশ হৈছে ইউনিক’ড টাইপিঙত ফ’নেটিক কীব’ৰ্ড (Phonetic Keyboard)ৰ ব্যৱহাৰ – যাৰফলত কম্পিউটাৰ বা ম’বাইল ফ’নত টাইপিঙৰ অভিজ্ঞতা নথকা লোকেও নূন্যতম প্ৰচেষ্টাৰে তেওলোকৰ সৃষ্টিকৰ্ম বিশ্ববাসীৰ বাবে উন্মোচন কৰিব পাৰিব ।

প্ৰযুক্তিবিদ্যাই বিভিন্ন স্তৰত ব্যৱহাৰিকভাৱে উজু সজুলি উদ্ভাৱন কৰি সমাজৰ তৃণমূল পৰ্যায়লৈকে শিপাইছে । কিন্তু সকলো পৰিৱৰ্তন প্ৰশ্নৰ উৰ্ধত নহয় ।  অসমৰ সমাজ ব্যৱস্থাত নিম্নতম প্ৰাধান্য পোৱা যুক্তি আৰু তৰ্কৰ সহায়ত এই সজুলি আৰু ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ সম্পৰ্কে ৰাজহুৱা পৰ্যালোচনা হোৱা উচিত । ব্যক্তিগত পৰ্যায়ত ব্যৱহাৰকাৰীসকলে সিদ্ধান্ত লোৱা উচিত কিদৰে ব্যৱহাৰ কৰিলে ইয়াৰ পৰা উন্নত ফলাফল পোৱা যাব ।

মোৰ ব্যক্তিগত বিচাৰত ইউনিক’ডে ভাষাসমূহলৈ অনাগত সময়ত দিগন্তপ্ৰসাৰী আগবঢ়াব পৰা এটা  সুযোগ হ’ল- ইউনিক’ডে সাঙুৰি লোৱা শতাধিক ভাষা যেতিয়া ইন্টাৰনেট মাধ্যমত একেখন জলঙাইদি পূৰ্ণৰুপত উপলব্ধ হ’ব তেতিয়া এটা ভাষাই দ্বিতীয়টোৰ পৰা শব্দভাণ্ডাৰ, কথনশৈলী আহৰণ কৰি সাৰ্বজনীন আৰু সমৃদ্ধিশালী হোৱাৰ পথ পোনাই ল’ব পাৰিব । কিয়নো ভৱিষ্যতে যোগাযোগ আৰু জ্ঞান বিনিময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাহকৰূপে পৰিগণিত হ’ব ইন্টাৰনেট ।

অসমীয়া ইউনিক’ডৰ পৰিসীমা কেৱল অসমীয়া ভাষাত মান্যৰূপত প্ৰকাশযোগ্যতাতেই আৱদ্ধ নাথাকিব, মই ভাবো ক্ৰমান্বয়ে ই ভাষাতত্ব, নৃতত্ব, লোক-কলা, অৰ্থনৈতিক উন্নয়ন আদি দিশো সঙুৰি ল’ব ।আমি আমাৰ জীৱনত প্ৰযুক্তিৰ প্ৰভাৱ অগ্ৰাহ্য কৰিব নোৱৰো কিন্তু বহুক্ষেত্ৰত আমি প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে সন্দিহান হৈ পৰো যেতিয়া ই আমাৰ সংস্কৃতি, ঐতিহ্যৰ স্থিতিস্থাপক ইমেজ পৰিৱৰ্তন কৰিবলৈ সাজু হয় । এই স্থিতিস্থাপক ইমেজৰ গাঢ়তা এক আপাতভাৱে দৃষ্ট ঘটনা কাৰণ আমাৰ সমাজত ইতিহাস, সংস্কৃতিৰ ব্যাপকভাৱে গ্ৰহণযোগ্য দলিল পাবলৈ নাই যাৰ দ্বাৰা বিৱৰ্তনৰ দশাসমূহৰ তুলনামূলক অধ্যয়ন সম্ভৱ । ফ’টগ্ৰাফী আৰু চিনেমাৰ সহায়ত এনে অধ্যয়ন কৰিব পাৰি যদিও আমাৰ সভ্যতাই হয়তো কেবাদশক অপেক্ষা কৰিব লাগিব কাৰণ এই দুবিধ কলাৰ উদ্ভাৱনৰ প্ৰায় এক শতিকা পূৰ হৈছেহে মাত্ৰ । এনে আলোচনাৰ সময়ত তৎকালীন সমাজৰ ঐতিহ্য-সংস্কৃতিৰ আধৰুৱা অথচ সংপৃক্ত স্থিৰচিত্ৰ এখনহে ভিত্তি হিচাপে গণ্য কৰা হয় – যি হয়তো কেবাযুগ ধৰি অলিখিত আৰু অবিৰতভাৱে সংঘটিত বিৱৰ্তনৰ ফচল ।

ভাৰত চৰকাৰৰ তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ চ’ছাইতি C-DAC এ আঞ্চলিক ভাৰতীয় ভাষা সমূহত সমল সৃষ্টি, ই-প্ৰশাসন, তথ্য যোগান আদি উদ্দেশ্য আগত ৰাখি বিকাশপেডিয়া নামৰ এটা ইন্টাৰনেট প’ৰ্টেল ৰাইজৰ বাবে মুকলি কৰিছে । ইয়াত ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে অসমীয়া ভাষাতে (বৰ্তমানে তিনিটা আঞ্চলিক ভাৰতীয় ভাষাত বিকাশপেডিয়া পৰ্টেল উপলব্ধ)  বিভিন্ন লগতিয়াল তথ্যৰ সম্ভেদ পাব আৰু নিজেও বিভিন্ন দিশত প্ৰৱন্ধ, মতমত, আলোচনা আগবঢ়াব পাৰিব ।

বিশিষ্ট চলচিত্ৰ পৰিচালক সত্যজিত ৰায়ৰ মতে ভাষাৰ এটা মৌলিক ব্যৱহাৰ্য দিশ হ’ল যোগাযোগ আৰু ভাৱ প্ৰকাশৰ মাধ্যমৰূপে কাম কৰা । এই দায়িত্ব সুকলমে পালন কৰিব পাৰিলেই ভাষাৰ নন্দনতাত্বিক দিশটো বিচাৰ্য বিষয় হৈ পৰে- কিমান সুন্দৰ আৰু স্বাচ্ছ্ন্দ্যপূৰ্ণভাৱে  ইয়াৰ ললিত-মাধুৰী নিৱেদনত সমৰ্থ হৈছে । ইউনিক’ডৰ জৰিয়তে অসমীয়া লিখনৰ প্ৰয়াসত ব্ৰতী সকলো গোষ্ঠী ( সাহিত্য ডট অৰ্গ, এনাজৰী, কুঁহিপাত ইত্যাদি ) আৰু বিকাশপেডিয়াই এই  ব্যৱহাৰিক দিশটোৰ প্ৰথম পদক্ষেপ ইতিমধ্যে লৈছে । ইয়াৰ আলমত ভৱিষ্যতে মাতৃভাষা চৰ্চা আৰু সমল সৃষ্টিৰ ক্ষেত্ৰত বিশাল সম্ভাৱনাৰ ক্ষেত্ৰ মুকলি হ’ব বুলি ডাঠি ক’ব পাৰি ।

C-DAC ৰ ন’ডেল এজেঞ্চী চেন্টাৰ ফ’ৰ ৰুৰেল ডেভেল’পমেন্ট (CRD) এ  আয়োজন কৰা বিকাশপেডিয়া আৰু ইয়াৰ উপযোগিতা সম্পৰ্কীয়  কৰ্মশালা এখনত যোগ দি মই ভিন ভিন ঠাইৰ অংশগ্ৰহণকাৰী সকলে  উত্থাপন কৰা প্ৰশ্ন কেইটামান  আলোচনা কৰিছিলো ।

ইন্টাৰনেটত ইংৰাজী ভাষাৰ মাধ্যমত যি জ্ঞান আৰু তথ্যৰ বিপ্লৱ আৰম্ভ হৈচে সেয়া আন কোনো ভাষাতেই সম্ভৱ হোৱ নাই ।তেনেস্থলত ইন্টাৰনেটত চালুকীয়া অৱস্থাত থকা অসমীয়া ভাষাত ন-কৈ সমল সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা কিমান ?

দ্বিতীয়তে উত্তৰ আধুনিকতাবাদৰ এই যুগত, য’ত এখন ঠাইৰ অধিবাসী নানা জাতি, উপজাতি, ভাষীক গোষ্ঠী সমূহে নিজ নিজ লিপি উদ্ধাৰ/ উদ্ভাৱন কৰি তাৰ আলমত  প্ৰশাসনীয় জাতীয়তাবাদৰ উদাহৰণ সৃষ্টি কৰিছে- যাৰফলত ভাষাভিত্তিক অঞ্চলৰ ধাৰণা পুনৰ গা কৰিব পাৰে নেকি?

মাতৃভাষাত ভাৱপ্ৰকাশ কৰাটো যিকোনো মানুহৰ বাবে সবাতোকৈ স্বাভাৱিক আৰু স্বতঃসিদ্ধ প্ৰক্ৰিয়া । কিন্তু আমি দেখিছো যে কোনো ঠাইত প্ৰচলিত বৈয়াকৰণিক আৰু ধ্বনিতাত্বিক দিশৰ পৰা সহজ, নমনীয়, বিশাল সমল ভাণ্ডাৰ সমৃদ্ধ আৰু শক্তিশালী ভাষাৰ প্ৰভাৱত উক্ত ঠাইৰ আন ভাষাসমূহ অপসৃয়মান হৈ পৰে ।আকৌ কোনো ভাষাৰ বিকাশ সেই ভাষাভাষী লোকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ নকৰে । ভাষাৰ বিকাশৰ লগত পঢ়ুৱৈৰ লেখৰো ওতঃপ্ৰেত সম্বন্ধ নাই কিয়নো পঠন এটা পৰোক্ষ প্ৰতিক্ৰিয়াহে । ই নিৰ্ভৰ কৰে কিমান লোকে সেই ভাষাত সক্ৰিয়ভাৱে সমল (সাহিত্য, তথ্য/শব্দকোষ, কাব্য, নাটক, চিনেমা)সৃষ্টি কৰি ভাষাটোৰ কলেৱৰ বৃদ্ধি কৰাত বৰঙণি যোগাইছে ।অসমীয়া ভাষা সাহিত্যৰ দিশ নিৰ্ণায়ক কাল জোনাকী আৰু ৰামধেনু যুগতো মুষ্টিমেয় ব্যক্তিবিশেষেহে অহোপুৰুষাৰ্থ কৰি ভাষাটোক টনকিয়াল কৰিছিল । সেই দিশৰ পৰ চাব গ’লে ইন্টাৰনেটৰ দৰে জনপ্ৰিয় আৰু গুৰুত্বপূৰ্ণ মাধ্যম এটাত সমল সৃষ্টি কৰাটো নিতান্তই প্ৰয়োজনীয় আৰু মই বিশ্বাস কৰো বিকাশপেডিয়াই এই দিশত উল্লেখনীয় অৱদান আগবঢ়াব ।

ছুইজাৰলেণ্ডত বৰ্তমানেও চাৰিটা চৰকাৰীভাৱে স্বীকৃত ভাষা চলে – তথাপি ছুইদিশ্ব লোক সকলে ভাৱ বিনিময়ত অসুবিধা পোৱা নাই অথবা ভাষাৰ বাবে তেওলোকৰ মাজত বিভেদৰ সৃষ্টি হোৱা নাই । গতিকে আমিও পতিয়ন যাব পাৰো যে এটা শক্তিশালী, বিশ্বজনীন ভাষাৰ উপস্থিতিৰ মাজতো আমি আমাৰ মাতৃভাষা চৰ্চা জাৰি ৰাখিব পাৰো আৰু অসমৰ সকলো ভাষিক গোষ্ঠীসমূহে তেওলোকৰ মাতৃভাষা প্ৰসাৰৰ কাম অবিৰতভাবে চলাই থাকক । তেতিয়া এটা ভাষাই আনটোৰ শব্দসম্ভাৰ সাঙুৰি লৈ চহকী হোৱাৰ বাট মুকলি হ’ব। নহ’লে আমি কোনো ভাষা/প্ৰকাশভঙ্গীকে এটা অঞ্চলত জোৰকৈ প্ৰক্ষেপিত কৰি ইয়াক জীয়াই ৰাখিব নোৱৰো ।মানুহে নিজৰ সুবিধা, বোধগম্যতা আৰু প্ৰয়োজন অনুসৰি প্ৰকাশভঙ্গী বিচাৰি ল’ব ।

মোক কৰ্মশালাখনত অংশগ্ৰহণ কৰাৰ সুবিধা দিয়াৰ বাবে চেন্টাৰ ফ’ৰ ৰুৰেল ডেভেল’পমেন্টৰ প্ৰতিস্থাপক নিৰ্দেশক শ্ৰদ্ধেয় ডা° প্ৰদীপ কুমাৰ শৰ্মা, C-DAC ৰ মুখ্য প্ৰোদ্যোগিক বিষয়া ড° চি কাথিৰাজন, চেন্টাৰ ফ’ৰ ৰুৰেল ডেভেল’পমেন্টৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছো ।

টোকা :

১.  Andrei Tarkovsky- ‘Sculpting in Time’

২.  Werner Heisenberg- ‘Physics and Philosophy’

৩.  Satyajit Ray – ‘Speaking of Films’ (অনুদিত)

উৎপল ভট্টাচাৰ্য্য

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate