অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাইবাৰ ছিকিউৰিটী

বর্তমান সময়ত ইণ্টাৰনেটৰ ব্যৱহাৰ আমাৰ বহুতৰে বাবে প্রয়োজনীয় হৈ পৰিছে। প্রযুক্তিবিদ্যাৰ বৃদ্ধিৰ ফলত এতিয়া বহু ব্যক্তিয়ে হাতে হাতে স্মার্টফোন ব্যৱহাৰ কৰি আহিছে। গ্রামাঞ্চলত যদিও দামী ফোনৰ ব্যৱহাৰ কম, তথাপি ইণ্টাৰনেটৰ ব্যৱহাৰ সকলো ঠাইতে আছে। ইন্টাৰনেটৰ ব্যৱহাৰ প্রয়োজনীয় কামৰ পৰা আৰম্ভ কৰি মনোৰঞ্জনলৈ তথা যোগাযোগৰ এক সহজ মাধ্যম হৈ পৰিছে। এইক্ষেত্ৰত আমি ব্যৱহাৰ কৰা কিছুমান শব্দ হৈছে অনলাইন, চাইবাৰ ইত্যাদি। ইণ্টাৰনেটৰ মাধ্যম তথা অন্যান্য মাধ্যমৰ পাৰ্থক্য আছে। এতিয়া কথা হ’ল— কেৰিয়াৰ হিচাপে ইয়াৰ সম্বন্ধ কেনেধৰণৰ ? ইয়াৰ লগতো বিভিন্ন কেৰিয়াৰ দিশ জড়িত হৈ আছে আৰু আজি ইয়াৰ বিষয়ে কিছু কথা প্রকাশ কৰিবলৈ লৈছোঁ।

আমি বহুতেই কম্পিউটাৰ ব্যৱহাৰ কৰোঁ, কিছুমানে লেপটপ বা আই পেড আদি ব্যৱহাৰ কৰে। এনেধৰণৰ যন্ত্রসমূহৰ লগত তথা আমাৰ সাধাৰণ ব্যক্তিৰ কাৰণে স্মার্টফোনৰ লগত ইণ্টাৰনেট জড়িত হৈ থাকে।

আমাৰ দেশৰ নতুন মুদ্ৰানীতি বিমুদ্ৰাকৰণৰ ফলত স্মার্টফোনৰ লগতে নগদবিহীন লেনদেন বৃদ্ধি পাব। ইয়াৰ যোগাত্মক দিশ বহুতো যদিও সাধাৰণতে ইয়াৰ লগত বিভিন্ন অপৰাধ জড়িত থাকিব পাৰে। এনেক্ষত্ৰত আমি সহজতেই ব্যৱহাৰ কৰা শব্দ হৈছে চাইবাৰ ক্ৰাইম’। চাইবাৰ ক্ৰাইমৰ বিষয়ে আমি পিছলৈ বহলাই লিখিম। যদিও এতিয়া এটা কেৰিয়াৰৰ বিষয়ে প্রকাশ কৰিব ওলাইছোঁ, যিটো হৈছে অনলাইন নিৰাপত্তা বা চাইবাৰ ছিকিউৰিটী সহজ অর্থত চাইবাৰ ক্ষেত্ৰত নিৰাপত্তাৰ দিশৰ পৰা কৰিব পৰা কামবোৰ। আমাৰ ছাত্র-ছাত্ৰীসকলে চাইবাৰ নিৰাপত্তা বিশেষজ্ঞ হ'ব পাৰে, কিয়নো বৰ্তমান ইয়াৰ চাহিদা বিশ্বৰ সকলো ঠাইতে আছে।

এই বিষয়ত পাৰ্গত হ'বলৈ বিশেষভাবে বিজ্ঞানৰ স্নাতক বা কম্পিউটাৰ অভিযন্তাসকলে চেষ্টা কৰিব পাৰে। অৱশ্যে অভিযন্তা নহ’লেও এনেধৰণৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব পাৰি, কিন্তু বিজ্ঞানৰ ছাত্র-ছাত্ৰীসকলৰ বাবে এনে বিষয় বেছি লাভদায়ক তথা সহজ হোৱা দেখা পোৱা যায়। উপলব্ধ কিছুমান বিনামূলীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে। উল্লেখ্য, এইক্ষেত্ৰত অনলাইনযোগে বিভিন্ন বিশ্ববিদ্যালয় তথা শিক্ষানুষ্ঠানৰ পৰা বিনামূলীয়াকৈ অধ্যয়ন কৰিব পৰা সুবিধা আছে।

ভাৰতবৰ্ষত চাইবাৰ নিৰাপত্তা বা ছিকিউৰিটী চাহিদা বৃদ্ধি পাবলৈ ধৰিছে আৰু এক সমীক্ষাত পোৱা গৈছে যে ২০২৫ চনৰ ভিতৰত ভাৰতবৰ্ষত এক মিলিয়নতকৈও অধিক ব্যক্তিৰ প্রয়োজন হ’ব, যিবোৰৰ কাম হ'ব চাইবাৰ ছিকিউৰিটী।

এইক্ষেত্ৰত থকা পাঠ্যক্ৰমসমূহ হ’ব পাৰে নেটৱৰ্ক ছিকিউৰিটী, এথিকেল হেকিং, নেটৱৰ্ক এণ্ড চীষ্টেম ছিকিউৰিটী, ছিকিউৰিটী আর্কিটেক্সাৰ ইত্যাদি। যিসকলে এনেধৰণৰ পাঠ্যক্ৰমসমূহ অধ্যয়ন কৰে, তেওঁলোকক সাধাৰণতে ছিকিউৰিটী বিশেষজ্ঞ বুলি কোৱা হয়। ইয়াৰ বাহিৰেও কিছুমান বেলেগ পদ আছে। যেনে— ছিকিউৰিটী এডমিনিষ্ট্ৰেটৰ, ছিকিউৰিটী কনছালটেন্ট ইত্যাদি। ভাৰতবৰ্ষৰ কিছুমান চৰকাৰী তথা বেচৰকাৰী শিক্ষানুষ্ঠানত চাইবাৰ ছিকিউৰিটীৰ লগত জড়িত পাঠ্যক্রম অধ্যয়ন কৰিব পৰা ব্যৱস্থা আছে। অনলাইনযোগে বহু তথ্য সংগ্ৰহ কৰিব পৰা সুবিধা আছে।

কেৰিয়াৰ হিচাপে চৰকাৰী তথা বেচৰকাৰী সংস্থা তথা ব্যৱসায়সমূহত চাইবাৰ ছিকিউৰিটীৰ বিশেষজ্ঞসকলে কৰ্মৰত হ’ব পাৰে। ভাৰত চৰকাৰৰ ইলেকট্রনিক্স আৰু ইনফৰ্মেশ্বন টেকন'লজী মন্ত্রণালয়ৰ এইক্ষেত্ৰত বিভিন্ন পৰিকল্পনা আছে। বর্তমান যিহেতু বিভিন্ন মন্ত্রণালয় বা চৰকাৰী বিভাগসমূহৰ বহু কাম অনলাইনাযোগে হয় তথা বিভিন্ন তথ্য ইণ্টাৰনেটত উপলব্ধ, সেয়েহে সেইবোৰৰ নিৰাপত্তাৰ বাবে নিতান্তই প্ৰয়োজন বিশেষজ্ঞৰ। চৰকাৰী বিভাগৰ নিচিনাকৈ ব্যৱসায়ৰ ক্ষেত্ৰতো চাইবাৰ ছিকিউৰিটী বিশেষজ্ঞৰ প্রয়োজন আছে। আমাৰ ছাত্র-ছাত্ৰীসকলে এইক্ষেত্ৰত অধ্যয়ন কৰি কেৰিয়াৰৰ পৰিকল্পনা কৰিব পাৰে।

আগলৈ আমি কিছুমান দিশৰ বিষয়ে প্ৰকাশ কৰিম। যেনে-Ethical Hacking. অনলাইন ট্রেড বা মার্কেটিং ইত্যাদি। আমাৰ ছাত্র-ছাত্ৰীসকলে এটা কথা মনত ৰখা উচিত যে এনেধৰণৰ বিষয় অধ্যয়ন কৰি কিছুমান ঠাইত কর্মসংস্থাপন নাপাবও পাৰে, কিন্তু আটাইতকৈ ভাল কথা যে চাইবাৰ বা ডিজিটেল পৃথিৱীত নিজকে সংস্থাপন কৰাৰ কাৰণে সুবিধা অনেক আৰু যিকোনো ঠাইত থাকি এনেধৰণৰ কেৰিয়াৰৰ লগত জড়িত হ’ব পাৰে বা স্ব-নিয়োজিত হ’ব পাৰে।

জলপানি

 

ছাত্র-ছাত্ৰীসকলে স্নাতকোত্তৰ তথা গৱেষণাৰ কাৰণে এ ডি বি-জে এছ পি অর্থাৎ এছিয়ান ডেভেলপমেণ্ট বেংক-জাপান স্কলাৰশ্বিপ প্ৰগ্ৰেমৰ বাবে আবেদন জনাব পাৰে। এই জলপানিৰ জৰিয়তে ছাত্র-ছাত্ৰীসকলে অষ্ট্রেলিয়া, হংকং (চীন), ভাৰত, জাপান, নিউজিলেণ্ড, পাকিস্তান, ফিলিপিনছ, ছিংগাপুৰ, থাইলেণ্ড তথা মার্কিন কিছুমান শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব পাৰে। এই জলপানিৰ অধীনত প্রায় ৩০০ ছাত্র-ছাত্রীক বাছনি কৰা হয়। বিভিন্ন বিষয়, যেনে— অর্থনীতি, মেনেজমেণ্ট, বিজ্ঞান আৰু প্রযুক্তিবিদ্যা তথা অন্যান্য উন্নয়নৰ লগত জড়িত বিষয়। ছাত্র-ছাত্ৰীসকল ৩৫ বছৰৰ তলৰ হোৱাৰ লগতে শৈক্ষিক অৰ্হতা তথা বাকী দক্ষতাসমূহ থকাৰ প্রয়োজন। সবিশেষ জানিবলৈ ইচ্ছুক ছাত্র-ছাত্ৰীসকলে এছিয়ান ডেভেলপমেন্ট বেংক-জাপান জলপানি কার্যসূচীৰ ৱেবছাইট চাব পাৰে। উল্লেখ্য, এই জলপানি ১৯৮৮ চনতে আৰম্ভ কৰা আৰু ইয়াৰ ফলত বহু ছাত্র-ছাত্রী লাভাৱান্বিত হৈছে।

কন্যা সন্তানৰ বাবে জলপানি

 

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ পৰা চলিত বছৰত দশমমান উত্তীর্ণ তথা পৰিয়ালৰ একমাত্র কন্যা সন্তানসকলে পৰিষদৰ দ্বাৰা প্রদান কৰা জলপানিৰ বাবে আবেদন কৰিব পাৰে। দশম উত্তীর্ণ তথা বর্তমান একাদশমানত অধ্যয়ন কৰি থকা কেবল একমাত্র কন্যা সন্তানসকলে ইয়াৰ বাবে আবেদন জনাব পাৰে। দশমমানত ৬০ শতাংশ বা ৬.২ চি জি পি এ নম্বৰ থকা ছাত্ৰীসকলে আবেদন জনাব পাৰে।

এন এইচ পি চিৰ ফেল’শ্বিপ

অসমৰ ছাত্র-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে এন এইচ পি চিৰ তৰফৰ পৰা মেৰিট কাম মিনছ ভিত্তিত ফেল'শ্বিপ প্রদান কৰা হ'ব। এই ফেল’শ্বিপ আৰু স্নাতক তথা স্নাতকোত্তৰ বিষয় অধ্যয়ন কৰাৰ বাবে উপলব্ধ থাকিব। অধ্যয়নৰ বিষয়সমূহ অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ স্নাতকোত্তৰ তথা স্নাতক পাঠ্যক্ৰম, চিকিৎসা শিক্ষা, এম বি এ, ভূ-তত্ত্ব তথা ভূ-পদার্থ বিজ্ঞান, মাছ কমিউনিকেশ্বন, হোটেল মেনেজমেন্ট, ডিপ্লমা ইন ইঞ্জিনিয়াৰিং, আই টি আই ইত্যাদি। প্রত্যেকবোৰ বিষয়ৰ বাবে জলপানিৰ পৰিমাণ বেলেগ বেলেগ। অনুসূচিত জাতি-জনজাতি আদিৰ বাবে কিছুমান সংৰক্ষিত থাকিব যদিও ৫০ শতাংশ জলপানি সংৰক্ষিত থাকিব ধেমাজি আৰু লখিমপুৰ জিলাৰ ছাত্র-ছাত্রীৰ বাবে। ইচ্ছুক ছাত্র-ছাত্ৰীসকলে ১৫ জানুৱাৰীৰ আগতে এই ফেল'শ্বিপৰ বাবে আবেদন জনাব পাৰে।

নামভর্তি

ভাৰতবৰ্ষৰ অন্যতম শিক্ষানুষ্ঠান এন আই এফ টি অর্থাৎ নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন'লজীত স্নাতক তথা স্নাতকোত্তৰৰ পেছাদাৰী পাঠ্যক্ৰমৰ ২০১৭ বৰ্ষ বাবে ছাত্র-ছাত্ৰীসকলে আবেদন কৰিব পাৰে। এই শিক্ষানুষ্ঠানত পাঠদান কৰা কিছুমান পাঠ্যক্রম বা বিষয় হৈছে। B. Des, অর্থাৎ বেচেলাৰ অৱ ডিজাইন (ফেশ্বন ডিজাইন, লেডাৰ ডিজাইন, একছেশ্বৰী ডিজাইন, ইত্যাদি), B. F. Tech অর্থাৎ বেচেলাৰ অৱ ফেশ্বন টেকন'লজী, M. Des বা মাষ্টাৰ অৱ ডিজাইন, মাষ্টাৰ অৱ ফেশ্বন মেনেজমেন্ট, মাষ্টাৰ অব ফেশ্বন টেকন’লজী ইত্যাদি। ছাত্র-ছাত্ৰীসকলৰ বাছনি সর্বভাৰতীয় পর্যায়ত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা তথা ইন্টাৰভিউৰ জৰিয়তে হ’ব। বাছনি পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ’ব আৰু এই পৰীক্ষাৰ বাবে আবেদন কৰাৰ শেষ তাৰিখ ২৩ জানুৱাৰী। ছাত্ৰ-ছাত্ৰীসকলে অনলাইনযোগে ইয়াৰ বাবে আৱেদন পঠাব পাৰে।

লিখক: ৰঞ্জন কে বৰুৱা, পূৰ্বাচল।

শেহতীয়া উন্নীতকৰণ: : 4/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate