আজিকালিৰ শিশুহঁতৰ ইমানেই খং যে, কাৰোৰে কথা শুনিবই নুখুজে। বেছিকৈ খং উঠা শিশু এটিৰ খং কমোৱাৰ কাৰো সাধ্য নাথাকে। এনে অভিযোগ প্রায়ে পিতৃ-মাতৃৰ মুখত শুনিবলৈ পোৱা যায়। শিশুক মাৰপিট কৰা বা জোৰ কৰি কোনো কাম কৰিবলৈ বাধ্য কৰোৱা গুৰুতৰ অন্যায়। বিশেষজ্ঞসকলৰ মতে অভিভাৱকৰ এনে আচৰণে শিশু মনঃস্তত্ত্বৰ ওপৰত গুৰুতৰ নেতিবাচক প্ৰভাৱ পেলায়। তেন্তে খং উঠা শিশুক কেনেকৈ নিয়ন্ত্ৰণত আনিব পাৰি? সকলোৰে এটাই উত্তৰ, ধৈর্য ধৰি শিশুৰ মন বুজিবলৈ যত্ন কৰিব লাগে। আমি সকলোৱে ধৰি লওঁ যে, কণাকণি শিশুহঁতে আচলতে একো বুজি নাপায়। কিন্তু তেনে নহয়। সিহঁতে সকলো কথা বুজি পায়। সিহঁতে মাতৃগৰ্ভত থকাৰে পৰা পৃথিৱী সম্পর্কে এনেধৰণৰ ধাৰণা কৰি থাকে। কিন্তু বেছিভাগৰ ক্ষেত্ৰতেই সেই ধাৰণা সঠিক নহয়। সিহঁত যিহেতু খুবেই স্পর্শকাতৰ সেয়ে আমাৰ দৃষ্টিত অতি সাধাৰণ এটি বিষয়ে সিহঁতৰ মনত গভীৰ ৰেখাপাত কৰে। সেয়া বুজিবলৈ কঠিন যদিও অসম্ভৱ নহয়। এন এল পি বিশেষজ্ঞ জাডি বাৰটকোয়াকে শিশুহঁতৰ খং কমোৱাৰ কেইটিমান পৰামর্শ আগবঢ়াইছে। ষ্টেডমেন গ্রাহামৰ ‘আইডেনটিটি’ শীর্ষক গ্ৰন্থৰ লগতে নিজৰ থেৰাপিষ্ট জীৱনৰ অভিজ্ঞতাৰ পৰা তেওঁ এই পৰামৰ্শসমূহ আগবঢ়োৱা বুলি মন্তব্য প্রকাশ কৰিছে। শিশু এটি খঙত থকা সময়ত তাক শাসন কৰা বা বুজোৱা উচিত নহয়। সম্পূর্ণ পৰিবেশ-পৰিস্থিতি লক্ষ্য কৰিহে তাক বুজাব লাগে। আৰু আপুনি তাৰ খং উঠাৰ কাৰণ বুজি নাপাবও পাৰে। সেয়ে পৰিবেশ বুজি মৰমেৰে তাৰ মনৰ কথা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিব লাগে। এনে কৰিলে পৰিস্থিতিৰ গুৰুত্ব বুজিবলৈও সুবিধা হ’ব আপোনাৰ। খং উঠাৰ সময়ত শিশুটিক অন্য কথাৰ প্ৰতি মনোযোগ কাঢ়িবলৈ যত্ন কৰিব লাগে। যি পৰিবেশত তাৰ খং উঠিছিল তেনে পৰিবেশৰ পৰা তাক আঁতৰাই নি শান্ত এক পৰিবেশলৈ লৈ যাব পাৰিলে তাৰ খংনিয়ন্ত্ৰণত সহায়ক হ'ব। খঙক ইতিবাচক শক্তিলৈ ৰূপান্তৰ কৰিবলৈ যত্ন কৰিব লাগে। অর্থাৎ শিশুক প্রশংসা কৰিব লাগে। খং উঠিলে শিশুটিয়ে কিবা নহয় কিবা কৰে। সিহঁতৰ প্ৰতিক্রিয়া অনুযায়ী প্রশংসা কৰিব লাগে। প্রথমে নিজেই মন কৰক সকলোবোৰৰ মাজতেই যেন কিবা ভাল এটা কৰি পেলাইছে আপোনাৰ সন্তানে। সেইবাবে বিনাদ্বিধাই প্রশংসা কৰিব আপোনাৰ সন্তানক। দেখিব তৎক্ষণাৎ সকলো খং পাহৰি গৈছে সি। পাচত তাৰ খং উঠাৰ কাৰণ জনাবলৈ উৎসাহ দিব লাগে শিশুটিক। খঙৰ কাৰণ তাক গল্পৰ দৰে লিখিবলৈ উৎসাহ দিব লাগে। তাৰ গল্প পঢ়ি হাঁহি-স্ফুর্তি কৰিলেও তাৰ আৱেগক আঘাত কৰিব নালাগে। শিশুসকলে যাৰ লগত বেছি সময় থাকে তাৰ পৰাই খং কৰিবলৈও শিকে। খং উঠিলে সেয়ে ঘৰৰ অন্যান্য লোকে যি আচৰণ কৰে তেনে আচৰণেই শিশুটিয়েও কৰে। পিতৃ-মাতৃৰ খং প্ৰকাশৰ ধৰণৰ ওপৰতে নিৰ্ধাৰণ কৰে শিশুৰ প্রকাশভংগী। সেয়ে আমি নিজৰ খং উঠিলে যিদৰে নিজক শান্ত কৰো তেনেদৰে সন্তানৰ লগতো কৰিব লাগে। শিশুটিক সেই সময়ত কল্পনাৰ এখন জগতলৈও লৈ যাব পাৰি। এনে কিছু প্রশ্ন তাক কৰিব পাৰে- তোমাৰ খঙৰ ৰং কি? ৰংটো কি পাতল কৰিব পাৰি নেকি? নে তোমাৰ পছন্দৰ ৰঙলৈ পৰিবর্তন কৰিব পাৰি? তোমাৰ খঙৰ শব্দও আছে নেকি ? শব্দৰ প্ৰাবল্য কি কমাব পাৰি নেকি ? খং কোনো ধৰণৰ জন্তু নেকি? তাৰ খবৰ-খাতি তুমি ল’ব পাৰা নেকি ? খংটো ক’ত থাকে? তাক কি বাহিৰ কৰি দিব পৰা নাযাব?
শিশুসকলৰ কল্পনাশক্তি প্ৰবল। সিহঁতে এই প্রশ্নৰ সঠিক উত্তৰ দিব পাৰিব আৰু এনেদৰেই খঙৰ কাৰণে সৃষ্টি হোৱা নেতিবাচক শক্তি এটা ইতিবাচক শক্তিলৈ ৰূপান্তৰ হ’ব। শিশুহঁতৰ খং উঠে সহজতে। আৰু সোনকালে খং মাৰো যায়। খঙৰ সময়ত সিহতক বেছি মনোযোগ দিয়া উচিত নহয়। এনে কৰিলে সিহঁতে ধৰি লয়, খং উঠিলে বেছিকৈ মনোযোগ পোৱা যায়। সিহঁতে কি কয়, তাক কিন্তু মনোযোগ দি শুনা উচিত।
উৎস: সাদিন।
শেহতীয়া উন্নীতকৰণ: : 11/25/2021