এক বোলে ঢোঁৰাকাউৰী আৰু এটা টিপচী চৰাই আছিল| সিহঁত দুয়ো সখী বন্ধালে| এদিন দুয়ো এজোপা গছৰ ডালত বহি আছিল| এনেতে দেখিলে যে এজনী বুঢ়ীয়ে ধান সিজাই চোতালত মেলি দিছে| ঢোঁৰাকাউৰীয়ে টিপচীক ক’লে,-“সখি, সখি চোৱাচোন সেই বুঢ়ীজনীয়ে সিজোৱা ধান ৰ’দত মেলি দিছে, এথাপ মাৰি আমি আনোহক আহাঁ|” টিপচীয়েও-“এৰা আনোহক আহাঁ|” বুলি মাত দিলত ঢোঁৰাকাউৰীয়ে ক’লে- “কিন্তু সখী এটা কথা, মই ঠোঁটত যিমান ধান আনিম তুমিও যদি সিমান আনিব নোৱাৰা, তেনেহ’লে মই তোমাক খাম| আৰু তুমি যিমান আনিবা ময়ো যদি সিমান আনিব নোৱাৰো তেনেহ’লে তুমি মোক খাবা|” ঢোঁৰাকাউৰীৰ কথা শুনি টিপচীয়ে ভাবিলে- “মইতো তাতকৈ বেছি ধান একে থাপতে আনিব নোৱাৰিমেই; সেইদেখি বুজিছোঁ সি মোক খাবলৈ বুধি পাতিছে| বাৰু দেখাই যাওকচোন সি মোক কেনেকৈ খাব|” ইয়াকে ভাবি টিপচীয়ে উত্তৰ দিলে-“বাৰু সখী সেয়ে হওক|” ঢোঁৰাকাউৰীয়ে ক’লে-“তেন্তে তুমি আগেয়ে থাপ মাৰি আনা|” টিপচীয়ে উত্তৰ দিলে-“নহয় সখি তুমি আগেয়ে আনা|” কাউৰীয়ে ক’লে “তুমিহে আগ হব লাগে মই তোমাৰ পিচতহে|” এই কথা শুনি টিপচীয়ে তাৰ এখুদমান ঠোঁটেৰে থাপমাৰি এঠোঁট ধান আনিলে; কিন্তু সি নিচেই তাকৰ| তাৰ পাচত ঢোঁৰাকাউৰীয়ে থাপ মাৰি ইমান ধান আনিলে যে টিপচীয়ে অনা ধানতকৈ সি অনেক গুণে সৰহ| ঢোঁৰাকাউৰীয়ে ধান আনিয়েই মাত লগালে-“সখি মই এতিয়া তোমাক খাব পাওঁ|” টিপচীয়ে উত্তৰ দিলে-“ নিশ্চয়পোৱা সেই দেখি তুমি মোক খাবা কিন্তু তাৰ আগেয়ে তুমি মোৰ এটা কথা ৰাখিব লাগিব,-তুমি সততে মৰা শ খাই ফুৰা, সেইবাবে তোমাৰ ঠোঁটটোত বৰ বেয়া গোন্ধ| তুমি অনুগ্ৰহ কৰি তোমাৰ ঠোঁটটো সাগৰৰ পানীত ধুই মোক খোৱা|” ঢোঁৰাকাউৰীয়ে –“বাৰু সখী, তোমাৰ কথা ৰাখিম; মই এতিয়াই মোৰ ঠোঁটটো সাগৰৰ পানীত ধুই আহোঁগৈ” বুলি কৈ উৰি গৈ সাগৰৰ কাষ পাই সাগৰক মাতিলে-“সাগৰ ককাই, অ’ সাগৰ ককাই” সাগৰে উত্তৰ দিলে-“কি হৈছে|” ঢোঁৰাকাউৰীয়ে ক’লে-
“দে পানী, পখালোঁ ঠোঁট!
ভোজন কৰোঁ টিপচী গোট||”
সাগৰে উত্তৰ দিলে,-“কিহতকৈ দিম? যদি কিবা এটা পাত্ৰ দিব পাৰা তেন্তে দিব পাৰোঁ|”
সাগৰৰ কথা শুনি কাউৰীয়ে টেকেলি এটা বিচাৰি কুমাৰৰ ঘৰলৈ গ’ল| কুমাৰক কাউৰীয়ে মাত লগালে,-“ কুমাৰ ককাই, কুমাৰ ককাই, ঘৰত আছেনে?” কুমাৰে উত্তৰ দিলে,-“আছোঁ কিবা কৈছে?”কাউৰীয়ে ক’লে-
“দে টেকেলী, তোলা পানী, পখালো ঠোঁট|
ভোজন কৰোঁ টিপচী গোট||”
কুমাৰে ক’লে-“মোৰ ঘৰত গঢ়া টেকেলি নাই| যদি অলপ মান মাটি আনি দিব পাৰা, তেন্তে মই টেকেলি এটা গঢ়ি দিব পাঁৰো|
কুমাৰৰ কথা শুনি কাউৰীয়ে মাটিৰ ওচৰলৈ গৈ মাটিক ক’লে-
“দে মাটি, দিওঁ কুমাৰক, গঢ়ক টেকেলি,
তোলোঁ পানী, পখালো ঠোঁট|
ভোজন কৰোঁ টিপচী গোট|”
মাটিয়ে উত্তৰ দিলে,-“মইঅ নিজে কেনেকৈ দিম? যদি কিবা উপায়েৰে খান্দি নিব পাৰা নিয়া|”
মাটিৰ সমিধান পাই কাউৰীয়ে ম’হৰ ওচৰ পালেগৈ| সি ম’হক মাত লগালে,-
“দে শিং, খান্দো মাটি|
দিওঁ কুমাৰক, গঢ়ক ঘটি
তোলোঁ পানী, পখালো ঠোঁট|
ভোজন কৰোঁ টিপচী গোট|”
ম’হে উত্তৰ দিলে,-“মই নিজে মোৰ শিং কেনেকৈ দিম? যদি কিবা উপায়েৰে নিব পাৰা নিয়া|”
ম’হৰ কথা শুনি কাউৰীয়ে গৈ কুকুৰৰ ওচৰ পাই কুকুৰক ক’লে-
“মাৰ ম’হ নিওঁ শিং, খান্দো মাটি,
দিওঁ কুমাৰক, গঢ়ক ঘটি|
তোলোঁ পানী, পখালো ঠোঁট|
ভোজন কৰোঁ টিপচী গোট||”
কুকুৰে উত্তৰ দিলে,-“আজি ভালেমান দিন মই গাখীৰ খাবলৈ পোৱা নাই, সেইদেখি মোৰ গাৰ বল কমি গৈছে| তুমি যদি মোক গাখীৰ খোৱাব পাৰা তেন্তে মই ম’হ মাৰি দিব পাৰোঁ|
এই কথা শুনি কাউৰীয়ে গাইৰ ওচৰলৈ গৈ গাইক ক’লে-
“দে গাখীৰ, খুৱাও কুকুৰক,
বান্ধক বল, মাৰক ম’হ|
নিওঁ শিং, খান্দো মাটি|
দিওঁ কুমাৰক, গঢ়ক ঘটী|
তোলোঁ পানী, পখালোঁ ঠোঁট|
ভোজন কৰোঁ টিপচী গোট||”
গায়ে উত্তৰ দিলে,-“মই বুঢ়ী হৈছোঁ; ভালেমান দিন ভালকৈ ঘাঁহ খাবলৈ পোৱা নাই| তুমি যদি মোক ভালকৈ এসোপা ঘাঁহ খাবলৈ দিব পাৰা, তেন্তে মই তোমাক যিমান গাখীৰ লাগে সিমান দিম|”
গাইৰ উত্তৰ শুনি কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ ঘাঁহক ক’লে-
“দে ঘাঁহ, খুৱাও গাইক, ওলাওক গাখীৰ,
খুৱাও কুকুৰক, বান্ধক বল, মাৰক ম’হ,
নিওঁ শিং, খান্দো মাটি|
দিওঁ কুমাৰক, গঢ়ক ঘটি|
তোলোঁ পানী, পখালো ঠোঁট|
ভোজন কৰোঁ টিপচী গোট||”
ঘাঁহে উত্তৰ দিলে,”মই কেনেকৈ ঘাঁহ দিম? যদি কাটি নিব পাৰা নিয়া|”
ঘাঁহৰ কথা শুনি কাউৰীয়ে কমাৰৰ ঘৰ পালেগৈ| বাহিৰৰ পৰা কাউৰীয়ে কমাৰক মাত লগালে-“কমাৰ কাই, কমাৰ কাই ঘৰত আছেনে?” কমাৰে উত্তৰ দিলে,-“আছো কাউৰী ভাই, কি সকামত বা আহিলা?”
কাউৰীয়ে উত্তৰ দিলে-
“দে খন্তি, কাটো ঘাঁহ, খুৱাও গৰুক
ওলাওক গাখীৰ, খুৱাওঁ কুকুৰক, বান্ধক বল, মাৰক ম’হ|
নিওঁ শিং, খান্দো মাটি, দিওঁ কুমাৰক, গঢ়ক ঘটি|
তোলোঁ পানী, পখালো ঠোঁট|
ভোজন কৰোঁ টিপচী গোট||”
কমাৰে ক’লে-“মোৰ জুইকুৰা নুমাই গ’ল; যদি মোক জুই অলপ আনি দিব পাৰা, তেন্তে মই এতিয়াই খন্তি এখন গঢ়ি দিব পাৰোঁ|
কাউৰীয়ে কমাৰৰ কথা শুনি চাৰিওফালে চাই দেখিলে যে সাগৰৰ সিপাৰে এঠাইত জুইৰ ধোৱা ওলাইছে| দেখিয়েই সি উৰি গৈ সিপাৰ পাই এজনী বুঢ়ীয়ে ধান সিজাই থকা দেখিলে| বুঢ়ীৰ ওচৰ চাপি কাউৰীয়ে ক’লে-“আই, মোক অলপ জুই দিব পাৰানে?” বুঢ়ীয়ে উত্তৰ দিলে-“কিহতকৈ দিম?” কাউৰীয়ে ক’লে-“মোৰ ডৌকাৰ ভিতৰতে বান্ধি দিয়া|” বুঢ়ীয়ে তাকে কৰিলে| কাউৰীয়ে জুইৰ আঙঠাৰ টোপোলাটো ডৌকাত বান্ধি লৈ সাগৰৰ ওপৰেদি উৰি আহি থাকোতে তাত বতাহ লাগি জ্বলি উঠি ডৌকা পুৰি গ’লত সি মাজ সাগৰত পৰি বুৰি মৰিল| ইফালে টিপচীয়ে মনে মনে কাউৰীৰ পিছে পিছে আহি আগৰে পৰা গুৰিলৈকে এটাইবোৰ লক্ষ্য কৰি আছিল| শেষত কাউৰীৰ এনে মৃত্যু দেখি সি সন্তোষ পাই এজোপা গছৰ ডালৰ পৰা উৰি আন এজোপা গছৰ ডালত পৰিলগৈ| আৰু মোৰ কানি ক’লা হলত, ময়ো গুচি আহিলো|
ঢেকিয়াই মেলিলে ঠোৰ|
মোৰ কথাৰ পৰিল ওৰ||
তামোলে মেলিলে ডাবি|
কোন কলৈ যাবি||
ক’লা মেকুৰীৰ বগা কাণ|
ডাকি বোলা ৰাম ৰাম||
লেখক: লক্ষ্মীনাথ বেজবৰুৱা
উৎস: বুঢ়ী আইৰ সাধু
শেহতীয়া উন্নীতকৰণ: : 7/4/2020