মাধ্যমিক পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীক ICT ত দক্ষ কৰি তুলিবলৈ আৰু ICTৰ সহায়ত শিক্ষা গ্ৰহণৰ সুযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০০৪ চনত বিদ্যালয়সমূহত “বিদ্যালয়ত তথ্য আৰু যোগাযোগ প্ৰযুক্তি” নামৰ আঁচনি আৰম্ভ কৰে। এই আঁচনিখনে বিভিন্ন আৰ্থ-সামাজিক পৰিস্থিতি আৰু ভৌগলিক ভিন্নতাৰ বাধাৰ প্ৰাচীৰ অতিক্ৰম কৰি শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত এক ডিজিটেল সেতুবন্ধনৰ অনুঘটক হিচাপে কাম কৰে। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহক স্থায়ী কম্পিউটাৰ পৰীক্ষাগাৰ স্থাপনত সাহাৰ্য্য দিয়ে। এই আঁচনিয়ে কেন্দ্ৰীয় বিদ্যালয় আৰু নৱোদয় বিদ্যালয়সমূহক SMART বিদ্যালয় স্থাপন কৰাৰ লক্ষ্য লৈছে যাতে ই প্ৰযুক্তি প্ৰদৰ্শক হিচাপে কাষৰীয়া অঞ্চলৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ICTৰ প্ৰসাৰৰ বাবে অগ্ৰনী ভূমিকা লব পাৰে। বৰ্তমানে এই আঁচনি চৰকাৰী আৰু চৰকাৰৰ সাহাৰ্য্যপ্ৰাপ্ত মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহত ৰূপায়ণ কৰা হৈছে। কম্পিউটাৰ আৰু আনুসাংগিক উপকৰণৰ ব্যৱস্থা কৰা, শিক্ষামূলক চফটৱেৰ, শিক্ষকক প্ৰশিক্ষণ আৰু ইন্টাৰনেট সংযোগৰ বাবে এই আঁচনিৰ যোগেৰে সাহাৰ্য্য প্ৰদান কৰা হয়। বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিবৰ নেতৃত্বত থকা প্ৰকল্প পৰ্য্যবেক্ষণ আৰু মূল্যায়ণ গোটৰ অনুমোদনৰ ভিত্তিত ৰাজ্য চৰকাৰ আৰু আন প্ৰতিস্থানসমূহক বিত্তীয় সাহাৰ্য্য প্ৰদান কৰা হয়।
সামাজিক ৰূপান্তৰ আৰু ৰাষ্ট্ৰীয় উন্নতিৰ ক্ষেত্ৰত তথ্য আৰু যোগাযোগ প্ৰযুক্তি এটা সাৰ্বজনীনভাৱে জ্ঞাত এটা অনুঘটক। ICTৰ বাবে সাজু হোৱা আৰু ইয়াৰ অসমভাৱে ব্যৱহাৰ দেশৰ অৰ্থনৈতিক উন্নতি আৰু উত্পাদন শীলতাত প্ৰভাৱ পেলাব পাৰে।
দেশৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে ICTক ভালদৰে বুজা আৰু ইয়াৰ সুবিধা লোৱাটো অতি প্ৰয়োজন।
ভাৰতত ICTৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভৌগলিক আৰু জনগাঠনিৰ ভিত্তিত এক বিৰাট অসমতা দেখা যায়। ICTত দক্ষ কৰ্মীৰ সংখ্যা অধিক থকা দেশবোৰৰ ভিতৰত ভাৰতবৰ্ষও এখন। বাংগালোৰ, গুৰগাঁও আদিৰ দৰে প্ৰযুক্তি কেন্দ্ৰীক ঠাইসমূহ আৰু আৰ্থিকভাৱে উচ্চ মধ্যবিত্ত লোকসকলৰ মাজত ICTৰ ব্যৱহাৰ অতি বেছি দেখা পোৱা যায়। ইয়াৰ বিপৰীতে ভাৰতবৰ্ষত এক বৃহত্ এলেকাৰ লোকে আনকি সাধাৰণ টেলিফোনৰ যোগাযোগ ব্যৱস্থাৰ পৰাও বঞ্চিত।
তথ্য প্ৰযুক্তি আৰু চফটৱেৰ উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় টাক্স-ফৰ্চ-১৯৯৮ চনৰ জুলাইত প্ৰধান মন্ত্ৰীয়ে গঠন কৰা কমিটিয়ে সকলো শিক্ষা প্ৰতিস্থানত বিদ্যালয়্সমূহকে ধৰি ITৰ ব্যৱস্থা কৰিবলৈ বিশেষভাৱে পৰামৰ্শ কৰিছে। ইয়াৰ সংশ্লিষ্ট কিছু অংশ তলত দিয়া হ’লঃ
কম্পিউটাৰ কিনিবলৈ ইচ্চুক ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু বিদ্যালয়ৰ বাবে যথাক্ৰমে বিদ্যাৰ্থী কম্পিউটাৰ আঁচনি, শিক্ষক কম্পিউটাৰ আঁচনি আৰু বিদ্যালয় কম্পিউটাৰ আঁচনি নামৰ তিনিখন আঁচনিৰ যোগে অতি আকৰ্ষনীয় আৰ্থিক ব্যৱস্থাৰে কম্পিউটাৰ কিনিব পৰাৰ ব্যৱস্থা আছে। এই আঁচনিবোৰ সফল কৰাত কম দামত কম্পিউটাৰ, সহজ কিস্তিত বেংকৰ ঋণ, IT কোম্পানী, ব্যৱসায়িক প্ৰতিস্থান, প্ৰৱাসী ভাৰতীয় আদিৰ দ্বাৰা বুজন পৰিমাণৰ কম্পিউটাৰ দান, কম দামত অধিক সংখ্যক কম্পিউটাৰ আমদানি, বিভিন্ন উত্সৰ পৰা আৰ্থিক সাহাৰ্য্য আদিয়ে সহায় কৰিব।
২০০৩ চনৰ ভিতৰত সকলো বিদ্যালয়, অভিযান্ত্ৰিক প্ৰতিস্থান, মহাবিদ্যালয়, অসামৰিক চিকিত্সালয় আদিত কম্পিউটাৰ আৰু ইন্টাৰনেটৰ ব্যৱস্থা কৰা হব।
SMART বিদ্যালয়ৰ ধাৰণাত কেৱল তথ্য প্ৰযুক্তিত প্ৰসাৰ কৰাই নহয়, ইয়াৰ মূল্যবোধ আৰু দক্ষতা আগত যুগত পথ প্ৰদৰ্শক হিচাবে ৰাখি সকলো ৰাজ্যত আৰম্ভ কৰা হব।
শিশুৰ উন্নতিকৰণৰ বাবে সাংবিধানিক অনুবিধি
ভাৰতৰ সংবিধানৰ ৰাষ্ট্ৰীয় নীতি নিৰ্দেশক ২১(ক), ২৪ আৰু ৩৯ নং অনুচ্ছেদত শিশুসকলৰ উন্নতিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।অনুচ্ছেদ ২১(ক): শিক্ষাৰ অধিকাৰ। ৰাষ্ট্ৰীয় আইন অনুযায়ী নিৰ্ধাৰণ কৰাৰ দৰে ৰাষ্ট্ৰই ৬ৰ পৰা ১৪ বছৰৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব।অনুচ্ছেদ ২৪: কাৰখানা আদিত শিশুক শ্ৰমিক হিচাপে নিয়োগ নিষেধ।
১৪ বছৰৰ তলৰ কোনো শিশুকে কাৰখানা, খনি বা আন কোনো বিপদ সংকুল কামত নিয়োগ কৰিব নোৱাৰিব।অনুচ্ছেদ ৩৯: ৰাষ্ট্ৰই তলৰ বক্তব্য নিশ্চিত কৰিবলৈ বিশেষভাৱে নীতি নিৰ্ধাৰণ কৰিব- (ই) যি পুৰুষ আৰু নাৰী কৰ্মীসকলৰ স্বাস্থ্য আৰু সমৰ্থ শক্তি, আৰু শিশুসকলৰ কম বয়সৰ অপব্যৱহাৰ নকৰে, আৰু নাগৰিকসকলৰ আৰ্থিক প্ৰয়োজনৰ বাবে এনেধৰণৰ কামত ব্যৱহাৰ কৰা নহয়-যি তেওঁলোকৰ বয়স আৰু শক্তিৰ ফালৰ পৰা অনুকূল নহয়।
শেহতীয়া উন্নীতকৰণ: : 3/8/2020