অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছাইকাছ ৰিভলিউটা

ছাইকাছ ৰিভলিউটা

"ছাইকাছ ৰিভলিউটা " - Cycas revoluta (sago palm, king sago, sago cycad, Japanese sago palm)

জুৰাছিক যুগ আজিৰ পৰা প্ৰায় ১,৮০,০০০,০০০ বছৰ আগৰ সময় । সেই সময়ৰ উদ্ভিদৰ ভিতৰত ছাইকাড নামৰ উদ্ভিদ সমূহ পৃথিৱীত প্ৰভাৱশালী আছিল । যাৰ বাবে এই বিশেষ যুগ টোক "ছাইকাডৰ সময়" বোলা হয় । ষ্টেগছৰাছ নামৰ তৃণভোজী ডাইনছৰৰ প্ৰধান খাদ্য আছিল ছাইকাড সমূহ ।
তেতিয়া এই উদ্ভিদ সমূহ আলাস্কা আৰু ছাইবেৰিয়াৰ পৰা এন্টাৰ্টিকা লৈকে জুৰি আছিল । আন বহুতো উদাহৰণৰ ভিতৰত ছাইকাডৰ বিস্তাৰণৰ বিষয়ে উল্লেখ কৰিলে সেই সময়ত পৃথিৱীৰ জলবায়ু গৰম আৰু প্ৰায় একে ধৰণৰ আছিল বুলি ধাৰণা কৰা হয় কাৰণ সকলো মহা দেশৰ প্ৰায়বোৰ অঞ্চলৰ পৰা ছাইকাড উদ্ভিদৰ জীৱাষ্ম উদ্ধাৰ কৰা হৈছে । ২,৩০,০০০,০০০ বছৰৰ আগতেই উদ্ভৱ হোৱা ছাইকাড উদ্ভিদ সমূহ ১,৮০,০০০,০০০ ৰ পৰা ১,৩৫,০০০,০০০ বছৰ পৃথিৱীত আন উদ্ভিদত কৈ অধিক পৰিমাণত আৰু বিস্তৃত ভাৱে প্ৰাধান্য লাভ কৰিছিল ৷ এই উদ্ভিদৰ ১৯ তা বিলুপ্ত জীৱাষ্ম আৰু ১১ টা জাতি জীৱিত হৈ বৰ্তমান পৃথিৱীত আছে । ধাৰণা কৰা হয় যে, ডাইনছৰ ধব্বংশ হৈ যোৱা একেটা কাৰণতে পৃথিৱী বিস্তৃত ছাইকাড সমূহ হঠাতে হোৱা পৰিৱৰ্তনৰ কবলত নোহোৱা হৈ কেইটামান জাতি হে কোনো কোনো অঞ্চলত বৰ্তি থাকে । যাৰ ফলত সিহঁতৰ বিস্তাৰণৰ সীমা ঠেক হৈ পৰে আৰু পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই জীয়াই থকাটোৱেই প্ৰধান উদ্দেশ্য হয় । যিহেতু আজিৰ দিনৰ ছাইকাড বোৰৰ সম্পৰ্কীয় বাকী ছাইকাড বোৰ কেতিয়াবাই লুপ্ত হল আৰু সিহঁতৰ অংশবোৰ জীৱাশ্ম হে পোৱা গ’ল সেয়েহে জীৱিত ছাইকাডক "জীৱিত জীৱাষ্ম" বোলা হয় ।

"জীৱিত জীৱাষ্মৰ" উদ্ভিদৰ ভিতৰত ছাইকাছ এবিধ জীৱিত জীৱাষ্ম । ছাইকাছ নগ্নবীজি উদ্ভিদ । ইহঁত ঢেঁকীয়াজাতীয় উদ্ভিদ আৰু গুপ্তবীজি উদ্ভিদৰ যোগসূত্ৰ । ছাইকাছৰ গা-গছ ডাল পোন, শকত আৰু ডালহীন ,দেখাত নাৰিকলৰ গা গছৰ দৰে । গা গছৰ আগত এথোপা সৰ্পিল আকাৰে সজোৱা (spirally) সেউজীয়া পক্ষল পত্ৰ (pinnate) পোৱা যায় । ছাইকাছৰ বৃদ্ধি অতি লেহেমীয়া । সেয়ে বহু বছৰৰ পাছতো সিহঁত জোপোহা হৈ থাকে । ৫০ বছৰ বয়স পৰ্যন্ত ই মাত্ৰ ১.২ মিটাৰ ওখ হয় । এই উদ্যান শুৱনি আলংকাৰিক উদ্ভিদ জোপা প্ৰায় সংকট পূৰ্ণ গণ্য হোৱা বাবে আমদানি আৰু ৰপ্তানি কৰিবলৈ বিশেষ অনুমোদনৰ প্ৰয়োজন । এই কালজয়ী উদ্ভিদ জোপাৰ উপস্থিতি পৃথিৱী বাসীৰ বাবে গৌৰৱৰ বিষয় ।

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate