অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিলুপ্ত হ’ব ধৰা প্ৰাণী:

বিলুপ্ত হ’ব ধৰা প্ৰাণী:

 

প্ৰকৃতি জগতখন আৰু জীৱ জগতৰ মাজত ইটোৱে-সিটোৰ ওপৰত নিৰ্ভৰশীল।

উদ্ভিদে সচৰাচৰ নিজৰ আহাৰ তৈয়াৰ কৰি লয় উদ্ভিদৰ ওপৰত তৃণভোজী প্ৰাণীবোৰ নিৰ্ভৰশীল। মাংসভোজী প্ৰাণীবোৰ আকৌ তৃণভোজীৰ ওপৰত নিৰ্ভৰশীল। প্ৰাণী ধ্বংস হৈ পুনৰ মাটিতে মিহলি হৈ যায়। উদ্ভিদে ইয়াৰপৰাই পুনৰ আহাৰ বাছি লয়। যাক বোলা হয় খাদ্য শৃংখল। উক্ত খাদ্য শৃংখলৰ ওপৰত ভিত্তি কৰি জীৱ জগতৰ সুচল পৰিক্ৰমা লাখ লাখ বছৰ ধৰি চলি আহিছে। ইয়াত জীৱশ্ৰেষ্ঠ মানুহেহে আউল লগাইছে। নিজৰ প্ৰয়োজনৰ বাবে হকে বিহকে জীৱকুল-প্ৰাণীকুল ধ্বংস মাধ্যমেৰে নানা অথন্তৰৰ সৃষ্টি কৰিছে। বুদ্ধি খটুৱাই মহাসাগৰৰ নীল বৰণীয়া তিমিকো বশ কৰিব পৰা মানুহৰ সভ্যতাৰ বিকাশৰ লগে লগে বহু জীৱ আৰু উদ্ভিদৰ পৰিমাণ হ্ৰাস পাবলৈ ধৰিলে। প্ৰাণীকুলৰ বিপন্নতা সৃষ্টি কৰা সমস্যালৈ লক্ষ্য কৰি আজি বিজ্ঞানী, পৰিৱেশ বিজ্ঞানী খুবেই শংকিত হৈ পৰিছে। মানুহ জীৱকুলৰ ভাৰসাম্য ৰক্ষাৰ লক্ষ্যক আগত ৰাখি জন্ম দিয়া হ’ল- ‘ইন্টাৰনেচনেল ইউনিয়ন ফ’ৰ দ্য কনজাৰভেচন অফ নেচাৰ এণ্ড নেচাৰেল ৰিছোৰ্চ’ নামৰ অনুষ্ঠানটোৰ। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা প্ৰাণীহত্যা ৰোধ কৰা তথা প্ৰাণীৰ ৰক্ষণাবেক্ষণৰ উদ্দেশ্য হাতত ৰাখি এই অনুষ্ঠানিৰ জন্ম দিয়া হ’ল। অৱশ্যে ইতিমধ্যেই বহু প্ৰাণীকুল বিপন্নতাৰ আওতালৈ আহি পৰিছে। কিছুমান প্ৰাণীৰ চিন-চাবেই নাইকিয়া হৈ পৰিছে। এই বিপন্নতাৰ সাক্ষী ৰৈ ৰোৱা জীৱকুলৰ কিছুসংখ্যৰ বিষয়ে আলোকপাত কৰাই এই লেখাটিৰ উদ্দেশ্য।

আফ্ৰিকা মহাদেশৰ এবিধ প্ৰাণী হ’ল ক’লা বৰণীয়া গঁড়। এসময়ত মাত্ৰাধিক পৰিমাণে এইবিধ গঁড়ৰ নিধন কৰা হৈছিল। সম্প্ৰতি ইহঁতৰ সংখ্যা পাঁচশৰ ওচৰা-উচৰি। ইহঁৰত ওজন প্ৰায় ১০০০ কিলোগ্ৰাম মান। ইহঁতৰ খড়্গ দুটা। খড়্গৰ বাবেই গঁড়বোৰ চোৰাং চিকাৰীৰ গুলীত মৰিব লগা হয়।

সুমাত্ৰা অঞ্চলৰ গঁড়ো ইতিমধ্যে বিপন্নতাৰ শাৰীত পৰিছে। সুমাত্ৰাৰ গঁড়ৰ গাত নোম দেখা যায়। এছিয়া মহাদেশৰ ভিতৰত দুটা খড়্গ থকা গঁড় ইহঁতেই মাত্ৰ। ইহঁত পৃথিৱীৰ ক্ষুদ্ৰতম গঁড় প্ৰজাতি। খড়্গ বাবেই ইহঁত চোৰাং চিকাৰীৰ তীক্ষ্ণ নজৰত পৰে। ইহঁতৰ খড়্গেৰে তৈয়াৰ কৰা ঔষধেৰে কেন্সাৰ বেমাৰ নিৰাময় কৰিব পাৰি বুলি ভিয়েটনামৰ বহু অঞ্চলৰ লোকে বিশ্বাস কৰে। বিপন্নপ্ৰায় এই প্ৰাণীবিধৰ সংখ্যা প্ৰায় ২৫০ৰ ওচৰা-উচৰি।

এছিয়া মহাদেশৰ পূব পিনে ৰুছ আৰু চীন দেশৰ সীমান্তত আমুৰ নদী দেখিবলৈ পোৱা যায়। নদীৰ উপত্যকাৰ বনানিত চিতাবাঘৰ অৱস্থিতি আছে। ইহঁতৰ ওজন ৫০ কেজিৰ ওচৰা-উচৰি। ইহঁতে ঘন্টাত ৩৭ মাইল বেগত দৌৰিব পাৰে। ইহঁত ১০ৰ পৰা ১৫ বছৰলৈকে জীয়াই থাকে। অকলশৰীয়াকৈ থাকি ভাল-পোৱা ইহঁতে সন্তান পালনৰ সময়ত মাক-পিতাক একেলগে থাকে। নোমৰ লোভত এইবিধ বাঘ সততে চোৰাং চিকাৰীৰ চকুত পৰে। তদুপৰি উক্ত উপত্যকাত তৃণভোজী প্ৰাণীৰ সংখ্যা হ্ৰাস পোৱাত ইহঁত খাদ্য সংকটত পৰিছে। ইহঁতৰ বৰ্তমানৰ সংখ্যা মাত্ৰ ৬০টা।

আফ্ৰিকা মহাদেশৰ ছখন দেশজুৰি বিশাল অংশ এটাৰ নাম হ’ল- কংগো বেছিন। অৱবাহিকাত থওকা অগণন প্ৰাণীৰ এটা হ’ল ক্ৰ’ছৰিভাৰ গৰিলা। এই বুধিয়ক প্ৰাণীবিধ পৰা পক্ষত মানুহৰপৰা আঁতৰি ফুৰে। চোৰাং চিকাৰীৰ হাতত পৰি পৰি এইবিধ প্ৰাণী এতিয়া বিলুপ্তিৰ পথত। বৰ্তমান ইহঁতৰ সংখ্যা ২০০-৩০০টা মানহে।

আইবেৰিয়ান লিংকছ নামৰ বনমেকুৰীৰ বৰ্তমান সংখ্যা ১০০ৰ ওচৰা-উচৰি। ইহঁতে বনৰ শহাপহু, হাঁহ-কুকুৰা আদি খাই জীয়াই থাকে। চোৰাং চিকাৰীৰ লোভত অপমৃত্যু হোৱাৰ লগতে গাড়ীৰ খুন্দাতো ইহঁতৰ অপমৃত্যু হৈছে।

হক্সবিল নামৰ কাছবিধৰ দৈৰ্ঘ্য ৩০ৰ পৰা ৩৮ ইঞ্চি। ইহঁতৰ মুখৰ গঠনৰ লগত বাজ চৰাইৰ ঠোটৰ বহুখিনি মিল আছে। বাজ চৰাইৰ ইংৰাজী নাম ‘হক’ ‘বিল’- হ’ল চৰাইৰ ঠোট। সেইবাবেই এই কাছবিধক হক্সবিল বোলা হয়। পৃথিৱীৰ মহাসমুদ্ৰত থকা এইবিধ কাছৰ প্ৰধান শত্ৰু হ’ল মানুহ। হক্সবিল কাছৰ গাৰ চৰ্ম বা খোলাটো দেখিবলৈ বৰ সুন্দৰ। খোলাটোৰ বাবেই মানুহে ইহঁতক হত্যা কৰি আহিছে। মহাসমুদ্ৰত থাকিলেও কাছবোৰ বেচি পৰ পানীৰ তলত থাকিব নোৱাৰে। উশাহ-নিশাহ ল’বলৈ সি পানীৰ ওপৰলৈ আহিবই লাগিব। তেতিয়াই কাছবোৰ মানুহৰ চিকাৰ হয়। কেতিয়াবা আকৌ মাছ ধৰা বৰশী বা জালত লাগি ধৰে। বহুতে বৰশীত লাগি ধৰা কাছবোৰ এৰি দিয়ে যদিও জাল-বৰশীত লাগি আহত হোৱা কাছবোৰ পানীৰ ওপৰলৈ উঠি আহিব নোৱাৰে। পানীত ডুবি সিহঁতৰ মৃত্যু হয়।

পেংগোলিন নামৰ প্ৰাণীবিধৰ গোটেই শৰীৰটো কাঁইটেৰে ঢকা। যাৰ বাবে উক্ত প্ৰাণীবিধক বহুতে সৰীসৃপ বুলি ভুল কৰে। অৱশ্যে ইহঁত স্তন্যপায়ী প্ৰাণী। ইহঁতৰ শৰীৰৰ ছাল আৰু মাংসৰ বাবে চোৰাং চিকাৰীৰ চিকাৰ হ’ব লগা হয়। ২০১১ চনৰ পৰা ২০১৩ চনলৈ প্ৰায় দুই লাখ পেংগোলিনৰ হত্যা হৈছে। ইহঁত আফ্ৰিকা আৰু এছিয়াৰ বনাঞ্চলত থাকে।

আফ্ৰিকাৰ বনৰীয়া কুকুৰবোৰ বৰ ভয়ানক। ইহঁতৰ বসতিপ্ৰধান অঞ্চলত জনসমাগম হ’বলৈ ধৰাত ইহতো অস্তিত্বৰ সংকটত পৰিছে।

ক’লা বান্দৰ বিধৰ দৈৰ্ঘ্য মাত্ৰ ডেৰ ফুট। ইয়াৰ নেজ ডাল প্ৰায় আঢ়ৈ ফুটমান দীঘল। দেহৰ তুলনাত হাত-ভৰিবোৰ যথেষ্ট দীঘল। দক্ষিণ আমেৰিকাৰ আমাজন নদীৰ অৱবাহিকাৰ ৰেইন ফৰেষ্টত ইহঁতৰ ঘৰ। গৱেষণাত প্ৰমাণিত হৈছে যে এইবোৰ বুদ্ধিমান প্ৰাণী। এই বান্দৰো নি:শেষ হোৱাৰ পথত।

ফেৰেট নামৰ প্ৰাণীবিধৰ ঘৰ উত্তৰ আমেৰিকাত। প্ৰায় বিলুপ্তিৰ পথলৈ যোৱা ইহঁতক উদ্ধাৰৰ প্ৰয়াস কৰি অহা হৈছে। অৱশ্যে বৰ্তমানে আমেৰিকাত তিনিশৰ ওচৰা-উচৰি ফেৰেট আছে। ইহঁত তৃণভোজীৰ লগতে মাংসভোজীও। ইহঁতে আমেৰিকান প্ৰাণী ‘প্ৰেইৰীডগ’ক চিকাৰ কৰে।

চাৰ্লছ ডাৰউইনৰ বিৱৰ্তনবাদৰ সূত্ৰেৰে চাবলৈ গ’লে মানুহৰ ডি এন এ-ৰ প্ৰায় ৯৮.৭ শতাংশ মিল আছে চিম্পাঞ্জী আৰু বান্দৰ জাতীয় আন এবিধ প্ৰাণীৰ সৈতে। উক্ত বান্দৰ জাতীয় প্ৰাণীবিধ বোনোৱা নামেৰে জনা যায়। ইহঁতৰ ঘৰ আফ্ৰিকাৰ কংগো অৱবাহিকাত। ইহঁত দলপাতি ফুৰে। মাইকী বোনোৱাই দল চোৱা-চিতা কৰে। মানুহৰ নিৰ্বিচাৰ আক্ৰমণ তথা আন আন কাৰণত ইহঁতৰ সংখ্যা কমিবলৈ ধৰিছে।

জায়ান্টা পাণ্ডাৰ ঘৰ চীন দেশত সদ্যেজাত পাণ্ডাৰ পোৱালিৰ ওজন মাকৰ আয়তনৰ মাথোঁ এশ ভাগৰ এভাগ হয়। সময়ৰ লগে লগে ইহঁতৰ ওজন এশৰপৰা ডেৰশ কেজি হয়গৈ। পূৰ্ণাংগ এটি পাণ্ডাই প্ৰতিদিনে পঁচিশ কেজি মানৰ আহাৰ খায়। শান্ত, লাজকুৰীয়া এই ভালুকটি চীনৰ জাতীয় সম্পদ বুলি গণ্য কৰা হ’লেও ইহঁতৰ শত্ৰু বহুত। ধুনীয়া চামৰাৰ লোভত চোৰাং চিকাৰীৰ হাতত ইহঁতৰ নিধন হয়। বৰ্দ্ধিত জনসংখ্যাৰ বাবে বনৰ পৰিমাণ কমি যোৱাটো ইহঁতৰ অস্তিত্ব সংকটৰ আন এক কাৰণ বুলি ক’ব পাৰি।

মধ্য এছিয়াৰ বৰফ ঢকা পাহাৰত য়ো লিঅ’পাৰ্ড বা বৰফৰ নাহৰফুটুকী প্ৰজাতি প্ৰাণীবোৰক দেখিবলৈ পোৱা যায়। একালত চীন, ভূটান, নেপাল, ভাৰত, পাকিস্তান, আফগানিস্তান, ৰাছিয়া, মংগোলিয়ানকে ধৰি প্ৰায় ১২খন দেশতে ইহঁতক দেখিবলৈ পোৱা গৈছিল। খাদ্যৰ অভাৱ, চোৰাং চিকাৰীৰ আগ্ৰাসন জনসংখ্যা বৃদ্ধিৰ সমস্যাৰ বাবে ইহঁতৰ সংখ্যা কমি আহিছে। ইয়াৰ জনসংখ্যা প্ৰায় ছহেজাৰৰ ওচৰা-উচৰি।

ভাৰতীয় হাতীৰো সংখ্যা যথেষ্ট কমি আহিছে। বিশাল বপুৰ হাতীৰ ওজন প্ৰায় ৪৫০০ কেজি। একোটা প্ৰাপ্তবয়স্ক হাতীয়ে দিনৰ ১৯ ঘন্টা সময় খাওঁতেই অতিবাহিত হয়। হাতীৰ বহুমূলীয়া সম্পদ হ’ল দাঁত। দাঁতৰ লোভত ই চোৰাং চিকাৰীৰ চিকাৰ হয়। ফলত দ্ৰুতগতিত হাতীৰ সংখ্যা কমি আহিছে। বৰ্তমান ইহঁতৰ জনসংখ্যা বিশ-পঁচিশ হেজাৰলৈ হ্ৰাস পাইছে।

উপৰিউক্ত হেৰাই যোৱা প্ৰাণীবোৰ আৰু বিপন্নতাৰ আওতালৈ অহা জীৱকুলৰ বাবে প্ৰাকৃতিক ভাৰসমতাৰ অতিপাত বিঘিনি ঘটিছে। যাৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি, জলবায়ুৰ তাৰতম্য, খৰাং বতৰ, বানপানীৰ ভয়াবহতা, পৰিৱেশ প্ৰদূষণ আদি নানান সমস্যাই দেখা দিছে।লগে লগে মানৱ জাতি নানা আহুকালৰ মুখামুখি হৈছে। উক্ত প্ৰাণীকুলৰ ৰক্ষণাবেক্ষণৰ বাবে অনতিপলমে ব্যৱস্থা গ্ৰহণ নকৰিলে মানৱ সভ্যতাৰে বিলুপ্তিৰ পথ প্ৰশস্ত হৈ পৰিব।

লেখক:অতুল দত্ত(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate