মাধ্যমিক শিক্ষাত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে শিক্ষাৰ প্ৰসাৰ আৰু মানদণ্ড উন্নত কৰাটোৱেই এই অভিযানৰ মূল উদ্দেশ্য। এই অভিযানত দেশৰ চুকে-কোণে প্ৰতিটো জনবসতি অঞ্চলৰ প্ৰতি ৫ কিলোমিটাৰ ব্যসাৰ্দ্ধৰ ভিতৰত দশম শ্ৰেণী পৰ্য্যন্ত শিক্ষাৰ উপলব্ধতা নিশ্চিত কৰা হব।
মাধ্যমিক শিক্ষাক সাৰ্বজনীনকৰণ কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ এইটো অতি সাম্প্ৰতিক পদক্ষেপ।
সৰ্বশিক্ষা অভিযানৰ দ্বাৰা লাখ লাখ শিশুক প্ৰাথমিক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত সফল হোৱাৰ ফলস্বৰূপে মাধ্যমিক শিক্ষাৰ পৰিকাঠামো শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে এই বিষয়টো ভালদৰে উপলব্ধি কৰাৰ পাছত মাধ্যমিক শিক্ষাৰ বাবে আঁচনি গ্ৰহণৰ পৰিকল্পনা লয়- এই আঁচনিখনেই হ’ল ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান। ১১ শ পৰিকল্পনাত এই আঁচনিৰ বাবে ২০,১২০ কোটি টকা ধাৰ্য্য কৰা হৈছে।
মানৱ সম্পদ উন্নয়ন মন্ত্ৰীগৰাকীয়ে কয়, “সৰ্বশিক্ষা অভিযানৰ সফল ৰূপায়নৰ ফলত এক বুজন পৰিমাণৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ প্ৰাথমিক পৰ্য্যায় শিক্ষাৰ পৰা উৰ্ত্তীণ হৈছে। ফলত মাধ্যমিক শিক্ষাৰ বাবে প্ৰচুৰ চাহিদাৰ সৃষ্টি হৈছে”।
১৪ ৰ পৰা ১৮ বছৰ বয়সৰ সকলো ছাত্ৰ-ছাত্ৰীক উন্নত মানৰ শিক্ষা প্ৰদান, শিক্ষাৰ উপলব্ধতা আৰু খৰছ সাধ্য কৰি তোলাই এই অভিযানৰ মূল লক্ষ্য। এই লক্ষ্যত উপনীত হবলৈ নিম্নলিখিত কামসমূহ কৰিব লাগিব:
সমাজৰ আৰ্থিকভাৱে দূৰ্বল শ্ৰেণী, শিক্ষাৰ ক্ষেত্ৰত পিছপৰা শ্ৰেণী, গ্ৰামাঞ্চলৰ কন্যা আৰু বিকলাংগ শিশু, অনুসূচীত জাতি, অনুসূচীত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু শিক্ষাৰ দিশত পিছপৰি থকা সংখ্যালঘু সম্প্ৰদায়ৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষা উপলব্ধতাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা হব।
মাধ্যমিক শিক্ষা সাৰ্বজনীন কৰাৰ প্ৰত্যাহবান গ্ৰহণ কৰিবলৈ হ’লে মাধ্যমিক শিক্ষাৰ মূল ধাৰণাৰ আমূল পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ বাবে মূল দিশ দৰ্শনবোৰ হ’ল: সাৰ্বজনীন উপলব্ধতা, সমতা আৰু সামাজিক ন্যায়, পাঠ্যক্ৰমৰ প্ৰাসংগিকতা, উন্নয়ন আৰু প্ৰস্তুতিৰ দিশ।
মাধ্যমিক শিক্ষা সাৰ্বজনীনকৰণে নিৰপেক্ষতাৰ ফালে আগবঢ়াৰ সুযোগ প্ৰদান কৰে। সাধাৰণ বিদ্যালয়ৰ ধাৰণাক উত্সাহিত কৰা হয়। শিক্ষা ব্যৱস্থা এনে মূল্যবোধ যদি স্থাপন কৰিব পৰা যায় তেনে চৰকাৰী সাহাৰ্য্য নোপোৱা বিদ্যালয়কে ধৰি সকলো ধৰণৰ বিদ্যালয়তে সমাজৰ অৱহেলিত আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ সকলো শিশুকে বিদ্যালয়ত নামভৰ্তি নিশ্চিত কৰি মাধ্যমিক শিক্ষা সাৰ্বজনীন কৰি তুলিব পৰা যাব।
উপৰোক্ত উদ্দেশ্যবোৰত সফল হব পাৰিলে আন সাধাৰণ বিদ্যালয়ৰ ব্যৱস্থাবোৰো প্ৰকাৰন্তৰে উন্নতিৰ ফালে গতি লব।
মাধ্যমিক শিক্ষা সাৰ্বজনীনকৰণৰ বাবে যথেষ্ট সংখ্যক নতুন বিদ্যালয় স্থাপন, শ্ৰেণীকোঠা সংযোজন, অতিৰিক্ত শিক্ষক আৰু আন আন সা-সুবিধাৰ বাবে যথেষ্ট সংখ্যক ধনৰ আৱশ্যক হব যাতে সংখ্যা, ভৰসা কৰিব পৰা আৰু উন্নত মানৰ শিক্ষা প্ৰদানৰ প্ৰত্যাহবান গ্ৰহণ কৰিব পৰা যায়। ইয়াৰ বাবে প্ৰয়োজন হব পৰিস্থিতি অধ্যয়ন, শিক্ষাগত প্ৰয়োজনীয়তা, বাস্তৱিক পৰিকাঠামো, মানব সম্পন্ন, শৈক্ষিক ইনপুট আৰু এক শক্তিশালী মূল্যায়নৰ ব্যৱস্থা। প্ৰথম অৱস্থাত এই অভিযানত দশমমান শ্ৰেণীলৈকে সামৰা হব যদিও দুবছৰৰ ভিতৰতে দ্বাদশ শ্ৰেণীলৈকে প্ৰসাৰিত কৰা হব। মাধ্যমিক শিক্ষাৰ সাৰ্বজনীন আৰু ইয়াৰ মান উন্নত কৰিবলৈ লোৱা নীতি নিৰূপন:
ভাৰতৰ বিভিন্ন ঠাইৰ বিদ্যালয় ব্যৱস্থাত বহু ধৰণৰ অসুবিধা আছে। ব্যক্তিগত বিদ্যালয় আৰু বেচৰকাৰী আৰু চৰকাৰী বিদ্যালয়ৰ মাজতো বহু ধৰণৰ অসমতা আছে। মাধ্যমিক শিক্ষা সাৰ্বজনীন কৰি উন্নত মানৰ শিক্ষা প্ৰদান কৰিবলৈ কেন্দ্ৰীয়ভাৱে এটা পৰিকল্পনা কৰি থুলমূল নীতি প্ৰস্তুত কৰিব লাগে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰত নিজ নিজ ভৌগোলিক, আৰ্থ-সামাজিক, ভাষিক আৰু জনগোষ্ঠীৰ ভিন্নতাৰ প্ৰতি লক্ষ্য ৰাখি খাপ-খোৱাকৈ পৰিৱৰ্তনৰ সুবিধা থাকিব লাগে। কেৱল ৰাজ্যই নহয় প্ৰয়োজনত স্থানীয় ভিত্তিকো হব লাগে। সাধাৰণভাৱে মাধ্যমিক শিক্ষাৰ মান আৰু নীতি কেন্দ্ৰীয় বিদ্যালয়ৰ দৰে হোৱা উচিত। পৰিকাঠামোৰ উন্নয়ন আৰু শিক্ষণ সমল তলত উল্লেখ কৰাৰ দৰে আহৰণ কৰা হব
১) কেন্দ্ৰীয় সাহাৰ্য্য পাবলৈ পূৰ্ব চৰ্তটোৱেই হৈছে সকলো ৰাজ্যই প্ৰয়োজনীয় প্ৰশাসনিক সংস্কাৰ কৰিব লাগিব। এই প্ৰতিস্থানিক সংস্কাৰবোৰৰ ভিতৰত আছে……:
(ক) বিদ্যালয় পৰিচালনাত সংস্কাৰ- পৰিচালনা আৰু দায়িত্ব বিকেন্দ্ৰীকৰণ কৰি বিদ্যালয়ৰ কাৰ্য্যদক্ষতা বৃদ্ধি কৰা।
(খ) শিক্ষক নিযুক্তি, কামৰ ধাৰ অৰ্পণ, প্ৰশিক্ষণ, পাৰিশ্ৰমিক আৰু চাকৰীত উন্নতি আদিৰ ক্ষেত্ৰত যুক্তিসংগত নীতি গ্ৰহণ কৰা।
(গ) আধুনিক/ই-প্ৰশাসন আৰু বিকেন্দ্ৰীকৰণৰে শৈক্ষিক প্ৰশাসন সংস্কাৰ কৰা।
(ঘ) মাধ্যমিক শিক্ষাত বিদ্যালয় পৰ্য্যায়ৰ পৰা ওপৰৰ সকলো পৰ্য্যায়ৰ পেশাগত আৰু শৈক্ষিক যোগানৰ ব্যৱস্থা।
(ঙ) আৰ্থিক ব্যৱস্থাটো সুচল কৰা যাতে দ্ৰুতভাৱে অৰ্থৰ যোগান আৰু যথোচিত ব্যৱহাৰ কৰিব পৰা যায়।
২) সমল প্ৰতিস্থানসমূহক অত্যাৱশ্যকীয়ভাৱে বিভিন্ন পৰ্য্যায়ত শক্তিশালী কৰি তোলা যেনে,
(ক) ৰাষ্ট্ৰীয় পৰ্য্যায়ত NCERT (RIE সহ), NUEPA আৰু NIOS
(খ) ৰাজ্যিক পৰ্য্যায়ত SCERT, ৰাজ্যিক মুক্ত বিদ্যালয়, SIEMAT আদি।
(গ) বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগ, বিজ্ঞান/সমাজ বিজ্ঞান, মানৱীয় শিক্ষা, শিক্ষক শিক্ষণ মহাবিদ্যালয়, উচ্চ শিক্ষাৰ শৈক্ষিক প্ৰতিস্থান, আদিৰ ভিতৰত নাম থকা অগ্ৰগামী প্ৰতিস্থানবোৰক শিক্ষক প্ৰশিক্ষণৰ বাবে কেন্দ্ৰীয় আঁচনিৰ জৰিয়তে বিত্তৰ ব্যৱস্থা কৰা।
বিদ্যালয় পৰিচালনা সমিতি বা শিক্ষক-অভিভাৱক গোট আদিত পঞ্চায়ত, পৌৰ সভা, সামাজিক গোট, শিক্ষক, অভিভাৱক আদিক জৰিত কৰি মাধ্যমিক শিক্ষাৰ পৰিকল্পনা, কাৰ্য্যকৰীকৰণ পৰ্য্যবেক্ষণ আৰু মূল্যায়ণ নিশ্চিত কৰিব লাগে।
চৰকাৰৰ দ্বাৰা পৰিচালিত চাৰিখন কেন্দ্ৰীয়ভাৱে সাহাৰ্য্যৰ আঁচনি
কেন্দ্ৰীয় সাহাৰ্য্যত চৰকাৰে পৰিচালনা কৰা চাৰিখন আঁচনি হ’ল-
১) ICT মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্য্যায়ত বিদ্যালয়ত কম্পিউটাৰ শিক্ষা আৰু কম্পিউটাৰ সহায়ত শিক্ষা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰক দিয়া সাহাৰ্য্য আঁচনি।
২) বিকলাংগ অসমৰ্থ শিশুৰ বাবে সমন্বিত শিক্ষা আঁচনিৰ অধীনত অসমৰ্থ বিকলাংগ শিশুসকলক বিদ্যালয়ৰ শিক্ষাৰ মূলসূতিলৈ আনিবলৈ ৰাজ্য চৰকাৰ আৰু বেচৰকাৰী সংগঠনবোৰলৈ সাহাৰ্য্য প্ৰদান।
৩) মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীৰ আবাসিক ব্যৱস্থা উন্নত কৰা আৰু বেচৰকাৰী সাংগঠনিক গাঁও অঞ্চলত ছাত্ৰীৰ আবাস গৃহ চলাবলৈ সাহাৰ্য্য প্ৰদান কৰা।
৪) যোগ, বিজ্ঞান শিক্ষাৰ উন্নয়ন, পৰিৱেশ শিক্ষা, জনসংখ্যা শিক্ষা, আন্তৰ্জাতিক বিজ্ঞান অলিম্পিয়াডত যোগদান আদিৰ যোগেৰে বিদ্যালয়ৰ মানদণ্ড উন্নত কৰিবলৈ বৰ্তমানে থকা আঁচনি বা এইবোৰ উন্নত ৰূপত পৰিকল্পনা কৰা আঁচনি।
৫) আৰ্থিকভাৱে দূৰ্বল গোটৰ ছাত্ৰ-ছাত্ৰীসকলক আত্ম-সংস্থান বা আংশিক সময় কাম কৰি পঢ়ি থকাৰ লগতে উপাৰ্জনৰ ব্যৱস্থা কৰাৰ সুবিধা প্ৰদান। ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰে ইয়াৰ বাবে খণ্ড আৰু জিলা পৰ্য্যায়ত কাৰীকৰি প্ৰশিক্ষণ কেন্দ্ৰ বা প্ৰতিস্থান স্থাপন কৰিব পাৰিব।
পথ পদৰ্শক হিচাবে ভূমিকা লোৱাৰ বাবে কেন্দ্ৰীয় বিদ্যালয় আৰু জৱহাৰ নৱোদয় বিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰা হব আৰু এইবোৰৰ ভূমিকা শক্তিশালী কৰা হব।
১) ১১শ ৫ বছৰীয়া পৰিকল্পনাৰ কালছোৱাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ বাহিৰে আন সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত কেন্দ্ৰীয় চৰকাৰে আঁচনি ৰূপায়নৰ সকলো খৰছৰ ৭৫ শতাংশ ধন বহন কৰিব (যিবোৰ আঁচনিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যুটীয়া অংশ থাকে)। উত্তৰ পূৰ্বাঞ্চলৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৯০ শতাংশ ধন বহন কৰিব।
২) ১১শ ৫ বছৰীয়া পৰিকল্পনাৰ কালছোৱাত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশ আঁচনিৰ ২৫ শতাংশৰ খৰছ বহন কৰিব।(যিবোৰ আঁচনিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যুটীয়া অংশ থাকে)। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰে ১০ শতাংশ খৰছ বহন কৰিব লাগিব।
৩) বৰ্তমানে থকা সৰ্বশিক্ষা অভিযান সমিতিৰ যোগেৰে ধনৰ হস্তান্তৰ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যাপক অৰ্থ পৰিচালনা ব্যৱস্থা প্ৰস্তুত কৰিব লাগে। এই ব্যৱস্থা স্বচ্চতা, দক্ষতাপূৰ্ণ আৰু বাধ্যবাধকতা থকাতো নিশ্চিত হব লাগিব। অৰ্থ খৰছৰ ফলত কেনে ধৰণৰ ফল পোৱা গ’ল তাৰ ৰূপ স্পষ্ট হব লাগিব।
৪) প্ৰতিখন আঁচনিৰ বাবে ৰাজ্যিক, জিলা আৰু বিদ্যালয় পৰ্য্যায়ত পৃথক পৃথক বেংক একাউণ্ট খুলিব লাগিব। ৰাজহুৱা খণ্ডৰ বেংকতহে একাউণ্ট খুলিব লাগিব। বিদ্যালয়ৰ বেংকৰ একাউণ্ট প্ৰধান শিক্ষক বা অধ্যক্ষ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ উপাধক্ষ্যই যুটীয়াভাৱে এই একাউণ্ট পৰিচালনা কৰিব। জিলা প্ৰকল্প সমন্বয়ক জিলা পৰ্য্যায়ৰ বেংক একাউণ্টৰ যুটীয়া পৰিচালক হব।
১২শ ৫ম বাৰ্ষিক পৰিকল্পনাত ৰাজ্য আৰু কেন্দ্ৰৰ ব্যয়ৰ অংশৰ সলনি হব। ই ৫০-৫০ হবগৈ। উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এই অংশ ১১শ আৰু ১২শ পৰিকল্পনাত এই অনুপাত শতকৰা ৯০ ভাগ আৰু ১০ ভাগয়েই থাকিব।
উৎস: ভাৰত চৰকাৰ।
শেহতীয়া উন্নীতকৰণ: : 4/29/2020