অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৰ্বশিক্ষা অভিযান

প্ৰতিজন ব্যক্তিৰ সুস্থ স্বাভাৱিক জীৱন যাপন কৰাৰ অধিকাৰ থকা উচিত। দূৰ্ভাগ্যবশতঃ এতিয়াও বিশ্বৰ বহু সংখ্যক শিশুৱে সুস্থ স্বাভাৱিক জীৱন যাপনৰ পৰা বঞ্চিত হৈয়ে ডাঙৰ-দীঘল হব ধৰিছে কাৰণ এইবোৰে নিজৰ মৌলিক অধিকাৰ আনকি প্ৰাথমিক শিক্ষাৰ পৰাও বঞ্চিত হৈছে।

বিভিন্ন শিক্ষা প্ৰকল্পৰ ফলস্বৰূপে ২০০০ চনত সন্মুখলৈ অহা ফলাফল এনে ধৰণৰ ৯৪ শতাংশ গাওঁবাসীৰ প্ৰাথমিক বিদ্যালয়ৰ দূৰত্ব ১ কিলোমিটাৰ ভিতৰত, ৮৪ শতাংশ গাওঁবাসীৰ ৩ কিলোমিটাৰৰ ভিতৰত একোখন উচ্চ বুনিয়াদী বিদ্যালয় আছে। অনুসূচীত জাতি আৰু জনজাতিৰ ছোৱালীক বিদ্যালয়ত নামভৰ্ত্তিৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। প্ৰথম পাচবছৰীয়া পৰিকল্পনাৰ সময়ছোৱাতকৈ লাহে লাহে বুনিয়াদী আৰু উচ্চ বুনিয়াদী বিদ্যালয়ত নামভৰ্ত্তিৰ হাৰ বৃদ্ধি পাইছে। সেইমতে বুনিয়াদী আৰু উচ্চ বুনিয়াদী বিদ্যালয়ৰ সংখ্যাও বাঢ়িবলৈ ধৰিছে। ১৯৫০-৫১ চনত মাত্ৰ ৩.১ নিযুত ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিক বিদ্যালয়ত নামভৰ্ত্তি কৰিছিল। ১৯৯৭-৯৮ত এই সংখ্যা ৩৯.৫ লৈ বৃদ্ধি পায়। ১৯৫০-৫১ চনত বুনিয়াদী আৰু উচ্চ বুনিয়াদী বিদ্যালয়ৰ সংখ্যা আছিল ০.২২৩ নিযুত। ১৯৯৬-৯৭ত এই পৰিমাণ ০.৭৭৫লৈ বৃদ্ধি পায়। এক আনুমানিক হিচাপ মতে ২০০২/২০০৩ বৰ্ষত ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ ৮২ শতাংশই বিদ্যালয়ত নামভৰ্ত্তি কৰিছিল। ভাৰত চৰকাৰে এই দশকৰ শেষত এই পৰিমাণ ১০০ শতাংশ কৰিবলৈ লক্ষ্য লৈছে। এই লক্ষ্যত উপনীত হবলৈ চৰকাৰে প্ৰৱৰ্তন কৰিছে:
সমগ্ৰ পৃথিৱীতে দৰিদ্ৰতা দূৰ কৰিবলৈ শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰিবলৈ আৰু প্ৰতিখন দেশৰ প্ৰতিজন লোকৰ জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ আৰু পৰিয়ালটোৰ সকলো সদস্যকে সমতা আৰু যোগাত্মক চিন্তাধাৰা জগাই তোলাতো                                 
অতি প্ৰয়োজনীয়। বিশ্বৰ সকলো শিশুকে শিক্ষা ব্যৱস্থাৰ লগত জড়িত কৰিলেহে এইটো সম্ভৱ হৈ উঠিব পাৰে। ইয়াৰ বাবে উন্নত মানদণ্ডৰ শৈক্ষিক পৰিৱেশ আৰু অতি কমেও প্ৰাথমিক শিক্ষাৰ অতি প্ৰয়োজন।

সৰ্বশিক্ষা অভিযান

প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ বাবে সৰ্বশিক্ষা অভিযান এক বিস্তাৰিত আঁচনি। এই আঁচনি জিলা ভিত্তিক, বিকেন্দ্ৰীকৃত, স্থানীয় জনগোষ্ঠীৰ দ্বাৰা বিশেষভাৱে পৰিকল্পনা কৰা, আৰু কাৰ্য্যকৰীকৰণ বিদ্যালয় ব্যৱস্থা। এই অভিযানত চৰকাৰৰ সকলো শিক্ষামূলক কাৰ্য্যকলাপ আৰু ব্যৱস্থাক সামৰি সমগ্ৰ দেশতে ৰূপায়ন কৰা হৈছে। এই অভিযানৰ অন্তৰ্গত দেশৰ সকলো ৬ৰ পৰা ১৪ বছৰ বয়সীয়া শিশুক ২০১০ চনৰ ভিতৰত কামত অহা সংগতি থকা শিক্ষা প্ৰদান কৰা হব।

সৰ্বশিক্ষা অভিযান কি?

  • প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ বাবে নিৰ্দিষ্ট সময় সীমাৰ এক কাৰ্য্যসূচী।
  • চাহিদা অনুসৰি উচ্চমানৰ প্ৰাথমিক শিক্ষা সমগ্ৰ দেশতে ব্যৱস্থা কৰা।
  • প্ৰাথমিক শিক্ষাৰ মাজেৰে সামাজিক ন্যায়ৰ সুবিধা প্ৰদান কৰা।
  • প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা ব্যৱস্থাত পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠান, বিদ্যালয় পৰিচালনা সমিতি, গাওঁ আৰু চহৰৰ বস্তি অঞ্চলৰ শিক্ষা সমিতি, অভিভাৱক শিক্ষক সংস্থা, মাতৃ শিক্ষক সংস্থা, জনজাতি স্বায়ত্ব শাসিত পৰিষদ, আৰু আন তৃণমূল পৰ্য্যায়ৰ সংগঠনবোৰক ফলপ্ৰসূভাৱে জৰিত কৰা।
  • সমগ্ৰ দেশতে সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ বাবে ৰাজনৈতিক সদ্দিচ্ছাৰ প্ৰকাশ।
  • কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনৰ অংশীদ্বাৰিত্ব।
  • প্ৰাথমিক শিক্ষাক লৈ ৰাজ্য চৰকাৰৰ নতুন সপোন ৰচাৰ সুযোগ ।

অভিযান বিজ্ঞপ্তি

সৰ্বশিক্ষা অভিযান ভাৰত চৰকাৰৰ এনে এটা অভিযান যাৰ যোগেৰে নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণ কৰা হব। সংবিধানৰ ৮৬ সংশোধিত ধাৰাৰ মতে ৬-১৪ বছৰৰ শিশুৰ সম্পূৰ্ণ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা তেওঁলোকৰ মৌলিক অধিকাৰ। ৰাজ্য চৰকাৰৰ অংশিদাৰত সমগ্ৰ ভাৰতৰ ১.১ নিযুত জনবসতি থকা ঠাইৰ ১৯২ নিযুত শিশুক এই অভিযানে সামৰি লৈছে। এই অভিযানৰ ভিতৰত বিদ্যালয় নথকা জনবসতি অঞ্চলত নতুন বিদ্যালয় স্থাপন, বৰ্তমানে থকা বিদ্যালয়সমূহত শ্ৰেণীকোঠাৰ সংযোজন, শৌচালয় নিৰ্মাণ, খোৱা পানীৰ সুবিধা, বিদ্যালয় ৰক্ষণাবেক্ষণ আৰু উন্নিতকৰণৰ বাবে বিত্তীয় ব্যৱস্থা কৰা হৈছে। পৰ্য্যাপ্ত পৰিমাণৰ শিক্ষক নথকা বিদ্যালয়ত শিক্ষক নিযুক্তি, প্ৰশিক্ষণৰ যোগেৰে শিক্ষকসকলক দক্ষ কৰি তোলা, শিক্ষণ সামগ্ৰী প্ৰস্তুতিৰ বাবে বিত্তীয় সাহাৰ্য্য প্ৰদান, স্তৰ খণ্ড জিলাই প্ৰতি শৈক্ষিক সহযোগ, আদিৰ ব্যৱস্থাও এই অভিযানৰ যোগেৰে কৰা হৈছে। দক্ষ জীৱন শৈলীৰ বাবেও এই অভিযানে প্ৰাথমিক শিক্ষাৰ মাজেৰে আশা কৰিছে। বিশেষ প্ৰয়োজন থকা শিশু আৰু কন্যা শিক্ষাৰ ক্ষেত্ৰত এই অভিযানে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। এই অভিযানে ডিজিটেল জগতলৈ সেতু হিচাপে কম্পিউটাৰ শিক্ষাৰো ব্যৱস্থা কৰিছে।

সৰ্বশিক্ষা অভিযানৰ উদ্দেশ্যে

  • সকলো শিশু যাতে বিদ্যালয়লৈ যায়, শিক্ষা নিশ্চিত কেন্দ্ৰ, বিকল্প বিদ্যালয়, পুনৰ বিদ্যালয়লৈ ঘূৰি যোৱা কৰ্মশালা ২০০৩ চনৰ ভিতৰত।
  • সকলো শিশুৱে ৫ বছৰীয়া প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিব ২০০৭ চনৰ ভিতৰত।
  • সকলো শিশুৱে ২০১০ চনৰ ভিতৰত ৮ বছৰীয়া উচ্চ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিব।
  • সন্তোষজনক উন্নতমানৰ প্ৰাথমিক শিক্ষাৰ যোগেৰে জীৱনৰ মানদণ্ড উন্নত কৰাৰ শিক্ষা প্ৰদান।
  • লিংগ আৰু জাতিগত প্ৰভেদ নেউচি সকলো শিশুকে ২০০৭ চনৰ ভিতৰত প্ৰাথমিক আৰু ২০১০ৰ ভিতৰত উচ্চ প্ৰাথমিক শিক্ষা প্ৰদান।
  • ২০১০ চনৰ ভিতৰত সকলো শিশুকে শিক্ষা ব্যৱস্থাৰ অন্তৰ্ভূক্ত কৰা।

গুৰুত্ব দিয়া বিষয়বোৰ


  • বিকল্প বিদ্যালয় ব্যৱস্থা
  • বিশেষ প্ৰয়োজন থকা শিশু
  • স্থানীয় লোকৰ মাজত সচেতনতা বৃদ্ধি
  • ছোৱালী শিশুৰ শিক্ষা
  • উন্নতমানৰ উচ্চ প্ৰাথমিক শিক্ষা

 

প্ৰতিস্থানিক সংস্কাৰ: বিভিন্ন সুবিধাসমূহ যাতে সঠিকভাৱে প্ৰদান কৰিব পৰা যায় তাৰ বাবে সৰ্বশিক্ষা অভিযানৰ অংশ হিচাপে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সংস্কাৰ হাতত লৈছে। ৰাজ্য চৰকাৰসমূহে নিজৰ শিক্ষা ব্যৱস্থা নিকাৰণৰ বাবে উদ্দেশ্যমূলক মূল্যায়নৰ ব্যৱস্থা লৈছে, এইবোৰৰ ভিতৰত আছে, শৈক্ষিক প্ৰশাসন, বিদ্যালয়ৰ উত্তৰণৰ মান, বিত্তীয় বিষয়, বিকেন্দ্ৰীকৰণ আৰু স্থানীয় ৰাইজক জৰিতকৰণ, ৰাজ্যৰ শিক্ষা আইনৰ পুনঃনিৰীক্ষণ, যুক্তিসংগত শিক্ষক নিযুক্তি, পৰ্য্যবেক্ষণ আৰু মূল্যায়ণ, নাৰী শিক্ষাৰ স্থিতি, অনুসূচীত জাতি জনজাতি আৰু অনাগ্ৰসী জনগোষ্ঠী, ব্যক্তিগত বিদ্যালয়ৰ বাবে নীতি নিৰ্দ্ধাৰণ আদি। বহুবোৰ ৰাজ্যই ইতিমধ্যেই প্ৰাথমিক শিক্ষা ব্যৱস্থা প্ৰদানৰ সুবিধাৰ বাবে যথেষ্ট সাল-সলনি কৰিছে।

সুস্থিৰ অৰ্থব্যৱস্থা: এক সুস্থিৰ অৰ্থব্যৱস্থাৰ ওপৰতে সৰ্বশিক্ষা অভিযান সফল হব। প্ৰাথমিক শিক্ষা উন্নয়নৰ বাবে অৰ্থব্যৱস্থাৰ কোনো বাধা নাহে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বত এই অভিযানৰ অৰ্থব্যৱস্থা হব।
স্থানীয় লোকৰ অভিভাকক্ত: বিকেন্দ্ৰীভূত ব্যৱস্থাৰে এই অভিযানৰ জৰিয়তে স্থানীয় লোকক বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব প্ৰদান কৰা হয়। মহিলা সমিতি, গাওঁ শিক্ষা সমিতিত সদস্য, পঞ্চায়তৰ সদস্য আদিয়ে এই দায়িত্ব বহন কৰে।

প্ৰতিস্থানিক দক্ষতা বৃদ্ধি: ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ প্ৰতিস্থান যেনে, NIEPA/NCERT/NCTE/SCERT/DIET আদিৰ দক্ষতা বৃদ্ধিৰ বাবে সৰ্বশিক্ষা অভিযানৰ এক বিৰাট ব্যৱস্থা লোৱা হৈছে। পাৰদৰ্শী ব্যক্তি আৰু প্ৰতিস্থানসমূহক যাতে উন্নতমানৰ আৰু সকলো সময়তে সহায় কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰা হৈছে।
মূলসূতিৰ শৈক্ষিক প্ৰশাসনৰ উন্নতি: বিদ্যালয়ৰ উন্নতি, নতুন চিন্তাধাৰাৰ সংযোগ, সঠিক মূল্যায়ন, উপযুক্ত পদ্ধতি প্ৰয়োগ আদিৰে মূলসূতিৰে শৈক্ষিক প্ৰশাসনৰ উন্নতিৰ ব্যৱস্থা লোৱা হৈছে।

স্থানীয় লোকৰ দ্বাৰা অতি স্বচ্ছ পৰ্য্যবেক্ষণ: এই অভিযানত স্থানীয় লোকৰ দ্বাৰা অভিযানৰ কাম-কাজবোৰৰ পৰ্য্যবেক্ষণৰ ব্যৱস্থা ৰখা হৈছে। শৈক্ষিক তথ্য পৰিচালনা পদ্ধতিৰ যোগেৰে বিদ্যালয় পৰ্য্যায়ৰ তথ্যৰ লগতে গোষ্ঠীগত তথ্য আদি সূত্ৰ পৰিকল্পনা আৰু জৰীপ যোগেৰে সংগ্ৰহ কৰা হয়। ইয়াৰ উপৰিও বিদ্যালয়সমূহক সকলো তথ্য ৰাইজৰ লগত আলোচনা কৰিবলৈ উত্সাহিত কৰা হয়। আৰ্থিক অনুদান সম্পৰ্কীয় তথ্যও ৰাইজৰ আগত ব্যক্ত কৰিব লাগে। এই তথ্যসমূহ ৰাইজে জানিব পৰাকৈ এখন জাননী ফলকত আৰি দিব পৰাৰ ব্যৱস্থাও ৰখা হৈছে।

স্থানীয় জনবসতিৰ বাবে পৰিকল্পনাঃ স্থানীয় জনবসতি অঞ্চলটোক এটা পৰিকল্পনাৰ গোট হিচাবে লৈ সৰ্বশিক্ষা অভিযানত কাম কৰাৰ সুবিধা ৰখা হৈছে। এই গোটবোৰৰ পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি জিলা পৰিকল্পনাৰ ব্যৱস্থা আছে।
স্থানীয় ৰাইজৰ ওচৰত দায়বদ্ধতাঃ সৰ্বশিক্ষা অভিযানত শিক্ষক অভিভাৱকৰ মাজত সম্পৰ্ক স্থাপনৰ উপৰিও স্থানীয় ৰাইজৰ ওচৰত স্বচ্চতা আৰু দায়বদ্ধতাৰ ব্যৱস্থা আছে।

কন্যা শিশু শিক্ষাত অগ্ৰাধিকাৰ: ছোৱালীৰ শিক্ষা, বিশেষকৈ অনুসূচীত জাতি, জনজাতি, সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীবোৰক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰাটো সৰ্বশিক্ষা অভিযানৰ এটা মূল বিষয় ।

বিশেষ গোটৰ প্ৰতি গুৰুত্ব প্ৰদানঃ অনুসূচীত জাতি, জনজাতি, সংখ্যালঘু সম্প্ৰদায়, চহৰৰ অৱহেলিত শিশু, অন্যান্য ক্ষেত্ৰত অনগ্ৰাসী শিশু, বিশেষ যত্নৰ প্ৰয়োজন থকা শিশু আদিক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বিশেষভাৱে জড়িত কৰা আৰু অংশ লোৱাত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়।

পূৰ্ব-প্ৰকল্পৰ পৰ্য্যায়: সৰ্বশিক্ষা অভিযানত সমগ্ৰ দেশতে প্ৰকল্প পূৰ্বে প্ৰস্তুতিৰ কাম আৰম্ভ কৰা হয় যাতে প্ৰকল্পৰ মূল পৰ্য্যায় কাৰ্য্যকৰীকৰণত কোনো ধৰণৰ বাধাৰ বা সমস্যাৰ সৃষ্টি নহয়। প্ৰকল্পৰ প্ৰতিটো বিষয় পুংশানুপুংশভাৱে পৰ্য্যালোচনা কৰা হয়। দক্ষতা বৃদ্ধি, সুবিধা প্ৰদান আৰু পৰ্য্যবেক্ষণ ব্যৱস্থা শক্তিশালী কৰা হয়। ঘৰে ঘৰে জৰীপ, জনগোষ্ঠীভিত্তিক ক্ষুদ্ৰ পৰিকল্পনা আৰু বিদ্যালয়ৰ মানচিত্ৰ প্ৰস্তুতি, সমাজৰ নেতৃত্ব লব পৰা ব্যক্তিক প্ৰশিক্ষণ, বিদ্যালয় পৰ্য্যায়ত বিভিন্ন কাম-কাজ, তথ্য সংগ্ৰহ ব্যৱস্থা প্ৰস্তুত কৰা, কাৰ্য্যলয়ৰ সা-সামগ্ৰী, বিশ্লেষাত্মক অধ্যয়ন আদি এই পৰ্য্যায়ত কৰা হয়।

উন্নত মানৰ প্ৰতি আস্থা: সৰ্বশিক্ষা অভিযানত শিক্ষা পদ্ধতিত উন্নত মানৰ কৰি তুলিবলৈ বিশেষ গুৰুত্ব দিয়া হয়। বিশেষকৈ শিশুসকলক নানা ধৰণৰ খেল-ধেমালিৰ মাজেৰে শিক্ষা প্ৰদান আৰু আন আন বিজ্ঞান সন্ময়ভাৱে প্ৰমাণিত শিক্ষা পদ্ধতিৰ ওপৰত আস্থা ৰাখি এই অভিযানত সন্নিবিষ্ট কৰা হৈছে।

শিক্ষকৰ ভূমিকা: সৰ্বশিক্ষা অভিযানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু কেন্দ্ৰীভূত বিষয় হ’ল শিক্ষক। সেইবাবেই এই অভিযানত শিক্ষকসকলৰ প্ৰয়োজনীয় বিকাশৰ বাবে উকালতি কৰা হয়। ইয়াৰ বাবে খণ্ড পৰ্য্যায়ত খণ্ড সমল কেন্দ্ৰ/ক্লাষ্টাৰ সমল কেন্দ্ৰ, উপযুক্তভাৱে শিক্ষিত শিক্ষক নিযুক্তি, পাঠ্যক্ৰম ভিত্তিত সমল বিকাশত শিক্ষকসকলক জড়িত কৰি শিক্ষকৰ বিকাশৰ চেষ্টা, শ্ৰেণীকোঠাৰ প্ৰক্ৰিয়াত গুৰুত্ব প্ৰদান আৰু মানৱ সম্পদ উন্নয়নৰ বাবে বিভিন্ন বিষয়ক ক্ষেত্ৰ পৰিদৰ্শনৰ ব্যৱস্থা ৰখা হৈছে।
জিলা প্ৰাথমিক শিক্ষা পৰিকল্পনা: সৰ্বশিক্ষা অভিযানত কাৰ্য্য পদ্ধতিৰ ভিতৰত প্ৰতিখন জিলাই জিলা ভিত্তিক প্ৰাথমিক শিক্ষাৰ পৰিকল্পনা প্ৰস্তুত কৰিব। প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সকলো বিনিয়োগ আৰু প্ৰয়োজনসমূহ ইয়াত অন্তৰ্ভূক্ত হব। এক দীৰ্ঘকালীন কৰ্মসূচীৰ পৰিকল্পনা ইয়াত থাকিব লাগিব যাতে এইবোৰৰ দ্বাৰা প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণত উপনীত হব পৰা যায়। প্ৰতিবছৰৰ বাবে কৰ্মসূচী আৰু বাজেট থাকিব লাগিব। অগ্ৰাধিকাৰ ভিত্তিত সম্পূৰ্ণ বছৰটোৰ বাবে কাৰ্য্যতালিকা প্ৰস্তুত কৰিব লাগিব। প্ৰকল্প কাৰ্য্যকৰীকৰণৰ সময়ত প্ৰয়োজন সাপেক্ষে এইবোৰৰ উন্নত কৰিব পৰাৰ ব্যৱস্থা থাকিব লাগিব।

সৰ্বশিক্ষা অভিযানত বিত্তীয় নীতি

  • নৱম পৰিকল্পনাত সৰ্বশিক্ষা অভিযানত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অৰ্থ অংশীদাৰি ৮৫:১৫ আছিল। দশম পৰিকল্পনাত এই অনুপাত ৭৫:২৫ কৰা হয়। ইয়াৰ পাছত কেন্দ্ৰ ৰাজ্যৰ অংশিদাৰি অনুপাত ৫০:৫০ কৰা হব।
  • ৰাজ্য চৰকাৰে প্ৰাথমিক শিক্ষাত বিনিয়োগৰ পৰিমাণ ১৯৯৯-২০০০ চনৰ দৰেই ৰাখিব। সৰ্বশিক্ষা অভিযানৰ অংশৰ পৰিমাণ ইয়াতকৈ বিনিয়োগ বেছি হব লাগিব।
  • ভাৰত চৰকাৰে এই অভিযানৰ ৰাজ্যিক পৰ্য্যায়ৰ সমিতিক চিধা চিধি অৰ্থ প্ৰদান কৰিব। ৰাজ্য চৰকাৰে নিজৰ অংশৰ ধন মোকলাই দিয়াৰ আৰু প্ৰাপ্ত মুঠ ধনৰ ৫০ শতাংশ ধনৰ উপযুক্ত হিচাপ দাখিল কৰাৰ পাছতহে ভাৰত চৰকাৰে অভিযানৰ দ্বিতীয় কিস্তিৰ ধন প্ৰদান কৰিব।
  • সৰ্বশিক্ষা অভিযানৰ অধীনত নিয়োগ কৰা শিক্ষকৰ দৰ্মহাৰ ধন কেন্দ্ৰীয় আৰু ৰাজ্যৰ মাজত এনেদৰে ভাগ হব- নৱম পৰিকল্পনাৰ কালত ৮৫:১৫, দশম পৰিকল্পনা ৭৫:২৫ আৰু ইয়াৰ পাছত ৫০:৫০।
  • এই অভিযানত বাহিৰৰ পৰা পোৱা যিকোনো সহায় গ্ৰহণৰ আগতে প্ৰয়োজনীয় সাল-সলনি কৰাটো আৰু বিশেষকৈ বিদেশী অৰ্থ-সাহাৰ্য্যৰ বিষয়ত উক্ত এজেঞ্চীবোৰৰ লগত আইনগত চুক্তি কৰি লোৱা উচিত।
  • নৱম পৰিকল্পনাৰ পাছত শিক্ষা বিভাগৰ সকলো ধৰণৰ প্ৰাথমিক শিক্ষা আঁচনি (মহিলা সুৰক্ষা, ৰাষ্ট্ৰীয় বাল্য ভৱন আদিক বাদ দি)ক সামৰি লোৱা হব। ৰাষ্ট্ৰীয় পুষ্টিকৰ খাদ্য যোগান (মিড-ডে-মিল) কাৰ্য্যসূচীত খাদ্য আৰু পৰিবহনৰ খৰছ কেন্দ্ৰীয় চৰকাৰে বহন কৰিব আৰু খাদ্য ৰন্ধনৰ দায়িত্ব ৰাজ্য চৰকাৰৰ হব।
  • জিলা শিক্ষা পৰিকল্পনাত বিভিন্ন আঁচনিৰ থকা বিত্তৰ/সমলৰ পৰিমাণৰ ক্ষেত্ৰত স্বচ্ছভাৱে উল্লেখ থাকিব লাগিব। এই আঁচনিবোৰ PMGY, JGSY, PMRY, সঞ্চিত ৰোজগাৰ যোজনা, MP আৰু MLAৰ স্থানীয় এলেকা উন্নয়ন আঁচনিৰ ধন, ৰাজ্য চৰকাৰৰ পৰিকল্পনা, বিদেশী অৰ্থ সাহাৰ্য্য আৰু বেচৰকাৰী পৰ্য্যায়ত সংগৃহিত ধন।
  • বিদ্যালয়ৰ উন্নয়ন, ৰক্ষণাবেক্ষণ, মেৰামতি আৰু, শিক্ষণ সামগ্ৰীৰ মেৰামতি আৰু স্থানীয় পৰিচালনাত খৰছ হব লগা সকলো ধন ৰাজ্য চৰকাৰে কৰি দিয়া বিকেন্দ্ৰীকৃত ব্যৱস্থাৰে গাওঁ শিক্ষা সমিতি, বিদ্যালয় পৰিচালনা সমিতি, গাওঁ পঞ্চায়ত সমিতি, গাওঁ পঞ্চায়ত বা আন কোনো বিদ্যালয় পৰ্য্যায়ৰ গোটলৈ হস্তান্তৰ কৰিব লাগিব। গাওঁ বা বিদ্যালয়ৰ গোটে এই ধন অতি উপযুক্তভাৱে ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব।
  • আন উত্সাহমূলক আঁচনি যেনে, জলপানি বিতৰণ, বিদ্যালয়ৰ পোচাক আদি ৰাজ্য চৰকাৰৰ আঁচনি মতেই চলি থাকিব। এইবোৰৰ বাবে সৰ্বশিক্ষা অভিযানে কোনো ধৰণৰ বিত্তীয় সাহাৰ্য্য নিদিয়ে।

সৰ্বশিক্ষা অভিযানত হস্তক্ষেপ ৰীতি

সৰ্বশিক্ষা অভিযানত গুৰুত্বপূৰ্ণ বিত্তীয় ৰীতি হ’ল:
হস্তক্ষেপৰ ৰীতি
১) শিক্ষক

  • বুনিয়াদী আৰু উচ্চ বুনিয়াদী বিদ্যালয়ত প্ৰতি ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে একোজন শিক্ষক।
  • প্ৰাথমিক বিদ্যালয়ত অতি কমেও দুজন শিক্ষক।
  • উচ্চ প্ৰাথমিক বিদ্যালয়ত প্ৰতিটো শ্ৰেণীৰ বাবে একোজন শিক্ষক।

২) বিদ্যালয়/বিকল্প বিদ্যালয়ৰ সুবিধা

  • জনবসতি অঞ্চল প্ৰতি এক কিলোমিটাৰৰ ভিতৰত এখন বিদ্যালয়।
  • ৰাজ্য চৰকাৰৰ নিয়ম অনুসৰি নতুন বিদ্যালয় স্থাপনৰ ব্যৱস্থা বা বিদ্যালয় নথকা জনবসতি ঠাইত EGS ধৰণৰ বিদ্যালয় স্থাপন।

৩) উচ্চ প্ৰাথমিক বিদ্যালয়/অঞ্চল
প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰা শিশুৰ সংখ্যা আৰু প্ৰয়োজন সাপেক্ষে প্ৰতি দুখন প্ৰাথমিক বিদ্যালয়ত এখন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ/বা শ্ৰেণীৰ ব্যৱস্থা কৰিব লাগিব।
৪) শ্ৰেণীকোঠা

  • নিম্ন প্ৰাথমিকেই হওঁক বা উচ্চ প্ৰাথমিকেই বিদ্যালয়েই হওঁক প্ৰতিজন শিক্ষকৰ বাবে বা প্ৰতিটো শ্ৰেণী/পৰ্য্যায়ৰ বাবে একোটাকৈ কোঠা থাকিব লাগিব। প্ৰতিজন প্ৰাথমিক বিদ্যালয়ত অতি কমেও দুজন শিক্ষক, দুটা শ্ৰেণীকোঠা আৰু বাৰান্দাৰ ব্যৱস্থা থাকিব লাগিব।
  • প্ৰতিখন উচ্চ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ বাবে একোটা কোঠালী থাকিব লাগিব।

৫) বিনামূলীয়া পাঠ্যপুথি

  • প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্য্যায়ৰ প্ৰতি গৰাকী ছাত্ৰী/অনুসূচীত জাতি, জনজাতি ছাত্ৰ-ছাত্ৰীৰ বাবে জনে প্ৰতি ১৫০ টকালৈকে ব্যৱস্থা থাকিব।
  • ৰাজ্য চৰকাৰে বৰ্তমানে চলি থকা বিনামূলীয়া পাঠ্যপুথি যোগান ব্যৱস্থা অব্যাহত ৰাখিব।
  • যদি কোনো ৰাজ্য চৰকাৰে প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যপুথি ৰেহাই মূল্যত ছাত্ৰ-ছাত্ৰীক যোগান ধৰি আছে তেন্তে সৰ্বশিক্ষা অভিযানৰ অন্তৰ্গত সেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসমূহে বহন কৰিব লগা ধনৰ পৰিমাণ প্ৰদান কৰা হব।

৬) নিৰ্মাণকাৰ্য্য

  • অভিযানৰ মুঠ খৰছৰ ৩৩ শতাংশকৈ অধিক ব্যয়ৰে নিৰ্মাণকাৰ্য্য কৰিব নোৱাৰিব। এই পৰিমাণ ২০১০ চনৰ ভিতৰত পৰিকল্পিত ব্যয়ৰ পৰিমাণ PAB এ অনুমোদন কৰিছে।
  • এই ৩৩ শতাংশৰ ব্যয়ৰ ভিতৰত ৰক্ষণাবেক্ষণ আৰু ভৱন মেৰামতিৰ ব্যয়ৰ হিচাব নাহিব।
  • কিছুমান বিশেষ ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত বাৰ্ষিক পৰিকল্পিত ধনৰ ৪০ শতাংশলৈকে নিৰ্মাণকাৰ্য্যত ব্যৱহাৰ কৰিব পাৰিব, কিন্তু সমগ্ৰ প্ৰকল্প ব্যয়ৰ ৩৩ শতাংশকৈ অধিক হব নোৱাৰিব।
  • বিদ্যালয়ৰ ব্যৱস্থা উন্নতকৰণৰ বাবে, খণ্ড সমল কেন্দ্ৰ/ক্লাষ্টাৰ সমল কেন্দ্ৰ নিৰ্মাণ।
  • ক্লাষ্টাৰ সমল কেন্দ্ৰক অতিৰিক্ত কোঠা হিচাপে ব্যৱহাৰ কৰিব পৰা যায়।
  • কাৰ্য্যালয় ভৱন নিৰ্মাণৰ বাবে কোনো ধৰণৰ ব্যয় কৰিব নোৱাৰিব।
  • পৰিকাঠামোৰ পৰিকল্পনা জিলা পৰ্য্যায়ত হব।

৭) বিদ্যালয় ভৱনৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতি

  • কেৱল বিদ্যালয় পৰিচালনা সমিতি/গাওঁ শিক্ষা সমিতিৰ যোগেৰে হব।
  • বিদ্যালয় সমিতিয়ে দিয়া নিৰ্দিষ্ট প্ৰস্তাৱৰ বিপৰীতে প্ৰতি বছৰে ৫০০০ টকালৈকেহে ব্যয় কৰিব পাৰিব। ৰাইজৰ সহায় সহযোগ/দান বৰঙণি জৰিত কৰিব লাগিব।
  • নিৰ্মাণকাৰ্য্যৰ বাবে নিৰ্দ্ধাৰিত ৩৩ শতাংশৰ ভিতৰত মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ খৰছ সংলগ্ন নহব।
  • যিবোৰ বিদ্যালয়ৰ নিজা ভৱন আছে তেওঁলোককহে অনুদান দিয়া হ’ব।

৮) EGS সমূহক নিয়মীয়া বিদ্যালয়লৈ উন্নীতকৰণ বা ৰাজ্যৰ নীতি অনুসৰি নতুন প্ৰাথমিক বিদ্যালয় স্থাপন কৰা।

  • প্ৰতিখন বিদ্যালয়ৰ বাবে TLE ১০,০০০ টকাৰ ব্যৱস্থা থাকিব।
  • স্থানীয় পৰিস্থিতি আৰু চাহিদাৰ ভিত্তিত TLE নিৰ্ধাৰিত হব।
  • TLEৰ নিৰ্বাচন আৰু সংগ্ৰহৰ ক্ষেত্ৰত শিক্ষক আৰু অভিভাৱকক জৰিত কৰিব লাগিব। গাওঁ শিক্ষা সমিতি/ বিদ্যালয় পৰ্য্যায়ৰ উপযুক্ত সমিতিয়ে উন্নতমানৰ মডেল নিৰ্বাচন আৰু সংগ্ৰহ কৰিব।
  • দুবছৰলৈ ভালভাৱে চলি থকা EGS কেন্দ্ৰবোৰহে উন্নিত কৰা হব।
  • শিক্ষক আৰু শ্ৰেণীকোঠাৰ সুবিধা থাকিব।

৯) উচ্চ প্ৰাথমিকৰ বাবে TLE

  • খোলা থকা বিদ্যালয়ৰ প্ৰতিখনৰ বাবে ৫০,০০০ টকা।
  • শিক্ষক আৰু বিদ্যালয় সমিতিয়ে স্থানীয় চাহিদা অনুসৰি সিদ্ধান্ত লব।
  • বিদ্যালয় সমিতিয়ে শিক্ষকৰ লগত আলোচনা কৰি নিৰ্দ্ধাৰণ কৰি সংগ্ৰহ কৰিব।
  • বিশেষ সুবিধা আৰু লাভজনক হ’লে বিদ্যালয় সমিতিয়ে জিলা পৰ্য্যায়ত সংগ্ৰহৰ ব্যৱস্থা কৰিব পাৰে।

হস্তক্ষেপৰ ৰীতি 
১০) বিদ্যালয়ৰ অনুদান

  • বিদ্যালয়ৰ বেয়া হোৱা সামগ্ৰীবোৰ সলনি কৰিবলৈ প্ৰতিবছৰে প্ৰতিখন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ক ২০০০ টকাকৈ দিয়া হব।
  • অৰ্থব্যৱহাৰৰ ক্ষেত্ৰত স্বচ্ছতা থাকিব লাগিব।
  • গাওঁ শিক্ষা সমিতি/বিদ্যালয় পৰিচালনা সমিতিৰ দ্বাৰা ব্যয় কৰা হব।

১১) শিক্ষকৰ অনুদান

  • প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিজন শিক্ষকক প্ৰতিবছৰে ৫০০ টকাকৈ দিয়া হব।
  • ব্যৱহাৰত স্বচ্ছতা থাকিব লাগিব।

১২) শিক্ষক প্ৰশিক্ষণ

  • প্ৰতিজন শিক্ষকৰ বাবে প্ৰতিবছৰে ২০ দিনীয়া পাঠ্যক্ৰমৰ ব্যৱস্থা আছে। শিক্ষক হিচাপে নিযুক্তি পোৱা কিন্তু শিক্ষকৰ প্ৰশিক্ষণ নোলোৱা শিক্ষকৰ বাবে ৬০ দিনীয়া ৰিফ্ৰেচাৰ পাঠ্যক্ৰমৰ ব্যৱস্থা আৰু নতুন প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ বাবে ৩০ দিনীয়া অৰিয়েণ্টেছন কৰ্চৰ ব্যৱস্থা আছে। প্ৰতিজন শিক্ষকৰ বাবে প্ৰতিদিনত ব্যয় হব ৭০ টকা।
  • ব্যয়ৰ হিচাপ থুলমূলকৈ ধৰা হৈছে। অনাবাসিক প্ৰশিক্ষণৰ খৰছৰ পৰিমাণ কমিব।
  • সকলো ধৰণৰ প্ৰশিক্ষণৰ খৰছ ধৰা হৈছে।
  • প্ৰশিক্ষণৰ পৰ্য্যালোচনা কৰি গুনগত মানৰ ওপৰত ভিত্তি কৰি পৰিসৰ বৃদ্ধি কৰিব পাৰি।
  • আগতে থকা শিক্ষক প্ৰশিক্ষণ আঁচনিৰ অধীনত SCERT/DIETক সাহাৰ্য্য প্ৰদান কৰা হব।

১৩) ৰাজ্যিক শৈক্ষিক পৰিচালনা আৰু প্ৰশিক্ষণ প্ৰতিস্থান

  • ৩ কোটি টকাৰ এককালীন সাহাৰ্য্য।
  • ৰাজ্য চৰকাৰে চলাই নিবলৈ সৈমান হব লাগিব।
  • অতি কঠোৰ আৰু যথাযথভাৱে প্ৰশিক্ষক নিযুক্তিৰ ব্যৱস্থা।

১৪) স্থানীয় নেতৃত্বক প্ৰশিক্ষণ

  • প্ৰতি বছৰে ৮ গৰাকী লোকক দুদিনীয়া প্ৰশিক্ষণ পৰাপক্ষত মহিলাক অগ্ৰাধিকাৰ দিয়া হব।
  • প্ৰতিদিনে ৩০ টকাকৈ ব্যয়।

১৫) অসমৰ্থ শিশুৰ বাবে সুবিধা

  • নিৰ্দিষ্ট প্ৰস্তাৱ আৰু তথ্যৰ বিপৰীতে প্ৰতিজন অসমৰ্থ শিশুৰ বাবে প্ৰতি বছৰে ১২০০ টকাকৈ দিয়া হব।
  • বিশেষ যত্নৰ প্ৰয়োজন থকা শিশুৰ বাবে জিলা পৰ্য্যায়ত পৰিকল্পনা কৰি ১২০০ টকাকৈ প্ৰতি শিশুৰ বিপৰীতে প্ৰদান কৰা হব।
  • সংশ্লিষ্ট সমল প্ৰতিস্থানক জৰিত কৰিবলৈ উত্সাহ প্ৰদান কৰা হব।

১৬)গৱেষণা, মূল্যায়ণ, পৰিদৰ্শন আৰু পৰামৰ্শ প্ৰদান

  • প্ৰতিখন বিদ্যালয়ক প্ৰতিবছৰে ১৫০০ টকাকৈ দিয়া হব।
  • গৱেষণা আৰু সমল প্ৰতিস্থানৰ অংশিদাৰিত্ব ৰাজ্যিক ভিত্তিক গুৰুত্ব প্ৰদান কৰিব লগা বিষয়ৰ ওপৰত পাৰদৰ্শী গোট গঠন।
  • সমল প্ৰতিস্থান আৰু গৱেষণা প্ৰতিস্থানৰ যোগেৰে অনুমোদন আৰু চোৱা-চিতা কৰাৰ বাবে দক্ষতা বৃদ্ধি কৰা। এক ফলপ্ৰসূ EMIS ব্যৱস্থা কৰা।
  • ঘৰুৱা তথ্য শেহতীয়া আৰু সঠিকভাৱে ৰাখিবলৈ নিয়মীয়াকৈ বিদ্যালয় মানচিত্ৰ/ক্ষুদ্ৰ পৰিকল্পনাৰ ব্যৱস্থা।
  • পাৰদৰ্শী ব্যক্তিসকলৰ বাবে যাতায়তী খৰছ, পাৰিতোষিক, জনগোষ্ঠী সম্পৰ্কীয় তথ্য সংগ্ৰহ, গৱেষণাত্মক অধ্যয়ন, মূল্যাংকন নিৰূপণ আৰু ক্ষেত্ৰ কাৰ্য্যকলাপৰ খৰছ, পাৰদৰ্শীৰ দ্বাৰা শ্ৰেণীকোঠা পৰ্য্যবেক্ষণ আদিৰ ব্যয়।

হস্তক্ষেপৰ ৰীতি

  • প্ৰতি বিদ্যালয়ৰ বা নিৰ্দ্ধাৰিত ধনৰ পৰা ৰাষ্ট্ৰীয়, ৰাজ্যিক জিলা, মহকুমা আৰু বিদ্যালয় পৰ্য্যায়ত খৰছ কৰা হব।
  • প্ৰতিখন বিদ্যালয়ৰ বাবদ প্ৰতিবছৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ত ১০০ টকাকৈ খৰছ হব।
  • ৰাজ্যিক, জিলা, খণ্ড সমল কেন্দ্ৰ, ক্লাষ্টাৰ সমল কেন্দ্ৰ/বিদ্যালয় পৰ্য্যায়ত খৰছৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে লব। মূল্যাংকন, পৰিদৰ্শন, তথ্য সংগ্ৰহ, শ্ৰেণীকোঠা পৰ্য্যবেক্ষণ আদিৰ বাবে এই খৰছ কৰা হব। শিক্ষক শিক্ষণ আঁচনিৰ বাহিৰেও এই কামৰ বাবে SCERT ক সাহাৰ্য্য প্ৰদানৰ ব্যৱস্থা আছে।
  • বিশেষভাৱে কোনো ৰাজ্যৰ দ্বায়িত্ব লব বিছাৰিলে সমল প্ৰতিস্থানক জৰিত কৰা হব।

১৭) পৰিচালনাৰ ব্যয়

  • জিলা পৰিকল্পনাৰ বাজেটৰ ৬ শতাংশকৈ অধিক হব নোৱাৰিব।
  • এই ব্যয়ৰ ভিতৰত কাৰ্য্যালয়ৰ খৰছ, বিভিন্ন পৰ্য্যায়ৰ মানৱ সম্পদ মূল্যাংকনৰ বাবে দক্ষ ব্যক্তিৰ খৰছ, যাতায়তী আদি সোমাব।
  • কোনো বিশেষ জিলাত সম্ভৱ হ’লে অগ্ৰাধিকাৰ ভিত্তিক বিশেষজ্ঞলোকক তথ্য ব্যৱস্থাপনা প্ৰক্ৰিয়া, জনসাধাৰণকলৈ পৰিকল্পনা প্ৰস্তুতি, নিমাৰ্ণকাৰ্য্য, লিংগ আদিৰ ওপৰত কাম কৰিব পৰা যায়।
  • ৰাজ্যিক, জিলা, খণ্ড, ক্লাষ্টাৰ আদিত ব্যৱস্থাপনাৰ খৰছত ফলপ্ৰসূ উন্নয়ন দল গঠন হব লাগিব।
  • প্ৰাক প্ৰকল্প সময়ছোৱাত খণ্ড সমল কেন্দ্ৰ, ক্লাষ্টাৰ সমল কেন্দ্ৰৰ ব্যক্তিসকলক চিনাক্ত কৰিব লাগে যাতে পিছৰ পৰ্য্যায়ত দলটোৱে সঠিকভাৱে পৰিকল্পনাৰ কামবোৰ কৰি যাব পাৰে।

১৮) ছোৱালী শিক্ষা, শিশুৰ যত্ন আৰু শিক্ষা, অনুসূচীত জাতি, জনজাতিৰ ছাত্ৰ-ছাত্ৰী, উচ্চ প্ৰাথমিক পৰ্য্যায়ৰ কম্পিউটাৰ শিক্ষা আদিৰ ক্ষেত্ৰত সৃজনীমূলক কাম-কাজত উত্সাহ প্ৰদান কৰা হব।

  • এনে সৃজনীমূলক কাম-কাজৰ বাবে প্ৰতিটো প্ৰকল্পৰ বাবে ১৫ লাখ টকা আৰু প্ৰতি বছৰে প্ৰতি জিলাক ৫০ লাখকৈ টকা প্ৰদান কৰা হব।
  • বৰ্তমানে চলি থকা আঁচনিৰ পৰাই ECCE আৰু ছোৱালী শিশুৰ শিক্ষাত ব্যয় কৰা হব।

১৯) খণ্ড সমল কেন্দ্ৰ/ক্লাষ্টাৰ সমল কেন্দ্ৰ

  • সাধাৰণভাৱে প্ৰতিটো উন্নয়ন খণ্ডত একোটাকৈ খণ্ড সমল কেন্দ্ৰ স্থাপন হব। যদিহে কোনো ৰাজ্যৰ জিলাত খণ্ড পৰ্য্যায়ৰ শিক্ষা বিভাগ বা ব্যৱস্থা আছে যি ৰাজহ উন্নয়ন খণ্ডৰ লগত নিমিলে, তেন্তে ৰাজ্য চৰকাৰে তেনেবোৰ খণ্ডত খণ্ড সমল কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত লব পাৰিব। অৱশ্যে তেনে ক্ষেত্ৰত একোটা উন্নয়ন খণ্ডত থকা একোটা সমল কেন্দ্ৰতকৈ অধিক ব্যয় কৰিব নোৱাৰিব।
  • যদি সম্ভৱ হয় খণ্ড আৰু ক্লাষ্টাৰ সমল কেন্দ্ৰ বিদ্যালয়ৰ চৌহদৰ ভিতৰত কৰিব লাগিব।
  • প্ৰয়োজন সাপেক্ষে খণ্ড সমল কেন্দ্ৰৰ নিৰ্মাণৰ বাবে সৰ্বোচ্চ ৬ লাখ টকা খৰছ কৰিব পাৰিব।
  • প্ৰতিটো ক্লাষ্টাৰ সমল কেন্দ্ৰ নিৰ্মাণত ২ লাখ টকালৈকে প্ৰয়োজন সাপেক্ষে খৰছ কৰিব পাৰিব। ই বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা হিচাপে ব্যৱহূত হব লাগিব।
  • বিদ্যালয়ৰ বাহিৰে আন নিৰ্মাণ কাৰ্য্য (খণ্ড/ক্লাষ্টাৰ সমল কেন্দ্ৰ)ত প্ৰতি বছৰে মূল প্ৰকল্প ব্যয়ৰ ৫ শতাংশতকৈ অধিক ব্যয় কৰিব নোৱাৰিব।

হস্তক্ষেপৰ ৰীতি

  • প্ৰতিটো সৰু খণ্ড সমল কেন্দ্ৰ আৰু ক্লাষ্টাৰ সমল কেন্দ্ৰ লগ লগাই ১০ জন শিক্ষক, ১০০ খন বিদ্যালয়ৰ হিচাপত প্ৰতিটো খণ্ডত ২০ জন শিক্ষক নিযুক্তি হব।
  • আচবাবৰ বাবদ প্ৰতিটো খণ্ড সমল কেন্দ্ৰক ১ লাখ টকা আৰু প্ৰতিটো ক্লাষ্টাৰ সমল কেন্দ্ৰক ১০০০০ টকা দিয়া হব।
  • অনুসাংগিক খৰছৰ বাবে প্ৰতিবছৰে খণ্ড সমল কেন্দ্ৰক ১২,৫০০ আৰু ক্লাষ্টাৰ সমল কেন্দ্ৰক ২৫০০ টকা দিয়া হব।
  • সভা, যাতায়তি আদি খৰছৰ বাবদ প্ৰতি মাহে খণ্ড সমল কেন্দ্ৰক ৫০০ টকা আৰু ক্লাষ্টাৰ সমল কেন্দ্ৰক ২০০ টকা দিয়া হব।
  • প্ৰতিবছৰে খণ্ড সমল কেন্দ্ৰক ৫০০০ আৰু ক্লাষ্টাৰ সমল কেন্দ্ৰক ১০০০ টকা TLM অনুদান দিয়া হব।
  • খণ্ড সমল কেন্দ্ৰক আৰু ক্লাষ্টাৰ সমল কেন্দ্ৰৰ লোকসকলক পূৰ্ব প্ৰকল্পৰ অৱস্থাতে পুংখানুপুংখভাৱে চাই নিৰ্বাচন কৰা হব।

২০) ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় বাদ দিয়াটো বন্ধ কৰা

  • শিক্ষা নিশ্চিত আঁচনিৰ অধীনত তলত দিয়া ধৰণৰ বিকল্প বিদ্যালয় আৰু সৃষ্টিশীল শিক্ষা পদ্ধতিৰ ব্যৱস্থাৰ ফলত শিশুৱে বিদ্যালয় এৰাটো কমি গৈছে।
  • পিছপৰা অঞ্চলত শিক্ষা নিশ্চিত কেন্দ্ৰ স্থাপন
  • বিকল্প বিদ্যালয়ৰ আৰ্হি স্থাপন
  • সেতু পাঠ্যক্ৰম, ৰিমেডিয়েল পাঠ্যক্ৰম, বিদ্যালয়লৈ উভটা শিবিৰ আদিৰে বিদ্যালয়ৰ বাহিৰত থকা শিশুসকলক মূলসূতিলৈ আনি নিয়মীয়া শিক্ষা প্ৰদানৰ ব্যৱস্থা।

২১) ক্ষুদ্ৰ পৰিকল্পনা, ঘৰে ঘৰে জৰীপ, অধ্যয়ন, জনসচেতনতা, বিদ্যালয় ভিত্তিক কাৰ্য্যসূচী, কাৰ্য্যালয়ৰ সামগ্ৰী, প্ৰশিক্ষণ আৰু বোধন কাৰ্য্যৰ বাবে পূৰ্ব কাম-কাজ।

  • জিলাই প্ৰদান কৰা আৰু ৰাজ্যই অনুমোদন কৰা বিশেষ প্ৰস্তাৱ। এখন জিলা বা মহানগৰীয় অঞ্চলৰ নগৰ এলেকাক পৰিকল্পনাত প্ৰয়োজন সাপেক্ষে পৃথক গোট হিচাপে লোৱা হব।

সৰ্বশিক্ষা অভিযান, অসম।

উৎস: সৰ্বশিক্ষা অভিযান, ভাৰত চৰকাৰ।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate