অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰাথমিক শিক্ষা আইন

অসমত ১৯২৬ চনত প্ৰথমবাৰৰ বাবে বাধ্যতামূলক প্ৰাথমিক শিক্ষা আইন গ্ৰহণ কৰা হয়। স্বাধীনত্তোৰ কালতো চৰকাৰে এনে ব্যৱস্থাৰ ওপৰত জোৰ দিয়ে। ইয়াৰ এটি চমু বিৱৰণ তলত ডাঙি ধৰা হৈছে।

অসম প্ৰাথমিক শিক্ষা আইন ১৯২৬-

এই আইনখনত গ্ৰহণ কৰা কেতবোৰ মূল ব্যৱস্থা তলত সংক্ষেপে উল্লেখ কৰা হৈছে।

v  এই আইনখন সমগ্ৰ অসমৰ বাবে প্ৰযোজ্য হ’ব।

v  ৬ বছৰৰ পৰা ১১ বছৰ বয়সলৈকে ল’ৰা-ছোৱালীৰ শিক্ষা বাধ্যতামূলক কৰা হ’ব।

v  স্থানীয় কৰ্তৃপক্ষই তিনিভাগৰ দুভাগ ভোটৰ সমৰ্থনত নিজ নিজ অঞ্চলত এই বাধ্যতামূলক শিক্ষা ব্যৱস্থা কৰিব পাৰিব।

v  ইয়াৰ বাবে প্ৰয়োজন হোৱা টকা পইচাৰ সকলো হিচাব আৰু তাৰ সংগ্ৰহৰ উপায় আদিৰ বিষয়ে স্থানীয় কৰ্তৃপক্ষই চৰকাৰক জনাব লাগিব।

v  স্থানীয় কৰ্তৃপক্ষই প্ৰয়োজনমতে স্থানীয়ভাৱে শিক্ষা কৰ ধাৰ্য্য কৰিব পাৰিব।

v  স্থানীয় কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত আৰু স্বীকৃত প্ৰাপ্ত স্কুলৰ কোনো ছাত্ৰৰ পৰা শিক্ষা মাচুল গ্ৰহণ নকৰিব।

v  শিক্ষা কমিটিৰ অনুমোদন ক্ৰমে দুখীয়া ল’ৰা-ছোৱালীৰ কিতাপ পত্ৰ আৰু শিক্ষাৰ আহিলা আদিৰো স্থানীয় কৰ্তৃপক্ষই যোগান ধৰিব।

v  এই আইন বলবত্ কৰাৰ ক্ষেত্ৰত স্থানীয়ভাৱে শিক্ষা-কমিটিৰ সম্পূৰ্ণ দায়িত্ব থাকিব।

v  তেওঁলোকে স্কুলৰ ছাত্ৰ সংখ্যা, আহিলা-পাতি, স্কুলঘৰ নিৰ্মাণ আৰু শিক্ষক নিযুক্তি আদি সম্বন্ধেও দায়িত্ব গ্ৰহণ কৰিব।

এই আইনৰ পৰিণতিঃ

আইনখন চৰকাৰীভাৱে গ্ৰহণ কৰা হ’ল যদিও অসমৰ কোনো ঠাইতে ইয়াক কাৰ্য়কৰী কৰা নহ’ল। স্থানীয় কৰ্তৃপক্ষবোৰক প্ৰাথমিক শিক্ষা পৰিচালনা কৰা আৰু নিজ নিজ অঞ্চলত বাধ্যতামূলক কৰি তোলাৰ ক্ষমতা দিয়া হয় যদিও এই ক্ষমতা কোনো ঠাইতে তেওঁলোকে প্ৰয়োগ কৰিব নোৱাৰিলে। এই ব’ৰ্ডবোৰৰ সদস্যসকল আছিল শিক্ষা পৰিচালনাৰ ক্ষেত্ৰত অনভিজ্ঞ। চৰকাৰে দিব খোজা আৰ্থিক সাহায্যৰ পৰিমাণো আছিল নিচেই তাকৰ। স্কুলৰ সংখ্যাও আছিল নিচেই কম আৰু তাত ছাত্ৰ উপস্থিতিৰ পৰিমাণো আছিল সামান্য। আইনৰ যোগে বাধ্যতামূলক ব্যৱস্থা কৰিলেও প্ৰাথমিক শিক্ষাৰ প্ৰতি জনসাধাৰণৰ প্ৰয়োজনীয় সজাগ আৰু সচেতনতাৰ বিশেষ অভাৱ দেখা গৈছিল। ইয়াৰ প্ৰধান কাৰণ আছিল ব্যাপক পৰিসৰৰ প্ৰাপ্তবয়স্ক লোকৰ নিৰক্ষৰতা। এনেবোৰ কাৰণকেই এই আইনখনৰ ব্যৰ্থতাৰ কাৰণ স্বৰূপে উল্লেখ কৰিব পাৰি। সেয়েহে ক’ব লাগিব যে অসমত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰি তোলাৰ বাবে ১৯২৬ চনৰ আইনখন প্ৰকৃতপক্ষে সময়োপযোগী হৈ উঠা নাই।

অসম প্ৰাথমিক শিক্ষা আইন ১৯৪৭ চনঃ

দেশ স্বাধীন হোৱাৰ পিছত অসমৰ প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰি তোলাৰ বাবে পুনৰ চৰকাৰী প্ৰচেষ্টা চলোৱা হয়। এই মৰ্মে ১৯৪৭ চনত প্ৰাথমিক শিক্ষা আইন গৃহীত কৰা হয়। এই আইনমতে প্ৰাথমিক শিক্ষাৰ প্ৰশাসনীয় দায়িত্ব স্থানীয় শিক্ষা কৰ্তৃপক্ষবোৰৰ হাতৰ পৰা তুলি দি নতুনকৈ স্থাপন হোৱা ৰাজ্যিক প্ৰাথমিক পৰিষদৰ হাতত দিয়া হয়। শিক্ষা পৰিদৰ্শকসকলৰ নিজ নিজ অঞ্চলত আঞ্চলিক পৰিষদ গঠন কৰা হয় আৰু একো একোজন উপস্থিতি বিষয়া নিযুক্ত কৰা হয়। সেই অনুক্ৰমে গাওঁ আৰু নগৰ অঞ্চলৰ কেইখনমান নিৰ্বাচিত ঠাইত ৬-১১ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক ব্যৱস্থা প্ৰৱৰ্তনো কৰা হয়। কিন্তু পিছলৈ এই আইন বলবত্ কৰি ৰাখিব পৰা নহয়।

অসম বুনিয়াদী শিক্ষা আইন ১৯৫৪ চনঃ

ভাৰত স্বাধীন হোৱাৰ পিছত কংগ্ৰেছী চৰকাৰে গান্ধীজীৰ বুনিয়াদী শিক্ষা ব্যৱস্থাক ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা স্বৰূপে গঢ় দি তুলিবলৈ তত্পৰ হৈ উঠে। পূৰ্বৰ প্ৰাথমিক স্কুলৰ শিক্ষা ব্যৱস্থা বুনিয়াদী ৰূপত গঢ়ি তুলিবৰ বাবে ১৯৫৪ চনৰ ছেপ্তেম্বৰ মাহত আইন প্ৰণয়ন কৰা হয়। এই আইনক অসম বুনিয়াদী শিক্ষা আইন নামে জনা যায়। ইয়াৰ কেতবোৰ বিশেষ নিৰ্দেশাৱলী নিম্নলিখিতভাৱে বৰ্ণনা কৰিব পাৰি।

  • এই আইন সমগ্ৰ অসমতে প্ৰযোজ্য হ’ব আৰু ইয়াৰ যোগেদি বুনিয়াদী শিক্ষা সাৰ্বজনীন আৰু বিনামূলীয়া কৰি তোলা হ’ব।
  • ৰাজ্য চৰকাৰে জাননী দিয়া সময়ৰে পৰা এই আইন বলবত্ হ’ব।
  • ৰাজ্যিক শিক্ষা মন্ত্ৰীক সভাপতি স্বৰূপে লৈ বুনিয়াদী শিক্ষাৰ এখন ৰাজ্যিক পৰিষদ গঠন কৰা হ’ব।
  • এই পৰিষদে ৰাজ্য চৰকাৰক শিক্ষা সম্বন্ধীয় অনুদান, প্ৰশাসন, শিক্ষক প্ৰশিক্ষণ আৰু পাঠ্যপুথি নিৰ্বাচন আদি সম্বন্ধে পৰামৰ্শ দিব।
  • ৰাজ্যিক শিক্ষা পৰিষদে শিক্ষাধিকাৰৰ (ডি পি আই) দায়িত্বত এটা পূঁজি গঠন কৰিব।
  • জিলাৰ বিভিন্ন অঞ্চলত উপ-পৰিদৰ্শকৰ অধীনত আঞ্চলিক বুনিয়াদী শিক্ষা পৰিষদ গঠন কৰিব।
  • স্কুল পৰিষদবোৰে বুনিয়াদী স্কুল স্থাপন, ইয়াৰ স্বীকৃতি প্ৰদান, প্ৰশাসন, বিকাশ সাধন আৰু স্কুল সংযোগকৰণ, শিক্ষক নিযুক্তি স্কুলৰ আহিলা-পাতি যোগান আদিৰ দায়িত্ব গ্ৰহণ কৰিব।
  • বুনিয়াদী স্কুলৰ অন্তৰ্ভুক্ত কৰিব লগা স্কুলবোৰ

  • এই আইনৰ মতে বুনিয়াদী স্কুলৰ অন্তৰ্ভুক্ত কৰিব লগা স্কুলবোৰ হৈছে-

(ক) সকলো চৰকাৰী আৰু বেচৰকাৰী এম.ভি. স্কুল।

(খ) সকলো প্ৰাথমিক আৰু বুনিয়াদী স্কুল।

(গ) আন আন বেচৰকাৰী প্ৰাথমিক স্কুল।

  • চৰকাৰে নিৰ্ধাৰণ কৰি জাননী দিয়া এটা নিৰ্দিষ্ট স্তৰলৈকে শিক্ষা মাচুল ৰেহাই দিব লাগে।
  • ৰাজ্যিক চৰকাৰে কোনো এটা অঞ্চলত বুনিয়াদী শিক্ষা কোনো এটা নিৰ্দিষ্ট স্তৰলৈকে বাধ্যতামূলক বুলি ঘোষণা কৰিব লাগে।
  • স্কুল পৰিষদৰ পৰামৰ্শ ক্ৰমে চৰকাৰে কোনো শিশুক ব্যৱস্থাৰ পৰা ৰেহাই দিব পাৰে।
  • কোনো অভিভাৱকে ছাত্ৰক স্কুলৰ নিয়মিত উপস্থিতৰপৰা বিৰত কৰিব নোৱাৰিব।
  • এই আইন কাৰ্যকৰী কৰিবৰ বাবে চৰকাৰে প্ৰয়োজন হ’লে স্থানীয়ভাৱে শিক্ষা-কৰ লগাব পাৰিব।
  • চৰকাৰে ছাত্ৰৰ বয়স, পাঠ্যক্ৰম, শিক্ষা-কাল আৰু শিক্ষাৰ মান সম্বন্ধে প্ৰয়োজনীয় নিয়ম কৰিব পাৰিব।

এই আইনৰ পৰিণতিঃ

এই বুনিয়াদী শিক্ষা আইনখনৰ যোগেদি অসম চৰকাৰে প্ৰাথমিক স্কুলৰ সাংগঠনিক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰে। পূৰ্বৰ প্ৰাথমিক স্কুলবোৰ বুনিয়াদী স্কুললৈ ৰূপান্তৰ কৰিবলৈ লোৱা হয়। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক স্কুলবোৰক ক্ৰমে নিম্ন বুনিয়াদী আৰু উচ্চ বুনিয়াদী নাম দিয়া হয়। শিক্ষক প্ৰশিক্ষণৰ বাবে বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ আদিও স্থাপন কৰা হয়। এখন প্ৰশিক্ষণ কলেজ আৰু ১৯ খন প্ৰশিক্ষণ স্কুলো স্থাপন কৰা হয়। কিন্তু তথাপিও বুনিয়াদী শিক্ষাৰ ব্যৱস্থা সৰ্বসাধাৰণ লোকৰ গ্ৰহণযোগ্য হৈ নুঠে। সকলোবোৰ প্ৰাথমিক স্কুল বুনিয়াদী স্কুললৈ ৰূপান্তৰ কৰাৰ পূৰ্বেই জনসাধাৰণৰ মাজত এই শিক্ষাৰ বিৰূপ মনোভাৱ গঢ়ি উঠে। বুনিয়াদী শিক্ষা কেৱল গাঁৱৰ দুখীয়া পিচপৰা শ্ৰেণী লোকৰ বাবেহে, নগৰ অঞ্চলৰ লোকৰ বাবে নহয়- এনে এক মনোভাৱ তেওঁলোকৰ মনত সোমাই পৰে। ইয়াৰ ফলত এই শিক্ষা বাধ্যতামূলক কৰি তোলাটো বাবেই আনকি ইয়াৰ গ্ৰহণ যোগ্যতাও সন্দেহজনক হৈ পৰে। ইয়াৰ উপৰি বুনিয়াদী শিক্ষাৰ দৰ্শন সৰ্বসাধাৰণ লোকে বুজি পোৱা নাছিল। তেওঁলোকে ইয়াক উচ্চ শিক্ষাৰ অনুপযোগী কেৱল ল’ৰা-ছোৱালীক বৃত্তিয় শিক্ষা দিয়া স্কুল বুলি ভুল ধাৰণা কৰি উঠিছিল। হস্ত শিল্পৰ শিক্ষা ব্যৱস্থাও আছিল ব্যয়বহুল আৰু সহযোগিতাৰ অভাৱত ১৯৫৪ চনৰ এই আইনখনো কাৰ্য্যকৰী কৰিব পৰা নহ’ল। কেৱল গাঁৱলীয়া অঞ্চলতেই ইয়াৰ পৰিসৰ আৱদ্ধ হৈ থাকি প্ৰাথমিক শিক্ষাৰ ব্যৱস্থাত এক খেলিমেলিৰহে সৃষ্টি কৰিলে। অৱশেষত এনে এক অৱস্থা গুচাই পূৰ্বৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাকেই পুনৰ প্ৰবৰ্তন কৰিবলৈ চৰকাৰে ১৯৬২ চনত পুনৰ এখন আইন প্ৰস্তুত কৰিব লগা হ’ল।

অসম প্ৰাথমিক শিক্ষা আইন ১৯৬২ চনঃ

এই শিক্ষা আইনৰ মূল উদ্দেশ্য হৈছে প্ৰাথমিক শিক্ষাৰ এক শক্তিশালী আৰু কাৰ্য্যক্ষম প্ৰশাসন যন্ত্ৰ গঢ় দি তোলা আৰু বিনামূলীয়া বাধ্যতামূলক শিক্ষাৰ প্ৰবৰ্তনত জোৰ দিয়া। ১৯৫৪ চনৰ বুনিয়াদী শিক্ষা আইনৰ ব্যৰ্থতা দূৰ কৰিবলৈকে পুনৰ এই প্ৰাথমিক শিক্ষা আইন প্ৰবৰ্তন কৰা হয়। ইয়াৰ যোগেদি পূৰ্বৰ সকলো বুনিয়াদী আৰু অবুনিয়াদী স্কুলকেই প্ৰাথমিক স্কুল স্বৰূপে স্বীকৃতি দিয়া হয়। এই আইনৰ নিৰ্দেশাৱলী তলত সংক্ষেপে বৰ্ণনা কৰা হৈছে।

  • স্বায়ত্ব শাসিত জিলা কেইখনৰ বাহিৰে সমগ্ৰ অসমতে এই আইন কাৰ্যকৰী কৰা হ’ব।
  • প্ৰাথমিক শিক্ষাৰ ৰাজ্যিক পৰিষদ (ষ্টেট ব’ৰ্ড অব এলিমেণ্টাৰী এডুকেশ্যন)) এখন গঠন কৰা হ’ব।
  • এই পৰিষদে ৰাজ্যিক চৰকাৰক শিক্ষা পৰিচালনা, নিয়ন্ত্ৰণ আৰু প্ৰসাৰ লাভ কৰণৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব।
  • ৰাজ্যিক শিক্ষা মন্ত্ৰীক পৰিষদৰ সভাপতি স্বৰূপে লৈ শিক্ষা উপমন্ত্ৰী শিক্ষাধিকাৰসকল, মনোনীত স্কুল পৰিদৰ্শক, বিধান সভাৰ সদস্য আৰু আন আন সদস্যৰ সৈতে এই পৰিষদ গঠিত হ’ব। এওঁলোকৰ কাৰ্য্যকাল হ’ব পাঁচ বছৰ।
  • ৰাজ্যিক পৰিষদে শিক্ষা শিতানত ব্যয় কৰিবৰ বাবে এটা শিক্ষা-নিধি গঠন কৰে।
  • এই আইন কাৰ্যকৰী হোৱাৰ লগে লগে স্থানীয় কৰ্তৃপক্ষৰ হাতৰ পৰা টাউন-কমিটি আৰু গাঁও পঞ্চায়তৰ হাতলৈ প্ৰাথমিক শিক্ষাৰ দায়িত্ব হস্তান্তৰিত হ’ব।
  • ৰাজ্যিক চৰকাৰে জাননীৰ যোগেদি কোনো এক নিৰ্দিষ্ট স্থানৰ প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিব পাৰিব।
  • ৰাজ্যিক পৰিষদ অথবা স্থানীয় কৰ্তৃপক্ষই পৰিচালনা কৰা প্ৰাথমিক স্কুলৰ ছাত্ৰৰ পৰা মাচুল লব নালাগিব।
  • বাধ্যতামূলক কৰা অঞ্চলৰ যিসকল অভিভাৱকে ছাত্ৰ-ছাত্ৰীক বিনা কাৰণত স্কুললৈ নপঠায় তেওঁলোকে সৰ্বাধিক ৫০ টকালৈকে জৰিমনা দিব লাগিব।
  • প্ৰাথমিক স্কুলৰ প্ৰশাসন, পৰিচালনা, পৰিদৰ্শন আৰু শিক্ষক-প্ৰশিক্ষণ আদি কাৰ্যৰ দায়িত্ব আৰু কৰ্তৃত্ব চৰকাৰৰ হাতত থাকিব।
  • খণ্ড-উন্নয়ন বিষয়াই গাঁও পঞ্চায়ত আৰু ৰাজ্যিক শিক্ষা পৰিষদৰ মাজত সমন্বয় ৰক্ষা কৰি কাম কৰিব।
  • এই শিক্ষা আইনৰ যোগেদি সকলো চৰকাৰী আৰু বেচৰকাৰী এম.ভি. স্কুল, উচ্চ বুনিয়াদী স্কুল, মাদ্ৰাছা স্কুল আৰু সকলো সাহায্য প্ৰাপ্ত প্ৰাথমিক বুনিয়াদী স্কুল ইয়াৰ অন্তৰ্ভুক্ত হ’ব।

এই আইনৰ পৰিণতিঃ

অসমৰ প্ৰাথমিক শিক্ষাৰ পৰিচালনাৰ ভাৰ এই আইনৰ যোগেদি প্ৰাদেশিক চৰকাৰ আৰু স্থানীয় কৰ্তৃপক্ষ স্বৰূপে পঞ্চায়তৰ হাতত যুটীয়াভাৱে অৰ্পণ কৰা হয়। চৰকাৰক দিহা-পৰামৰ্শ দি সহায় কৰিবলৈ ৰাজ্যিক প্ৰাথমিক শিক্ষা পৰিষদ গঠন কৰা হয়। উল্লেখযোগ্য যে ১৯২৬ চনৰ আইনত প্ৰাথমিক শিক্ষাৰ দায়িত্ব কেৱল স্থানীয় কৰ্তৃপক্ষৰ হাতত এৰি দিয়া হোৱা বাবে এই ক্ষেত্ৰত বেমেজালিৰ সৃষ্টি হৈছিল। ইতিমধ্যে ১৯৫৯ চনত পঞ্চায়ত আইন গ্ৰহণ কৰা হয়। ফলত পূৰ্বৰ ল’কেল ব’ৰ্ডৰ পৰিৱৰ্তে পঞ্চায়তবোৰেই স্থানীয় কৰ্তৃপক্ষ স্বৰূপে গণ্য হয়। সেইবাবে পঞ্চায়তবোৰে প্ৰাথমিক শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰে। এই পঞ্চায়তবোৰো পূৰ্বতে থকা স্থানীয় কৰ্তৃপক্ষবোৰৰ দৰেই অনভিজ্ঞ যদিও এইবোৰক সহায় কৰিবলৈ খণ্ড-উন্নয়ন বিষয়া আৰু ৰাজ্যিক চৰকাৰেও পূৰ্বৰ দৰে প্ৰাথমিক শিক্ষাত গা এৰা দিয়া নীতি গ্ৰহণ কৰিব নোৱাৰে। কাৰণ শিক্ষা পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষ হৈছে ৰাজ্যিক শিক্ষামন্ত্ৰী আৰু উপ-শিক্ষামন্ত্ৰী। বাধ্যতামূলক নীতি বলবত্ কৰা, শিক্ষকসকলৰ চাকৰি আৰু প্ৰশিক্ষণৰ দায়িত্ব লোৱা, পৰিদৰ্শনৰ ব্যৱস্থা কৰা, পাঠ্যক্ৰম নিৰ্দ্ধাৰণ কৰা আৰু আৰ্থিক অনুদান আদি দায়িত্ব চৰকাৰৰ হাতত থাকে। সেয়েহে ক’ব পাৰি যে পূৰ্বৰ প্ৰশাসনীয় দোষ-ত্ৰুটি গুচাবৰ বাবে এই আইনখনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াক দৃঢ়তাৰে কাৰ্যকৰী কৰাৰ ওপৰতে এই আইনৰ কৃতকাৰ্য্যতাও নিৰ্ভৰ কৰে। বৰ্তমান অসমৰ প্ৰাথমিক শিক্ষাৰ প্ৰশাসন আৰু পৰিচালনা এই আইনৰ মতেই চলি আছে। ইয়াৰ ফলত প্ৰাথমিক শিক্ষাৰ অগ্ৰগতি আগতকৈ কিছু উন্নত হোৱা বুলিও ক’ব পাৰি। তলত দিয়া পৰিসাংখ্যিক তথ্যৰ পৰা এই কথা লক্ষ্য কৰিব পাৰি।

বছৰ

স্কুলৰ সংখ্যা

ছাত্ৰ সংখ্যা

শিক্ষকৰ সংখ্যা

১৯৫০-৬০

১৫,৯০৯

১১,২৫,৫৮৪

২৬,৩৫৪

১৯৬৫-৬৬

১৮,৯২৮

১৪,৪২,৭৭১

৩৪,৯৮৩

১৯৬৮-৬৯

১৯,৬১১

১,৫২,০৯৪

৩৪,৯৮৩

যতীন বৰুৱা

উত্সঃ প্ৰাৰম্ভিক শিক্ষাতত্ত্ব আৰু বুৰঞ্জী



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate