অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুকুৰীকণা

কুকুৰীকণা

এখন গাঁৱত এটা মানুহৰ দুজনী ৰূপহী জীয়েক আছিল| ডাঙৰজনীৰ নাম ৰূপেশ্বৰী, সৰুজনীৰ গুণেশ্বৰী| ৰূপেশ্বৰীক বিয়া দিবৰ হ'লত, বাপেকে তাৰ গাঁৱত অনেক প্ৰৱন্ধ কৰি দৰা বিচাৰিবলৈ ধৰিলে, কিন্তু ছোৱালীৰ যোৰৰ দৰা বিচাৰি নাপালে| সেইদেখি দূৰৰ গাঁৱৰ দৰা বিচাৰিবলৈ বুলি বাপেক ওলাল| এনেতে ৰূপেশ্বৰীৰ মাকে গিৰিয়েকক ক'লে,-

"আপুনি দূৰলৈ দৰা বিচাৰি নাযাব, দূৰত মই ছোৱালী বিয়া নিদিওঁ| ওচৰতে বিয়া দিলে মইৰ সততে ছোৱালী জনী দেখি থাকিবলৈ পাম; দূৰৈত দিলে সেইটো কেনেকৈ হ'ব?"

গিৰিয়েকে ঘৈণীয়েকৰ কথা এৰাব নোৱাৰি অগত্যা ওচৰৰে ডেকা ল'ৰা এটাৰ সৈতে জীয়েক ৰূপেশ্বৰীক বিয়া দিলে|

ৰূপেশ্বৰীৰ গিৰিয়েক কুকুৰীকণা আছিল; কিন্তু সেই কথা সি লুকুৱাই ৰাখিছিল| সেইদেখি গাৱঁৰ আন আন মানুহে আৰু তাৰ শাহুৱেক –শহুৰেকে সেইটো নাজানিছিল|

জোঁৱায়েকে শহুৰেকৰ গৰু এটা খুজি আনি দিনচেৰেক হাল বাইছিল| এদিন শহুৰেকে জোঁৱায়েকক গৰুটো ওভতাই খুজি পঠিয়ালে| সেইদিনা দৈবাত গৰুটো ঘৰলৈ ওভতি অহাত সন্ধিয়া লাগিছিল| কুকুৰীকণা জোৱায়েক মস্কিলত পৰিল| কেনেকৈ সি গৰুটো নি শহুৰেকৰ ঘৰত দিয়েগৈ| সি ভালেখিনি পৰ ভাবি-চিন্তি থিৰ কৰিলে যে,

"গৰুটো শহুৰৰ ঘৰ মুৱাকৈ এৰি দি তাৰ নেজত ধৰি মই গৈ থাকো| তেনেহ'লে সি নিশ্চয় তাৰ চিনাকী ঘৰ ওলাবগৈ|"

সি তাকে কৰিলত, গৰুটো গৈ তাৰ আগৰ গোহালিত সোমালগৈ আৰু সিও তাৰ নেজত ধৰি গৈ সেইখিনি পালেগৈ| এনেতে শহুৰেকে জোঁৱায়েকক দেখাপাই সুধিলে,

"সেইটি জোঁৱাই নে?"

জোঁৱায়েকে উত্তৰ দিলে,-

" আপুনি গৰুটো খুজি পঠিয়াইছিল দেখি আনি গোহালিত বান্ধিছোহি|"

ইয়াৰ পিছতো জোঁৱায়েক ওলাই নহাত শহুৰেকে মাত লগালে,-

"ওলাই আহা ..! তাত কি কৰিছা? হাত-ভৰি ধুই বহি মেলি এমুঠি ভাতকে খোৱাহি| নোখোৱাকৈ নাযাবা|"

জোঁৱায়েকে উত্তৰ দিলে,-

"এৰা, আপোনালোকৰ গোহালিত গৰু কেইটা আছে, তাকে লেখিহে চাইছো এতিয়া|"

শহুৰেকে ক'লে,-

" এই, কিনো গৰু লিখিবা, টিকৌটিপৌ মেমেৰা চেৰেলা গৰু গোটাচেৰেকহে আছে; ভাল কেইটা আৰুবেলি চবকাত পৰি মৰি হজি শুকাইছে"

বুলি শহুৰেক ভিতৰ সোমাই গৈ জীয়েক গুণেশ্বৰীক ক'লে,-

"আই, ঘটি এটাত পানী এঘটি লৈ যা, ভিনিহিয়েৰক মাতি আনি ভৰি ধুবলৈ পানী দি বহুৱাগৈ|"

সিফালে জোঁৱায়েকে গোঁহালিৰ পৰা ওলাই ঘৰলৈ ওভতি যাবলৈ বাট খেপিয়াই ফুৰিছিল; এনেতে খুলশালীয়েকে মাত লগালে,-

"ভিনীহিদেউ, আহা ভৰি ধোঁৱাহি, পানী আনিছো|"

ভিনীহিয়েকে খুলশালীয়েকৰ মাত শুনি উত্তৰ দিলে,-

"আইটী নে? আহা মোক আদৰি নিয়াহি, নহ'লে মইা এনেয়ে নাযাওঁ; মোৰ নিচিনা ভিনীহিনো ক'ত পাইছিলা?"

এই কথা শুনি সৰল মনৰ গুণেশ্বৰীয়ে ভিনীহিয়েকৰ হাতত ধৰি কাবৌ-কোকালি কৰি লৈ গৈ ভৰি ধুবলৈ ভিনীহিয়েকক পানী ঘটি আগবঢ়াই দিলে| এনেতে ভিনীহিয়েকে মাত লগালে,-

"তুমি মোৰ ভৰি ধুৱাই দিয়া; আজি ভালেমান দিনৰ মুৰত আহিছোঁ| তোমালোকে দেখিছো মোক সমূলি মৰম নকৰা|"

গুণেশ্বৰীয়ে এই কথা শুনি ভিনীহিয়েকে ধেমালি কৰিছে বুলি ভাবি ভিনীহিয়েকৰ ভৰি ধুৱাই দি হাতত ধৰি নি বহিবলৈ ঢৰা পাৰি দি "বহা" বুলি তাতে বহুৱাই দিলে|

এইদৰে জোঁৱায়েকে কিছুপৰ বহি থকাৰ পিছত ভাত খাবৰ হ'ল| শহুৰেক ভাত খাবলৈ বহিল| শাহুৱেকে জোঁৱায়েকলৈ ভাত বাঢ়ি দি বহি আছে; জোঁৱায়েকক ভাত খাবলৈ মাতিছে কিন্তু সি উঠি নাহে| বৰকৈ মাতিলত জোৱায়েকে উত্তৰ দিলে,-

"আজি মোৰ বৰ ভাগৰ লাগিছে, উঠিবই নোৱাৰো; আপোনালোকৰ মোলৈ মৰম আছে যদি ইয়াতে ভাত দিয়ক খাওঁ|

"জোঁৱায়েকৰ উত্তৰ শুনি শাহুৱেকে ভাত আনি দিলেহি| ভাত দিয়া হ'ল, কিন্তু সি দেখিবলৈ নাপায়; নাখাই ৰৈ আছে| সেই দেখি গুণেশ্বৰীয়ে মাত লগালে,

-" খোৱা, ভিনীহিদেউ খোৱা|"

ভিনীহিয়েকে উত্তৰ দিলে,-

" তুমি ভাতত মোৰ হাতখন লগাই দিলেহে খাম, নহ'লে নাখাওঁ; কাৰণ তুমিনো আৰু কিমান দিন বাপেৰাৰ ঘৰত থাকিবা; অলপদিনৰ মূৰতেই গুচিয়েই যাবা; এতেকে এই কেইদিনতে তোমাৰ হতুৱাই বন কৰাই লওঁ, তেহে মোলৈ মনত থাকে যদি"

ভিনীহিয়েকৰ কথা শুনি গুণেশ্বৰীয়ে তাৰ হাতখন ভাতত লগাই দিলত সি ভাত খাবলৈ বহিল| ইয়াৰপিছত খুলশালীয়েকেও ভাত খাবলৈ ভিতৰলৈ উঠি গ'ল| অলপপৰ পিছতে শাহুৱেকে ওলাই আহি দেখিলে যে জোঁৱায়েকে আৰু সেই পাততে এফালৰ পৰা মেকুৰীয়েও ভাত খাব লাগিছে| তাকে দেখি শাহুৱেকে জোঁৱায়েকক ক'লে,-

"বোপা তুমি জানো দেখা নাই, তোমাৰ পাততে এফালে মেকুৰীজনীয়েও ভাত খাব লাগিছে; খেদি নিদিয়া কেলৈ?"

জোঁৱায়েকে উত্তৰ দিলে,-

"আই খাওঁক দিয়ক, অকল মানুহে খালেই হয়নে? আন জীৱ-জন্তুৱেও খাব লাগে, মেকুৰীয়েও খাওঁক, ময়ো খাওঁ; সকলোৱে লাগি ভাগি খাই শেষ কৰোহঁক|"

শাহুৱেকে ক'লে,-

"নহয় নহয় মেকুৰীজনী খেদাই দিয়া| তোমাৰ অকণো ঘিণ নালাগে নে?"

এই বুলি শাহুৱেকে ছুহ ছুহ কৰি মেকুৰীজনী খেদাই দি, মেকুৰীজনী আকৌ আহিলে খেদাই দিবলৈ বুলি জোঁৱায়েকৰ হাতত ডোখৰা খৰি এডাল দি ভিতৰলৈ সোমাই গ'ল| ভিতৰৰ পৰা আকৌ শাহুৱেকে ভজা মাছ আৰু চৰ্চৰীয়া আনি জোঁৱায়েকৰ পাতত দিওঁতে জোঁৱায়েকে ভাবিলে যে আকৌ মেকুৰীজনীয়েহে ভাত খাইছেহি| ইয়াকে ভাবি সি কাঠখৰিডালেৰে শাহুৱেকৰ হাতত মাৰ মাৰি দিলে| মাৰ খাই শাহুৱেক বহি পৰিল| উস উস কৈ শাহুৱেকে মাত লগালে,-

"ভাল কৰিলা বোপা, তুমি মোৰ হাততে মাৰ মাৰি দিলা|"

তেতিয়া জোঁৱায়েকে কি সৰ্ব্বনশীয়া কাম কৰিলোঁ বুলি জানি, শাহুৱেকৰ ভৰিত ধৰি ক'লে,-

" আই, ভাত খাওঁতে খাওঁতে মোৰ টোপনি আহিছিল| মই সমাজিক দেখিছিলোঁ সেই মেকুৰীজনীয়ে আকৌ মোৰ পাতত ভাত খাইছিল বুলি| সেই দেখি মেকুৰী বুলিহে মই মাৰ মাৰি দিলোঁ| আই, মই আপোনাৰ দুটি ভৰিত ধৰি কাবৌকৈ মাতিছো, মোক ক্ষমা কৰক আৰু এই কথা কাকো নকব|"

শাহুৱেকে এই কথা শুনি জোঁৱায়েকক বেজাৰ নকৰিবলৈ কৈ ভিতৰলৈ গ'লতে, জোঁৱায়েকে ভাতৰ পাতৰ পৰা উঠি খেপিয়াই বাহিৰলৈ আহি হাত-মুখ ধুলে| এই ঘটনাৰ পিছত সি আৰু লাজত ভিতৰলৈ যাবলৈ মন নকৰি কাকো মাত নলগোৱাকৈ ঘৰলৈ যাবলৈ ধৰিলে| দুখোজমান গৈয়েই সি বাট বিছাৰি নাপাই চোতালৰ আগত থকা কচুৱনিত সোমালগৈ| কচুৱনিত সোমাই সি ভাবিলে,-

"এইখন ডাঙৰ হাবি, ৰাতি ইয়াৰ পৰা ওলাই বাট বিচাৰি গৈ ঘৰ পোৱাটো মোৰ পক্ষে অসাধ্য; এতেকে আজি ৰাতিটোলৈ ইয়াতে মনে মনে সোমাই থাকি ৰাতিপুৱালেই কোনেও নেদেখাকৈ ঘৰলৈ যামগৈ|"

ইয়াকে ভাবি সি নিশ্চিন্ত মনে তাতে বহি থাকিল| ইফালে শাহুৱেক-শহুৰেকে জোঁৱায়েকক নেদেখি, সি ঘৰলৈ গুচি গ'ল ভাবি মনে মনে থাকিল| ইয়াৰ অলপ পিচতে শাহুৱেকে জোঁৱায়েকৰ চুৱা ধুই চৰিয়াৰ চুৱা পানীবোৰ বাহিৰলৈ ওলাই আহি কচুৱনিৰ মাজলৈ মাৰি পঠিয়ালে| চৰীয়াৰ পানীবোৰ দীঘল দীঘল কচুৰ পাতত পৰি, তাৰপৰা চিটিকি গৈ জোঁৱায়েকৰ গা-মূৰ তিয়াই পেলালে| এইদৰে গাত পানী পৰিলত, জোঁৱায়েকে ভাবিলে বৰষুণহে দিছে| তাকে ভাবি সি মাত লগালে,-

"হে মেঘ দেৱতা, কুকুৰীকণাৰ প্ৰতি প্ৰসন্ন হোৱা আৰু বৰষুন নিদিবা; আজি যিবোৰ দুখ পাইছো সেইবোৰেই আঁতিছে আৰু দুৰ্ভগীয়াক দুখ নিদিবা|"

জোঁৱায়েকৰ মাত শুনি শাহুৱেকে লৰালৰিকৈ চাকিটো বাহিৰলৈ উলিয়াই আনি দেখে জোঁৱায়েক কচুৱনিৰ মাজত জুৰুলি-জুপুৰি হৈ বহি আছে| তেতিয়া শাহুৱেকে জোঁৱায়েকক কুকুৰীকণা বুলি বুজিব পাৰি গিৰিয়েক আৰু জীয়েকক মাতি আনি সকলো কথা কৈ জোঁৱায়েকক তাৰপৰা ধৰি মেলি আনি গা-পা ধুৱাই শুকান চুৰীয়া পিন্ধাই পাটীত শুৱাই থৈ দিলে|

লেখক:- লক্ষ্মীনাথ বেজবৰুৱা

উৎস:- বুঢ়ী আইৰ সাধু

শেহতীয়া উন্নীতকৰণ: : 2/20/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate