অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টোপনীৰ গাঁও কালাছী

টোপনীৰ গাঁও কালাছী

আপুনি বাৰু কেতিয়াবা এনে এক বেমাৰো হ’ব পাৰে বুলি কল্পনা কৰিব পাৰেনে ? যদি নোৱাৰে তেনেহলে এই সত্য ঘটনাটো পঢ়ক ।
.
ঘটনাস্থল ‘কাজাকস্তান’ নামৰ দেশখনৰ উত্তৰ অংশৰ ‘কালাছী’ নামৰ এখন গাঁও। গাঁওখনৰ মানুহবোৰৰ বহুতেই এনে এটা বেমাৰৰ চিকাৰ হৈছে যে ভাবিলেই আচৰিত লাগে । গাঁওখনৰ বহুতো মানুহে দিনৰ ভাগতে গভীৰ টোপনিত ঢলি পৰে । কিছুমানে আনকি টোপনিৰ পৰা কেইবাদিনলৈকে উঠিবই নোৱাৰে । এই বেমাৰৰ পৰা পৰিত্ৰাণ দিবলৈ চৰকাৰৰ ফালৰ পৰা বহুতো বিজ্ঞানসন্মত পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছে যদিও বৰ্তমান পৰ্যন্ত তাৰ কোনো সঠিক কাৰণ বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই ।
৬০০ বাসিন্দাৰ সেই গাঁওখনত অলপতে চেপ্তেম্বৰ মাহত ঘটা এটা ঘটনাত ৮ জন কণমানি স্কুলীয়া ছাত্ৰ-ছাত্ৰী বিদ্যালয় আৰম্ভণিৰ দিনটোতে হঠাতে টোপনিত ঢলি পৰে । ইয়াৰ আগতেও ২০জন মানুহ দিনতে অস্বভাৱিক ভাৱে টোপনিত ঢলি পৰিছিল আৰু কেইবাদিন ধৰি তেওঁলোকে সাৰ পোৱা নাছিল ।
স্বাস্থ্যকৰ্মী, ৰেডিঅ’লজিষ্ট, ডাক্তৰ, বিহ-বিশাৰদ সকলোৱেই গাঁওখন পৰিৰ্দশন কৰি নিজৰ-নিজৰ বিভাগৰ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে যদিও এইৰোগৰ প্ৰকৃত কাৰণ তেওঁলোকে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই । ভয় হৈছে এনে দিনতে টোপনিত ঢলি পৰা সকলৰ যদি বহুতেই এদিন টোপনিৰ পৰা সাৰ নাপায় !
“আপুনি যদি তাক উঠাবলৈ চেষ্টা কৰে… এইটো লক্ষ্য কৰা যায় যে সি তাৰ চকু মেলিবলৈ চেষ্টা কৰিছে… কিন্তু মেলিব পৰা নাই”….. আঈগৰ চেমুছেন্কো, এনে ৰোগৰ চিকাৰ হোৱা এটা কণমানিৰ পিতৃয়ে স্বাস্থ্যকৰ্মীক এনেদৰে কয় । ৰোগীৰ গাত এইৰোগৰ কিছুমান অনুসাংগিক লক্ষণো দেখা গৈছে, চকুৰ জলক-তবক অৱস্থা, মদাহী বা ড্ৰাগছ আসক্তৰ দৰে দেহৰ ঢলং-পলং অৱস্থা, স্মৃতি-হেৰুৱা, মূৰ-ঘূৰণি আৰু বমি-বমি ভাৱ ইত্যাদি ।
“মই বৰ দুৰ্বল….মোৰ ভৰিদুখন বৰ গধুৰ-গধুৰ অনুভৱ কৰিছোঁ….এনে লাগিছে যেন মই এশযোৰ বুটজোতা পিন্ধি আছো…আৰু মোৰ মূৰটো চকৰি ঘূৰাদি ঘূৰি আছে”… এগৰাকী মহিলাই স্বাস্থ্যকৰ্মীক এনেদৰে কয় । টোপনিৰ পৰা সাৰ পোৱাৰ পিচতো অন্য ৰোগী সকলক দেখিলে এনে লাগে যেন সিহঁতে সুৰা পান কৰিহে আছে । ডক্তৰে কৈছে যে কিছুমানে আনকি গোটেই সপ্তাহটো ধৰি শুইয়েই আছে ।
টোপনি-ৰোগত আক্ৰান্ত হোৱা সকলৰ গাত ডাক্তৰে কিছুমান অন্যৰোগ থকা কথাটোও ধৰা পেলাইছে । শিশু সকলক বৰ্ত্তমান বিষক্ৰিয়াৰ বাবে মগজুৰ জ্বলন-পোৰণ হোৱা, মগজুৰ অস্থিৰতা ইত্যাদিৰ পৰা মুক্ত কৰি থকা হৈছে । বয়োজেষ্ঠ সকল আগতে ষ্ট্ৰোকত ভোগাটো ধৰা পেলোৱা হৈছে । কিন্তু কেইবাদিনৰ বিশেষ ডাক্তৰী পৰিচৰ্যাৰ পিচত সকলো স্বাভাৱিক জীৱনলৈ ঘূৰি গৈছে ।
বহুতে বিশ্বাস কৰে যে এই অতিমাত্ৰা টোপনিৰ কাৰণতো হৈছে…. কালাছীৰ ওচৰত আগতে ছোভিয়েট ইউনিয়নৰ সময়ত স্থাপন কৰা এটা ইউৰেনিয়াম খণিৰ পৰা গাঁওখনৰ ফাললৈ বতাহ বলাৰ বাবে সি লগতে বিষাক্ত পদাৰ্থ কঢ়িয়াই অনিছে । কিন্তু খনিটো ২০ বছৰ আগতেই পুতি দিয়া হৈছে আৰু ঠাইডোখৰ সেইদিন ধৰি পৰিতক্ত অৱস্থাত আছে ।
“যিসকলে খনিত বহুবছৰ ধৰি কাম কৰিছিল তেওঁলোকৰ কোনোৱেই টোপনিৰোগৰ চিকাৰ হোৱা নাছিল”….এজন প্ৰাক্তন খনিকৰ্মীয়ে এনেদৰে কয় । ৰেডিয়েশ্যন-সম্বন্ধীয় বিভিন্ন ধৰণৰ কোনো ৰোগৰ লক্ষণ ইতিমধ্যে এই ৰোগৰ লক্ষণত পৰিলক্ষিত হোৱা দেখা নাই”...…ডাক্তৰে কয়।
তেজক্ৰিয়তাৰ স্তৰ নগৰ বা খনিৰ ওচৰে-পাজৰে এটা শঙ্কা-মুক্ত অৱস্থাত আছে । প্ৰতিঘন্টাত ১৬ micro-roentgen. কিন্তু স্বাস্থ্যকৰ্মী RTD টিমটোৰ মিটাৰে দেখুওৱা মতে খনিৰ ইতিমধ্যে পুতি পেলোৱা পৰিতক্ত এলেকাত ইয়াৰ মাত্ৰা ২৬৮ micro-roentgen প্ৰতি ঘন্টাত । এজন স্বাধীন বিশ্লেষকৰ মতে কালাছীৰ পানী, মাটি বা গছ-বনত অস্বভাৱিক বিপদযুক্ত কোনো বিষাক্ত পদাৰ্থ নাই ।
.
লিখক: ইমৰান হুছেইন

শেহতীয়া উন্নীতকৰণ: : 7/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate