অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পঢ়ে ভাৰত বঢ়ে ভাৰত আঁচনি :

পঢ়ে ভাৰত বঢ়ে ভাৰত আঁচনি :

 

শিক্ষা হৈছে প্ৰগতিৰ দুৱাৰ। আজিৰ শিশুক উন্নত মানৰ শিক্ষা প্ৰদানৰ জৰিয়তে তেওঁলোকৰ ভৱিষৎ উজ্জ্বল কৰাৰ লগতে দেশৰো বিকাশ ত্বৰাম্বিত কৰিব পৰা যাব, কাৰণ আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। শিক্ষাৰ প্ৰসাৰৰ বাবে যিকেইখন কল্যাণকামী আঁচনি ৰুপায়ণ কৰিছে তাৰ ভিতৰত ‘পঢ়ে ভাৰত বঢ়ে ভাৰত’ এখন উল্লেখযোগ্য আঁচনি। ‘পঢ়ে ভাৰত বঢ়ে ভাৰত’ শীৰ্ষক কল্যাণকামী আঁচনিখন ২০১৪ চনত উদ্বোধন কৰিছিল তদানীন্তন মানৱ সংসাধন উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীয়ে। এই আঁচনিখন সৰ্বশিক্ষা মিছনৰ অন্তৰ্গত। এই কল্যাণকামী আঁচনিৰ অধীনত যিসকল ল’ৰা-ছোৱালীৰ প্ৰাথমিক শিক্ষা লৈ থকাৰ সময়ত পঢ়াত অসুবিধা পোৱা আৰু আন বিষয়সমুহতো ভাল নহয় তেনে ল’ৰা-ছোৱালীক পঢ়া আৰু লিখাৰ ক্ষেত্ৰত দক্ষ কৰাৰ লগতে গণিত কৌশলসমুহৰ ওপৰত শিক্ষা প্ৰদান কৰা হ’ব। বিশেষকৈ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক সামৰি লোৱা হ’ব। এই পঢ়ে ভাৰত বঢ়ে ভাৰত আঁচনিৰ বাবে ৰাজ্যসমুহলৈ ৭৬২ কোটি টকাৰ পুঁজি আবণ্টন দিয়া হৈছে। ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমুহৰ বাবে ২৩৫২.৫৭ কোটি টকাৰ পুঁজিও আবণ্টন দিছে, যাতে আঁচনিখন সঠিক দিশত ৰুপায়ণ কৰাৰ লগতে উন্নতমানৰ কাৰ্যসুচী অনুষ্ঠিত কৰি আঁচনিখনক আৰু অধিক কাৰ্যক্ষম কৰিব পাৰে। উক্ত আঁচনিৰ অধীনত আদৰ্শ পৰিৱেশৰ লগতে যথেষ্ট সুবিধা প্ৰদান কৰা হয়, বিশেষকৈ ল’ৰা- ছোৱালীৰ কিতাপ-পত্ৰ আৰু লিখন সামগ্ৰীসমুহ সময়মতে যোগান ধৰা হয়। তেওঁলোকে সময়মতে পাঠদানৰ লগতে আঁচনিখন সফল কৰিবলৈ গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰিব লাগিব। উক্ত কাৰ্যসুচীৰ অধীনত নতুন শিক্ষকসকলক সুন্দৰভাৱে মুল্যাংকন কৰিব লাগিব। শিক্ষণ কাৰ্য মাতৃভাষাত প্ৰদান কৰিব লাগিব। উক্ত আঁচনি ৰুপায়ণৰ প্ৰধান বৈশিষ্ট্যই হৈছে ল’ৰা-ছোৱালীক বুদ্ধিমান আৰু আত্মনিৰ্ভৰশীল পঢ়ুৱৈ আৰু লেখক সৃষ্টি কৰা। সকলো বয়সৰ ল’ৰা-ছোৱালীক উন্নতমানৰ শিক্ষা প্ৰদান কৰাটো এই কাৰ্যসুচীৰ অন্যতম লক্ষ্য। উক্ত আঁচনিৰ অধীনত দেশৰ স্কুলসমুহত উন্নতমানৰ শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলক পঢ়ন, লিখন আৰু কৌশলগত শিক্ষা প্ৰদান কৰি তেওঁলোকৰ ভৱিষ্যৎ জীৱন উজ্জ্বল কৰাৰ উদ্দেশ্যে আঁচনিখন গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক উক্ত আঁচনিখন সঠিক দিশত আগবঢ়াবলৈ সহায়-সহযোগিতা প্ৰদান কৰি আহিছে। উক্ত আঁচনিৰ বিষয়ে বিত্ংভাৱে জানিবলৈ মানৱ সংসাধন বিকাশ মন্ত্ৰালয়ৰ লগত যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate