অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিয়ন্ত্ৰিত প্ৰয়োজন :

নিয়ন্ত্ৰিত প্ৰয়োজন :

 

ব্যক্তিৰ আভ্যন্তৰীণ পৰিবৰ্তন অথবা বাহ্যিক উদ্দীপকৰ দ্বাৰা প্ৰভাৱিত হৈ প্ৰয়োজনৰ সৃষ্টি হয়। ব্যক্তিৰ দেহৰ শাৰীৰিক- ৰাসায়নিক পৰিবৰ্তনৰ দাবীত মৌলিক প্ৰয়োজনৰ সৃষ্টি হয়। আনহাতে এনে বহু প্ৰয়োজন আছে, যি পৰিবেশজনিত। পৰিবেশত থকা উদ্দীপকে প্ৰয়োজনৰ সৃষ্টি কৰে। প্ৰয়োজন মুলত: দুই প্ৰকাৰৰ- শাৰীৰিক প্ৰয়োজন আৰু মানসিক প্ৰয়োজন।

শৰীৰিক প্ৰয়োজনসমুহ হ’ল আত্মাৰ মৌলিক প্ৰয়োজন। আনহাতে মানসিক প্ৰয়োজনসমুহ-

*মৰম আৰু ভালপোৱাৰ প্ৰয়োজন।

*সামাজিক স্বীকৃতিৰ প্ৰয়োজন।

*স্বাধীনতাৰ প্ৰয়োজন।

*আৱেগিক প্ৰয়োজন।

*সফলতা লাভৰ প্ৰয়োজন ইত্যাদি।

শিশু এতি যি মুহুৰ্তৰ পৰা সমাজৰ সদস্য হয়, সেই মুহুৰ্তৰে পৰাই প্ৰয়োজনৰ তালিকাখন দীঘলীয়া হ’বলৈ লয়। প্ৰয়োজনৰ কিছু  চৰিত্ৰ-

*সকলো জীৱিত জীৱই জৈৱিকভাৱে শাৰীৰিক প্ৰয়োজনৰ অনুভৱ কৰে।

*পৰিবেশজনিত কাৰকে প্ৰয়োজনৰ সৃষ্টি কৰে।

*প্ৰয়োজনৰ দাবীত সকলো জীৱ সক্ৰিয় হয়।

*প্ৰয়োজনৰ পুৰণে আনন্দ আৰু ব্যৰ্থতাই হতাশাৰ সৃষ্টি কৰে, ইত্যাদি।

প্ৰয়োজনবোধে আমাক সক্ৰিয় কৰে, সফল কৰে। কিন্তু ব্যৰ্থ হ’লে আমাক হতাশ কৰে। শিক্ষা ব্যৱস্থাই আমাৰ প্ৰয়োজনৰ ব্যৱহাৰিক অৰ্থ প্ৰদান কৰিছে। যুক্তিমুলক দৃষ্টিভংগী প্ৰদান কৰিছে। প্ৰয়োজনৰ শেষ নাই। মানুহ প্ৰয়োজনৰ ভৃত্য হোৱা উচিত নহয়। গোলকীকৰণে আমাৰ সমাজত প্ৰয়োজনৰ তালিকাখন বৰ্ধিত কৰিছে। যুক্তিমুলকভাৱে নিজস্ব প্ৰয়োজন চিনাক্ত কৰি নিজস্ব জীৱন উদযাপন কৰা উচিত। আমাক প্ৰয়োজন সংযমৰ। প্ৰয়োজন নিয়ন্ত্ৰণত নেথাকিলে আমাৰ আচাৰ-ব্যৱহাৰ নিম্নগামী হ’ব আৰু জীৱনো অনিয়ন্ত্ৰিত হোৱাৰ সম্ভাৱনা আহি পৰিব পাৰে। সময় থাকোতেই নিজৰ প্ৰয়োজনসমুহ নিয়ন্ত্ৰণ কৰো আহক।

লেখিকা: কৰবী কাকতি (সাদিন)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate