এক ৰজাৰ ল’ৰাই দেশ চাবৰ মনেৰে এটা ঘোঁৰাত উঠি ঘৰৰ পৰা বাজ হ’ল৷ তেওঁ সেইদৰে দুই তিনিখন দেশ ফুৰাৰ পাছত এদিন হাবিৰ মাজৰ বাট এটাতে তেওঁৰ গধূলি হ’ল৷ সেই সময়তে এটা শিয়াল হাবিৰপৰা ওলাই আহি সেই বাটতে ভেম জুৰি বহি আছিল৷
ৰজাৰ ল’ৰাই তাক দেখিয়েই মাত লগালে,
“হেৰৌ! খোলাকটিৰ মূৰ খোৱা হেৰৌঁ! মোৰ ঘোঁৰাই ভয় খাব; আঁতৰ হ! নহ’লে মই নামিবলৈ পালে তোৰ ককালৰ জোৰা ভাঙিম!”
শিয়ালে উত্তৰ দিলে,
“মই আঁতৰ হ’ব নোৱাৰোঁ৷ তোৰ ঘোঁৰা এফলীয়াকৈ লৈ যা৷”
একোপধ্যে শিয়াল বাটৰ পৰা নাতৰা দেখি ৰজাৰ ল’ৰাই তেওঁৰ ঘোঁৰা এফলীয়াকৈ লৈ গ’ল৷ কিন্তু যাওঁতে কৈ গ’ল
“থাক, তই আজি থাক! আজি নিশা হ’ল, তোক আৰু নোজোকাওঁ; মই ঘূৰি আহোঁগৈ; দেখিম তই মোৰ ভৰিত দীঘল দি পৰ নে নপৰ৷”
ৰজাৰ ল’ৰাৰ কথা শুনি শিয়ালেও ক’লে,
“যা যা ঘূৰিয়েই আহগৈ৷ তয়ে মোৰ ভৰিত পৰ নে ময়েই তোৰ ভৰিত পৰোঁ চাম৷”
এইদৰে চুপতা-চুপতি কৰি ৰজাৰ ল’ৰা গাঁৱৰ ফালে গুচি গ’ল৷ শিয়ালও তাতে বহি থাকিল৷ বৰকৈ ৰাতি হোৱা দেখি ৰজাৰ ল’ৰা এক গৃহস্থৰ ঘৰত আলহী ৰবলৈ বুলি সোমাল৷ সোমাই যাওঁতেই তেওঁ তেওঁৰ ঘোঁৰাটো গৃহস্থক নোকোৱাকৈ সেই গৃহস্থৰে তেলীশালত বান্ধি থৈ গৈ শুদা মানুহটো থাকিবৰ নিমিত্তে গিৰিহঁতক ঠাই খুজি লৈ ৰাতিটো পৰি থাকিল৷ পিছদিনা পুৱাই গিৰিহঁতে তেলীশালৰ ফালে গৈ দেখিলে যে তাত এটা ঘোঁৰা বন্ধা আছে৷ ঘোঁৰাটো দেখিয়েই সি ৰিঙিয়াই ক’বলৈ ধৰিলে-
“ঔ আমাৰ তেলীশালে ঘোঁৰা এটা জগালে ঔ!”
এইবুলি বাৰে বাৰে কৈ সি ৰঙত নাচিবলৈ ধৰিলে৷ এনেতে ৰজাৰ ল’ৰাই সাৰ পাই উঠি আহি তেওঁৰ ঘোঁৰাটো গৃহস্থই নিজৰ ঘোঁৰা বোলা দেখি আচৰিত মানি ক’লে,
“কেলেই, এইটো মোৰ ঘোঁৰা৷ কালি ৰাতি মই আহোঁতে লৈ আহিছিলোঁ, আৰু ইয়াতে বান্ধি থৈ গৈছিলোঁ৷ ক’ৰ তোমাৰ তেলীশালে ঘোঁৰা জগালে হে? দিয়া মোৰ ঘোঁৰাটো মই লৈ যাওঁ৷”
যেই ৰজাৰ ল’ৰাই এইদৰে ক’লে, গিৰিহঁতে তেওঁক গালি-শপনি পাৰি সাং কৰিলে, আৰু মাথোন ছুই হে নিকিলালে৷ শেহত ৰজাৰ ল’ৰাই একো উপায় নাপাই সেই ঠাইৰ ৰজাৰ আগত গোচৰ দিলেগৈ৷ ৰজাই গৃহস্থক ধৰাই নি সেই কথা সুধিলত, সি তাৰ তেলীশালে সেইটো ঘোঁৰা জগালে বুলি কৈ তাৰ ফলীয়া সাক্ষী-বাদী দিলে৷
ৰজাই ৰজাৰ ল’ৰাক
“তোমাৰ কোন সাক্ষী আছে”
বুলি সুধিলত,ৰজাই ল’ৰাই ক’লে,
“মোৰ সাক্ষী কোনো নাই৷ ৰাতি আনি মই ঘোঁৰা বান্ধি থৈছিলোঁ, কোনেও দেখা নাছিল৷”
ৰজাই ক’লে,
“তোমাৰ সাক্ষী নাই যদি এইখন মিছা গোচৰ৷ তুমি ঘোঁৰা অনাই নাই, আৰু এইটো ঘোঁৰা তোমাৰ নহয়৷”
এই কথা শুনি ৰজাই ল’ৰাই বিমোৰত পৰি অলপ ভাবি থাকি মাত লগালে,
“স্বৰ্গদেও, মই ঘোঁৰা অনা সঁচা৷ মই ৰাতি ঘোঁৰা আনিছিলোঁ, সেইদেখি মোক কোনেও দেখা নাছিল; আৰু দেখিছিল যদিও মই হ’লে দেখা নাছিলোঁ৷ বাটত এটা শিয়ালে মাথোন মোক ঘোঁৰাত উঠি অহা দেখিছিল৷ স্বৰ্গদেৱৰ আদেশ হ’লে সেই শিয়ালটোকে আনিবলৈ বিচাৰি যাব পাৰোঁ৷”
ৰজাই উত্তৰ দিলে,
“বেছ কথা, যোৱা, শিয়ালটোকে মোৰ ওচৰলৈ পাৰা যদি মাতি লৈ আহাঁগৈ৷”
ৰজাৰ ল’ৰাই এই কথা শুনি তেতিয়াই শিয়ালটো বিচাৰি তেওঁ অহা বাটে বাটে গ’ল৷ গৈ গৈ সেই আগৰ ঠাই পাই তেওঁ দেখিলে যে শিয়ালটো সেইখিনিতে আগৰদৰেই ভেম জুৰি বহি আছে৷ ৰজাৰ ল’ৰাই ইফালৰপৰা আমন-জিমনকৈ খোজকাঢ়ি যোৱা দেখি শিয়ালে মাত লগালে,-
“কি হে ৰজাৰ পোৱালি! বোলো এইবাৰ দেখোন শেনৰ এক জাত হে একা? ঘোঁৰা ডোখৰ গ’ল ক’লৈ?”
শিয়ালৰ এই কথা শুনি ৰজাৰ ল’ৰাই ক’লে,
“মোক ক্ষমা কৰিবা, মই তোমাক বৰ কেটেৰা মাত দি গৈছিলোঁ৷ মই বৰ বিপদত পৰিছোঁ; সেইদেখি হে তোমাৰ কাষলৈ আহিছোঁ৷ মোক বিপদৰ পৰা উদ্ধাৰ কৰিব লাগে৷”
শিয়ালে ক’লে,
“মোৰ খং নাই৷ তোমাৰ কি হ’ল কোৱাঁ?”
পাছে ৰজাৰ ল’ৰাই ক’ত সোমাইছিল গৈ, কেনেকৈ গিৰিহঁতে তেওঁৰ ঘোঁৰা ৰাখিলে, আগৰপৰা গুৰিলৈকে সকলোবোৰ কথা ক’লত, শিয়ালে মন দি শুনি কলে,
“তুমি এতিয়া যোৱাঁ৷ আজি মই নাযাওঁ, কাইলৈ মই ঠিক সময়ত সাক্ষী দিবলৈ যাম বুলি ৰজাক কোৱাঁগৈ৷”
পিছদিনা আবেলি পৰত শিয়ালে এটা হোলাত নামি গাটো তিয়াই লৈ, আলিৰ কাষত পৰি ছাই এসোপাত লুটিবাগৰ দি গোটেইটো গাত ছাই সানি ৰজাৰ চ’ৰাত ওলালগৈ৷ ৰজাই শিয়ালক দেখি সুধিলে,
“কি হে ডেকা ৰজা! আজি বোলোঁ নো তোমাৰ সভালৈ অহা পলম হ’ল কিয়?”
শিয়ালে ক’লে,
“স্বৰ্গদেও, আজি মোৰ দুখৰ কথা নো কি ক’ম? আজি সাগৰত জুই লাগি কি হৈছে৷ গোটেইখন ৰাঙলী হৈ পৰিছিল৷ ইমান পৰ মই জুই নুমাওঁতে হাইৰান হ’লো৷ সেই হে মোৰ গাৰ এই অৱস্থা হ’ল আৰু অহাত পলম হ’ল৷”
শিয়ালৰ কথা শুনি ৰজাই ক’লে,
“আমাৰ ডেকা-ৰজাই কেতিয়াবা কেতিয়াবা বৰ অসম্ভৱ কথাবোৰ কয়৷ কৰবাত সাগৰত নো জুই লাগিব পাৰেনে?”
শিয়ালে লাহেকৈ মাত লগাই ৰজাক সুধিলে,
“স্বৰ্গদেও, পানীত যে জুই লাগিব নোৱাৰে, কাঠৰ তেলীশালে নো কেনেকৈ ঘোৰা এটা জগাব পাৰে?”
শিয়ালৰ মুখৰ পৰা এই কথাষাৰ ওলোৱা মাত্ৰকে ৰজা-প্ৰজা সকলোৱে হাত চাপৰি মাৰি শিয়ালক শলাগিবলৈ ধৰিলে; আৰু তেতিয়াই ৰজাই ঘোৰাটো ৰজাৰ ল’ৰাক দি পঠিয়াই দিলে৷ ইয়াৰ পিছত শিয়ালেৰে সৈতে সখি বন্ধাই ৰজাৰ ল’ৰা নিজ দেশলৈ গুচি গ’ল৷
লেখক:- লক্ষ্মীনাথ বেজবৰুৱা
উৎস:- ককাদেউতা আৰু নাতিল’ৰা
শেহতীয়া উন্নীতকৰণ: : 2/6/2023