অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কম্পিউটাৰ ভাইৰাছঃ

কম্পিউটাৰ ভাইৰাছঃ

তথ্য প্ৰযুক্তি খণ্ডৰ লগত জড়িত থকাৰ বাবে এই শব্দটোৰ লগত আমাৰ এক ওতঃপ্ৰোত সম্পৰ্ক গঢ়ি উঠিছে। বেছিভাগ উপভোক্তাৰে অভিযোগসমূহৰ ভিতৰত বিশেষকৈ ভাইৰাছৰ কাৰণে সৃষ্টি হোৱা অসুবিধায়েই প্ৰায় ষাঠি শতাংশ হয়। আমাৰ ভাৱ হয়, কম্পিউটাৰ ভাইৰাছৰ বিৰুদ্ধে ল’ব লগা সাধাৰণ নিৰাপত্তা খিনি ল’লেই এই সমস্যাৰপৰা মুক্তি পাব পাৰি। কিন্তু তাৰ আগতে কম্পিউটাৰত সন্ত্ৰাসৰ সৃষ্টি কৰা এই ভাইৰাছটোনো আচলতে কি বস্তু তাকে জানি লওঁ আহক।
কম্পিউটাৰ এটাত অসুবিধাৰ সৃষ্টি অকল ভাইৰাছেই নকৰে, তাৰ বাবে জগৰীয়া আন কেইটামান কাৰক হৈছে ট্ৰ’জান হৰ্ছ (Trojan horses), ৱৰ্ম (Worm), ৰূটকিট (Rootkit), স্পাইৱেৰ (Spyware) ইত্যাদি। এই সকলোবোৰ কাৰককে সাধাৰণ মানুহে ভাইৰাছ বুলিয়ে জানে যদিও তথ্য প্ৰযুক্তি বিজ্ঞানত ইয়াক “মেলৱেৰ” (Malware) বুলিহে জনা যায়। মেলৱেৰ শব্দটো হৈছে মিলিচিয়াছ ছফ্টৱেৰ (Malicious Software) শব্দদুটাৰ ক্ষুদ্ৰ ৰূপ যাৰ অৰ্থ হ’ল কম্পিউটাৰত বিশৃংখলাৰ সৃষ্টি কৰিবলৈ হেকাৰসকলে তৈয়াৰ কৰা কিছুমান কম্পিউটাৰ প্ৰ’গ্ৰাম।

জন ভন নিউমেনে কম্পিউটাৰ ভাইৰাছৰ বিষয়ে প্ৰথমে বিশ্বক অৱগত কৰায়। ১৯৪৯ চনত ইলিঅ’ন্স বিশ্ববিদ্যালয়ত Theory and Organization of Complicated Automata-ৰ ওপৰত দিয়া এটা ভাষণত তেওঁ “নিজকে পুনঃ পুনঃ সৃষ্টি কৰিব পৰা কম্পিউটাৰ প্ৰ’গ্ৰাম” এটা কেনেকৈ সাজি উলিয়াব পৰি তাৰ ওপৰত বক্তব্য আগবঢ়াইছিল। পিছত তেওঁৰ এই কথা খিনি Theory of self-reproducing automata বুলি প্ৰকাশ কৰা হয়। কিন্তু মন কৰিবলগীয়া কথাটো হ’ল সেই সময়ত কম্পিউটাৰ ভাইৰাছ বুলি কোনো শব্দ নাছিল। ১৯৮৪ চনত দক্ষিণ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ত অৰ্পণ কৰা গৱেষণা পত্ৰ Computer Viruses– Theory and Experiments-ত ফ্ৰেড ক’হেনে প্ৰথম ভাইৰাছ শব্দটো ব্যৱহাৰ কৰে। পিছত ১৮৮৭ চনত প্ৰকাশ কৰা এটা প্ৰতিবেদনত ক’হেনে মন্তব্য কৰে যে নিখুঁতভাৱে ভাইৰাছ চিনাক্ত কৰিবলৈ কোনো এলগ’ৰিথিম পোৱা নাযায়। কিন্তু তাৰ আগতে, অৰ্থাৎ ১৯৬৯ চনত Galaxy নামৰ আলোচনীখনত ডেৱিড গেৰ’ল্ডে তেওঁৰ এটা চুটি গল্পত নিজে নিজকে পুনঃনিৰ্মাণ কৰিব পৰা প্ৰগ্ৰেমৰ বিষয়ে বুজাবলৈ প্ৰথমে ভাইৰাছ শব্দটো ব্যৱহাৰ কৰে। আজিৰ তাৰিখত ভাইৰাছ বা মেলৱেৰ ব্যৱহাৰৰ মূল উদ্দেশ্য হ’ল কাৰোবাৰ লাভৰ কাৰণে আন এজনৰ ব্যক্তিগত বা ব্যৱসায়িক তথ্য চুৰি কৰা আৰু চৰকাৰী নাইবা আন কোনো কৰ্প’ৰেট ৱেবছাইটত বিশেষ সুৰক্ষাৰে সংৰক্ষিত থকা তথ্য চুৰি নাইবা নষ্ট কৰি পেলোৱা। এই উদ্দেশ্যৰে সৃষ্টি কৰা বহু ভাইৰাছ, ট্ৰ’জান হৰ্ছ বা ৱৰ্ম আদিয়ে ইন্টাৰনেটৰ সহায়ত বিয়পি পৰি সাধাৰণ কম্পিউটাৰ ব্যৱহাৰকাৰী সকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে।

পৃথিৱীৰ প্ৰথম কম্পিউটাৰ ভাইৰাছটোৰ নাম হ’ল ক্ৰিপাৰ (Creeper)। বব থমাছ নামৰ মানুহ এজনে বি বি এন টেকন’লজিছ (BBN Technologies৩) ক’ম্পেনীটোত ইয়াক সাজি উলিয়াইছিল। ক্ৰিপাৰ আচলতে এটা পৰীক্ষামূলকভাৱে তৈয়াৰ কৰা কম্পিউটাৰ প্ৰ’গ্ৰাম যাৰ উদ্দেশ্য আছিল ARPANET৪ত থকা DEC PDP-10 কম্পিউটাৰ বিলাকক আক্ৰান্ত কৰা। ই ARPANET ত সোমাই আন আন কম্পিউটাৰত নিজৰে কিছুমান প্ৰতিলিপিৰ সৃষ্টি কৰিছিল আৰু সেই কম্পিউটাৰবিলাকত এটা বাৰ্তা দেখা গৈছিল এনেদৰে “I’m the creeper, catch me if you can!”। ক্ৰিপাৰক ধ্ধংস কৰিবলৈ ৰিপাৰ(Reaper) বুলি আন এটা প্ৰ’গ্ৰাম পিছত সৃষ্টি কৰা হৈছিল যিটো নিজেও এক ধৰণৰ ভাইৰাছেই আছিল। আমোদজনক কথাটো হ’ল MS-DOS অপাৰেটিং চিষ্টেমৰ প্ৰথম ভাইৰাছ সৃষ্টি কৰিছিল দুজন পাকিস্তানী ভাই ককাইয়ে লগ লাগি ১৯৮৬ চনত। বাছিত ফাৰুক আলিভ আৰু আমজাদ ফাৰুক আলিভ নামৰ লোক দুজনে তেওঁলোকে সজা মেডিকেল চফ্টৱেৰ এটাক পাইৰেছীৰপৰা বচাবলৈ “ব্ৰেইন” নামৰ এই ভাইৰাছটো তৈয়াৰ কৰি উলিয়াইছিল। তেওঁলোকৰ কোনো বেয়া উদ্দেশ্য অৱশ্যে নাছিল। “ব্ৰেইন”এ IBM কম্পিউটাৰৰ ফ্লপী এখনত আক্ৰমণ কৰি ইয়াৰ বুট ছেক্টৰত থকা ক’ডসমূহ সলনি কৰি পেলাইছিল আৰু ফ্লপীৰ সহায়তে এটাৰ পৰা আনটো কম্পিউটাৰত বিয়পি পৰিছিল। ফাৰুক আৰু আমজাদে Brain Telecommunication Limited নামৰ ক’ম্পেনী এটাৰ লগত লগ লাগি Brain NET Internet service providers নামেৰে পাকিস্তানত এতিয়াও ব্যৱসায় কৰি আছে।

কম্পিউটাৰত সন্ত্ৰাসৰ সৃষ্টি কৰা এই মেলৱেৰ বা ভাইৰাছসমূহ আচলতে কিছুমান কম্পিউটাৰ প্ৰ’গ্ৰেমহে. যিবিলাক আমি সাধাৰণতে ব্যৱহাৰ কৰি থকা চফ্টৱেৰ বিলাকৰ নিচিনাই আন কিছুমান চফ্টৱেৰ বা প্ৰ’গ্ৰাম। হেকাৰ বিলাকে সাধাৰণতে ট্ৰ’জান হৰ্ছৰ সহায়ত ৰিমোট কম্পিউটাৰ এটা আক্ৰমণ কৰে। ট্ৰ’জান হৰ্ছৰ সহায়ত কম্পিউটাৰটোৰ গৰাকীয়ে নজনাকৈয়ে তাৰ পৰা বিভিন্ন তথ্য ডাউনল’ড কৰাৰ উপৰিও যিকোনো চফ্টৱেৰ ইনষ্টল কৰাৰ পৰা আদি কৰি অনলাইন ধন সৰবৰাহ পৰ্য্যন্ত কৰিব পাৰি। কিন্তু এই ট্ৰ’জানবোৰ কোনো এটা কম্পিউটাৰত এবাৰ ইনষ্টল কৰি লোৱাৰ পাছত তাক লুকুৱাই ৰাখিবলৈ আন এবিধ ভাইৰাছ ব্যৱহাৰ কৰা হয় যাৰ নাম “ৰূটকিট”। কম্পিউটাৰ এটা চলি থাকিলে কিছুমান পদ্ধতিৰে ইয়াৰ ভিতৰত চলি থকা প্ৰক্ৰিয়া সমূহৰ বিষয়ে জানিব পৰা যায়, তাৰ ভিতৰত এটা হ’ল ‘প্ৰ’চেছ লিষ্ট’ (Process list) চোৱা। কিন্তু ৰূটকিটৰ সহায়ত অপাৰেটিং চিষ্টেমৰ সালসলনি ঘটাই নিজৰ পছন্দ অনুসৰি প্ৰক্ৰিয়া এটাক বা কেইটামানক কম্পিউটাৰৰ ‘প্ৰ’চেছ লিষ্ট’ৰ পৰা লুকুৱাই ৰাখিব পাৰি। হেকাৰ এজনে কম্পিউটাৰ এটাত ট্ৰ’জান হৰ্ছ এটা এৰি দিয়াৰ পাছত তাৰ গতিগোত্ৰ ধৰিব নোৱাৰাকৈ পিছে পিছে ৰূটকিট এটাও এৰি দিয়ে। আন এবিধ ভাইৰাছ হৈছে “ৱৰ্ম” যিয়ে আন কাৰোবাক ক্ষতি কৰাৰ সলনি নিজকে নিজে যিমান পাৰে বেছিকৈ সৃষ্টি কৰাতহে গুৰুত্ব দিয়ে। ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হয় কম্পিউটাৰৰ নেটৱৰ্ক এটা, কাৰণ ৱৰ্ম বিলাকে যেনি তেনি ঘূৰি ফুৰি খুব ট্ৰেফিক জামৰ সৃষ্টি কৰে আৰু তথ্যৰ সৰবৰাহত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে। আমি সাধাৰণতে পাই থকা ইন্টাৰনেটৰ ধীৰ গতিৰ আন এটা কাৰণ এই ৱৰ্ম বিলাক। বৰ্ত্তমান সময়ত কম্পিউটাৰত ৱৰ্ম সোমোৱাৰ প্ৰধান ৰাস্তা হৈছে ই-মেইল। গতিকে অচিনাকী ব্যক্তিৰ ই-মেইল আইডিৰ পৰা অহা মেইলত থকা এটাচ্ছমেন্ট এণ্টিভাইৰাছেৰে স্কেন নকৰাকৈ খুলিব নালাগে। ৱৰ্ম বিলাকে নিজকে নিজে সৃষ্টি কৰিব পাৰে কাৰণে বিয়পি পৰিবলৈ ইহতক আন কোনো সহায়ৰ প্ৰয়োজন নহয় কিন্তু আন কিছুমান মেলৱেৰে নিজকে সক্ৰিয় কৰিবলৈ আন চফ্টৱেৰৰ এক্সিকিউটেবল (Executable) ফাইলৰ লগত সংযুক্ত হৈ লয় আৰু ইউজাৰে পৰোক্ষ বা প্ৰত্যক্ষভাবে সেই ফাইলটো চলোৱাৰ (Run) লগে লগে ই সক্ৰিয় হৈ উঠে। এই ধাৰণাটো বাস্তব পৃথিৱীত উপলব্ধ বেমাৰৰ বাহক ভাইৰাছৰ লগত সম্পূৰ্ণকৈ মিলে, কাৰণ ভাইৰাছ বিলাকে অসক্ৰিয় অবস্থাত সম্পূৰ্ণ জড় পদাৰ্থৰ ধৰ্ম অনুসৰণ কৰে কিন্তু যেতিয়াই ই কোনো জীৱৰ সংস্পৰ্শলৈ আহে তেতিয়া লগে লগে সক্ৰিয় হৈ বংশ বৃদ্ধিৰ কামত লাগি যায়। সাধাৰণ মানুহে সেয়েহে কেতিয়াবা কম্পিউটাৰ ভাইৰাছেও মানুহৰ দেহত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে বুলি ভাবে যিটো এক সম্পূৰ্ণ অমূলক ধাৰণা। সংক্ৰমিত ফাইলটো কোনো মাধ্যমৰ সহায়ত আন কোনো কম্পিউটাৰত প্ৰৱেশ কৰিলেই ভাইৰাছে সেই কম্পিউটাৰতো বংশ বৃদ্ধিৰ কাম আৰম্ভ কৰে আৰু এনেদৰেই পেন দ্ৰাইভ, মেমে’ৰি কাৰ্ড নাইবা ল’কেল এৰিয়া নেটৱ’ৰ্ক আদি মাধ্যমৰ দ্বাৰা ভাইৰাছসমূহ বিয়পি পৰে।

ভাইৰাছৰ পৰা হাত সাৰিবলৈ আতাইতকৈ সহজ উপায় হৈছে কম্পিউটাৰত এটা ভাল এণ্টিভাইৰাছ চফ্টৱেৰ ইনষ্টল কৰি ৰখা। আজিকালি বজাৰত বহুতো এণ্টিভাইৰাছ চফ্টৱেৰ কিনিবলৈ পোৱা যায়। যদি প্ৰশ্ন কৰা হয় ইয়াৰ ভিতৰত কোনটো ভাল হয় বুলি তেন্তে উত্তৰত সাধাৰণ ঘৰুৱা বা সৰু আৰু মধ্যমীয়া ব্যৱসায়িক ব্যৱহাৰৰ বাবে যিকোনো এণ্টিভাইৰাছেই উপযুক্ত বুলি কব পাৰি। এণ্টিভাইৰাছ যিয়ে ব্যৱহাৰ নকৰক কিয় আচল মন কৰিবলগীয়া কথাটো হ’ল ইয়াক আপ-টু-ডেট (Up-to-date) কৰি ৰখাটোহে। আপডেট কৰাতো অতি জৰুৰী কিয়নো পৃথিৱীত প্ৰতি ছেকেণ্ডত নতুন নতুন ভাইৰাছৰ সৃষ্টি হৈ থাকে। এণ্টিভাইৰাছ চফ্টৱেৰ ক’ম্পেনী সমূহে ইয়াৰ বিষয়ে যিমান বেছিকৈ পাৰে তথ্য সংগ্ৰহ কৰি প্ৰতিদিনে এটা ডেটাবেছ তৈয়াৰ কৰি ৰাখে যাক সাধাৰণতে “ভাইৰাছ ডেফিনিছ’ন” (Virus Definition) বুলি কোৱা হয়। যিকোনো এণ্টিভাইৰাছ চফ্টৱেৰ এটা আপডেট কৰা মানে হ’ল তাৰ ক’ম্পেনিৰ নিৰ্দিষ্ট ছাৰ্ভাৰৰ লগত সংযোগ স্থাপন কৰি শেহতীয়াকৈ উপলব্ধ ভাইৰাছ ডেফিনিছ’নটো ডাউনল’ড কৰা। স্কেন কৰাৰ সময়ত এই ডেটাবেছত থকা তথ্যৰ লগত এণ্টিভাইৰাছ প্ৰ’গ্ৰাম এটাই কম্পিউটাৰটোত থকা প্ৰতিটো ফাইল ৰিজনি কৰে আৰু একে পালেই তাক ভাইৰাছ বুলি ধৰি আঁতৰাই দিয়ে বা জেইলত ভৰাই দিয়ে। ডেটাবেছখন পুৰণা হ’লে নতুনকৈ সৃষ্টি হোৱা ভাইৰাছসমূহ ধৰিব নোৱাৰা হয় সেয়েহে সময়ে সময়ে ভাইৰাছ ডেফিনিছ’ন আপদেট কৰাতো অতি জৰুৰী। আজিকালি প্ৰায় ভাগ এণ্টিভাইৰাছ ক’ম্পেনীৰ ভাইৰাছ ডেফিনিছ’ন ইন্টাৰনেটৰ সহায়ত আন কম্পিউটাৰ এটাত ডাউনল’ড কৰি আন এটা কম্পিউটাৰতো ইনষ্টল কৰিব পাৰি। মুঠতে নিয়মিত আপডেটৰ সহায়ত ব্যক্তিগত কম্পিউটাৰ এটাক ভাইৰাছমুক্ত কৰি ৰখাতো বিশেষ টান কাম নহয়।

নতুন আৰু অধিক শক্তিশালী এণ্টিভাইৰাছ তৈয়াৰ কৰাৰ বাবে সমগ্ৰ পৃথিৱীতে যেনেকৈ গৱেষণা চলি আছে ঠিক তেনেকৈ নতুন নতুন আৰু অতি চতুৰ বুদ্ধিৰ ভাইৰাছৰো নিতৌ সৃষ্টি হৈ আছে। ভাইৰাছৰ আগ্ৰাসনৰ পৰা তথ্য প্ৰযুক্তিৰ বিশ্বক মুক্ত কৰাৰ বাবে এণ্টিভাইৰাছ প্ৰ’গ্ৰামৰ ব্যৱহাৰ খুবেই জৰুৰী।

তথ্যসূত্ৰ :
১. http://cba.mit.edu/events/03.11.ASE/docs/VonNeumann.pdf

২. http://all.net/books/virus/index.html

৩. http://en.wikipedia.org/wiki/BBN_Technologies

৪. Advanced Research Projects Agency Network হ’ল বিশ্বৰ প্ৰথমটো কম্পিউটাৰ নেটৱ’ৰ্ক।

লগতে মই আন কেইটামান সৰু কথা যোগ দিওঁ। বহুতেই কম্পিউটাৰ ভাইৰাছ বুলিলে ভূত দেখা দি দেখে। ইমান ভয় কৰিবলগীয়া কথা নহয়, আৰু ই কম্পিউটাৰৰ হাৰ্ডৱেৰ নষ্ট কৰিব নোৱাৰে। আৰু কেইটামান একেবাৰে জেনেৰেল কথা সদায় মানি চলিব লাগে,

১. বেংক বা তেনে কোনো অতি গোপনীয় পাছৱৰ্ড কোনো কাৰণতে (মানে কোনো কাৰণতে) কেতিয়াও বেলেগক নিদিব, আনকি বেংকৰ মানুহকো। আচলতে “সামাজিক হেকিং” (social hacking) হে বেছি ফলপ্ৰসূ। সামাজিক হেকিং মানে কম্পিউটাৰৰ তথ্য পাবলৈ মিলা-মিছা কৰা, ফোন কৰা, আনকি প্ৰেমৰ অভিনয় কৰা ইত্যাদিও চলে। অতি প্ৰয়োজনত কাৰোবাক দিলেও (এটিএম খনেৰে কাৰোবাক পইছা উলিয়াবলৈ দিব লগীয়া হ’লেও লগে লগে পাছৱৰ্ড সলনি কৰক।)

২. এনে ৱেবছাইট ব্যৱহাৰৰ সময়ত সাধাৰণতে এখন ভাৰ্চুৱেল কী-বোৰ্ড থাকে। সেইখন ব্যৱহাৰ কৰক। key-logger ছফ্টৱেৰেৰে টাইপ কৰি থকা প্ৰতিটো কী-ৰ খবৰ ৰেকৰ্ড কৰি থ’ব পাৰি। আৰু উপযুক্ত ভাইৰাছৰ সহায়ত সেই ৰেকৰ্ড কৰা তথ্য নিজে নিজে ই-মেইল কৰিবও পাৰি। গতিকে সমজুৱা কম্পিউটাৰ বাদেই নিজৰ কম্পিউটাৰতো ভাৰ্চুৱেলখন ব্যৱহাৰ কৰাৰ নিয়ম এটা কৰি লওক।

৩. ভাইৰাছ গোটাবলৈ অতি সহজ উপায় হৈছে পেন-ড্ৰাইভ, চিডি আদিৰ অটো-ৰান ব্যৱস্থা। অটো-ৰান বস্তুটোকে বন্ধ কৰি থওক। অকণমান কষ্ট কৰি ড্ৰাইভটোলৈ গৈ ৰাইট-ক্লিক কৰি এক্সপ্লোৰ কৰক। চিধাই ডাবল ক্লিক নকৰিব।

৪. ইণ্টাৰনেটত যিকোনো লোভনীয় বস্তু যেনে, “বিনামূলীয়া ধুনীয়া ছোৱালীৰ সাংঘাটিক ছবি” জাতীয় বস্তুবোৰৰপৰা আঁতৰত থাকক। ভুলতো ক্লিক নকৰিব।

৫. হঠাতে পোৱা চাকৰীৰ মেইল, বা টকা-পইচা বা যিকোনো বিনামূলীয়া অফাৰৰ মেইলৰ কোনো লিংকতে ক্লিক নকৰিব। যদি ক্লিক কৰিবৰ মন গৈছেই, আগতে গুগলত তাৰে অলপমান কথা লিখি বিচাৰি চাওক। দেখিবই সেইটো স্পাম কৰাৰহে উপাদান।

৬. ওপৰৰ কথাকেইটা অভ্যাসৰ নিচিনাকৈ মানিব লাগিব। মানে সেইটো হেলমেট পিন্ধাৰ দৰে বস্তু। নিপিন্ধিলেও একো নহ’ব পাৰে, কিন্তু পিন্ধিলে ক্ষতি কমি যায়।

৭. ল’ৰা-ছোৱালীক এটিমএমৰ পাছৱৰ্ড, বা নেট বেংকিঙৰ পাছৱৰ্ড আদি দিয়াৰপৰা বিৰত থাকক। শুনিবলৈ বেয়া, কিন্তু সাধাৰণ হৰলুকি এনেকুৱা ঘৰৰ মানুহৰ দ্বাৰাই হয়।

কাৰিকৰী চিন্তাৰ ক্রমবিকাশ আৰু প্ৰযুক্তি-বিদ্যাৰ নৱজন্ম:

 

আজিৰ পৰা প্ৰায় ৩০০ বছৰৰ আগলৈকে মানৱ সভ্যতাৰ ৰথখনৰ গতিবেগ আছিল অতিকৈ মন্থৰ৷ বিজ্ঞান-মানসিকতাৰ অভাৱেই আছিল ইয়াৰ মূল কাৰণ৷ মধ্যযুগত মানুহে শাৰীৰিক পৰিশ্ৰম লাঘৱ কৰাৰ অৰ্থে জন্তু ব্যৱহাৰ কৰিছিল৷ মধ্যযুগৰ শেষৰ পিনে শক্তিৰ ব্যৱহাৰ শিকাৰ পিছত পানী-চকৰি, বায়ুচালিত কল আদিৰ জৰিয়তে প্ৰাপ্ত শক্তিক বিভিন্ন কাম-কাজত প্ৰয়োগ কৰিছিল৷ আনহাতে পঞ্চদশ শতিকাৰ শেষভাগত ইউৰোপত নৱজাগৰণে আধুনিক যুগৰ সূচনা কৰাৰ পিছৰে পৰা মানৱ ইতিহাসৰ খৰতকীয়াভাৱে পৰিৱৰ্তন সাধন হ’বলৈ ধৰিলে৷

ৰেনেছাঁ বা নৱ-অভ্যুদয়ৰ সুফল স্বৰূপে ধৰ্মীয় গোড়ামি আৰু অলৌকিকতাৰ অতল স্পৰ্শী গহ্বৰত যুগ-যুগান্তৰ ব্যাপী নিমজ্জিত হৈ ৰোৱা বিজ্ঞান আৰু যুক্তিয়ে পোনপ্ৰথমবাৰৰ বাবে মানৱৰ সুহৃদ তথা কল্যাণকামী ত্ৰাণ কৰ্তা বুলি স্বীকৃতি লাভ কৰিলে৷ মানসিক চিন্তা-চৰ্চা আৰু ধৰ্মীয় বিশ্বাসবোধ সলনি হোৱাৰ লগে লগে মানুহৰ মানসিক ক্ৰিয়াকলাপৰ দিশত আমূল পৰিৱৰ্তন সংঘটিত হ’ব ধৰিলে৷ মধ্যযুগীয় ধ্যান-ধাৰণাৰ অৱসান ঘটাৰ ফলত ধৰ্ম-চৰ্চাৰ বিপৰীতে জ্ঞান-চৰ্চাই মানুহৰ অন্তৰাত্মাত বহল আসন অধিকাৰ কৰিবলৈ সমৰ্থ হ’ল৷ বিজ্ঞানৰ প্ৰতি মানুহৰ মন ক্রমাৎ আগ্ৰহান্বিত হ’ব ধৰিলে৷ মানুহ বৈজ্ঞানিক মনোভাবৰ গৰাকী হৈ পৰিল৷ কলা-কব্জাৰ নক্সা অংকন, কঠিন কাৰিকৰী প্ৰকল্পৰ অভিকল্পনা, পৰ্বত বিদীৰ্ণ কৰি পথ যোগাযোগ স্থাপন, নদীৰ জলৰাশিৰ গতিপথ পৰিৱৰ্তন, গগনচুম্বী প্ৰাসাদ সজা আদি এশ-এবুৰি সৃষ্টিশীল চিন্তাৰ তাগিদাই শিল্পসাধকসকলৰ মন-প্ৰাণ আন্দোলিত কৰিব ধৰিলে৷ মানৱ জাতিৰ বৰ্ধিত প্ৰয়োজনসমূহ আহৰণৰ বাবে নিত্যনতুন নিয়মৰ সন্ধানত একাগ্ৰ চিত্তে ব্ৰতী হ’ল বিজ্ঞান উপাসকসকল৷ নৱজাগৰণেই জন্ম দিলে জগতৰ সৰ্বপ্ৰথম আৰু সৰ্বশ্ৰেষ্ঠ অভিযন্তা, অভিযন্তা কুল-শিৰোমণি লিঅ’নাৰ্ড-দা-ভিন্সি, বহুমুখী প্ৰতিভাধৰ মাইকেল এঞ্জেল’ৰ দৰে আজীৱন শিল্প-সেৱকৰ৷ নিৰলস জ্ঞান-চৰ্চাৰে জীৱনৰ ৰহস্য উদ্ঘাটন কৰাৰ লগতে প্ৰকৃতিক জয় কৰি মানৱৰ সেৱাত সফলতাৰে নিয়োগ কৰাৰ দৃঢ় সংকল্প লৈ আত্মোৎসৰ্গৰ মনোবৃত্তিৰে, সৎ-সাহসেৰে আগুৱাই আহিল আধুনিক কাৰিকৰী বিজ্ঞানৰ জনক গেলিলিও গেলিলি প্ৰমুখ্যে বিৰল প্ৰতিভা, ব্যক্তিগত উদ্ভাৱনী দক্ষতা আৰু অভাৱনীয় চিন্তা-ক্ষমতাসম্পন্ন এচাম কৃচ্ছ্ৰ সাধক, যিসকলে পৰৱৰ্তী দিনত হোৱা বৈজ্ঞানিক আৱিষ্কাৰসমূহৰ বুনিয়াদ স্থাপন কৰিবলৈ সমৰ্থবান হ’ল৷

বিজ্ঞানৰ কল্পনাতীত অগ্ৰগতিয়ে মানৱ ইতিহাসত নতুন যুগৰ সূচনা কৰিলে৷ ধৰ্মীয় অন্ধবিশ্বাস দলিয়াই পেলাই তাৰ বিপৰীতে মানুহে আৰম্ভ কৰিলে সূক্ষ্ম পৰ্যবেক্ষণেৰে পৰীক্ষামূলক সত্যতাৰ অন্বেষণ৷ তৎ মুহূৰ্তৰ পৰাই কাৰ্যকৰী হ’ল আধুনিক বৈজ্ঞানিক যুগৰ প্ৰস্তাৱনা৷ মানুহৰ সভ্যতাৰ প্ৰথম শিল্প-বিপ্লৱ বুলি অভিহিত অগ্নি, অস্ত্ৰ আৰু চক্ৰৰ আৱিষ্কাৰে বিজ্ঞানৰ যাদু দণ্ডৰ পৰশ পাই নকৈ ঠন ধৰি উঠিল৷ যন্ত্ৰ-যুগৰ সূত্ৰপাত হ’ল৷

উদ্যোগ বিপ্লৱ মানুহৰ বুৰঞ্জীৰ এটা অতি উদ্দীপনাময় অধ্যায়৷ যন্ত্ৰৰ আৱিষ্কাৰেই এই মহাবিপ্লৱৰ প্ৰধান কাৰক৷ ১৭৫০চনত পোনতে গ্ৰেট ব্ৰিটেইনত পাতনি মেলা শিল্প-জাগৰণ ক্রমান্বয়ে ইউৰোপ আৰু আমেৰিকাৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিল৷ ধ্যান আৰু কৰ্মৰ কেন্দ্ৰবিন্দু ইউৰোপ ক্রমাৎ পৰ্যবসিত হ’ল আধুনিক সভ্যতাৰ পীঠস্থানলৈ৷ ইউৰোপীয় দেশবোৰে এচিয়াৰ বিভিন্ন কোণত উপনিৱেশ স্থাপন কৰাৰ পিছত শিল্প বিপ্লৱৰ ঢৌৱে এচিয়াকো স্পৰ্শ কৰিলে৷ ইউৰোপৰ উন্নত বিজ্ঞান আৰু কাৰিকৰী ভাবনা আয়ত্ত কৰাৰ প্ৰয়াসেৰে জাপানীসকলে পাশ্চাত্য জগতৰ বিভিন্ন ভাষাৰ পৰা সুলিখিত অসংখ্য উৎকৃষ্ট গ্ৰন্থ নিজৰ ভাষালৈ অনুবাদ কৰাত নিমগ্ন হ’ল৷ স্ব-আৰোপিত বিচ্ছিন্নতা বিসৰ্জন দি তেওঁলোকে বহিঃবিশ্বৰ সৈতে প্ৰগতিৰ প্ৰতিযোগিতাত নামি পৰিল৷ ব্যাপক শিল্পায়নে মানুহৰ জীৱন-জিজ্ঞাসা আৰু মনস্তত্ত্বৰ লগতে সমাজৰ গাঁথনি, অৰ্থনীতি আদিৰ বিৰাট সাল-সলনি ঘটালে৷ বিজ্ঞানভিত্তিক নিৰ্মাণ বিদ্যাৰ ব্যৱহাৰৰ ফলস্বৰূপে ইংলেণ্ডত আৰম্ভ হোৱা উদ্যোগ বিপ্লৱৰ আগলৈকে কাৰিকৰী দিশৰ কৰ্মীসকল ঘাইকৈ সামৰিক বিষয়জনিত নিৰ্মাণ কাৰ্যৰ সংক্ষিপ্ত পৰিসৰতে সীমাবদ্ধ আছিল৷ শিল্প-আলোড়ন সৃষ্টিৰ আদিমূল ভাপচালিত ইঞ্জিনৰ উদ্ভাৱনে এই কৰ্মযোগীসকলক উজ্জ্বল আশাবাদৰ উপৰি ন-ন কৰ্ম-আঁচনিৰ সম্ভেদ দিলে৷ উদ্যোগীকৰণে স্ৰজন কৰা নব্য পৃথিৱীখনত ইঞ্জিনীয়াৰসকলৰ ভূমিকা হৈ উঠিল অতীৱ গুৰুত্বপূৰ্ণ৷ নিৰ্মাণ কৰ্তাৰ উপৰি বৈজ্ঞানিক পৰিকল্পনাৰ মহৎ সাধনাতো তেওঁলোক অৱতীৰ্ণ হ’ল৷ বস্ত্ৰ-উদ্যোগ, লো-তীখা উৎপাদনকাৰী গোট প্ৰমুখ্যে অন্যান্য কাৰখানাসমূহৰ বাবে উন্নত মানৰ কলা-কব্জাৰ নক্সা প্ৰস্তুত কৰণ, সেইবোৰৰ উদ্ভাৱন, সমস্যা নিবাৰণ, প্ৰতিষ্ঠাপন, পৰীক্ষা-নিৰীক্ষাৰ চিন্তাই তেওঁলোকৰ দায়িত্ব আৰু কাৰ্যপন্থা দুগুণে বৃদ্ধি কৰিলে৷ উন্নয়নৰ ঘাই হোতা হৈ পৰিল ইঞ্জিনীয়াৰসকল৷

১৭৮৯চনত হোৱা ফৰাচী বিপ্লৱে মানুহৰ মনলৈ নতুন যুগৰ উপযোগী মানসিক পৰিৱৰ্তন অনাৰ উপৰি স্বাধীনতা, সমতা, ভাতৃত্ববোধ আৰু চেতনাবোধ সঞ্চাৰিত কৰি বিশ্বৰ বাবে আধুনিকতাৰ সিংহদুৱাৰ ৰূপে স্বীকৃতি লাভ কৰিলে৷ ইপিনে শিল্প বিপ্লৱৰ ৰঙা ঘোঁৰাও চেকুৰিবলৈ ধৰিলে দুৰন্ত বেগত, বাধা-বিঘিনি নেওচি৷ বিজ্ঞানৰ চকৰিও ঘূৰিব লাগিল অবিৰামভাৱে, দ্ৰুতগতিৰে৷ বৈজ্ঞানিক চিন্তা-প্ৰবাহৰ শীঘ্ৰ উত্তৰণ ঘটাৰ ফলত অলেখ ঠাল-ঠেঙুলিত বিভক্ত হৈ বিজ্ঞানে এক বৃহৎ জ্ঞান-বৃক্ষৰ ৰূপ পৰিগ্ৰহ কৰিলে৷ অগণিত অনুসন্ধিৎসু বিজ্ঞানীয়ে এই বোধিদ্ৰুমৰ ছত্ৰছায়াত বিভিন্ন শাখা-প্ৰশাখাত নিতৌ অধ্যয়ন আৰু গৱেষণা কৰিবলৈ ধৰিলে৷ উদ্ভাৱন প্ৰক্রিয়া খৰতকীয়া হ’ল৷ বৈজ্ঞানিক তথ্যাদি আহৰণৰ পদ্ধতিসমূহলৈ অভূতপূৰ্ব পৰিৱৰ্তন আহিল৷ সেইবোৰ উন্নতৰ পৰা উন্নততৰ, ক্ষিপ্ৰ পৰা ক্ষিপ্ৰতৰ হ’ব ধৰিলে৷ বিজ্ঞান সম্বন্ধীয় তথ্যৰ ব্যৱহাৰৰ সৈতে হোৱা বৈজ্ঞানিক পদ্ধতিৰ মিলনত প্ৰযুক্তিয়ে জন্ম লাভ কৰিলে৷ ব্যৱহাৰিক দিশত জ্ঞান-বিজ্ঞানৰ প্ৰণালীবদ্ধ প্ৰয়োগ-কৌশল সম্পৰ্কীয় এই বিদ্যা কালক্রমত মানুহৰ জীৱন-যাত্ৰাৰ প্ৰতিটো পদক্ষেপৰে প্ৰধান নিয়ামকৰ ৰূপত অধিষ্ঠিত হ’ল৷

সপ্তদশ আৰু অষ্টাদশ শতিকাৰ কালছোৱাত প্ৰযুক্তি-বিদ্যাৰ নৱজন্ম হ’ল৷ ফ্ৰান্সে এই ক্ষেত্ৰত অগ্ৰণী ৰূপকাৰৰ ভূমিকা ল’লে৷ যাতায়াত ব্যৱস্থাত প্ৰযুক্তিৰ ব্যৱহাৰে নতুন দিগন্তৰ সূচনা কৰিলে৷ প্ৰসংগক্রমে উল্লেখযোগ্য, ১৬৬৬-১৬৮১চনৰ ভিতৰত দক্ষিণ-পশ্চিম ফ্ৰান্সত আটলান্টিক মহাসাগৰ আৰু ভূমধ্য সাগৰৰ মাজত খাল নিৰ্মাণ কৰা হৈছিল, যাৰ খোলা আৰু বন্ধ কৰাৰ উপায়, সুৰংগ পথ আদি প্ৰযুক্তি-জ্ঞানৰ স্পৰ্শ আছিল৷ কাৰিকৰী বিষয়ত আগৰণুৱা ফ্ৰান্সত ১৭৮৭চনত পথ আৰু দলং সংক্ৰান্তীয় শিক্ষাদানৰ বাবে শিক্ষানুষ্ঠানো স্থাপন কৰা হৈছিল৷ শিল্প বিপ্লৱৰ পুৰোহিত ইংৰাজসকলেও আনকি ফ্ৰান্সত বিদ্যা লভিছিলহি৷

উদ্যোগ বিপ্লৱৰ প্ৰধানতম চালিকা-শক্তি বিজ্ঞান আৰু প্ৰযুক্তিৰ অবিশ্বাস্য অগ্ৰগতি তথা সম্প্ৰসাৰণৰ লগে লগে একবিংশ শতিকাত কাৰিকৰী বিষয়ত নতুন নতুন ভাগ-বিভাগ সংযোজিত হৈছে৷ ঊনবিংশ শতিকাৰ অন্তিম পৰ্যায়ত চিন্তাশীল শিল্পকাৰসকলে কঠোৰ শ্ৰম আৰু সাধনাৰে শিল্প প্ৰসাৰণৰ লগে লগে সংযোজন হোৱা অনেক নৱ-নৱ যন্ত্ৰপাতি উদ্ভাৱন কৰিবলৈ সমৰ্থ হৈছে৷ শেহতীয়াভাৱে, অত্যাধুনিক বৈজ্ঞানিক তত্ত্ব আৰু ইলেকট্ৰ’নিক প্ৰযুক্তিয়ে মানৱ সভ্যতাৰ উত্তৰণলৈ কেনে অৱদান যোগাইছে সেয়া মানুহৰ দৈনন্দিন জীৱন-পঞ্জীৰ অধ্যয়নৰ পৰাই সহজবোধ্য৷ কাৰিকৰী আৰু চিন্তাপ্ৰসূত সৃষ্টিয়ে জীৱনৰ অধিকাংশ সামৰি থকাৰ পৰিপ্ৰেক্ষিতত সাম্প্ৰতিক সময়ছোৱাত প্ৰযুক্তিৰ যুগ বুলিলে নিশ্চয় অত্যুক্তি কৰা নহ’ব৷

 

উৎসঃ ইণ্টাৰনেট, সাহিত্য ডট অৰ্গ, (জ্যোতি প্ৰকাশ নাথ,উদ্দীপ তালুকদাৰ)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate