অসমত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰসাৰৰ বাবে লোৱা ব্যৱস্থাসমুহৰ আঁত ধৰে মুখ্যত: অসম বিজ্ঞান আৰু প্ৰযুক্তি পৰিষদে। ইতিমধ্যে বিভাগটোৱে হাতত লোৱা পদক্ষেপসমুহ হ’ল-
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ (খণ্ড পৰ্যায়ৰ)-
অসমৰ ২১৯ টা উন্নয়ন খণ্ডত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে একো একোটা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ স্থাপন কৰিছে।
বিজ্ঞান আৰু গণিত সহায়ক: অসমৰ ১২৬ টা বিধানসভা সমষ্টিত একো একোজনকৈ বিজ্ঞান আৰু গনিত সহায়ক নিযুক্তি দিয়া হৈছে।
জিলা বিজ্ঞান কেন্দ্ৰ: ২৩ খন জিলা সদৰত একোটাকৈ জিলা বিজ্ঞান কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ হৈছে।
তাৰকাগৃহ: বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে ৬ টা নতুন তাৰকাগৃহ ডিফু, বঙাইগাওঁ, শিলচৰ, কলিয়াবৰ, আমিনগাওঁ আৰু মাজুলীত স্থাপনৰ ব্যৱস্থা কৰিছে। নলবাৰী, লখিমপুৰ আৰু কোকৰাঝাৰত তাৰকা গৃহ নিৰ্মাণৰ কাম সম্পুৰ্ণ হোৱাৰ পথত। গুৱাহাটী আৰু যোৰহাট তাৰকাগৃহ চলি আছে। ইংৰাজী ২০১৭ বৰ্ষৰ ৪ ডিচেম্বৰ তাৰিখে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে যুটীয়াভাৱে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত এটি উদ্ভাৱন হাবৰ আধাৰশিলা স্থাপন কৰে।
বিজ্ঞান মহানগৰী: বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনত কামৰুপ জিলা (মহানগৰ ) ৰ সোণাপুৰত এখন বিজ্ঞান মহানগৰী নিৰ্মাণৰ কাম চলি আছে।
বিদ্যালয় উদ্ভিদ বৈচিত্ৰ্য কেন্দ্ৰ: অসমৰ সকলো জিলাত ২.৬৫ লাখ ব্যয়ৰে একোটাকৈ উদ্ভিদ বৈচিত্ৰ্য কেন্দ্ৰ স্থাপনৰ উদ্যোগ লোৱা হৈছে আৰু ইতিমধ্যে ১৬ টা কেন্দ্ৰৰ অনুমোদন দিয়া হৈছে।
মুখ্য মন্ত্ৰীৰ বিজ্ঞান দৰ্শন আঁচনিখনৰ জৰিয়তে পঞ্চায়তীৰাজ আৰু গ্ৰাম্য শিশুসকলৰ মাজত বিজ্ঞান সজাগতা সৃষ্টি কৰিবলৈ পদক্ষেপ লোৱা হৈছে।
জনসাধাৰণৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰসাৰৰ বাবে প্ৰতি বছৰে একোখন ৰাজ্যিক ভিত্তিত বিজ্ঞান মেলা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল আৰু সেই মৰ্মে ইংৰাজী ২০১৭ বৰ্ষৰ ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক বিজ্ঞান মেলা অনুষ্ঠিত হৈ যায়।
বিজ্ঞান দিৱস: অসম চৰকাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি উক্ত দিনটোতে বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সফল হোৱা দুগৰাকী ব্যক্তি আৰু এটি সংগঠন/ প্ৰতিষ্ঠানক ২০১৭ বৰ্ষৰ পৰা প্ৰতি বছৰে বিজ্ঞান বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত লৈছে।
ভুবন ৰাজ্যিক কেন্দ্ৰ প্ৰতিষ্ঠা: ভাৰত চৰকাৰৰ দুৰ সংৱেদন প্ৰয়োগ কেন্দ্ৰৰ জৰিয়তে ৰাজ্যিক ভিত্তিত এক ভুৱন পঞ্চায়ত নোদ (Node)স্থাপন কৰা হৈছে। ইয়াৰ জৰিয়তে অসমৰ নাগৰিকে মহাকাশ প্ৰযুক্তিৰ সহায়ত আহৰণ কৰা তথ্যসমুহ পৰিকল্পনা আৰু উন্নয়নৰ বাবে ব্যৱহাৰ কৰা সুবিধা পাব।
দক্ষতা প্ৰক্ষিণৰ কাৰ্যসুচী: এই কাৰ্যসুচীৰ দ্বাৰা নিবনুৱাসকলক বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়া হয় যাতে তেওঁলোক নিজে বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’ব পাৰে।
গৱেষণা আৰু উন্নয়ন কাৰ্যসুচী: ইয়াৰ জৰিয়তে বিভিন্ন বিষয়ৰ গৱেষণা আৰু উন্নয়নমুলক কামসমুহ কৰা হয়।
সা-সৰঞ্জাম উন্নয়ন আৰু সেৱাকেন্দ্ৰ: এই কেন্দ্ৰৰ জৰিয়তে মহাবিদ্যালয়সমুহত থকা সা-সৰঞ্জামবোৰ উন্নয়ন আৰু মেৰামতি কৰা হয়।
অনাতাঁৰ জ্যোতিৰ্বিজ্ঞান কেন্দ্ৰ: এই কেন্দ্ৰৰ জৰিয়তে সুৰ্যৰ বিভিন্ন পৰিঘটনা, বিকিৰণ আদি অধ্যয়ন কৰা হয়।
ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান প্ৰকল্প: এই প্ৰকল্পৰ দ্বাৰা স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ বিজ্ঞান প্ৰকল্পৰ বাবে আৰ্থিক অনুদান দিয়া হয়।
পেটেণ্ট তথ্য কেন্দ্ৰ: আমাৰ ৰাজ্যত স্থাপিত পেটেণ্ট তথ্য কেন্দ্ৰৰ দ্বাৰা বৌদ্ধিক সম্পদ অধিকাৰৰ বিষয়ে গুৰুত্ব সহকাৰে প্ৰচাৰৰ বাবে পদক্ষেপ লৈছে যাতে গ্ৰাম্য অঞ্চলত ইয়াৰ প্ৰভাৱ অধিক ফলপ্ৰসু হয়।
শিশু বিজ্ঞান সমাৰোহ: শিশুৰ বিজ্ঞান মানসিকতাৰ প্ৰতি ধাউতি যোগোৱা।
প্ৰাগজ্যোতিষ এমেচাৰ জ্যোতিৰ্বিজ্ঞান সন্থা: জনসাধাৰণ তথা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয়কৰণৰ অৰ্থে আকাশ দৰ্শনৰ বিভিন্ন কাৰ্যসুচী ৰাজ্যখনত গ্ৰহন কৰে।
গুৱাহাটী জৈৱ-প্ৰযুক্তি উদ্যান: গুৱাহাটী জৈৱ-প্ৰযুক্তি উদ্যান ২০১৭-১৮ বিত্তীয় বৰ্ষত কামৰুপ জিলাৰ আমিনগাঁৱত ৩৪.৭৮ কোটি টকা ব্যয় সাপেক্ষে ‘প্ৰযুক্তি উমনি কেন্দ্ৰ’ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত ২০১৭-১৮ বিত্তীয় বৰ্ষত ১০.০০ কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে।
(ক) মইনা পাৰিজাত
(খ) মহাবিদ্যালয়ৰ দ্বাৰা গ্ৰামীণ বিদ্যালয়সমুহত বিজ্ঞান
(গ) উদ্ভাৱন, প্ৰযুক্তি উদঘাটন আৰু সজাগতা প্ৰকল্প।
উৎস: ৰাইজৰ বাতৰি
শেহতীয়া উন্নীতকৰণ: : 3/12/2020