আজি কালি কম্পিউটাৰ দিন |গাঁৱে-ভুঞেনগৰে-চহৰে কম্পিউটাৰ প্রভাৱে নতুন চামক আগুৱাই যাবলৈ , সপোন দেখিবলৈ বাধ্য কৰিছে | এদিন সপোন দেখিছিলোঁ | সপোনক বাস্তৱত পৰিনত কৰিবলৈ দিনে-ৰাতিয়ে কষ্ট কৰি এদিনাখন অসমৰ পৰা দিল্লী মুখী হৈছিলোঁ| বহুতে কয় প্ৰাইভেট কামত লাইফ আছেনে? আমি প্রায়ে কওঁ- হ্য় আছে | লাহে-লাহে দেখিলো “লাইফ” | জীৱনত সফল হ’বলৈ সঠিক জ্ঞান থকা অভিজ্ঞতাৰে পৰিপুর্ণ মানুহৰ পৰামর্শ লোৱাতো অতিকৈ প্রয়োজন | সঠিক পৰামর্শ দাতা বা পদ দেখুৱাই লৈ যোৱা মানুহৰ অভাৱত বাৰে-বাৰে ঠেকিছো, পৰিছো, হাৰিছো..| কিন্তু অৱশেষত অসফলতাৰ পৰাই শিকি উঠি অহা চামৰ বাবে অকনমান উপকাৰ হওঁক বুলিয়েই একলম লিখিবলৈ লৈছো
কম্পিউটাৰ বিজ্ঞানত বি.টেক, বা এমচিএ কৰা ছাত্র-ছাত্রী সকলে বিগদাটা (হাদোপ) টেকন’লজী বিষয়ত নিজৰ কেৰিয়াৰ গঢ়ি তুলিব পাৰে| বিগদাটা (হাদোপ) হ’ল কম্পিউটাৰ বিজ্ঞানৰ এটা আগশাৰীৰ টেক’ন’ল’জী |২০১৬ চনৰ সমীক্ষা অনুসৰি অটাইতকৈ বেছি দৰমহা দিয়া টেকন’ল’জীৰ ভিতৰতে এটা টেক’ন’ল’জী হ’ল বিগদাটা (হাদোপ) টেকন’ল’জী | দুই বছৰৰ কাম কৰা অভিজ্ঞতা থকা সকলৰ দৰমহাৰ স্কেল বছৰি ১০-১২ লাখৰ পৰা আৰম্ভ হয়|আগন্তুক দিনবোৰত এই টেকন’ল’জীৰ প্রভাৱ বহুত বেচিকৈ পৰিব | বর্তমান আমেৰিকান নামীদামী কোম্পানীবোৰে ইয়াক আকোঁৱালি লৈছে যদিও ভাৰততো কোনো গুনেই কম নহয় |ভাৰতৰ কোটি কোটি জনতাৰ আধাৰ কাৰ্ডৰ ৰেৰ্কড বোৰো এই টেকন'লজীৰে নিয়ন্ত্ৰিত হৈছে।
আগ্রহী সকলে www.cloudera.comhadoop.apache.org আৰু www.tutorialspoint.com/hadoop/ ৰ চাইট কেইটাৰ লগতে আমাৰ চাইট http://www.dekavision.in/ চাব পাৰে |
ক) বিগদাটা(হাদোপ)ডেভেল’পাৰ (Hadoop Developer)
খ) বিগদাটা (হাদোপ) এডমিনিষ্টেটৰ (Hadoop Administration)
গ) হাদোপ আর্কিটেক (Hadoop Architect)
ক) বিগদাটা (হাদোপ ) ডেভেল’পাৰ : হাদোপদেভেল’পাৰৰ কাৰণে তলত দিয়া যিকোনো এটা কম্পিউটাৰ লেংগুৱেজত বিশেষ দর্শতা থকাৰ প্রয়োজন |
Scala ,Python, Java, C++, SQL, MYSQL, ORACLE, MangoDB
স্নাতকদিগ্ৰী লাভ কৰি ওপৰৰ দিয়া যিকোনো এটা ভাষাত দশল থকা সকলে হদোপডেভেল’পাৰৰ দিশত প্রস্তুতি চলাব পাৰে | ডেভেল’পাৰ হিচাপে চাকৰিত যোগ দিয়াৰ আৰম্ভনিতেই মাহে অতি কমেও ৬০ বা ৭০ হাজাৰ দৰমহা বেচি ভাগ কোম্পানিয়েই দি আছে | এই ক্ষেত্রত Fresher সকলৰ বাবে চাকৰি পোৱাটোও সহজ হয়|
খ) হাদোপএডমিনৰ বাবে অভিজ্ঞতা থকা সকলহে বিশেষ গুৰুত্ব দিয়া হয় | তিনি বা চাৰি বছৰ System Administrator ৰ আভিজ্ঞতা থকা সকলে হাদোপএডমিনৰ বাবে প্রস্তুতিচলাব পাৰে | এই ক্ষেত্রত Window আৰু Linuxত প্রচুৰ অভিজ্ঞ হোৱাৰ প্রয়োজন | হাদোপএডমিনসকলৰ দৰমাহা সাধাৰণতে বেছি | দুই বছৰৰ আভিজ্ঞতা থকা সকলক মাহেলি অতি কমেও ৮০-৯০ হাজাৰ টকা বেছি ভাগ কোম্পেনীয়েই দি আছে | হাদোপ এদমিন মার্কেটত নোপোৱাত বেছিভাগেই হাদোপ এদমিন বিচাৰি হাবাথুৰি খোৱা দেখা যায় | গতিকে অহা কেইবছৰ মানত হাদোপ এদমিনৰ প্রভাৱ যে অতি বেছিকৈ পৰিব তাৰ কোনো সন্দেহ নাই |
গ )হাদোপআর্কিটেক, হাদোপএদমিন আৰু হাদোপডেভেল’পাৰ পাছৰ স্তৰ| ইয়াৰহাদোপএদমিন আৰু হাদোপডেভেল’পাৰ প্রচুৰ জ্ঞান থকাটো প্রয়োজন | দৰমাহাপাতিও যথেষ্ট বেছি |
Coursing Class ৰ বাবে অসমত বর্তমান উপলব্ধ হোৱা নাই যদিও আজি কালি অনলাইল Coursing Center ৰো বহুত ওলাইছে।
১)www.edureka.co/big-data-hadoop/online-course
২)https://www.simplilearn.com/big-data-and-analytics
হাদোপ ৰ বিভিন্ন চাৰ্টিফিকেচন আছে তলত দিয়া কেইটা বর্তমান মার্কেটত বেচিকৈ চলি আছে|বিশেষকৈ Cloudera Certification .
১) Cloudera Certified Administrator for Apache Hadoop (CCAH)
২) CCA Data Analyst
৩) CCA Spark and Hadoop Developer
এইবোৰ তলত দিয়া লিংকটোৰ পৰা অনলাইন কৰিব পাৰি
https://www.cloudera.com/more/training/certification.html
আগ্রহী সকলে ওপৰৰ লিংকদুটাত গৈ পঢ়ি চাব পাৰে | দুয়োটা Course ৰেদাম 20000-25000 ভিতৰত হ’ব|
বিনামুলীয়াকৈকিতাপো তলত দিয়া লিংকদুটাৰ পৰা অনলাইলডাউনলোড কৰি ল’ব পাৰে|
1) Hadoop: The Definitive Guide, Fourth Edition, by Tom White
2) Hadoop Operations - by O'Reilly Media
কিতাপ কেইখন অনলাইন পোৱাত অসুবিধা হ’লে নতুবা আর্থিকভাৱে নোৱাৰিলে আমালৈ mantukumardeka@gmail.com ইমেইল পঠিয়ালে আমি Soft Copy যোগান ধৰিবলৈ চেষ্টা কৰিম।
লেখক- মণ্টু কুমাৰ ডেকা, কম্পিউটাৰ অভিযন্ত্ৰা, নতুন দিল্লী ,ফোন : 8800305719