প্ৰকৃতি সৃষ্টিৰ আৱহমান কালৰ পৰাই নিজৰ পথত গতিশীল৷ মানব সভ্যতাৰ পথত প্ৰস্তৰ যুগ, লৌহ যুগ, তাম্ৰ যুগ, ব্ৰঞ্জ যুগ আদি কৰি কম্পিউটাৰ যুগত সোমালহি৷
জুইৰ ব্যৱহাৰ শিকাৰ পাচতে প্ৰতিটো স্তৰতে জীয়াই থকাৰ স্বাক্ষৰ বহন কৰি পৃথিবীৰ মানৱ জাতিৰ ইতিহাস সলনি কৰাত কম্পিউটাৰ প্ৰযুক্তিয়ে কি ধৰণৰ অভাৱনীয় প্ৰভাৱ পেলাইছে, সেইয়া বুজিবলৈ ক্ষন্তেক আমি বেলেগ ধৰণে চিন্তা কৰিব লাগিব৷
এই প্ৰযুক্তিসৃষ্ট সলনিৰ ধাৰা সৃষ্টিকামী, ক্ষয়ঙ্কৰী, নে ধ্বংসকাৰী তাকে ক’বলৈ অকণমান ভাবিব লাগিব৷ সামান্য কেইটামান উদাহৰণ লৈ চাওঁ, কোনে কি ভাৱে দেখা যাওকচোন৷ জীৱন্ত ৱেব-কেম ভিডিঅ’ প্ৰযুক্তিয়ে উপলব্ধ কৰি তোলা সংস্কৃতিয়ে কি দিছে ভাৱক৷
কম্পিউটাৰ প্ৰলব্ধ ৰবটিক জন্তুৰ এখন পৃথিবীত অৱগাহন, এইবোৰে মানৱৰ মানসিক জগতখনত আৰু এক অদৃশ্য জগত সৃষ্টি কৰিছে৷ প্ৰকৃতিত ঘটা নিজ স্বতঃস্ফূৰ্ততাৰ ঘটনাৰাজি টিভি, কম্পিউটাৰত ইমানেই সহজলভ্য যে প্ৰকৃত জীৱনৰ প্ৰাকৃতিক প্ৰত্যভিজ্ঞানৰ লগত সেইবোৰৰ যোগাযোগ ধাপে-ধাপে মানৱকুলে ৰাখিব পাৰিবগৈনে?
মাটি, পানী, আকাশ সকলোতে সচৰাচৰ ঘটি থকা ঘটনাবোৰ যি দৰে প্ৰদৰ্শিত হয়, আৰামী চকীত বহি বাতানুকুল কোঠাত সেইয়া চাই তাৰ সামান্যতম প্ৰত্যক্ষদৰ্শী হব নোৱাৰা সৃষ্টিত মানসিকতা এটা প্ৰজন্মৰ পৰা পিচৰ প্ৰজন্মলৈ বাৰ্তা কঢ়িওৱা এই যান্ত্ৰিক নিৰ্ভৰশীলতা প্ৰযুক্তিৰ প্ৰভাৱে মানৱ কুলৰ সামাজিক চৰিত্ৰ সলনি কৰাৰ আভাষ পাইছেনে?
বিজ্ঞানৰ এই যাত্ৰাত, মানব এতিয়া প্ৰকৃতি বিমুখ৷ খাদ্যৰ বিকল্প আজিও উদ্ভাৱন হোৱা নাই৷ ভোক একেই আছে৷ মাটি হওক, আকাশ হওক খাদ্য উত্পন্ন কৰিবই লাগিব৷ পেটৰ ভোক, দেহাৰ ভোক একেই আছে৷ মনৰ ভোক বাঢ়িছে৷
প্ৰযুক্তিৰ বিকাশ -
প্ৰযুক্তিৰ বিকাশৰ অতিবেগৰ লগত মানবৰ মানসিকতাৰ বেগ তুলনা কৰিলে ব্যক্তিগত, সামাজিক চেহেৰাত যি ছবি মনত ভাঁহি উঠে সেইয়া বুজিবলৈ কঠিন হৈ পৰে৷ কৰবাত যেন কিবা এটা কেনা লাগিছে৷ মানৱৰ মনতকৈ বেগী একো নাই৷
প্ৰযুক্তি উপলব্ধ জ্ঞানে উপস্থাপন কৰা মনটোৰ গতিবেগৰ বৈপৰীত্যৰ ফল বিশৃঙ্খলতামূখী হোৱাৰ ইংগিত বহন মানৱে গম পায়নে বাৰু? এইয়াই হৈছে প্ৰকাৰান্ত পৃথিবী (Virtual world)৷ মানৱকুলৰ গৰিষ্ঠসংখ্যকে এতিয়া প্ৰকাৰান্ত পৃথিবীতে অধিক সময় পাৰ কৰে৷
সেইকাৰণেই মূল প্ৰশ্নটোৱেই হৈছে প্ৰকৃত পৃথিবীখনৰ দৈনন্দিনতাৰ বিপৰীতে প্ৰযুক্তিপ্ৰশস্তি পৰিবেশে আহিব ধৰা প্ৰজন্মক কত বহাবগৈ?
সাময়িক দৃষ্টিভঙ্গীৰে এচাম মনোবিজ্ঞানীয়ে মানবৰ ক্ৰমবিকাশ আৰু সামাজিক মিলনান্তক পৰ্য্যায়ান্তৰৰ মাজেদি প্ৰাকৃতিক জগতখনৰ লগত হোৱা বৰ্তমান সৃষ্টিত প্ৰযুক্তিপ্ৰশস্ত পৰিবেশত মানবৰ মানসিকতাক প্ৰতি আমাৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছে। মূল বিষয়ৰ তাগিদাত সদ্যপ্ৰকাশিত কিছু গৱেষণাপত্ৰৰ উদ্ধৃতি দিবলগীয়া হৈছে৷
১৯৮৪ চনত ই. অ. উইলচনে এটা নতুন শব্দ প্ৰক্ষেপ কৰিছিল ‘বায়’ফিলিয়া’ (BIOPHILIA)। ‘বায়’ফিলিয়া’ৰ সহায়ত উইলচন আৰু তেখেতৰ সহকৰ্মীসকলে মতপোষণ কৰিছিল যে মূলতঃ বংশতাত্ত্বীয় ক্ৰম’জ’মেৰে নিৰ্ণিত মানব শৃঙ্খল আৰু মানৱীয় প্ৰবৃত্তিক জীৱন আৰু জীৱনসদৃশ ধাৰাক সংযোগ কৰিবলৈ গৱেষণাৰ আৱৰ্তলৈ আহিব লাগিব৷
তেখেত সকলৰ গৱেষণাই উন্মুক্ত কৰিছিল যে হস্পিটেলত থকা ৰোগী, বন্দীশালত থকা কয়েদীয়ে খিৰিকীৰে বাহিৰৰ সীমিত পৰিবেশলৈ চাইয়ো সুস্থ অনুভৱ কৰে৷ একে ধৰণৰ অনেক গৱেষণাই কৈছে যে হস্পিটেলত থকা বিভিন্ন ৰোগীক- যেনে এলঝেইমাৰত ভোগা বৃদ্ধ-বৃদ্ধা, সৰু লৰা-ছোৱালী প্ৰায়বোৰকে পোহনীয়া জীৱ-জন্তুৱেই আৰোগ্য হোৱাত অনেকখিনি অৰিহণা আগবঢ়ায়৷
শিশুৱে পোহনীয়া জীৱ-জন্তুৰ লগত ওচৰ সম্পৰ্ক গঢ়ি তোলে (মায়াৰ্চ, ২০০৭)। নিৰ্বাচিত পৰিবেশত ৰোগীয়ে আকৰ্ষণীয় ঘৰ-দুৱাৰ বা কৃত্ৰিম পৰিবেশতকৈ গছ-গছনি, তৰু-লতা, পুখুৰী, নৈ, নিজৰা আদি প্ৰাকৃতিক পৰিবেশক বেছি পচন্দ কৰে (কাপলান আৰু কাপলান, ১৯৮৯)।
সঁচা কবলৈ গলে ৰোগী বা মৃতকৰ শোক পালনত আগবঢ়োৱা ফুলৰ থোপাটি সামাজিক নিয়ম যেন হৈ পৰিলেও প্ৰকৃতিৰ বাৰ্তা বহনকাৰী ফুলে নীৰৱে সুখৰ অনুভূতি কঢ়িয়ায়৷
ক্ৰমবিকাশৰ পৰিধিত ‘বায়’ফিলিয়া’ৰ বিশ্লেষণে মানবৰ সৰহভাগ আচৰণকেই নিজৰ আওতাৰ পৰা খুচৰিছে৷ পুৰণি কালৰ কিছুমান বংশতত্ত্বই সঘনে কিছুমান একে আচৰণ দেখুৱায়৷ তেনে আচৰণে সংঘাতময় জীৱনত জীয়াই থকাৰ প্ৰৱণতা, বংশবৃদ্ধি আৰু উত্তীৰ্ণ হৈ বৰ্তমান পৰ্য্যায় পোৱাৰ সহায়তাকে সমৰ্থন কৰিছে৷
(ক) মানৱৰ ক্ৰমবিকাশ বুৰজ্ঞীৰ লগত বায়’ফিলিয়া খাপখাই আছে
(খ) বৰ্তমানো মানৱৰ মনোজগত স্থাপত্যৰ লগত বায়’ফিলিয়া ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে
(গ) প্ৰকৃতিৰ অবিহনে মানৱকুলে নিজৰ সচেতন ভাবক প্ৰকাশ কৰিব নোৱাৰে৷
চাৰিটা মূল প্ৰশ্নই বায়’ফিলিয়াক কেন্দ্ৰ কৰি তৰ্ক-বিতৰ্কৰ মাজলৈ টানি আনিছে৷ প্ৰথম প্ৰশ্ন উঠিছে যেতিয়া বায়’ফিলিয়াক গ্ৰহণ কৰা হৈছে, প্ৰথমেই বংশতাত্ত্বিকতাক মানি লোৱা হৈছে৷ মুক্ত চিন্তাধাৰাৰ ধাৰাবাহিকতা আৰু সংস্কৃতিৰ তুলাচনীত ঠেক পৰিগণ্ডীত বায়’ফিলিয়াক বুজিবলৈ অসুবিধা৷
দ্বিতীয় প্ৰশ্ন- বায়’ফিলিয়াৰ প্ৰথম অংশ মানে বায়’ বা জীৱিত শব্দাৰ্থই অজীৱিতখিনিক বাদ দিছে নেকি, যেনে পাহাৰ-পৰ্ব্বত, গুহা-কন্দৰ, পানীৰ ফোঁৱাৰা ইত্যাদি৷ যিহেতু অনেক নিৰ্জীৱ বস্তুৱেও মানৱৰ ক্ৰমবিকাশত ভূমিকা পালন কৰিছে৷ তৃতীয় প্ৰশ্ন উঠিছে বায়’ফিলিয়াই অকল ধনাত্মক দিশটোহে পৰশিছে নেকি?
যিহেতু ঋনাত্মক দিশটোৰো আলোচনাৰ প্ৰয়োজন আছে৷ চতুৰ্থ প্ৰশ্ন বায়’ফিলিয়া বিতৰ্কৰোধী নেকি? এই চাৰিটা মূল প্ৰশ্নক লৈ উঠা বিতৰ্ক চলিছে, চলিবও৷
শিশুৰ পৰিবেশজ্ঞান আৰু প্ৰমূল্যৰে যদিহে বায়’ফিলিয়াক গুৰুত্ব দিওঁ, তেতিয়াও মানৱৰ প্ৰকৃতিৰ কাষ চাপি যোৱা আচৰণৰ সঠিক উত্তৰ দিব পাৰোনে? এনে প্ৰশ্নৰ উত্তৰ দিবলৈ কান আৰু তেওঁৰ সহযোগীয়ে (১৯৯৯) জন্মসূত্ৰে আফ্ৰিকান-আমেৰিকান সাত, ন আৰু এঘাৰ বছৰীয়া (হাউষ্টনৰ ভিতৰুৱা ঠাইৰ), ব্ৰাজিলৰ চহৰীয়া আৰু আমাজনৰ ভিতৰুৱা ঠাইৰ চৈধ্য বছৰীয়া শিশু, (হাৱে, কান ও ফ্ৰিডমেন, ১৯৯৫) পৰ্তুগীজৰ লিচবনৰ দহ, তেৰ, ষোল্ল আৰু ঊনৈশ বছৰীয়া (কান আৰু লৰেন্স, ২০০২) শিশুৰ ওপৰত চলোৱা এক অধ্যয়নত কৈছে যে বায়’ফিলিয়াভিত্তিক পদ্ধতি গঠনমূলক প্ৰভাৱ বিচৰা মতেই পোৱা হৈছে৷
যিটো আগৰ গবেষণাইয়ো একে ইংগিত দিছে৷ উক্ত অধ্যয়নত শিশুক সোধা বিয়াল্লিশবিধ প্ৰশ্নৰ উল্লেখনীয় প্ৰশ্নবোৰ আছিল জলপ্ৰদূষণ, বায়ু প্ৰদূষণ, পাৰ্ক, মুকলি ঠাই, গছ-গছনি, জংগল, জীৱ-জন্তু এই ধৰণৰ প্ৰকৃতিৰ লগত সহবাসৰ সম্পৰ্ক৷
এইখিনিতেই গৱেষকে এটা প্ৰাসঙ্গিক প্ৰশ্ন উঠাইছিল যে আমি সকলোৱে জানো লিচবনৰ নদীখনত জাবৰ-জোথৰ পেলাই কি ধৰণে প্ৰদূষণ কৰা হয়৷ তেনে স্বত্বেও নদীৰ প্ৰতি হাবিয়াস ‘হয়’ উত্তৰেৰে আহিছিল৷ আটাইকেইটা প্ৰশ্নৰ উত্তৰত শিশুসকলোৱে প্ৰকৃতিৰ প্ৰদূষণৰ ওপৰত চিন্তা ব্যক্ত কৰিছিল৷
সকলোৱে শিশুৰ বিকাশত প্ৰকৃতিক সম্পূৰ্ণ গুৰুত্ব দিব কৈছে৷ জীৱকুলক অনিষ্ট কৰিব পৰা বিষয়ৰ ওপৰত সচেতন আছিল৷ লগতে এইটোও উল্লেখ কৰিছিল যে পানীৰ উত্স প্ৰদূষণৰ বাবে মানুহ নিজেই নীতিভঙ্গৰ (moral obligation) দোষাৰূপেৰে মলিন৷
এই ধৰণৰ গৱেষণাই উন্মুক্ত কৰিছে পৰিবেশ সংক্ৰান্ত বিষয়ত মানুহৰ শৰীৰ, মন দুয়োটাতে প্ৰভাৱ পেলাব পৰা আৰু জীৱকুলৰ বৈচিত্ৰ্যত আঘাত কৰিব পৰা ঘটনাৰাজিয়ে শিশুৰ কোমল মনটোকো স্পৰ্শ কৰিছে৷
উইলচনৰ বায়’ফিলিয়াৰ সূত্ৰক প্ৰত্যাহবান জনাই আমি যদি ধৰিও লওঁ যে উইলচনে জীৱন বুলিলে যি বুজায় সকলোবোৰ বিস্তৃত ভাবে বিবেচনা কৰা নাছিল৷ তথাপিও একেটা শব্দত উচতনিৰ সন্ধানো কৰিব পাৰি৷
এনে উচতনিতে মনোবৈজ্ঞানিক ভাৱধাৰাৰে প্ৰযুক্তিৰ ফলত উদ্ভৱ হোৱা আচৰণৰ দ্বাৰা প্ৰকৃতিক সম্পূৰ্ণ অনুধাৱন কৰিব পাৰেনে বুলি সুধিব পাৰি৷ এই প্ৰশ্নৰ উত্তৰ বিচাৰি কান আৰু সহকৰ্মীবৃন্দই high-definition television (HDTV)ৰ দ্বাৰা উপলব্ধ হোৱা প্ৰকৃত সময়-সূত্ৰত (real-time) বন্ধা ১২৭ চেণ্টিমিটাৰ জোখৰ প্লাজমা প্ৰযুক্তিৰ খিড়িকীৰে জুমি চোৱাৰ প্ৰয়াস কৰিছে৷ ফ্ৰীডমেন, ফ্ৰেইয়াৰ, কান, লীন আৰু চডেমান (২০০৮) এ মানুহৰ আচৰণ, বিচাৰ, বিশ্বাস আৰু মনস্তত্বৰ উত্তৰ বিচাৰি চলোৱা ষোল্ল সপ্তাহৰ খিড়িকী নোহোৱা কোঠাত চলোৱা গৱেষণাৰ পিচত সোধা প্ৰশ্নবোৰৰ উত্তৰত ভাগলোৱা সাতজন ফেকাল্টী আৰু কৰ্মীয়ে জনাইছে তেওঁলোকে high-definition television (HDTV)ৰ দ্বাৰা উপলব্ধ হোৱা প্ৰকৃত সময়-সূত্ৰত (real-time) প্ৰকৃতিক লৈ দেখুওৱা কাৰ্য্যসূচী প্ৰকৃতি অবিহনেই উপভোগ কৰিছে৷
একক প্ৰযুক্তিৰ এনে আচৰণক লৈ প্ৰকৃতি ওচৰত নোহোৱাকৈ প্ৰকৃতিক আওপকীয়া ৰূপত উপভোগ তুলনামূলক ভাবে ভাল পালেও সকলো নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত এইটো উত্তৰ নাহিবও পাৰে৷ এই পিচৰ প্ৰশ্নৰ উত্তৰ বিচাৰি কান আৰু সহকৰ্মীবৃন্দই ২০০৮ত আৰু এটা গৱেষণা চলালে৷ নব্বৈজন মানুহক লৈ ত্ৰিশটা ভাগত ভগাই
(ক) কাঁচৰ খিড়িকীৰে বাহিৰৰ জগতখন চোৱাৰ সুবিধা
(খ) HDTV ৰ সময়-সূত্ৰত (real-time) প্লাজমা প্ৰযুক্তি
(গ) একো সুবিধা নোহোৱা কোঠাত ৰাখি গোটৰ মাজত পৰীক্ষা চলালে৷
দেখা গ’ল মানসিক হেঁচা জুখিবলৈ কৰা পৰীক্ষাত হৃদপিণ্ডৰ ঢপঢপনিৰ মাত্ৰা ক গোটৰ সোনকালেই আগৰ অৱস্থালৈ ঘূৰিল৷ গ গোটৰ অধিক সময় ললে৷ কিন্তু খ গোটৰ তুলনা গ গোটতকৈও অৱনতি ঘটিল৷ ক গোটৰ পৰীক্ষাৰ্থীৰ মাজত দেখা গ’ল যি বাহিৰলৈ চাই আছিল তেওঁলোকৰ কলিজাৰ ঢপঢপনি নোচোৱা বোৰতকৈ কমিছিল৷ অন্যহাতে খ গোটৰ পৰীক্ষাৰ্থীয়ে প্লাজমা টিভিত মনোনিবেশ কৰা নকৰাৰ মাজত কলিজাৰ ঢপঢপনিৰ কোনো পাৰ্থক্য নাছিল৷
এই দুই গৱেষণাৰ পৰা মানুহৰ মনস্তত্ব আৰু গঠনত প্ৰকৃতিৰ উপস্থিতিক নুই কৰিবই নোৱাৰি৷ এই ধৰণৰ গৱেষণাৰ সমল বিচাৰি কৰা ৰবটিক কুকুৰ, ৰবটিক খেতিৰ লগত কৰা তুলনামূলক পৰীক্ষাৰ ফলে যি উদঙাইছে, সেইয়া আজি বাদ দি সামৰণিত ক’ব খুজিছোঁ যে পৰোক্ষ ভাবে প্ৰকৃতিবিহীন আনন্দ প্ৰকৃত আনন্দ নহয়৷
এনে উপভোগ মানসিকতাৰ ফলত উত্পন্ন হোৱা পৰিবেশে মন, শৰীৰত ক্লান্তিৰ সৃষ্টি কৰে৷ হয়তো adapt or go extinct পৰিবেশৰ আমন্ত্ৰণ দিয়ে৷ কিন্তু বায়’ফিলিয়াৰ প্ৰথম সূত্ৰ অনুযায়ী বংশতাত্ত্বিক নিয়মেৰেই মানুহৰ মনটোৱে প্ৰকৃতিক বিচাৰিব খুজিব৷ যদিহে এটা প্ৰজন্মৰ পৰা পিচৰ প্ৰজন্মলৈ প্ৰযুক্তিৰ ঢৌত উটি যায় বিৱৰ্তনৰ বৈপৰীত্যত ভটিয়নী সোঁতত মানুহৰ সামাজিক জীৱন ধ্বংস হবই৷ তেনে এটা প্ৰজন্মক আহিব ধৰা সময়ত সোধাৰ সুবিধা হয়, সুধিলে ক’ব, ক’তা মইতো প্ৰকৃতিক নোপোৱা নহয়৷
চিন্তা কৰক৷ প্ৰযুক্তিয়ে সুবিধা, লাভ দুয়োটা দিব৷ প্ৰযুক্তিৰ তুলনা প্ৰযুক্তিৰ লগত হ’লে উত্তৰ এটা পাবই৷ পিচে প্ৰযুক্তিয়ে প্ৰকৃতিৰ গতিশীলতা, স্বতঃস্ফূৰ্ততা দিব নে নিদিব সেইটো কোনো দিন নিজে নকয়৷
লেখক: ড° লোচন শইকীয়া
উৎস: সাহিত্য.অৰ্গ
শেহতীয়া উন্নীতকৰণ: : 6/5/2020