এখন গাঁৱত এটা বুঢ়া আৰু এজনী বুঢ়ী আছিল৷ সিহঁত অপুত্ৰক আছিল আৰু বৰ দুখীয়া আছিল৷ এদিন গঞা মানুহে মাছ ধৰিবলৈ বুলি পল জুলুকি লৈ উকিয়াই ওলালত বুঢ়া-বুঢ়ীৰো গা উঠিল৷ বুঢ়াৰ ভগা পল এটা আৰু বুঢ়ীৰ ভগা জকাই এখন আছিল, তাকে লৈ মাছলৈ দুয়ো ওলাল৷ বিলত নামি গঞা মানুহে গাইপতি ভাৰে ভাৰে মাছ মাৰিছে৷ কিন্তু বুঢ়া-বুঢ়ীয়ে চৰিয়াই চৰিয়াই চন্দা এটাও ধৰিব নোৱাৰিলে৷ শেষত বুঢ়াৰ খং উঠি বুঢ়ীৰ সৈতে দন্দ এখন পাতি লৈ উত্তৰা-উত্তৰি কৰি বুঢ়ীৰ ওপৰত খং সাৰিবলৈ ধৰিলে৷ বুঢ়ীয়ে বুঢ়াৰ গালিত মনত বৰকৈ বেজাৰ পাই ভগা জকাইখন লৈ আকৌ চাবচেৰেক মাৰিলত, তাইৰ জকাইত এটা ভেকুলী উঠিল৷ বুঢ়ীৰ জকাইত ভেকুলীটো উঠা দেখি বুঢ়াই খঙতে ছিটিকি পৰি ভেকুলীটোকে এসেকা দিওঁগৈ বুলি ঘৰলৈ লৈ আহিল৷
ঘৰ পাই বুঢ়াই ভেকুলীটো চোতালত পেলাই কাঠখৰি এডাল আনি তাৰ মূৰত মাৰ মাৰি দিব খোজোঁতেই ভেকুলীটোৱে বুঢ়াক মাত লগালে,
“ককা মোক নামাৰিবা; মই তোমাৰ ঘৰত বহতীয়া হৈ থাকি যি কৰিবলৈ কোৱা তাকে কৰিম৷”
বুঢ়াই উত্তৰ দিলে
“বাৰু অ’৷ তই মোৰ ঘৰত বহতীয়া হৈ থাকি মোক সোণৰ সেলেং এটা দিবি দেখিছোঁ৷ মোৰ পথাৰত কিজানি তই হাল কোৰও বাই দিবি হবলা৷”
ভেকুলীয়ে কলে,
“দিম হাল কোৰ বাই ককা ! তুমি মোক ৰাখি চোৱাচোন৷”
ভেকুলীৰ কথাটো শুনি বুঢ়াই ভাবিলে,
“চোৱাই যাওকচোন ইনো কি কৰে; ই দেখোন বৰ গণ্ডপ মাৰিছে৷”
ইয়াকে ভাবি বুঢ়াই ভেকুলীটো নামাৰি ৰাখিলে৷ পিছদিনা পুৱাই বুঢ়াই ভেকুলীক কলে,
“যাচোন গৰুহাল লৈ পথাৰলৈ, তইনো কি হাল বাৱ চাওঁ৷”
বুঢ়াৰ কথা শুনি ভেকুলীয়ে গৰু আৰু নাঙল লৈ বুঢ়াৰ পথাৰত হাল বাবলৈ গ’ল৷ সেইদিনা ভেকুলীয়ে খুব হাল বালে আৰু হাল বাই অঁতাই পথাৰত আলি দিবলৈ লাগিল৷
এনেতে এক ৰজাই চহৰ ফুৰিবলৈ আহি মানুহে-দুনুহে, ভেকুলীয়ে হাল বাই আলি দিয়া মাটিডৰাৰ ওপৰেদি গচকি আলিটো ভাঙি তহিলং কৰি গ’ল৷ তাকে দেখি ভেকুলীয়ে ৰজাক নথৈ গালি পাৰিবলৈ ধৰিলে৷ ৰজাই গালি শুনি চাৰিওফালে চায়হে চায় কোনে গালি পাৰিছে, গৰুহালৰ বাহিৰে আন কাকো তাত নেদেখে৷ বাৰেপতি গালি পৰা শুনি ৰজাৰ অসহনীয় হলত, তেওঁ খং কৰি গৰুহালকে লৈ গুচি গ’ল৷
ভেকুলীয়ে এই কাণ্ড দেখি লাহেকৈ বোকাৰ তলৰপৰা ওলাই উঠি বুঢ়াৰ ঘৰলৈ উভতি আহি বুঢ়া-বুঢ়ীক সকলো ভাঙি ক’লত বুঢ়া-বুঢ়ীয়ে বেজাৰ কৰিবলৈ ধৰিলে৷
ভেকুলীয়ে বুঢ়ীক কলে,
“আই বেজাৰ নকৰিবা; আপুনি মোক এদোনমান মাহ গোটকৰাই দিয়ক, মই গৰুহাল আনিবলৈ যাওঁ৷”
বুঢ়ীয়ে সুধিলে,
“তই গোটকৰাই কি কৰিবি?”
ভেকুলীয়ে কলে,
“ মই যি কৰো কৰিম, আপুনি মাথোন দিয়কচোন, একো চিন্তা নকৰিব৷”
বুঢ়াই কলে,
“নেলাগে বোপাই তই গৰু আনিবলৈ যাব, ৰজাৰে সৈতে বিবাদ কৰি তই একো কৰিব নোৱাৰ, মৰাহে পৰিবি৷ মই মৰকীয়াকৈয়ে গৰু আনি যি পাৰো খেতি কৰিম, তই নালাগে যাব বোপাই৷”
কিন্তু ভেকুলীয়ে একোতে ক্ষান্ত নহৈ যাবলৈ ওলোৱা দেখি শেহত বুঢ়ীয়ে তাক এদোনমান মাহ গোটকৰাই ভাজি দিলত সি তাকে লৈ ওলাই গ’ল৷ ভেকুলীয়ে জোলোঙাত মাহ গোটকৰাই লৈ একোমুঠি খাই এই বুলি বাটে বাটে যাবলৈ ধৰিলে,-
“মাহ গোটকৰাই খাওঁ,
বাটে বাটে যাওঁ,
মোৰ লগত যেয়ে আহে,
তাকো এগাল দিওঁ৷”
ভেকুলীৰ কথা শুনি , মাগ গোটকৰাই খাবৰ লোভত অনেক সিংহ, বাঘ, ভালুক আদি বনৰীয়া জন্তু, আনকি মৌ,বৰল, কোদো প্ৰভৃতিও তাৰ লগ লাগিলহি৷ ভেকুলীয়ে সকলোকে একোগালকৈ মাহ গোটকৰাই খুৱাই বইচ কৰি গোটেইটো ঘটনা সিহঁতৰ আগত ভাঙি কলত সিহঁতে সেই কথা শুনি ৰজাৰে সৈতে যুঁজ দিবলৈ ভেকুলীৰ লগতে গল৷ ভেকুলীয়ে এটাইবোৰ জন্তুৰে সৈতে, মাটিৰ ধূলি উৰাই গুজৰি-গুমৰি ৰজাৰ পদূলি পাই ৰজালৈ কৈ পঠিয়ালে যে,
“ৰজাই মোৰ গৰু ওভতাই দিবনে, মোৰ সৈতে যুঁজ দিব?”
ৰজাই যুঁজ হে দিম বুলি কলত, ৰজাৰ সৈন্যৰ সৈতে ভেকুলীৰ সৈন্যৰ ঘোৰ ৰণ লাগিল৷ ৰণত ৰজাৰ অলেখ সৈন্য আৰু দুটা ল’ৰা মৰিলত, ৰজা নিৰুপায় হৈ ভেকুলীৰ ভৰিত দীঘল দি পৰিলহি৷ ৰজাই ডিঙিত কাপোৰ মেৰাই ভেকুলীক কাকুতি কৰি কলে
“যদি ভেকুলীয়ে মোক এইবাৰলৈ ক্ষমা কৰে, তেন্তে মই ভেকুলীক মোৰ অৰ্দ্ধৰাজ্য আৰু মোৰ জীক দিম৷”
এই কথা শুনি ভেকুলীয়ে ৰজাক ক্ষমা কৰিলে আৰু ৰজাৰ জীয়েকক বিয়া কৰাই ৰজাৰ জোঁৱাই হৈ, ৰজাৰ ঘৰতে থাকি, বুঢ়া-বুঢ়ীকো তালৈকে তুলি লৈ গৈ সুখেৰে কাল কটাবলৈ ধৰিলে৷
লেখক:- লক্ষ্মীনাথ বেজবৰুৱা
উৎস:- বুঢ়ী আইৰ সাধু
শেহতীয়া উন্নীতকৰণ: : 2/28/2024