অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰেড হেট চফটওৱেৰৰ বিষয়ে

Red Hat Enterprise Linux 5.1 ৰ কিছুমান উন্নয়ন মুক্তি টোকাৰ এই সংস্কৰণত নোলাবও পাৰে। মুক্তি টোকাৰ উন্নত সংস্কৰণ এই URL ত পোৱা যাবও পাৰে:

http://www.redhat.com/docs/manuals/enterprise/RHEL-5-manual/index.html

সংস্থাপন সম্বন্ধীয় টোকা

নিম্নলিখিত বিভাগত Anaconda আৰু Red Hat Enterprise Linux5.1 ৰ সংস্থাপনৰ বিশেষ তথ্য আছে।

ইতিমধ্যে সংস্থাপিত Red Hat Enterprise Linux5 ৰ উন্নয়নৰ বাবে, আপুনি Red Hat Network ব্যৱহাৰ কৰি সলনি হোৱা সৰঞ্জামসমূহক উন্নয়ন কৰিব লাগিব ।

আপুনি Anaconda ব্যৱহাৰ কৰিব পাৰে Red Hat Enterprise Linux 5.1 ৰ পৰিষ্কাৰ সংস্থাপনৰ বাবে বা Red Hat Enterprise Linux 5 ৰ নতুন উন্নত সংস্কৰণৰ পৰা Red Hat Enterprise Linux 5.1 লৈ উন্নয়ন কৰিব'লৈ ।

  • যদি আপুনি Red Hat Enterprise Linux 5 CD-ROMৰ বিষয়বস্তু প্ৰতিলিপিত কৰিছে (উদাহৰণ স্বৰূপে নে'টৱৰ্ক ভিত্তিৰ সংস্থাপনৰ প্ৰস্তুতিত) তেন্তে কাৰ্য্যকৰ ব্যৱস্থাপ্ৰণালীৰ বাবে CD-ROM সমূহহে অকল প্ৰতিলিপিত কৰাতো সুনিশ্চিত কৰক । Supplementary CD-ROM বা কোনো এটা স্তৰযুক্ত প্ৰস্তুত CD-ROM প্ৰতিলিপিত নকৰিব, কাৰণ এই কাৰ্য্যই Anaconda ৰ উপযুক্ত ক্ৰিয়াকৰণৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ পুনঃ লিখিব ।

Supplementary CD-ROM আৰু অন্য স্তৰযুক্ত প্ৰস্তুত CD-ROM সমূহৰ বিষয়বস্তুক Red Hat Enterprise Linux 5.1 ৰ সংস্থাপনৰ পিছত সংস্থাপন কৰিব লাগিব ।

  • সম্পূৰ্ণ ভাৱে ভাৰ্চুৱেলাইজ কৰা অতিথিত Red Hat Enterprise Linux 5.1 সংস্থাপন কৰিলে, kernel-xen কাৰ্ণেল ব্যৱহাৰ নকৰিব । সম্পূৰ্ণ ৰূপে ভাৰ্চুৱেলাইজ কৰা অতিথিত এই কাৰ্ণেল ব্যৱহাৰ কৰিলে আপোনাৰ ব্যৱস্থাপ্ৰণালী স্তব্ধ হ'ব পাৰে ।

যদি আপুনি সম্পূৰ্ণ ভাৰ।চুৱেলাইজ জৰা অতিথিত Red Hat Enterprise Linux 5.1 সংস্থাপন কৰোঁতে সংস্থাপন সংখ্যা ব্যৱহাৰ কৰে, Virtualization সৰঞ্জাম সমষ্টিক সংস্থাপনৰ সময়ত অনিৰ্বাচিত কৰাতো সুনিশ্চিত কৰক ।Virtualization সৰঞ্জামৰ সমষ্টিয়ে kernel-xen কাৰ্ণেল সংস্থাপন কৰে ।

মন কৰিব যে পেৰাভাৰ্চুৱেলাইজ কৰা অতিথি এই সমস্যাৰ পৰা প্ৰবাৱিত নহয় । পেৰাভাৰ্চুৱেলাইজ কৰা অতিথিয়ে সদায়ে kernel-xen কাৰ্ণেল ব্যৱহাৰ কৰে ।

  • যদি আপুনি Red Hat Enterprise Linux 5ৰ পৰা 5.1 লৈ উন্নয়ন কৰে এটা ভাৰ্চুৱেলাইজ কৰা কাৰ্ণেল ব্যৱহাৰ কৰি, উন্নয়ন কৰাৰ পিছত পুনৰাৰম্ভ কৰিব লাগিব ।

Red Hat Enterprise Linux 5 আৰু 5.1-ৰ হাইপাৰভাইসৰসমূহ ABI-ৰ সৈতে সুসংগত নহয় । উন্নয়ন কৰাৰ সময়ত পুনৰাৰম্ভ নকৰিলে Virtualization RPMসমূহ চলমান কাৰ্ণেলৰ সৈতে নিমিলিব ।

iSCSI চালনাজ্ঞান আৰম্ভ কৰোঁতা (open-iscsi)ৰ বাবে সংস্থাপন / বুট কৰা

iSCSI সংস্থাপন আৰু বুট, Red Hat Enterprise Linux 5 ত প্ৰযুক্তি বিদ্যাৰ পূৰ্ব-প্ৰদৰ্শন হিচাপে উপস্থিত কৰা হৈছিল । নিম্নলিখিত সীমাৰ বিৱৰণৰ মতে, এই বৈশিষ্ট্য সম্পূৰ্ণৰূপে সমৰ্থিত ।

নিম্নলিখিত পৰিস্থিতিসমূহৰ ওপৰত নিৰ্ভৰ কৰি, এই বৈশিষ্ট্যেৰ তিনিটা বিন্যাস আছে:

  • হাৰ্ডৱেৰ iSCSI আৰম্ভ কৰোঁতা ব্যৱহাৰ কৰিলে (যেনেQLogic qla4xxx)
  • iSCSI ৰ বাবে ফাৰ্মৱেৰ বুট কৰাৰ সমৰ্থন থকা ব্যৱস্থাপ্ৰণালীত open-iscsi আৰম্ভ কৰোঁতা ব্যৱহাৰ কৰি (যেনে iSCSI Boot Firmware, বা Open Firmware ৰ কোনো সংস্কৰণ য'ত iSCSI বুট কৰাৰ ক্ষমতা আছে)
  • iSCSI-ৰ বাবে ফাৰ্মৱেৰ বুটৰ সমৰ্থন নোহোৱা ব্যৱস্থাপ্ৰণালীত open-iscsi আৰম্ভ কৰোঁতা ব্যৱহাৰ কৰি

হাৰ্ডৱেৰ iSCSI আৰম্ভ কৰোঁতাক ব্যৱহাৰ কৰি

হাৰ্ডৱেৰ iSCSI আৰম্ভ কৰোঁতা ব্যৱহাৰ কৰিলে, দূৰবৰ্তী সংগ্ৰহস্থল উপক্ৰমৰ বাবে কাৰ্ডৰ BIOS ব্যৱস্থা প্ৰয়োগ কৰি IP ঠিকনা আৰু অন্যান্য স্থিতিমাপৰ মান উল্লেখ কৰিব পাৰে । দূৰবৰ্তী সংৰক্ষণৰ বাবে লজিকেল ইউনিটসমূহক Anaconda ত মানপ্ৰাপ্ত sd যন্ত্ৰৰূপে উপলব্ধ কৰা হব আৰু ইয়াৰ বাবে অতিৰিক্ত প্ৰস্তুতিৰ আৱশ্যক নহয় ।

দূৰবৰ্তী সংগ্ৰস্থলৰ সেৱকক বিন্যাস কৰিবলৈ, আৰম্ভ কৰোঁতাৰ কোয়ালিফায়েড নাম (IQN) নিৰ্ধাৰণ কৰিবলৈ, সংস্থাপনৰ সময়ত নিম্নলিখিত পদক্ষেপসমূহ অনুসৰণ কৰক:

  1. সংস্থাপনৰ বাবে ব্যৱহাৰযোগ্য ডিস্ক ড্ৰাইভ নিৰ্বাচনৰ বাবে সংস্থাপকৰ নিৰ্ধাৰিত পৃষ্ঠাত যাওক ।
  2. Advanced storage configuration ত ক্লিক কৰক ।
  3. Add iSCSI target বুটামত ক্লিক কৰক ।
  4. এই পৰ্দাত iSCSI IQN প্ৰদৰ্শিত হব ।

iSCSI ৰ বাবে এটা ব্যৱস্থাপ্ৰণালীত ফাৰ্মৱেৰ বুট সমৰ্থনৰ বাবে open-iscsi ব্যৱহাৰ কৰা

iSCSI-ৰ বাবে ফাৰ্মৱেৰ বুট সমৰ্থনসহ কোনো ব্যৱস্থাপ্ৰণালীত open-iscsi চালনাজ্ঞান আৰম্ভ কৰোঁতা ব্যৱহাৰ কৰিলে, দূৰবৰ্তী সংগ্ৰহস্থল প্ৰয়োগৰ উদ্দেশ্যে IP ঠিকনা আৰু অন্যান্য আৱশ্যক স্থিতিমাপ উল্লেখ কৰাৰ বাবে ফাৰ্মৱেৰৰ প্ৰতিষ্ঠা ব্যৱস্থা ব্যৱহাৰ কৰক । ইয়াৰ ফলত ব্যৱস্থাপ্ৰণালী দূৰবৰ্তী iSCSI সংগ্ৰহস্থলৰ সহায়ত বুট কৰিবলৈ সক্ষম হব।

বৰ্ত্তমানে, Anaconda ৰ দ্বাৰা ফাৰ্মৱেৰে উপস্থিত iSCSI সংক্ৰান্ত তথ্য ব্যৱহাৰ কৰা সম্ভৱ নহয় । সংস্থাপনৰ সময়ত, লক্ষ্য IP ঠিকনা আপুনি নিজেই উল্লেখ কৰা আৱশ্যক । ইয়াৰ বাবে, ওপৰত উল্লেখিত প্ৰণালী অনুসাৰে আৰম্ভ কৰোঁতাৰ IQN নিৰ্ধাৰণ কৰক । ইয়াৰ পিছত, সংস্থাপকৰ সেই একেই পৃষ্ঠাতে য'ত আৰম্ভ কৰোঁতাৰ IQN দেখুওৱা হয়, আপুনি সংস্থাপন কৰাৰ ইচ্ছুক iSCSI লক্ষ্যৰ IP ঠিকনা লিখক ।

ব্যৱহাৰকৰোঁতা দ্বাৰা iSCSI লক্ষ্যৰ IP ঠিকনা উল্লেখ কৰাৰ পিছত, iSCSI লক্ষ্যৰ লজিকেল ইউনিটসমূহ সংস্থাপনৰ বাবে উপলব্ধ কৰা হব । Anaconda ৰ দ্বাৰা নিৰ্মিত initrd য়ে iSCSI লক্ষ্যৰ IQN আৰু IP ঠিকনা প্ৰাপ্ত কৰিব ।

যদি iSCSI লক্ষ্যৰ IQN বা IP ঠিকনা ভৱিষ্যতে সলনি হয়, iBFT বা Open Firmware প্ৰতিষ্ঠা সৰঞ্জাম প্ৰত্যেক আৰম্ভকৰোঁতাত ব্যৱহাৰ কৰিব আৰু উপযুক্ত স্থিতিমাপ সলনি কৰিব । ইয়াৰ পিছত, প্ৰত্যেক আৰম্ভকৰোঁতাৰ বাবে initrd (iSCSI ভঁৰালত সংৰক্ষিত) সলনি কৰিব এনেধৰণে:

  1. gunzip প্ৰয়োগ কৰি initrd প্ৰসাৰণ কৰক ।
  2. cpio -i ব্যৱহাৰ কৰি খোলক ।
  3. init নথিপত্ৰত, iscsistartup থকা শাৰীৰ অনুসন্ধান কৰক । এই শাৰীত iSCSI লক্ষ্যৰ IQN আৰু IP ঠিকনা উপস্থিত আছে; এই শাৰীত নতুন IQN আৰু IP ঠিকনা লিখক ।
  4. initrd ক পুনঃ থুপ খোৱাওক cpio -o ব্যৱহাৰ কৰি ।
  5. gunzip আদেশেৰে initrd পুনঃ সঙ্কুচিত কৰক।

Open Firmware / iBFT firmware ৰ হাতত থকা iSCSI তথ্য ব্যৱস্থাপ্ৰণালীৰ দ্বাৰা লাব কৰাতো ভৱিষ্যতৰ মুক্তিৰ বাবে কল্পনা কৰা হৈছে । এনে এটা উন্নতিকৰণে প্ৰত্যেক আৰম্ভকৰোঁতাৰ বাবে initrd (iSCSI ভঁৰালত সংৰক্ষিত) সলনি কৰাৰ প্ৰয়োজনতা আঁতৰাব যেতিয়াই IP ঠিকনা বা IQN iSCSI লক্ষ্যৰ সলনি হয় ।

iSCSI ৰ বাবে কোনো ব্যৱস্থাপ্ৰণালীত কোনো ফাৰ্মৱেৰ নোহোৱা বুটৰ সমৰ্থনৰ বাবে open-iscsi ব্যৱহাৰ কৰা

iSCSI-ৰ বাবে ফাৰ্মৱেৰ বুট সমৰ্থনবিহীন কোনো ব্যৱস্থাপ্ৰণালীত open-iscsi চালনাজ্ঞান আৰম্ভ কৰোঁতা প্ৰয়োগ কৰিলে, নেটৱৰ্ক বুট ব্যৱস্থা (‍যেনে PXE/tftp) ব্যৱহাৰ কৰক। এই ক্ষেত্ৰত, আৰম্ভ কৰোঁতাৰ IQN নিৰ্ধাৰণেৰ পূৰ্বে উল্লিখিত প্ৰক্ৰিয় অনুসৰণ কৰক আৰু iSCSI লক্ষ্যৰ IP ঠিকনা চিহ্নিত কৰক। কৰ্ম সমাপ্ত হলে, initrdক নেটৱৰ্ক বুট সেৱকে নকল কৰক আৰু ব্যৱস্থাপ্ৰণালীক নেটৱৰ্কৰ পৰা বুট কৰাৰ বাবে প্ৰস্তুত কৰক।

একই ৰূপে, iSCSI লক্ষ্যৰ IP ঠিকনা বা IQN পৰিবৰ্তন কৰা হলে initrd ত যথাযত পৰিবৰ্তন কৰা আৱশ্যক। ইয়াৰ বাবে, প্ৰতিটো আৰম্ভ কৰোঁতাৰ বাবে initrd পৰিবৰ্তনৰ পূৰ্ববৰ্তী প্ৰক্ৰিয়া অনুসৰণ কৰক।

বৈশিষ্টৰ উন্নয়ন

Ext3 ৰ বৃদ্ধি

EXT3-ৰ সৰ্বোচ্চ মাপ বৰ্ত্তমানে ১৬ টেৰাবাইট (৮ টেৰাবাইটৰ পৰা বৃদ্ধি কৰি) ধাৰ্য কৰা হৈছে। Red Hat Enterprise Linux 5 ত এইটো প্ৰযুক্তিগত পূৰ্ব প্ৰদৰ্শন ৰূপে উপলব্ধ কৰা হৈছিল আৰু বৰ্ত্তমান উন্নয়নত এইটো সম্পূৰ্ণৰূপে সমৰ্থিত।

yum-security

বৰ্ত্তমানে yum দ্বাৰা অকল নিৰাপত্তা সংক্ৰান্ত উন্নয়ন সংস্থাপন কৰা সম্ভব। ইয়াৰ বাবে yum-security প্লাগ-ইন সংস্থাপন কৰেৱি নিম্নলিখিত আদেশ প্ৰয়োগ কৰক:

yum update --security

Anaconda লেয়াৰ ২ ধৰণৰ উন্নতি

কোনো সম্পদ স্বতন্ত্ৰৰূপে পুনৰাৰম্ভ কৰক

ক্লাস্টাৰত কোনো সম্পদ পুনৰাৰম্ভ কৰাৰ বাবে সেইটোৰ ঊৰ্ধ্বতন সেৱা বিঘ্নিত কৰাৰ প্ৰয়োজন নহয়। চলমান নোডত __independent_subtree="1" গুণ প্ৰয়োগ কৰি সম্পদটোক স্বতন্ত্ৰ বুলি চিহ্নিত কৰি /etc/cluster/cluster.conf নথিপত্ৰত এইটোক বিন্যাস কৰা যায়।

উদাহৰণ স্বৰূপে:

<service name="example">

<fs __independent_subtree="1" ...>

<nfsexport ...>

<nfsclient .../>

</nfsexport>

</fs>

<fs ...>

<nfsexport ...>

<nfsclient .../>

</nfsexport>

<script name="Database" .../>

</fs>

<ip/>

</service>

ইয়াত, দুটা নথিপত্ৰপ্ৰণালী সম্পদ ব্যৱহৃত হয়: One আৰু TwoOne বিপৰ্যস্ত হলে, Two বিঘ্নিত নকৰি তাক পুনৰাৰম্ভ কৰা হয়। Two বিপৰ্যস্ত হলে সকলো অংশ (One, One-ৰ নিম্নস্থিত সামগ্ৰী আৰু Two-ৰ নিম্নস্থিত সামগ্ৰী) পুনৰাৰম্ভ কৰা হয়। Two আৰু ইয়াৰ নিম্নস্থিত সামগ্ৰী কেতিয়াও One দ্বাৰা উপলব্ধ কোনো সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল হয়।

উল্লেখ্য, Samba ত বিশেষ পৰিসেৱা আকাৰৰ প্ৰয়োজন আৰু স্বতন্ত্ৰ সাব-ট্ৰি সহ পৰিসেৱাত এইটো ব্যৱহাৰ কৰা সম্ভৱ নহয় । অন্যান্য অনেকসমূহ সম্পদৰ ক্ষেত্ৰটো এইটো প্ৰযোজ্য আৰু এই কাৰণে __independent_subtree="1" গুণ ব্যৱহাৰৰ সময়ত সাৱধানতা অৱলম্বন কৰা জৰুৰী।

ভাৰচুৱেলাইজেচন্

নিম্নলিখিত ভাৰ্চুৱেলাইজেছনৰ উন্নয়নসমূহকো এই মুক্তিত অন্তৰ্ভুক্ত কৰা হৈছে:

  • ভাৰ্চুৱেলাইজ কৰা কাৰ্ণেল দ্বাৰা kdump ব্যৱহাৰ কৰা সম্ভৱ।
  • AMD-V বৰ্ত্তমান মুক্তিত সমৰ্থিত হব। ইয়াৰ ফলত সম্পূৰ্ণৰূপে ভাৰ্চুৱেলাইজ কৰা অতিথি ব্যৱস্থাপ্ৰনালীত লাইভ ডোমেইন স্থানান্তৰ কৰা সম্ভৱ হব।
  • ভাৰ্চুৱেলাইজ কৰা কাৰ্ণেল দ্বাৰা ১৬ গিগাবাইটৰ RAM লৈকে সমৰ্থিত হব।
  • in-kernel সকেট API বৰ্ত্তমানে প্ৰসাৰিত কৰা হৈছে। অতিথি ব্যৱস্থাপ্ৰণালীত sctp সঞ্চালনৰ সময়ত উৎপন্ন এটা বাগ সংশোধনৰ উদ্দেশ্যে এইটো কৰা হৈছে।
  • ভাৰ্চুৱেল নেটৱৰ্কিং ব্যৱস্থা বৰ্ত্তমানে ভাৰ্চুৱেলাইজেশন লাইব্ৰেৰি libvirt ৰ অংশ। libvirt দ্বাৰা উপলব্ধ কিছু আদেশেৰ সহায়ত যন্ত্ৰত সকলো স্থানীয় অতিথি ব্যৱস্থাপ্ৰণালীৰ বাবে ভাৰ্চুৱেল NAT/ৰাউটাৰ আৰু ব্যক্তিগত নেটৱৰ্ক স্থাপন কৰা হয়। বাহিৰৰ পৰা ৰাউট কৰাৰ উদ্দেশ্যে যি সমস্ত অতিথি ব্যৱস্থাপ্ৰণালী নিৰ্ধাৰণ কৰা আৱশ্যক নহয়, সেইসমূহৰ ক্ষেত্ৰত এইটো সহয়াক । লেপ্টপত ভাৰ্চুৱেলাইজেশন প্ৰয়োগ কৰা বিকাশক সকলৰ ক্ষেত্ৰতো এইটো আৱশ্যক ।

মন কৰিব যে ভাৰ্চুৱেল নেটৱৰ্ক ক্ষমতা দ্বাৰা dnsmasq ৰ ওপৰত নিৰ্ভৰতা ধাৰ্য কৰা হয় । ইয়াৰ সহায়ত ভাৰ্চুৱেল নেটৱৰ্কৰ বাবে dhcp পৰিচালনা কৰা হয় ।

libvirt ৰ বিষয়ে অধিক তথ্য জানিবৰ বাবে, http://libvirt.org চাওক ।

  • libvirt এ এতিয়া নিষ্ক্ৰিয় ভাৰ্চুৱেল যন্ত্ৰ পৰিচালনা কৰিব পাৰে । বন্ধ নকৰি বা আৰম্ভ নকৰি ডোমেইনসমূহক সংজ্ঞাবদ্ধ কৰি আৰু নকৰি libvirt এ এই কৰ্ম সাধন কৰে। এই বৈশিষ্ট্য virsh define আৰু virsh undefine আদেশৰ সমতূল্য ।

এই উন্নতিয়ে Red Hat Virtual Machine Manager ৰ দ্বাৰা সকলো উপলব্ধ অতিথি ব্যৱস্থাপ্ৰণালীক প্ৰদৰ্শন কৰা সম্ভৱ কৰে। এইটোৱে আপোনাক GUI ৰ পৰা অতিথিক পোনচাটে আৰম্ভ কৰিব দিয়ে।

  • kernel-xen সৰঞ্জাম সংস্থাপন কৰিলে এতিয়া আৰু ভুল/অসম্পূৰ্ণ elilo.conf নিবেশৰ সৃষ্টি নহয়।
  • সম্পূৰ্ণ ৰূপে ভাৰ্চুৱেলাইজ কৰা অতিথিয়ে এতিয়া hot-migration ৰ সমৰ্থন কৰে ।

Virtual Machine Manager ত xm create আদেশৰ কোনো চিত্ৰাংকিত ৰূপ উপস্থিত নাই।

  • নেস্টেড পেজিং (NP)বৰ্ত্তমানে সমৰ্থিত। ভাৰ্চুৱেলাইজ কৰা পৰিবেশে স্মৃতিশক্তি পৰিচালনাৰ জটিলতা, এই বৈশিষ্ট্য দ্বাৰা হ্ৰাস কৰা হয়। ইয়াৰ উপৰিও, অধিক স্মৃতিশক্তি প্ৰয়োগকাৰী অতিথি ব্যৱস।থাপ্ৰণালীৰ ক্ষেত্ৰত NP দ্বাৰা CPU-ৰ ব্যৱহাৰ হ্ৰাস কৰা সম্ভৱ হব।

বৰ্ত্তমানে, অবিকল্পিতৰূপে NP সক্ৰিয় কৰা নহয় । আপুনাৰ ব্যৱস্থাপ্ৰণালীৰ দ্বাৰা NP সমৰ্থিত হলে, hap=1 স্থিতিমাপ সহযোগে হাইপাৰ-ভাইসৰে বুট কৰি NP সক্ৰিয় কৰা বাঞ্ছনীয় ।

অংশ লোৱা পেজ টেবুল

অংশ লোৱা পেজ টেবুল বৰ্ত্তমানে hugetlb স্মৃতিশক্তিৰ বাবে সমৰ্থিত হব । ইয়াৰ ফলত পেজ টেবুলৰ নিবেশ একাধিক ক্ৰিয়াত যৌথৰূপে ব্যৱহাৰ কৰা যাব ।

একাধিক ক্ৰিয়াৰ দ্বাৰা যৌথৰূপে পেজ টেবুলৰ নিবেশ ব্যৱহৃত হলে, প্ৰয়োগ কৰা ক্যাশেৰ পৰিমাণ হ্ৰাস কৰা সম্ভব হয় । ইয়াৰ ফলত অনুপ্ৰয়োগ ক্যাশি হিট অনুপাতে উন্নতি হয় আৰু অনুপ্ৰয়োগৰ কৰ্মক্ষমতা বৃদ্ধি হয় ।

tick_divider

tick_divider=<value> বিকল্পটো এটা sysfsস্থিতিমাপ । এই স্থিতিমাপৰ সহায়ত ব্যৱস্থাপ্ৰণালী ঘড়িৰ গতি পৰিবৰ্তন কৰা যাব আৰু ব্যৱহাৰকৰোঁতাৰ-কৰ্মক্ষেত্ৰ অনুপ্ৰয়োগৰ বাবে একেই HZ গতি প্ৰদৰ্শন কৰা হব।

tick_divider= বিকল্পৰ সহায়ত CPU-ৰ উপৰ সৰ্বমোট ভাৰ হ্ৰাস কৰা সম্ভব আৰু সময়নিৰ্ধাৰিত কৰ্ম আৰু প্ৰোনথিপত্ৰিং কৰ্মৰ পুঙ্খানুপুঙ্খ মাত্ৰা হ্ৰাস কৰি কৰ্মক্ষমতা বৃদ্ধি কৰা যাব ।

প্ৰমিত ১০০০Hz ঘড়িৰ বাবে উপযুক্ত <মান> হল:

  • 2 = 500Hz
  • 4 = 250Hz
  • 5 = 200Hz
  • 8 = 125Hz
  • 10 = 100Hz (Red Hat Enterprise Linux-ৰ পূৰ্ববৰ্তী মুক্তিে ব্যৱহৃত মান)

মন কৰিব যে ভাৰ্চুৱেলাইজ কৰা কাৰ্ণেল দ্বাৰা অতিথি ব্যৱস্থাপ্ৰণালীত একাধিক টাইমাৰৰ গতি সমৰ্থিত নহয়। dom0 দ্বাৰা সকলো অতিথিত ব্যৱহাৰযোগ্য এটা সুনিৰ্দিষ্ট সময়কাল ব্যৱহাৰ কৰা হয়; এইটোৱে একাধিক সময়ৰ মাত্ৰা ব্যৱহাৰৰ ফলত সাম্ভাব্য ভৰ হ্ৰাস কৰে।

dm-multipath যন্ত্ৰত সংস্থাপন কৰা

Anaconda দ্বাৰা বৰ্ত্তমানে dm-multipath যন্ত্ৰ চিনাক্ত, নিৰ্মাণ আৰু সংস্থাপন কৰাৰ ক্ষমতা উপলব্ধ আছে। এই বৈশিষ্ট্য সক্ৰিয় কৰাৰ বাবে কাৰ্ণেলৰ বুট শাৰীত mpath স্থিতিমাপ যোগ কৰক।

Red Hat Enterprise Linux 5 ত এটা প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন ৰূপে উপলব্ধ কৰা হৈছিল আৰু এই মুক্তিত এইটো সম্পূৰ্ণৰূপে সমৰ্থিত।

উল্লেখ্য, dm-multipath দ্বাৰা Dell MD3000-ৰ বাবে ইনবক্স সমৰ্থন উপলব্ধ কৰা হয়। তথাপিও, MD3000 ব্যৱহাৰৰ বাবে dm-multipath প্ৰয়োগকাৰী একাধিক নোড দ্বাৰা তাৎক্ষনিক ফলব্যাক সঞ্চালন কৰা সম্ভৱ নহয়।

ইয়াৰ উপৰিও, ব্যৱস্থাপ্ৰণালীত মাল্টিপাথ আৰু নন-মাল্টিপাথ যন্ত্ৰ উপস্থিত থাকিলে Anaconda সংযোগমাধ্যমে স্বনিৰ্ধাৰিত পাৰ্টিশন ব্যৱস্থা ব্যৱহাৰ কৰা বাঞ্ছনীয় । এই ক্ষেত্ৰত স্বয়ংক্ৰিয় পাৰ্টিশন ব্যৱস্থান ব্যৱহাৰ কৰিলে একেই লজিকেল আয়তন সমষ্টিত উভয় প্ৰকৃতিৰ যন্ত্ৰ নিৰ্মিত হোৱাৰ সম্ভাৱনা থাকে ।

বৰ্ত্তমানে, এই বৈশিষ্ট্যৰ ক্ষেত্ৰত নিম্নলিখিত সীমাবদ্ধতা আছে:

  • বুট Logical Unit Number (LUN) লৈ অকল এটা পথ থাকিলে, mpath নিৰ্ধাৰিত কৰিলেও Anaconda ই SCSI যন্ত্ৰতহে সংস্থাপন কৰিব । বুট LUN লৈ একাধিক পথ সক্ৰিয় কৰি initrd ক পুনঃ নিৰ্মাণ কৰিলেও, কাৰ্য্যকৰপ্ৰণালীয়ে dm-multipath যন্ত্ৰৰ পৰিবৰ্তে SCSI যন্ত্ৰৰ পৰাহে বুট কৰিব।
  • কিন্তু, বুট LUN ৰ বাবে যদি একাধিক পথ উপস্থিত থাকে, কাৰ্ণেল বুট পংক্তিত mpath উল্লেখ কৰাৰ পিছত Anaconda ই যথাযত dm-multipath যন্ত্ৰলৈ সঠিকৰূপে সংস্থাপন কৰা হ'ব ।
  • অবিকল্পিতভাবে, multipath.conf নথিপত্ৰত user_friendly_names ৰ মান yes লৈ ধাৰ্য কৰা হয় । dm-multipath root যন্ত্ৰৰ সমৰ্থিত প্ৰয়োগৰ বাবে এইটো এটা আৱশ্যক বৈশিষ্ট্য । user_friendly_names ৰ মান no ধাৰ্য কৰি initrd পুনঃ নিৰ্মাণ কৰা হ'লে নিম্নলিখিত ত্ৰুটিৰ সৈতে বুট বিফল হ'ব:
  • নথিপত্ৰপ্ৰণালী পৰীক্ষণ
  • fsck.ext3: /dev/mapper/mpath0p1 খোলাৰ সময়ত এই ধৰণৰ নথিপত্ৰ বা পঞ্জিকা পোৱা নাযায় ।

ভঁৰাল ক্ষেত্ৰৰ নেটৱৰ্ক (SAN) ৰ পৰা বুট কৰা হৈছে

SAN ডিস্ক যন্ত্ৰ ৰ পৰা বুট কৰা এতিয়া সমৰ্থিত হ'ব । এই ক্ষেত্ৰত, SAN দ্বাৰা ফাইবাৰ ছেনেল বা iSCSI সংযোগ মাধ্যম চিহ্নিত কৰা হ'ব । এই বৈশিষ্ট্যত dm-multipath প্ৰয়োগ কৰি একাধিক পথত ব্যৱস্থাপ্ৰণালীৰ-পৰা-সংগ্ৰহস্থললৈ সংযোগ সমৰ্থিত হয় ।

একাধিক গৃহস্থ বাচ এডাপ্টাৰ (HBA) প্ৰয়োগ কৰা বিন্যাসৰ ক্ষেত্ৰত, ব্যৱস্থাপ্ৰণালী BIOS ক অন্য এটা এডাপ্টাৰৰ পৰা বুট কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰাৰ প্ৰয়োজন যদি বৰ্ত্তমানৰ এডাপ্টাৰেৰ মজৰত সকোল াথপোৱা নাযায়।

nfsroot

এই উন্নয়নত nfsroot সম্পূৰ্ণৰূপে সমৰ্থিত। ইয়াৰ ফলত ব্যৱহাৰকৰোঁতাই NFS-ৰ মাধ্যমে root নথিপত্ৰ-ব্যৱস্থাপ্ৰণালী (/) তুলি লৈ Red Hat Enterprise Linux 5.1 চলাব পাৰিব।

প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন ৰূপে Red Hat Enterprise Linux 5 ত উপলব্ধ Stateless Linux অংশ ৰূপে nfsroot প্ৰথমে উপস্থিত কৰা হৈছিল। Stateless Linux ৰ সম্পূৰ্ণ প্ৰয়োগ প্ৰযুক্তিবিদ্যাৰ পূৰ্বপ্ৰদৰ্শন হিচাপেই থাকিব।

বৰ্ত্তমানে, nfsroot ত নিম্নলিখিত বাধা আছে:

  • NFS সেৱকত প্ৰতি অতিথিৰে নিজস্ব root নথিপত্ৰপ্ৰণালী থকা আৱশ্যক । অকল পঢ়িব পৰা root ব্যৱহৃত হ'লেও এই সীমাবদ্ধতা প্ৰয়োগ হ'ব ।
  • SWAP NFS ত সমৰ্থিত নহয় ।
  • nfsroot অতিথি ব্যৱস্থাপ্ৰণালীত SELinux সক্ৰিয় কৰা নাযাব । সাধাৰণতে, Red Hat ৰ দ্বাৰা SELinux নিষ্ক্ৰিয় নকৰাৰ পৰামৰ্শ দিয়া হয় । এই বাবে, উৎপন্ন নিৰাপত্তা সংক্ৰান্ত সমস্যাসমূহ গ্ৰাহকে বিবেচনা কৰা আৱশ্যক ।

nfsroot প্ৰতিষ্ঠাৰ প্ৰক্ৰিয়া জানিবলৈ তলৰ ক্ৰম পঢ়ক । এই প্ৰক্ৰিয়াত ধৰি লোৱা হৈছে যে নেটৱৰ্ক যন্ত্ৰ eth0 হয় আৰু সংশ্লিষ্ট নেটৱৰ্ক চালক হল tg3 । আপুনি ব্যৱস্থাপ্ৰণালীৰ বিন্যাসৰ অনুসাৰে প্ৰয়োজনীয় পৰিবৰ্তন কৰা আৱশ্যক হ'ব:

  1. নিম্নলিখিত আদেশ ব্যৱহাৰ কৰি initrd আপোনাৰ ঘৰৰ পঞ্জিকাত সৃষ্টি কৰক:

mkinitrd --with=tg3 --rootfs=nfs --net-dev=eth0 --rootdev=<nfs server ip>:/<path to nfsroot> ~/initrd-<kernel-version>.img <kernel-version>

এই initrd নিৰ্মাণৰ বাবে Red Hat Enterprise Linux 5 .1 কাৰ্ণেল ব্যৱহাৰ কৰা আৱশ্যক ।

2.  ইয়াৰ পিছত, পূৰ্ব নিৰ্মিত initrd প্ৰতিৰূপ প্ৰয়োগ কৰি এটা zImage.initrd প্ৰতওৰূপ নিৰ্মাণ কৰক । zImage.initrd মূলত এটা প্ৰতিৰূপত কম্প্ৰেস কৰা কাৰ্ণেল আৰু initrd । এই ক্ষেত্ৰত নিম্নলিখিত আদেশ প্ৰয়োগ কৰক:

mkzimage /boot/System.map-<kernel-version> ~/initrd-<kernel-version>.img /usr/share/ppc64-utils/zImage.stub ~/zImage.initrd-<kernel-version>

3.  নিৰ্মিত zImage.initrd-<kernel-version>-টি আপোনাৰ tftp সেৱকৰ কোনো প্ৰদৰ্শনযোগ্য স্থানেৱত ৰাখক ।

4.  nfs সেৱকৰ জৰিয়তে ৰপ্তানি কৰা nfsroot নথিপত্ৰপ্ৰণালীৰ জৰিয়তে প্ৰয়োজনীয় বাইনাৰি আৰু অংশ উপস্থিত আছে নে নাই নিশ্চিত কৰক । প্ৰথম পদত initrd নিৰ্মাণৰ বাবে ব্যৱহৃত কাৰ্ণেলৰ সৈতে এই বাইনাৰি আৰু অংশসমূহ সুসংগত হোৱা আৱশ্যক ।

5.  DHCP সেৱকক বিন্যাস কৰি গ্ৰাহকক zImage.initrd-<kernel-version> লক্ষ্যলৈ নিৰ্দেশ কৰাওক ।

ইয়াৰ বাবে, DHCP সেৱকৰ /etc/dhcpd.conf নথিপত্ৰত নিম্নলিখিত শাৰী যোগ কৰক:

next-server <tftp hostname/IP address>;

filename "<tftp-path>/zImage.initrd";

মন কৰিব যে <tftp-path>tftp য়ে ৰপ্তানি কৰা পঞ্জিকাৰ পৰা zImage.initrd লৈ পথ উল্লেখ থাকিব লাগে । উদাহৰণস্বৰূপ, যদি zImage.initrd ৰ স্থান চিহ্নকাৰী সুনিৰ্দিষ্ট পথ /tftpboot/mykernels/zImage.initrd হয় আৰু tftp ৰপ্তানি পঞ্জিকা /tftpboot/ হয়, <tftp-path> mykernels/zImage.initrd হ'ব লাগে ।

6.  অৱশেষত, নে'টৱৰ্ক যন্ত্ৰৰ পৰা বুট কৰিবলৈ আপোনাৰ ব্যৱস্থাপ্ৰণালীৰ বুট বিন্যাসৰ স্থিতিমাপসমূহক প্ৰতিষ্ঠা কৰক (এই উদাহৰণত, eth0 নেটৱৰ্ক যন্ত্ৰ হয়) ।

GFS2

GFS2 মূলত GFS-ৰ অনুক্ৰমিক উন্নতি। ইয়াৰ উন্নয়নত বহুতো গুৰুত্বপূৰ্ণ উন্নতিৰ ফলত অন-ডিস্ক নথিপত্ৰপ্ৰণালীৰ বিন্যাস পৰিবৰ্তন কৰা আৱশ্যক । gfs2_convert প্ৰয়োগ কৰি GFS নথিপত্ৰপ্ৰণালীক GFS2-লৈ ৰূপান্তৰ কৰা যাব । এই ব্যৱস্থায় GFS নথিপত্ৰপ্ৰণালী সংক্ৰান্ত মিটা-ডাটা যথাযতৰূপে উন্নত কৰা হব ।

Red Hat Enterprise Linux 5-এ, GFS2 প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শনৰূপে উপস্থিত কৰা হৈছিল আৰু বৰ্ত্তমান উন্নয়নত এইটো সম্পূৰ্ণৰূপে সমৰ্থিত হব । বিবিধ মাত্ৰাবিশিষ্ট পৰীক্ষাই নিম্নলিখিত ক্ষেত্ৰত দ্ৰুত কৰ্মক্ষমতা প্ৰমাণিত হৈছে:

  • এটা পঞ্জিকাৰ বহূল ব্যৱহাৰ আৰু পঞ্জিকাৰ স্ক্যানত দ্ৰুততা (Postmark মাত্ৰা)
  • সিঙ্ক্ৰোনাস ইনপুট/আউটপুট কৰ্ম (fstest পৰীক্ষায় বাৰ্তা আদানপ্ৰদানৰ বাবে ব্যৱহৃত অনুপ্ৰয়োগ যেনে TIBCO-ৰ ক্ষেত্ৰত কৰ্মক্ষমতা বৃদ্ধিৰ সংকেত পোৱা গৈছে)
  • ক্যাশেয়ে পঢ়ে, কাৰণ লক সংক্ৰান্ত কোনো অতিভাৰ বৰ্ত্তমান অনুপস্থিত
  • পূৰ্বে বৰাদ্দ নথিপত্ৰত সৰাসৰি ইনপুট/আউটপুট
  • NFS নথিপত্ৰ হেন্ডেল অনুসন্ধান
  • df, বৰাদ্দকৰণ সংক্ৰান্ত তথ্য ক্যাশে হোৱাৰ কাৰণে

ইয়াৰ উপৰিও, GFS2 ত নিম্নলিখিত পৰিবৰ্তন কৰা হৈছে:

  • জাৰ্নাল বৰ্ত্তমানে, মিটাডাটা-ৰ পৰিবৰ্তে সাধাৰণ নথিপত্ৰ (যদিও লুকাই থকা) ৰূপে উপস্থিত। অতিৰিক্ত সেৱকৰ দ্বাৰা নথিপত্ৰপ্ৰণালী লোৱাৰ সময়ত জাৰ্নাল পৰিবৰ্তনশীল অবস্থায় যোগ কৰা যাব ।
  • mount বিকল্প দ্বাৰা quota=<on|off|account> সক্ৰিয় অথবা নিষ্ক্ৰিয় কৰা হয়
  • বিপৰ্যয়ৰ পিছত পুনৰুদ্ধাৰৰ সময়ত জাৰ্নাল পুনৰায়বৃত্তিৰ সময়ত ক্লাস্টাৰৰ ক্ষেত্ৰত quiesce আৱশ্যক নহয় ।
  • ন্যানো-সেকেন্ডে টাইম-স্ট্যাম্প এতিয়া সমৰ্থিত
  • ext3-ৰ অনুৰূপ, GFS2 দ্বাৰা বৰ্ত্তমানে data=ordered ধৰণ সমৰ্থিত হব
  • lsattr() আৰু chattr() গুণ বৈশিষ্ট্য বৰ্ত্তমানে প্ৰমিত ioctl()-ৰ মাধ্যমে সমৰ্থন কৰা সম্ভৱ
  • ১৬ টেৰাবাইটৰ অধিক নথিপত্ৰ-প্ৰণালীৰ মাপ বৰ্ত্তমানে সমৰ্থিত
  • GFS2 এটা প্ৰমিত নথিপত্ৰ-প্ৰণালী আৰু ক্লাস্টাৰবিহীন বিন্যাসতো ব্যৱহাৰ কৰা যাব

চালক উন্নয়নৰ প্ৰোগ্ৰাম

চালক উন্নয়ন কাৰ্য্যক্ৰমৰ (DUP) সহযোগত স্বতন্ত্ৰ বিক্ৰেতাৰ (যেনে OEM) Red Hat Enterprise Linux 5-এৰে নিজস্ব যন্ত্ৰ চালক আৰু অন্যান্য Linux কাৰ্ণেল অংশ যোগ কৰিব পাৰে। এই ক্ষেত্ৰত বিতৰণৰ বাবে RPM সৰঞ্জাম প্ৰয়োগ কৰা সম্ভৱ।

Red Hat Enterprise Linux 5.1-এ DUP সংক্ৰান্ত বিবিধ উন্নয়ন প্ৰয়োগ কৰা হৈছে, উল্লেখযোগ্য হল:

  • চালক উন্নয়ন ডিস্কৰ মাধ্যমে সংস্থাপনৰ সময়ত চালক উন্নয়ন RPM বৰ্ত্তমানে সমৰ্থিত
  • ব্যৱস্থাপ্ৰণালীৰ bootpath প্ৰভাৱকাৰী bootpath চালক উন্নয়ন বৰ্ত্তমানে সমৰ্থিত
  • Advanced Linux Sound Architecture (ALSA) স্বতন্ত্ৰ সৰঞ্জাম বৰ্ত্তমানে অবচিত

ইয়াৰ উপৰিও, অনুমোদিত ABI চিহ্ন ওয়াইট-লিস্টত বিভিন্ন উন্নয়ন প্ৰয়োগ কৰা হৈছে। স্বতন্ত্ৰ চালকৰ ক্ষেত্ৰত প্ৰযোজ্য কাৰ্ণেল দ্বাৰা উপলব্ধ চিহ্ন আৰু তথ্য স্ট্ৰাকচাৰৰ নিৰ্ধাৰণৰ উদ্দেশ্যে সৰঞ্জামিং চালক এই ওয়াইট-লিস্টৰ সহায়ত নিয়ায়া হয়।

চালক উন্নয়ন

চালক সংক্ৰান্ত সাধাৰণ উন্নয়ন

  • acpi: ibm_acpi অংশ উন্নয়ন কৰা হৈছে যাৰ ফলত Lenovo লেপ্টপত ACPI আৰু ডকিং স্টেশন সংক্ৰান্ত বিবিধ সমস্যা সমাধান কৰা হৈছে
  • ipmi: Baseboard Management Controller ত যান্ত্ৰিক সামগ্ৰীৰ ইন্টাৰাপ্ট নিৰ্ধাৰণ কৰা হলে kthread পোলিং বৰ্ত্তমানে সঞ্চালিত নহয় ।
  • sata: SATA/SAS সংস্কৰণ 2.6.22-rc3 লৈ উন্নয়ন কৰা হৈছে ।
  • openib আৰু openmpi: OFED (OpenFabrics Enterprise Distribution) সংস্কৰণ 1.2 লৈ উন্নত কৰা হৈছে
  • powernow-k8: Greyhound ক সম্পূৰ্ণৰূপে সমৰ্থনৰ উদ্দেশ্যে সংস্কৰণ 2.0.0 লৈ উন্নত কৰা হৈছে ।
  • xinput: RSA ৰ সম্পূৰ্ণ সমৰ্থন সক্ৰিয় কৰিবলৈ যোগ কৰা হৈছে ।
  • aic94xx: sequencer firmware সংস্কৰণ v17-ৰ উন্নতিৰ সৈতে সামঞ্জস্য বজায় ৰাখি 1.0.2-1 সংস্কৰণক উন্নত কৰা হৈছে । এই উন্নয়নত নিম্নলিখিত পৰিবৰ্তন প্ৰয়োগ কৰা হৈছে:
    • এক্সপ্যান্ডাৰ সহ প্ল্যাটফৰ্মত ascb race অৱস্থা সংশোধন কৰা হৈছে
    • REQ_TASK_ABORT আৰু DEVICE_RESET হেন্ডলাৰ যোগ কৰা হৈছে
    • অনুসন্ধানৰ ত্ৰুটিৰ পিছত পোৰ্ট সঠিকৰূপে পৰিষ্কাৰ কৰা হয়
    • phys, বৰ্ত্তমানে sysfs-ৰ মাধ্যমে সক্ৰিয় আৰু নিষ্ক্ৰিয় কৰা যাব
    • DDB-ৰ race অৱস্থা প্ৰতিৰোধ কৰাৰ বাবে DDB তলাৰ ব্যৱহাৰ প্ৰসাৰিত কৰা হৈছে

Audio

ALSA, সংস্কৰণ 1.0.14 লৈ উন্নয়ন কৰা হৈছে। এই উন্নয়নতনিম্নলিখিত সংশোধন কৰা হৈছে:

  • IBM Taroko-ৰ (M50) মধ্যে অবাঞ্ছিত শব্দৰ সমস্যা সমাধান কৰা হৈছে
  • Realtek ALC861 এতিয়া সমৰ্থিত
  • xw8600 আৰু xw6600 ত নিঃশব্দ সংক্ৰান্ত সমস্যা সমাধান কৰা হৈছে
  • ADI 1884 Audio এতিয়া সমৰ্থিত
  • xw4600-এ অডিও বিন্যাস সংক্ৰান্ত সমস্যা সংশোধন কৰা হৈছে

PCI

  • PCIX আৰু PCI-Express-ৰ ক্ষেত্ৰত পাঠ সংক্ৰান্ত অনুৰোধৰ সৰ্বোচ্চ মাপ নিৰ্ধাৰণৰ বাবে ফাংশান কল যোগ কৰা হৈছে
  • IBM System P যন্ত্ৰৰ দ্বাৰা PCI-Express হট-প্লাগ ব্যৱস্থা বৰ্ত্তমানে সমৰ্থিত
  • SB600 SMBus সমৰ্থনৰ বাবে প্ৰয়োজনীয় চালক আৰু PCI ID যোগ কৰা হৈছে

Network

  • e1000 চালক: I/OAT-সক্ৰিয় চিপ্সেট সমৰ্থনৰ বাবে সংস্কৰণ 7.3.20-k2 লৈ উন্নয়ন কৰা হৈছে
  • bnx2 চালক: 5709 যান্ত্ৰিক সামগ্ৰীৰ সমৰ্থনৰ বাবে 1.5.11 সংস্কৰণলৈ উন্নয়ন কৰা হৈছে
  • B44 ইথাৰনে'ট চালক: বৰ্ত্তমান সংস্কৰণ 2.6.22-rc4 ৰ পৰা ব্যাক-পোৰ্ট কৰা হৈছে নিম্নলিখিত পৰিবৰ্তন প্ৰয়োগ কৰিবলৈ:
    • endianness সংক্ৰান্ত বিবিধ সমস্যা সংশোধন কৰা হৈছে
    • DMA_30BIT_MASK স্থায়ী মান বৰ্ত্তমানে ব্যৱহৃত হয়
    • skb_copy_from_linear_data_offset() বৰ্ত্তমানে ব্যৱহৃত হয়
    • spin_lock_irqsave() দ্বাৰা নিৰাপদ ইন্টাৰাপ্ট নিষ্ক্ৰিয়কৰণৰ সুবিধা উপলব্ধ কৰা হয়
    • পুনৰাৰম্ভৰ সময়ত সাধাৰণ ত্ৰুটি পৰীক্ষণ সঞ্চালন কৰা হয়
    • multicast সংক্ৰান্ত বিবিধ সংশোধন কাৰ্যকৰী কৰা হৈছে
    • চিপৰ পুনৰায় স্থাপনা কৰ্মৰ বাবে পূৰ্ব অনুমিত সময়ত অধিক সময় ব্যয় হয়
  • Marvell sky2 চালক: 1.14-এ উন্নয়ন কৰা হৈছে যাৰ ফলত ifup/ifdown আদেশ দ্ৰুত পুনৰাবৃত্তিৰ ফলত কাৰ্ণেল প্যানিক উৎপন্নকাৰী এটা বাগ সংশোধন কৰা হৈছে।
  • forcedeth-0.60 চালক: বৰ্ত্তমান মুক্তিত অন্তৰ্ভুক্ত। NVIDIA-ৰ MCP55 মাদাৰবোৰ্ড চিপসেট আৰু বোৰ্ড-এ স্থিত যথাযত NIC প্ৰয়োগকাৰী গ্ৰাহকৰ সুবিধাৰ্থে বহুতো গুৰুতৰ বাগ ইয়াৰ ফলত সংশোধিত হব।
  • ixgb চালক: মূল সংস্কৰণ সংখ্যাক উন্নয়ন কৰা হৈছে (1.0.126)
  • netxen_nic চালক: NetXen 10GbE নেটৱৰ্ক কাৰ্ড সমৰ্থনৰ উদ্দেশ্যে 3.4.2-2 সংস্কৰণ যোগ কৰা হৈছে
  • Chelsio 10G ইথাৰনেট নেটৱৰ্ক নিয়ন্ত্ৰণ ব্যবস্থা এতিয়া সমৰ্থিত
  • s2io যন্ত্ৰৰ ক্ষেত্ৰত PCI ত্ৰুটিৰ পুনৰুদ্ধাৰৰ বাবে সমৰ্থন যোগ কৰা হৈছে
  • Broadcomm বেতাঁৰ ইথাৰনেট চালক দ্বাৰা nx6325 কাৰ্ডৰ বাবে PCI ID সমৰ্থন উপলব্ধ কৰা হৈছে
  • ifup-ৰ মাধ্যমে BCM4306 আৰম্ভনিৰ প্ৰয়াসৰ সময়ত ASSERTION FAILED ত্ৰুটি উৎপন্নকাৰী এটা বাগ সংশোধন কৰা হৈছে
  • ixgb চালক: Intel ১০-গিগাবাইট ইথাৰনেট কাৰ্ডৰ ক্ষেত্ৰত EEH PCI বিপৰ্যয় থকা পুনৰুদ্ধাৰৰ বাবে উন্নয়ন কৰা হৈছে । অধিক তথ্যৰ বাবে, /usr/share/doc/kernel-doc-<kernel version>/Documentation/pci-error-recovery.txt পঢ়ক ।
  • qla3xxx চালক: iSCSI বিহীন QLogic iSCSI এডাপ্টাৰৰ ক্ষেত্ৰত নেটৱৰ্ক সুবিধা উপলব্ধ কৰা বাবে পুনৰায় সক্ৰিয় কৰা 2.03.00-k3 সংস্কৰণক উন্নত কৰা হৈছে।
  • Intel PRO/Wireless 3945ABG নেটৱৰ্ক চালক: 1.2.0 সংস্কৰণক উন্নয়ন কৰা হৈছে। এই উন্নয়নত বহুতো সমস্যা সমাধান কৰা হৈছে । ইয়াত আছে, বহুতো লেপ্টপৰ ক্ষেত্ৰত কিছু বিশেষ পৰিস্থিতিৰ অধীন সফ্ট-লক সংক্ৰান্ত এটা বাগ ।
  • qla2xxx: চালক 8.01.07-k6 সংস্কৰণক উন্নয়ন কৰা হৈছে । ইয়াৰ ফলত একাধিক উল্লেখযোগ্য পৰিবৰ্তন কৰা হৈছে, যেনে:
    • iIDMA এতিয়া সমৰ্থিত
    • নিম্নলিখিত Fibre Channel গুণ এতিয়া সমৰ্থিত হব:
      • symbolic nodename
      • system hostname
      • fabric name
      • গৃহস্থ পোৰ্টৰ অৱস্থা
      • trace-control async ঘটনা বৰ্ত্তমানে লগ কৰা নহয়
      • ৰিসেট নিৰ্ধাৰণৰ লজিক বৰ্ত্তমানে সংশোধন কৰা হৈছে
      • MSI-X বৰ্ত্তমানে সমৰ্থিত
      • IRQ-0 বৰাদ্দকৰণ বৰ্ত্তমানে প্ৰতি ব্যৱস্থাপ্ৰণালীত পৰিচালন কৰা হয়
      • NVRAM উন্নয়ন তৎক্ষনাৎ প্ৰয়োগ কৰা হয়

IPMI

এই মুক্তিত IPMI চালক সংকলন উন্নয়ন কৰা হৈছে । মূল সংস্কৰণ 2.6.21.3 ৰ সমস্ত পৰিবৰ্তন আৰু 2.6.22-rc-4 সংস্কৰণৰ বহুতো প্যাচ ইয়াৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হৈছে । এই উন্নয়নত (অন্য বহুতৰ মাজত) কৰা পৰিবৰ্তনত আছে:

  • ipmi_si_intf ত তথ্য প্ৰাৰম্ভে সংক্ৰান্ত এটা বাগ সংশোধন কৰা হৈছে
  • অন্য কোনো চালক দ্বাৰা ইন্টাৰাপ্ট সমৰ্থন কৰা হলে kipmid আৰম্ভ কৰা নহয়
  • ব্যৱহাৰকৰোঁতাই বৰ্ত্তমানে force_kipmid-ৰ মাধ্যমে enable কাৰ্ণেল ডেমন উপেক্ষা কৰৱতে সক্ষম হব
  • প্ৰতি চ্যানেলেৰ বাবে আদেশ নিবন্ধন এতিয়া সমৰ্থিত
  • MAX_IPMI_INTERFACES বৰ্ত্তমানে ব্যৱহৃত নহব
  • হট ব্যৱস্থাপ্ৰণালী সংযোগ মাধ্যম অপসাৰণ বৰ্ত্তমানে সমৰ্থিত
  • ফাৰ্মওয়্যাৰ সংক্ৰান্ত উন্নয়ন সমৰ্থনৰ বাবে এটা Maintenance ধৰণ যোগ কৰা হৈছে
  • pigeonpoint IPMC-ৰ বাবে poweroff সমৰ্থন যোগ কৰা হৈছে
  • BT সাব-চালক বৰ্ত্তমানে অধিক সময়ৰ বিৰতি সমৰ্থন কৰোতে সক্ষম
  • হট অপসাৰণৰ পিছত সঠিকৰূপে কৰ্ম সমাপ্তিৰ বাবে pci_remove হেন্ডলিং যোগ কৰা হৈছে

নতুন অংশৰ স্থিতিমাপ সংক্ৰান্ত তথ্য জানিবলৈ /usr/share/doc/kernel-doc-<kernel version>/Documentation/IPMI.txt পঢ়ক ।

SCSI

  • Red Hat Enterprise Linux 4 ৰ পৰা এই মুক্তিলৈ SCSI ব্ল্যাক-লিস্ট পোৰ্ট কৰা হৈছে
  • aic79xx চালকৰ বাবে PCI ID যোগ কৰা হৈছে
  • aacraid চালক: PRIMERGY RX800S2 আৰু RX800S3 সমৰ্থনৰ বাবে 1.1.5-2437 সংস্কৰণলৈ উন্নয়ন কৰা হৈছে
  • megaraid_sas চালক: 3.10 সংস্কৰণত উন্নত কৰা হৈছে । এই উন্নয়ন দ্বাৰা bios_param-ৰ প্ৰবেশৰ স্থান চিহ্নিত কৰা হয়, এটা IOCTL স্মৃতিশক্তি পুল যোগ কৰা হয় আৰু একাধিক ক্ষুদ্ৰ বাগ সংশোধিত হৈছে ।
  • Emulex lpfc চালক: 8.1.10.9 সংস্কৰণত উন্নয়ন কৰা হৈছে। এই উন্নয়নত বিবিধ পৰিবৰ্তন কৰা হৈছে, উল্লেখযোগ্য:
    • ioctl পথৰ যোগেদি host_lock পৰিচালনা সংশোধিত হৈছে
    • AMD চিপসেট স্বয়ংক্ৰিয়ৰূপে বৰ্ত্তমানে চিনাক্ত কৰা হয় আৰু DMA-ৰ দৈৰ্ঘ্য ১০২৪ বাইটত সীমিত কৰা হৈছে।
    • উন্মোচন প্ৰক্ৰিয়া সক্ৰিয় থাকিলে dev_loss_tmo ৰ সময়ত বৰ্ত্তমানে নোড অপসাৰিত নহয়
    • ৮ গিগাবাইট লিঙ্কৰ গতি বৰ্ত্তমানে সক্ৰিয় কৰা হৈছে
  • qla4xxx চালকত নিম্নলিখিত পৰিবৰ্তন কৰা হৈছে:
    • IPV6, QLE406x আৰু ioctl অংশৰ বাবে সমৰ্থন ব্যৱস্থা যোগ কৰা হৈছে
    • লক-আপ সৃষ্টিকাৰী এটা mutex_lock বাগ সংশোধন কৰা হৈছে
    • qla4xxx আৰু qla3xxx সংযোগ মাধ্যম লোড/আন-লোড কৰাৰ সময় উৎপন্ন লক-আপ সমস্যা সমাধান কৰা হৈছে
  • mpt fusion চালক: 3.04.04 সংস্কৰণक উন্নয়ন কৰা হৈছে। এই উন্নয়নত বিবিধ পৰিবৰ্তন কৰা হৈছে, উল্লেখযোগ্য:
    • ত্ৰুটি পৰিচালনা সংক্ৰান্ত বাগ সংশোধন কৰা হৈছে
    • mptsas দ্বাৰা লক্ষ্য পুনৰায় প্ৰতিষ্ঠা কৰাৰ পদ্ধতি ক্ৰমিক কৰা হৈছে
    • mptsas আৰু mptfc দ্বাৰা বৰ্ত্তমানে লজিকেল ইউনিট সংখ্যা (LUN) আৰু ২৫৫-ৰ অধিক লক্ষ্য সমৰ্থিত হয়
    • DVD চালকৰ অত্যন্ত ধীৰ কৰ্মসঞ্চালনৰ বাবে দায়ী এটা LSI mptspi চালক ৰিগ্ৰেশন সংশোধন কৰা হৈছে
    • LSI SCSI যন্ত্ৰৰ দ্বাৰা BUSY অৱস্থা প্ৰদৰ্শিত হলে, বহুতো চেষ্টাৰ পিছত ইনপুট/আউটপুটৰ প্ৰচেষ্টা ব্যৰ্থ নহব
    • স্বয়ংক্ৰিয় পুনৰ্নিৰ্মাণৰ পিছত RAID অ্যাৰে ব্যৱহাৰেৰ বাবে উপলব্ধ থাকে
  • arcmsr চালক: Areca RAID নিয়ন্ত্ৰকৰ বাবে সমৰ্থন উপলব্ধ কৰাৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে
  • 3w-9xxx অংশ: 3ware 9650SE সঠিকৰূপে সমৰ্থনৰ উদ্দেশ্যে উন্নয়ন কৰা হৈছে

কাৰ্ণেল সংক্ৰান্ত উন্নয়ন

  • CIFS অতিথি 1.48aRH-এ উন্নয়ন কৰা হৈছে। 1.48a মুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মিত আৰু নিম্নলিখিত পৰিবৰ্তন কৰা সক্ষম:
    • mount বিকল্প sec=none দ্বাৰা anonymous mount কৰা যাব
    • POSIX এক্সটেনশন সক্ৰিয় কৰোঁতে CIFS দ্বাৰা umask গ্ৰাহ্য কৰা হয়
    • সৰঞ্জাম স্বাক্ষৰৰ আৱশ্যকতা sec= mount বিকল্প সংশোধিত হৈছে

উল্লেখ্য, EMC Celerra উৎপাদনত (NAS Code 5.5.26.x আৰু নিম্নবৰ্তী) EMC NAS শেয়াৰ ব্যৱহাৰৰ সময়ত CIFS অতিথি স্তব্ধ হোৱাৰ সম্ভাবনা থাকে। নিম্নলিখিত কাৰ্ণেল বাৰ্তাৰ সহায়ত এই সমস্যা চিহ্নিত কৰা যায়:

kernel:  CIFS VFS: server not responding

kernel:  CIFS VFS: No response for cmd 162 mid 380

kernel:  CIFS VFS: RFC1001 size 135 bigger than SMB for Mid=384

CIFS mount-ৰ পিছত, ইয়াৰ জৰিয়তে কোনো নথিপত্ৰ পঢ়া/লেখা অসম্ভব আৰু mountpoint ত ইনপুট/আউটপুটেৰ প্ৰচেষ্টাৰত কোনো অনুপ্ৰয়োগ স্তব্ধ হৈ যাব। এই সমস্যা সমাধানৰ বাবে NAS Code 5.5.27.5 অথবা ঊৰ্ধ্বতন সংস্কৰণক উন্নত কৰক (EMC Primus case নম্বৰ emc165978 ব্যৱহাৰ কৰক)।

  • MODULE_FIRMWARE ট্যাগ বৰ্ত্তমানে সমৰ্থিত।
  • ICH9 কন্ট্ৰোলাৰ বৰ্ত্তমানে সমৰ্থিত
  • CPUID কলৰ জৰিয়তে বৰ্ত্তমানে Greyhound প্ৰসেসৰ সমৰ্থিত হব ।
  • Oprofile দ্বাৰা নতুন Greyhound পাৰফৰম্যান্স কাউন্টাৰ ঘটনা সমৰ্থিত হয়।
  • z/VM ব্যৱহাৰ উন্নতিৰ বাবে Directed DIAG বৰ্ত্তমানে সমৰ্থিত।
  • DRM কাৰ্ণেল অংশৰ সহায়ত বৰ্ত্তমানে Intel গ্ৰাফিক্স চিপসেট সমৰ্থিত । ইয়াৰ উপৰিও, ডিৰেক্ট ৰেন্ডাৰিং সমৰ্থনৰ বাবে DRM API-টি 1.3 সংস্কৰণক উন্নত কৰা হৈছে।
  • উন্নত S3 সাসপেন্ড-টু-RAM আৰু S4 হাইবাৰনেটৰ বাবে ACPI বিদ্যুৎ পৰিচালন ব্যৱস্থায় উন্নয়ন কৰা হয়।

অন্যান্য উন্নয়ন

  • gaim-ৰ নাম এতিয়া pidgin
  • Intel microcode সংস্কৰণ 1.17 ক উন্নত কৰা হৈছে। ইয়াৰ ফলত নতুন Intel প্ৰসেসৰৰ ক্ষেত্ৰত সমৰ্থন যোগ কৰা হৈছে।
  • EMC Clariion সংগ্ৰহস্থলত dm-multipath সহযোগেৰে implicit active-active ফেইল-ওভাৰ বৰ্ত্তমানে সমৰ্থিত।
  • fonts-chinese সৰঞ্জামেৰ অধীন Zysong চীনা ফন্ট বৰ্ত্তমানে সংস্থাপন কৰা নহয়। Zysong এটা পৃথক fonts-chinese-zysong সৰঞ্জামেৰ মধ্যে অন্তৰ্গত। fonts-chinese-zysong সৰঞ্জামটি Supplementary CD-ৰ মধ্যে উপলব্ধ কৰা হয়।

উল্লেখ্য, Chinese National Standard GB18030 সমৰ্থনৰ বাবে fonts-chinese-zysong সৰঞ্জামেৰ উপস্থিতি আৱশ্যক।

  • Challenge Handshake Authentication Protocol (CHAP) ব্যৱহাৰকাৰীৰ নাম আৰু গুপ্তশব্দৰ ক্ষেত্ৰত ২৫৬ অক্ষৰৰ সীমাৰেখা উপস্থিত।
  • pump এই উন্নয়নত অবচিত হৈছে। ইয়াৰ ফলত netconfig-ৰ সহায়ত নেটৱৰ্ক সংযোগ মাধ্যম বিন্যাস কৰা হলে ifcfg স্ক্ৰিপ্ট ত্ৰুটিপূৰ্ণ হোৱাৰ সম্ভাবনা থাকিব ।

নেটৱৰ্ক সংযোগ মাধ্যম সঠিকৰূপে বিন্যাস কৰাৰ বাবে system-config-network প্ৰয়োগ কৰক। উন্নয়ন হোৱাৰ system-config-network সৰঞ্জাম সংস্থাপন কৰা হলে netconfig সৰঞ্জাম আঁতৰুৱা হব।

  • rpm --aid এতিয়া আৰু সমৰ্থিত নহয় । সৰঞ্জাম উন্নয়ন বা সংস্থাপন কৰাৰ সময়ত yum ব্যৱহাৰ কৰা উপদেশিত ।

প্ৰযুক্তিবিদ্যাৰ পূৰ্ব-প্ৰদৰ্শণ

প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন ত সকলো বৈশিষ্ট্য উপলব্ধ কৰা হয় যিবৰ্ত্তমানে Red Hat Enterprise Linux 5.1 বৰঙনিৰ পৰিসেবাৰ অন্তৰ্গত সমৰ্থিত নহয় আৰু অসম্পূৰ্ণ হোৱাৰ ফলত প্ৰধান কৰ্মক্ষেত্ৰত ব্যৱহাৰযোগ্য নহয় । তথাপি গ্ৰাহকৰ বাবে এই সকলো বৈশিষ্ট্যেৰ কাৰ্যকাৰিতা পৰীক্ষা নিৰীক্ষা কৰাৰ বাবে এইসমূহ উপলব্ধ কৰা হয়।

গ্ৰাহকৰ পৰীক্ষামূলক পৰিবেশত এইসমূহ ব্যৱহাৰ কৰিবে পাৰে ন। প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শতেএনে সকলোব বৈশিষ্ট্য উপলব্ধ কৰা হয়যি বৰ্ত্তমানে সমৰ্থিত নহয় আৰু প্ৰকৃত প্ৰকাশনাৰ পূৰ্বে গ্ৰাহকৰ এই সকলো বৈশিষ্ট্যেৰ কাৰ্যকাৰিতা পৰীক্ষা নিৰীক্ষা কৰি তাদৰ মতামত জানাব পাৰে। গুৰুত্বপূৰ্ণ নিৰাপত্তা বিষয়ক ত্ৰুটি-বিচ্যুতি সংক্ৰান্ত সহায়তা উপলব্ধ কৰা হব।

প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শনৰ উদ্দেশ্যে নিৰ্মাণ সময়ত পৰীক্ষানিৰীক্ষাৰ উদ্দেশ্যে অতিৰিক্ত বৈশিষ্ট্য যোগ কৰা হব পাৰে। Red Hat ভবিষ্যতে প্ৰকাশিত কোনো মুক্তিত প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শনত প্ৰস্তুত কৰা বৈশিষ্ট্য সম্পূৰ্ণৰূপে উপলব্ধ আৰু সমৰ্থন কৰিবলৈ ইচ্ছুক।

Stateless Linux

ব্যৱস্থাপ্ৰণালীৰ কৰ্ম সঞ্চালন আৰু পৰিচালনাৰ ক্ষেত্ৰত নতুন চিন্তাধাৰাৰ বাস্তবায়িত ৰূপ, Stateless Linux'ৰ সহায়ত বৃহৎ সংখ্যক ব্যৱস্থাপ্ৰণালীসহ য় ব্যৱস্থাপ্ৰণালী পৰিচালনা আৰু প্ৰভিশনিং সহজে কৰা যাব। এই ব্যৱস্থাপ্ৰণালীত ব্যৱহৃত বৈশিষ্ট্যেৰ প্ৰতিৰূপ নিৰ্মাণ কৰা হয় আৰু স্টেট-লেস ব্যৱস্থাপ্ৰণালীত স্থাপিত হয়। স্টেট-লেস ব্যৱস্থাপ্ৰণালী অকল পাঠযোগ্য অবস্থায় অপাৰেটিং ব্যৱস্থাপ্ৰণালীত চলোৱা হয় (অধিক বিৱৰণেৰ বাবে /etc/sysconfig/readonly-root পঢ়ক)।

বৰ্ত্তমানে স্টেট-লেস ব্যৱহাৰৰ বাবে নিৰ্ধাৰিত সম্পূৰ্ণ বৈশিষ্ট্যাৰ একাংশ উপলব্ধ কৰা হৈছে। এই কাৰণে ইয়াক প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন'ৰ দৰ্যায় উপস্থিত আছে।

Red Hat Enterprise Linux 5 ত অন্তৰ্ভুক্ত থকা প্ৰাৰম্ভিক ক্ষমতাসমূহৰ তালিকা এই ধৰণৰ:

  • NFS ৰ ওপৰত এটা stateless প্ৰতিৰূপ চলোৱা হৈছে
  • NFS ৰ ওপৰত এটা stateless প্ৰতিৰূপ চলোৱা হৈছে loopback ৰ মাজেদি
  • iSCSI ত চলোৱা হৈছে

অৱস্থাহীন বৈশিষ্ট্যেৰ কোড পৰীক্ষা কৰিব'লৈ ইচ্ছুক ব্যৱহাৰকৰোঁতাই http://fedoraproject.org/wiki/StatelessLinuxHOWTO ত পোৱা ব্যৱহাৰ প্ৰণালীৰ নথিপত্ৰ পঢ়া আৰু stateless-list@redhat.com ডাক তালিকাত যোগদান কৰাৰ উপদেশ দিয়া হৈছে।

Stateless Linux সক্ৰিয়কৰণৰ বাবে আৱশ্যক গত বৈশিষ্ট্য Red Hat Enterprise Linux 5-ৰ মধ্যে উপলব্ধ কৰা হৈছিল।

AIGLX

সম্পূৰ্ণৰূপে সমৰ্থিত X সেৱকৰ এটা বৈশিষ্ট্য হল AIGLX। ইয়াক প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শনৰ অধীন উপস্থিত কৰা হৈছে। সাধাৰণ ডেস্কটপেৰ মধ্যে GL-দ্বাৰা চালিত ইফেক্ট এই বৈশিষ্ট্য সহকাৰে সক্ৰিয় কৰা যাবে। এই প্ৰজেক্টে ৰয়েছে:

  • নিম্নভাবে পৰিবৰ্ত্তিত X সেৱক
  • নতুন আচাৰ বিধিৰ সমৰ্থনসহ এটা উন্নত Mesa সৰঞ্জাম

এই অংশসমূহ সংস্থাপন কৰি, আপুনি ডেষ্কট'পত নিম্নমানৰ সলনিৰে GL-ত্বৰণশক্তিৰ পৰিণাম পাব পাৰে, আৰু X সেৱক সলনি নকৰাকৈ সিহঁতক নিজ ইচ্ছাৰ মতে সক্ৰীয় বা নিষ্ক্ৰীয় কৰিব পাৰে । যান্ত্ৰিক GLX ত্বৰণৰ সুবিধা ল'বলৈ AIGLX এ দূৰৰ GLX অনুপ্ৰয়োগো সক্ৰীয় কৰে ।

devicescape (d80211)

devicescape স্ট্যাক দ্বাৰা iwlwifi 4965GN বেতাৰ চালক সক্ৰিয় কৰা হয়। এই স্ট্যাক সহযোগে বহুতো বেতাৰ যন্ত্ৰ যি কোনো ওয়াই-ফাই নেটৱৰ্কৰ সৈতে সংযোগ স্থাপন কৰাত সক্ষম হব।

এই স্ট্যাকত উপস্থিত এটা কোড-বেস এখনো মূল প্ৰজেক্টৰ মধ্যে গৃহীত নহয় ।ইয়াৰ উপৰিও, পৰীক্ষাৰ পিছতো এই স্ট্যাকৰ স্থায়ীত্ব সম্পূৰ্ণৰূপে প্ৰমাণিত নহয় । বৰ্ত্তমান মুক্তিত এটি প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন ৰূপে উপলব্ধ কৰা হৈছে।

FS-Cache

FS-Cache এটা স্থানিক ভাণ্ডাৰৰ সুবিধা দূৰৰ নথিপত্ৰপ্ৰণালীৰ বাবে যি ব্যৱহাৰকৰোঁতাক NFS তথ্য এটা স্থানিক তুলি লোৱা ডিষ্কত ভাণ্ডাৰ কৰিব'লৈ সক্ষম কৰে । FS-Cache সুবিধা প্ৰতিষ্ঠা কৰিব'লৈ, cachefilesd RPM সংস্থাপন কৰক আৰু /usr/share/doc/cachefilesd-<সংস্কৰণ>/README নথিপত্ৰৰ নিৰ্দেশ চাওক ।

<সংস্কৰণ>-ৰ পৰিবৰ্তে সংস্থাপন কৰা cachefilesd সৰঞ্জামেৰ সংস্কৰণ উল্লেখ কৰক ।

Systemtap

চলমান Linux ব্যৱস্থাপ্ৰণালীত তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া সহজ কৰাৰ বাবে Systemtap এটা মুক্ত চালনাজ্ঞান (GPL)ৰ উপলব্ধ কৰে। ইয়াৰ ফলত কৰ্ম সঞ্চালন সম্পৰ্কিত সমস্যা নিৰ্ধাৰণ কৰাত সাহায্য হয়। systemtap ব্যৱহাৰেৰ ফলত ডিভেলপৰৰ তথ্য সংগ্ৰহৰ বাবে বিঘ্নিত সামগ্ৰী পৰীক্ষণ, কম্পাইল, সংস্থাপন আৰু পুনৰায় বুট কৰা নহব ।

iSCSI Target

Linux target (tgt) ৰ সহায়ত এটা ব্যৱস্থাপ্ৰণালী দ্বাৰা SCSI ইনিশিয়েটৰসহ অন্যান্য ব্যৱস্থাপ্ৰণালী ব্লক-স্তৰৰ SCSI সংগ্ৰহ ব্যৱস্থা উপলব্ধ কৰা সম্ভৱ। এই বৈশিষ্ট্য প্ৰাথমিকৰূপে Linux iSCSI লক্ষ্য হিচাবে স্থাপন কৰা হব আৰু ইয়াৰ সহায়ত নেটৱৰ্কৰ মাধ্যমে যি কোনো iSCSI ইনিশিয়েটৰৰ বাবে সংগ্ৰহস্থল উপলব্ধ কৰা যাব।

iSCSI লক্ষ্য প্ৰস্তুত কৰাৰ বাবে, scsi-target-utils RPM সংস্থাপন কৰক আৰু নিম্নলিখিত নথিপত্ৰৰ নিৰ্দেশ অনুসৰণ কৰক:

  • /usr/share/doc/scsi-target-utils-<version>/README
  • /usr/share/doc/scsi-target-utils-<version>/README.iscsi

<version>-ৰ পৰিবৰ্তে সংস্থাপন কৰা সৰঞ্জামৰ সংস্কৰণ উল্লেখ কৰক।

অধিক তথ্যৰ বাবে man tgtadm পঢ়ক।

FireWire

firewire-sbp2 অংশটি বৰ্ত্তমান উন্নয়নত প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন ৰূপে অন্তৰ্ভুক্ত কৰা হৈছে। এই অংশৰ সহায়ত FireWire সংৰক্ষণ যন্ত্ৰ আৰু স্ক্যানাৰৰ সৈতে সংযোগ স্থাপন কৰা সম্ভৱ।

বৰ্ত্তমানে, FireWire ৰ দ্বাৰা নিম্নলিখিত সমৰ্থিত নহয়:

  • IPv4
  • pcilynx হোস্ট কন্ট্ৰোলাৰ
  • মাল্টি-LUN ভঁৰালৰ যন্ত্ৰ
  • সংৰক্ষণ যন্ত্ৰৰ বাবে বাধাবিহীন ব্যৱহাৰ

ইয়াৰ উপৰিও, FireWire-ৰ বৰ্ত্তমান সংস্কৰণত নিম্নলিখিত সমস্যা এতিয়াও আছে:

  • SBP2 চালকৰ স্মৃতিশক্তি লিকৰ ফলত যন্ত্ৰৰ প্ৰত্যুত্তৰ প্ৰাপ্তি বন্ধ হয় যাব পাৰে।
  • এই সংস্কৰণত উপস্থিত এটা কোড big-endian যন্ত্ৰে সঠিকৰূপে চলাবলৈ সক্ষম নহয়। ইয়াৰ ফলত PowerPC যন্ত্ৰে অপ্ৰত্যাশিত আচৰণৰ সম্ভাবনা আছে।

সংশোধিত সমস্যা

  • SATA বাগ যাৰ বাবে SATA-সমৃদ্ধ ব্যৱস্থাপ্ৰণালীক বুট কৰাৰ সময়ত ব্যৱস্থাপ্ৰণালীয়ে স্বয়ংক্ৰিয়ৰূপে স্থগিত কৰি পুনৰাম্ভৰ পূৰ্বে এটা ত্ৰুটিৰ বাৰ্তা প্ৰদৰ্শনকাৰী এটা SATA বাগ সংশোধন কৰা হৈছে।
  • মাল্টি-বুট ব্যৱস্থাপ্ৰণালীত, parted ৰ দ্বাৰা বৰ্ত্তমানে Windows Vista™ ধাৰণকাৰী প্ৰথম সেকটৰৰ তথ্য পৰিবৰ্তন কৰা নহয়। Red Hat Enterprise Linux 5.1 আৰু Windows Vista™ উভয়সহ এটা মাল্টি-বুট ব্যৱস্থাপ্ৰণালী প্ৰস্তুত কৰাৰ পিছত Windows ব্যৱস্থাপ্ৰণালী বুট কৰাৰ অযোগ্য নহব ।
  • rmmod xennet-ৰ ফলত domU বৰ্ত্তমানে বিপৰ্যস্ত নহব।
  • যি সমস্ত ৪-সকেট বিশিষ্ট AMD Sun Blade X8400 Server Module ব্যৱস্থাপ্ৰণালীৰ বাবে node 0 স্মৃতিশক্তি বিন্যাস কৰা নহয় সেই বুট কৰাৰ সময় প্যানিক (panic) সৃষ্টি নকৰে।
  • conga আৰু luci সহযোগত ফেইল-ওভাৰ ডোমেইন নিৰ্মাণ আৰু বিন্যাস কৰা যাব।
  • yum দ্বাৰা Cluster Storage দল সংস্থাপন কৰাৰ সময় কৰ্ম বিফল নহব।
  • সংস্থাপনৰ সময় /var/log/faillog আৰু /var/log/tallylog নথিপত্ৰত ভুল SELinux সন্দৰ্ভ স্থাপন কৰা নহয় ।
  • ডুয়াল-কোৰ AMD প্ল্যাটফৰ্মত, অধিক cpu-প্ৰয়োগৰ ফলত এটা cpu-ৰ ওপৰত অত্যাধিক চাপৰ ফলত CPU কোৰে ফ্ৰিকোয়েন্সি পৰিবৰ্তন নহব।
  • বিভিন্ন অংশত উপলব্ধ সংস্থাপন মিডিয়া (যেনে, CD অথবা NFSISO) প্ৰয়োগ কৰি Red Hat Enterprise Linux 5.1 সংস্থাপন কৰাৰ সময়ত amanda-server সংস্থাপনৰ সময়ত সমস্যা দেখা নিদিয়ে ।
  • সংস্থাপনৰ সময়ত, Anaconda দ্বাৰা বৰ্ত্তমানে ৪ গিগাবাইটৰ অধিক RAM চিনাক্ত কৰা সম্ভৱ হব। ইয়াৰ ফলত কাৰ্ণেলৰ kernel-PAE সংস্কৰণ সংস্থাপন কৰা হব নে নহয় সেইটো Anaconda দ্বাৰা সিদ্ধান্ত লোৱা সম্ভব হয়।
  • সাম্প্ৰতিক k8 প্ৰসেসৰৰ ক্ষেত্ৰত EDAC দ্বাৰা সঠিক স্মৃতিশক্তিৰ পৰিমাণ প্ৰদৰ্শন কৰা হয়।
  • gdm-ৰ মাধ্যম এটা দূৰবৰ্তী Gnome ডেস্কটপ প্ৰৱেশ কৰাৰ সময়ত প্ৰৱেশ পৰ্দা স্তব্ধ নহব।
  • autofsত উপস্থিত এটা বাগৰ ফলত multi-mount সঠিক চালনায় বিঘ্ন সৃষ্টিকাৰী এটা বাগ সংশোধিত হৈছে।
  • utrace-ৰ বিভিন্ন প্যাচ দ্বাৰা নিম্নলিখিত সংশোধন কৰা হৈছে:
    • ptrace ব্যৱহাৰৰ সময়ত race অবস্থায় বিপৰ্যয় সৃষ্টিকাৰী এটা বাগ সংশোধন কৰা হৈছে
    • বহুতো PTRACE_PEEKUSR কলৰ পৰা ভুল EIO উৎপন্নকাৰী এটা ৰিগ্ৰেশন সংশোধিত হৈছে।
    • কিছু বিশেষ পৰিস্থিতিত চাইল্ড প্ৰসেস প্ৰস্থানৰ পিছত wait4 কল আৰম্ভ প্ৰতিৰোধকাৰী এটা ৰিগ্ৰেশন সংশোধন কৰা হৈছে
    • SIGKILL দ্বাৰা কেতিয়াবা প্ৰসেস বন্ধ কৰাত প্ৰতিৰোধকাৰী এটা ৰিগ্ৰেশন সংশোধন কৰা হৈছে। কিছু বিশেষ পৰিস্থিতিত ptrace ব্যৱহাৰৰ ফলত এই সমস্যা দেখা দিয়ে।
  • সংকেতবাৰ্তা আৰু সুনিৰ্দিষ্ট অবকাশৰ RTC ইন্টাৰাপ্টেৰ সঠিক সঞ্চালন প্ৰতিৰোধকাৰী এটা RealTime Clock (RTC) বাগ সমাধান কৰা হৈছে।

জ্ঞাত সমস্যা

  • Anaconda ত প্ৰথমবাৰ মুক্তিৰ টোকা বাটন ক্লিক কৰা হলে মুক্তিৰ টোকা সংযোগক্ষেত্ৰ তথ্য ৰেন্ডাৰ কৰি প্ৰদৰ্শনত কিছু বিলম্ব ঘটে। এই বিলম্ব সময়ত সংযোগক্ষেত্ৰত এটা ৰিক্ত তালিকা প্ৰদৰ্শন কৰা হয়। ইয়াৰ পিছত তথ্য দ্ৰুত ৰেন্ডাৰ হোৱাৰ ফলত এই সমস্যা ব্যৱহাৰকাৰীৰ দৃষ্টিগোচৰ নহয়।

সংস্থাপনৰ সময়ত সৰঞ্জাম সংস্থাপনৰ সময়ত অত্যাধিক CPU ব্যৱহৃত হোৱাৰ ফলত এই বিলম্ব ঘটে।

  • MegaRAID চালক ব্যৱহাৰকৰোঁতা গৃহস্থ বাছ এডাপ্টাৰসমূহৰ ক্ষেত্ৰত কৰ্ম সঞ্চালনৰ উদ্দেশ্যে "I2O" এমুলেছন ধৰণৰ পৰিবৰ্তে "Mass Storage" এমুলেছন ধৰণ উল্লেখিত কৰা আৱশ্যক। ইয়াৰ বাবে নিম্নলিখিত পদন্যাস কৰক:
    1. MegaRAID BIOS Set Up Utility প্ৰৱেশ কৰক।
    2. Adapter settings menu দিয়ক।
    3. Other Adapter Options ত Emulation নিৰ্বাচন কৰি Mass Storage ৰূপে ধাৰ্য্য কৰক।

এডাপ্টাৰৰ মান ভুল ভাবে "I2O" এমুলেছন ৰূপে ধাৰ্য্য কৰিলে i2o চালক তুলি লোৱাৰ বাবে প্ৰচেষ্টা কৰা হ'ব । এইটো ব্যৰ্থ হ'ব আৰু এডাপ্টাৰটি ব্যৱহাৰ কৰা সম্ভৱ নহ'ব ।

পূৰ্বৰ Red Hat Enterprise Linux মুক্তিসমূহৰ দ্বাৰা সাধাৰণ MegaRAID চালকৰ পূৰ্বে I20 চালক তুলি লোৱাৰ প্ৰচেষ্টা কৰা হোৱা নাছিল । তথাপিও, লিনাক্সত ব্যৱহাৰ কৰা যন্ত্ৰৰ ক্ষেত্ৰত "Mass Storage" এমুলেছন ধৰণ সদায় নিৰ্ধাৰণ কৰা উচিত ।

  • Cisco Aironet MPI-350 বেতাঁৰ কাৰ্ড প্ৰয়োগকাৰী লেপ্টপততাঁৰ দ্বাৰা সংযুক্ত ইথাৰনেট পোৰ্ট ব্যৱহাৰ কৰি নেটৱৰ্ক সংস্থাপনৰ সময়ত DHCP ঠিকনা প্ৰাপ্ত কৰাৰ সময়ত স্তব্ধ হব পাৰে।

এই সমস্যা সমাধানৰ বাবে সংস্থাপনৰ বাবে স্থানীয়ৰূপে ব্যৱহাৰযোগ্য মাধ্যম ব্যৱহাৰ কৰক। অথবা সংস্থাপনৰ পূৰ্বে লেপ্টপৰ BIOS ত অনাতাঁৰ কাৰ্ড নিষ্ক্ৰিয় কৰক (সংস্থাপনৰ পিছত অনাতাঁৰ কাৰ্ড পুনৰায় সক্ৰিয় কৰিব পাৰে)।

  • বৰ্ত্তমানে, system-config-kickstart ৰ সহায়ত সৰঞ্জাম নিৰ্বাচন কৰা সম্ভৱ নহয়। system-config-kickstart ব্যৱহাৰ কৰিলে সৰঞ্জাম নিৰ্বাচনৰ বিকল্প নিষ্ক্ৰিয় অবস্থাত প্ৰদৰ্শিত হ'ব। system-config-kickstart সৰঞ্জাম সংকলন সম্বন্ধীয় তথ্যৰ বাবে yum ব্যৱহাৰ কৰিলেও Red Hat Network ৰ সৈতে সংযোগ স্থাপনৰ বাবে yum ব্যৱহাৰ কৰিব'লৈ সক্ষম নহয়।

বৰ্ত্তমানে kickstart নথিপত্ৰৰ উন্নয়ন সৰঞ্জাম বিভাগটি ব্যৱহাৰকৰোঁতাৰ দ্বাৰা স্বয়ং পৰিবৰ্তন কৰিব লগা হব। kickstart নথিপত্ৰ খোলাৰ বাবে system-config-kickstart ব্যৱহাৰ কৰিলে, নথিপত্ৰত উপস্থিত সৰঞ্জাম সংক্ৰান্ত সমস্ত তথ্য অপৰিবৰ্তিত থাকিব আৰু নথিপত্ৰ সংৰক্ষণৰ সময়ত সেই তথ্য পুনৰায় নথিপত্ৰত লিখা হব।

  • Red Hat Enterprise Linux 5 ৰ এই উন্নয়নত বুট কৰাৰ সময়/var/log/boot.logত লগ কৰা নহব। পৰবৰ্তী কোনো উন্নয়নৰ অনুৰূপ এটা বৈশিষ্ট্য যোগ কৰা হব।
  • Red Hat Enterprise Linux ৪ৰ পৰা Red Hat Enterprise Linux 5 লৈ উন্নত কৰোঁতে, ডিপ্লইমেন্ট পথপঞ্জী স্বয়ং সংস্থাপিত নহয় । আপুনি নিজেই সংস্থাপন কৰিব'লৈ pirut ব্যৱহাৰ কৰিব লাগিব উন্নয়ন অন্ত কৰাৰ পিছত।
  • ব্যৱস্থাপ্ৰণালী সফল ভাবে এটা kexec/kdump কাৰ্ণেলত পুনৰাৰম্ভ ন'হ'ব পাৰে যদি X চলি আছে আৰু vesa ৰ বাহিৰে অন্য এটা চালক ব্যৱহাৰ কৰিছে ।এই সমস্যঅ অকল ATI Rage XL চিত্ৰাঙ্কণৰ ছিপ্‌ছেতৰ লগতহে আছে।

যদি ATI Rage XL থকা ব্যৱস্থাপ্ৰণালীত X চলি আছে, kexec/kdump কাৰ্ণেললৈ সফল ভাবে পুনৰাৰম্ভ কৰিব'লৈ এটা vesa চালক ব্যৱহাৰ কৰাতো সুনিশ্চিত কৰক।

  • nVidia CK804 চিপসেট সহ যন্ত্ৰত Red Hat Enterprise Linux 5 ব্যৱহাৰৰ সময়ত নিম্নলিখিত কাৰ্ণেল বাৰ্তাৰ অনুৰূপ বাৰ্তা প্ৰদৰ্শন হব পাৰে:
  • kernel: assign_interrupt_mode Found MSI capability
  • kernel: pcie_portdrv_probe->Dev[005d:10de] has invalid IRQ. Check vendor BIOS

এই বাৰ্তা দ্বাৰা চিহ্নিত হয় যে কিছুমান PCI-E পোৰ্ট IRQ অনুৰোধ কৰা নাই । ইয়াৰ উপৰিও, এই বাৰ্তাৰ ফলত যন্ত্ৰৰ কৰ্ম কোনো ভাবে বিঘ্নিত নহয়।

  • root ব্যৱহাৰকাৰীৰূপে প্ৰৱেশ কৰা হলে অপসাৰণযোগ্য সংগ্ৰহস্থন (যেনে CD আৰু DVD) স্বয়ংক্ৰিয়ৰূপে তুলি লোৱা নহয়। চিত্ৰাঙ্কিত নথিপত্ৰ পৰিচালনব্যৱস্থাৰ সহায়ত এই যন্ত্ৰ তুলি লোৱা আৱশ্যক।

বা, /media-ত কোনো যন্ত্ৰ তুলি লোৱাৰ বাবে নিম্নলিখিত আদেশ প্ৰয়োগ কৰক:

mount /dev/<device name> /media

  • IBM System z এ পৰম্পৰাগত Unix-ধৰণৰ দৈহিক কন্স'ল নিদিয়ে । Red Hat Enterprise Linux 5 IBM System z ৰ বাবে প্ৰাৰম্ভিক কাৰ্য্যক্ৰম তুলি লওঁতে firstboot কাৰ্য্যকাৰিতা সমৰ্থন নকৰে ।

Red Hat Enterprise Linux 5 ৰ প্ৰতিষ্ঠা শুদ্ধভাবে IBM System z ত আৰম্ভ কৰিব'লৈ, সংস্থাপনৰ পিছত নিম্নলিখিত আদেশ চলাব:

  • /usr/bin/setup — setuptool সৰঞ্জামৰ দ্বাৰা দিয়া হয়
  • /usr/bin/rhn_register — rhn-setup সৰঞ্জামৰ পৰা পোৱা যাই

Red Hat Network-ৰ মাধ্যমত Red Hat Enterprise Linux 5ৰ পৰা Red Hat Enterprise Linux 5.1‌লৈ উন্নয়ন কৰাৰ সময়ত yum দ্বাৰা redhat-beta চাবি আমদানি কৰাৰ অনুৰোধ নকৰিবও পাৰে। এই কাৰণে, উন্নত কৰাৰ পূৰ্বে ব্যৱহাৰকাৰী দ্বাৰা redhat-beta চাবি আমদানি কৰা বাঞ্ছনীয়। ইয়াৰ বাবে নিম্নলিখিত আদেশ প্ৰয়োগ কৰক:

rpm --import /etc/pki/rpm-gpg/RPM-GPG-KEY-redhat-beta

বিন্যাস কৰা নথিপত্ৰৰ এটা LUN আঁতৰুৱা হলে, গৃহস্থ ব্যৱস্থাপ্ৰণালীত সেইটো প্ৰদৰ্শিত নহব । এই ক্ষেত্ৰত, dm-multipath ব্যৱহাৰৰ ফলত lvm আদেশ সঞ্চালিত হব, কাৰণ LUN-টি stale অৱস্থায় ধাৰ্য হব।

এই সমস্যা আঁতৰুৱাৰ বাবে /etc/lvm/.cache নথিপত্ৰৰ stale LUN সংক্ৰান্ত সকলো যন্ত্ৰ আৰু mpath লিঙ্ক আঁতৰাওক।

এই সমস্ত নিবেশ চিনাক্ত কৰাৰ বাবে, নিম্নলিখিত আদেশ ব্যৱহাৰ কৰক:

ls -l /dev/mpath | grep <stale LUN>

উদাহৰণস্বৰূপ, <stale LUN> যদি 3600d0230003414f30000203a7bc41a00 হয়, তেনেহলে নিম্নলিখিত ফলাফল প্ৰদৰ্শিত হব:

lrwxrwxrwx 1 root root 7 Aug  2 10:33 /3600d0230003414f30000203a7bc41a00 -> ../dm-4

lrwxrwxrwx 1 root root 7 Aug  2 10:33 /3600d0230003414f30000203a7bc41a00p1 -> ../dm-5

অৰ্থাৎ 3600d0230003414f30000203a7bc41a00, দুটি mpath লিঙ্কৰ সৈতে যুক্ত: dm-4 আৰু dm-5

নিম্নলিখিত শাৰী /etc/lvm/.cacheৰ পৰা আঁতৰুৱা আবশ্যক:

/dev/dm-4

/dev/dm-5

/dev/mapper/3600d0230003414f30000203a7bc41a00

/dev/mapper/3600d0230003414f30000203a7bc41a00p1

/dev/mpath/3600d0230003414f30000203a7bc41a00

/dev/mpath/3600d0230003414f30000203a7bc41a00p1

CD / DVD প্ৰয়োগ কৰি সম্পূৰ্ণৰূপে ভাৰ্চুৱেলাইজ কৰা Windows™ অতিথি ব্যৱস্থাপ্ৰণালীৰ নিৰ্মাণৰ সময়ত পুনঃ বুট কৰাৰ পিছত অতিথি সংস্থাপনৰ দ্বিতীয় পৰ্যায়েৰ কৰ্ম সঞ্চালন নহব পাৰে।

এই সমস্যা সমাধানৰ বাবে /etc/xen/<অতিথি যন্ত্ৰৰ নাম> সম্পাদন কৰি CD / DVD যন্ত্ৰৰ বাবে এটা সঠিক প্ৰৱেশ যোগ কৰক।

এটা সাধাৰণ নথিপত্ৰৰ সংস্থাপন ভাৰ্চুৱেল যন্ত্ৰ ৰূপে ব্যৱহৃত হলে /etc/xen/<অতিথি যন্ত্ৰৰ নাম> নথিপত্ৰৰ disk শাৰী নিম্নলিখিত বৰ্ণনাৰ অনুৰূপ হ'ব:

disk = [ 'file:/PATH-OF-SIMPLE-FILE,hda,w']

/dev/dvd নামে গৃহস্থত কোনো DVD-ROM যন্ত্ৰ উপস্থিত থাকিলে তাক সংস্থাপনৰ দ্বিতীয় পৰ্য্যায়ত hdc ৰূপে উপলব্ধ কৰাবলৈ 'phy:/dev/dvd,hdc:cdrom,r' ৰ দৰে এটা পংক্তি যোগ কৰা আৱশ্যক। ইয়াৰ ফলত disk সংক্ৰান্ত পংক্তিটি হ'ব:

disk = [ 'file:/opt/win2003-sp1-20061107,hda,w', 'phy:/dev/dvd,hdc:cdrom,r']

যান্ত্ৰিক সামগ্ৰীৰ ওপৰত ভিত্তি কৰি সুনিৰ্দ্দিষ্ট যন্ত্ৰৰ পথ পৃথক হ'ব পাৰে ।

কাৰ্ণেলত sctp অংশ যোগ নাথাকিলে, -A inet অথবা -A inet6 বিকল্পসহ netstat আদেশ সঞ্চালিত হলে, নিম্নলিখিত বাৰ্তা অস্বাভাবিকৰূপে বন্ধ হব:

netstat: no support for `AF INET (sctp)' on this system.

এই সমস্যা আঁতৰাবলৈ sctp কাৰ্ণেল অংশ সংস্থাপন কৰক।

বৰ্ত্তমান কাৰ্ণেলৰ দ্বাৰা বুট কৰাৰ সময়ত সিৰিয়াল পোৰ্ট প্ৰিন্ট কৰাৰ পূৰ্বে Data Terminal Ready (DTR) সংকেত প্ৰয়োগ কৰা নহয়। বহুতো যন্ত্ৰৰ ক্ষেত্ৰত DTR প্ৰয়োগ কৰা আৱশ্যক; ইয়াৰ ফলত, এই সমস্ত যন্ত্ৰৰ ক্ষেত্ৰত কাৰ্ণেলৰ বুট সংক্ৰান্ত বাৰ্তা সিৰিয়াল কনসোলত প্ৰিন্ট কৰা নহয়।

কিছুমান মঞ্চত (যেনে HP dc7700) ব্যৱহৃত AMD 8132 আৰু HP BroadCom HT100 য়ে MMCONFIG কাৰ্য্যচক্ৰ সমৰ্থিত নহয়। আপোনাৰ ব্যৱস্থাপ্ৰণালীত এই চিপ্সেটসমূহ ব্যৱহৃত হ'লে, আপোনাৰ PCI বিন্যাসে লেগ্যাচী PortIO CF8/CFC ব্যৱস্থা প্ৰয়োগ কৰা আৱশ্যক। ইয়াক বিন্যাস কৰিবলৈ, সংস্থাপনৰ সময়ত -pci nommconfig কাৰ্ণেল স্থিতিমাপসহ ব্যৱস্থাপ্ৰণালী বুট কৰক আৰু পুৰাৰম্ভ কৰাৰ পিছত GRUB ত pci=nommconf যোগ কৰক।

ইয়াৰ উপৰিও, AMD 8132 চিপ্সেট দ্বাৰা সম্বাদ চিগন্যাল্ড ইন্টাৰাপ্ট (MSI) সমৰ্থিত নহয়। আপোনাৰ ব্যৱস্থাপ্ৰণালী দ্বাৰা এই চিপ্সেট ব্যৱহৃত হ'লে, MSI নিষ্ক্ৰিয় কৰা আৱশ্যক। ইয়াৰ বাবে, সংস্থাপনৰ সময়ত -pci nomsi কাৰ্ণেল স্থিতিমাপ প্ৰয়োগ কৰক আৰু পুনৰাৰম্ভৰ পিছত GRUB ত pci=nomsi যোগ কৰক।

কিন্তু, কাৰ্ণেলৰ দ্বাৰা যদি আপোনাৰ মঞ্চ ইতিমধ্যে ব্ল্যাক-লিস্ট কৰা হয়, আপোনাৰ ব্যৱস্থাপ্ৰণালীৰ ক্ষেত্ৰত pci কাৰ্ণেল স্থিতিমাপ আৱশ্যক নহয়। নিম্নলিখিত HP মঞ্চসমূহত কাৰ্ণেল দ্বাৰা আগে ব্ল্যাক-লিস্ট কৰা হৈছে:

  • DL585g2
  • dc7500
  • xw9300
  • xw9400

মুক্ত ধাতুৰ (ভাৰ্চুৱেলাইজ নকৰা) কাৰ্ণেল ব্যৱহাৰ কৰাৰ সময়ত X সেৱকৰ দ্বাৰা মনিটৰৰ পৰা EDID তথ্য উদ্ধাৰ নকৰাৰ সম্ভাৱনা আছে। এই পৰিস্থিতিত চিত্ৰাঙ্কিত চালকৰ দ্বাৰা ৮০০x৬০০ ৰ অধিক বিশ্লেষণ কৰা প্ৰদৰ্শণ দেখুৱাব নোৱাৰে।

এই সমস্যা আঁতৰুৱাৰ বাবে, /etc/X11/xorg.conf ৰ ServerLayout বিভাগত নিম্নলিখিত শাৰী যোগ কৰক:

বিকল্প "Int10Backend" "x86emu"

এই ৰিলিজত অন্তৰ্ভুক্ত Virtual Machine Manager ৰ (virt-manager) দ্বাৰা পেৰাভাৰ্চুৱেলাইজ কৰা অতিথি সংস্থাপনৰ সৈতে অতিৰিক্ত বুট তৰ্ক উল্লেখ কৰা সম্ভৱ নহয় ।কিছু বিশেষ ধৰণৰ যান্ত্ৰিক সামগ্ৰীত সুনিৰ্দিষ্ট ধৰণৰ পেৰাভাৰ্চুৱেলাইজ কৰা অতিথি ব্যৱস্থাপ্ৰণালী সংস্থাপন কৰাৰ সময়ত এইটো প্ৰযোজ্য।

ভৱিষ্যতে virt-manager ৰ ৰিলিজত এই সমস্যা সমাধান কৰা হ'ব। আদেশ শাৰীৰ পৰা পেৰাভাৰ্চুৱেলাইজ কৰা অতিথি সংস্থাপনৰ বাবে কাৰ্ণেল তৰ্ক উল্লেখ কৰাৰ বাবে virt-install আদেশ ব্যৱহাৰ কৰক।

অবিকল্পিতdm-multipath বিন্যাসৰ সৈতে, Netapp যন্ত্ৰত কেইবাটাও মিনিটৰ প্ৰয়োজন হ'ব পাৰে এটা পূৰ্বৰ বিফল হোৱা পথ পুনঃ প্ৰতিষ্ঠিত হোৱাৰ পিছত আগৰ অৱস্থালৈ সম্পূৰ্ণ ভাবে আনিবলৈ। এই সমস্যা সমাধান কৰিবলৈ, নিম্নলিখিত Netapp যন্ত্ৰৰ বিন্যাস যোগ কৰক multipath.conf নথিপত্ৰৰ devices বিভাগত:

devices {

device {

vendor                  "NETAPP"

product                 "LUN"

getuid_callout          "/sbin/scsi_id -g -u -s /block/%n"

prio_callout            "/sbin/mpath_prio_netapp /dev/%n"

features                "1 queue_if_no_path"

hardware_handler        "0"

path_grouping_policy    group_by_prio

failback                immediate

rr_weight               uniform

rr_min_io               128

path_checker            directio

}

( x86 )

এই বিষয়বস্তুৰ বিতৰণ http://www.opencontent.org/openpub/ ত পোৱা Open Publication License, v1.0 ত প্ৰকাশিত সৰ্ত্ত সাপেক্ষেহে হ'ব পাৰে ।

উৎস: ৰেড হেট।

 

শেহতীয়া উন্নীতকৰণ: : 3/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate