অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হিমপ্ৰবাহ

হিমপ্ৰবাহ

হিমবাহ (Glacier) নদী আৰু বতাহৰ নিচিনাকৈ হিমবাহো ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰা এটা প্ৰধান কাৰক৷ হিমবাহেও ক্ষয়,পৰিবহন আৰু অৱক্ষেপনৰ দ্বাৰা ভূ-পৃষ্ঠৰ যথেষ্ট পৰিৱৰ্তন সাধন কৰে৷ আচলতে পৃথিৱীৰ যিবোৰ ঠাইত চিৰতুষাৰ জমা হৈ থাকে,সেইবোৰ ঠাইৰ পৰা মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত তলৰ ফাললৈ বৰফৰ স্তুপ লাহে লাহে গতি কৰাকে হিমবাহ বুলি কোৱা হয়৷ অষ্ট্ৰেলিয়াৰ বাহিৰে পৃথিৱীৰ সকলো মহাদেশৰে বৰফভূমি আছে৷

ভূ-পৃষ্ঠৰ অৱস্থিতি অনুসৰি হিমবাহক তিনিটা ভাগত ভগাব পাৰি-

(ক)মহাদেশীয় হিমবাহ পৃথিৱীৰ উপৰি ভাগৰ উচ্চ অক্ষাংশৰ কিছুমান অঞ্চলৰ সমুদ্ৰপৃষ্ঠত গোটেই বছৰ জুৰি বৰফেৰে আবৃত হৈ থাকে৷

উদাহৰণস্বৰূপে,উত্তৰ মহাসাগৰক আগুৰি থকা উত্তৰ ছাইবেৰিয়াৰ তুন্দ্ৰাঅঞ্চল, আইছলেণ্ড,গ্ৰিণলেণ্ড,এণ্টাৰ্কটিকা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ তুষাৰ আৰু বৰফে আবৃত অঞ্চলবিলাক৷ এই বৰফৰ স্তূপবিলাকক হিমপ্ৰচ্ছদ (Ice-cap) বুলি কোৱা হয়৷ ইয়াক মহাদেশীয় হিমবাহ (Continental glacier) বুলিও কোৱা হয়৷

(খ)গিৰিপদী হিমবাহ পৰ্বতৰ উচ্চ অঞ্চলৰ পৰা উপত্যকা আৰু এঢলীয়া অঞ্চলেৰে নামনিলৈ আহোঁতে সেইবোৰৰ পাদদেশত তুষাৰ খণ্ডবোৰ সিঁচৰিত হৈ পৰে আৰু এক বিস্তীৰ্ণ হিমবাহৰ সৃষ্টি হয়৷ পৰ্বতৰ পাদদেশত অৱস্থিত এনেধৰণৰ হিমবাহক গিৰিপদী হিমবাহ (Piedmont glacier) বোলে৷ গিৰিপদী হিমবাহক উপত্যকা হিমবাহৰ অংশ বিশেষ বুলি ভবা হয়৷

(গ)উপত্যকা হিমবাহ উচ্চ পৰ্বত-পাহাৰৰ ওপৰত জমা হৈ থকা বৰফৰ স্তুপ মাধ্যাকৰ্ষণ শক্তি আৰু চাপৰ ফলত পৰ্বতৰ আশ-পাশ হেলনীয়া উপত্যকাইদি তললৈ নামি আহে৷ এইদৰে নামি অহা বৰফৰ স্তুপৰ তল ভাগতকৈ কাষৰীয়া অঞ্চলত ঘৰ্ষণ বেছি হয়৷ তাৰ ফলত সন্মুখভাগ জিভাৰ দৰে আগবাঢ়ি যায়৷ এনেধৰণে আগবাঢ়ি অহা অংশটোক উপত্যকা হিমবাহ (Mountain or Valley glacier) বোলে৷

হিমবাহৰ ক্ষয়কাৰ্য দ্বাৰা প্ৰধানকৈ পৃথিৱীৰ শীত প্ৰধান অঞ্চল বিলাকত ক্ষয় সাধন হয়৷ হিমবাহ প্ৰবাহিত হওঁতে ইয়াৰ গতিপথত থকা মাটি,শিলা,গোলাশ্ম আদি লগত উটুৱাই লৈ যায়৷ এইদৰে উটুৱাই লৈ যোৱা পদ্ধতিটোক হিমানী ধাৱন বুলি কোৱা হয়৷ পদাৰ্থবোৰৰ দ্বাৰা হিমবাহে উটুৱাই লৈ যোৱা নিম্নস্থ শিলাস্তৰ ক্ষয়ীকৰণ কৰে৷ এই পদ্ধতিটোক অপঘৰ্ষণ (abrasion) বোলে৷
হিমানী ধাৱন আৰু অপঘৰ্ষণৰ ফলত হিমবাহৰ উপত্যকাৰ তলিখন বহল আৰু দুফালৰ গৰা দুটা থিয় হয়৷ তাৰ ফলত উপত্যকাটো দেখাত 'U'আখৰটোৰ দৰে হয়৷

হিমবাহে পৰিবহন কাৰ্য বিভিন্ন পদ্ধতিৰে খনন কৰা

শিল,গোলাশ্ম,মাটি আদি হিমবাহৰ প্ৰবাহৰ লগত নিম্নস্থানলৈ বাহিত কৰে৷ কেতিয়াবা আকৌ হিমবাহ উপত্যকাৰ দুয়ো কাষৰ গৰাৰ পৰা তুষাৰ স্তূপ খহি পৰি তাৰ লগতে পৰিবাহিত হয়৷

হিমবাহে পাৰ্বত্য অঞ্চলৰ পৰা তুষাৰ ৰেখা পাৰ হৈ নিম্নভূমি অঞ্চললৈ গতি কৰাৰ লগে লগে বৰফ গলিবলৈ ধৰে আৰু লগত বহন কৰি অনা পদাৰ্থবোৰ অবক্ষেপন কৰিবলৈ আৰম্ভ কৰে৷ সাধাৰণতে এইবোৰকে গ্ৰাব অৱক্ষেপ (Moraine deposit) বোলে৷ হিমবাহ য'ত গলি যায় তাত গলি যোৱা পানীৰ দ্বাৰা এই পদাৰ্থবোৰ কেতিয়াবা সিঁচৰিত হৈও জমা হ'ব পাৰে৷ এইদৰে সন্মুখভাগত জমা হোৱা গ্ৰাবক প্ৰান্তগ্ৰাব (Terminal moraine) আৰু দুই কাষত জমা হোৱা গ্ৰাবক পাৰ্শগ্ৰাব (Lateral moraine) বোলে৷

হিমবাহৰ তলিত জমা হোৱা গ্ৰাবক ভূমিগ্ৰাব (Ground moraine) আৰু দুটা হিমবাহ লগহৈ মাজভাগত সৃষ্টি কৰা গ্ৰাবক মধ্যগ্ৰাব (Medial moraine) বোলে৷ এইবোৰৰ উপৰিও অৱক্ষেপণৰ দ্বাৰা সৃষ্টি হোৱা আৰু কিছুমান ভূ-অবয়ব দেখা যায়৷ সেইবোৰৰ ভিতৰত শিল,বালি,গোলাশ্ম,মাটি আদি সিঁচৰিত হৈ গোলাশ্ম মৃতিকাৰ (Boulder clay) সৃষ্টি হয়৷ আনহাতে নদীৰ দ্বাৰা সৃষ্টি হোৱা ব্যঞ্জনাৰূপ পলসৰ দৰে হিমবাহেও বৰফ গলা পানীৰ দ্বাৰা শিল,বালি,বোকাৰে ব্যঞ্জনাৰূপ পলস (Alluvial Fan) ৰ সৃষ্টি কৰে৷ কেতিয়াবা শিলাসমূহ স্তূপৰ আকাৰত শাৰী শাৰীকৈ সজোৱা থাকে৷ এনেধৰণৰ অবয়বক অণ্ডকৰণ্ড ভূ-প্ৰকৃতি (basket of egg topography) বুলি কোৱা হয়৷ কেতিয়াবা এই শিলৰ স্তূপবোৰ বৃহৎ আকাৰৰ হয়৷ এনে বৃহৎ স্তূপ থকা ভূ-অবয়বক ড্ৰামলিন (drumlin) বোলে৷ কেতিয়াবা বোৱতী পানীৰ সহায়ত শিল,বালিৰে গঠিত এক বিশেষ ধৰণৰ ওখ আলিবাটৰ দৰে যি ওখ অবয়বৰ সৃষ্টি হয়,তাক এস্কাৰ (Esker) বোলে৷ কেতিয়াবা আকৌ কিছুমান ঠাইত অৱক্ষেপণৰ দ্বাৰা হ্ৰদৰ সৃষ্টি হয়,আকৌ কিছুমান ঠাইত বিশাল সমভূমিলৈ পৰিবৰ্তন হয়৷

সংগ্ৰহ: অচ্যুত ভূঞা

শেহতীয়া উন্নীতকৰণ: : 3/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate