অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হেঁটুলুকা

হেঁটুলুকা

হেঁটুলুকা এবিধ বৃক্ষবিলাসী চৰাই। দুপৰীয়া সময়ত ওখ গছৰ ডালত পৰি টুক টুক কৈ মাতি থাকে একেলেথাৰিয়ে।

ইয়াৰ ইংৰাজী নাম : Barbet

বৈজ্ঞানিক নাম : Megalanima

গোত্ৰ : Capitonidae

প্ৰায় ছটা প্ৰজাতিৰ হেটুলুকা চৰাই পোৱা যায়। সেই প্ৰজাতিকেইটা হ’ল—

(১) ৰঙাবুকুৱা হেটুলুকা (Crimson Breasted Barbet)

এইবিধ হেঁটুলুকা চৰাই আকাৰত সৰু, দেখিবলৈ প্ৰায় কাণকুৰিকা এটাৰ সমান। গাটে থোপোকা। পাখিৰ বৰণ সেউজীয়া। সেউজীয়া পাতৰ লগত মিলি থাকিলে ইহঁতক একেবাৰে চকুত নপৰে। বৃক্ষবিলাসী চৰাই। বুকুৰ পাখিবোৰ তেজৰ নিচিনা ৰঙা। আৰু কপালৰ পাখিবোৰ উজ্জ্বল হালধীয়া। ইহঁতে মাটিত বিচৰণ নকৰে। জামু, আঁহত, বৰ, ডিমৰু আদি অন্যান্য গছৰ গুটি আৰু মঙহাল ফল ভক্ষণ কৰে। চগা, উঁচিৰিঙা আদিও খোৱা দেখা যায়।

(২) নীলাবুকুৱা হেঁটুলকা চৰাই (Blue Throated Barbet)

এইবিধ প্ৰজাতিৰ হেঁটুলুকা চৰাই দেখিবলৈ আকাৰত তেনেই সৰু। বেছিভাগ সময় ওখ গছৰ জালেত অৱস্থান কৰি কটায়। ইহঁতক চাক্ষুসভাৱ প্ৰত্যক্ষ কৰাটো তেনেই কঠিন।

বিভিন্ন ৰং-বিৰঙৰ পাখিৰে সুশোভিত চৰাই এইবিধ। মূৰৰ ওপৰৰ পাখি ডাঠ ৰঙা আৰু ইয়াৰ ওপৰত কিছুমান ক’লাবৰণীয়া আঁচৰ আভাস পৰিলক্ষিত হয়। চকুৰ ওপৰফালেও ৰঙাবৰণক পাখি আছে। নেজৰ তলৰফালে থকা পাখিখিনি আকাশবুলীয়া। সেউজীয়া ঠোঁট আৰু তাতে হালধীয়া ৰঙৰ আভাস পোৱা যায়। আনবোৰ হেঁটুলুকাৰ সৈতে একেলগে বিচৰণ কৰে বাবে অকল মাতৰ ভিন্নতাতহে ইহঁতক চিনিব পৰা যায়। জামু, আঁহত, বৰ আদি গছৰ মঙহহাল ফল ভক্ষণ কৰে। বসন্ত আৰু গ্ৰীষ্ম ঋতুত গছৰ ধোন্দত বাঁহ সাজে আৰু কণী পাৰি পোৱালি জগায়।

(৩) কজলা হেঁটলুকা (Lineated Barbet)

এইবিধ হেঁটুলুকা আন এবিধ গোষ্ঠীৰ। অসমত সাধাৰণতে বিৰল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাজে মাজে দেখিবলৈ পোৱা যায়।

(৪) নীলাকণীয়া হেঁটুলুকা (Blue Eared Barbet)

এইবিধ হেঁটুলুকা চৰাই সাধাৰণতে দেখিবলৈ পোৱা যায় পূব হিমালয়ৰ পাদদেশত। গাৰ পাখিবোৰ সেউজীয়া। পৈণত বয়সৰ চৰাইবোৰৰ পাখিত অলপ অলপ ৰঙচুৱা আভাস দেখা পোৱা যায়। বিভিন্ন জাতৰ বনৰীয়া গছৰ ফল খাই জীৱন নিৰ্বাহ কৰে।

(৫) সোণালীডিঙীয়া হেঁটুলুকা (Golden Throated Barbet)

এইবিধ চৰাই পূব হিমালয়ৰ মধ্যমীয়া উচ্চতাত দেখিবলৈ পোৱা যায়।

এইবিধ চৰাই ডিঙিৰ সমুখভাগ আৰু মূৰৰ শীৰ্ষভাগৰ পাখি বগা চানেকীয়াৰ দৰে। বাকী ডিঙি আৰু মূৰৰ আন অংশত প্ৰচুৰ পৰিমাণে সোণালী বৰণৰ পাখি পোৱা যায়। দেহৰ অন্যান্য পাখিবোৰ সেউজীয়া। ডেউকা আৰু নেজত ক’লা বৰণৰ সামান্য পাখি দেখিবলৈ পোৱা যায়। শিমলু, মদাৰ, পলাশ আদি গছৰ থোপোকা মঙহহাল খাই জীয়াই থাকে।

(৬) মৰ চৰাই বা যমডাকিনী হেঁটুলুকা (Great Himalayan Barbet)

হেঁটুলুকা চৰাই বংশজাত এইবিধ আন এবিধ চৰাই। ই আনবোৰ হেঁটুলুকা চৰাইতকৈ সামান্য ডাঙৰ। পাখিবোৰত ভিন ভিন ৰঙৰ সমাহাৰ দেখিবলৈ পোৱা যায়। মূৰ, ডেউকা আৰু ওপৰৰ বাউসীৰ পাখিবোৰ ক’লা-চানেকিয়া।

গছৰডালত সকলো সময়তে পৰি থাকে বাবে সাধাৰণতে চকুত নপৰে। নিশা আৰু দোকমোকালিত ই কৰ্কশ মাত মাতে। 
ইহঁতৰ আবাসস্থলী হিমালয়ৰ শৈল্যমালাত যদিও মাজে মাজে ভৈয়ামতো দেখা দিয়ে। এইবিধ হেঁটুলুকা চৰাই অতি দ্ৰুতবেগে উৰিব পাৰে।

লেখিকা: ৰেখা বৰা।

শেহতীয়া উন্নীতকৰণ: : 4/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate