অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চম্পাৱতী

চম্পাৱতী

এসময়ত এঠাইত এজন বৰ ধনী মানূহ আছিল। তেওঁৰ দুজনী ঘৈণীয়েক আছিল। ডাঙৰজনী লাগী আৰু সৰুজনী এলাগী। লাগীজনীৰো এজনী ছোৱালী হৈছিল। আৰু এলাগীজনীৰো এজনী ছোৱালী হৈছিল। লাগী তিৰোতাৰ কথা শুনি গিৰিয়েকে সৰুজনীক তাইৰ জীয়েকৰ সৈতে চুৱাপাতনিত থাকিবলৈ এটি পঁজাঘৰ সজাই দিলে। এলাগীয়ে দুখ কষ্টেৰে জীয়েকক লৈ খুজি-মাগি খাই ঘৰতে থাকিবলৈ ধৰিলে। এলাগীৰ জীয়েকৰ নাম চম্পাৱতী। এদিন বাপেকে চম্পাৱতীক পকা ধান ৰখিবলৈ হূকুম দিলে। চম্পাৱতীয়ে সদায় ধাননিৰ মাজত টঙিৰ ওপৰত উঠি চৰাই খেদাই থাকে। এইদৰে বহুদিন গৈছে, এদিন চম্পাৱতীয়ে ধান ৰাখিবলৈ টঙিৰ ওপৰত উঠি –

"হুৰ হুৰ বতা চৰাই,মোৰ ধান নাখাবি তোক দিম গোটা কৰাই"

বুলি কওঁতেই ওচৰৰ হাবিৰ মাজৰ পৰা কোনোবাই উত্তৰ দিলে-

"ধানো খাম চাউলো খাম চম্পাৱতীক বিয়া কৰাই ঘৰলৈ লৈ যাম"।

চম্পাৱতীয়ে এই কথা শুনি কেউফালে মানুহ-দুনুহ চাই কাকো নেদেখি বিচুৰ্তি খালে। তাৰ পিছত গধুলি-পৰত ধান ৰাখি উভতি আহি চম্পাই মাকৰ আগত সেইদিনাৰ সেইখিনি কথা ক'লে। পিছদিনা মাকে চম্পাৰ কথা সঁচা নে মিছা জানিবৰ নিমিত্তে চম্পাৰ লগতে ধাননিৰ মাজলৈ গ'ল আৰু মাকে ক'বলৈ দিয়াত চস্পাই ক'বলৈ ধৰিলে-

"হুৰ হুৰ বতা চৰাই,মোৰ ধান নাখাবি তোক দিম গোটা কৰাই"।

ইয়াৰ উত্তৰত হাবিৰ মাজৰ পৰা কোনোবাই মাত লগালে,,

"ধানো খাম চাউলো খাম চম্পাৱতীক বিয়া কৰাই ঘৰলৈ লৈ যাম"।

মাকে এই কথা শুনি বিচূর্তি খালে আৰু চম্পাক আগৰ দৰে মাতিবলৈ দিয়াত চস্পাৱতীয়ে মতাত, পুনৰ হাবিৰপৰা আগৰ দৰে কোনোবাই উত্তৰ দিলে। তেতিয়া মাক জীয়েক দুয়ো ঘৰলৈ উভতি আহিল। এলাগীয়ে গিৰিয়েকক সকলো কথা ক'লে। গিৰিয়েকে এলাগীক, চম্পাক,আৰু ওচৰ-চুবুৰীয়া মানুহ গোটাচেৰেকক লগত লৈ ধাননি লৈ গৈ চম্পাক সেইদৰে মাতিবলৈ দিয়াত চম্পাই আগৰ দৰে মতাত, ওচৰৰ হাবিবপৰা আগৰদৰে উত্তৰ পালে। সকলো মানুহে কোনে মাতিলে বুলি চাবলৈ হাবিৰ মাজলৈ সোমাই গ'ল, কিন্তু কাকো নেদেখিলে। তাৰ পিছত চম্পাৰ বাপেকে হাবিৰ ফালে চাই মাত লগালে,

"যদি সঁচাকৈয়ে তোমাক চস্পাৱতীক লাগে, তেনেহ'লে তুমি যেই কি নোহোৱা ওলাই আহা। সত্যে সত্যে, তিনি সইত খাই কৈছোঁ চস্পাৱতীক তোমালৈ বিয়া দিম।"

এই কথা শুনি হাবিৰ মাজৰপৰা এটা ডাঙৰ অজগৰ সাপ ওলাই আহিল। সাপটো দেখি মানুহ ভয়তে পলাবলৈ ধৰাত চম্পাৰ বাপেকে সিহঁতক নপলাবলৈ কৈ সাহ দিলত একেলগে সকলোটি থুপ খালে। তাৰপিছত সি অজগৰক মাতি তাৰ ঘৰলৈ নিলে। এলাগী আক জীয়েক দুয়ো ডিঙিত ধৰাধৰিকৈ কান্দিবলৈ ধৰিলে; এলাগীয়ে জীয়েকক অজগৰৰে সৈতে বিয়া নিদিবলৈ গিৰিয়েকক কাকূতি কৰিবলৈ ধৰিলে হয়;কিন্ত লাগীৰ কথা শুনি গিৰিয়েকে তালৈ কাণ নকৰি কেঁচা পাণ, কেঁচা তামোল কাটি সাপলৈ চম্পাক বিয়া দি এটা সুকীয়া ঘৰত মাক-

জীয়েক ,জোঁৱায়েকক থাকিবলৈ ঠাই দিলে। সেইদিনা লাগীৰ আনন্দৰ সীমা নাই যে আজি ৰাতি চস্পাৱতীক অজগৰে খাই পেলাব। অজগৰক চম্পাৱতীৰ সৈতে একেটা কোঠালিত থাকিবলৈ দিয়া হল। চম্পাৱতীয়েও তাইক আজি অজগৰে গিলিব ভাবি ঈশ্বৰৰ চৰণত শৰণ লৈ শোকে-বেজাৰে পৰি থাকিল। মাকে পিছদিনা ৰাতিপুৱাই লৰালৰিকৈ উঠি চম্পাৱতীৰ ঘৰলৈ গৈ দেখে যে চম্পাৱতীৰ গা সোণৰ অলঙ্কাৰ পাতিয়ে জকমকাব লাগিছে আৰু তাইৰ গা গোটেইটো সোণময় হৈ আছে, কিন্তু অজগৰ তাত নাই। মাকে চস্পাৱতীক জগালত তাই সাৰ পাই, নিজৰ গাত অলঙ্কাৰ পাতি ভৰি থকা দেখি তাইৰ আনন্দত পাৰ নোহোৱা হ'ল। ইফালে চম্পাৰ বাপেকে লাগীক লগত লৈ চস্পাৱতীক অজগৰে গিলিলে বুলি ভাবি আহি দেখে যে চস্পাৱতীৰ গা সোণৰ অলঙ্কাৰেৰে জকমকাব লাগিছে। দেখিয়েই দুয়ো বিচূৰ্তি খালে। চম্পাৱতীৰ এনে হোৱা দেখি লাগীৰ হিংসা লাগি তেতিয়াই গিৰিয়েকক নিজব জীয়েকৰ নিমিত্তে এটা অজগৰ আনিবলৈ কূটূৰিবলৈ ধৰিলে। গিৰিয়েকেও ঘৈনীয়েকৰ কথা শুনি লগত কিছুমান মানুহ লৈ ঘোৰ অৰণ্যলৈ গৈ, বিচাৰি এটা অজগৰ সাপ ধৰি ঘৰলৈ লৈ আহিল। কেঁচা পাণ, কেঁচা তামোল কাটি লাগীয়েও নিজৰ জীয়েকক অজগৰৰ লগত দিলে। লাগীৰ আনন্দত সীমা নাই আজি জীয়েকে সোণৰ নতুন নতুন অলংকাৰ পিন্ধিবলৈ পাব বুলি। আনন্দত মাক ৰাতি নুশুই জীয়েকৰ শোৱা কোঠালীৰ কাষতে বহি আছিল। ইফালে ৰাতি অজগৰ সাপে লাগীৰ জীয়েকক তাইৰ ভৰিৰ ফালৰপৰা গিলিবলৈ ধৰিলে।

জীয়েকে মাকক ভিতৰৰা পৰা ক'লে-

"আই মোৰ ভৰি কুটেকুটায়"।

বাহিৰৰপৰা মাকে ক'লে-

"আই মোৰ জোঁৱায়ে নেপুৰ পিন্ধায়"।

লাহে লাহে অজগৰে গিলি কঁকাল পালেগৈ।

জীয়েকে ক'লে-

"আই মোৰ কঁকাল কুটেকুটায়"।

মাকে ক'লে-

"আই মোৰ জোঁৱায়ে মেখেলা পিন্ধায়"।

তাৰপিছতে অজগৰে গিলি যেতিয়া বুকু পালেগৈ জীয়েকে মাত লগালে-

"আই মোৰ বুকু কুটেকুটায়"।

মাকে উত্তৰ দিলে-

"আই মোৰ জোঁৱায়ে মণি পিন্ধায়"।

লাহে লাহে অজগৰে গিলি মূৰ পালত, জীয়েকৰ আকৌ মাত নাইকিয়া হ'ল। মাকে ভাবিলে,

"মোৰ জীয়ে অলংকাৰপাতি পাই আনন্দত টোপনি গৈছে"।

ইয়াকে ভাবি মাকে ৰং মনেৰে শুই থাকিল। ৰাতিপুৱা মাকে টোপনিৰ পৰা উঠি আনন্দ মনেৰে গৈ দেখে জীয়েক নাই, অজগৰটোহে খহি গেৰেলা হৈ পৰি আছে। তেতিয়া তাই কথাটো বুজিব পাৰি হুৰাওহুৰে কান্দিবলৈ ধৰিলে। কান্দোন শুনি গিৰিয়েক ওলাই আহি কি হ'ল বুলি সোধাত ঘৈণীয়েকে সকলো কথা ক'লত সি ঢাচকৰে মাঢিত পৰিলল। এলাগী আৰু চম্পাৱতীয়েও কান্দিবলৈ ধৰিলে। গাঁৱৰ সকলো মানুহ আহি গিৰিয়েক-ঘৈণীয়েকক নিন্দি পেটফালি জীয়েকক উলিয়াই শটো খৰি দিলে। ইয়াৰ পিছতে গিৰিয়েক আৰু লাগীয়ে এলাগী আৰু চম্পাৱতীক সমুলি দেখিব নোৱাৰা হ'ল। দিনে ৰাতিয়ে কেনেকৈ মাক জীয়েকক মাৰিব পাৰিব ইয়াকে সিহঁতে ভাবিবলৈ ধৰিললে। এদিন ৰাতি দুয়ো হাতত তৰোৱাল লৈ জীয়েকক কাটিবলৈ যাওঁতেই চম্পাৱতীক বিয়া কৰোৱা অজগৰটোৱে হঠাত ওলাই আহি দুয়োকে গিলি থৈ চম্পাৱতী আৰু মাকক টোপনিতে দাঙিলৈ এখন অৰণ্যৰমাজৰপৰা এটা ভাল পকী ঘৰত থ'লেগৈ। পিছদিনা মাক আৰু জীয়েকে উঠি অচিনাকি ঠাই দেখি ভয়ত কান্দিবলৈ ধৰিলে। সাপে ক'লে,

"ইয়াত তোমালোকৰ একো ভয় নাই ;

মইল হে তোমালোকক ইয়ালৈ লৈ আহিলোঁ।"

এইবুলি কৈ নিশাৰ ঘটনাটোৰ কথা সি ক'বলৈ ধৰিলে। তাৰ কথা শেষ হ'লত মাক আৰু জীয়েকে অজগৰক শলাগি তাতে ৰং মনেৰে থাকিল। সেই অৰ্ণ্যৰ ঘৰতে মাক-জীয়েক আৰু অজগৰে সুখেৰে খাই –বৈ থাকিবলৈ ধৰিলে। তাতে থাকোঁতে হঠাত্‍ এদিন মাকৰ জ্বৰ হৈ মৃত্যু হ'ল। অজগৰ আৰু জীয়েকে শোক কৰি কান্দি মাকৰ স‍‍ৎকাৰ কৰিলে। ইয়াৰ কিছুদিনৰ পিছত অজগৰ ফুৰিবলৈ ওলাই গ'লত অকস্মাত এজনী বুঢ়ী আহি সেই ঘৰ ওলালহি। চম্পাৱতীয়ে বহুদিন মানুহ দেখা নাছিল। সেইবাবে বুঢ়ীক দেখি আনন্দ মনেৰে আস্তবেস্তকৈ বহিবলৈ দি, ক'ৰ মানুহ, ক'লৈ আহিছে বুলি সোধাত, বুঢ়ীয়ে ক'লে,

"আই, তুমি যিজন অজগৰ সাপ পতিৰূপে পাইছা, সেইজন এজন দেৱতা। তেওঁ সদায় নিশা তোমাক চিকুটি-বাকুটি সাৰ নোপোৱা দেখিলে সাপৰ মোটটো সলাই থৈ দেৱতা ৰূপ ধৰি স্বৰ্গলৈ গুচি যায় আৰু তাতে দেৱতাবিলাকৰ সৈতে কথা পাতি থাকেগৈ। আই, যদি তোমাৰ অজগৰক তুমি দেৱতাৰূপে পাবলৈ আশা কৰা তেনেহ'লে আজি ৰাতি তুমি সাৰে ঠাকি চিকুটা-বাকুটা কৰিলে একো গম নোপোৱা দেখুৱাই টোপনিৰ ভাও জুৰি থাকিবা। তেওঁ তোমাৰ টোপনি ভালকৈ আহিছে বুলি ভাবি সাপৰ মোটটো সলাই থৈ দেৱতাৰ লগত কথা পাতিবলৈ যাব ; ইফালে তুমি উঠি সেই মোটটো তুঁহজুইত পুৰি পেলাবা। মোটটো পুৰি পেলোৱা মাত্ৰকে তেওঁ গাৰ পোৰণিত থাকিব নোৱাৰি দেৱতাৰ মাজৰপৰা গুচি আহি দেৱতা হৈয়েই তোমাৰ ওচৰ পাবহি। তেতিয়া তুমি ল'ৰাল'ৰিকৈ তেওঁক বিচনীৰে বিচি শুবলৈ দিবা আৰু লাহে লাহে তেওঁৰ টোপনি আহিব। ৰাতি পুৱালেই তুমি উঠি সেই থুলন্তৰ পুৰুষজনক ভালকৈ সেৱা- সত্কাজৰ কৰি মালাদি বৰিবা। তেৱেঁই তোমাৰ অজগৰ স্বামী।"

চম্পৱতীয়ে বুঢ়ীৰ কথাত আনন্দিত হৈ তাইক এচৰু ৰূপ আৰু এচৰু সোণ দি বিদায় দিলে আৰু নিশা বুঢ়ীয়ে কোৱামতে সকলো কৰাত এজন থুলন্তৰ পুৰুষ দেখিবলৈ পা‍ই তেওঁৰ ভৰিত পৰি সেৱা কৰিলে। ইয়াৰ পিছত দুয়ো মনৰ সুখেৰে দিনৰ পিছত দিন কটাবলৈ ধৰিলে। এদিন গিৰিয়েকে ফুৰিবলৈ যাওঁতে সেই বুঢ়ী আকৌ ওলালহি। চম্পাৱতীয়ে বুঢ়ীক দেখি লৰালৰিকৈ বহিবলৈ দি কি কাৰণে আকৌ আহিছে বুলি সোধাত , বুঢ়ীয়ে এইবাৰ ছলনা কৰি ক'বলৈ ঢৰিলে,

"আই তোমাৰ ভালৰ নিমিত্তে দু-আষাৰমান কথা ক'বলৈ আহিছোঁ। তুমি কাইলৈ দুপৰীয়া তেওঁক তোমাৰ সৈতে একেখন কাহীঁতে ভাত খাবলৈ ক'বা। তেওঁ তোমাৰ কথামতে তোমাৰ লগত যেতিয়া খাবলৈ বহিব তেতিয়া তুমিও অলপো সংকোচ নকৰি তেওঁৰ লগতে খাবা। এইদৰে খালে আগতকৈ তেওঁৰ মৰম তোমালৈ বেছি হ'ব আৰু তোমাক এৰি থাকিব নোৱাৰিব। খাই-বৈ উঠি ক'বা যে মইব আজি ভাত খাই থাকোঁতে আপোনাৰ মুখতে অনেক গাঁও দেখাদি দেখিলোঁ ; এতেকে মোক ভালকৈ মুখ মেলি গোটেইখন পৃথিৱী দেখুৱাওক।"

সেই কথাত তেওঁ তোমাৰ ওপৰত খং কৰি ক'ব যে,

"মোক লাগে নে, পৃথিৱীক চাবলৈ লাগে?"

তেতিয়া তুমি পৃথিবী চাওঁ বুলি ক'বা। তোমাক তেতিয়া মুখ মেলি গোটেইখন পৃথিবী দেখুৱাই পানীত বুৰ মাৰি,

" মোক আৰু ছবছৰৰ পিছত দেখা পাবা বুলি ক'ব। কিন্তু সেই কথাত তুমি অলপো নিপিছলি নৈ পাৰত বহি থাকিবা; দেখিবা অলপ পৰৰ পিছত তেওঁ আকৌ তোমাৰ ওচৰলৈ আহিব।"

চম্পাৱতীয়ে এই কথাত আনন্দিত হৈ ৰং মনেৰে বুঢ়ীয়ে কোৱামতে পিছদিনা একেখন কাঁহীতে গিৰিয়েকৰ সৈতে খাবলৈ বহিল। গিৰিয়েকে-

"তোমাৰ মতি গতি লাহে লাহে বেয়া হৈছে"

বুলি কৈ সেই কাঁহীতে খালে। খাই বৈ উঠিলত চম্পাৱতীয়ে বুঢ়ীয়ে কোৱামতে –

" আপোনাৰ লগত আজি ভাত খাওঁতে আপোনাৰ মুখৰ ভিতৰত অনেক গাওঁ থকাৰ নিচিনা দেখিলোঁ, আপোনাৰ মুখখন মেলি তাত কি আছে মোক দেখুৱাওকচোন"

বুলি ক'লত গিৰিয়েকে চম্পাক ক'লে,

"তেনেহ'লে মোক আৰু তুমি দেখা নোপোৱা।"

চম্পাৱতীয়ে তেতিয়াও নুশুনাত অগত্যা তেওঁ নৈ লৈ গৈ আকৌ এবাৰ চম্পাক ক'লে –

"মৰমৰ চম্পা ঐ ! কোৱা থিৰে কৰি, মোক লাগে নে , পৃথিবী চাবা?"

চম্পাৱতীয়ে ক'লে -

"চৰণে ধৰিছোঁ কাকূতি কৰিছোঁ, দেউতা ঐ !

তোমাকে লাগে পৃথিবীও চাম।"

গিৰিয়েকে মুখখন মেলি চম্পাক পৃথিবী দেখুৱাই এটি সোণৰ আঙঠি দি ক'বলৈ ধৰিলে,

"মৰমৰ চম্পা, যি বুঢ়ীৰ কথা শুনি তুমি ইয়াকে কৰিলা, সেইজনী বুঢ়ী মোৰ আইৰ এজনী বেটী। মোৰ আই এজনী ৰাক্ষসী। তেওঁ মোক আন এজনী ছোৱালী বিয়া কৰাবলৈ কোৱাত মইৱ নকৰি তোমাক বিয়া কৰিলত, যাতে তেওঁ তোমাক মোৰ লগৰ পৰা আঁতৰ কৰি লৈ গৈ এঠাইত খাব পাৰে, সেই চক্ৰান্ত কৰিহে বুঢ়ীয়ে তোমাক ছলনা কৰিলে। তোমাক আয়ে খালে মইও সেই ছোৱালীজনীক বিয়া কৰাবলৈ বাধ্য হ'ব লাগিব। এতেকে যি হ'ল হ'ল, তোমাক মোৰ সোণৰ আঙঠিটো দিলোঁ। এই আঙঠিটো ভালকৈ ৰাখিবা। এইটো তোমাৰ হাতত থাকিলে আয়েহে নালাগে ৰাক্ষস-ৰাক্ষসী বা হিংসুক জন্তুৱেও তোমাক খাব নোৱাৰে। এই আঙঠিটো তুমি লগৰপৰা এৰিলেই তোমাৰ মহা বিপদ মিলিব বুলি জানিবা। আৰু এটা কথা, এই আঙঠিটোৰ গুণতেই তুমি মোক ছবছৰৰ পিছত মোৰ ৰাক্ষসী আইৰ ঘৰত দেখা পাবা। এতিয়া মোৰ প্ৰতিজ্ঞা মতে মইি আহিলোঁ। সাৱধান আঙঠিটো যেন নেহেৰায়।"

এইবুলি চম্পাৰ গিৰিয়েকে পানীত বুৰ মাৰিলে। চম্পাৱতীয়ে তেতিয়াহে সকলো কথা বুজিব পাৰি কান্দিবলৈ ধৰিলে। তাৰপিছত তেওঁ সেই ঘৰ-বাৰী এৰি আঙঠিটোকে বুকুত বান্ধি লৈ অৰণ্যে অৰণ্যে কান্দি ফুৰিবলৈ ধৰিলে। গিৰিয়েকৰ মাক ৰাক্ষসীয়ে চম্পাক খাবৰ নিমিত্তে নানা ভেশছন কৰিলে, নানা চেলু বিচাৰিলে, কিন্তু আঙঠিটোৰ গুণত একো প্ৰকাৰে চম্পাৰ ওচৰকে চাপিব নোৱাৰিলে। এইদৰে আজিলৈকে চম্পাৱতীক গিৰিয়েকে এৰি যোৱা ছবছৰ সোমালহি। এদিন চম্পাই অকস্মাত গিৰিয়েকক দেখি লৰি গিৰিয়েকৰ ভৰি দুটাত সাৱট মাৰি ধৰিলেগৈ। গিৰিয়েকে চম্পাক দেখি আনন্দত কান্দি পেলালে আৰু তাত দুয়ো থাকি সুখে-সন্তোষে দিন কটাবলৈ ধৰিলে।

ইফালে ৰাক্ষসী মাকে বোৱাৰীয়েকক অহা দেখি খং উঠিল আৰু বোৱাৰীয়েকক তাই খাবলৈ নানা চেলু বিচাৰিবলৈ ধৰিলে। চম্পাৱতীয়ে গিৰিয়েকৰ ওচৰ পোৱা মাত্ৰকে তাইৰ আঙঠিটো নাইকিয়া হ'ল। পুতেক থকাত ৰাক্ষসীয়ে চম্পাক খাব নোৱাৰি, এদিন মনে মনে গিৰিয়েকে নজনাকৈ ৰাক্ষসীয়ে এখন চিঠিত

"মোৰ ঘাই শত্ৰু গৈছে, মাৰি-কাটি সকলোৱে খাই, মোলৈকো এভাগ মঙহ দি পঠিয়াবা"

বুলি লিখি চম্পাৱতীৰ হাতত সেই চিঠিখন দি এঘৰলৈ চম্পাৱতীক পঠিয়াই দিলে। চম্পাৱতীয়ে শাহুৱেকৰ আজ্ঞা পালন কৰি চিঠিখন দি আহিবলৈ গৈছে। এনেতে গিৰিয়েকে সকলো বুজিব পাৰি লৰালৰিকৈ গৈ চম্পাৱতীক পাছফালৰপৰা মাত লগালে-

" মৰমৰ চম্পা ঐ ! ইমান বেগ দি নালাগে যাব ; ক্ষন্তেক ৰোৱাচোন ঐ !"

চম্পাৱতীয়ে গিৰিয়েকৰ কথা শুনি ৰ'লত, গিৰিয়েকে চম্পাৱতীৰ হাতৰপৰা চিঠিখন কাঢ়ি লৈ পঢ়ি অঁতাই খঙত বলীয়া হৈ চম্পাক আঁকোৱাল মাৰি ধৰি তেতিয়াই ঘৰলৈ গৈ মাকক সোধ-পোছ নোহোৱাকৈ চোকা তৰোৱালেৰে কাটি দুছোৱা কৰিলে। তাৰপিছ্ত দুয়ো সেই ঘৰ-বাৰী আৰু ৰাক্ষসৰ গাওঁ এৰি এখন সুকীয়াকৈ নগৰ পাতি মনৰ সুখেৰে সেই নগৰতে খাই বৈ থাকিলে।

লেখক:- লক্ষ্মীনাথ বেজবৰুৱা

উৎস:- বুঢ়ী আইৰ সাধু

 

 

শেহতীয়া উন্নীতকৰণ: : 2/2/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate