এই আইনৰ অধীনত ৬ৰ পৰা ১৪ বছৰ বয়সীয়া সকলো শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ পা'ব। ভাৰতৰ সংবিধানৰ ৮৬ তম সংশোধনত ২১(ক) দফাত এই আইন যোগ কৰা হয়।
এই সংশোধনৰ যোগেৰে শিক্ষাৰ অধিকাৰক কাৰ্য্যকৰী কৰাৰ আশা কৰা হৈছে। সকলো চৰকাৰী বিদ্যালয়ে শিশুক বিনামূলীয়া শিক্ষা প্ৰদান কৰিব আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ দ্বাৰা এই বিদ্যালয়সমূহ পৰিচালিত হ’ব। ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰে অতি কমেও ২৫ শতাংশ শিশুক কোনো ধৰণৰ মাচুল নোলোৱাকৈ নামভৰ্তি কৰিব লাগিব।
প্ৰাথমিক শিক্ষাৰ ৰাষ্ট্ৰীয় আয়োগ গঠন হ’ব আৰু এই আয়োগে প্ৰাথমিক শিক্ষাৰ গুনগত মান আৰু সকলো দিশ পৰ্য্যবেক্ষণ কৰিব।
সংবিধানৰ ৮৬ সংশোধনত ২১(ক) দফাৰ যোগেৰে ৬-১৪ বছৰ বয়সৰ সকলো শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা পোৱাটো শিশুৰ মৌলিক অধিকাৰ বুলি কোৱা হয়।
অক্টোবৰ ২০০৩
উপৰোক্ত দফাৰ বক্তব্যৰ ভিত্তিত প্ৰথমখন খচৰা আইন- শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ মৌলিক অধিকাৰ বিধেয়ক ২০০৩ প্ৰস্তুত কৰা হয় আৰু ২০০৩ চনৰ অক্টোবৰতে ইয়াক জনসাধাৰণৰ পৰা মন্তব্য আৰু পৰামৰ্শ বিচাৰি ৱেবচাইটত প্ৰকাশ কৰা হয়।
২০০৪
সৰ্বসাধাৰণ লোকৰ পৰা পোৱা মন্তব্য আৰু পৰামৰ্শৰ ভিত্তিত সাল-সলনি কৰি বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা বিধেয়ক, ২০০৪ খচৰা প্ৰস্তুত কৰি http://education.nic.in ত প্ৰকাশ কৰা হয়।
জুন ২০০৫
ৰাষ্ট্ৰীয় শিক্ষা উপদেষ্টা বৰ্ডে খচৰা “শিক্ষাৰ অধিকাৰ” বিধেয়ক প্ৰস্তুত কৰি মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ক জমা দিয়ে। মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় শিক্ষা আয়োগলৈ এই খচৰা পঠিয়ায়। এই আয়োগৰ অধ্যক্ষা ছোনীয়া গান্ধী। আয়োগে প্ৰধানমন্ত্ৰীৰ পৰ্য্যবেক্ষণৰ বাবে এই খচৰা প্ৰেৰণ কৰে।
১৪ জুলাই ২০০৬
বিত্ত সমিতি আৰু পৰিকল্পনা আয়োগে ধনৰ অভাৱৰ বাবে এই বিধেয়কখন প্ৰত্যাখান কৰে আৰু ৰাজ্যসমূহক প্ৰয়োজনীয় ব্যৱস্থা লবলৈ পৰামৰ্শ দি এখন আৰ্হি বিধেয়ক ৰাজ্যসমূহলৈ প্ৰেৰণ কৰে।(৮৬ পৰৱৰ্তী সংশোধনত ৰাজ্যসমূহে ইতিমধ্যেই ৰাজ্যিক পৰ্য্যায়ত ধনৰ অভাৱৰ কথা উল্লেখ কৰিছে)।
১৯ জুলাই ২০০৬
CACL, SAFE, NAFER, CABE এ ILP আৰু আন সংস্থাসমূহক এখন পৰিকল্পনা সভালৈ আমন্ত্ৰণ জনায় আৰু তাত লোকসভাৰ আলোচনাৰ ফলাফল পৰ্য্যালোচনা কৰাৰ লগতে সংশ্লিষ্ট সকলক এই সপক্ষে ওকালতি কৰিবলৈ আৰু জিলা আৰু গাঁও পৰ্য্যায়ত কি কৰিব লাগিব সেই বিষয়ে দিশ নিৰ্ণয়ৰ বাবে আলোচনা কৰা হয়।
১) এই বিধেয়কখন কিয় গুৰুত্বপূৰ্ণ?
এই বিধেয়কখন এই কাৰণেই গুৰুত্বপূৰ্ণ যে সংবিধান সংশোধন নিশ্চিতভাৱে কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ এইটো প্ৰথম সক্ৰিয় পদক্ষেপ। আৰু এই বিধেয়কৰ গুৰুত্বতা এই কাৰণেই -
এই সকলো পদক্ষেপৰ ফলত ৰাজহুৱা বিদ্যালয় ব্যৱস্থাটো উন্নতিৰ ভেটিস্বৰূপ হৈ পৰিব, যাতে সামাজিক আৰু অৰ্থনৈতিকভাৱে অনাগ্ৰসী জনগোটসমূহকে ধৰি সকলো শিশুৱে উন্নত মানৰ শিক্ষা গ্ৰহণৰ সুযোগ পায়।
২) ৬-১৪ বছৰ বয়সৰ শিশুকে কিয় সামৰি লোৱা হ’ল?
এই বিধেয়কখনে প্ৰাথমিকৰপৰা উচ্চ মাধ্যমিক পৰ্য্যায় পৰ্য্যন্ত সকলো শিশুকে শিক্ষা প্ৰদান কৰাটো বাধ্যতামূলক কৰাত গুৰুত্ব দিছে। এই বয়সৰ ভিতৰতে শিশুসকলে উপযুক্ত শিক্ষাৰে ভৱিষ্যতৰ ভেটি প্ৰস্তুত কৰি লব পাৰিব বুলি ভবা হৈছে।
ভাৰতৰ সংবিধান সংশোধন কৰাৰ ৬ বছৰৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীসভাই শিক্ষাৰ অধিকাৰ বিধেয়কত অনুমোদন জনায়। ৬-১৪ বছৰ বয়সৰ প্ৰতিটো শিশুৱে বাধ্যতামূলক আৰু বিনামূল্যে শিক্ষা বাস্তৱত লাভ কৰাৰ আগতে এই বিধেয়কখন এতিয়া লোকসভাত দাখিল কৰা হ’ব।
ভাৰত স্বাধীন হোৱাৰ ৬ দশকৰো অধিক কালৰ পাছত ভাৰত চৰকাৰে শিক্ষাৰ অধিকাৰ বিধেয়কখনত অনুমোদন জনাই ৬-১৪ বছৰৰ সকলো শিশুকে বাধ্যতামূলক বিনামূলীয়া শিক্ষাক মৌলিক অধিকাৰ প্ৰদান কৰে।
কেন্দ্ৰীয় মন্ত্ৰীসভাই দীৰ্ঘদিন ধৰি ৰৈ থকা শিক্ষাৰ অধিকাৰ বিধেয়কত অনুমোদন জনাই সকলো শিশুকে বিনামূলীয়া বাধ্যতামূলক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত প্ৰতিজ্ঞাবদ্ধ হয়। এই পদক্ষেপৰ ফলত দেশৰ শিক্ষাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় উন্নতিৰ প্ৰভাৱ পৰিব। এই বিধেয়কৰ মূল বিষয়বোৰৰ ভিতৰত আছে:
প্ৰতিখন ব্যক্তিগত বিদ্যালয়ত প্ৰাৰম্ভিক পৰ্য্যায়ত স্থানীয় অনাগ্ৰসী শিশুৰ বাবে ২৫ শতাংশ সংৰক্ষণ। এই শিশুসকলৰ বাবে বিদ্যালয়ে খৰছ কৰা ধন চৰকাৰে যোগান ধৰিব। নামভৰ্তিৰ মাচুল, দান-বৰঙণি আদি ল’ব নোৱাৰিব। নামভৰ্তিৰ বাবে বাছনিৰ ক্ষেত্ৰত শিশু বা পিতৃ-মাতৃৰ সাক্ষাত্কাৰ ল’ব নোৱাৰিব।
এই বিধেয়কত শাৰিৰীক শাস্তি প্ৰদান, আৱদ্ধ কৰি থোৱা, শ্ৰেণীকোঠাৰপৰা বাহিৰ কৰি দিয়া আদি নিষিদ্ধ কৰা হৈছে। নিৰ্বাচন, দূৰ্যোগ আৰু জনগণনাৰ বাহিৰে আন শিক্ষাৰ লগত জড়িত নথকা কাৰ্য্যত শিক্ষকক নিয়োগ কৰিব নোৱাৰিব। অস্বীকৃতিপ্ৰাপ্তভাৱে বিদ্যালয় স্থাপন কৰিলে দণ্ডিত হ’ব।
শিক্ষা শিশুসকলৰ মৌলিক অধিকাৰৰ বিষয়টো শিশুৰ প্ৰতি কৰা এক গুৰুত্বপূৰ্ণ অংগীকাৰ। এই কথা প্ৰত্যক্ষ কৰি ভাৰতৰ বিত্ত মন্ত্ৰী পি চিদাম্বৰমে কয় যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে শিশুসকলক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰাটো এটা আইনগতভাৱে পোৱা কৰ্তব্য হোৱা উচিত।
তেওঁ লগতে এইটোও কয় যে, যিহেতু কিছুমান ৰাজ্যত বিধান সভাৰ নিৰ্বাচন সমাগত, সেইবাবে মানৱ সম্পদ মন্ত্ৰালয়ে নিৰ্বাচন আয়োগৰ লগত আলোচনা কৰি উক্ত বিধেয়কখন প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিব।
বিধেয়কখনৰ সকলো খুটি-নাটি পৰীক্ষাৰ দায়িত্বত থকা মন্ত্ৰীসকলৰ গোটে এই মাহৰ আৰম্ভণীতে বিধেয়কখনৰ মূল অংশৰ কোনো পৰিৱৰ্তন নকৰাকৈয়ে অনুমোদন কৰিছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত স্থানীয় অনাগ্ৰসী শিশুৰ বাবে প্ৰাৰম্ভিক পৰ্য্যায়ত ২৫ শতাংশ আৰক্ষণৰ ব্যৱস্থাও আগৰ দৰেই ৰখা হৈছে। বহুতে এই বিষয়টোক ৰাজ্যৰ সংবিধান প্ৰদত্ত দায়িত্ব ব্যক্তিগত খণ্ডলৈ ঠেলি দিয়া বুলিও ক’বলৈ বিছাৰে। ৮৬ তম সংবিধান সংশোধনৰে ৬ ৰ পৰা ১৪ বছৰৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ বাবে শিক্ষা অধিকাৰ বিধায়ক প্ৰস্তুত হৈ উঠিছে যদিও এই কামটো কৰিবলৈকে সুদীৰ্ঘ ৬১ বছৰ লাগিল।
১৯৩৭ চনত মহাত্মা গান্ধীয়ে যেতিয়া শিক্ষাৰ সাৰ্বজনীনকৰণৰ ওপৰত গুৰুত্ব দিছিল তেতিয়াও বিষয়টো অৰ্থৰ অভাৱৰ অজুহাতত বাধাগ্ৰস্ত হৈছিল। সংবিধানে “১১ বছৰ বয়সলৈ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলকভাৱে শিক্ষা প্ৰদানৰ চেষ্টা কৰিব লাগে” – এই ধৰণৰ অস্পষ্ট আবেদন ৰাষ্ট্ৰলৈ জনাই থৈ বিষয়টো সামৰিছিল। কিন্তু প্ৰাথমিক শিক্ষাৰ বাবে এতিয়াও পৰ্য্যাপ্ত বিদ্যালয় নাই।
২০০২ চনতহে সংবিধানৰ ৮৬ তম সংশোধনৰ দ্বাৰা শিক্ষাক মৌলিক অধিকাৰৰ ভিতৰুৱা কৰা হয়।
২০০৪ চনত এনডিএ চৰকাৰ ক্ষমতাত থকা সময়ত এখন খছৰা বিধেয়ক প্ৰস্তুত কৰিছিল যদিও সেইবাৰ নিৰ্বাচনত হাৰি যোৱাৰ বাবে সেইখন গৃহীত কৰিব পৰা নগ’ল। বৰ্তমানৰ ইউপিএ চৰকাৰৰ খছৰা বিধেয়কক লৈ অৰ্থব্যৱস্থা আৰু দায়বদ্ধতাৰ বিষয়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত হোহোকা পিচলা, টনা-আজোৰা কাৰ্য্য অব্যাহত আছে।
বহু সমালোচকে বয়সৰ প্ৰশ্নও উত্থাপন কৰিছে। তেওঁলোকৰ মতে ৬ বছৰৰ কম আৰু ১৪ বছৰৰ বেছি বয়সৰ শিশুবোৰকো ইয়াৰ অন্তৰ্ভূক্ত কৰিব লাগে। ইয়াৰ উপৰিও চৰকাৰে প্ৰয়োজনকৈ শিক্ষকৰ কম সংখ্যা, শিক্ষা প্ৰদানৰ দক্ষতা নথকা শিক্ষক, বিদ্যালয় ভৱনৰ অনুন্নত আন্ত:গাঁঠনি আদি সম্পৰ্কে কোনো ব্যৱস্থা নোলোৱাকৈ নতুন বিদ্যালয়ৰ স্থাপনৰ চেষ্টা কৰাৰ বিষয়টোও আলোচিত হৈছে।
ৰাজ্য চৰকাৰৰ বিত্তীয় অনুদানৰ বিষয়টো লৈ প্ৰথম অৱস্থাত আইন আৰু বিত্ত মন্ত্ৰালয়ৰ পৰা যথেষ্ট বাধা আহিছিল। আইন মন্ত্ৰালয়ে ২৫ শতাংশ আৰক্ষণৰ বিষয়টোত সমস্যা হব বুলি ভাবিছিল। মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে মুঠ খৰছৰ পৰিমাণ প্ৰতি বছৰে ৫৫০০০ কোটি টকা হ’ব বুলি হিচাব উলিয়াইছে।
পৰিকল্পনা আয়োগে বিত্তৰ ব্যৱস্থা কৰিবলৈ অপৰাগতা প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে আংশিক খৰছ বহন কৰিবলৈও অমান্তি হৈছে। সেয়ে কেন্দ্ৰই সকলোবোৰ নিজৰ পৰাই বহন কৰিবলৈ বাধ্য হৈছে।
খছৰা বিধেয়কৰ লক্ষ্য মতে তিনি বছৰৰ ভিতৰত প্ৰতি চুবুৰীয়া অঞ্চলত একোখন প্ৰাথমিক বিদ্যালয় স্থাপন হ’ব।
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে কন্যা শিশুৰ কল্যান আৰু উন্নয়নৰ বাবে বহুতো আঁচনি হাতত লৈছে। ২০০৮-০৯ বৰ্ষত দেশৰ ৭ খন ৰাজ্যৰ ১১ টা উন্নয়ন খণ্ডত “ধনলক্ষ্মী” নামৰ এখন আঁচনিৰ অগ্ৰণী প্ৰকল্প হিচাপে ৰূপায়ণ কৰা হয়। এই আঁচনিৰ অধীনত কন্যা শিশুৰ বাবে চৰ্তসাপেক্ষে নগদ ধন হস্তান্তৰৰ ব্যৱস্থা আছে। ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত নাৰী আৰু শিশু উন্নয়নৰ ৰাজ্যমন্ত্ৰী শ্ৰীমতী কৃষ্ণা টিৰথে এই কথা প্ৰকাশ কৰে।
মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, জন্ম পঞ্জীয়ন, প্ৰতিষেধক, নামভৰ্তি আৰু অষ্টম মান শ্ৰেণীলৈকে পঢুৱাবলৈ এই আঁচনিৰ অধীনত কন্যা শিশুৰ পৰিয়াললৈ নগদ ধন হস্তান্তৰ কৰাৰ উপৰিও যদি ছোৱালীজনী ১৮ বছৰ বয়সলৈ বিয়া নহয় তাৰ বাবে বীমাৰ ব্যৱস্থাও আছে। ২০০৮-০৯ কালছোৱাত মুঠ ৭৯,৫৫৫ গৰাকী কন্যা শিশু এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব বুলি আশা কৰা হৈছে।
বয়সন্ধি (১১-১৮ বছৰীয়া) ছোৱালীৰ বাবে ৬,১১৮ টা সংহত শিশু উন্নয়ন আঁচনিৰ মাজেৰে কিশোৰী শক্তি যোজনা নামৰ আঁচনিখন ৰূপায়ন কৰা হৈছে। এই আঁচনিৰ অধীনত সংহত শিশু উন্নয়ন আঁচনিৰ আন্ত:গাঁঠনি ব্যৱহাৰ কৰি এই কিশোৰীসকলৰ আত্মবিকাশ, পৰিপুষ্টি আৰু স্বাস্থ্যৰ স্থিতি, সাক্ষৰতা আৰু সংখ্যা জ্ঞান, কাৰিকৰী দক্ষতা, আদি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
কিশোৰীৰ বাবে পৰিপুষ্টিৰ কাৰ্য্যসূচীৰ অগ্ৰণী আঁচনি দেশৰ ৫১ খন জিলাত ৰূপায়ন কৰা হৈছে। ১১-১৯ বছৰৰ ভিতৰৰ অপুষ্টিত ভোগা প্ৰতিগৰাকী ছোৱালীৰ বাবে প্ৰতিমাহে ৬ কেজিকৈ খাদ্য শস্যৰ ব্যৱস্থা কৰা হৈছে।
ধনলক্ষ্মী আঁচনিৰ বাবে ২০০৯-২০১০ বৰ্ষত মুঠ ১০ কোটি টকা ধাৰ্য্য কৰা হৈছে। কিশোৰী শক্তি যোজনাত ৰাজ্যসমূহৰ বাবে ২০০৯-২০১০ বৰ্ষত ৭১.৩০ কোটি টকা ধাৰ্য্য কৰা হৈছে। এই ধন প্ৰতিটো প্ৰকল্পত প্ৰতিবছৰত ১.১ লাখকৈ ৰাজ্য চৰকাৰলৈ মোকলাই দিয়া হ’ব। ২০০৯-২০১০ বৰ্ষত কিশোৰীৰ বাবে পৰিপুষ্টি কাৰ্য্যসূচীৰ বাবে ১৬২.২২ কোটি টকা ধাৰ্য্য কৰা হৈছে। সাম্ভাব্য হিতাধিকাৰীৰ সংখ্যাৰ ভিত্তিত ৰাজ্যৰ বাবে ধনৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰা হ’ব।
মাধ্যমিক শিক্ষাত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে শিক্ষাৰ প্ৰসাৰ আৰু মানদণ্ড উন্নত কৰাটোৱেই এই অভিযানৰ মূল উদ্দেশ্য। এই অভিযানত দেশৰ চুকে-কোণে প্ৰতিটো জনবসতি অঞ্চলৰ প্ৰতি ৫ কিলোমিটাৰ ব্যসাৰ্দ্ধৰ ভিতৰত দশম শ্ৰেণী পৰ্য্যন্ত শিক্ষাৰ উপলব্ধতা নিশ্চিত কৰা হ’ব।
মাধ্যমিক শিক্ষাক সাৰ্বজনীনকৰণ কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ এইটো অতি সাম্প্ৰতিক পদক্ষেপ।
সৰ্বশিক্ষা অভিযানৰ দ্বাৰা লাখ লাখ শিশুক প্ৰাথমিক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত সফল হোৱাৰ ফলস্বৰূপে মাধ্যমিক শিক্ষাৰ আন্ত:গাঁঠনি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে এই বিষয়টো ভালদৰে উপলব্ধি কৰাৰ পাছত মাধ্যমিক শিক্ষাৰ বাবে আঁচনি গ্ৰহণৰ পৰিকল্পনা লয়- এই আঁচনিখনেই হ’ল ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান। ১১ শ পৰিকল্পনাত এই আঁচনিৰ বাবে ২০,১২০ কোটি টকা ধাৰ্য্য কৰা হৈছে।
মানৱ সম্পদ উন্নয়ন মন্ত্ৰীগৰাকীয়ে কয়, “সৰ্বশিক্ষা অভিযানৰ সফল ৰূপায়নৰ ফলত এক বুজন পৰিমাণৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ প্ৰাথমিক পৰ্য্যায় শিক্ষাৰ পৰা উৰ্ত্তীণ হৈছে। ফলত মাধ্যমিক শিক্ষাৰ বাবে প্ৰচুৰ চাহিদাৰ সৃষ্টি হৈছে”।
১৪ ৰ পৰা ১৮ বছৰ বয়সৰ সকলো ছাত্ৰ-ছাত্ৰীক উন্নত মানৰ শিক্ষা প্ৰদান, শিক্ষাৰ উপলব্ধতা আৰু খৰছ সাধ্য কৰি তোলাই এই অভিযানৰ মূল লক্ষ্য। এই লক্ষ্যত উপনীত হ’বলৈ নিম্নলিখিত কামসমূহ কৰিব লাগিব:
সমাজৰ আৰ্থিকভাৱে দূৰ্বল শ্ৰেণী, শিক্ষাৰ ক্ষেত্ৰত পিছপৰা শ্ৰেণী, গ্ৰাম্যাঞ্চলৰ কন্যা আৰু বিকলাংগ শিশু, অনুসূচীত জাতি, অনুসূচীত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু শিক্ষাৰ দিশত পিছপৰি থকা সংখ্যালঘু সম্প্ৰদায়ৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষা উপলব্ধতাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা হব।
মাধ্যমিক শিক্ষা সাৰ্বজনীন কৰাৰ প্ৰত্যাহবান গ্ৰহণ কৰিবলৈ হ’লে মাধ্যমিক শিক্ষাৰ মূল ধাৰণাৰ আমূল পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ বাবে মূল দিক্ দৰ্শনবোৰ হ’ল: সাৰ্বজনীন উপলব্ধতা, সমতা আৰু সামাজিক ন্যায়, পাঠ্যক্ৰমৰ প্ৰাসংগিকতা, উন্নয়ন আৰু প্ৰস্তুতিৰ দিশ।
মাধ্যমিক শিক্ষা সাৰ্বজনীনকৰণে নিৰপেক্ষতাৰ ফালে আগবঢ়াৰ সুযোগ প্ৰদান কৰে। সাধাৰণ বিদ্যালয়ৰ ধাৰণাক উৎসাহিত কৰা হয়। শিক্ষা ব্যৱস্থা এনে মূল্যবোধ যদি স্থাপন কৰিব পৰা যায় তেনে চৰকাৰী সাহাৰ্য্য নোপোৱা বিদ্যালয়কে ধৰি সকলো ধৰণৰ বিদ্যালয়তে সমাজৰ অৱহেলিত আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ সকলো শিশুকে বিদ্যালয়ত নামভৰ্তি নিশ্চিত কৰি মাধ্যমিক শিক্ষা সাৰ্বজনীন কৰি তুলিব পৰা যাব।
উপৰোক্ত উদ্দেশ্যবোৰত সফল হ’ব পাৰিলে আন সাধাৰণ বিদ্যালয়ৰ ব্যৱস্থাবোৰো প্ৰকাৰন্তৰে উন্নতিৰ ফালে গতি লব।
মাধ্যমিক শিক্ষা সাৰ্বজনীনকৰণৰ বাবে যথেষ্ট সংখ্যক নতুন বিদ্যালয় স্থাপন, শ্ৰেণীকোঠা সংযোজন, অতিৰিক্ত শিক্ষক আৰু আন আন সা-সুবিধাৰ বাবে যথেষ্ট সংখ্যক ধনৰ আৱশ্যক হ'ব যাতে সংখ্যা, ভৰসা কৰিব পৰা আৰু উন্নত মানৰ শিক্ষা প্ৰদানৰ প্ৰত্যাহবান গ্ৰহণ কৰিব পৰা যায়। ইয়াৰ বাবে প্ৰয়োজন হ'ব পৰিস্থিতি অধ্যয়ন, শিক্ষাগত প্ৰয়োজনীয়তা, বাস্তৱিক আন্ত:গাঁঠনি, মানৱ সম্পন্ন, শৈক্ষিক ইনপুট আৰু এক শক্তিশালী মূল্যায়নৰ ব্যৱস্থা। প্ৰথম অৱস্থাত এই অভিযানত দশমমান শ্ৰেণীলৈকে সামৰা হ'ব যদিও দুবছৰৰ ভিতৰতে দ্বাদশ শ্ৰেণীলৈকে প্ৰসাৰিত কৰা হ'ব। মাধ্যমিক শিক্ষাৰ সাৰ্বজনীন আৰু ইয়াৰ মান উন্নত কৰিবলৈ লোৱা নীতি নিৰূপন:
বিভিন্ন ঠাইৰ বিদ্যালয় ব্যৱস্থাত বহু ধৰণৰ অসুবিধা আছে। ব্যক্তিগত বিদ্যালয় আৰু বেচৰকাৰী আৰু চৰকাৰী বিদ্যালয়ৰ মাজতো বহু ধৰণৰ অসমতা আছে। মাধ্যমিক শিক্ষা সাৰ্বজনীন কৰি উন্নত মানৰ শিক্ষা প্ৰদান কৰিবলৈ কেন্দ্ৰীয়ভাৱে এটা পৰিকল্পনা কৰি থুলমূল নীতি প্ৰস্তুত কৰিব লাগে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰত নিজ নিজ ভৌগোলিক, আৰ্থ-সামাজিক, ভাষিক আৰু জনগোষ্ঠীৰ ভিন্নতাৰ প্ৰতি লক্ষ্য ৰাখি খাপ-খোৱাকৈ পৰিৱৰ্তনৰ সুবিধা থাকিব লাগে। কেৱল ৰাজ্যই নহয় প্ৰয়োজনত স্থানীয় ভিত্তিকো হ'ব লাগে। সাধাৰণভাৱে মাধ্যমিক শিক্ষাৰ মান আৰু নীতি কেন্দ্ৰীয় বিদ্যালয়ৰ দৰে হোৱা উচিত। আন্ত:গাঁঠনি উন্নয়ন আৰু শিক্ষণ সমল তলত উল্লেখ কৰাৰ দৰে আহৰণ কৰা হব
১) কেন্দ্ৰীয় সাহাৰ্য্য পাবলৈ পূৰ্ব চৰ্তটোৱেই হৈছে সকলো ৰাজ্যই প্ৰয়োজনীয় প্ৰশাসনিক সংস্কাৰ কৰিব লাগিব। এই প্ৰতিস্থানিক সংস্কাৰবোৰৰ ভিতৰত আছে :
(ক) বিদ্যালয় পৰিচালনাত সংস্কাৰ- পৰিচালনা আৰু দায়িত্ব বিকেন্দ্ৰীকৰণ কৰি বিদ্যালয়ৰ কাৰ্য্যদক্ষতা বৃদ্ধি কৰা।
(খ) শিক্ষক নিযুক্তি, কামৰ ধাৰ অৰ্পণ, প্ৰশিক্ষণ, পাৰিশ্ৰমিক আৰু চাকৰিত উন্নতি আদিৰ ক্ষেত্ৰত যুক্তিসংগত নীতি গ্ৰহণ কৰা।
(গ) আধুনিক/ই-প্ৰশাসন আৰু বিকেন্দ্ৰীকৰণৰে শৈক্ষিক প্ৰশাসন সংস্কাৰ কৰা।
(ঘ) মাধ্যমিক শিক্ষাত বিদ্যালয় পৰ্য্যায়ৰ পৰা ওপৰৰ সকলো পৰ্য্যায়ৰ পেশাগত আৰু শৈক্ষিক যোগানৰ ব্যৱস্থা।
(ঙ) আৰ্থিক ব্যৱস্থাটো সুচল কৰা যাতে দ্ৰুতভাৱে অৰ্থৰ যোগান আৰু যথোচিত ব্যৱহাৰ কৰিব পৰা যায়।
২) সমল প্ৰতিস্থানসমূহক অত্যাৱশ্যকীয়ভাৱে বিভিন্ন পৰ্য্যায়ত শক্তিশালী কৰি তোলা যেনে,
(ক) ৰাষ্ট্ৰীয় পৰ্য্যায়ত এনচিইআৰটি (RIE সহ), NUEPA আৰু NIOS
(খ) ৰাজ্যিক পৰ্য্যায়ত SCERT, ৰাজ্যিক মুক্ত বিদ্যালয়, SIEMAT আদি।
(গ) বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগ, বিজ্ঞান/সমাজ বিজ্ঞান, মানৱীয় শিক্ষা, শিক্ষক শিক্ষণ মহাবিদ্যালয়, উচ্চ শিক্ষাৰ শৈক্ষিক প্ৰতিষ্ঠান, আদিৰ ভিতৰত নাম থকা অগ্ৰগামী প্ৰতিষ্ঠানবোৰক শিক্ষক প্ৰশিক্ষণৰ বাবে কেন্দ্ৰীয় আঁচনিৰ জৰিয়তে বিত্তৰ ব্যৱস্থা কৰা।
বিদ্যালয় পৰিচালনা সমিতি বা শিক্ষক-অভিভাৱক গোট আদিত পঞ্চায়ত, পৌৰ সভা, সামাজিক গোট, শিক্ষক, অভিভাৱক আদিক জড়িত কৰি মাধ্যমিক শিক্ষাৰ পৰিকল্পনা, কাৰ্য্যকৰীকৰণ পৰ্য্যবেক্ষণ আৰু মূল্যায়ণ নিশ্চিত কৰিব লাগে।
চৰকাৰৰ দ্বাৰা পৰিচালিত চাৰিখন কেন্দ্ৰীয়ভাৱে সাহাৰ্য্যৰ আঁচনি
কেন্দ্ৰীয় সাহাৰ্য্যত চৰকাৰে পৰিচালনা কৰা চাৰিখন আঁচনি হ’ল-
১) আইচিটি মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্য্যায়ত বিদ্যালয়ত কম্পিউটাৰ শিক্ষা আৰু কম্পিউটাৰ সহায়ত শিক্ষা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰক দিয়া সাহাৰ্য্য আঁচনি।
২) বিকলাংগ অসমৰ্থ শিশুৰ বাবে সমন্বিত শিক্ষা আঁচনিৰ অধীনত অসমৰ্থ বিকলাংগ শিশুসকলক বিদ্যালয়ৰ শিক্ষাৰ মূলসূঁতিলৈ আনিবলৈ ৰাজ্য চৰকাৰ আৰু বেচৰকাৰী সংগঠনবোৰলৈ সাহাৰ্য্য প্ৰদান।
৩) মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীৰ আবাসিক ব্যৱস্থা উন্নত কৰা আৰু বেচৰকাৰী সাংগঠনিক গাঁও অঞ্চলত ছাত্ৰীৰ আবাস গৃহ চলাবলৈ সাহাৰ্য্য প্ৰদান কৰা।
৪) যোগ, বিজ্ঞান শিক্ষাৰ উন্নয়ন, পৰিৱেশ শিক্ষা, জনসংখ্যা শিক্ষা, আন্তৰ্জাতিক বিজ্ঞান অলিম্পিয়াডত যোগদান আদিৰ যোগেৰে বিদ্যালয়ৰ মানদণ্ড উন্নত কৰিবলৈ বৰ্তমানে থকা আঁচনি বা এইবোৰ উন্নত ৰূপত পৰিকল্পনা কৰা আঁচনি।
৫) আৰ্থিকভাৱে দূৰ্বল গোটৰ ছাত্ৰ-ছাত্ৰীসকলক আত্ম-সংস্থান বা আংশিক সময় কাম কৰি পঢ়ি থকাৰ লগতে উপাৰ্জনৰ ব্যৱস্থা কৰাৰ সুবিধা প্ৰদান। ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰে ইয়াৰ বাবে খণ্ড আৰু জিলা পৰ্য্যায়ত কাৰীকৰি প্ৰশিক্ষণ কেন্দ্ৰ বা প্ৰতিষ্ঠান স্থাপন কৰিব পাৰিব।
পথ পদৰ্শক হিচাবে ভূমিকা লোৱাৰ বাবে কেন্দ্ৰীয় বিদ্যালয় আৰু জৱাহাৰ নৱোদয় বিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰা হ’ব আৰু এইবোৰৰ ভূমিকা শক্তিশালী কৰা হ’ব।
অৰ্থব্যৱস্থাৰ ধৰণ আৰু বেংকত হিচাপ খোলা
১) ১১শ ৫ বছৰীয়া পৰিকল্পনাৰ কালছোৱাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ বাহিৰে আন সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত কেন্দ্ৰীয় চৰকাৰে আঁচনি ৰূপায়ণৰ সকলো খৰছৰ ৭৫ শতাংশ ধন বহন কৰিব (যিবোৰ আঁচনিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যুটীয়া অংশ থাকে)। উত্তৰ পূৰ্বাঞ্চলৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৯০ শতাংশ ধন বহন কৰিব।
২) ১১শ ৫ বছৰীয়া পৰিকল্পনাৰ কালছোৱাত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশ আঁচনিৰ ২৫ শতাংশৰ খৰছ বহন কৰিব।(যিবোৰ আঁচনিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যুটীয়া অংশ থাকে)। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰে ১০ শতাংশ খৰছ বহন কৰিব লাগিব।
৩) বৰ্তমানে থকা সৰ্বশিক্ষা অভিযান সমিতিৰ যোগেৰে ধনৰ হস্তান্তৰ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যাপক অৰ্থ পৰিচালনা ব্যৱস্থা প্ৰস্তুত কৰিব লাগে। এই ব্যৱস্থা স্বচ্চতা, দক্ষতাপূৰ্ণ আৰু বাধ্যবাধকতা থকাতো নিশ্চিত হ’ব লাগিব। অৰ্থ খৰছৰ ফলত কেনে ধৰণৰ ফল পোৱা গ’ল তাৰ ৰূপ স্পষ্ট হ’ব লাগিব।
৪) প্ৰতিখন আঁচনিৰ বাবে ৰাজ্যিক, জিলা আৰু বিদ্যালয় পৰ্য্যায়ত পৃথক পৃথক বেংক একাউণ্ট খুলিব লাগিব। ৰাজহুৱা খণ্ডৰ বেংকতহে একাউণ্ট খুলিব লাগিব। বিদ্যালয়ৰ বেংকৰ একাউণ্ট প্ৰধান শিক্ষক বা অধ্যক্ষ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ উপাধক্ষ্যই যুটীয়াভাৱে এই একাউণ্ট পৰিচালনা কৰিব। জিলা প্ৰকল্প সমন্বয়ক জিলা পৰ্য্যায়ৰ বেংক একাউণ্টৰ যুটীয়া পৰিচালক হ’ব।
১২শ ৫ম বাৰ্ষিক পৰিকল্পনাত ৰাজ্য আৰু কেন্দ্ৰৰ ব্যয়ৰ অংশৰ সলনি হ’ব। ই ৫০-৫০ হ’বগৈ। উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এই অংশ ১১শ আৰু ১২শ পৰিকল্পনাত এই অনুপাত শতকৰা ৯০ ভাগ আৰু ১০ ভাগয়েই থাকিব।
অধিক তথ্যৰ বাবে
*******************************************************************
বিদ্যালয়ত তথ্য আৰু যোগাযোগ প্ৰযুক্তি (বিদ্যালয়ত আইচিটি)
মাধ্যমিক পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীক আইচিটিত দক্ষ কৰি তুলিবলৈ আৰু আইচিটিৰ সহায়ত শিক্ষা গ্ৰহণৰ সুযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০০৪ চনত বিদ্যালয়সমূহত “বিদ্যালয়ত তথ্য আৰু যোগাযোগ প্ৰযুক্তি” নামৰ আঁচনি আৰম্ভ কৰে। এই আঁচনিখনে বিভিন্ন আৰ্থ-সামাজিক পৰিস্থিতি আৰু ভৌগলিক ভিন্নতাৰ বাধাৰ প্ৰাচীৰ অতিক্ৰম কৰি শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত এক ডিজিটেল সেঁতুবন্ধনৰ অনুঘটক হিচাপে কাম কৰে। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহক স্থায়ী কম্পিউটাৰ পৰীক্ষাগাৰ স্থাপনত সাহাৰ্য্য দিয়ে। এই আঁচনিয়ে কেন্দ্ৰীয় বিদ্যালয় আৰু নৱোদয় বিদ্যালয়সমূহক SMART বিদ্যালয় স্থাপন কৰাৰ লক্ষ্য লৈছে যাতে ই প্ৰযুক্তি প্ৰদৰ্শক হিচাপে কাষৰীয়া অঞ্চলৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আইচিটিৰ প্ৰসাৰৰ বাবে অগ্ৰনী ভূমিকা লব পাৰে। বৰ্তমানে এই আঁচনি চৰকাৰী আৰু চৰকাৰৰ সাহাৰ্য্যপ্ৰাপ্ত মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহত ৰূপায়ণ কৰা হৈছে। কম্পিউটাৰ আৰু আনুসাংগিক উপকৰণৰ ব্যৱস্থা কৰা, শিক্ষামূলক চফটৱেৰ, শিক্ষকক প্ৰশিক্ষণ আৰু ইন্টাৰনেট সংযোগৰ বাবে এই আঁচনিৰ যোগেৰে সাহাৰ্য্য প্ৰদান কৰা হয়। বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিবৰ নেতৃত্বত থকা প্ৰকল্প পৰ্য্যবেক্ষণ আৰু মূল্যায়ণ গোটৰ অনুমোদনৰ ভিত্তিত ৰাজ্য চৰকাৰ আৰু আন প্ৰতিষ্ঠানসমূহক বিত্তীয় সাহাৰ্য্য প্ৰদান কৰা হয়।
পাতনি
সামাজিক ৰূপান্তৰ আৰু ৰাষ্ট্ৰীয় উন্নতিৰ ক্ষেত্ৰত তথ্য আৰু যোগাযোগ প্ৰযুক্তি এটা সাৰ্বজনীনভাৱে জ্ঞাত এটা অনুঘটক। আইচিটিৰ বাবে সাঁজু হোৱা আৰু ইয়াৰ অসম্ভৱভাৱে ব্যৱহাৰ দেশৰ অৰ্থনৈতিক উন্নতি আৰু উৎপাদন শীলতাত প্ৰভাৱ পেলাব পাৰে।
দেশৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে আইচিটিক ভালদৰে বুজা আৰু ইয়াৰ সুবিধা লোৱাটো অতি প্ৰয়োজন।
ভাৰতত আইচিটিৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভৌগলিক আৰু জনগাঁঠনিৰ ভিত্তিত এক বিৰাট অসমতা দেখা যায়। আইচিটিত দক্ষ কৰ্মীৰ সংখ্যা অধিক থকা দেশবোৰৰ ভিতৰত ভাৰতবৰ্ষও এখন। বাংগালোৰ, গুৰগাঁও আদিৰ দৰে প্ৰযুক্তি কেন্দ্ৰীক ঠাইসমূহ আৰু আৰ্থিকভাৱে উচ্চ মধ্যবিত্ত লোকসকলৰ মাজত আইচিটিৰ ব্যৱহাৰ অতি বেছি দেখা পোৱা যায়। ইয়াৰ বিপৰীতে ভাৰতবৰ্ষত এক বৃহৎ এলেকাৰ লোকে আনকি সাধাৰণ টেলিফোনৰ যোগাযোগ ব্যৱস্থাৰ পৰাও বঞ্চিত।
তথ্য প্ৰযুক্তি আৰু চফটৱেৰ উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় টাক্স-ফৰ্চ-১৯৯৮ চনৰ জুলাইত প্ৰধান মন্ত্ৰীয়ে গঠন কৰা কমিটিয়ে সকলো শিক্ষা প্ৰতিষ্ঠানত বিদ্যালয়্সমূহকে ধৰি আইটিৰ ব্যৱস্থা কৰিবলৈ বিশেষভাৱে পৰামৰ্শ কৰিছে। ইয়াৰ সংশ্লিষ্ট কিছু অংশ তলত দিয়া হ’লঃ
কম্পিউটাৰ কিনিবলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু বিদ্যালয়ৰ বাবে যথাক্ৰমে বিদ্যাৰ্থী কম্পিউটাৰ আঁচনি, শিক্ষক কম্পিউটাৰ আঁচনি আৰু বিদ্যালয় কম্পিউটাৰ আঁচনি নামৰ তিনিখন আঁচনিৰ যোগে অতি আকৰ্ষণীয় আৰ্থিক ব্যৱস্থাৰে কম্পিউটাৰ কিনিব পৰাৰ ব্যৱস্থা আছে। এই আঁচনিবোৰ সফল কৰাত কম দামত কম্পিউটাৰ, সহজ কিস্তিত বেংকৰ ঋণ, আইটি কোম্পানী, ব্যৱসায়িক প্ৰতিষ্ঠান, প্ৰৱাসী ভাৰতীয় আদিৰ দ্বাৰা বুজন পৰিমাণৰ কম্পিউটাৰ দান, কম দামত অধিক সংখ্যক কম্পিউটাৰ আমদানি, বিভিন্ন উৎসৰ পৰা আৰ্থিক সাহাৰ্য্য আদিয়ে সহায় কৰিব।
২০০৩ চনৰ ভিতৰত সকলো বিদ্যালয়, অভিযান্ত্ৰিক প্ৰতিষ্ঠান, মহাবিদ্যালয়, অসামৰিক চিকিৎসালয় আদিত কম্পিউটাৰ আৰু ইন্টাৰনেটৰ ব্যৱস্থা কৰা হ'ব।
SMART বিদ্যালয়ৰ ধাৰণাত কেৱল তথ্য প্ৰযুক্তিত প্ৰসাৰ কৰাই নহয়, ইয়াৰ মূল্যবোধ আৰু দক্ষতা পথ প্ৰদৰ্শক হিচাবে ৰাখি সকলো ৰাজ্যত আৰম্ভ কৰা হ'ব।
উদ্দেশ্যবোৰ হ’ল-
শিশুৰ উন্নতিকৰণৰ বাবে সাংবিধানিক অনুবিধি
ভাৰতৰ সংবিধানৰ ৰাষ্ট্ৰীয় নীতি নিৰ্দেশক ২১(ক), ২৪ আৰু ৩৯ নং অনুচ্ছেদত শিশুসকলৰ উন্নতিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
অনুচ্ছেদ ২১(ক): শিক্ষাৰ অধিকাৰ। ৰাষ্ট্ৰীয় আইন অনুযায়ী নিৰ্ধাৰণ কৰাৰ দৰে ৰাষ্ট্ৰই ৬ৰ পৰা ১৪ বছৰৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব।
অনুচ্ছেদ ২৪: কাৰখানা আদিত শিশুক শ্ৰমিক হিচাপে নিয়োগ নিষেধ।
১৪ বছৰৰ তলৰ কোনো শিশুকে কাৰখানা, খনি বা আন কোনো বিপদ সংকুল কামত নিয়োগ কৰিব নোৱাৰিব।
অনুচ্ছেদ ৩৯: ৰাষ্ট্ৰই তলৰ বক্তব্য নিশ্চিত কৰিবলৈ বিশেষভাৱে নীতি নিৰ্ধাৰণ কৰিব- (ই) যি পুৰুষ আৰু নাৰী কৰ্মীসকলৰ স্বাস্থ্য আৰু সমৰ্থ শক্তি, আৰু শিশুসকলৰ কম বয়সৰ অপব্যৱহাৰ নকৰে, আৰু নাগৰিকসকলৰ আৰ্থিক প্ৰয়োজনৰ বাবে এনেধৰণৰ কামত ব্যৱহাৰ কৰা নহয়-যি তেওঁলোকৰ বয়স আৰু শক্তিৰ ফালৰ পৰা অনুকূল নহয়।
**************************************************************
উৎকৰ্ষতাৰ নিদৰ্শন হিচাপে খণ্ড পৰ্য্যায়ৰ ৬০০০ বিদ্যালয় স্থাপনৰ আঁচনি।
২০০৭ চনৰ স্বাধীনতা দিৱসৰ দিনা প্ৰধান মন্ত্ৰীয়ে দিয়া ভাষণত আন বিষয়ৰ লগতে তলৰ বক্তব্য খিনিও ৰাখে:
“মই সকলো ৰাজ্যকে অনুৰোধ কৰিছো, যাতে শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়ে। কাৰণ শিক্ষাৰ ভিত্তিতেই প্ৰগতিশীল, উন্নয়নশীল সমাজ গঢ়িব পাৰি। এই ক্ষেত্ৰত আমাৰ চৰকাৰে ভাল মানদণ্ডৰ বিদ্যালয় সমগ্ৰ দেশতে স্থাপন কৰাৰ ক্ষেত্ৰত বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। প্ৰতিটো খণ্ডতে একোখন উন্নত মানদণ্ডৰ বিদ্যালয় স্থাপনত আমি সাহাৰ্য্য দিম। এই বিদ্যালয়্খন সেই অঞ্চলৰ আন বিদ্যালয়বোৰৰ বাবে মান নিৰ্দেশক হ’ব।
পটভূমি:
দশম পৰিকল্পনাত মাধ্যমিক শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিয়া হোৱা নাছিল। এই সময়ছোৱাত সৰু সৰু কিছুমান আঁচনিৰে মাধ্যমিক শিক্ষাৰ উপলভ্য কৰা আৰু মানদণ্ড উন্নত কৰাৰ চেষ্টা কৰা হৈছিল। এইবোৰে বেছি অঞ্চল আগুৰিব পৰা নাছিল আৰু আঁচনিৰ মাজত সমন্বয় নাছিল। মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ স্ব-শাসিত সংস্থাৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূতহে এই পৰিকল্পনা আৰু আঁচনিবোৰৰ যোগেৰে অসমৰ্থসকলক সকলো দিশৰ পৰা সম্পূৰ্ণ শিক্ষা প্ৰদান, ছোৱালী শিক্ষা আৱাসিক ব্যৱস্থাসহ, আইচিটিৰ ব্যৱহাৰ, উচ্চ মাধ্যমিক বিদ্যালয়ত কাৰীকৰি শিক্ষা, মুক্ত আৰু দূৰ শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল।
প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণ সাংবিধানিক বাধ্যবাধকতা হৈ পৰাৰ ফলত এই ব্যৱস্থাবোৰ মাধ্যমিক শিক্ষা সাৰ্বজনীনকৰণৰ ক্ষেত্ৰলৈকে বিস্তাৰিত কৰিব লগা হ’ল। যি সাধাৰণতে উন্নত আৰু উন্নয়নশীল দেশবোৰত হৈছে।
“বিশেষকৈ বিজ্ঞান, বাণিজ্য আৰু আন আন পেশাগত বৃত্তি শিক্ষাৰ ছোৱালী আৰু অনুসূচীত জাতি জনজাতিৰ ছাত্ৰ-ছাত্ৰীক আগুৱাই নিব পৰাকৈ মাধ্যমিক শিক্ষা প্ৰসাৰিত কৰা হ’ব”।
“ৰাজ্যসমূহে ৰাজহুৱা বিদ্যালয়বোৰত বিনিয়োগ কৰি এইবোৰক কেন্দ্ৰীয় বিদ্যালয়ৰ মানদণ্ডৰ, বিদ্যালয়ৰ ঘৰ আদিৰ ব্যৱস্থা কৰিব লাগে।
আদৰ্শ বিদ্যালয়ৰ ধাৰণা
এখন আদৰ্শ বিদ্যালয়ত মূলতঃ কেন্দ্ৰীয় বিদ্যালয়ৰ মানদণ্ডৰ আন্ত:গাঁঠনি আৰু সমকক্ষৰ সুবিধাবোৰ থাকিব লাগিব। চৰ্ত অনুসৰি ছাত্ৰ শিক্ষকক অনুপাত হ’ব লাগিব।
আইচিটিৰ ব্যৱহাৰ, সম্পূৰ্ণ শৈক্ষিক পৰিৱেশ, যথোপযুক্ত পাঠ্যক্ৰম আৰু ফলাফলৰ মানদণ্ড উন্নত হ’ব লাগিব।
আদৰ্শ বিদ্যালয়ৰ কিছুমান বৈশিষ্ট:
আদৰ্শ বিদ্যালয়ৰ ধাৰণা সম্পৰ্কে বিষদভাৱে জানিবলৈ ইয়াত ক্লিক কৰক।
কাৰ্য্যকৰীকৰণ
মুঠ ৬০০০ আদৰ্শ বিদ্যালয়ৰ ভিতৰত ২৫০০ খন বিদ্যালয় শৈক্ষিকভাৱে পাছপৰা খণ্ডসমূহত কেন্দ্ৰীয় বিদ্যালয়ৰ আৰ্হিত স্থাপন কৰা হব। আন ২৫০০ খন বিদ্যালয় ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰত স্থাপন কৰা হব বাকী থকা ১০০০ বিদ্যালয়ৰ স্থাপনৰ ক্ষেত্ৰত বৰ্তমানেও কোনো ধৰণৰ সিদ্ধান্ত লোৱা হোৱা নাই।
কেন্দ্ৰীয় বিদ্যালয়ৰ আৰ্হিত স্থাপন হব লগা আদৰ্শ বিদ্যালয় ২৫০০ খন ৰাজ্য চৰকাৰৰ অধীনত থাকিব।
স্থান: ২৫০০ খন আদৰ্শ বিদ্যালয় শিক্ষাত পাছপৰা খণ্ডত স্থাপন কৰা হব।
ভূমি: এই বিদ্যালয় স্থাপনৰ বাবে ভূমি চিনাক্তকৰণ আৰু ভূমিৰ ব্যৱস্থা ৰাজ্য চৰকাৰে বিনামূল্যে কৰিব।
বিদ্যালয়সমূহৰ চিনাক্তকৰণৰঃ প্ৰতি ৰাজ্যত কিমান খনকৈ আদৰ্শ বিদ্যালয় হব-সেই সংখ্যা ভাৰত চৰকাৰৰ মানব সম্পদ উন্নয়ন মন্ত্ৰালয়ে ঠিক কৰিব। ইয়াৰ পিছত ৰাজ্য চৰকাৰে কোনো বাধ্যবাধকতা নথকাকৈ মুক্তভাৱে নতুন বিদ্যালয় স্থাপন কৰিব নে বৰ্তমানৰ বিদ্যালয়বোৰ আদৰ্শ বিদ্যালয়লৈ পৰিবৰ্তন কৰিব সেয়া সিদ্ধান্ত লব।
শিক্ষাদানৰ মাধ্যম: শিক্ষাদানৰ মাধ্যমৰ বিষয়টোত ৰাজ্য চৰকাৰে সিদ্ধান্ত লব। তথাপিও ইংৰাজী বিষয়ৰ শিক্ষা আৰু ইংৰাজী ভাষাত কথা-বতৰা পাতিব পৰাটোত বেছি গুৰুত্ব দিয়া হব।
শ্ৰেণীসমূহ: ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত ষষ্টমানৰ পৰা দ্বাদশ শ্ৰেণীলৈকে থাকিব আৰু প্ৰতিটো শ্ৰেণীত দুটাকৈ ভাগ থাকিব। আঞ্চলিক মাধ্যমৰ বিদ্যালয়ৰ ক্ষেত্ৰত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ থাকিব পাৰে।
পৰিচালনা: কেন্দ্ৰীয় বিদ্যালয়সমূহৰ দৰে ৰাজ্য চৰকাৰৰ সমিতি এখনে এই বিদ্যালয়বোৰ পৰিচালনা কৰিব।
নিৰ্মাণকাৰ্য্য:
নামভৰ্ত্তি:
ৰাজ্যত কেন্দ্ৰীয় বিদ্যালয় মান সম্পন্ন ২৫০০ খন বিদ্যালয় স্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ভূমিকা
অৰ্থব্যৱস্থাৰ ধৰণ:
১১শ ৫ম বাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত মূলধনৰ ৭৫ শতাংশ কেন্দ্ৰীয় চৰকাৰে বহন কৰিব আৰু ২৫ শতাংশ ৰাজ্য চৰকাৰে বহন কৰিব লাগিব। আবৰ্তিত(ৰেকাৰিং) খৰছবোৰ ৭৫:২৫ অনুপাতত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বহন কৰিব। ১২শ ৫ম বাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ব্যয়ৰ অংশ ৫০:৫০ হব। বিশেষ গুৰুত্ব দিয়া ৰাজ্যবোৰৰ এই অনুপাত ৯০:১০ হব।
খৰছৰ ধৰণ
প্ৰাথমিক শিক্ষা-সৰ্বশিক্ষা অভিযান
প্ৰতিজন ব্যক্তিৰ সুস্থ স্বাভাৱিক জীৱন যাপন কৰাৰ অধিকাৰ থকা উচিত। দূৰ্ভাগ্যবশতঃ এতিয়াও বিশ্বৰ বহু সংখ্যক শিশুৱে সুস্থ স্বাভাৱিক জীৱন যাপনৰ পৰা বঞ্চিত হৈয়ে ডাঙৰ-দীঘল হব ধৰিছে কাৰণ এইবোৰে নিজৰ মৌলিক অধিকাৰ আনকি প্ৰাথমিক শিক্ষাৰ পৰাও বঞ্চিত হৈছে।
বিভিন্ন শিক্ষা প্ৰকল্পৰ ফলস্বৰূপে ২০০০ চনত সন্মুখলৈ অহা ফলাফল এনে ধৰণৰ ৯৪ শতাংশ গাওঁবাসীৰ প্ৰাথমিক বিদ্যালয়ৰ দূৰত্ব ১ কিলোমিটাৰ ভিতৰত, ৮৪ শতাংশ গাওঁবাসীৰ ৩ কিলোমিটাৰৰ ভিতৰত একোখন উচ্চ বুনিয়াদী বিদ্যালয় আছে। অনুসূচীত জাতি আৰু জনজাতিৰ ছোৱালীক বিদ্যালয়ত নামভৰ্ত্তিৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। প্ৰথম পাচবছৰীয়া পৰিকল্পনাৰ সময়ছোৱাতকৈ লাহে লাহে বুনিয়াদী আৰু উচ্চ বুনিয়াদী বিদ্যালয়ত নামভৰ্ত্তিৰ হাৰ বৃদ্ধি পাইছে। সেইমতে বুনিয়াদী আৰু উচ্চ বুনিয়াদী বিদ্যালয়ৰ সংখ্যাও বাঢ়িবলৈ ধৰিছে। ১৯৫০-৫১ চনত মাত্ৰ ৩.১ নিযুত ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিক বিদ্যালয়ত নামভৰ্ত্তি কৰিছিল। ১৯৯৭-৯৮ত এই সংখ্যা ৩৯.৫ লৈ বৃদ্ধি পায়। ১৯৫০-৫১ চনত বুনিয়াদী আৰু উচ্চ বুনিয়াদী বিদ্যালয়ৰ সংখ্যা আছিল ০.২২৩ নিযুত। ১৯৯৬-৯৭ত এই পৰিমাণ ০.৭৭৫লৈ বৃদ্ধি পায়। এক আনুমানিক হিচাপ মতে ২০০২/২০০৩ বৰ্ষত ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ ৮২ শতাংশই বিদ্যালয়ত নামভৰ্ত্তি কৰিছিল। ভাৰত চৰকাৰে এই দশকৰ শেষত এই পৰিমাণ ১০০ শতাংশ কৰিবলৈ লক্ষ্য লৈছে। এই লক্ষ্যত উপনীত হবলৈ চৰকাৰে প্ৰৱৰ্তন কৰিছে:
সমগ্ৰ পৃথিৱীতে দৰিদ্ৰতা দূৰ কৰিবলৈ শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰিবলৈ আৰু প্ৰতিখন দেশৰ প্ৰতিজন লোকৰ জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ আৰু পৰিয়ালটোৰ সকলো সদস্যকে সমতা আৰু যোগাত্মক চিন্তাধাৰা জগাই তোলাতো
অতি প্ৰয়োজনীয়। বিশ্বৰ সকলো শিশুকে শিক্ষা ব্যৱস্থাৰ লগত জড়িত কৰিলেহে এইটো সম্ভৱ হৈ উঠিব পাৰে। ইয়াৰ বাবে উন্নত মানদণ্ডৰ শৈক্ষিক পৰিৱেশ আৰু অতি কমেও প্ৰাথমিক শিক্ষাৰ অতি প্ৰয়োজন।
সৰ্বশিক্ষা অভিযান
প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ বাবে সৰ্বশিক্ষা অভিযান এক বিস্তাৰিত আঁচনি। এই আঁচনি জিলা ভিত্তিক, বিকেন্দ্ৰীকৃত, স্থানীয় জনগোষ্ঠীৰ দ্বাৰা বিশেষভাৱে পৰিকল্পনা কৰা, আৰু কাৰ্য্যকৰীকৰণ বিদ্যালয় ব্যৱস্থা। এই অভিযানত চৰকাৰৰ সকলো শিক্ষামূলক কাৰ্য্যকলাপ আৰু ব্যৱস্থাক সামৰি সমগ্ৰ দেশতে ৰূপায়ন কৰা হৈছে। এই অভিযানৰ অন্তৰ্গত দেশৰ সকলো ৬ৰ পৰা ১৪ বছৰ বয়সীয়া শিশুক ২০১০ চনৰ ভিতৰত কামত অহা সংগতি থকা শিক্ষা প্ৰদান কৰা হব। (SSA Notifacation by Govt of India 2004 & 2005 )
সৰ্বশিক্ষা অভিযান কি?
অভিযান বিজ্ঞপ্তি
সৰ্বশিক্ষা অভিযান ভাৰত চৰকাৰৰ এনে এটা অভিযান যাৰ যোগেৰে নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণ কৰা হব। সংবিধানৰ ৮৬ সংশোধিত ধাৰাৰ মতে ৬-১৪ বছৰৰ শিশুৰ সম্পূৰ্ণ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা তেওঁলোকৰ মৌলিক অধিকাৰ। ৰাজ্য চৰকাৰৰ অংশিদাৰত সমগ্ৰ ভাৰতৰ ১.১ নিযুত জনবসতি থকা ঠাইৰ ১৯২ নিযুত শিশুক এই অভিযানে সামৰি লৈছে। এই অভিযানৰ ভিতৰত বিদ্যালয় নথকা জনবসতি অঞ্চলত নতুন বিদ্যালয় স্থাপন, বৰ্তমানে থকা বিদ্যালয়সমূহত শ্ৰেণীকোঠাৰ সংযোজন, শৌচালয় নিৰ্মাণ, খোৱা পানীৰ সুবিধা, বিদ্যালয় ৰক্ষণাবেক্ষণ আৰু উন্নিতকৰণৰ বাবে বিত্তীয় ব্যৱস্থা কৰা হৈছে।
পৰ্য্যাপ্ত পৰিমাণৰ শিক্ষক নথকা বিদ্যালয়ত শিক্ষক নিযুক্তি, প্ৰশিক্ষণৰ যোগেৰে শিক্ষকসকলক দক্ষ কৰি তোলা, শিক্ষণ সামগ্ৰী প্ৰস্তুতিৰ বাবে বিত্তীয় সাহাৰ্য্য প্ৰদান, স্তৰ খণ্ড জিলাই প্ৰতি শৈক্ষিক সহযোগ, আদিৰ ব্যৱস্থাও এই অভিযানৰ যোগেৰে কৰা হৈছে। দক্ষ জীৱন শৈলীৰ বাবেও এই অভিযানে প্ৰাথমিক শিক্ষাৰ মাজেৰে আশা কৰিছে। বিশেষ প্ৰয়োজন থকা শিশু আৰু কন্যা শিক্ষাৰ ক্ষেত্ৰত এই অভিযানে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। এই অভিযানে ডিজিটেল জগতলৈ সেতু হিচাপে কম্পিউটাৰ শিক্ষাৰো ব্যৱস্থা কৰিছে।
সৰ্বশিক্ষা অভিযানৰ উদ্দেশ্য
গুৰুত্ব দিয়া বিষয়বোৰ
বিকল্প বিদ্যালয় ব্যৱস্থা
বিশেষ প্ৰয়োজন থকা শিশু
স্থানীয় লোকৰ মাজত সচেতনতা বৃদ্ধি
ছোৱালী শিশুৰ শিক্ষা
উন্নতমানৰ উচ্চ প্ৰাথমিক শিক্ষা
প্ৰতিস্থানিক সংস্কাৰ: বিভিন্ন সুবিধাসমূহ যাতে সঠিকভাৱে প্ৰদান কৰিব পৰা যায় তাৰ বাবে সৰ্বশিক্ষা অভিযানৰ অংশ হিচাপে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সংস্কাৰ হাতত লৈছে। ৰাজ্য চৰকাৰসমূহে নিজৰ শিক্ষা ব্যৱস্থা নিকাৰণৰ বাবে উদ্দেশ্যমূলক মূল্যায়নৰ ব্যৱস্থা লৈছে, এইবোৰৰ ভিতৰত আছে, শৈক্ষিক প্ৰশাসন, বিদ্যালয়ৰ উত্তৰণৰ মান, বিত্তীয় বিষয়, বিকেন্দ্ৰীকৰণ আৰু স্থানীয় ৰাইজক জৰিতকৰণ, ৰাজ্যৰ শিক্ষা আইনৰ পুনঃনিৰীক্ষণ, যুক্তিসংগত শিক্ষক নিযুক্তি, পৰ্য্যবেক্ষণ আৰু মূল্যায়ণ, নাৰী শিক্ষাৰ স্থিতি, অনুসূচীত জাতি জনজাতি আৰু অনাগ্ৰসী জনগোষ্ঠী, ব্যক্তিগত বিদ্যালয়ৰ বাবে নীতি নিৰ্দ্ধাৰণ আদি। বহুবোৰ ৰাজ্যই ইতিমধ্যেই প্ৰাথমিক শিক্ষা ব্যৱস্থা প্ৰদানৰ সুবিধাৰ বাবে যথেষ্ট সাল-সলনি কৰিছে।
সুস্থিৰ অৰ্থব্যৱস্থা: এক সুস্থিৰ অৰ্থব্যৱস্থাৰ ওপৰতে সৰ্বশিক্ষা অভিযান সফল হব। প্ৰাথমিক শিক্ষা উন্নয়নৰ বাবে অৰ্থব্যৱস্থাৰ কোনো বাধা নাহে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বত এই অভিযানৰ অৰ্থব্যৱস্থা হব।
স্থানীয় লোকৰ অভিভাকক্ত: বিকেন্দ্ৰীভূত ব্যৱস্থাৰে এই অভিযানৰ জৰিয়তে স্থানীয় লোকক বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব প্ৰদান কৰা হয়। মহিলা সমিতি, গাওঁ শিক্ষা সমিতিত সদস্য, পঞ্চায়তৰ সদস্য আদিয়ে এই দায়িত্ব বহন কৰে।
প্ৰতিস্থানিক দক্ষতা বৃদ্ধি: ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ প্ৰতিস্থান যেনে, NIEPA/ NCERT/ NCTE/SCERT /SIEMAT/DIET আদিৰ দক্ষতা বৃদ্ধিৰ বাবে সৰ্বশিক্ষা অভিযানৰ এক বিৰাট ব্যৱস্থা লোৱা হৈছে। পাৰদৰ্শী ব্যক্তি আৰু প্ৰতিস্থানসমূহক যাতে উন্নতমানৰ আৰু সকলো সময়তে সহায় কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰা হৈছে।
মূলসূতিৰ শৈক্ষিক প্ৰশাসনৰ উন্নতি: বিদ্যালয়ৰ উন্নতি, নতুন চিন্তাধাৰাৰ সংযোগ, সঠিক মূল্যায়ন, উপযুক্ত পদ্ধতি প্ৰয়োগ আদিৰে মূলসূতিৰে শৈক্ষিক প্ৰশাসনৰ উন্নতিৰ ব্যৱস্থা লোৱা হৈছে।
স্থানীয় লোকৰ দ্বাৰা অতি স্বচ্ছ পৰ্য্যবেক্ষণ: এই অভিযানত স্থানীয় লোকৰ দ্বাৰা অভিযানৰ কাম-কাজবোৰৰ পৰ্য্যবেক্ষণৰ ব্যৱস্থা ৰখা হৈছে। শৈক্ষিক তথ্য পৰিচালনা পদ্ধতিৰ যোগেৰে বিদ্যালয় পৰ্য্যায়ৰ তথ্যৰ লগতে গোষ্ঠীগত তথ্য আদি সূত্ৰ পৰিকল্পনা আৰু জৰীপ যোগেৰে সংগ্ৰহ কৰা হয়। ইয়াৰ উপৰিও বিদ্যালয়সমূহক সকলো তথ্য ৰাইজৰ লগত আলোচনা কৰিবলৈ উত্সাহিত কৰা হয়। আৰ্থিক অনুদান সম্পৰ্কীয় তথ্যও ৰাইজৰ আগত ব্যক্ত কৰিব লাগে। এই তথ্যসমূহ ৰাইজে জানিব পৰাকৈ এখন জাননী ফলকত আৰি দিব পৰাৰ ব্যৱস্থাও ৰখা হৈছে।
স্থানীয় জনবসতিৰ বাবে পৰিকল্পনাঃ স্থানীয় জনবসতি অঞ্চলটোক এটা পৰিকল্পনাৰ গোট হিচাবে লৈ সৰ্বশিক্ষা অভিযানত কাম কৰাৰ সুবিধা ৰখা হৈছে। এই গোটবোৰৰ পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি জিলা পৰিকল্পনাৰ ব্যৱস্থা আছে।
স্থানীয় ৰাইজৰ ওচৰত দায়বদ্ধতাঃ সৰ্বশিক্ষা অভিযানত শিক্ষক অভিভাৱকৰ মাজত সম্পৰ্ক স্থাপনৰ উপৰিও স্থানীয় ৰাইজৰ ওচৰত স্বচ্চতা আৰু দায়বদ্ধতাৰ ব্যৱস্থা আছে।
কন্যা শিশু শিক্ষাত অগ্ৰাধিকাৰ: ছোৱালীৰ শিক্ষা, বিশেষকৈ অনুসূচীত জাতি, জনজাতি, সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীবোৰক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰাটো সৰ্বশিক্ষা অভিযানৰ এটা মূল বিষয় ।
বিশেষ গোটৰ প্ৰতি গুৰুত্ব প্ৰদানঃ অনুসূচীত জাতি, জনজাতি, সংখ্যালঘু সম্প্ৰদায়, চহৰৰ অৱহেলিত শিশু, অন্যান্য ক্ষেত্ৰত অনগ্ৰাসী শিশু, বিশেষ যত্নৰ প্ৰয়োজন থকা শিশু আদিক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বিশেষভাৱে জড়িত কৰা আৰু অংশ লোৱাত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়।
পূৰ্ব-প্ৰকল্পৰ পৰ্য্যায়: সৰ্বশিক্ষা অভিযানত সমগ্ৰ দেশতে প্ৰকল্প পূৰ্বে প্ৰস্তুতিৰ কাম আৰম্ভ কৰা হয় যাতে প্ৰকল্পৰ মূল পৰ্য্যায় কাৰ্য্যকৰীকৰণত কোনো ধৰণৰ বাধাৰ বা সমস্যাৰ সৃষ্টি নহয়। প্ৰকল্পৰ প্ৰতিটো বিষয় পুংশানুপুংশভাৱে পৰ্য্যালোচনা কৰা হয়। দক্ষতা বৃদ্ধি, সুবিধা প্ৰদান আৰু পৰ্য্যবেক্ষণ ব্যৱস্থা শক্তিশালী কৰা হয়। ঘৰে ঘৰে জৰীপ, জনগোষ্ঠীভিত্তিক ক্ষুদ্ৰ পৰিকল্পনা আৰু বিদ্যালয়ৰ মানচিত্ৰ প্ৰস্তুতি, সমাজৰ নেতৃত্ব লব পৰা ব্যক্তিক প্ৰশিক্ষণ, বিদ্যালয় পৰ্য্যায়ত বিভিন্ন কাম-কাজ, তথ্য সংগ্ৰহ ব্যৱস্থা প্ৰস্তুত কৰা, কাৰ্য্যলয়ৰ সা-সামগ্ৰী, বিশ্লেষাত্মক অধ্যয়ন আদি এই পৰ্য্যায়ত কৰা হয়।
উন্নত মানৰ প্ৰতি আস্থা: সৰ্বশিক্ষা অভিযানত শিক্ষা পদ্ধতিত উন্নত মানৰ কৰি তুলিবলৈ বিশেষ গুৰুত্ব দিয়া হয়। বিশেষকৈ শিশুসকলক নানা ধৰণৰ খেল-ধেমালিৰ মাজেৰে শিক্ষা প্ৰদান আৰু আন আন বিজ্ঞান সন্ময়ভাৱে প্ৰমাণিত শিক্ষা পদ্ধতিৰ ওপৰত আস্থা ৰাখি এই অভিযানত সন্নিবিষ্ট কৰা হৈছে।
শিক্ষকৰ ভূমিকা: সৰ্বশিক্ষা অভিযানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু কেন্দ্ৰীভূত বিষয় হ’ল শিক্ষক। সেইবাবেই এই অভিযানত শিক্ষকসকলৰ প্ৰয়োজনীয় বিকাশৰ বাবে উকালতি কৰা হয়। ইয়াৰ বাবে খণ্ড পৰ্য্যায়ত খণ্ড সমল কেন্দ্ৰ/ক্লাষ্টাৰ সমল কেন্দ্ৰ, উপযুক্তভাৱে শিক্ষিত শিক্ষক নিযুক্তি, পাঠ্যক্ৰম ভিত্তিত সমল বিকাশত শিক্ষকসকলক জড়িত কৰি শিক্ষকৰ বিকাশৰ চেষ্টা, শ্ৰেণীকোঠাৰ প্ৰক্ৰিয়াত গুৰুত্ব প্ৰদান আৰু মানৱ সম্পদ উন্নয়নৰ বাবে বিভিন্ন বিষয়ক ক্ষেত্ৰ পৰিদৰ্শনৰ ব্যৱস্থা ৰখা হৈছে।
জিলা প্ৰাথমিক শিক্ষা পৰিকল্পনা: সৰ্বশিক্ষা অভিযানত কাৰ্য্য পদ্ধতিৰ ভিতৰত প্ৰতিখন জিলাই জিলা ভিত্তিক প্ৰাথমিক শিক্ষাৰ পৰিকল্পনা প্ৰস্তুত কৰিব। প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সকলো বিনিয়োগ আৰু প্ৰয়োজনসমূহ ইয়াত অন্তৰ্ভূক্ত হব। এক দীৰ্ঘকালীন কৰ্মসূচীৰ পৰিকল্পনা ইয়াত থাকিব লাগিব যাতে এইবোৰৰ দ্বাৰা প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণত উপনীত হব পৰা যায়। প্ৰতিবছৰৰ বাবে কৰ্মসূচী আৰু বাজেট থাকিব লাগিব। অগ্ৰাধিকাৰ ভিত্তিত সম্পূৰ্ণ বছৰটোৰ বাবে কাৰ্য্যতালিকা প্ৰস্তুত কৰিব লাগিব। প্ৰকল্প কাৰ্য্যকৰীকৰণৰ সময়ত প্ৰয়োজন সাপেক্ষে এইবোৰৰ উন্নত কৰিব পৰাৰ ব্যৱস্থা থাকিব লাগিব।
সৰ্বশিক্ষা অভিযানত বিত্তীয় নীতি:
সৰ্বশিক্ষা অভিযানত হস্তক্ষেপ ৰীতি
সৰ্বশিক্ষা অভিযানত গুৰুত্বপূৰ্ণ বিত্তীয় ৰীতি হ’ল:
হস্তক্ষেপৰ ৰীতি
১) শিক্ষক
২) বিদ্যালয়/বিকল্প বিদ্যালয়ৰ সুবিধা
৩) উচ্চ প্ৰাথমিক বিদ্যালয়/অঞ্চল
প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰা শিশুৰ সংখ্যা আৰু প্ৰয়োজন সাপেক্ষে প্ৰতি দুখন প্ৰাথমিক বিদ্যালয়ত এখন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ/বা শ্ৰেণীৰ ব্যৱস্থা কৰিব লাগিব।
৪) শ্ৰেণীকোঠা
৫) বিনামূলীয়া পাঠ্যপুথি
৬) নিৰ্মাণকাৰ্য্য
৭) বিদ্যালয় ভৱনৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতি
৮) EGS সমূহক নিয়মীয়া বিদ্যালয়লৈ উন্নীতকৰণ বা ৰাজ্যৰ নীতি অনুসৰি নতুন প্ৰাথমিক বিদ্যালয় স্থাপন কৰা।
৯) উচ্চ প্ৰাথমিকৰ বাবে TLE
হস্তক্ষেপৰ ৰীতি
১০) বিদ্যালয়ৰ অনুদান
১১) শিক্ষকৰ অনুদান
১২) শিক্ষক প্ৰশিক্ষণ
১৩) ৰাজ্যিক শৈক্ষিক পৰিচালনা আৰু প্ৰশিক্ষণ প্ৰতিস্থান
১৪) স্থানীয় নেতৃত্বক প্ৰশিক্ষণ
১৫) অসমৰ্থ শিশুৰ বাবে সুবিধা
১৬)গৱেষণা, মূল্যায়ণ, পৰিদৰ্শন আৰু পৰামৰ্শ প্ৰদান
হস্তক্ষেপৰ ৰীতি
১৭) পৰিচালনাৰ ব্যয়
১৮) ছোৱালী শিক্ষা, শিশুৰ যত্ন আৰু শিক্ষা, অনুসূচীত জাতি, জনজাতিৰ ছাত্ৰ-ছাত্ৰী, উচ্চ প্ৰাথমিক পৰ্য্যায়ৰ কম্পিউটাৰ শিক্ষা আদিৰ ক্ষেত্ৰত সৃজনীমূলক কাম-কাজত উত্সাহ প্ৰদান কৰা হব।
১৯) খণ্ড সমল কেন্দ্ৰ/ক্লাষ্টাৰ সমল কেন্দ্ৰ
হস্তক্ষেপৰ ৰীতি
২০) ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় বাদ দিয়াটো বন্ধ কৰা
২১) ক্ষুদ্ৰ পৰিকল্পনা, ঘৰে ঘৰে জৰীপ, অধ্যয়ন, জনসচেতনতা, বিদ্যালয় ভিত্তিক কাৰ্য্যসূচী, কাৰ্য্যালয়ৰ সামগ্ৰী, প্ৰশিক্ষণ আৰু বোধন কাৰ্য্যৰ বাবে পূৰ্ব কাম-কাজ।
সকলোৰে বাবে শিক্ষাৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে এক দৃঢ় অংগিকাৰ কৰিছে। এতিয়াও ভাৰতত নাৰীৰ শিক্ষিতৰ হাৰ সমগ্ৰ এচিয়াৰ ভিতৰতে কম। ১৯৯১ চনৰ তথ্যমতে ৭ বছৰ বয়সৰ ওপৰৰ ৩৩০ নিযুত ছোৱালীৰ ৪০ শতাংশতকৈ কম শিক্ষিত। সেই হিচাপে আজিৰ তাৰিখত ভাৰতৰ মাত্ৰ ২০০ নিযুত মহিলাহে সাক্ষৰ।
মহিলাৰ সাক্ষৰতাৰ হাৰ কম হোৱাৰ ফলত কেৱল যে মহিলাগৰাকীৰ জীৱনতে প্ৰভাৱ পেলাইছে এনে নহয়, ইয়াৰ ফলত মহিলাগৰাকীৰ পৰিয়ালৰ লগতে সমগ্ৰ দেশৰ আৰ্থিক দিশতো নেতীবাচক প্ৰভাৱ পেলাইছে। বহুবোৰ অধ্যয়নত দেখা গৈছে যে নিৰক্ষৰ মহিলাৰ প্ৰসৱজনিত মৃত্যুৰ হাৰ বেছি, পৰিপুষ্টিৰ অভাৱ, অৰ্জনৰ ক্ষমতা কম আৰু পৰিয়ালত মহিলাগৰাকীৰ স্বাধীনতা কম থাকে। নিৰক্ষৰ মহিলা এগৰাকীৰ শিশুৰ স্বাস্থ্য আৰু বিকাশতো নেতীবাচক প্ৰভাৱ পৰে। সদ্য প্ৰকাশিত জৰীপৰ তথ্যমতে মাতৃৰ শিক্ষাৰ স্তৰৰ ওপৰত নৱজাতকৰ মৃত্যুৰ হাৰ জৰিত। আনহাতে জনসাধাৰণ শিক্ষিত নহ’লে ইয়াৰ প্ৰভাৱ ক্ষতিকাৰক দেশৰ অৰ্থনৈতিক উন্নতিত পৰে। ভাৰত চৰকাৰে ছোৱালী আৰু নাৰী শিক্ষাৰ ক্ষেত্ৰত অতি বেছি অগ্ৰাধিকাৰ প্ৰদান কৰিছে। নতুন শতাব্দিত ভাৰতৰ সকলো পুৰণি শিক্ষা ব্যৱস্থাত সম্পূৰ্ণৰূপে পৰিৱৰ্তিত কৰা হৈছে। অধিক সমল আৰু এক শক্তিশালী ৰীতিগত সংকল্প লোৱা হৈছে। যাতে সকলো শিশুৱে মাধ্যমিক পৰ্য্যায় পৰ্য্যন্ত শিক্ষা গ্ৰহণ কৰিবলৈ পাৰে। বিশেষকৈ কন্যা শিশুৱেও।
মাধ্যমিক পৰ্য্যায়ত ছোৱালীৰ শিক্ষা
কষ্টুৰবা গান্ধী বালিকা বিদ্যালয় কাৰ্য্যকৰীকৰণৰ পৰিৱৰ্তিত নিৰ্দেশনা
ছোৱালীৰ মাধ্যমিক পৰ্য্যায়ৰ শিক্ষাৰ ৰাষ্ট্ৰীয় কাৰ্য্যসূচী থুলমূল পৰিৱৰ্তিত নিৰ্দেশনা ছোৱালীৰ মাধ্যমিক পৰ্য্যায়ৰ শিক্ষাৰ ৰাষ্ট্ৰীয় কাৰ্য্যসূচী ৩১।১২।০৭ লৈকে NPEGEL ৰ উন্নতি
উত্সঃ সৰ্বশিক্ষা অভিযান
বৰ্তমান কালত শাৰীৰিকভাৱে অক্ষম, পৃথকভাৱে সমৰ্থ আৰু বিশেষ যত্ন লব লগা শিশুৰ প্ৰতি সমাজৰ মানসিকতা কিছু সলনি হৈছে। এনে লোকক যদি উপযুক্ত ধৰণৰ সুবিধা আৰু যত্ন প্ৰদান কৰা হয় তেন্তে এই সকলেও এটা স্বাভাৱিক জীৱন যাপন কৰিব পাৰিব বুলি এক সংখ্যাগৰিষ্ঠ লোকে মতামত আগবঢ়াইছে। আলোচনা হৈছে শীঘ্ৰে লক্ষণ নিৰূপন, উপযুক্ত ব্যৱস্থা লোৱা, উপযুক্ত শিক্ষা প্ৰদান, কাৰিকৰী প্ৰশিক্ষণ প্ৰদান, নিয়োগৰ সুবিধা আৰু প্ৰতিজনৰ বাবে বিশেষ সহায়ক আহিলা আদিৰ উপলভ্যতাই এনে ব্যক্তিৰ জীৱন স্বাভাৱিক কৰি তুলিব পৰা যায়। ইয়াৰ উপৰিও তেওঁলোকক জীৱনৰ সকলো স্তৰত সম্পূৰ্ণ নাগৰিকৰ মৰ্য্যদা আৰু অধিকাৰ দিব লাগিব।
উৎস: ভাৰত চৰকাৰ।
শেহতীয়া উন্নীতকৰণ: : 4/1/2020