অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেৰিয়াৰ হিচাপে কৃত্ৰিম বুদ্ধিমত্তা :

কেৰিয়াৰ হিচাপে কৃত্ৰিম বুদ্ধিমত্তা :

কৃত্ৰিম বুদ্ধিমত্তা-“Artificial Intelligence” হৈছে যন্ত্ৰৰ দ্বাৰা প্ৰদৰ্শিত বুদ্ধিমত্তা। কৃত্ৰিম বুদ্ধিমত্তা কম্পিউটাৰ বিজ্ঞানৰ এটি শাখা, য’ত মানুহৰ বুদ্ধিমত্তা আৰু চিন্তাশক্তিক কম্পিউটাৰৰ দ্বাৰা অনুকৃত কৰাৰ চেষ্টা কৰা হয়। মানুহৰ জিজ্ঞাসৰ অন্ত নাই। কৃত্ৰিম-বুদ্ধিমত্তাৰ ধাৰণাও এই জিজ্ঞাসাৰ এক ফল। কৃত্ৰিম বুদ্ধিমত্তাৰ ইতিহাস পুৰণি। কল্প কাহিনীৰ লেখকে নিজৰ কল্পনা শক্তিৰে ভৱিষ্যতৰ ছবি আঁকিব পাৰে। অৰ্চন স্কট কাৰ্ডৰ ‘The Memory of Earth’ খনো তেনে এক কল্প কাহিনী। বুদ্ধিমান জীৱলৈ জড় বস্তুৰ ৰুপান্তৰৰ ধাৰণা প্ৰাচীন। গ্ৰীকসকলৰ ৰবটক লৈ উপাখ্যান আছিল, চীনাসকলে আৰু ইজিপ্তিয়ানসকলেও স্বয়ংচালিত যন্ত্ৰৰ উদ্ভাৱন কৰিছিল বুলি পঢ়িবলৈ পোৱা যায়। আধুনিক কৃত্ৰিম বুদ্ধিমত্তাৰ ধাৰণা দাৰ্শনিকসকল আৰু গণিতজ্ঞসকলৰ মনলৈ আহিছিল যেতিয়া ‘গাণিতিক ল’জিক’ৰ ধাৰণাই ভুমুকি মাৰিছিল গণিতৰ এই বিস্ময়কৰ জগতত। ‘কৃত্ৰিম বুদ্ধিমত্তা’ নামটো প্ৰথম উল্লেখ কৰা হৈছিল ১৯৫৬ চনত ডাৰ্থমাউথ কলেজৰ এখন গৱেষণা সন্মিলনত। কিন্তু এটা কৃত্ৰিমভাৱে বুদ্ধিমান মেচিন বনোৱাটো সেই সময়ত ইমান সহজ নাছিল। ১৯৯৭ চনত আই বি এমৰ ‘Deep Blue’ মেচিনটোৱে ৰাছিয়ান গ্ৰেণ্ডমাষ্টাৰ গেৰী কাছপাৰভক হৰুৱাই নতুন যুগৰ সুচনা কৰে আৰু ২০১১ চনত আই বি এমৰে ‘Watson’ কম্পিউটাৰ মেচিনটোৱে Jeopardy জিঅ’পাৰ্ডী প্ৰতিযোগিতাত ব্লেড ৰাথাৰক হৰুৱাই কৃত্ৰিম বুদ্ধিমত্তাক আন এটা স্তৰলৈ লৈ যায়।

কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আমি দৈনিক কৰি আছোঁ। আমাৰ ম’বাইলত থকা ভাৰ্চুয়েল ব্যক্তিগত সহকাৰী যেনে-‘Siri,Google’ ‘Cortana ক আমি নিতৌ ব্যৱহাৰ কৰোঁ। আপুনি ‘Siri’ ক সুধিব পাৰে আজিৰ দিনটোৰ উল্লেখনীয় খবৰ কি কি? আৰু পলকতে আপুনি পাই যাব সেই তথ্য। বিত্তীয় সেৱাবোৰতো কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ হৈ আছে, যেনে- ক্ৰেডিট কাৰ্ড ফ্ৰড ধৰা পেলোৱা কাৰ্য আদিত। গুগলৰ মুখ্য কাৰ্যালয়লৈ এবাৰ যাব পাৰিলে দেখিব স্বয়ংচালিত গাড়ী। এই গাড়ীৰ আঁৰতো আছে কৃত্ৰিম বুদ্ধিমত্তা। ৰবট অছিম ‘Asimo’ ৰ বিষয়ে আমি জানো। আজি ৰবট চিকিৎসা সেৱাতো ব্যৱহাৰ হৈছে। কৃত্ৰিম বুদ্ধিমত্তা এই ৰবটবোৰৰ আঁৰৰ বিজ্ঞান।

কৃত্ৰিম বুদ্ধিমত্তাই নতুন নতুন কৰ্মস্ংস্থাপনো মুকলি কৰিছে। বৰ্তমান এই বিষয়টো গৱেষণাৰ স্তৰতে আছে আৰু লাহে লাহে ইয়াৰ প্ৰয়োগ বাঢ়ি যোৱাৰ লগে লগে নতুন নতুন বৃত্তিৰো সৃষ্টি হৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ লগত জড়িত এটা বিষয় হৈছে চেতনাত্মক গণনা বা ‘Cognitive Comouting’। ইয়াৰ ভিতৰত পৰিব মেচিন লাৰ্নিং, ডীপ লাৰ্নিং, প্ৰাকৃতিক ভাষা সংশ্লেষণ (Natural Language Processing) বা গাণনিক ভাষা বিজ্ঞান ইত্যাদি।

ভৱিষ্যতৰ কেইটামান কৃত্ৰিম বুদ্ধিমত্তাৰ লগত জড়িত পেছাৰ নাম এনেকুৱা হ’ব পাৰে -

১) গ্ৰাহকৰ ভাষ্য বিশ্লেষক (Voice of the customer analyst): কোনো টেলিকম কোম্পানীলৈ যেতিয়া আপুনি ফোন কৰে, হয়তো আপোনাৰ ফোনকলটোৰ বিশ্লেষণ হ’ব এলগৰিথমৰ দ্বাৰা আৰু ৰবটেই আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ দিব। এই কথোপকথনৰ বিশ্লেষণৰ লগত জড়িত এলগৰিথম আৰু আনুষংগিক অভিযান্ত্ৰিক কাম-কাজবোৰৰ বাবে প্ৰয়োজন হ’ব কাৰিকৰী দক্ষতা থকা ব্যক্তিৰ।

২)ছবিৰ বিশ্লেষক (Imagery analyst): অফিচৰ দুৱাৰমুখত বা ঘৰৰ সন্মুখত হয়তো এটা কেমেৰা থাকিব আৰু কেমেৰাই স্কেন কৰাৰ পাছতহে আপোনাৰ বাবে দুৱাৰখন খুলি দিয়া হ’ব। এনে প্ৰযুক্তিৰ লগত জড়িত চাকৰিও ভৱিষ্যতে ওলাব।

৩) ছ্যাটবট নক্সাকাৰ (Interactive chatbot designer): হয়তো আপোনাৰ কিবা অসুখ হৈছে বা কিবা আপাতকালীন পৰিস্থিতিত আপুনি পৰিছে। আপুনি ম’বাইলতে মেছেজ কৰি ৰবটৰ লগত কথা হ’ব পাৰিব। আপোনাৰ মেছেজবোৰ বিশ্লেষণ কৰা হ’ব আৰু ৰবটটোৱে আপোনাক সহায় কৰিব আপোনাৰ উত্তৰ্বোৰ পোৱাত। কেৱল যে অভিযান্ত্ৰিক পেছাৰ বাবেই কৃত্ৰিম বুদ্ধিমত্তাৰ দুৱাৰ মুকলি তেনে নহয়, এটা সময়ত আমাক লাগিব নীতিশাস্ত্ৰজ্ঞও, যাক আমি ক’ব পাৰিম ‘Automation Ethicist’ বুলি। ‘যন্ত্ৰৰ নীতিশাস্ত্ৰ’ এনে এটা বিষয়।

কৃত্ৰিম বুদ্ধিমত্তাত কেৰিয়াৰ যেনেকৈ গঢ়িব পাৰি সেই বিষয়ে জনা উচিত। ভাৰতৰ প্ৰায়বোৰ আই আই টিতে কৃত্ৰিম বুদ্ধিমত্তাৰ লগত জড়িত আনুষংগিক বিষয়বোৰৰ ওপৰত গৱেষণাৰ সুবিধা আছে। যেনে-মেচিন লাৰ্নিং, ডীপ লাৰ্নিং, প্ৰাকৃতিক ভাষা সংশ্লেষণ ইত্যাদি বিষয় হিচাপে ল’ব পাৰি স্নাতকোত্তৰ পৰ্যায়ত। ডি আৰি ডি অ’ৰ ‘Centre for Artifical Intelligence and Robotics(CAIR)’ কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছৰ লগত জড়িত এনে এটি গৱেষণা প্ৰতিষ্ঠান। বিদেশৰ প্ৰায় সকলো বিশ্ববিদ্যালয়তে কৃত্ৰিম বুদ্ধিমত্তাৰ এটা শাখা থাকে, গুগলত বিচাৰিলেই এই বিষয়ে অধিক জানিব পাৰিব। যিকোনো বিষয়ৰ স্নাতকেই স্নাতকোত্তৰ পৰ্যায়ত কৃত্ৰিম বুদ্ধিমত্তাক কেৰিয়াৰ হিচাপে লৈ আগবাঢ়িব পাৰে, মাথোঁ গণিত আৰু কম্পিউটাৰ বিজ্ঞানত আগ্ৰহ আৰু কিছু দখল থকাটো প্ৰয়োজনীয়।

মানৱ সভ্যতাৰ ভৱিষ্যৎ কৃত্ৰিম বুদ্ধিমত্তাৰ লগত জড়িত আৰু ইয়াৰ ‘ভাল আৰু বেয়া’ দুয়োটা দিশেই আছে। অনাগত দিনত ইয়াৰ বাবে বহুতো কৰ্মসংস্থাপন নাইকিয়া হোৱাৰ লগতে বহুতো নতুনকৈ সৃষ্টি হ’ব। সেয়ে ‘কৃত্ৰিম বুদ্ধিমত্তা’ৰ লগত খোজ মিলাই চলিবই লাগিব আৰু নিজকে এই বিষয়ত সজাগ কৰি ৰাখিব লাগিব। কেৰিয়াৰ হিচাপে কৃত্ৰিম বুদ্ধিমত্তাই নতুন নতুন দুৱাৰ মুকলি কৰিছে, সেয়ে নতুন প্ৰজন্মই এই বিষয়টোৰ প্ৰতি আগ্ৰহী হোৱা উচিত।

লেখক: দেৱাঞ্জন বৰঠাকুৰ (শিক্ষা বাৰ্তা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate