অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হঠাতে হাতলৈ অহা ধন

 

দুহেজাৰ এক বা দুই চনৰ কথা৷ গুৱাহাটীৰ বাইপাছ বহল কৰাৰ কাম পূৰ্ণ গতিত চলি আছে৷ স্বাভাৱিকতেই সেই পথৰ আশে-পাশে থকা মাটিৰ গুৰুত্ব তথা কিনা-বেচা বাঢ়িবলৈ ধৰিছে৷ লখৰা অঞ্চলৰ ৰাষ্ট্ৰীয়কৃত বেংকৰ শাখা এটাত ‘ৰেভিনিউ অডিট’ কৰি আছো৷ বেংকৰ শাখাটোত তেতিয়াও কম্পিউটাৰৰ ব্যৱহাৰ হোৱা নাই৷ ডাঙৰ ডাঙৰ ‘লেজাৰ বহী’ত হিচাপবোৰ লিপিবদ্ধ কৰা হয়৷ সেই অডিটত মই এটা কথা লক্ষ্য কৰিলো যে বহু ছেভিংছ একাউণ্টত কেইবালাখকৈ টকা পৰি আছে৷ কৌতূহলত বেংকৰ এজন বিষয়াক সুধিলো – কিয় এই টকাবোৰ ফিক্সড ডিপ’জিট কৰি অধিক সুত লাভ কৰিবলৈ গ্ৰাহককেইজনক আগ্ৰহী কৰিব পৰা হোৱা নাই? উত্তৰত বিষয়াজনে ক’লে – ‘এতিয়াহে দেখিছে, কেইমাহমানৰ ভিতৰতে এই টকা ক’লৈ যাব সেই কথা এই মুহূৰ্তত ব্যক্তিকেইজনেও নাজানে’৷

বৰ্তমান উজনি অসমত ৰাষ্ট্ৰীয় ঘাই পথ বহলোৱাৰ বাবে কাম চলি আছে৷ বহু লোকৰ ঘৰ, মাটি-বাৰী গৈছে ৰাস্তাৰ নামত৷ কিন্তু ক্ষতিপূৰণ পাইছে বা পাব৷ অলপতে এনেদৰে মাটি হেৰুৱাই ধন লাভ কৰা পাঠক এজনৰ ফোন এটা পাওঁতে প্ৰায় ১৫ বছৰ পুৰণি এই কথাটো মনত পৰি গ’ল৷ যদিও বা মাটিৰ ক্ষতিপূৰণ হিচাপে পোৱা ধনক লটাৰী বা ওপৰতে পোৱা টকাৰ লগত ৰিজাব নোৱাৰি, তথাপি একেলগে যথেষ্ট পৰিমাণৰ টকাৰ আগমনে আপোনাক বহু সময়ত ভুল সিদ্ধান্ত ল’বলৈ বাধ্য কৰিব পাৰে৷ মনঃস্তাত্ত্বিক কাৰণতো এনেদৰে অহা টকাক আপুনি কঠোৰ শ্ৰমেৰে অৰ্জন কৰা টকাৰ সমমর্যাদা নিদিব পাৰে৷ যাক কোৱা হয় মানসিক হিচাপ অৰ্থাৎ মেণ্টেল একাউণ্টিং৷ আজি এই লেখাটোত এনে কিছু কথা সন্নিৱিষ্ট কৰিব খুজিছো যাতে সময়ত সিদ্ধান্ত ল’বলৈ যাওঁতে আপোনাৰ সুবিধা হয়৷

প্ৰথমেই এটা কথা বুজা দৰকাৰ হ’ব যে ক্ষতিপূৰণ হিচাপে যদি আপুনি টকা পাইছে, তেন্তে কিবা হেৰুৱাইহে এই টকাৰ গৰাকী হ’বলৈ ওলাইছে৷ যদি খেতি-মাতি গৈছে আৰু আপুনি কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল তেন্তে কমিব পৰা উপাৰ্জনৰ কেনেদৰে ক্ষতিপূৰণ কৰিব সেয়া আপোনাৰ প্ৰাথমিক চিন্তা-চৰ্চাৰ বিষয় হোৱা উচিত৷ যদি ঘৰ গৈছে নতুন ঘৰ এটা বন্ধাওঁতে প্ৰয়োজন হ’ব পৰা ধন পৃথকে থৈহে বাকী কথা ভাবক৷ বাকী কথা বুলিলে প্ৰথমেই আহিব খৰচৰ কথা৷ হাতলৈ এগালমান ধন আহিব আৰু আপুনি ইমানদিনে ধনৰ অভাৱত দমন কৰি ৰখা সপোনবোৰ পূৰণ নকৰিব? অনুগ্ৰহ কৰি অলপ ধৈৰ্য ধৰক৷ কিবা সিদ্ধান্ত লোৱাৰ পূৰ্বে আমেৰিকাৰ হেজ ফাণ্ড মেনেজাৰ তথা ‘চুজ ইয়ৰচেল্ফ’ নামৰ কিতাপখনৰ লেখক জেমছ এলট’ছাৰৰ তিনিটা উপদেশ এবাৰ পঢ়ি চাওকচোন৷

এবছৰৰ নিয়ম-

 

প্ৰথম কথা – নতুনকৈ অহা টকাৰে প্ৰথম বছৰটোতে জীৱন-যাপনৰ মান কেতিয়াও নবঢ়াব৷ নতুন ঘৰ (যদিহে আপোনাৰ ক্ষেত্ৰত গৃহহীন হ’বলগা হোৱা নাই), ঘৰৰ চৌখিন আচবাব, নতুন গাড়ী আদি প্ৰথম বছৰটোতে নাভাবিব৷ এনেকুৱা বস্তুৰ আগমনে আপোনাৰ জীৱন সম্পৰ্কীয় দৃষ্টিভংগী স্থায়ীভাৱে সলনি কৰি দিব পাৰে৷ মনত ৰাখিব – প্ৰথম এবছৰ৷ আপোনাৰ আকাংক্ষাক বাস্তৱসন্মত ৰূপ দিবলৈ এনে সংযমৰ প্ৰয়োজন আছে৷

‘না-বন্ধু’ নিয়ম

 

বন্ধুক ‘না’ ক’বলৈ শিকক৷ যদিওবা ই বৰ কঠিন কাম৷ টকা হাতত পৰিল মাত্ৰকে পুৰণি বন্ধুক ধাৰলৈ দিয়া আৰম্ভ কৰি নিদিব৷ নতুন বন্ধুত্ব স্থাপনৰ বাবেও উদগ্ৰীৱ হৈ নুঠিব৷ হাতলৈ টকা অহাৰ লগে লগে নতুন নতুন বিনিয়োগৰ ধাৰণা দি টকা খুজিবলৈ অহা বন্ধুৰ সংখ্যা তেনেই কম নহ’ব৷ বন্ধুৰ যোগেদি বেয়া বিনিয়োগৰ ফান্দত নপৰিব৷

তৎক্ষণাৎ বিনিয়োগ নকৰিব

 

বিনিয়োগত দৌৰাদৌৰিকৈ সিদ্ধান্ত নল’ব৷ লাগিলে এবছৰ ছেভিংছ একাউন্টতে টকা পৰি থাকিবলৈ দিয়ক৷ ধীৰে-সুস্থিৰে পৰিকল্পনা কৰি আগবাঢ়ক৷

  • অৱশ্যে এটা কথা ঠিক যে পৰিকল্পনা বুলি ক’লে সকলোৰে বাবে ই পৃথক হ’ব পাৰে৷ আপোনাৰ জীৱনত যিটো বস্তু অতীব প্ৰয়োজন, আন এজনৰ বাবে তাৰ গুৰুত্ব একে নহ’বও পাৰে৷ সেয়ে নিজৰ প্ৰয়োজনবোৰ সন্ধান কৰাৰ স্বাৰ্থত তলৰ প্ৰকেইটা লক্ষ্য কৰকচোন-
  • আপোনাৰ ঋণ আছে নেকি? সেইবিলাক আপোনাৰ বাবে দাঙিব নোৱৰা বোজালৈ পৰিবৰ্তন হোৱা নাইতো? যদি হৈছে ৰাহি হোৱা টকাখিনিৰে পৰিকল্পিতভাৱে ঋণৰ বোজা কমাওক বা শেষ কৰক৷
  • বৰ্তমান যি মাহেকীয়া বা নিয়মীয়া আয় আপোনাৰ আছে, সেয়া বাৰু পৰ্যাপ্ত নে আপোনাৰ ঘৰখন নিয়াৰিকৈ চলাই নিবলৈ? যদি নহয় ৰাহি টকাৰ এটা অংশ উপাৰ্জন বঢ়াবৰ বাবে আবন্টন কৰক৷
  • সন্তানৰ উচ্চ শিক্ষা, বিয়া-বাৰুৰ বাবে পৰিকল্পনা কৰিছেনে? ৰাহি হোৱা টকাৰ কিমানখিনি এই শিতানবোৰলৈ ধাৰ্য কৰিব? ধাৰ্য কৰা ধন ক’ত বিনিয়োগ কৰা আপোনাৰ বাবে উপযোগী হ’ব তাৰ চিন্তা-চৰ্চা আৰম্ভ কৰক৷
  • আপোনাৰ অৱসৰৰ পৰিকল্পনাৰ বাবে এই টকাৰ এটা অংশৰ আবণ্টন প্ৰয়োজন আছেনে? চিন্তা কৰক৷
  • স্বাস্থ্য সংক্রান্তীয় খৰচৰ বাবে স্বাস্থ্য বীমা কৰিব নে এটা বেলেগ ‘স্বাস্থ্য-পুঁজি’ তৈয়াৰ কৰিব এই টকাখিনিৰ পৰাই?
  • এই লক্ষ্যবিলাকৰ বাদেও আপদকালীন অৰ্থাৎ লাগ বুলিলে ব্যৱহাৰ কৰিব পৰাকৈ কিমান টকা ৰাখিব? এয়াও গুৰুত্বপূৰ্ণ আপোনাৰ বাবে৷

যদিহে এইবোৰ কথা নিজৰ পৰ্যায়ত সমাধান কৰাত অসুবিধা পায, তেন্তে কোনো বিনিয়োগ উপদেষ্টা বা বিত্তীয় পৰিকল্পনাকাৰীৰ কাষ চাপিব পাৰে আলোচনা কৰাৰ বাবে৷ হঠাতে হাতলৈ অহা ধন অপব্যৱহাৰ হৈ ধন লাভ কৰোতাৰ বিত্তীয় অৱস্থা পূৰ্বতকৈ বেয়াহে কৰি যোৱাৰ উদাহৰণ কিন্তু তেনেই তাকৰ নহয় এই পৃথিৱীত৷ সেয়ে হাতলৈ অহা ধনৰ সঠিকভাৱে ব্যৱহাৰ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপেই গ্ৰহণ কৰক৷

লিখক: ভাস্কৰজ্যোতি বৰুৱা, অসমীয়া প্ৰতিদিন।

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate