অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ ক্ষেত্ৰত মানসিক চাপৰ প্ৰভাৱ :

শিশুৰ ক্ষেত্ৰত মানসিক চাপৰ প্ৰভাৱ :

 

সাম্প্ৰতিক সময়ত পৃথিৱীৰ অধিকাংশ লোকেই জীৱন যুদ্ধখনৰ সন্মুখীন হ’ব নোৱাৰি প্ৰায়ে মানসিক চাপত ভোগা দেখা যায়, কিন্তু এই মানসিক চাপ কেৱল ডাঙৰ ব্যক্তিৰ ক্ষেত্ৰত যে উদ্ভৱ হয় সেইটো নহয়, আজিৰ এই প্ৰতিযোগিতাৰে ভৰা পৃথিৱীত শিশুৰ মানসিকতাতো ইয়াৰ প্ৰভাৱ পৰা দেখা যায়।

আজিৰ এই ব্যস্ততাপূৰ্ণ পৃথিৱীত শিশু এটিয়ে জন্মগ্ৰহণ কৰাৰ পাছত মুকলি মনেৰে খেলা-ধূলা কৰি ঘৰখনত শিক্ষা-দীক্ষা, নীতি-নিয়মৰ মাজেৰে শৈশৱ পাৰ কৰে। ঘৰখনৰ পৰাই বহু নজনা কথা শিকে, বুজে আৰু আয়ুত্ত কৰে। কাৰণ শৈশৱেই হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু অমূল্য সময়। সেয়ে এই সময়ছোৱাত শিশুৰ সুস্থ মানসিক বিকাশত পিতৃ-মাতৃ অধিক সচেতন হোৱাৰ দৰকাৰ তথা উভয়ে এই ক্ষেত্ৰত সমানে দায়িত্ব লোৱা উচিত। কিয়নো আপোনাৰ শিশুটি যদি মানসিক চাপৰ বলি হৈছে, তেন্তে তাৰ মানসিকতাত বিৰূপ প্ৰভাৱ পৰিব পাৰে।

গতিকে শিশুৰ মানসিকতাত মানসিক চাপে কৰা প্ৰভাৱত পিতৃ-মাতৃৰ ভূমিকা সম্পৰ্কে কেইটামান উল্লেখযোগ্য টিপছ আগবঢ়োৱা হ’ল।

১)শিশুৰ মন কৌতুহলী হোৱা হেতু এই সময়ত সিহঁতৰ মনত নানা ধৰণৰ কৌতুহল আহে। মনত বিভিন্ন প্ৰশ্নৰ উদয় হয়। নজনা কথা জনাৰ প্ৰতি আকৰ্ষিত হয়। এইটো কি? এইটো কিয় হয়? এনে ধৰণৰ প্ৰশ্ন কৰি কৌতুহলী শিশুৱে সকলো কথা জনাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰে। সেয়ে শিশুৱে সোধা এনে প্ৰশ্নত বিৰক্ত নহৈ সাৱধানতাৰে উত্তৰ দিয়া উচিত। এই উত্তৰৰ পৰাই তেওঁলোকৰ বাস্তৱ পৃথিৱীখন সম্পৰ্কে ধাৰণা পৰিসফূট হৈ জ্ঞান আহৰণত যথেষ্ট সহায়ক হয়। সেই কাৰণে এই সময়ছোৱাত শিশুৰ মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি পিতৃ-মাতৃ উভয়ে সজাগ হৈ শিশুটিক নিৰাশ নকৰি সেই প্ৰশ্নৰ সম্যক জ্ঞান সঠিকৰূপে দিয়া প্ৰয়োজন যাতে সিহঁতে সহজে আয়ত্ব কৰিব পাৰে। কিয়নো আপোনাৰ কথা-বতৰাই সন্তানটিক মানসিক চাপৰ পৰা মুক্ত হ’বলৈ সহায় কৰিব।

২)যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মানসিকতাৰো পৰিৱৰ্তন হৈছে। ধনৰ প্ৰাচুৰ্য, জাকজমক, আড়ম্বৰ ইমানেই বাঢ়ি গৈছে যে সন্তানক সময় দিব নোৱাৰা হৈছে। উভয়ে কামত ব্যস্ত থকাত সন্তান বৰ নিসঙ্গ হয়। যৌথ পৰিয়ালত সাধাৰণতে এনে সমস্যাৰ সৃষ্টি নহয়, পিতৃ-মাতৃৰ পৰা নোপোৱা প্ৰয়োজনীয় গুৰুত্বখিনি পৰিয়ালৰ আন সদস্যসকলৰ পৰা পায়। পিছে আজিৰ সমাজৰ একক পৰিয়ালত শিশুটি স্কুলৰ পৰা অহাৰ পাছত আয়াৰ লগত সময় কটোৱা, নহ’লে বন্ধ কোঠাত ভিডিঅ’ গেম খেলি, টিভিৰ কাৰ্টুন চাই বা ইন্টাৰনেটত বহি সময় পাৰ কৰিবলগীয়া হৈছে। অথচ অভিভাৱকসকলৰ ভ্ৰূক্ষেপেই নাই যে সন্তানৰ শৈশৱ সময়ৰ প্ৰবল গতিত শেষ হৈ গৈছে। হকে-বিহকে দামী দামী বিলাসী সা-সামগ্ৰী উপহাৰ হিচাপে দি তাতেই দায়িত্ব শেষ বুলি ভাবে। কিন্তু পিতৃ-মাতৃৰ অবিহনে শিশুৱে অকলশৰীয়া অনুভৱ কৰে বুলি চিন্তা নকৰে আৰু এনে মানসিক দূৰত্বই বৰ্তমান শিশুসকলক মানসিক দূৰত্বই বৰ্তমান শিশুসকলক মানসিক চাপৰ ভোগায়। সেয়ে দৈনন্দিন ব্যস্ততাৰ মাজতো কিছু সময় সন্তানৰ বাবে উলিয়াই সিহঁতক সময় দিয়ক, মনৰ কথা শুনক। সিহঁতে পাবলগীয়া প্ৰয়োজনীয়া গুৰুত্বখিনি দি সিহঁতৰ লগত আনন্দেৰে কটাবলৈ চেষ্টা কৰিলে উপকৃত হ’ব।

৩)কেতিয়াবা পঢ়া-শুনাৰ হেঁচাৰ বাবেও শিশুসকল মানসিক চাপত ভুগিব পাৰে। প্ৰাকৃতিক পৰিৱেশত খেলাধূলা কৰি পখিলা খেদি ফুৰাৰ বয়সত বা পিঠিত কিতাপৰ বেগ লৈ পিতৃ-মাতৃয়ে বিচৰা ধৰণে শ্ৰেণীত আন লগৰীয়াকো যাতে পিছ পেলাব নোৱাৰে আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত ভাগ লৈ জয়ী হৈ অহাৰ সপোন শিশুটিক বেছিভাগ সময়তে পঢ়াত ব্যস্ত হৈ থাকিবলৈ বাধ্য কৰোৱাত শিশুটি কেতিয়াবা অসন্তুষ্ট হৈ পৰে। খিংখিঙীয়া স্বভাৱ, কথা নুশুনা, খোৱাবোৱা ভালদৰে নকৰা, স্কুললৈ যাবলৈ ইচ্ছা নকৰা স্বভাৱ গঢ় লৈ উঠে। সেয়ে সিহঁতৰ মনটোক বুজি, সমস্যাবোৰ শুনি মৰমেৰে বুজাই পৰিৱেশটো সলনি কৰিবলৈ চেষ্টা কৰি মানসিক চাপৰ পৰা সকাহ দিব পাৰে।

৪)ঘৰ এখনৰ সুস্থ আৰু সুন্দৰ বাতাবৰণে পৰিয়ালৰ সকলো লোকৰে মন আনন্দিত আৰু প্ৰফুল্লিত কৰি ৰাখে। শিশুৰ মন বৰ কোমল আৰু আৱেগেৰে ভৰা। শিশুটিক এই বয়সত যি ধৰণে গঢ় দিয়া হয়, সেই ধৰণেই গঢ় লয়। গতিকে শিশু এটিৰ সুস্থ মানসিক বিকাশৰ বাবে ঘৰুৱা পৰিৱেশ সুন্দৰ হোৱাটো বাঞ্ছনীয়, যিহেতু এজন সুস্থ আৰু মানসিকভাৱে সবল লোকক মানসিক চাপে প্ৰভাৱ পেলাব নোৱাৰে। সেয়ে শৈশৱৰ পৰাই শিশুটিয়ে যাতে এক সুস্থ পৰিৱেশত ডাঙৰ হ’ব পাৰে, তালৈ গুৰুত্ব দিয়া প্ৰয়োজন।

৫)পিতৃ-মাতৃয়ে সৰুৰে পৰা শিশুটিক সিহঁতে ভাল পোৱা বিষয় নিৰ্বাচন কৰিবলৈ উৎসাহিত কৰিব লাগে। সৰু-সুৰা সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰা উচিত। তেহে শিশুটিক আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আত্মবিশ্বাসো বাঢ়িব। কেৱল সিহঁতে নিৰ্বাচিত কৰা বস্তু, নিত্যকৰ্ম আৰু গ্ৰহণ কৰা সিদ্ধান্ত যাতে সঠিক হয়, সেই বিষয়ত সজাগতা অৱলম্বন কৰিলে শিশুটিৰ ভৱিষ্যৎ নিয়ন্ত্ৰিত কৰাত অসুবিধা নহ’ব। অন্যহাতে, সদায় সন্তানৰ লগত বন্ধুত্বপূৰ্ণ মনোভাৱেৰে মুকলিকৈ সকলো কথা আলোচনা কৰিলে শিশুটিয়েও মুক্তভাৱে নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ আগ্ৰহী হোৱাৰ বাদেও মানসিক চাপৰ পৰা মুক্ত হ’বলৈ সহায় কৰিব।

চাবলৈ গ’লে এইবোৰ অতি সৰু কথা যেন লাগিলেও আচলতে এই ধৰণৰ সৰু সৰু কথাৰ মাজেৰেই শিশুৰ মানসিক বিকাশ ক্ৰমান্বয়ে বিকশিত হয় আৰু মানসিক চাপেও যে ক্ৰিয়া কৰিব নোৱাৰিব, তাত অকণো সন্দেহ নাই।

লেখিকা: দীপাঞ্জলি ভট্টাচাৰ্য্য(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate