অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জিলা শিক্ষা তথ্য প্ৰণালী(U-DISE)সপ্তাহ:

জিলা শিক্ষা তথ্য প্ৰণালী(U-DISE)সপ্তাহ:

 

২৪ নৱেম্বৰ-৩০ নৱেম্বৰ ২০১৭

জিলা শিক্ষা তথ্য প্ৰণালীৰ অধীনত চৰকাৰী/প্ৰাদেশীকৃত, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত, সাহায্যপ্ৰাপ্ত, ব্যক্তিগত খণ্ড, স্বীকৃতিপ্ৰাপ্ত, পৌৰসভাৰ দ্বাৰা পৰিচালিত, চাহ বাগিচাৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ তলত উল্লেখিত তথ্যসমূহ সংগ্ৰহ কৰা হয়:

ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি, শিক্ষক-শিক্ষয়ত্ৰীৰ সংখ্যা, ছাত্ৰ-শিক্ষকৰ অনুপাত, শ্ৰেণীকোঠা, খোৱাপানীৰ ব্যৱস্থা, ছাত্ৰ-ছাত্ৰীৰ শৌচাগাৰ, বিদ্যালয় খেলপথাৰ, বিদ্যালয় পুথিভঁৰাল, ৰান্ধনিশাল আদি।

জিলা শিক্ষা তথ্য প্ৰণালী সপ্তাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ:

  • তথ্যসমূহ প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সামৰি প্ৰাথমিক বিদ্যালয়, প্ৰাথমিকৰ লগতে উচ্চ প্ৰাথমিক বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা সংগ্ৰহ কৰা হ’ব।
  • উপৰিউক্ত জৰীপৰ ভিত্তি তাৰিখ হ’ব ৩০ ছেপ্তেম্বৰ, ২০১৭ চন। প্ৰ-পত্ৰত ইতিমধ্যে পূৰ্বে পূৰাই থোৱা তথ্যসমূহৰ শুদ্ধতা নিশ্চিত কৰিব লাগিব।
  • এই তথ্যসমূহ ২৪ নৱেম্বৰ তাৰিখৰ পৰা ৩০ নৱেম্বৰ, ২০১৭ তাৰিখলৈ হ’বলগীয়া ‘ইউ-ডাইছ’ জৰীপৰ বিদ্যালয় কৰ্তৃপক্ষই নিৰ্দ্ধাৰিত প্ৰ-পত্ৰ(Data Capture Format)ৰ যোগেদি সংগ্ৰহ কৰি অসম সৰ্বশিক্ষা অভিযান মিছন তথা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ সংশ্লিষ্ট বিষয়াক নিৰ্ধাৰিত সময়মতে যোগান ধৰাটো বাধ্যতামূলক।
  • স্থানীয় ৰাইজ আৰু সংশ্লিষ্ট বিদ্যালয় পৰিচালনা সমিতিয়ে অঞ্চলটোৰ ‘বিদ্যালয়লৈ নোযোৱা’(Never enrolled) আৰু ‘আধাতে বিদ্যালয় এৰা’(School drop-out) শিশুৰো এখন পৃথক তালিকা প্ৰস্তুত কৰিব। এনে শিশুসকলক বয়স অনুযায়ী বিদ্যালয়ত আৰু ‘বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ’ত নামভৰ্তি কৰাৰ ব্যৱস্থা প্ৰদান কৰিব।
  • ‘ছাত্ৰ-ছাত্ৰীৰ তথ্য ব্যৱস্থাপনা প্ৰণালী’(Student Database Management Information System):
  • প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰ তথ্যসমূহ যেনে- তেওঁলোকৰ ব্যক্তিগত তথ্য, বিদ্যালয়ৰ সামগ্ৰিক তথ্য, বিগত বৰ্ষত লাভ কৰা সা-সুবিধাসমূহ উল্লেখ কৰিবলৈ প্ৰতিখন বিদ্যালয়ক অনুৰোধ জনোৱা হ’ল।
  • শিক্ষাৰ অধিকাৰ আইন, ২০০৯ৰ অধীনত আগবঢ়োৱা সা-সুবিধাসমূহ যথাযথভাৱে লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ বিতং তথ্য যোগান ধৰাটো বাধ্যতামূলক।

আহক, আমি সকলোৱে জিলা শিক্ষা তথ্য প্ৰণালী(U-DISE) সপ্তাহ পালনত সক্ৰিয় সহযোগিতা আগবঢ়াও আৰু আমাৰ শিশুসকলৰ শিক্ষা গ্ৰহণৰ মৌলিক অধিকাৰ সাব্যস্ত কৰা অভিযানৰ অংশীদাৰ হওঁ।

উৎস: শিক্ষা বিভাগ, অসম চৰকাৰ

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate