অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কম্পিউটাৰত ভাইৰাছ আক্ৰমণ আৰু ইয়াৰ সুৰক্ষা:

কম্পিউটাৰত ভাইৰাছ আক্ৰমণ আৰু ইয়াৰ সুৰক্ষা:

 

মানুহ প্ৰযুক্তিনিৰ্ভৰ বিশেষকৈ কম্পিউটাৰনিৰ্ভৰ হৈ উঠাৰে পৰা দৈনন্দিন জীৱনৰ যিমান কাম কম্পিউটাৰৰ দ্বাৰা কৰাব পাৰি সিমানেই কৰাবলৈ ল’লে। বহুক্ষেত্ৰত আনকি চিন্তা-চৰ্চা কৰাৰ দায়িত্বও কম্পিউটাৰকে অৰ্পণ কৰিলে। কেতিয়াও অলপো জিৰণি নোলোৱাকৈ আৰু দৰমহা নিবিচৰাকৈ কম্পিউটাৰে নিজৰ দায়িত্ব যিমান নিয়াৰীকৈ আৰু নিখুঁটভাৱেত পালন কৰিব পাৰে সেয়া মানুহৰ পক্ষে সম্ভৱ নহয়। সেয়ে কম্পিউটাৰক গতাই থকা হ’ল এটাৰ পিছত এটাকৈ অন্তহীন কামৰ বোজা। কম্পিউটাৰেও ‘আপোনাৰ বিশ্বাসী’ বা ‘আপোনাৰ একান্ত বাধ্য ছাত্ৰ’ৰ দৰে কামখিনি কোনো ওজৰ-আপত্তি নোহোৱাকৈ কৰিবলৈ ল’লে। আৰু বিনিময়ত? বিনিময়ত আমি কম্পিউটাৰটোক কিবা দিলোনে? সপ্তাহটো বা মাহেকৰ মূৰতো তাৰ ধূলি-বালিকণ নিয়মীয়াকৈ চাফা কৰিবলৈ আমাৰ সময়-সুবিধা নোলায়। আমি কিমানজনে ধন খৰছ কৰি অপাৰেটিং ছিষ্টেম ‘কিনি’ কম্পিউটাৰত ভৰাওঁ? কিমানজনে এন্টি ভাইৰাছৰ শেহতীয়া সংস্কৰণ আপডেট কৰি ৰাখোঁ বাৰু?

কম্পিউটাৰত কৰি থকা কামখিনিৰ উপৰি ইয়াক ভালে ৰখাৰ সাধাৰণ কথাখিনি আমি কিমানে জানিবলৈ যত্ন কৰোঁ? কাম কৰি থকা কম্পিউটাৰটোৰ স্বাস্থ্য সম্পৰ্কে আমি কিমান সচেতন?

হয়, কম্পিউটাৰ এটা নিৰ্বোধ যন্ত্ৰ। কিন্তু ওযন্ত্ৰ হ’লেও, নিজৰ বাইকখন বা গাড়ীখনত দেখোন সপ্তাহৰ মূৰত বা মাহেকৰ মূৰত হ’লেও আমি পানী এচলু মাৰোঁ, চকাত হাৱা কমিছে নেকি চাওঁ, তেল-ম’বিল ভৰাওঁ। কম্পিউটাৰ যিদৰে জেওৰা নোহোৱা বাৰীত গৰু সোমায়, ঢাকন নোহোৱা চৰুত যিদৰে মাখি পৰে, ঠিক সেইদৰে ভালদৰে প্ৰতিপাল নকৰা কম্পিউটাৰতো ভাইৰাছ সোমায়।

এটা মাত্ৰ বাৰ্তা:

 

আপোনাৰ কম্পিউটাৰৰ সমস্ত তথ্যৰাজি সাংকেতিকৰণ(Encrypt)কৰি লক কৰা হৈছে। সেইখিনি পুনৰোদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আপুনি নিজৰ সময় নষ্ট নকৰাই ভাল। কাৰণ সেয়া আমাৰ নিজস্ব অ-সাংকেতিকৰণ(Decrypt) ছফটৱে’ৰৰ দ্বাৰাহে কৰাটো সম্ভৱ। কথাটোৰ প্ৰমাণ চাবলৈ আপুনি তলৰ লিংকত ক্লিক কৰি একাংশ তথ্য বিনামূলীয়াকৈ পুনৰোদ্ধাৰ কৰিব পাৰে। যদিহে আপুনি আপোনাৰ সকলোখিনি তথ্য পুনৰোদ্ধাৰ কৰিব খোজে তেনেহ’লে অনুগ্ৰহ কৰি তিনি দিনৰ ভিতৰত তলত দিয়া নিয়ম অনুসৰি মাত্ৰ তিনিশ ডলাৰ মূল্যৰ বিটকইন(BitCoin) পৰিশোধ কৰক। মনত ৰাখিব, তিনিদিনৰ ভিতৰত পৰিশোধ নকৰিলে আপুনি ইয়াৰ দুগুণ ধন ভৰিব লাগিব আৰু যদি এসপ্তাহৰ ভিতৰত সেইখিনিও পৰিশোধ নকৰে তেনেহ’লে আপোনাৰ সমস্ত তথ্যৰাজি ডিলিট কৰা হ’ব।

২০১৭ বৰ্ষৰ ১২ মে’ৰ দিনা কাম কৰি থকা কম্পিউটাৰত হঠাৎ এনে বাৰ্তা দেখি বিশ্বৰ বিভিন্ন দেশৰ লোকসকলৰ মাজত হাঁহাকাৰ লাগিল। হাঁহাকাৰ নালাগিবই বা কিয়? ৱান্নাক্ৰাই ৰেনছমৱে’ৰ নামৰ এবিধ ভাইৰাছ অসুৰক্ষিত কম্পিউটাৰত ই-মেইলৰ যোগে প্ৰৱেশ কৰি তাৰ সমস্ত তথ্যৰাজি কোনেও ব্যৱহাৰ কৰিব নোৱৰাকৈ লক কৰি উল্লিখিত ধৰণৰ বাৰ্তা এটা প্ৰদৰ্শন কৰে। ইয়াৰ ফলত বিশ্বৰ লাখ লাখ কম্পিউটাৰ আক্ৰান্ত হয়। কোনো এখন চিকিৎসালয়ৰ মূল কম্পিউটাৰটোত যদি কেনেবাকৈ এই ভাইৰাছটো প্ৰৱেশ কৰিছে তেনেহ’লে তৎমূহূৰ্ততে ই চিকিৎসালয় খনৰ সমগ্ৰ ব্যৱস্থাটোকে অচল কৰি পেলাইছে। ফলত নতুন ৰোগী পঞ্জীয়নৰ পৰা আৰম্ভ কৰি চিকিৎসা চলি থকা ৰোগীসকলৰ স্বাস্থ্য সম্পৰ্কীয় তথ্যসমূহো বিচাৰি উলিয়াব পৰা হোৱা নাই। বিশ্বমানৰ চিকিৎসালয়সমূহত সম্প্ৰতি সাধাৰণতে কাগজ ব্যৱহাৰ কৰা নহয়। তাৰ পৰিৱৰ্তে সকলো তথ্য পোনপটীয়াকৈ কম্পিউটাৰত ভৰাই যোৱা হয় আৰু চিকিৎসালয়খনৰ অন্তৰ্গত যিকোনো এটা কম্পিউটাৰৰ পৰা সেই তথ্যসমূহ আহৰণ কৰিব পৰা যায়। সেইখিনি তথ্যকে যদি ভাইৰাছটোৱে কোনেও চাব নোৱৰাকৈ আবদ্ধ কৰি পেলায় তেনেহ’লে কি হ’ব পাৰে সেয়া সহজেই অনুমেয়। ৱান্নাক্ৰাই ৰেনছমৱে’ৰ নামৰ ভাইৰাছবিধে সেইটোকে কৰিছে। আৰু সেয়া কেৱল মাত্ৰ এখন-দুখন চিকিৎসালয়তে নহয়, বিশ্বৰ বিভিন্ন স্থানৰ শ-শ চিকিৎসালয়ৰ সেৱা সাময়িকভাৱে বাতিল কৰিব লগা হৈছে কেৱল এই ভাইৰাছবিধৰ বাবে।

আকৌ ধৰা, কোনো দেশৰ ৰে’ল যোগাযোগ ব্যৱস্থাটো কম্পিউটাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। কোনখন ট্ৰেইন কেতিয়া কোনফালেদি যাব, কোনখন ট্ৰেইনে কিমান সময়ত কোনখনক ক’ত ট্ৰেক সলনি কৰি বাট এৰি দিব, কোনটো ষ্টেচনত কিমান সময় ৰ’ব, সেই সকলোবিলাক তথ্য পূৰ্ব নিৰ্ধাৰিত ধৰণে কম্পিউটাৰে নিয়ন্ত্ৰণ কৰে। এই ব্যৱস্থাত ব্যৱহাৰ হোৱা কম্পিউটাৰৰ সংখ্যা এটা-দুটা নহয়, বহু হাজাৰ হ’ব পাৰে। এতিয়া কল্পনা কৰা, ৱান্নাক্ৰাই ৰেনছমৱে’ৰৰ দ্বাৰা ইয়াৰ মাত্ৰ এটা বা দুটা কম্পিউটাৰ আক্ৰান্ত হ’ল। ফলত কি হ’ব অনুমান কৰিব পাৰিছানে? এই ঘটনাটোৱেই সংঘটিত হ’ল জাৰ্মানীত। অৱশ্যে, কৰ্তৃপক্ষই ততালিকে দিশখনৰ ৰে’লসেৱা সাময়িকভাৱে স্থগিত ৰখাত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল।

আমেৰিকা, চীন, জাপান, ব্ৰিটেইন, ৰাছিয়া, জাৰ্মানী, ফ্ৰান্স আদিৰ দৰে প্ৰযুক্তিৰ ক্ষেত্ৰত অতিকে উন্নত বুলি নাম থকা দেশসমূহৰ সৰু-বৰ বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠানতো একেই অৱস্থা। ভাৰতবৰ্ষৰ অন্ধ্ৰপ্ৰদেশৰ পুলিচ প্ৰশাসনৰ কম্পিউটাৰ নেটৱৰ্কো ৱান্নাক্ৰাই ৰেনছমৱে’ৰৰ দ্বাৰা আক্ৰান্ত হৈ সমগ্ৰ ব্যৱস্থাটোকে অচল কৰি পেলাইছিল।

কিন্তু কোনে আৰম্ভ কৰিছে এই ছাইবাৰ সন্ত্ৰাস? এখন দেশৰ বল-শক্তি নিৰ্ভৰ কৰে ঘাইকৈ দেশখনৰ সৈন্য-বাহিনীৰ ওপৰত। আৰ্মি, নেভী আৰু এয়াৰ ফ’ৰ্চৰ উপৰি উন্নত দেশসমূহত আজিকালি আন এক বাহিনী আছে, সেয়া হৈছে ছাইবাৰ বাহিনী। এই বাহিনীটোৰ মূল কাম হৈছে সংশ্লিষ্ট দেশখনৰ  ছাইবাৰ জগতখনক সুৰক্ষিত কৰি ৰখা আৰু প্ৰয়োজন সাপেক্ষে শত্ৰু দেশক ছাইবাৰ ইআক্ৰমনেৰে ধৰাশায়ী কৰা। ইয়াৰ বাবে এই বাহিনীটোৰ হাতত থাকে কিছুমান অতিকৈ ভয়ংকৰ ছাইবাৰ অস্ত্ৰ। সাধাৰণ দৃষ্টিত অদৃশ্য এই অস্ত্ৰসমূহৰ মোক্ষম আঘাতে একো একোখন দেশৰ কম্পিউটাৰ-ইন্টাৰনেট নিয়ন্ত্ৰিত সমগ্ৰ ব্যৱস্থাটোকে নিমিশতে ধ্বংস কৰি পেলাব পাৰে। আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা এজেন্সী অধীনত থকা তেনে কেইপদমান অস্ত্ৰ ২০১৬ বৰ্ষত কোনো সুচতুৰ হেকাৰৰ এটা দলে চুৰ কৰি নিয়ে আৰু তাকে ব্যৱহাৰ কৰি তেওঁলোকে ইতিমধ্যে ভালেকেইটা ইছাইবাৰ আক্ৰমণ সংঘটিত কৰিছে। দা শ্বেড’ ব্ৰ’কাৰ্ছ চমুকৈ টি এছ বি বুলি চিনাকী দিয়া এই দলটোৱেই ৱান্নাক্ৰাই ৰেনছ্মৱে’ৰ নামৰ ভাইৰাছবিধ উল্লিখিত ছাইবাৰ আহিলাসমূহৰ দ্বাৰা সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে। হেকাৰৰ দলটোৱে ইয়াক বুজাবলৈ ‘I Want to Cry’ বাক্যটো ব্যৱহাৰ কৰিছে। সেয়েহে ইয়াক চমুকৈ ৱান্নাক্ৰাই বুলি নামকৰণ কৰা হৈছে। আনহাতে,ক ভাইৰাছটোৰ কবলৰ পৰা মুক্তি লাভ কৰাৰ বিনিময়ত মুক্তিপন দাবী কৰাৰ বাবে ইয়াক ‘ৰেনমছৱে’ৰ’ বুলি কোৱা হৈছে। সি যি নহওঁক, ৱান্নাক্ৰাই আৰু ৰেনছমৱে’ৰ এই দুয়োটা নামেৰে সৰ্বসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা ভাইৰাছবিধক বিশেষজ্ঞসকলে বিশ্বৰ আটাইতকৈ ভয়াবহ কম্পিউটাৰ ভাইৰাছ আখ্যা দিছে।

আমেৰিকাৰ প্ৰতিৰক্ষা বাহিনীৰ পৰা চুৰ কৰা ভয়ংকৰ ছাইবাৰ অস্ত্ৰকেইপদৰ দ্বাৰা দা শ্বেড’ ব্ৰ’কাৰ্ছ নামৰ গোটটোৱে যেতিয়া কুটঘাত সংঘটিত কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়াই মাইক্ৰ’ছফট ক’ৰপ’ৰেছনে এই সম্পৰ্কে ৰাইজৰ সতৰ্ক কৰি দিছিল আৰু ইয়াৰ পৰা হাত সাৰিবলৈ কম্পিউটাৰত ব্যৱহৃত অপাৰেটিং ছিষ্টেমৰ শেহতীয়া সংস্কৰণহে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল। নতুন অপাৰেটিং ছিষ্টেম কিনিবলৈ অনিহা প্ৰকাশ কৰা চৰকাৰী-বেচৰকাৰী প্ৰশাসন ব্যৱস্থাৰ কাম চলি আছে যেতিয়া ৮চলি থাকক মনোভাৱৰ বাবেই ৱান্নাক্ৰাই ৰেনমছৱে’ৰ নামৰ ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হ’ল।

প্ৰসংসক্ৰমে উল্লেখযোগ্য যে, ৱান্নাক্ৰাই ৰেনছমৱে’ৰ ভাইৰাছবিধে আক্ৰমণৰ বাবে বাছি লৈছে ঘাইকৈ পুৰণা অপাৰেটিং ছিষ্টেম যেনে উইণ্ড’জ এক্স পি থকা কম্পিউটাৰসমূহ। এসময়ত অতিকে জনপ্ৰিয় উইণ্ড’জ এক্স পি নামৰ অপাৰেটিং ছিষ্টেমবিধক মাইক্ৰ’ছফটে ৮২০১৪ চনতে বিদায় জনালে যদিও এতিয়াও বিশ্বৰ লাখ লাখ কম্পিউটাৰ এইবিধ অপাৰেটিং ছিষ্টেমকে ব্যৱহাৰ কৰা হৈ আহিছে। কাৰণ নতুন অপাৰেটিং ছিষ্টেম ল’বলৈ গ’লে তাৰ বাবে এক বুজন পৰিমাণৰ ধন পৰিশোধ কৰিব লাগিব আৰু কম্পিউটাৰৰ পৰা পুৰণাটো আঁতৰাই নতুনটো ভৰাবৰ বাবেও প্ৰয়োজন হ’ব ভালেখিনি সময় আৰু ধনৰ। সেয়ে, আওপুৰণি উইণ্ড’জ এক্স পি আজিও বিভিন্ন ক্ষেত্ৰত চলাই থকা হৈছে। আনহে নালাগে আমাৰ ভাৰতবৰ্ষৰ অধিকাংশ এ’ টি এম মেছিন আজিৰ তাৰিখতো উইণ্ড’জ এক্স পিৰ দ্বাৰাই পৰিচালিত হয়। ভাৰতবৰ্ষৰ বেংক ব্যৱস্থা, শ্বেয়াৰ বজাৰ, দূৰ সংযোগ ব্যৱস্থা, প্ৰতিৰক্ষা, প্ৰশাসন আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত বহুলভাৱে উইণ্ড’জ এক্স পি ব্যৱহাৰ কৰা হয়। কেৱল ভাৰতবৰ্ষই নহয়, বিশ্বৰ আগশাৰীৰ বিভিন্ন দেশতো। সেয়েহে সতৰ্কতামূলক ব্যৱস্থাৰূপে ভাৰতীয় ৰিজাৰ্ভ বেংকে উইণ্ড’জ এক্স পি বা তেনেধৰণৰ পুৰণা অপাৰেটিং ছিষ্টেমসমূহ আঁতৰাই নতুন অপাৰেটিং ছিষ্টেম আৰু শেহতীয়া সুৰক্ষামূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

সুখৰ কথা, বিশ্বৰ আগশাৰীৰ কম্পিউটাৰ বিশেষজ্ঞসকলে ৱানাক্ৰাই ৰেনছমৱে’ৰ ভাইৰাছক প্ৰতিহত কৰিব পৰাকৈ ইতিমধ্যে এটা ‘কিল ছুইটছ’ উদ্ভাৱন কৰিছে। অৱশ্যে এই ব্যৱস্থাটোৱে আক্ৰান্ত হোৱা কম্পিউটাৰকহে সুৰক্ষা প্প্ৰদান কৰিব পাৰে। ইতিমধ্যে আক্ৰান্ত হোৱা কম্পিউটাৰৰ পৰা ৱান্নাক্ৰাই ৰেনছমৱে’ৰ ভইৰাছবিধ আঁতৰাব নোৱাৰে। কেৱল এই ভাইৰাছেই নহয়, বিশ্বৰ ঠায়ে ঠায়ে বিভিন্ন ধৰণৰ ভাইৰাছ নিতৌ সৃষ্টি হৈছে আৰু সুবিধা পালেই তোমাৰ কম্পিউটাৰটোও ই আক্ৰমণ কৰিব। এনে ধৰণৰ এবিধ ভাইৰাছেই নিচেই কম দিনৰ ভিতৰত সমগ্ৰ বিশ্বত কল্পনাতীত ত্ৰাসৰ সৃষ্টি কৰিব পাৰে। শেহতীয়াকৈ জানিব পৰা মতে ৱান্নাক্ৰাই মেনছম’ৱেৰ ভাইৰাছবিধৰো এটা নতুন সংস্কৰণ ওলাইছে। এইটো সংস্কৰণে উইণ্ড’জ এক্স পিৰ উপৰি নতুন অপাৰেটিং ছিষ্টেমসমূহো আক্ৰান্ত কৰিব পাৰিব বুলি আশংকা কৰা হৈছে।

ভাইৰাছৰ পৰা সুৰক্ষা:

 

এতিয়া কথা হ’ল, কেনেকৈ হাত সাৰিব পাৰি এই ভয়াবহ ভাইৰাছবিধৰ পৰা? তুমি ব্যৱহাৰ কৰা কম্পিউটাৰত যদি উইণ্ড’জ এক্স পি আছে আৰু সেইটো কম্পিউটাৰ যদি ইন্টাৰনেট বা কোনো এক নেটৱৰ্কৰ দ্বাৰা সংযুক্ত হৈ আছে তেনেহ’লে সেইটো নিচেই সহজে ৱান্নাক্ৰাই ৰেনছমৱে’ৰ নামৰ ভাইৰাছৰ দ্বাৰা যিকোনো সময়তে আক্ৰান্ত হ’ব পাৰে। নতুন অপাৰেটিং ছিষ্টেম থকাসকলেও বৰ নিশ্চিত হ’ব নালাগে। কাৰণ ভাইৰাছবিধৰ দ্বিতীয় সংস্কৰণটোৱে আন আন অপাৰেটিং ছিষ্টেমকো ৰেহাই নিদিয়ে। গতিকে, অচিনাকী লোকৰ পৰা অহা ই-মেইলত যদিহে কিবা ফাইল সংলগ্ন হৈ আহে পৰাপক্ষত সেইটো ততালিকে ডিলিট কৰিবা অথবা সংলগ্ন ফাইলটোৰ শেষত .exe বুলি লিখা আছে নেকি চোৱা।

কেৱল এয়াই নহয়, .exe-ৰ উপৰি .ecc, .ezz, .exx, .zzz, .xyz, .aaa, .abc, .ccc, .vvv, .xxx, .ttt, .micro, .crypto, .crypt, .crinf, .r5a, .XRNT, .XTBL, .R16M01D05, .pzdc, .good, .LOL!, .OMG!, .RDM, .RRK, .LeChiffre, .keybtc@inbox.com, .OxO, .bleep, .1999, .vault, .HA3, .toxcrypt, .magic, .SUPERCRYPT, .CTBL, >CTB2, .locky ইত্যাদি ধৰণৰ ফাইল এক্সটেনছন থাকিলেও সাৱধান হ’বা। ই-মেইলৰ সৈতে সংযুক্ত হৈ অহা কোনো এটা ফাইলত এই ধৰণৰ এক্সটেনছন যদিহে আছে তেন্তে কোনো কাৰণতে সেই ফাইলটোত ক্লিক নকৰিবা। কেৱল ফাইলেই নহয়, কোনো কোনো ক্ষেত্ৰত দেখা গৈছে, অচিনাকী ই-মেইলৰ সৈতে আহিছে কোনো ৱে’বপে’জৰ এটা লিংক। এই লিংকটোত বা ফাইলটোত ক্লিক কৰাৰ লগে লগে সি এটা মাৰাত্মক প্ৰগ্ৰেম ডাউনলোড কৰিব আৰু একে সময়তে কম্পিউটাৰত ইনষ্টল হৈ নিজৰ কাম আৰম্ভ কৰি দিব। গতিকে সাৱধান। দ্বিতীয়তে, কম্পিউটাৰটো কেৱল প্ৰয়োজন থকা সময়তহে ইন্টাৰনেটৰ দ্বাৰা সংযুক্ত কৰা, সকলো সময়তে অপ্ৰয়োজনীয়ভাৱে ইন্টাৰনেটৰ সৈতে সংযোগ কৰি নথ’বা। তৃতীয়তে, নিজৰ প্ৰয়োজনীয় সমস্ত তথ্যৰাজী বেকআপ লোৱা। চতুৰ্থতে, এটা ভাল এন্টিভাইৰাছ ছফটৱে’ৰ কম্পিউটাৰত ভৰোৱা আৰু সেইটো প্ৰতিদিনেই আপডেট কৰি ৰাখা। এইখিনি সাধাৰণ সাৱধানতা অৱলম্বন কৰিব পাৰিলেই ৱান্নাক্ৰাই ৰেমছনৱে’ৰৰ দৰে আন আন কম্পিউটাৰ ভাইৰাছৰ পৰা বাছি থাকিব পাৰিবা।

উৎস:কেৰিয়াৰ গাইড



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate