অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

‘জ’ন লেঙ্গেনাচ’ ৰ বিষয়ে

‘জ’ন লেঙ্গেনাচ’ ৰ বিষয়ে

জানোঁচোন আহক সেই সৰ্বকালৰ মহান ব্যক্তিজনৰ বিষয়ে,যি প্ৰথম খন বিশ্বকাপ ফুটবলৰ (১৯৩০ চন,উৰুগুৱে)ফাইনেল মেছখন ৰেফাৰী হিচাবে পৰিচালনা কৰিছিল।

তেওঁ আছিল ‘জ’ন লেঙ্গেনাচ’( John Langenus)। জন্ম হৈছিল ১৮৯১ চনৰ ৮ ডিচেম্বৰত, বেলজিয়ামৰ বাৰখেম (Berchem,এওঁলোকৰ উচ্চাৰণ বোৰ অলপ বেলেগ ধৰণৰ) নামৰ ঠাইখনত।মৃত্যু ১৯৫২ চনৰ ১ অক্টোবৰত (ঠাই খনৰ নাম জনা নাযায়)।তেওঁ ১৯২৮ চনত গ্ৰীষ্ম অলিম্পিক,১৯৩০ চনত প্ৰথম বিশ্বকাপ ফুটবল,১৯৩৪ চনত দ্বিতীয় বিশ্বকাপ ফুটবল,১৯৩৮ চনত তৃত্বীয় বিশ্বকাপ ফুটবলত এজন ৰেফাৰী হিচাবে খেল পৰিচালনা কৰিছিল।কিছুমানে কব খোজে যে পিতৃয়ে তেওঁক ‘জিন’(এইটো আছিল তেওঁৰ ঘৰুৱা নাম) বুলি মতাৰ পৰিবৰ্ত্তে ইংলিছ খৃষ্টান নাম এটাহে দিছিল।

লেঙ্গেনাচে প্ৰথমটো ৰেফাৰীৰ পৰীক্ষাত ফেল হৈছিল।তেওঁক পৰীক্ষকে সূধিছিল: “যদি এখন তলেদি উৰণ ভৰা প্লেনক বলটোৱে খূন্দা মাৰে তেনেহ’লে তাৰ সফল সমাধানৰ সূত্ৰটো কি হ’ব?”তেওঁ উত্তৰ দিব নোৱাৰাত সেই পৰীক্ষাত ফেল কৰে।লেঙ্গেনাচে ১৯২৮ চনত গ্ৰীষ্মকালীন অলিম্পিকত খেল পৰিচালনাৰ বাবে প্ৰথম নিমন্ত্ৰন পায়।১৯২৮ চনৰ ৩০ মেত।খেল খন হৈছিল আমষ্টাৰডামৰ ‘অলিম্পিচ্ছ্ ষ্টেডিঅন (অলিম্পিক ষ্টেডিয়াম)ত।৪০,০০০ মানুহৰ উপস্থিতিত উৰুগুৱেই নেদাৰলেণ্ডক ২-০ গলত পৰাভূত কৰে। তাতে তেওঁক কোৱাৰ্টাৰ ফাইনেলত ৰেফাৰী হিচাবে লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।একেখন খেল পথাৰতে ১৯২৮ চনৰ ১০ জুন তাৰিখে তেওঁক ব্ৰঞ্জৰ মেডেলৰে সন্মান যচাঁ হয়।

প্ৰথমখন বিশ্বকাপ ফুটবলত লেঙ্গেনাচে সৰ্বমুঠ ৪ খন খেল ৰেফাৰী হিচাবে পৰিচালনা কৰিছিল ,২ খন ‘লাইনচ মেন’ হিচাবে।তাত প্ৰথম খন খেল পৰিচালনা কৰিছিল:প্ৰথম খন চেমি ফাইনেল, ১৯৩০ চনৰ ২৬ জুলাইত আৰ্জেন্টিনা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অনুস্থিত হৈছিল,য’ত ৬-১ গলত আৰ্জেন্টিনা বিজয়ী হৈছিল।ফাইনেল মেছখনো তেওঁয়েই পৰিচালনা কৰিছিল।১৯৩৪ চনত ইটালীত হোৱা বিশ্বকাপ ফুটবলত তেওঁ ৰেফাৰী হিচাবে মাত্ৰ এখন খেল পৰিচালনা কৰিছিল।চেক’শ্লোভাকিয়া আৰু ৰুমানিয়াৰ মাজত, ১৯৩৪ চনৰ ২৭ মেত ষ্টেডিঅ’ লিট’ৰিঅ’ ষ্টেডিয়ামত অনুস্থিত হোৱা প্ৰথম ৰাউণ্ডৰ খেল এখনত।১৯৩৮ চনৰ বিশ্বকাপ ফুটবলতো তেওঁ জাৰ্মানী আৰু চুইজাৰলেণ্ডৰ মাজত অনুস্থিত হোৱা খেল এখন (৪জুনত) ৰেফাৰী হিচাবে পৰিচালনা কৰাৰ সূযোগ পাইছিল।

জীৱনৰ শেষত তেওঁ ৩ খন কিতাপ লিখে,তাৰে এখন আত্মজীৱনী: ‘Whistling in the World’

লিখক: ইমৰান হুছেইন।

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate