পটভূমি
দশম পৰিকল্পনাত মাধ্যমিক শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিয়া হোৱা নাছিল। এই সময়ছোৱাত সৰু সৰু কিছুমান আঁচনিৰে মাধ্যমিক শিক্ষাৰ উপলভ্য কৰা আৰু মানদণ্ড উন্নত কৰাৰ চেষ্টা কৰা হৈছিল। এইবোৰে বেছি অঞ্চল আগুৰিব পৰা নাছিল আৰু আঁচনিৰ মাজত সমন্বয় নাছিল। মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ স্ব-শাসিত সংস্থাৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূতহে এই পৰিকল্পনা আৰু আঁচনিবোৰৰ যোগেৰে অসমৰ্থসকলক সকলো দিশৰ পৰা সম্পূৰ্ণ শিক্ষা প্ৰদান, ছোৱালী শিক্ষা আৱাসিক ব্যৱস্থাসহ, আইচিটিৰ ব্যৱহাৰ, উচ্চ মাধ্যমিক বিদ্যালয়ত কাৰীকৰি শিক্ষা, মুক্ত আৰু দূৰ শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল।
প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণ সাংবিধানিক বাধ্যবাধকতা হৈ পৰাৰ ফলত এই ব্যৱস্থাবোৰ মাধ্যমিক শিক্ষা সাৰ্বজনীনকৰণৰ ক্ষেত্ৰলৈকে বিস্তাৰিত কৰিব লগা হ’ল। যি সাধাৰণতে উন্নত আৰু উন্নয়নশীল দেশবোৰত হৈছে।
“বিশেষকৈ বিজ্ঞান, বাণিজ্য আৰু আন আন পেশাগত বৃত্তি শিক্ষাৰ ছোৱালী আৰু অনুসূচীত জাতি জনজাতিৰ ছাত্ৰ-ছাত্ৰীক আগুৱাই নিব পৰাকৈ মাধ্যমিক শিক্ষা প্ৰসাৰিত কৰা হব”।
“……… ৰাজ্যসমূহে ৰাজহুৱা বিদ্যালয়বোৰত বিনিয়োগ কৰি এইবোৰক কেন্দ্ৰীয় বিদ্যালয়ৰ মানদণ্ডৰ, বিদ্যালয়ৰ ঘৰ আদিৰ ব্যৱস্থা কৰিব লাগে।
আদৰ্শ বিদ্যালয়ৰ ধাৰণা
এখন আদৰ্শ বিদ্যালয়ত মূলতঃ কেন্দ্ৰীয় বিদ্যালয়ৰ মানদণ্ডৰ পৰিকাঠামো আৰু সমকক্ষৰ সুবিধাবোৰ থাকিব লাগিব। চৰ্ত অনুসৰি ছাত্ৰ শিক্ষকক অনুপাত হব লাগিব।
ICTৰ ব্যৱহাৰ, সম্পূৰ্ণ শৈক্ষিক পৰিৱেশ, যথোপযুক্ত পাঠ্যক্ৰম আৰু ফলাফলৰ মানদণ্ড উন্নত হব লাগিব।
আদৰ্শ বিদ্যালয়ৰ কিছুমান বৈশিষ্ট:
- পুথিগত শিক্ষাৰ বাহিৰেও সম্পূৰ্ণ শৈক্ষিক পৰিৱেশ, শাৰিৰীক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ ব্যৱস্থা থাকিব লাগিব।
- একেবাৰে নতুন বিদ্যালয়ো স্থাপন কৰিব পৰা যায় নতুবা পুৰণি বিদ্যালয়কে আদৰ্শ বিদ্যালয়লৈ পৰিৱৰ্তিত কৰিব পৰা যায়।
- সন্তোষজনক শিক্ষণৰ পৰিকাঠামোৰ বাহিৰেও খেলা-ধূলা আৰু আন আন আনুসাংগিক কাৰ্য্যকলাপৰ ব্যৱস্থাও থাকিব লাগিব। খেলা-ধূলা, বিনোদন আৰু ভ্ৰমণ বা ক্ষেত্ৰ অধ্যয়নৰ দৰে ব্যৱস্থা থাকিব লাগিব। খেল-পথাৰ প্ৰেক্ষাগৃহ আদিৰ সুবিধা থাকিব লাগিব।
- পাঠ্যক্ৰম স্থানীয় পৰিস্তিতি আৰু পৰিৱেশৰ লগত খাপখোৱা হব লাগিব। কাৰ্য্যকলাপ ভিত্তিত শিক্ষণ ব্যৱস্থা থাকিব লাগিব।
- এই বিদ্যালয়বোৰত ICTৰ যথেষ্ট সুবিধা, ইন্টাৰনেট সংযোগ আৰু পূৰ্ণসময়ৰ কম্পিউটাৰ শিক্ষক থাকিব লাগিব।
- শিক্ষক আৰু ছাত্ৰৰ অনুপাত ১:২৫তকৈ অধিক হব নোৱাৰিব। ৩০ জন ছাত্ৰ-ছাত্ৰী সুবিধাজনকভাৱে বহিব পৰাকৈ শ্ৰেণী কোঠাবোৰ আহল-বহল হব লাগিব। শ্ৰেণীকোঠাৰ অনুপাত কোনোপধ্যেই ১:৪০তকৈ অধিক হব নোৱাৰিব।
- প্ৰতিটো বিষয়ৰ শিক্ষকৰ উপৰিও এই আদৰ্শ বিদ্যালয়সমূহত কলা আৰু সংগীতৰ শিক্ষক একোজনকৈ থাকিব লাগিব। ভাৰতীয় ঐতিহ্য আৰু শিল্প কলা চৰ্চা কৰাৰ সুবিধা থাকিব লাগিব।
- আদৰ্শ বিদ্যালয়সমূহত বিজ্ঞান, গণিত আৰু ইংৰাজী বিষয়ৰ শিক্ষাত অধিক গুৰুত্ব দিব পৰা যায়। কোনোবা বিষয়ত দূৰ্বল ছাত্ৰ-ছাত্ৰী থাকিলে তেওঁলোকৰ বাবে সেতু পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব পৰা যায়।
- বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিতৰত নেতৃত্বৰ বিকাশ, দলগত মানসিকতা, অংশ লোৱাৰ ক্ষমতা, সাধাৰণ দক্ষতা আৰু বাস্তৱ জীৱনৰ সৈতে মুখামুখী হব পৰা সক্ষমতা গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় আহিলা থাকিব লাগে।
- এই বিদ্যালয়সমূহত স্বাস্থ্য শিক্ষা আৰু স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা থাকিব।
- ছাত্ৰ আৰু শিক্ষকৰ বাবে কিতাপ আৰু আলোচনী থকা একোটা পুথিভৰাল থাকিব।
- পাঠ্যক্ৰমৰ অবিচ্চেদ্য অংশ হিচাপে ক্ষেত্ৰ অধ্যয়ন আৰু শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা থাকিব লাগিব।
- শিক্ষাৰ মাধ্যমৰ বিষয়টোত ৰাজ্য চৰকাৰে সিদ্ধান্ত লব। তথাপিও ইংৰাজী শিক্ষণ আৰু ইংৰাজী কোৱাটোত বিশেষ গুৰুত্ব দিয়া হব।
- কেনে ধৰণৰ পৰীক্ষা পৰিষদে এনে স্কুলৰ পৰীক্ষা পদ্ধতিৰ সেইটো ৰাজ্য চৰকাৰে সিদ্ধান্ত লব।
- স্বাধীনভাৱে পতা পৰীক্ষাৰ যোগেৰে ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত কৰা হব।
- ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি স্বাধীনভাৱে শিক্ষক আৰু অধ্যক্ষৰ নিযুক্তি দিব পাৰিব।
- আদৰ্শ বিদ্যালয়বোৰো উপযুক্ত অগ্ৰগামী কাম-কাজ কৰিব যাতে প্ৰতিবেশী আন বিদ্যালয়বোৰো ইয়াৰ পৰা উপকৃত হয়।
কাৰ্য্যকৰীকৰণ
মুঠ ৬০০০ আদৰ্শ বিদ্যালয়ৰ ভিতৰত ২৫০০ খন বিদ্যালয় শৈক্ষিকভাৱে পাছপৰা খণ্ডসমূহত কেন্দ্ৰীয় বিদ্যালয়ৰ আৰ্হিত স্থাপন কৰা হব। আন ২৫০০ খন বিদ্যালয় ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰত স্থাপন কৰা হব বাকী থকা ১০০০ বিদ্যালয়ৰ স্থাপনৰ ক্ষেত্ৰত বৰ্তমানেও কোনো ধৰণৰ সিদ্ধান্ত লোৱা হোৱা নাই।
কেন্দ্ৰীয় বিদ্যালয়ৰ আৰ্হিত স্থাপন হব লগা আদৰ্শ বিদ্যালয় ২৫০০ খন ৰাজ্য চৰকাৰৰ অধীনত থাকিব।
স্থান: ২৫০০ খন আদৰ্শ বিদ্যালয় শিক্ষাত পাছপৰা খণ্ডত স্থাপন কৰা হব।
ভূমি: এই বিদ্যালয় স্থাপনৰ বাবে ভূমি চিনাক্তকৰণ আৰু ভূমিৰ ব্যৱস্থা ৰাজ্য চৰকাৰে বিনামূল্যে কৰিব।
বিদ্যালয়সমূহৰ চিনাক্তকৰণৰঃ প্ৰতি ৰাজ্যত কিমান খনকৈ আদৰ্শ বিদ্যালয় হব-সেই সংখ্যা ভাৰত চৰকাৰৰ মানব সম্পদ উন্নয়ন মন্ত্ৰালয়ে ঠিক কৰিব। ইয়াৰ পিছত ৰাজ্য চৰকাৰে কোনো বাধ্যবাধকতা নথকাকৈ মুক্তভাৱে নতুন বিদ্যালয় স্থাপন কৰিব নে বৰ্তমানৰ বিদ্যালয়বোৰ আদৰ্শ বিদ্যালয়লৈ পৰিবৰ্তন কৰিব সেয়া সিদ্ধান্ত লব।
শিক্ষাদানৰ মাধ্যম: শিক্ষাদানৰ মাধ্যমৰ বিষয়টোত ৰাজ্য চৰকাৰে সিদ্ধান্ত লব। তথাপিও ইংৰাজী বিষয়ৰ শিক্ষা আৰু ইংৰাজী ভাষাত কথা-বতৰা পাতিব পৰাটোত বেছি গুৰুত্ব দিয়া হব।
শ্ৰেণীসমূহ: ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত ষষ্টমানৰ পৰা দ্বাদশ শ্ৰেণীলৈকে থাকিব আৰু প্ৰতিটো শ্ৰেণীত দুটাকৈ ভাগ থাকিব। আঞ্চলিক মাধ্যমৰ বিদ্যালয়ৰ ক্ষেত্ৰত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ থাকিব পাৰে।
পৰিচালনা: কেন্দ্ৰীয় বিদ্যালয়সমূহৰ দৰে ৰাজ্য চৰকাৰৰ সমিতি এখনে এই বিদ্যালয়বোৰ পৰিচালনা কৰিব।
নিৰ্মাণকাৰ্য্য:
- বিদ্যালয় ভৱনৰ নিৰ্মাণকাৰ্য্য ৰাজ্যিক সমিতিখনে কৰোৱাব।
- কেন্দ্ৰীয় বিদ্যালয় সংগঠন/ৰাজ্যিক গড়কাপ্তানি বিভাগৰ মানদণ্ড মতে নিৰ্মাণ হব।
- ৰাজ্য চৰকাৰে এই নিৰ্মাণ কাৰ্য্য কোনো ব্যক্তিগত প্ৰতিস্থানৰ যোগেৰেও মানদণ্ড মতে কৰিব পাৰে।
নামভৰ্ত্তি:
- কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ দৰেই নামভৰ্ত্তিৰ পৰীক্ষাৰ ফলাফল অনুসৰি আসন পুৰণ কৰিব পৰা যাব। ৰাজ্য চৰকাৰৰ আৰক্ষণ নীতি প্ৰযোজ্য থাকিব।
- বিদ্যালয় ভৱন ভূমিকম্প প্ৰতিৰোধ হব লাগিব। উপযুক্ত অগ্নি সুৰক্ষাৰ ব্যৱস্থা থাকিব লাগিব।
- সৌৰ শক্তি আৰু পুনঃনবীকৰণ শক্তিৰ ব্যৱহাৰত উত্সাহিত কৰা হব আৰু যিমান সম্ভৱ পৰা যায় তেনে ধৰণে ভৱনৰ আৰ্হি প্ৰস্তুত হব লাগে।
ৰাজ্যত কেন্দ্ৰীয় বিদ্যালয় মান সম্পন্ন ২৫০০ খন বিদ্যালয় স্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ভূমিকা
- নতুনকৈ স্থাপন কৰাই হওঁক বা বৰ্তমানৰ বিদ্যালয়ক পৰিৱৰ্তন কৰাই হওঁক এই আদৰ্শ বিদ্যালয়সমূহ ৰাজ্য চৰকাৰে স্থাপন কৰিব আৰু চলাব।
- ৰাজ্য চৰকাৰে এনে বিদ্যালয় সমূহ সম্পূৰ্ণ হোৱাৰ পাছত ইয়াৰ পৰিচালনাৰ দ্বায়িত্ব কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ দৰে সমিতিক হস্তান্তৰ কৰিব।
- প্ৰয়োজন সাপেক্ষে ৰাজ্য চৰকাৰে বিদ্যালয়ৰ বাবে ভূমিৰ ব্যৱস্থা কৰিব লাগিব।
- ৰাজ্য চৰকাৰে প্ৰকল্পৰ কাৰ্য্যকৰী কৰণৰ সময়সীমা উল্লেখ কৰি জমা দিব লাগিব যাতে প্ৰকল্পটো সময়সীমাৰ ভিতৰত সম্পূৰ্ণ হৈ উঠে।
- ভূমিৰ পৰিমাণ কেন্দ্ৰীয় বিদ্যালয়/নৱোদয় বিদ্যালয়ৰ মানৰ হব লাগিব যদিও ভূমিৰ অভাৱ বা ভূমিৰ উপযুক্ত মানৰ অভাৱৰ বাবে অলপ সালসলনি হব পাৰে।
- এই বিদ্যালয়্সমূহ শিক্ষাৰ ক্ষেত্ৰত পিছপৰা খণ্ডত স্থাপন কৰা হব আৰু অনুসূচী ৫ত উল্লেখিত অঞ্চলক অগ্ৰাধিকাৰ দিয়া হব। বৰ্তমানৰ বিদ্যালয়ৰ উন্নিতকৰণ বা পৰিৱৰ্তনৰ ক্ষেত্ৰত আশ্ৰম বিদ্যালয়সমূহক অগ্ৰাধিকাৰ দিয়া হব।
- যিবোৰ সমিতিয়ে এই বিদ্যালয়সমূহে পৰিচালনা কৰিব-বিদ্যালয়ৰ ভৱন সেই সমিতিয়েই নিৰ্মাণ কৰোৱাব। গতিকে ৰাজ্য চৰকাৰৰ বিত্ত বিনিয়োগৰ অংশ এই সমিতিলৈ হস্তান্তৰ কৰিব লাগিব।
- ৰাজ্য চৰকাৰে ৰাজহুৱা ব্যক্তিগত খণ্ডক নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব দিব পাৰে আৰু বাৰ্ষিক ভিত্তিত হোৱা খৰছ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সমান সমান অংশত বহন কৰিব পাৰে।
- ৰাজ্যিক, জিলা আৰু খণ্ড পৰ্য্যায়ত উপযুক্ত তদাৰক সমিতি ৰাজ্য চৰকাৰে গঠন কৰি দিব। ৰাজ্যিক পৰ্য্যায়ৰ তদাৰক সমিতিত কেন্দ্ৰীয় চৰকাৰৰ সদস্যও থাকিব
- বিদ্যালয়ৰ বাবে অস্থায়ী স্থান বিচৰা হব আৰু সুবিধা হ’লে বৰ্তমানৰ কেন্দ্ৰীয় বিদ্যালয় আদিত অস্থায়ীভাৱে বিদ্যালয় আৰম্ভ কৰিব পৰা যাব পাৰে।
অৰ্থব্যৱস্থাৰ ধৰণ
১১শ ৫ম বাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত মূলধনৰ ৭৫ শতাংশ কেন্দ্ৰীয় চৰকাৰে বহন কৰিব আৰু ২৫ শতাংশ ৰাজ্য চৰকাৰে বহন কৰিব লাগিব। আবৰ্তিত(ৰেকাৰিং) খৰছবোৰ ৭৫:২৫ অনুপাতত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বহন কৰিব। ১২শ ৫ম বাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ব্যয়ৰ অংশ ৫০:৫০ হব। বিশেষ গুৰুত্ব দিয়া ৰাজ্যবোৰৰ এই অনুপাত ৯০:১০ হব।
খৰছৰ ধৰণ
- কেন্দ্ৰীয় বিদ্যালয়ৰ আৰ্হিত ষষ্ট শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ প্ৰতিটো শ্ৰেণীৰ দুটাকৈ ভাগ থকা বিদ্যালয় এখন স্থাপন কৰিবলৈ প্ৰায় ৩.০২ কোটি টকাৰ প্ৰয়োজন হব বুলি কেন্দ্ৰীয় বিদ্যালয় সংগঠনে হিচাপ কৰি উলিয়াইছে। আৱৰ্তনৰ খৰছ প্ৰতি বছৰে প্ৰায় ০.৭৫ কোটি টকা হবগৈ।
- বৰ্তমানৰ পৰিচালনাৰ খৰছ আৰু বৰ্তমানৰ নিৰ্মাণকাৰ্য্যৰ খৰছৰ ভিত্তিত এই হিচাপ উলিওৱা হৈছে।
- কেন্দ্ৰীয় বিদ্যালয়, জৱাহাৰ নৱোদয় বিদ্যালয় আৰু ৰাজ্য চৰকাৰৰ বিদ্যালয় স্থাপনৰ প্ৰকৃত খৰছ কেন্দ্ৰীয় গড়কাপ্তানী বিভাগৰ মূল্য তালিকাৰ হিচাপত হব। ওপৰত এটা থুলমূল হিচাপহে দাঙি ধৰা হৈছে।
উৎস: ভাৰত চৰকাৰ।