অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতৰ ৰাজনৈতিক দল আৰু প্ৰভাৱগোষ্ঠী

ৰাজনৈতিক দল সংসদীয় গণতন্ত্ৰৰ এটা অবিচ্ছেদ্য অংগ| দলবিহীন গণতন্ত্ৰৰ কথা কেতিয়াও চিন্তা কৰিব নোৱাৰি| সেয়েহে গণতান্ত্ৰিক শাসন ব্যৱস্থাত ৰাজনৈতিক দলসমুহৰ ভুমিকাৰ বিষয়ত ৰাজনৈতিক পণ্ডিত সকল একেমত নহলেও গণতান্ত্ৰিক শাসন ব্যৱস্থাত ৰাজনৈতিক দল যে অপৰিহাৰ্য, সেই বিষয়ত কোনো সন্দেহ নাই| আগৰ কালত গ্ৰীছ, ৰোম আদিৰ নগৰ ৰাষ্ট্ৰ সমুহত প্ৰত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন আছিল| গতিকে সেই সময়ত নাগৰিক সকলে প্ৰত্যক্ষ ভাৱে চৰকাৰী কামত অংশ গ্ৰহণ কৰিব পাৰিছিল| কিন্তু বৰ্তমান যুগৰ ৰাষ্ট্ৰসমুহত লাখ লাখ লোক বাস কৰে| সেয়েহে বৰ্তমান প্ৰতিনিধিত্বমুলক গণতন্ত্ৰ বা পৰোক্ষ গণতন্ত্ৰৰ প্ৰচলন হৈছে| এনে ব্যৱস্থাত জনসাধাৰণে নিৰ্বাচন কৰি দিয়া প্ৰতিনিধি সকলে শাসকৰ দায়িত্ব বহন কৰে| যি দলেই বিধানমণ্ডলৰ আধাতকৈ অধিক আসনলাভ কৰিব পাৰে, সেই দলেই চৰকাৰ গঠন কৰাৰ সুবিধা পায়| অৰ্থাৎ বৰ্তমান যুগৰ সংসদীয় গণতন্ত্ৰত ৰাইজৰ হকে ৰাজনৈতিক দলে শাসন চলোৱাৰ সুবিধা পায়| ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়| ভাৰতৰ দলীয় ব্যৱস্থা বৈচিত্ৰপুৰ্ণ| ৰাজনৈতিক আদৰ্শৰ উপৰিও জাতি, ভাষা, অঞ্চল আদিৰ ভিত্তিত ইয়াত ৰাজনৈতিক দলৰ সৃষ্টি হোৱা দেখা যায়| ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলৰ গঠন, আদৰ্শ আদিৰ বিষয়ে আলোচনা কৰাৰ আগতে ভাৰতৰ ৰাজনৈতিক দলৰ বৈশিষ্ট্য সমুহ উল্লেখ কৰা হ’ল-

ৰাজনৈতিক দলৰ বৈশিষ্ট্য

১) সাংবিধানিক স্বীকৃতি নাই: ভাৰতৰ সংবিধানত ৰাজনৈতিক দল সম্পৰ্কে কোনো উল্লেখ নাই| তথাপি সংবিধান ৰচনা কৰাৰ বহু বছৰৰ আগতেই ভাৰতত ৰাজনৈতিক দলৰ সৃষ্টি হৈছিল| ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল ১৮৮৫ চনত| ভাৰতৰ স্বাধীনতা আন্দোলনত কংগ্ৰেছে গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰিছিল|স্বাধীনতা লাভৰ পিছত কংগ্ৰেছ দলেই চৰকাৰ গঠন কৰিছিল| অৰ্থাৎ ভাৰতৰ ৰাজনৈতিক জীৱনত ৰাজনৈতিক দল জড়িত হৈ আহিছে| সেয়েহে বোধহয় সংবিধানত ৰাজনৈতিক দলৰ উল্লেখ নাই| কিন্তু নিৰ্বাচনী আয়োগে ৰাজনৈতিক দলক স্বীকৃতি দিয়াৰ ব্যৱস্থা আছে| কোন দলক সৰ্বভাৰতীয় দল হিচাপে স্বীকৃতি দিব আৰু কোন দলক আঞ্চলিক দল হিচাপে স্বীকৃতি দিব সেই বিষয়ত নিৰ্বাচনী আয়োগে সিদ্ধান্ত গ্ৰহণ কৰে| ১৯৮৮ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ সংশোধনী মতে ৰাজনৈতিক দল সমুহক পঞ্জীভুত কৰাৰ ব্যৱস্থা কৰা হৈছে| প্ৰত্যেক ৰাজনৈতিক দলে পঞ্জীভুত হোৱাৰ উদ্দেশ্যে নিৰ্বাচনী আয়োগৰ ওচৰত আবেদন দাখিল কৰিব লাগে আৰু সংবিধান, সমাজতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা আৰু সংহতি ৰক্ষা কৰিব বুলি ঘোষণা কৰিব লাগে|

২) বহুদলীয় ব্যৱস্থা:- ভাৰতীয় দলীয় ব্যৱস্থাৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য যে ভাৰতত বহুদলীয় ব্যৱস্থাৰ প্ৰচলন আছে| সৰ্বভাৰতীয় দলৰ উপৰিও ইয়াত কিছুমান আঞ্চলিক দলৰো সৃষ্টি হৈছে সৰ্বভাৰতীয় দলসমুহৰ ভিতৰত কংগ্ৰেছ(আই), কংগ্ৰেছ (এছ), চি-পি-আই, চি-পি-আই(এম), জনতা দল, ভাৰতীয় জনতা পাৰ্টি, বহুজন সমাজবাদী দল আদি বিশেষ ভাৱে উল্লেখযোগ্য| আঞ্চলিক দলৰ ভিতৰত অসমৰ অসম গণ পৰিষদ, পঞ্জাৱৰ আকালি দল, অন্ধ্ৰপ্ৰদেশৰ তেলেগু দশম, তামিলনাডুৰ ডি-এম-কে, এ-আই-ডি-এম-কে, উড়িষ্যাত বি-জে-ডি, মহাৰাষ্ট্ৰত শিৱসেনা আদি বিশেষ ভাৱে উল্লেখযোগ্য|

৩) শক্তিশালী বিৰোধী দলৰ অনুপস্থিতি:- শক্তিশালী বিৰোধী দলৰ অভাৱ ভাৰতৰ দলীয় ব্যৱস্থাৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য| স্বাধীনতা লাভৰ সময়ৰ পৰা কোনো দলেই কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী দল হিচাপে গঢ়ি উঠিব পৰা নাই| ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত সাময়িকভাৱে কংগ্ৰেছ ক্ষমতাচ্যুত হৈছিল আৰু জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰাৰ সুবিধা পাইছিল| কিন্তু জনতা পাৰ্টিৰ আভ্যন্তৰীণ বিৰোধৰ ফলত ১৯৭৯ চনত এই দলৰ চৰকাৰৰ পতন হয় আৰু কংগ্ৰেছে পুনৰ ক্ষমতালৈ অহাৰ সুবিধা পায়| সেইদৰে ১৯৮৯ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে পৰাজয়বৰণ কৰে আৰু ৰাষ্ট্ৰীয় মৰ্চাই কেন্দ্ৰত চৰকাৰ গঠন কৰে| কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে মৰ্চা চৰকাৰৰ প্ৰতি তেওঁলোকৰ সমৰ্থন প্ৰত্যাহাৰ কৰাত ই চৰকাৰৰ পতন ঘটে আৰু ১৯৯১ চনৰ নিৰ্বাচনত কংগ্ৰেছে পুনৰ চৰকাৰ গঠনৰ সুবিধা পায়| কিছুমান ৰাজ্যত অ-কংগ্ৰেছী চৰকাৰে শাসনৰ দায়িত্ব বহন কৰি আছে| কিন্তু ১৯৯৬ চনৰ নিৰ্বাচনৰ পৰা বৰ্তমান সময়লৈকে কংগ্ৰেছৰো প্ৰভাৱ দেশব্যাপী কমি আহিছে| আমাৰ দেহত ৰাজনৈতিক দলৰ সংখ্যা ভালেমান আছে যদিও কোনো এটা দলেও শক্তিশালী বিৰোধী দলৰ ভুমিকা পালন কৰিব পৰা নাই| আনকি ১৯৯৬ চনৰ নিৰ্বাচনৰ পিছৰ পৰা কোনো এটা ৰাজনৈতিক দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ দৰকাৰী সংখ্যক আসন লাভ কৰিব পৰা নাই| ইয়ে আমাৰ দেশত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিছে|

৪) প্ৰাধান্যকাৰী দলীয় ব্যৱস্থা:- শক্তিশালী বিৰোধী দল নথকাৰ কাৰণে কিছুমানে ভাৰতৰ দলীয় ব্যৱস্থাক প্ৰাধান্যকাৰী দলীয় ব্যৱস্থা হিচাপে আখ্যা দিয়ে| মৰিছ জনছ ৰ মতে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা হৈছে এটা দলৰ প্ৰাধান্য থকা দলীয় ব্যৱস্থা| ৰজনী কোঠাৰীয়ে ভাৰতৰ দলীয় ব্যৱস্থাক কংগ্ৰেছী ব্যৱস্থা আখ্যা দিছে| আনকি জৱাহৰলাল নেহৰুৱেও এনে ধৰণৰ মন্তব্য দিছিল| তেওঁৰ মতে কংগ্ৰেছেই হৈছে দেশ আৰু দেশেই হৈছে কংগ্ৰেছ| ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ৰ পৰা ১৯৬৭ চনলৈ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে কংগ্ৰেছ দলেই প্ৰাধান্য বিস্তাৰ কৰিছিল| ১৯৭৭ চনত আৰু ১৯৮৯ চনৰ নিৰ্বাচনত কংগ্ৰেছে পৰাজয়বৰণ কৰিছিল যদিও কোনো এটা দলেই ৫ বছৰ কেন্দ্ৰত চৰকাৰ পৰিচালনা কৰিব পাৰা নাই| অৱশ্যে কিছুমান ৰাজ্যত কংগ্ৰেছৰ প্ৰাধান্য কমি যোৱা দেখা যায়| পশ্চিমবংগত চি-পি-এম দলে, উড়িষ্যাত বি-জে-ডি আৰু তামিলনাডুত ডি-এম-কে আৰু এ-আই-ডি-এম-কে দলে প্ৰাধান্য বিস্তাৰ কৰি আছে| বিৰোধী দলসমুহৰ মাজত পাৰস্পৰিক বুজাবুজিৰ অভাৱত কেন্দ্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ বিকল্প হিচাপে কোনো শক্তিশালী দল গঠিত হব পৰা নাই| কিন্তু সাম্প্ৰতিক কালত এনে মন্তব্যৰ গুৰুত্ব কমি আহিছে| কিয়নো কংগ্ৰেছ দলৰ প্ৰভাৱ এতিয়া কমি আহিছে|

৫) ব্যক্তি প্ৰাধান্য ব্যৱস্থা:- ভাৰতৰ দলীয় ব্যৱস্থাত দলৰ আদৰ্শতকৈ দলৰ নেতৃস্থানীয় লোকৰ ওপৰত অধিক প্ৰাধান্য দিয়া দেখা যায়| জৱাহৰলাল নেহৰুৰ সময়ত দল আৰু চৰকাৰৰ ওপৰত তেওঁৰ প্ৰভাৱ আছিল অসীম| সেইদৰে ইন্দিৰা গান্ধীৰ আমোলত দল আৰু চৰকাৰৰ ওপৰত তেওঁৰেই প্ৰাধান্য আছিল| দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ উপৰিও তেওঁ কংগ্ৰেছ দলৰ সভাপতিও আছিল| এতিয়াও কংগ্ৰেছৰ এটা দলক ইন্দিৰাপন্থী কংগ্ৰেছ হিচাপে জনা যায়| সেইদৰে ৰাজীৱ গান্ধীৰ আমোলতো তেওঁ দল আৰু চৰকাৰ উভয়ৰে নেতৃত্ব বহন কৰিছিল| কংগ্ৰেছৰ বাহিৰে আন আন দলতো ব্যক্তি প্ৰাধান্য দেখা যায়| অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, চন্দ্ৰশেখৰ, ভি-পি-সিং, মুলায়ম সিং যাদব, লালুপ্ৰসাদ যাদব, মায়াৱতী, নিতীশ কুমাৰ, নৰেন্দ্ৰ মোডী, মমতা বেনাৰ্জী, আদিৰ নিচিনা ব্যক্তিৰ ওপৰত এতিয়া সংশ্লিষ্ট দলে প্ৰাধান্য দিয়া দেখা যায়|

৬) জাতি-ভাষা আদিৰ ভিত্তিত দল গঠন:- জাতি-ভাষা আদিৰ ভিত্তিত ৰাজনৈতিক দল গঠনৰ উদাহৰণ ভাৰতত নোহোৱা নহয়| শোষিত দল, বহুজন সমাজবাদী প্ৰাৰ্থী আদি দল অনুসূচীত জাতিৰ স্বাৰ্থৰক্ষাৰ কাৰণে গঠিত হোৱা দল| ডি-এম-কে আৰু এ-আই-ডি-এম-কে ভাষাৰ ভিত্তিত গঠিত দল বুলি কব পাৰি| আগৰ হিন্দু মহাসভা, জনসংঘ আৰু বৰ্তমান ভাৰতীয় জনতা দলক হিন্দুৰ স্বাৰ্থৰক্ষাৰ কাৰণে অংগীকাৰবদ্ধ দল হিচাপে আখ্যা দিয়া হয়|

৭) আদৰ্শগত পাৰ্থক্য:- বিভিন্ন দলৰ মাজত আদৰ্শগত প্ৰভেদ ভাৰতৰ দলীয় ব্যৱস্থাৰ অন্যতম বৈশিষ্ট্য| ইয়াত যেনেকৈ সোঁপন্থী দল আছে, তেনেকৈ বাওঁপন্থী দলো আছে| কিছুমান দল আকৌ মধ্যমপন্থা অৱলম্বন কৰে| বাওঁপন্থী দলসমুহে বৰ্তমান সমাজ ব্যৱস্থাৰ আমুল পৰিৱৰ্তনৰ কাৰণে বৈপ্লৱিক নীতিৰ প্ৰতি সমৰ্থন জনায়| কিন্তু সোঁপন্থী দলসমুহে বৈপ্লৱিক ব্যৱস্থাৰ পৰিৱৰ্তে লাহে লাহে আৰু সাংবিধানিক উপায়ে সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনত বিশ্বাস কৰে|

৮) দলৰ ভাঙোন:- ভাৰতৰ ৰাজনৈতিক দলৰ সদস্য সকলৰ মাজত হোৱা আভ্যন্তৰীণ মতভেদৰ ফলত দলসমুহৰ মাজত ভাঙোনৰ সৃষ্টি হোৱা দেখা যায়| ১৯৬৯ চনত কংগ্ৰেছ দল শাসক কংগ্ৰেছ আৰু সাংগঠনিক কংগ্ৰেছ এই দুটা ভাগত ভাগ হয়| তাৰ পৰৱৰ্তী কাল ছোৱাত কংগ্ৰেছ দুই ভাগত বিভক্ত হৈ ইন্দিৰা কংগ্ৰেছ আৰু সমাজবাদী কংগ্ৰেছ এই দুটা দলৰ সৃষ্টি হয়| সেইদৰে ১৯৬৪ চনত   কমিউনিষ্ট দল দুটা ভাগত বিভক্ত হয়| আগৰ C.P.I ৰ পৰা C.P.I.(M)ৰ সৃষ্টি হয়|  C.P.I.(M)ৰ পৰা কিছুমান সদস্যই দলত্যাগ কৰি C.P.I.(ML) গঠন কৰে| সেইদৰে বিভিন্ন দলৰ সদস্য লগ লাগি সৃষ্টি কৰা জনমৰ্চাৰো ভাঙোনে দেখা দিয়ে| অসম গণ পৰিষদ ভাঙি অসম গণ পৰিষদ আৰু নতুন অসম গণ পৰিষদৰ সৃষ্টি হয়| অৱশ্যে অলপতে এই দুয়োটা দল পুনৰ একত্ৰিত হৈছে|

৯) প্ৰভাৱগোষ্ঠীৰ লগত সহযোগিতা:- ৰাজনৈতিক দলসমুহে দেশৰ প্ৰভাৱগোষ্ঠীৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলে| বিভিন্ন সংগঠনত থকা বনুৱা সংস্থাৰ লগত ৰাজনৈতিক দলসমুহৰ যোগাযোগ থাকে| সেইদৰে ব্যৱসায়ীক সংস্থা, শিল্পপতি সংস্থা আদি বিভিন্ন সংস্থাৰ লগত ৰাজনৈতিক দলসমুহৰ যোগাযোগ থাকে| এই সংস্থাসমুহে নিৰ্বাচনৰ সময়ত বিভিন্ন উপায়ে ৰাজনৈতিক দলসমুহক সহায় কৰে|

১০) দলত্যাগ:- ভাৰতৰ ৰাজনৈতিক দলৰ সদস্যসকলৰ মাজত দলত্যাগ কৰি আন দলত যোগদান কৰা এটা সময়ত নিয়মত পৰিণত হৈছিল বুলি কব পাৰি| ১৯৬৭ চনৰ আগলৈকে দলত্যাগক বিশেষ এটা সমস্যা হিচাপে ধৰি লোৱা হোৱা নাছিল| কিয়নো অতি কম সংখ্যক সদস্যই নিজৰ দল ত্যাগ কৰি আন দলত যোগদান কৰিছিল| কিন্তু ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত দলত্যাগ ব্যৱস্থাই গুৰুতৰ ৰুপ ধাৰণ কৰিছিল| এই বিষয়ত হাৰিয়ানাই ভাৰতৰ বাকী অঞ্চলৰ পথপ্ৰদৰ্শকৰ ভুমিকা গ্ৰহণ কৰিছিল| এটা দিনৰ ভিতৰতে একোজন সদস্যই তিনিবাৰ পৰ্যন্ত আনুগত্য সলনি কৰিছিল| সেয়েহে এই ৰাজ্যখনক আয়াৰাম গয়াৰামৰ ৰাজ্য হিচাপে জনা গৈছিল| ১৯৬৭ চনৰ মাৰ্চ মাহৰ পৰা ডিচেম্বৰ মাহলৈ ভাৰতৰ ৩৪৫০ জন ৰাজ্য বিধানমণ্ডলৰ সদস্যৰ ভিতৰত প্ৰায় ৩২০ জনে তেওঁলোকৰ আনুগত্য সলনি কৰিছিল| ব্যক্তিগত লাভ আৰু ক্ষমতা প্ৰয়োগৰ সুবিধা গ্ৰহণ কৰিবলৈ ইচ্ছুক সকলে সাধাৰণতে দলত্যাগ কৰিবলৈ ইতস্ত:ত নকৰিছিল| ১৯৮৫ চনত দলত্যাগ বিৰোধী আইন গ্ৰহণ কৰি দলত্যাগ বন্ধ কৰিবলৈ চেষ্টা কৰা হৈছে|

১১) দলীয় সংহতিৰ অভাৱ:- ৰাজনৈতিক দলসমুহৰ আভ্যন্তৰীণ ঐক্য, সংহতি আৰু শৃংখলাৰ অভাৱ ভাৰতৰ ৰাজনৈতিক দলসমুহৰ অন্যতম বৈশিষ্ট্য| দলৰ সাংগঠনিক নিৰ্বাচন, নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ মনোনয়ন আদি বিভিন্ন বিষয়ত দলৰ সদস্য সকলৰ মাজত মতভেদ থকা দেখা যায়| কংগ্ৰেছ দলে প্ৰাধান্যকাৰী দল হোৱা সত্বেও এই দলৰ সদস্য সকলৰ মাজতো দলীয় শৃংখলাৰ অভাৱ দেখা যায়| দলৰ সদস্য সকলৰ মাজত দলীয় স্বাৰ্থ ৰক্ষা কৰাতকৈ ক্ষমতা প্ৰয়োগৰ সুবিধা লাভৰ প্ৰতি আকাংখা অধিক| যিসকল সদস্যই ক্ষমতা লাভৰ সুবিধাৰ পৰা বঞ্চিত হয়, তেওঁলোকে দলৰ ভিতৰতে উপদলৰ সৃষ্টি কৰে| সেইদৰে ক্ষমতা প্ৰয়োগৰ সুবিধা পোৱা সকলেও ক্ষমতা হেৰুওৱাৰ ভয়ত কিছুমান সমৰ্থন কাৰী লোকৰ সৃষ্টি কৰি ক্ষমতাত বাহাল থাকিবলৈ চেষ্টা কৰে| ইয়াৰ ফলত দলৰ ভিতৰতে উপদলৰ সৃষ্টি কৰে| দলৰ একতা আৰু সংহতি বিনষ্ট হয়|

১২) আঞ্চলিক দল:- শেষত আঞ্চলিক দলৰ আৱিৰ্ভাৱক ভাৰতৰ দলীয় ব্যৱস্থাৰ অন্যতম বিশেষত্ব হিচাপে আখ্যা দিব পাৰি| সৰ্বভাৰতীয় দলসমুহৰ নীতি আৰু কাম-কাজত অসন্তুষ্ট হোৱাৰ ফলত বিভিন্ন ৰাজ্যত বিভিন্ন আঞ্চলিক দল সৃষ্টি হোৱা দেখা যায়| বৰ্তমানে স্বীকৃত আঞ্চলিক দলৰ সংখ্যা ৪০ৰ বেছি| আঞ্চলিক দলসমুহৰ ভিতৰত অসমৰ অসম গণ পৰিষদ, পঞ্জাৱৰ আকালি দল, অন্ধ্ৰপ্ৰদেশৰ তেলেগু দশম, উড়িষ্যাৰ বিজু জনতা দল, বিহাৰত ৰাষ্ট্ৰীয় জনতা দল, সমতা পাৰ্টি, তামিলনাডুৰ ডি এম কে, আৰু এ আই ডি এম কে, হাৰিয়ানাৰ লোকদল, মহাৰাষ্ট্ৰৰ শিৱসেনা, হিমাচলৰ বিকাশ কংগ্ৰেছ, মিজো নেচনেল ফ্ৰণ্ট, পশ্চিমবংগত তৃণমুল কংগ্ৰেছ, আৰ.এছ.পি., ফৰৱাৰ্ড ব্লক আৰু এন.চি.পি প্ৰভৃতি বিশেষভাৱে উল্লেখযোগ্য|

(ক) বিভিন্ন সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ সংগঠন, আদৰ্শ আৰু কাৰ্যসূচী

ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত বহু দলৰ সমাবেশ ঘটিছে| ইয়াত সৰ্বভাৰতীয় আৰু আঞ্চলিক ভিত্তিত বহুতো ৰাজনৈতিক দল আছে| ভাৰতৰ নিৰ্বাচনী আয়োগে ৰাজনৈতিক দলসমুহক সৰ্বভাৰতীয় (জাতীয়) দল আৰু আঞ্চলিক দল এই দুই শ্ৰেণীত ভাগ কৰিছে| ইয়াৰ কোনো এটা দলে হৈ যোৱা বিগত নিৰ্বাচনত কমেও চাৰিখন ৰাজ্যত ভোটাৰ সকলৰ চাৰি শতাংশ সমৰ্থন অথবা বিধানসভাৰ মুঠ আসনৰ ৩.৩% লাভ কৰিব পাৰিলে নাইবা লোকসভাৰ নিৰ্বাচনত মুঠ ভোটাৰৰ ৪% সমৰ্থন বা ইয়াৰ মুঠ আসনৰ ৪% লাভ কৰিব পাৰিলেই সৰ্বভাৰতীয় ৰাজনৈতিক দল হিচাপে স্বীকৃতি দিয়া হয়| যথা, জাতীয় কংগ্ৰেছ, ভাৰতীয় জনতা পাৰ্টি, জনতা দল, ভাৰতৰ সাম্যবাদী দল, মাৰ্ক্সবাদী সাম্যবাদী দল, ৰাষ্ট্ৰীয় জনতা দল, সমাজবাদী পাৰ্টি আদি সৰ্বভাৰতীয় ৰাজনৈতিক দল| এই দলসমুহৰ সংগঠন, আদৰ্শ আৰু কাৰ্যসুচী তলত আলোচনা কৰা হ’ল-

জাতীয় কংগ্ৰেছ

একাধিক কাৰণত ভাৰতৰ জাতীয় জীৱনত কংগ্ৰেছ দলে এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে| ৰাজনৈতিক দলসমুহৰ ভিতৰত জাতীয় কংগ্ৰেছ যে অকল প্ৰাচীনতম ৰাজনৈতিক দল কেৱল সেয়ে নহয়, এই বিশাল দেশ ভাৰতবৰ্ষৰ অজ্ঞ আৰু দৰিদ্ৰ জনসাধাৰণৰ মাজত দেশাত্মবোধ জাগৰিত কৰি পৰাধীনতাৰ গ্লানি মোচন কৰি এই দলে মহত্বৰ পৰিচয় দিছে; পৃথিৱীৰ ইতিহাসত ই বিৰল| জাতীয় কংগ্ৰেছ দলে ভাৰতীয় জাতীয় জীৱনৰ সকলো দিশৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা স্পষ্ট পৰিলক্ষিত হয়|

১৮৮৫ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় কংগ্ৰেছৰ জন্ম হয়| প্ৰথম অৱস্থাত কংগ্ৰেছ ইংৰাজ বিৰোধী অনুষ্ঠান নাছিল| সেই সময়ত ই নৰমপন্থী অনুষ্ঠান আছিল আৰু ইংৰাজ শাসনৰ অধীনত থাকিয়ে কিছুমান স্ংস্কাৰ সাধনৰ বাবে আবেদন-নিবেদন কৰাতে ইয়াৰ কাম সীমিত নাছিল| এই জাতীয় কংগ্ৰেছ ১৯০৫ চনলৈ নৰমপন্থী সকলেই পৰিচালনা কৰি আছিল| কিন্তু লাহে লাহে কংগ্ৰেছত প্ৰগতিশীল নেতা সকলৰ সংখ্যা বৃদ্ধি পাই আহে আৰু তেওঁলোকে ইংৰাজ চৰকাৰৰ লগত সহযোগিতা আবেদন-নিবেদনৰ দ্বাৰা দেশৰ সমস্যা দূৰ কৰাৰ চিন্তা পৰিত্যাগ কৰি আন্দোলনৰ সহায় লবলৈ পৰিকল্পনা হাতত লয়| ফলত ভাৰতৰ জাতীয় কংগ্ৰেছ বৃটিছ চৰকাৰৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে আন্দোলন চলোৱা এটা অনুষ্ঠানত পৰিণত হ’ল| কংগ্ৰেছ আন্দোলনে সমগ্ৰ দেশত জনপ্ৰিয়তা লাভ কৰে আৰু সমগ্ৰ ভাৰতবাসী কংগ্ৰেছৰ দ্বাৰা পৰিচালিত হৈ স্বাধীনতা আন্দোলনত যোগদান কৰে| কংগ্ৰেছৰ দ্বাৰা গঢ়ি উঠা স্বাধীনতা আন্দোলন জাতীয়তাবাদী আন্দোলনলৈ ৰুপান্তৰিত হয়| প্ৰথম মহাসমৰ আৰম্ভ হোৱাৰ পিছত মহাত্মা গান্ধীয়ে যেতিয়া কংগ্ৰেছত যোগদান কৰি ইয়াৰ অবিসংবাদী নেতাৰুপে স্বীকৃত হ’ল তেতিয়াৰ পৰাই কংগ্ৰেছৰ ইতিহাসত দ্বিতীয় অধ্যায় আৰম্ভ হ’ল| বৃটিছ চৰকাৰৰ শাসনকালত কংগ্ৰেছৰ মুখ্য উদ্দেশ্যে আছিল ভাৰতৰ পৰা বৃটিছ শাসনৰ অৱসান ঘটোৱা| পৰাধীন তথা নিৰস্ত্ৰ জাতিৰ বাবে বৃটিছ চৰকাৰৰ নিচিনা এটা সৰ্বশক্তিমান চৰকাৰৰ লগত যুদ্ধ কৰি স্বাধীনতা অৰ্জন কৰা যে এটা দু:সাধ্য কাৰ্য তাক কংগ্ৰেছে ভাৰতীয় জনসাধাৰণৰ অধিকাংশক বুজাবলৈ সক্ষম হৈছিল| মহাত্মা গান্ধী প্ৰৱৰ্তিত অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন প্ৰভৃতি শান্তিপুৰ্ণ পদ্ধতি অৱলম্বন কৰি কংগ্ৰেছে নিৰস্ত্ৰ ভাৱে বিদেশী চৰকাৰৰ লগত যুদ্ধ পৰিচালনা কৰিছিল|

১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ভাৰতীয় জাতীয় কংগ্ৰেছে এটা ভিন্ন ভুমিকা গ্ৰ্হণ কৰিলে| এসময়ত যি কংগ্ৰেছ দলে এটা জাতীয়তাবাদী আন্দোলন হিচাপে স্বাধীনতা কামী বিভিন্ন শ্ৰেণী আৰু স্বাৰ্থৰ সকলো লোকক সংঘবদ্ধ কৰিছিল, সেই কংগ্ৰেছ এতিয়া জাতীয় আন্দোলনৰ পৰিৱৰ্তে এটা ৰাজনৈতিক দলত পৰিণত হ’ল|

স্বাধীনতা লাভৰ পাছত সংখ্যাগৰিষ্ঠ দল হিচাপে কংগ্ৰেছ দলেই ক্ষমতাত অধিষ্ঠিত হয়| তেতিয়াৰ পৰা জাতীয় কংগ্ৰেছে অপ্ৰতিদ্বন্দ্বী দল হিচাপে দেশৰ শাসন ক্ষমতা একচেটীয়া ভাৱে নিজৰ হাতত ৰাখিবলৈ সক্ষম হয়| কিন্তু ১৯৬৭ চনৰ পৰা কংগ্ৰেছৰ অৱস্থা কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ উভয়তে পোন প্ৰথম বাৰৰ বাবে দুৰ্বল হৈ পৰা পৰিলক্ষিত হয়| প্ৰায় ৮৪ বছৰ এটা দীঘলীয়া সময়ৰ বাবে সংস্থাৰুপে থকাৰ পাছত ১৯৬৯ চনত কংগ্ৰেছ দলৰ মাজত নীতিগত ভাৱে বিভাজনে দেখা দিয়ে আৰু ভাৰতৰ ঐতিহাসিক জাতীয় কংগ্ৰেছ দুটা দলত বিভক্ত হৈ পৰে-সংগঠক কংগ্ৰেছ আৰু ইন্দিৰাপন্থী কংগ্ৰেছ, ১৯৭১ চনৰ পঞ্চম সাধাৰণ নিৰ্বাচনত ইন্দিৰাপন্থী কংগ্ৰেছ (আই) নামে জনাজাত| বিপুল সংখ্যাধিক্য লাভ কৰি ক্ষমতাত অধিষ্ঠিত হয়| কিন্তু ১৯৭৭ চনৰ ষষ্ঠ সাধাৰণ নিৰ্বাচনত শাসক কংগ্ৰেছ দলৰ অভাৱনীয় পৰাজয়ে নৱগঠিত জনতা দলক পোন প্ৰথম বাৰৰ কাৰণে ক্ষমতাত অধিষ্ঠিত কৰে| কিন্তু অন্তদ্বৰ্ন্দ্ব আৰু দলীয় কন্দলৰ ফলত জনতা দলে ইয়াৰ ওপৰত ন্যস্ত কৰা দায়িত্ব পালন কৰাত ব্যৰ্থ হয়| ফলত ১৯৮০ চনৰ অন্তৱৰ্তী নিৰ্বাচনত ইন্দিৰাপন্থী কংগ্ৰেছ দল পুনৰ ক্ষমতাত অধিষ্ঠিত হয়| অষ্টম সাধাৰণ নিৰ্বাচনতো এই দলেই বিপুল সংখ্যাধিক্য আসন লাভ কৰি ক্ষমতাসীন হৈছিল| কিন্তু নৱম সাধাৰণ নিৰ্বাচনত এই দলে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ ব্যৰ্থ হৈছে|

প্ৰাথমিক আৰু সক্ৰিয় এই দুই ৰকমৰ সদস্য লৈ বৰ্তমান কংগ্ৰেছ দল গঠিত| গাঁও, সৰু নগৰ বা কোনো অঞ্চল হ’ল ইয়াৰ প্ৰাথমিক সংগঠন| এই স্থানীয় কমিটিৰ ওপৰত মণ্ডল কংগ্ৰেছ কমিটি, মহকুমা কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি, প্ৰদেশ কংগ্ৰেছ কমিটি আৰু শীৰ্ষস্থানত অৱস্থিত হ’ল সৰ্বভাৰতীয় কংগ্ৰেছ কমিটি| স্থানীয় কমিটিৰ পৰা আৰম্ভ কৰি এই সংগঠনে ক্ৰমে পিৰামিড আকাতৰ সৰ্বভাৰতীয় বা কেন্দ্ৰীয় কমিটিলৈ বিস্তাৰিত হৈ আছে| কংগ্ৰেছৰ এগৰাকী সভাপতি আৰু সভাপতিৰ এখন কাৰ্যকাৰী সমিতি আছে| দলৰ এখন সংসদীয় কমিটিও আছে|

নিখিল ভাৰতীয় কংগ্ৰেছ কমিটি এটা বুজন আকাৰৰ সংস্থা বুলি ক’ব পাৰি| প্ৰদেশ কংগ্ৰেছ কমিটিবোৰে এই কমিটিৰ সদস্য সকলক নিৰ্বাচিত কৰে| ই বছৰত একাধিকবাৰ সন্মিলিত হয়| কাৰ্যকৰী কমিটি কংগ্ৰেছ সংগঠনৰ আটাইতকৈ প্ৰয়োজনীয় সংস্থা বুলি কোৱা হয়| সৰহভাগ শীৰ্ষস্থানীয় কংগ্ৰেছী নেতা ইয়াৰ সদস্য| কংগ্ৰেছ দলৰ মুল নেতাসমুহ সাধাৰণতে এই কমিটিয়ে প্ৰণয়ন কৰে অথবা অনুমোদন কৰিব লাগে| কাৰ্যকৰী কমিটিৰ দুখন উপ-কমিটি আছে-সংসদীয় বৰ্ড আৰু কেন্দ্ৰীয় নিৰ্বাচন কমিটি| প্ৰথমখন ৰাজ্যিক পৰ্যায়ত দল আৰু চৰকাৰৰ মাজত সমন্বয় ৰক্ষা বিষয়ৰ লগত জড়িত আৰু দ্বিতীয়খন সকলো নিৰ্বাচন, দলৰ প্ৰাৰ্থী বাছনি আদি কাৰ্যৰ লগত জড়িত|

স্বাধীন ভাৰতৰ সংখ্যাগৰিষ্ঠ দল হিচাপে সেই সময়তে কংগ্ৰেছে ইয়াৰ উদ্দেশ্যে আৰু নীতি ঘোষণা কৰে| এই দলৰ বৰ্তমানৰ নীতি আৰু লক্ষ্য সমুহ তলত দিয়া ধৰণে বৰ্ণনা কৰিব পাৰি|

১) আভ্যন্তৰীণ ক্ষেত্ৰত জনসাধাৰণৰ সৰ্বাংগীন উন্নতি সাধন কৰা;

২) সম্পুৰ্ণ কৰ্মসংস্থান আৰু কাম কৰাৰ অধিকাৰ

৩) জাতীয় সম্পত্তিৰ সৰ্ব্বোচ্চ উৎপাদন আৰু দেশৰ অৰ্থনৈতিক জীৱনৰ মানদণ্ড উন্নত কৰাৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ;

৪) জাতীয় জীৱনত সৰ্ব্বোচ্চ পৰিমাণৰ স্বাৱলম্বিতাত উপনীত হোৱাৰ লক্ষ্য;

৫) সামাজিক আৰু অৰ্থনৈতিক ন্যায় প্ৰতিষ্ঠা, অস্পৃশ্যতা বিলোপ, নাৰীৰ মৰ্যাদা বৃদ্ধি, সুৰাপাণ আৰু দুৰ্নীতি নিবাৰণ, ধনী আৰু দুখীয়াৰ মাজত থকা বৈষম্য আঁতৰ কৰা আৰু গাঁও আৰু নগৰ অঞ্চলৰ অৰ্থনৈতিক অসমতা দূৰীকৰণ;

৬) সমাজবাদী সমাজ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যত উপনীত হবলৈ শান্তিপুৰ্ণ, অহিংস আৰু গণতান্ত্ৰিক উপায় গ্ৰহণ;

৭) গাঁও পঞ্চায়ত আৰু ঔদ্যোগিক সমবায় প্ৰতিষ্ঠাৰ যোগেদি অৰ্থনৈতিক আৰু ৰাজনৈতিক শক্তিৰ বিকেন্দ্ৰীকৰণ;

৮) জনসাধাৰণৰ মাজৰ আটাইতকৈ দুখীয়া আৰু নিম্নতম শ্ৰেণীৰ লোকসকলৰ প্ৰয়োজন আৰু অৱশ্যকতা পুৰণৰ ক্ষেত্ৰত সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া;

৯) বৈদেশিক নীতি সম্পৰ্কত কংগ্ৰেছ দল বিশ্ব-শান্তিত বিশ্বাসী| আন্তৰ্জাতিক ৰাজনীতিৰ ক্ষেত্ৰত ই গোষ্ঠীনিৰপেক্ষ নীতিত বিশ্বাসী| কংগ্ৰেছ দলে শান্তিপুৰ্ণ উপায়েৰে বিশ্বশান্তি প্ৰতিষ্ঠা কৰাত আগ্ৰহ প্ৰ্কাশ কৰে|

আৰম্ভণিৰে পৰা কংগ্ৰেছ দল ভাৰতৰ আটাইতকৈ সু-সংগঠিত ৰাজনৈতিক দল| ইয়াৰ সংগঠন কেন্দ্ৰৰ পৰা আৰম্ভ কৰি ভিতৰুৱা অঞ্চললৈ বিয়পি আছে| ইয়াৰ কেন্দ্ৰীয় কাৰ্যালয় ভাৰতৰ ৰাজধানী দিল্লীত অৱস্থিত| কংগ্ৰেছ দলে আৰম্ভণিৰে পৰা ভাৰতৰ জাতীয় জীৱনত বিশেষ উল্লেখযোগ্য আৰু তাৎপৰ্যপুৰ্ণ ভুমিকা গ্ৰহণ কৰি আছে বুলি নি:সন্দেহে কব পাৰি| নৱম লোকসভা নিৰ্বাচনত ক্ষমতাচ্যুত হোৱা কংগ্ৰেছ দলে দশম লোকসভা নিৰ্বাচনত পুনৰ ক্ষমতা দখল কৰে| পি.ভি.নৰসিংহ ৰাওৰ নেতৃত্বত এই দলে ২১/৬/৯১ তাৰিখে চৰকাৰ গঠন কৰে| নৰসিংহ ৰাওৰ চৰকাৰ ১৯৯৬ চনলৈকে ক্ষমতাত অধিষ্ঠিত হৈ আছিল| ইয়াৰ পিছত নিৰ্বাচন বিলাকত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব পৰা জোখাৰে আসন লাভ কৰিব পৰা নাই| ত্ৰয়োদশ লোকসভাৰ নিৰ্বাচনতো এই দলে লোকসভাত নিৰ্ংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে| ফলত এই দলেও সংসদত বিৰোধী দলৰ ভুমিকা গ্ৰহণ কৰিবলগা হৈছিল| কিন্তু ২০০৪ চনত অনুষ্ঠিত চতুৰ্দশ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে যথেষ্ট ভাল দেখুৱাবলৈ সক্ষম হয়| কংগ্ৰেছ দলৰ নেতৃত্বত গঠিত হোৱা সংযুক্ত প্ৰগতিশীল মৰ্চাই চৰকাৰ গঠন কৰে| কংগ্ৰেছ সংসদীয় বৰ্ডে এই দলৰ সভানেত্ৰী শ্ৰীমতী চোনিয়া গান্ধীক দলৰ নেতা নিৰ্বাচিত কৰে| কিন্তু তেঁও প্ৰধানমন্ত্ৰী হবলৈ অনিচ্ছা প্ৰকাশ কৰাত দলৰ জ্যেষ্ঠ নেতা ড° মনমোহন সিং প্ৰধানমন্ত্ৰী হয়|

২০০৯ চনৰ পঞ্চদশ লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল অনুসৰি কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত প্ৰগতিশীল মৰ্চাই সাফল্য লাভ কৰিছে| নিৰ্বাচনত ইউ.পি.এ. মিত্ৰজোঁটে ২৬২ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে আৰু নিৰ্দলীয় সদস্যৰ সমৰ্থনলৈ ড° মনমোহন সিঙে পুনৰ দ্বিতীয়বাৰ চৰকাৰ গঠন কৰে| প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ ব্যক্তিত্ব আৰু ইউ.পি.এ.ৰ নূন্যতম কৰ্মসূচীৰ জনপ্ৰিয়তাই কংগ্ৰেছ দলৰ লগতে এই দলৰ মিত্ৰজোঁটত পুনৰ দ্বিতীয়বাৰলৈ ক্ষমতাত আহিবলৈ সুবিধা পাইছে| এই নিৰ্বাচনত কংগ্ৰেছ দলে ২০৬ খন আসন লাভ কৰিছিল|

২০০৬ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবৰ বাবে প্ৰয়োজনীয় আসন লাভ কৰিব পৰা নাছিল| এই নিৰ্বাচনত কংগ্ৰেছ দলে ৫৩ খন আসন দখল কৰিবলৈ সক্ষম হৈছিল| ২০০১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ তুলনাত এইবাৰ কংগ্ৰেছৰ জনপ্ৰিয়তা হ্ৰাস পালে| তথাপিও B.P.F. (Bodoland People’s Front) দলৰ ১২ জন সদস্যৰ সমৰ্থনত কংগ্ৰেছ দলে অসমত চৰকাৰ গঠন কৰিলে| মন্ত্ৰী পৰিষদৰ B.P.F. দলৰে তিনিজন সদস্যক মন্ত্ৰীত্ব প্ৰদান কৰা হৈছিল|

২০০৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ জনপ্ৰিয়তা হ্ৰাসৰ প্ৰধান কাৰণ হ’ল A.U.D.F. ( Assam United Democratic Front) নামৰ নতুন ৰাজনৈতিক দলৰ আৱিৰ্ভাৱ| এই নিৰ্বাচনত A.U.D.F. দলে দহখন আসন লাভ কৰিলে| A.U.D.F. দলৰ জন্ম নোহোৱা হ’লে এইকেইখন আসন কংগ্ৰেছে লাভ কৰাৰ আশা আছিল|

২০১১ চনৰ অসম বিধানসভা নিৰ্বাচন ৪ আৰু ১১ এপ্ৰিল তাৰিখলৈ দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল| ইয়াত কংগ্ৰেছ দলে নিৰংকুশ সংখ্যাগৰিষ্ঠাতা অৰ্জন কৰিছে| এই নিৰ্বাচনত কংগ্ৰেছ দলে নিজাববীয়াকৈ ৭৮ খন আসন লাভ কৰি তৰুণ গগৈৰ নেতৃত্বত একেলেঠাৰিয়ে তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়|

কংগ্ৰেছ দলে জনপ্ৰিয়তা হেৰুওৱাৰ কাৰণ

আমাৰ দেশৰ ভোটাৰ সকলে জাতি-ধৰ্ম-ভাষা আদিৰ ভিত্তিত ভোটদান কৰে যদিও আৰু তেওঁলোকক সহজে প্ৰলোভিত কৰিব পাৰি যদিও আৰম্ভণিতে কংগ্ৰেছ দলে ভোটাৰ ৰাইজৰ সমৰ্থন লাভ কৰিছিল আৰু কংগ্ৰেছ দলে এই দলক প্ৰাধান্যকাৰী দল হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিছিল| আৰম্ভণিতে কংগ্ৰেছেই আছিল একমাত্ৰ শক্তিশালী সৰ্বভাৰতীয় দল| এই দলে মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলন কৰিছিল আৰু ইয়াৰ ফলত ইংৰাজ চৰকাৰে ভাৰতক স্বাধীনতা দিবলৈ বাধ্য হৈছিল| কংগ্ৰেছ দলে সমাজবাদী আদৰ্শৰ সমাজ প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব দিছিল যদিও, শান্তিপুৰ্ণ আৰু সাংবিধানিক উপায়ে সমাজবাদ প্ৰতিষ্ঠা কৰা নীতিহে এই দলে সমৰ্থন কৰিছিল| সেয়েহে দলে সকলো শ্ৰেণীৰ লোকৰ সমৰ্থন পাইছিল| বিভিন্ন জাতি আৰু ধৰ্মৰ লোকৰ স্বাৰ্থ ৰক্ষাৰ ওপৰত এই দলে গুৰুত্ব দিছিল| উদ্যোগপতি সকলৰ পৰা দান বৰঙণি গ্ৰহণ কৰিলেও চৰকাৰ তেওঁলোকৰ নিয়ন্ত্ৰণত নাছিল| ইয়াৰ উপৰিও আৰম্ভণিতে নেহৰুৰ নিচিনা ব্যক্তিত্ব সম্পন্ন ব্যক্তিয়ে দেশৰ শাসনৰ গুৰি ধৰিছিল| নেহৰুৰ ব্যক্তিত্বইও দেশৰ জনসাধাৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল|

স্বাধীনতা লাভ কৰাৰ পিছৰ পৰা কংগ্ৰেছ দলে দেশৰ শাসন কাৰ্য পৰিচালনা কৰাৰ সুবিধা পাইছিল যদিও ১৯৬৭ চনৰ পৰা এই দলৰ জনপ্ৰিয়তা ভালেখিনি কমি আহিছিল| ১৯৭১ চনত এই দলৰ জনপ্ৰিয়তা কমি যোৱাৰ ফলত লোকসভাত এই দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাছিল| তলত দিয়া বিভিন্ন কাৰণত এই দলৰ জনপ্ৰিয়তা কমি আহিছে|

১) প্ৰথম সাধাৰণ নিৰ্বাচনত কেন্দ্ৰ আৰু ৰাজ্যসমুহত কংগ্ৰেছ দলে প্ৰাধান্য বিস্তাৰ কৰিছিল যদিও দ্বিতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ জনপ্ৰিয়তা কমি আহিছিল| কেন্দ্ৰ আৰু কেৰেলাৰ বাহিৰে আন ৰাজ্যত কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠা হৈছিল যদিও কেৰেলাত ই-এছ-নাম্বুদিৰিপাদৰ নেতৃত্বত কমিউনিষ্ট চৰকাৰ প্ৰতিষ্ঠা হৈছিল| কিন্তু সাংবিধানিক অচল অৱস্থাৰ অজুহাতত কংগ্ৰেছ চৰকাৰে কমিউনিষ্ট চৰকাৰক ক্ষমতাচ্যুত কৰি সেই ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্ৰয়োগ কৰিছিল| নাম্বুদিৰিপাদৰ চৰকাৰ জনসাধাৰণৰ ৰায়ৰ ভিত্তিত প্ৰতিষ্ঠিত আছিল যদিও কংগ্ৰেছ চৰকাৰে কমিউনিষ্ট চৰকাৰ হোৱাটো সহ্য কৰিব পৰা নাছিল| জনসাধাৰণৰ ৰায়ক আওকাণ কৰি কেৰেলাত ৰাষ্ট্ৰপতিৰ শাসন প্ৰয়োগ কৰা কাৰ্যয়ো কংগ্ৰেছৰ প্ৰতি বিৰুপ মনোভাৱৰ সৃষ্টি কৰিছিল|

২) ১৯৬২ চনত চীন দেশৰ লগত হোৱা যুদ্ধত পৰাজয়বৰণ কৰাৰ ফলতো কংগ্ৰেছৰ জনপ্ৰিয়তা ভালেখিনি কমি আহিছিল| এই যুদ্ধত হোৱা পৰাজয় আৰু জনসাধাৰণৰ ওপৰত প্ৰয়োগ কৰা বাধা-নিষেধে কংগ্ৰেছৰ জনপ্ৰিয়তা কমাই আনিছিল আৰু ইয়াৰ ফলত ১৯৬৩ চনত অনুষ্ঠিত হোৱা তিনিটা উপ-নিৰ্বাচনত কংগ্ৰেছে পৰাজয়বৰণ কৰিছিল| ১৯৬৪ চনত নেহৰুৰ মৃত্যুৰ ফলতো কংগ্ৰেছে লোকচানৰ সম্মুখীন হ’ব লগা হৈছিল|

৩) চতুৰ্থ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা আৰু কমি আহিছিল| কেন্দ্ৰ্ত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ হৈছিল যদিও ৰাজ্যসমুহত পৰিস্থিতিৰ পৰিৱৰ্তন হৈছিল| কিছুমান ৰাজ্যত অ-কংগ্ৰেছী মন্ত্ৰীসভা গঠিত হৈছিল| ইয়াৰ উপৰিও কংগ্ৰেছৰ নেতা কিছুমানে ব্যক্তিগত স্বাৰ্থ পুৰণৰ কাৰণে দলত্যাগ কৰি বেলেগ দলত যোগদান কৰিছিল নাইবা নতুন দলৰ সৃষ্টি কৰিছিল| পঞ্জাৱ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, বিহাৰ, হাৰিয়ানা আদি ৰাজ্যত অ-কংগ্ৰেছী মন্ত্ৰীসভা গঠন হোৱাটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে কমি আহিছিল|

৪) ১৯৬৯ চনত কংগ্ৰেছ দল দুভাগত বিভক্ত হৈছিল| ইন্দিৰা গান্ধীৰ নামেৰে এটা ভাগক ইন্দিৰা কংগ্ৰেছ হিচাপে নামাকৰণ কৰা হৈছিল আৰু আনটো ভাগক সাংগঠানিক কংগ্ৰেছ বোলা হৈছিল| কংগ্ৰেছৰ এই বিভাজনেও কংগ্ৰেছৰ জনপ্ৰিয়তা কমাই আনিছিল| দলত দেখা দিয়া এই ভাঙোনৰ ফলত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে লোকসভাত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল| সেয়েহে লোকসভা ভাঙি দি নতুন নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল| অৱশ্যে এই নিৰ্বাচনৰ ফলত ইন্দিৰা গান্ধীয়ে দেশ শাসনৰ সুবিধা পাইছিল|

৫) কিন্তু ১৯৭১ চনৰ নিৰ্বাচনৰ পিছত কংগ্ৰেছ দলৰ জনপ্ৰিয়তা পুনৰ কমি আহিছিল| এই নিৰ্বাচনৰ পিছত কংগ্ৰেছ চৰকাৰে গুজৰাটত ৰাষ্ট্ৰপতিৰ শাসন প্ৰয়োগ কৰিছিল| এই ৰাজ্যৰ বিধানসভা ভাঙি দিয়াৰ ফলত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত এই ৰাজ্যৰ বিধানমণ্ডলৰ কোনো সদস্যই অংশগ্ৰহণ কৰিব পৰা নাছিল| চৰকাৰৰ এই কামে গুজৰাট বাসীক অসন্তুষ্ট কৰিছিল| সেয়েহে গুজৰাট বিধানমণ্ডলৰ নিৰ্বাচনত কংগ্ৰেছে পৰাজয়বৰণ কৰিছিল আৰু জনতা দলে চৰকাৰ গঠনৰ সুবিধা পাইছিল|

৬) প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ স্বেচ্ছাচাৰী শাসনৰ ফলত কংগ্ৰেছৰ জনপ্ৰিয়তা কমি আহিছিল| জাতীয় জৰুৰী অৱস্থা চলি থকা সময়তে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আভ্যন্তৰীণ জৰুৰী ঘোষণা কৰি বিৰোধী দলসমুহৰ নেতৃস্থানীয় ব্যক্তি কিছুমানক আটক কৰি ৰাখিছিল| ইন্দিৰা গান্ধীৰ এনে ধৰণৰ স্বেচ্ছাচাৰী কাৰ্য দেশৰ বিৰোধী দলৰ উপৰিও জনসাধাৰণেও সমৰ্থন কৰিব পৰা নাছিল| শাসনৰ দায়িত্ব পুনৰ লাভ কৰাৰ আশাৰে কংগ্ৰেছ চৰকাৰে লোকসভা ভাঙি দি পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিছিল| কিন্তু এই নিৰ্বাচনত কংগ্ৰেছ দলে পৰাজয়বৰণ কৰিছিল আৰু মোৰাৰজী দেশাইৰ নেতৃত্বত জনতা দলে চৰকাৰ গঠন কৰাৰ সুবিধা পাইছিল|

৭) বংশানুক্ৰমিক শাসন প্ৰচলন কৰাৰ চেষ্টাৰ ফলতো কংগ্ৰেছ দলৰ জনপ্ৰিয়তা কমি আহিছিল| ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক ৰাজীৱ গন্ধীৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ গঠন কৰা হৈছিল| বংশানুক্ৰমিক শাসন প্ৰতিষ্ঠা কৰা কাৰ্যয়ো জনসাধাৰণক অসন্তুষ্ট কৰিছিল| সেয়েহে ১৯৮৯ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাৰ জোখাৰে আসন লাভ কৰা নাছিল| এই নিৰ্বাচনৰ ফলত ভি-পি-সিঙৰ নেতৃত্বত মৰ্চাৰ চৰকাৰ গঠিত হৈছিল| ১৯৯৮ আৰু ১৯৯৯ চনৰ নিৰ্বাচনতো কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ সুবিধা পোৱা নাছিল| ১৯৯৯ চনৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলত হোৱা বিভাজনেও এই দলক দুৰ্বল কৰিছিল|

আগৰ পৃষ্ঠাৰ পৰা অনুমান কৰিব পাৰি যে কংগ্ৰেছৰ নেতৃত্বত স্বাধীনতা আন্দোলন কৰি ভাৰতে স্বাধীনতা লাভ কৰিছিল যদিও সময়ৰ লগে লগে কংগ্ৰেছৰ জনপ্ৰিয়তা কমি আহিছিল| নেতৃস্থানীয় ব্যক্তি কিছুমানৰ স্বেচ্ছাচাৰী শাসন, কংগ্ৰেছ সদস্য কিছুমানৰ শোষণ আৰু দুৰ্নীতি, বিৰোধী দলৰ প্ৰতি কংগ্ৰেছ দলৰ ব্যৱহাৰ, কংগ্ৰেছ দলত হোৱা ভাঙোন আৰু দলত্যাগ, ক্ষমতা লাভৰ আকাংখা আৰু বংশানুক্ৰমিক শাসন প্ৰচলন কৰাৰ চেষ্টা আদি বিভিন্ন কাৰণত এই দলৰ জনপ্ৰিয়তা কমি আহিছে|

ভাৰতৰ সাম্যবাদী দল

স্বাধীনতা সংগ্ৰাম চলি থকা সময়তে ভাৰতত সাম্যবাদী দল গঠন হৈছিল বুলি ক’ব পাৰি| ছোভিয়েট ৰাছিয়াৰ বিখ্যাত অক্টোবৰ বিপ্লৱৰ ভাবধাৰাই ভাৰতৰ বিপ্লৱী সকলক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল| অৱশ্যে ভাৰতৰ সাম্যবাদী দলে স্বাধীনতাৰ আগেয়ে জাতীয় আন্দোলনত সোমাই পৰাৰ চেষ্টাত বেছি আগবাঢ়িব পৰা নাছিল আৰু জনসাধাৰণকো বেছি আকৃষ্ট কৰিব পৰা নাছিল| ভাৰতৰ সাম্যবাদী দল সংবিধানসন্মত সমাজবাদত একান্ত বিশ্বাসী শ্ৰমিক, কৃষক আৰু সাধাৰণ শ্ৰমজীৱি লোকসকলৰ এটা স্বেচ্ছামুলক সংগঠন| কৃষক, শ্ৰমিক সকলৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰাটো সাম্যবাদী দলৰ প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰা হৈছে| জনসাধাৰণৰ অত্যাৱশ্যকীয় স্বাৰ্থসমুহক ৰক্ষণা-বেক্ষণ দিয়া, জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি, সামাজিক তথা অৰ্থনৈতিক অসমতা দূৰীকৰণ ইয়াৰ অন্যতম লক্ষ্য হিচাপে ঘোষণা কৰা হৈছে|

ভাৰতৰ সাম্যবাদী দল ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ আদৰ্শত ১৯২৪ চনত গঠিত হৈছিল| এই দলে ভাৰতত ৰাছিয়াৰ পদ্ধতিত সাম্যবাদী সমাজ ব্যৱস্থা গঠন কৰাৰ মত পোষণ কৰে| বহু উচ্চ শিক্ষিত আৰু অভিজ্ঞ ব্যক্তি এই দলৰ সমৰ্থক| ইয়াৰ উপৰিও কৃষি, শিল্প, ব্যৱসায় বাণিজ্যত নিযুক্ত বহু শ্ৰমিক এই দলৰ অনুগামী| এই দলৰ বহু নেতৃস্থানীয় ব্যক্তি আগতে কংগ্ৰেছ দলৰ আছিল| কিন্তু পিছত কংগ্ৰেছৰ প্ৰৱৰ্তিত অহিংসা নীতিত আস্থাহীন হৈ ৰাছিয়াৰ অনুসৃত কাৰ্যক্ৰমৰ বিৰাট সাফল্যত আকৃষ্ট হৈ সাম্যবাদী দলত যোগদান কৰে| জনসাধাৰণৰ লগত ই স্থাপন কৰা সম্পৰ্কৰ ফালৰ পৰা বিবেচনা কৰিলে ভাৰতৰ সাম্যবাদী দলে কেইবছৰমানৰ ভিতৰতে দেশৰ দ্বিতীয় বৃহত্তম ৰাজনৈতিক দল হিচাপে পৰিগণিত হবলৈ সক্ষম হৈছিল| সেই সময়ৰ ভাৰত চৰকাৰে ( বৃটিছ চৰকাৰ) সাম্যবাদী দলক বে-আইনী দল বুলি ঘোষণা কৰিছিল| কিন্তু ১৯৩৪ চনত এই বাধা তুলি লোৱা হয় আৰু তেতিয়াৰ পৰা সাম্যবাদী দলে স্বাধীন ভাৱে নিজৰ সংগঠন আৰু প্ৰচাৰ কাৰ্য চলাই আহিছে|

১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ ফলত ভাৰতৰ সাম্যবাদী দলৰ মাজত অন্তৰ্দ্বন্দ্বৰ সুচনা হয়| এটা অংশই ভাৰতৰ ওপৰত দোষাৰোপ কৰি চীনক সমৰ্থন কৰে আৰু আনটো অংশই চীনক আক্ৰমণকাৰী বুলি নিন্দা কৰে| ১৯৬৪ চনৰ জুলাই মাহত বাঁওপন্থী শাখাটোৱে দলৰ পৰা ওলাই আহি এটা নতুন সাম্যবাদী দল গঠন কৰিলে| এই দলটো ভাৰতৰ মাৰ্ক্সবাদী সাম্যবাদী দল হিচাপে জনাজাত হৈছিল| এইদৰে ১৯৬৪ চনত ভাৰতত দুটা সাম্যবাদী দলৰ সৃষ্টি হৈছিল-মাৰ্ক্সবাদী সাম্যবাদী দল আৰু আনটো ভাৰতীয় সাম্যবাদী দল| কিন্তু ইমানতে অন্তৰ্দ্বন্দ্ব বিবাদৰ ওৰ পৰা নাছিল| ১৯৬৯ চনৰ পৰা ভাৰতত তিনিটা সাম্যবাদী দলৰ উদ্ভৱ হয়| তৃতীয় সাম্যবাদী দলক ভাৰতৰ মাৰ্ক্সবাদী লেনিনবাদী সাম্যবাদী দল বোলা হয়| মাৰ্ক্সবাদী সাম্যবাদীদলৰ পৰা চৰমপন্থী সকল ওলাই আহি এই দলৰ মাৰ্ক্সবাদী লেনিনবাদী শাখাটো প্ৰতিষ্ঠা কৰিলে|

এই দলৰ নিৰ্বাচনী ইস্তাহাৰত দলৰ কাৰ্যসুচী হিচাপে সাধাৰণতে তলত দিয়া বিষয়সমুহ অন্তৰ্ভুক্ত কৰা হয়|

১) ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা;

২) ধৰ্মনিৰপেক্ষতা আৰু গণতান্ত্ৰিক ব্যৱস্থা বজায় ৰখা;

৩) বিছিন্নতাবাদী আৰু সাম্প্ৰদায়িক কাৰ্য বন্ধ কৰাৰ উদ্দেশ্যে ধৰ্মীয় প্ৰতিষ্ঠান আৰু ধৰ্মীয় স্থান সমুহৰ অপব্যৱহাৰ বন্ধ কৰা;

৪) কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজৰ সম্পৰ্কৰ পুনৰ বিচাৰ কৰা;

৫) ৰাজ্যিক চৰকাৰৰ দায়িত্বলৈ অধিক আৰ্থিক সম্পদ হস্তান্তৰৰ ব্যৱস্থা কৰা;

৬) সংবিধানৰ ৩৬৫ নং অনুচ্ছেদৰ প্ৰয়োগৰ ক্ষেত্ৰত অতি সাৱধানতা অৱলম্বন কৰা;

৭) কৃষক সকলৰ মাজত উদ্বৃত্ত ভুমি বিতৰণ কৰা;

৮) ভুমি সংস্কাৰৰ ব্যৱস্থা কৰা;

৯) কৃষক আৰু শ্ৰমিক সকলে যাতে ন্যায্য মজুৰী পাব পাৰে তাৰ কাৰণে দৰকাৰী আইন ৰচনা কৰা;

১০) কামৰ অধিকাৰক সাংবিধানিক স্বীকৃতি দিয়া;

১১) চৰকাৰী উদ্যোগ সমুহ পৰিচালনাৰ ক্ষেত্ৰত বনুৱাসকলক অংশগ্ৰহণ কৰাৰ সুবিধা দিয়া;

১২) একচেটিয়া ব্যৱসায় আৰু বহুজাতিক সংস্থা সমুহৰ প্ৰাধান্য কমাই অনা;

১৩) সংখ্যালঘু সকলৰ স্বাৰ্থ ৰক্ষাৰ ব্যৱস্থা কৰা;

১৪) অ-গণতান্ত্ৰিক আইনসমুহক বাতিল কৰা;

১৫) অনুসূচিত জাতি আৰু জনজাতিৰ লোকৰ স্বাৰ্থ ৰক্ষাৰ ব্যৱস্থা কৰা;

১৬) মহিলাৰ ওপৰত কৰা অত্যাচাৰ বন্ধৰ ব্যৱস্থা কৰা;

১৭) গোষ্ঠীনিৰপেক্ষ পৰৰাষ্ট্ৰ নীতিক অব্যাহত ৰখা|

মাৰ্ক্সবাদী সাম্যবাদী দল

আগতেই উল্লেখ কৰা হৈছে যে চীন-ভাৰত যুদ্ধ সম্পৰ্কত মতভেদ হোৱাৰ কাৰণে ভাৰতৰ কমিউনিষ্ট দল দুটা ভাগত বিভক্ত হয়| ১৯৬৪ চনৰ বাঁওপন্থী শাখাটোৱে দলৰ পৰা ওলাই আহি মাৰ্ক্সবাদী সাম্যবাদী দল গঠন কৰে| এই দলৰ প্ৰথম সভা অনুষ্ঠিত হয় ১৯৬৪ চনত| কম সময়ৰ ভিতৰত এই দলটোৱে পশ্চিমবংগ আৰু কেৰালাত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়|

আদৰ্শৰ দৃষ্টিভংগীৰে বিচাৰ কৰিলে দুয়োটা কমিউনিষ্ট দলৰ মাজত কিছুমান প্ৰভেদ দেখা যায়|মাৰ্ক্সবাদী সকলে অন্ধভাৱে ছোভিয়েট ৰুছিয়া নাইবা চীনৰ কমিউনিষ্ট দলক সমৰ্থন কৰা নাই| পৃথিৱীৰ কমিউনিষ্ট আন্দোলন ৰুছিয়াৰ কমিউনিষ্ট দলৰ নেতৃত্বত হোৱা অপৰিহাৰ্য হিচাপে এই দলে মানি লোৱা নাই| তথাপি চীনতকৈ ৰুছিয়াৰ কমিউনিষ্ট দলৰ প্ৰতি এই দলৰ আকৰ্ষণ অধিক যেন লাগে| দ্বিতীয়তে, ৰুছিয়া নাইবা চীনৰ কমিউনিষ্ট দলৰ নীতিক এই দলে অন্ধভাৱে সমৰ্থন নকৰে| তৃতীয়তে, ৰাজনৈতিক উপায় হিচাপে এই দলে শান্তিপুৰ্ণ নীতিত বিশ্বাস কৰে যদিও আন উপায়ে ভাৰতত সমাজবাদ প্ৰতিষ্ঠা কৰা সম্ভৱ নহয় বুলিও এই দলে কোৱা নাই| চতুৰ্থতে ভাৰতত এই দলে সাম্যবাদী গণতন্ত্ৰৰ প্ৰচলনৰ প্ৰতি সন্মতি জনাই আহিছে| সংসদীয় গণতান্ত্ৰিক পদ্ধতিত সমাজবাদ প্ৰতিষ্ঠা কৰা সম্ভৱ নহলেও ভাৰতত এই নীতি প্ৰচলনৰ ওপৰত এই দলে গুৰুত্ব দি আহিছে| এই দলৰ নিৰ্বাচনী ইস্তাহাৰত এই দলৰ লক্ষ্য আৰু উদ্দেশ্যে সম্পৰ্কে তলত দিয়া নীতিৰ প্ৰতি সন্মান জনোৱা হয়|

১) চৰকাৰৰ স্বৈৰতান্ত্ৰিক নীতিৰ বিৰোধিতা কৰা;

২) দমনমুলক আইন বাতিল কৰা;

৩) বৰ্তমান চৰকাৰে গ্ৰহণ কৰা অৰ্থনৈতিক নীতি পৰিৱৰ্তন কৰা;

৪) একচেটিয়া আৰু বহুজাতিক সংস্থাৰ প্ৰাধান্য খৰ্ব কৰা;

৫) ভুমি সংস্কাৰৰ ওপৰত গুৰুত্ব দিয়া;

৬) দ্ৰব্যমুল্য কমাই অনা;

৭) কামৰ অধিকাৰক সাংবিধানিক স্বীকৃতি দিয়া;

৮) নিৱনুৱা সমস্যা সমাধান কৰা;

৯) বিছিন্নতাবাদী আৰু বিভেদকামী আন্দোলন প্ৰতিৰোধ কৰা;

১০) সংখ্যালঘু সকলৰ স্বাৰ্থ ৰক্ষা কৰা;

১১) নিৰক্ষৰতা দূৰীকৰণ কৰা;

১২) অনুসূচীত জাতি আৰু জনজাতিৰ লোকৰ স্বাৰ্থ ৰক্ষা কৰা;

১৩) দুখীয়া সকলৰ কাৰণে বাসগৃহৰ ব্যৱস্থা কৰা;

১৪) গোষ্ঠীনিৰপেক্ষ নীতি অব্যাহত ৰখা|

১৯৬৭ চনত এই দলে নিৰ্বাচনী ইস্তাহাৰত প্ৰচাৰ কৰে যে- এই দল সাম্যবাদী নীতিত বিশ্বাসী| সংসদীয় ব্যৱস্থাৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা কৰাটো এই দলৰ মুখ্য লক্ষ্য| মেহনতী জনতাৰ দ্বাৰা চৰকাৰ গঠন কৰি শাসন পৰিচালনা কৰাৰ বাবে ই প্ৰচেষ্টা চলাব| মানুহৰ ওপৰত মানুহৰ শোষণ, অত্যাচাৰ, দৰিদ্ৰতা দূৰ কৰিবলৈ এই দলে প্ৰয়োজনীয় সকলো ব্যৱস্থা হাতত ল’ব| শ্ৰমিকৰ শাসনে সমাজবাদ প্ৰতিষ্ঠা কৰা প্ৰধান পথ বুলি এই দলে ঘোষণা কৰে| ১৯৭১ চনৰ দলৰ নিৰ্বাচনী ইস্তাহাৰত দলে নিজৰ লক্ষ্য আৰু উদ্দেশ্যে ঘোষণা কৰে যে ভুমিৰ মালিকীস্বত্ত্বৰ অৱসান, শ্ৰ্মিকৰ উদ্যোগ পৰিচালনাত অংশগ্ৰহণ, শ্ৰমিক-কৃষকৰ স্বাস্থ্যৰ উন্নতি সাধন, সমুচিত বিতৰণৰ ব্যৱস্থা আদি দলৰ প্ৰধান লক্ষ্য| বেংক ব্যৱসায় জাতীয়কৰণ, খাদ্য সামগ্ৰীৰ ন্যায়সংগত বণ্টন, স্বাধীন বৈদেশিক নীতি, আঞ্চলিক ভাষাৰ জৰিয়তে শিক্ষাৰ প্ৰসাৰ, প্ৰতিৰক্ষাৰ ব্যয় হ্ৰাস ইত্যাদি ইয়াৰ আন কিছুমান লক্ষ্য| সাম্ৰাজ্যবাদ, উপনিৱেশবাদ ইত্যাদিৰ ই ঘোৰ বিৰোধী|

১৯৮০ চনৰ নিৰ্বাচনৰ সময়ত মাৰ্ক্সবাদী সাম্যবাদী দলে ৰাজ্যসমুহৰ অধিক স্বতন্ত্ৰতা আৰু স্বায়ত্ত শাসনৰ দাবী কৰে| অৱশিষ্ট ক্ষমতাও ৰাজ্যসমুহৰ হাতত ন্যস্ত কৰাটো দলে কামনা কৰে| কৰ্মৰ অধিকাৰ, নাগৰিকৰ মৌলিক অধিকাৰ হোৱাটো দলে বিচাৰে|

বৰ্তমান মাৰ্ক্সবাদী সাম্যবাদী দলৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পাই থকা যেন অনুমান হয়| সপ্তম, অষ্টম আৰু নৱম সাধাৰণ নিৰ্বাচনত কেন্দ্ৰত এই দলৰ প্ৰতিনিধিত্ব তেনেই হ্ৰাস পাইছে| ১৯৯১ চনৰ দশম সাধাৰণ নিৰ্বাচনতো এই দলে জনপ্ৰিয়তা লাভ কৰিব পৰা নাই| ১৯৯৬ চনৰ একাদশ সাধাৰণ নিৰ্বাচনত জনপ্ৰিয়তা অৰ্জন কৰিব পৰা নাই| দেৱগৌড়াৰ আৰু গুজৰালৰ নেতৃত্বত গঠিত হোৱা মৰ্চা চৰকাৰত এই দল অংশীদাৰ আছিল যদিও চৰকাৰ গঠনত এই দলে অংশগ্ৰহণ কৰা নাই| দ্বাদশ আৰু ত্ৰয়োদশ নিৰ্বাচনত এই দলে বিশেষ সুবিধা লাভ কৰিব পৰা নাই| ২০০৪ চনত চতুৰ্দশ নিৰ্বাচনত এই দলে ভাল ফল কৰিছে| এই দলৰ শ্ৰী সোমনাথ চেটাৰ্জী লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল| ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এই দলে কিছু পৰিমাণে জনপ্ৰিয়তা পুনৰ লাভ কৰিবলৈ সক্ষম হৈছিল| বামপন্থী দল সমুহে সংযুক্ত প্ৰগতিশীল চৰকাৰক সমৰ্থন দি আহিছিল| কিন্তু ২০০৮ চনত বামপন্থী দলসমুহে সংযুক্ত প্ৰগতিশীল চৰকাৰৰ প্ৰতি থকা সমৰ্থন উঠাই লৈছিল| ২০০৯ চনত পঞ্চদশ নিৰ্বাচনত এই দলে আগৰ নিৰ্বাচন বোৰত থকা জনপ্ৰিয়তা ধৰি ৰাখিবলৈ সক্ষম নহল| ২০১১ চনত অনুষ্ঠিত বিধানসভাৰ নিৰ্বাচনত এই দলে নেতৃত্ব দিয়া বামফ্ৰণ্টৰ চৰকাৰ দলৰ মুখ্য ঘাটি পশ্চিমবংগ আৰু কেৰেলাৰ শাসনৰ পৰা ক্ষমতাচ্যুত হয়|

ভাৰতীয় লোকদল

চৌধৰী চৰণ সিঙৰ নেতৃত্বত ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলৰ কিছুমান সদস্য লগ লাগি এটা সৰ্বভাৰতীয় ৰাজনৈতিক দল গঠন কৰিছিল| এই দলটোক ভাৰতীয় লোকদল হিচাপে নামকৰণ কৰা হৈছিল| এই দলে মহাত্মা গান্ধীৰ আদৰ্শ সম্পৰ্কে কাৰ্যকৰী কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল| এই দলে সমাজতান্ত্ৰিক সমাজ গঠনৰ ওপৰত গুৰুত্ব দিব বুলি উল্লেখ কৰি দলৰ ইস্তাহাৰত প্ৰকাশ কৰিছিল|

১৯৮০ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত এই দলে নিজৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক আদৰ্শ আৰু লক্ষ্যৰ কথা ঘোষণা কৰে| এই দল দেশৰ স্বাৰ্থত সামাজিক পৰিৱৰ্তনত বিশ্বাসী| ইয়াৰ মুখ্য লক্ষ্য হ’ল দৰিদ্ৰ, পিছপৰা কৃষক, শ্ৰমিক সকলৰ সৰ্বাংগীন উন্নতি বিধান কৰা, নিকা প্ৰশাসনৰ ব্যৱস্থা কৰা, ৰাজনীতিবিদ সকলৰ মাজৰ পৰা দুৰ্নীতি মষিমুৰ কৰা, আইন-শৃংখলা সু-সংবদ্ধ কৰা, ন্যায়িক ব্যৱস্থাৰ সংস্কাৰ সাধন, ক্ষমতা বিকেন্দ্ৰীকৰণ, আন্ত:ৰাজ্যিক পৰিষদৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ বিবাদ নিষ্পত্তি কৰা, সৰু-সৰু ৰাজ্য গঠন কৰি পূৰ্ণ স্বতন্ত্ৰতা প্ৰদান কৰা, শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থা কৰা ইত্যাদি| বৈদেশিক ক্ষেত্ৰত এই দলে গোষ্ঠীনিৰপেক্ষ নীতি সমৰ্থন কৰে আৰু আলাপ-আলোচনাৰ জৰিয়তে বিশ্ব-শান্তি স্থাপনত আস্থা প্ৰকাশ কৰে|

লোকদল দেশৰ আৰ্থ-সামাজিক পৰিৱৰ্তনত বিশ্বাসী| অৰ্থনৈতিক পৰিকল্পনাৰ জৰিয়তে জনসাধাৰণক নিম্নতম প্ৰয়োজনীয়তাখিনি যোগান ধৰা, অপ্ৰয়োজনীয় বা বিলাসিতাপুৰ্ণ বয়-বস্তু বোৰ নিষিদ্ধ কৰা, ক্ষুদ্ৰ আৰু মজলীয়া শিল্পৰ উৎপাদনত জোৰ দিয়া, নিৱনুৱা সমস্যা দূৰীকৰণ, গাঁৱলীয়া কৃষিজীৱি সকলৰ কল্যাণৰ অৰ্থে ভুমি ব্যৱস্থাৰ সংস্কাৰ সাধন, খেতিৰ বাবে পানী যোগান ব্যৱস্থা, জমিদাৰী ব্যৱস্থা মষিমুৰ কৰি প্ৰকৃত কৃষকক মাটিৰ যোগান ধৰা, ৰাগিয়াল বস্তু উৎপাদনত বাধা দিয়া, সমবায়ৰ জৰিয়তে গাঁৱলীয়া আৰু কুটীৰ শিল্পৰ উন্নতি সাধন কৰা ইত্যাদি দলৰ প্ৰধান উদ্দেশ্যে আৰু মুখ্য লক্ষ্য বুলি কোৱা হৈছে|

সামাজিক উন্নয়নৰ ক্ষেত্ৰত এই দলে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে| অনুসুচিত জাতি আৰু জনজাতিৰ উন্নতি সাধন, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ সম্প্ৰসাৰণৰ জৰিয়তে দেশৰ অগ্ৰগতি লাভ কৰা ইয়াৰ আন এটা লক্ষ্য| শিক্ষা ব্যৱস্থা যাতে ৰাজনীতিৰ বাহিৰত থাকি জনসধাৰণৰ নৈতিক চৰিত্ৰ গঠনৰ সহায়ক হ’ব পাৰে তাৰ ওপৰত ই গুৰুত্ব আৰোপ কৰে|

লোকদলৰ সদস্য সকল মহাত্মা গান্ধী প্ৰৱৰ্তিত আদৰ্শৰ ওপৰত বিশেষ আস্থাবান| মহাত্মা গান্ধী প্ৰৱৰ্তিত সমাজবাদী ব্যৱস্থা প্ৰৱৰ্তনৰ পক্ষপাতী যদিও, এই দলৰ আদৰ্শ আৰু লক্ষ্য কংগ্ৰেছ দল বা জনতা দলৰ লক্ষ্য আৰু উদ্দেশ্যেৰ লগত প্ৰায় মিল থকা দেখা যায়|

ভাৰতীয় জনতা দল

ওপৰত উল্লেখ কৰা হৈছে যে ক্ষমতাত অধিষ্ঠিত হোৱাৰ দুই বছৰৰ পিছতেই জনতা দলৰ ভিতৰত অন্তদ্বৰ্ন্দ্ব আৰম্ভ হয় আৰু দলৰ ভিতৰত উপদলীয় চক্ৰই গা কৰি উঠে| ফলস্বৰুপে জনতা দলৰ বিশিষ্ট নেতা অটলবিহাৰী বাজপেয়ীৰ নেতৃত্বত ১৯৮০ চনত ভাৰতৰ ৰাজনৈতিক মঞ্চত এটা নতুন দলে আত্ম প্ৰকাশ কৰে| এই দলটো ভাৰতীয় জনতা দল নামে পৰিচিত| ১৯৮০ চনৰ ৬ এপ্ৰিল তাৰিখে এই দলটোৰ জন্ম হয়| অটল বিহাৰী বাজপেয়ীক এই দলৰ প্ৰথম সভাপতি নিৰ্বাচিত কৰা হৈছিল|

ভাৰতীয় জনতা দলৰ মুল ভিত্তি হ’ল- জাতীয়তাবাদ, ধৰ্মনিৰপেক্ষতা আৰু সমাজবাদ| গান্ধীবাদী নীতি, বিকেন্দ্ৰীয় ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষমতাৰ ওপৰত এই দলে অকুণ্ঠ সমৰ্থন আগবঢ়ায়| ই গণতান্ত্ৰিক আদৰ্শ আৰু নীতি কাৰ্যকৰী কৰিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ|

১৯৮০ চনৰ সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা দলে দলৰ নীতি আৰু লক্ষ্য ঘোষণা কৰে| ভাৰতীয় জনতা দল কংগ্ৰেছ দলৰ একনায়কত্ববাদৰ ঘোৰ বিৰোধী| এই দলে জাতীয়তাবাদ, জাতীয় সংহতি, গণতন্ত্ৰ, প্ৰত্যক্ষ ধৰ্মনিৰপেক্ষতাবাদ আৰু গান্ধীবাদী সমাজবাদত বিশ্বাসী| এই দলে সমাজৰ সামগ্ৰিক কল্যাণ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে| ই কৃষিৰ উন্নয়ন আৰু সামগ্ৰিক সংস্কাৰ সাধন, দৰিদ্ৰতা নিৰ্মুল, গাৱঁলীয়া অঞ্চলত খোৱাপানীৰ যোগান, থকা ঘৰৰ ব্যৱস্থা, স্বাস্থ্য ব্যৱস্থা আৰু পৰিয়াল পৰিকল্পনা, কৰ্মমুখী শিক্ষা ব্যৱস্থা, মাতৃ মংগলৰ ব্যৱস্থা, ডেকা শক্তিক কৰ্মৰ যোগান, ৰাজহুৱা আৰু ব্যক্তিগত উভয় ক্ষেত্ৰৰ শিল্প উন্নয়ন আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰে| বৈদেশিক ক্ষেত্ৰত ভাৰতীয় জনতা দলে স্বাধীন আৰু প্ৰকৃত গোষ্ঠীনিৰপেক্ষ নীতি সমৰ্থন কৰে| নিজৰ জাতীয় সত্তা অটুট ৰাখি বিশ্বশান্তি প্ৰতিষ্ঠাত এই দল আগ্ৰহী| এই দলে ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰসমুহৰ লগত বন্ধুত্ব ভাৱৰ জৰিয়তে সহায়-সহযোগিতা কামনা কৰে|

ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত ভাৰতীয় জনতা দলৰ উৎপত্তি বিশেষ তাৎপৰ্যপুৰ্ণ| ভাৰতৰ সামাজিক তথা ৰাজনৈতিক ব্যৱস্থাৰ সংস্কাৰ সাধন ইয়াৰ প্ৰাথমিক উদ্দেশ্যে| নৱম সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা দলে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে|

এই দলে প্ৰকাশ কৰা দলীয় ইস্তাহাৰত তলত দিয়া বিষয় সমুহক এই দলৰ উদ্দেশ্যে আৰু লক্ষ্য হিচাপে ঘোষণা কৰা হয়|

১) বাবৰি মছজিদৰ কোনো অন্যায় নোহোৱাকৈ অযোধ্যাত ৰামমন্দিৰ নিৰ্মাণ কৰা হ’ব;

২) সৰু সৰু ৰাজ্যবোৰৰ উন্নতিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ’ব;

৩) সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ উন্নতিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ’ব;

৪) জনসাধাৰণৰ জীৱনৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হ’ব;

৫) শক্তিশালী কেন্দ্ৰীয় চৰকাৰ প্ৰতিষ্ঠাৰ লগতে ৰাজ্যসমুহকো শক্তিশালী কৰিবলৈ চেষ্টা কৰা হ’ব;

৬) সংবিধানৰ পৰা ৩৭০ নং অনুচ্ছেদ বাদ দিয়া হ’ব;

৭) জনসাধাৰণৰ অংশ গ্ৰহণেৰে চৰকাৰীখণ্ডৰ উদ্যোগ সমুহত উৎপাদন বৃদ্ধিৰ চেষ্টা কৰা হ’ব;

৮) নিৱনুৱা সমস্যা লাঘৱ কৰাৰ চেষ্টা কৰা হ’ব;

৯) ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰি স্বকীয় স্ব-শাসিত গোট সমুহক অধিক ক্ষমতা প্ৰদান কৰা হ’ব| ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত ভাৰতীয় জনতা পাৰ্টিৰ উৎপত্তি বিশেষ তাৎপৰ্যপূৰ্ণ|

ভাৰতত সামাজিক তথা ৰাজনৈতিক ব্যৱস্থাৰ সংস্কাৰ সাধন ইয়াৰ প্ৰাথমিক উদ্দেশ্যে| নৱম সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে| ১৯৯১ চনৰ দশম সাধাৰণ নিৰ্বাচনত এই দলে জনসাধাৰণ পৰা অভূতপুৰ্ব সঁহাৰি লাভ কৰি ভাৰতৰ সংসদত দ্বিতীয় বৃহত্তম ৰাজনৈতিক দল হিচাপে স্বীকৃতি লাভ কৰিছে| লোকসভাৰ দ্বাদশ নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে বিশেষ গুৰুত্বপুৰ্ণ হিচাপে বিবেচনা কৰিব পাৰি| লোকসভাৰ একাদশ নিৰ্বাচনৰ পিছত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিছিল| কিন্তু আন দলে এই দলক সমৰ্থন নিদিয়াৰ কাৰণে ১৩ দিনৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে পদত্যাগ কৰিবলৈ বাধ্য হয়| লোকসভাৰ দ্বাদশ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দল সমুহে সংখ্যাগৰিষ্ঠতা লাভ কৰে| তেলেগু দশম, এ.ডি.এম.কে, আকালী দল, বিজু জনতা দল, তৃণমুল কংগ্ৰেছ আদি আন কিছুমান দলৰ সমৰ্থনত ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰাৰ সুবিধা লাভ কৰে| ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম নেতা বাজপেয়ীৰ নেতৃত্বত বি..জে.পি আৰু ইয়াৰ সহযোগী দলসমুহে চৰকাৰ গঠন কৰে| বাজপেয়ীৰ নেতৃত্বত ১৩ মাহ কাৰ্যনিৰ্বাহ কৰাৰ পিছত ১৯৯৯ চনৰ ১৭ এপ্ৰিলত মাত্ৰ এটা ভোটৰ ব্যৱধানত বাজপেয়ী চৰকাৰৰ পতন ঘটে| দহ দিন ধৰি বিৰোধী পক্ষই বিকল্প চৰকাৰ গঠনৰ বাবে প্ৰচেষ্টা চলাই ও ন্যূনতম সংখ্যাগৰিষ্ঠতা সাব্যস্ত কৰিব নোৱাৰাত ৰাষ্ট্ৰপতি কে.আৰ. নাৰায়ণে ২৭ এপ্ৰিলত মন্ত্ৰীসভাৰ পৰামৰ্শমতে লোকসভা ভংগ কৰি নতুন নিৰ্বাচনৰ নিৰ্দেশ দিয়ে| এই নিৰ্বাচনৰ পাছত ভাৰতীয় জনতা পাৰ্টিয়ে আন কিছুমান দলৰ সমৰ্থনত National Democratic Alliance গঠন কৰি কেন্দ্ৰত ক্ষমতাধিষ্ঠত হৈ দেশৰ শাসনৰ দায়িত্ব বহন কৰি আছে|

সাংগঠনিক দিশতো বি.জে.পি দলৰ পৰিৱৰ্তন হৈছে| চৰকাৰ গঠন কৰা সময়ত লালকৃষ্ণ আদৱানীয়ে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল| কিন্তু এজন ব্যক্তি আৰু এটা পদ নীতি অনুসৰণ কৰাৰ ফলত গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা আদৱানীয়ে দলৰ সভাপতি পদ ত্যাগ কৰে| তেঁওৰ ঠাইত কুশাভাই ঠাকৰেক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়| কুশাভাই ঠাক্‌ৰেৰ পিছত বাংগাৰু লক্ষ্মণ বি.জে.পি ৰ সভাপতি হয়| টেহেলকাৰ প্ৰতিবেদনৰ পিছত বাংগাৰু লক্ষ্মণে পদত্যাগ কৰে আৰু তেওঁৰ ঠাইত জনা কৃষ্ণমূৰ্তিক বি.জে.পি ৰ সভাপতি নিৰ্বাচিত কৰা হৈছিল| দলত অধিক গতিশীলতা অনাৰ কাৰণে ২০০২ চনৰ জুলাই মাহত কৃষ্ণমূৰ্তিৰ ঠাইত ভেংকায়া নাইডুক বি.জে.পি ৰ সভাপতি মনোনীত কৰা হয়| পৰৱৰ্তী সময়ত ৰাজনাথ সিঙক এই দলৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়| বৰ্তমান এই দলৰ সভাপতি হ’ল অমিত শ্বাহ|

চতুৰ্দশ লোকসভাৰ নিৰ্বাচনৰ আগতে চাৰিখন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ইয়াৰ ভিতৰত তিনিখন ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠনৰ সুবিধা পাইছিল| জনমত এই দলৰ অনুকুলে থকা বুলি বাজপেয়ী চৰকাৰে লোকসভা ভাঙি দিয়ে আৰু ইয়াৰ ফলত চতুৰ্দশ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হয়| ২০০৪ চনৰ এপ্ৰিল মাহৰ ২০ তাৰিখৰ পৰা মে মাহৰ ১৩ তাৰিখে ভোটগণনা কৰি ফলাফল ঘোষণা কৰা হৈছিল| এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত গঠিত হোৱা এন.ডি.এ শোচনীয়ভাৱে পৰাজয়বৰণ কৰে| ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ সহযোগী দলসমুহে মাত্ৰ ১৮৭ খন আসন লাভ কৰিয়ে সন্তুষ্ট থাকিবলগা হয়|

২০০৯ চনৰ পঞ্চদশ লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ সদ্যঘোষিত ফলাফল অনুসৰি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এন-ডি-এই ১৫৯ খন আসন লাভ কৰি বিৰোধী পক্ষত অৱস্থান কৰে| অৱশ্যে এই গোটে জনাদেশ মানি বিৰোধী পক্ষ হিচাপে গঠনমুলক ভুমিকা পালন কৰিব বুলি আশা কৰা হৈছে| এই নিৰ্বাচনত ভাৰতীয় জনতা দলে মাত্ৰ ১১৬ খন আসন লাভ কৰিবলৈ সক্ষম হয়| কিন্তু অসমত বি জে পি য়ে অসম গণ পৰিষদৰ অপ্ৰত্যাশিত সহায়ৰ ফলতে চাৰিখন আসনত জয়লাভ কৰি এই দলে আগতকৈ দুগুণ মজবুত হবলৈ সক্ষম হৈছে|

জনতা দল বা জনতা পাৰ্টি

জনসংঘ, ভাৰতীয় লোকদল, সাংগঠিনক কংগ্ৰেছৰ পৰা ওলাই অহা সদস্য সকল আৰু সমাজবাদী দলসমুহৰ সন্মিলনত ১৯৭৭ চনত ভাৰতৰ ৰাজনৈতিক মঞ্চত এটা নতুন দলৰ উৎপত্তি হয়| এই দলটোৱে “জনতা দল” নাম গ্ৰহণ কৰে, এই দলটোৱে সৰ্বভাৰতীয় দল হিচাপে স্বীকৃতি লাভ কৰে| এই দলে ১৯৭৭ চনৰ ষষ্ঠ সাধাৰণ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি কংগ্ৰেছৰ ত্ৰিছ বছৰীয়া শাসনৰ অৱসান ঘটাই কেন্দ্ৰত ক্ষমতা দখল কৰে|

জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত জনতা দলে নিৰ্বাচনত অৱতীৰ্ণ হয়| জনতা দলে নিৰ্বাচনত দলৰ লক্ষ্য আৰু উদ্দেশ্যেৰ বিষয়ে ঘোষণা কৰে যে জনতা দল গণতন্ত্ৰ, স্বাধীনতা আৰু জনসাধাৰণৰ ক্ষমতাৰ সমৰ্থক| এই দল একনায়কত্ববাদৰ ঘোৰ বিৰোধী| দলৰ উদ্দেশ্যে ঘোষণা কৰি কয় যে পূৰ্বৰ চৰকাৰৰ আমোলত জনসাধাৰণৰ যি অধিকাৰ খৰ্ব হৈছে তাক পুনৰ উদ্ধাৰ, সংবাদ পত্ৰ আৰু আদালতৰ স্বতন্ত্ৰতা পুনৰ বাহাল আৰু জনস্বাৰ্থ পৰিপন্থী সকলো ক’লা আইন বাতিলকৰণৰ প্ৰচেষ্টা কৰা| ক্ষমতা লাভ কৰিলে দহ বছৰৰ ভিতৰত নিৱনুৱা সমস্যাৰ অৱসান, গ্ৰাম্য ভিত্তিত শিল্পোন্নয়ন, গাঁৱলীয়া কুটীৰ শিল্পৰ প্ৰসাৰ প্ৰভৃতি দলৰ ঘোষণাৰ অন্তৰ্গত| ইয়াৰ আন এটা লক্ষ্য হ’ল মহাত্মা গান্ধীৰ আদৰ্শক অনুসৰণ কৰি সংস্কাৰৰ জৰিয়তে সৰ্বাংগীন উন্নতিৰ মাধ্যমেৰে সমাজবাদ প্ৰতিষ্ঠা কৰা| জাতীয় সংহতি, দ্ৰব্যমূল্য নিয়ন্ত্ৰণ, নিৱনুৱা সমস্যা সমাধান, আন্তৰ্জাতিক ক্ষেত্ৰত সকলো ৰাষ্ট্ৰৰ লগতে শান্তি-সম্প্ৰতি বৰ্ধন প্ৰভৃতিৰ ওপৰত এই দলে বিশেষ গুৰুত্ব আৰোপ কৰে|

১৯৭৭ চনৰ মাৰ্চ মাহত লোকসভাৰ (ষষ্ঠ) সাধাৰ্ণ নিৰ্বাচনত জনতা দলে একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰি ক্ষমতাত অধিষ্ঠিত হয়| তেতিয়াৰে পৰা জনতা দলৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাবলৈ ধৰে| বহু বিশিষ্ট কংগ্ৰেছী আৰু অ-কংগ্ৰেছী লোকে এই দলৰ সভ্যপদ গ্ৰহণ কৰে| কিন্তু দুই বছৰ কাল পাৰ হোৱাৰ লগে লগে বিভিন্ন দলৰ সমন্বয়ত গঠিত জনতা দলৰ ভিতৰত অন্তৰ্দ্বন্দ্ব আৰম্ভ হয়| দলৰ ভিতৰত উপদলীয় চক্ৰই গা কৰি উঠে| জনতা দলৰ বিশিষ্ট নেতা চৌধুৰী চৰণ সিঙৰ নেতৃত্বত লোকদল আৰু অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত ভাৰতীয় জনতা দলৰ আত্মপ্ৰকাশ হয়|

একাদশ লোকসভাৰ নিৰ্বাচনত ৰাজনৈতিক দলসমুহৰ ভিতৰত বি.জে.পি য়ে বেছি আসন লাভ কৰাৰ কাৰণে ৰাষ্ট্ৰপতিয়ে এই দলৰ নেতা অটল বিহাৰী বাজপেয়ীক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছিল| বি.জে.পি য়ে ১৩ দিন শাসনৰ দায়িত্বত থকাৰ পিছত লোকসভাত সংখ্যাগৰিষ্ঠতা নথকাৰ কাৰণে প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে পদত্যাগ কৰে আৰু জনতা দলৰ নেতা দেৱগৌড়াৰ নেতৃত্বত এই দলে চৰকাৰ গঠন কৰে| কিন্তু কিছুদিনৰ পিছত কংগ্ৰেছ দলে এই চৰকাৰৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহাৰ কৰাত আই.কে. গুজৰালৰ নেতৃত্বত জনতা মন্ত্ৰীসভা পুনৰ গঠিত হয়| এই চৰকাৰৰ প্ৰতি কংগ্ৰেছে বাহিৰৰ পৰা সমৰ্থন দি আছিল| কিন্তু কেইমাহমান পিছত কংগ্ৰেছ দলে পুনৰ এই চৰকাৰৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ ফলত গুজৰাল চৰকাৰৰ পতন হয়| গুজৰাল চৰকাৰৰ পতনৰ পিছত অনুষ্ঠিত কৰা দ্বাদশ লোকসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা দলে আন কিছুমান দলৰ সৈতে লগ লাগি চৰকাৰ গঠন কৰিছিল| এই চৰকাৰে ১৩ মাহ শাসনৰ দায়িত্ব বহন কৰাৰ পিছত কেইটামান দলে বি.জে.পি চৰকাৰৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহাৰ কৰাত এই চৰকাৰৰ পতন হয়| ত্ৰয়োদশ লোকসভাৰ নিৰ্বাচনৰ আগে আগে জনতা দল দুই-তিনিটা ভাগত বিভক্ত হৈছে| কিন্তু কোনো এটা দলে এই নিৰ্বাচনত বিশেষ সাফল্য লাভ কৰিব পৰা নাই| চতুৰ্দশ আৰু পঞ্চদশ নিৰ্বাচনত এই দলে বিশেষ সুবিধা লাভ কৰিব পৰা নাই|

বহুজন সমাজবাদী দল

বহুজন সমাজবাদী দল হ’ল উত্তৰ প্ৰদেশৰ বৰ্তমান সময়ৰ শাসকীয় দল| দলৰ নেত্ৰী মায়াৱতীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে| বৰ্তমান ভাৰতীয় ৰাজনীতিত এক বিশেষ স্থান দখল কৰা এই দলটোৱে এটা সময়ত উত্তৰ প্ৰদেশৰ দলিত নেতা কাশীৰামৰ নেতৃত্বত এক আঞ্চলিক দল হিচাপে আত্মপ্ৰকাশ কৰিছিল| উত্তৰ প্ৰদেশৰ বস্তি অঞ্চলৰ দলিত পিছ পৰা  শ্ৰেণীৰ লোকৰ কল্যাণ তথা প্ৰগতিৰ স্বাৰ্থতেই এই দলৰ প্ৰকাশ ঘটিছিল| কাশীৰামৰ মৃত্যুৰ পিছত এই দলৰ নেতৃত্বৰ ভাৰ পৰে বৰ্তমানৰ উত্তৰ প্ৰ্দেশৰ মুখ্যমন্ত্ৰী মায়াৱতীৰ ওপৰত| ৰাজনীতিত বিচক্ষণ, বাক্‌পটু মায়াৱতীয়ে এই আঞ্চলিক দলটোক বৰ্তমান সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দললৈ আগুৱাই নিয়াত সফল হ’ব পাৰিছে| এই দলে ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতিও লাভ কৰিবলৈ সক্ষম হৈছে| ইয়াৰ প্ৰভাৱ উত্তৰ প্ৰদেশৰ উপৰিও অন্যান্য ৰাজ্যসমুহতো লাহে লাহে বিয়পি পৰিছে| মায়াৱতীৰ নেতৃত্বত এই দলে ভাৰতীয় মিত্ৰজোট ৰাজনীতিত বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে| কেন্দ্ৰীয় চৰকাৰ গঠনত এই দলে সময়ে সময়ে নেতৃত্ব বহনকাৰী ৰাজনৈতিক দলক সমৰ্থন আগবঢ়াই তাৎপৰ্যপুৰ্ণ ভুমিকা লৈ আহিছে| পঞ্চদশ লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল অনুসৰি বহুজন সমাজবাদী দলে ২১ খন আসন লাভ কৰিবলৈ সক্ষম হয়|

খ) আঞ্চলিক ৰাজনৈতিক দল

১৯৬৭ চনৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে আন আন ৰাজনৈতিক দলৰ প্ৰত্যাহ্বানৰ সম্মুখীন হয় আৰু সেই সময়ৰ পৰাই ভাৰতৰ বিভিন্ন প্ৰান্তত আঞ্চলিক দলৰ আৱিৰ্ভাৱ হোৱাৰ পথ সুগম হয় বুলি কব পাৰি| অৱশ্যে এই সময়ৰ আগতে আঞ্চলিকতাবাদী মনোভাৱৰ সৃষ্টি হোৱা নাছিল বুলি ক’ব নোৱাৰি| স্বাধীনতা আন্দোলন চলি থকা সময়তো জাতীয়তাবাদী ভাবধাৰাৰ লগে লগে আঞ্চলিকতাবাদী মানসিকতাৰ সৃষ্টি হৈছিল| আঞ্চলিকতাবাদৰ প্ৰতি আনুগত্য প্ৰকাশ অকল ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ একমাত্ৰ বিশেষত্ব নহয়| পৃথিৱীৰ আন আন দেশতো আঞ্চলিকতাবাদী মনোভাৱৰ প্ৰকাশ দেখা যায়| অখণ্ড জাতীয়তাবোধ কোনো দেশতেই পোৱা নাযায়| ইংলেণ্ডৰ নিচিনা সৰু দেশত যেনেকৈ আঞ্চলিকতাবাদী মনোভাৱ দেখা যায়, ৰুছিয়াৰ নিচিনা ডাঙৰ দেশতো তেনেকৈ এনে মনোবৃত্তি দেখা যায়| ইংলেণ্ড, স্কটলেণ্ড, উত্তৰ আয়াৰলেণ্ড, ওৱেলছ আদিত আঞ্চলিকতাবাদী মানসিকতা দেখা যায়| গতিকে বিভিন্ন ভাষা, জাতি, আৰু ধৰ্মৰ লোক বাস কৰা ভাৰতত আঞ্চলিকতাবাদী মনোভাৱৰ সৃষ্টি হোৱাত একো আচৰিত হ’ব লগা নাই| ইচ্ছা কৰিয়ে ভাৰতৰ পৰা আঞ্চলিকতাবাদী মনোভাৱ আঁতৰ কৰিব পৰা নাযায়; সেইদৰে ইয়াক অস্বীকাৰ কৰিলেও ই নাইকিয়া নহয়| বৃটিছ শাসনৰ সময়ত এই মনোভাৱে সুপ্ত হৈ আছিল যদিও বৰ্তমান ভাৰতৰ আৰ্থ-সামাজিক পটভুমিত এই মনোভাৱে গা কৰি উঠি আহিছে|

ভাৰত এখন বিচিত্ৰ দেশ| ইয়াত প্ৰাকৃতিক বৈশিষ্ট্য থকাৰ উপৰিও বিভিন্ন ভাষা, ধৰ্ম, জাতি, আৰু উপজাতিৰ লোক বাস কৰে| সেয়েহে এনে দেশত অখণ্ড জাতীয়তাবাদী ভাবধাৰাৰ সৃষ্টি কৰা সম্ভৱ নহয়| বিচিত্ৰতাৰ মাজত একতা প্ৰতিষ্ঠাৰ চেষ্টা ইয়াত অব্যাহত আছে| ইংৰাজ শাসনৰ তলত আঞ্চলিকতাবাদী মনোভাৱে তীব্ৰ আকাৰ ধাৰণ কৰা নাছিল, কিন্তু স্বাধীনতা লাভ কৰাৰ কিছু বছৰৰ পিছত বিভিন্ন অঞ্চলৰ অসন্তুষ্ট লোকৰ মাজত আঞ্চলিক মনোভাৱৰ সৃষ্টি হয় আৰু আঞ্চলিক ৰাজনৈতিক দল গঠন কৰি নিজৰ নিজৰ অঞ্চলৰ স্বাৰ্থৰক্ষাৰ কাৰণে সংঘবদ্ধ হোৱা দেখা যায়| স্বাধীনতাৰ পিছৰছোৱা কালত গ্ৰহণ কৰা অৰ্থনৈতিক আৰু ঔদ্যোগিক নীতিয়ে সকলো অঞ্চলৰ লোকক সমানভাৱে উপকৃত কৰিব নোৱাৰাৰ অজুহাতত এনে মনোভাৱৰ সৃষ্টি হ’ল| সেয়হে কিছুমান অঞ্চলৰ ৰাজনৈতিকভাৱে সচেতন লোকে আঞ্চলিক দল গঠন কৰি নিজৰ নিজৰ অঞ্চলৰ আৰ্থ-সামাজিক সমস্যা সমাধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে| এনেদৰেই আঞ্চলিক দলৰ আৱিৰ্ভাৱ হ’ল|

অৱশ্যে অৰ্থনৈতিক কাৰণকে আঞ্চলিক দলৰ সৃষ্টিৰ একমাত্ৰ কাৰণ বুলিব নোৱাৰি| দেশৰ বিভিন্ন অঞ্চলৰ লোকৰ জাতিগত সমস্যা, ভাষাগত সমস্যা আদিয়েও আঞ্চলিক দলৰ সৃষ্টিত বৰঙণি যোগাইছে| সেয়েহে আঞ্চলিক দলসমুহৰ উদ্ভৱৰ কাৰণক একমাত্ৰ অৰ্থনৈতিক অৱস্থাৰে বাখ্যা কৰিব নোৱাৰি| আঞ্চলিক দলৰ উৎপত্তিৰ কাৰণ সমুহ তলত উল্লেখ কৰা হ’ল-

আঞ্চলিক দলৰ উদ্ভৱৰ কাৰণ:-

আঞ্চলিক দলৰ অস্তিত্ব ভাৰতীয় দলীয় ব্যৱস্থাৰ এটি অন্যতম বৈশিষ্ট্য| বৰ্তমান ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন আঞ্চলিক ৰাজনৈতিক দল দেখা যায়| আঞ্চলিক দল বিলাকক দুটা ভাগত ভাগ কৰিব পাৰি| প্ৰথমতে, কিছুমান ৰাজনৈতিক দল আছে যিবিলাকৰ সৰ্বভাৰতীয় দৃষ্টিভংগী থকা সত্বেও সৰ্বভাৰতীয় সংগঠন আৰু গোটেই দেশত জনসমৰ্থন নথকাৰ বাবে সেইবিলাকক আঞ্চলিক দল হিচাপে গণ্য কৰা হয়| যেনে-ফৰৱাৰ্ড ব্লক, বিপ্লৱী সমাজতান্ত্ৰিক দল, ছ’ছিয়েলিষ্ট ইউনিটি চেণ্টাৰ ইত্যাদি এনেধৰণৰ আঞ্চলিক দল| দ্বিতীয়তে, কিছুমান দল আছে যিবিলাক আঞ্চলিক দল হিচাপেই প্ৰতিষ্ঠিত আৰু আঞ্চলিক স্বাৰ্থ আৰু সমস্যা, আঞ্চলিক ভাষা, আঞ্চলিক গোষ্ঠীৰ ধৰ্ম ইত্যাদি লৈ সক্ৰিয়| যেনে-কেৰেলা কংগ্ৰেছ, তামিলনাডুৰ ডি.এম.কে, এ.ডি.এম.কে, উত্তৰ প্ৰদেশত সমাজবাদী দল, জম্মু আৰু কাশ্মীৰৰ নেচনেল কনফাৰেন্স, মহাৰাষ্ট্ৰত শিৱসেনা, পঞ্জাৱৰ শিৰোমণি আকালি দল, উড়িষ্যাত বিজু জনতা দল, অন্ধ্ৰৰ তেলেগু দশম, তেলেংগানা কংগ্ৰেছ, মিজোৰামৰ মিজো নেচনেল ফ্ৰণ্ট, অসমৰ অসম গণ পৰিষদ, বিহাৰৰ ৰাষ্ট্ৰীয় জনতা দল, পশ্চিমবংগত তৃণমুল কংগ্ৰেছ, গোৰ্খা লীগ, মেঘালয়ৰ পাৰ্বত্য নেতা সন্মিলন, পিপলচ্‌ কাউন্সিল আদিৰ নাম উল্লেখ কৰিব পাৰি| আঞ্চলিক দলৰ সৃষ্টিৰ কাৰণে সৰ্বভাৰতীয় ৰাজনৈতিক দলসমুহকো দায়ী কৰিব পাৰি| আঞ্চলিক দলৰ সৃষ্টিৰ কাৰণ সমুহ তলত উল্লেখ কৰা হ’ল-

১) সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমুলক নীতি:-

সৰ্বভাৰতীয় ৰাজনৈতিক দলসমুহৰ বৈষম্যমুলক নীতিকো আঞ্চলিক দলৰ সৃষ্টিৰ কাৰণে লাভ কৰিব পাৰি| আঞ্চলিক দলৰ সৃষ্টিৰ ইতিহাস বেছিদিনীয়া নহয়| স্বাধীনতা লাভৰ সময়ৰ পৰা প্ৰায় ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়লৈ সৰ্বভাৰতীয় দলেই দেশত প্ৰতিপত্তি লাভ কৰি আছিল| দেশৰ অন্যতম ৰাজনৈতিক দল কংগ্ৰেছ অপ্ৰতিদ্বন্দ্বী হিচাপে দেশৰ শাসন পৰিচালনা কৰি আছিল| এই সময়ছোৱাৰ ভিতৰত দেশৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ উন্নয়ন মুলক কাম কৰা হৈছিল যদিও কিছুমান অঞ্চলৰ উন্নতিৰ কাৰণে চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল| পিছপৰা এনে   অঞ্চলসমুহৰ প্ৰতি সুবিচাৰ নকৰাৰ অজুহাতত এনে অঞ্চলবোৰত সময়ৰ সোঁতত ৰাজনৈতিক দলৰ সৃষ্টি হয়| যোগাযোগ, যাতায়ত আৰু শিক্ষাৰ প্ৰসাৰণে মানুহক ৰাজনৈতিক ভাৱে সচেতন কৰি তোলে| ৰাজনৈতিকভাৱে সচেতন নাগৰিক কিছুমানে সৰ্বভাৰতীয় ৰাজনৈতিক দলে সৃষ্টি কৰা বৈষম্যৰ প্ৰতিবাদস্বৰুপে আঞ্চলিক ভিত্তিত ৰাজনৈতিক দলৰ সৃষ্টি কৰে| এনেদৰে ভাৰতৰ ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হয়|

২) ৰাজ্যিক নেতাৰ দুৰ্বলতা:-

ৰাজ্যিক নেতাসকলৰ দুৰ্বলতাকো আঞ্চলিক দলৰ সৃষ্টিৰ কাৰণে জগৰীয়া কৰিব পাৰি| ৰাজ্যৰ সকলো অঞ্চলৰ উন্নতিৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত| কেতিয়াবা কেতিয়াবা ৰাজ্যৰ নেতৃস্থানীয় ব্যক্তি সকলে দলীয় শৃংখলাৰ কাৰণে হওক নাইবা নিজৰ দুৰ্বলতাৰ কাৰণে হওক ৰাজ্যৰ উচিত দাবীসমুহো কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাঙি ধৰিব নোৱাৰে| ফলত কোনো অঞ্চলৰ প্ৰগতি খৰতকীয়া হয় আৰু আন কোনো অঞ্চল পিছ পৰি থাকে| পিছপৰা এনে অঞ্চলৰ ৰাজনৈতিকভাৱে সচেনত লোকে ৰাজনৈতিক দলৰ সৃষ্টি কৰি ৰাজ্যৰ শাসনৰ দায়িত্ব ল’বলৈ চেষ্টা কৰে| ফলত আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হয়|

৩) ভাষা-সংস্কৃতি ৰক্ষা:-

কেতিয়াবা কেতিয়াবা ভাষাৰ ভিত্তিতো আঞ্চলিক দলৰ সৃষ্টি হোৱা দেখা যায়| গোৰ্খা লীগ, ডি-এম-কে, এ-আই-ডি-এম-কে আদি দল ভাষাৰ ভিত্তিত সৃষ্টি হোৱা বুলি ক’ব পাৰি| নেপালী ভাষাক সংবিধানৰ অষ্টম অনুসুচীত অন্তৰ্ভুক্ত কৰাৰ দাবীক কেন্দ্ৰ কৰিয়ে গোৰ্খা লীগৰ সৃষ্টি হয়| ইয়াৰ উপৰিও পাৰ্বত্য অঞ্চলৰ উন্নতিৰ কাৰণেও এই লীগে দাবী উত্থাপন কৰে| লাহে লাহে গোৰ্খা ৰাজ্য স্থাপনৰ দাবী উত্থাপন কৰে| এনেদৰে গোৰ্খা লীগে ৰাজনীতিত প্ৰৱেশ কৰি দাৰ্জিলিং অঞ্চল স্বায়ত্ব শাসনৰ সুবিধা লাভ কৰে| সেইদৰে হিন্দু বিৰোধী মনোভাৱৰ ফলশ্ৰুতি হিচাপে ডি-এম-কে আৰু এ-আই-ডি-এম-কেৰ লগত বুজাপৰাত উপনীত হৈছিল| ইয়াৰ পৰা সহজতে অনুমান কৰিব পাৰি যে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ অসহযোগিতাইও আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰভাৱ বিস্তাৰ কৰাত সহায় কৰে|

৪) সাম্প্ৰদায়িক স্বাৰ্থ ৰক্ষা:-

সাম্প্ৰদায়িক স্বাৰ্থৰক্ষাৰ কাৰণেও কেতিয়াবা কেতিয়াবা আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হোৱা দেখা যায়| সাম্প্ৰদায়িক স্বাৰ্থৰক্ষাৰ কাৰণে সৰ্বভাৰতীয় দল গঠন হোৱাৰ উদাহৰণ নোহোৱা নহয়| মুছলিম সম্প্ৰদায়ৰ স্বাৰ্থৰক্ষাৰ কাৰণে মুছলীম লীগৰ সৃষ্টি হৈছিল| সেইদৰে কেৰেলাৰ মুছলীম লীগকো সাম্প্ৰদায়িক নীতিৰ ভিত্তিত সৃষ্টি হোৱা দল বুলি কব পাৰি| পঞ্জাৱৰ এই দলকো এই শ্ৰেণীৰ দলত স্থান দিব পাৰি| সেইদৰে তেলেগু সম্প্ৰদায়ৰ ভাষা-সংস্কৃতি ৰক্ষাৰ কাৰণে তেলেগু দেশমৰ সৃষ্টি হৈছিল| বড়ো সকলৰ স্বাৰ্থৰক্ষাৰ কাৰণে পি-টি-চিৰ সৃষ্টি হৈছে|

৫) জাতীয় সমস্যা:-

কেতিয়াবা কেতিয়াবা জাতীয় সমস্যা সমাধানত চৰকাৰৰ বিফলতাইও আঞ্চলিক দলৰ সৃষ্টিত অৰিহণা যোগায়| অসমৰ পৰা বিদেশী বহিস্কাৰৰ দাবীত অসমৰ ছাত্ৰ সমাজে আন্দোলন চলাব লগা হৈছিল| এই আন্দোলনৰ ফলশ্ৰুতি হিচাপে সৃষ্টি হৈছিল অসম গণ পৰিষদ নামৰ আঞ্চলিক ৰাজনৈতিক দলৰ| নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি এই দলে চৰকাৰ গঠনৰ সুবিধাও পাইছিল|

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে ভাষা-সংস্কৃতিৰ ৰক্ষা, সাম্প্ৰদায়িক স্বাৰ্থ ৰক্ষা, জাতীয় সমস্যাৰ সমাধান, সৰ্বভাৰতীয় ৰাজনৈতিক দল সমুহৰ আঞ্চলিক স্বাৰ্থৰ প্ৰতি বৈষম্যমুলক আচৰণ আদি বিভিন্ন কাৰণত আঞ্চলিক দলৰ সৃষ্টি হোৱা দেখা যায়|

আঞ্চলিক দলৰ সমস্যা:-

ভাৰতৰ বিভিন্ন অঞ্চলত আঞ্চলিক দলৰ সৃষ্টি হোৱা দেখা যায় যদিও তামিলনাডুৰ বাহিৰে বাকী অঞ্চলত এই দলসমুহে কৃতকাৰ্যতা লাভ কৰা দেখা নাযায়| তেলেগু দেশমে অন্ধ্ৰত শাসনৰ দায়িত্ব বহন কৰিছিল, কিন্তু এই শাসন দীৰ্ঘদিনীয়া হোৱা নাই| অসমত অসম গণ পৰিষদে যোৱা সাধাৰণ নিৰ্বাচনত চৰকাৰ গঠনৰ সুবিধা পোৱা নাই| বৰ্তমানে তামিলনাডুত এ-আই-ডি-এম-কে, অন্ধ্ৰত তেলেগু দেশম আৰু উড়িষ্যাত বিজু জনতা দলে শাসনৰ দায়িত্ব বহন কৰি আছে| ভাৰতৰ কেন্দ্ৰীকৰণ ব্যৱস্থাত ৰাজ্যচৰকাৰ সমুহে সদায় কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি চলিব লাগে| সেয়েহে উন্নয়ন মুলক কামৰ কাৰণে কেন্দ্ৰৰ সহায়ৰ আৱশ্যক| কেন্দ্ৰৰ পৰা দৰকাৰ মতে সহায়-সহযোগিতা নোপোৱা আঞ্চলিক দলৰ চৰকাৰে উন্নয়নমুলক কাম সমাধা কৰাত অসুবিধা পায়|

সৰ্বভাৰতীয় দল সমুহৰ লগত প্ৰতিযোগিতাত তিষ্ঠি থকাও আঞ্চলিক দলসমুহৰ আন এটা সমস্যা| সৰ্বভাৰতীয় দলসমুহে কেন্দ্ৰৰ উপৰিও ৰাজ্যসমুহতো তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখে| গতিকে সৰ্বভাৰতীয় দলৰ লগত প্ৰতিযোগিতা কৰি নিৰ্বাচনত জয়যুক্ত হোৱা সহজ নহয়| চৰকাৰ গঠনৰ জোখাৰে আসন লাভ কৰিব নোৱাৰিলে আঞ্চলিক দলে ৰাজ্যৰ প্ৰশাসনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে| কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত থকা প্ৰচাৰমাধ্যম সমুহেও আঞ্চলিক দলতকৈ কেন্দ্ৰীয় চৰকাৰৰ আদৰ্শ আৰু নীতি প্ৰচাৰৰ ওপৰতহে গুৰুত্ব দিয়ে| গতিকে এনেবোৰ অসুবিধাৰ মাজত কোনো অঞ্চলত আঞ্চলিক দলে চৰকাৰ গঠন কৰাৰ সুবিধা লাভ কৰিলেও আঞ্চলিক দলৰ কাৰণে দীৰ্ঘম্যাদি নীতি গ্ৰহণ কৰি কাৰ্যকৰী কৰা সহজ নহয়|

আঞ্চলিক দলৰ ভৱিষৎ:-

নেতৃত্বৰ প্ৰতি প্ৰতিযোগিতা, দলৰ প্ৰতি আনুগত্যৰ অভাৱ, শোষণ দুৰ্নীতিত লিপ্ততা, ভোটাৰ ৰাইজৰ স্বাৰ্থৰ প্ৰতি অনীহা আদিয়ে ৰাজনৈতিক দলসমুহৰ সম্ভাৱনাত বাধাৰ সৃষ্টি কৰে| আঞ্চলিক দলসমুহো ইয়াৰ ব্যতিক্ৰম নহয়| আঞ্চলিক দলৰ ভৱিষ্যতৰ কাৰণে দলৰ সদস্য সকলৰ মাজত একতা আৰু সংহতিৰ প্ৰয়োজন| দলৰ ভিতৰত যাতে উপদলৰ সৃষ্টি নহয় তাৰ প্ৰতি দলৰ সদস্য সকলে দৃষ্টি ৰখা প্ৰয়োজন| নেতৃত্বৰ প্ৰতি হাবিয়াসৰ ফলত দলৰ মাজত ভাঙোনৰ সৃষ্টি হয়; সেয়েহে নেতৃত্বৰ প্ৰতি আশা নকৰি সেৱাৰ মনোবৃত্তিৰে দলৰ কাৰ্য সম্পাদন কৰিব পাৰিলে দলে উদ্দেশ্যে সাধনত কৃতকাৰ্য হ’ব পাৰে|

দ্বিতীয়তে, দলৰ সদস্য সকলে দলীয় সিদ্ধান্তৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা উচিত| বিভিন্ন ব্যক্তি লগ লাগি যিহেতু এটা দলৰ সৃষ্টি হয়, দলীয় সিদ্ধান্ত গ্ৰহণত সদস্য সকলৰ মাজত মতভেদ হোৱা একো অস্বাভাৱিক নহয়| কিন্তু এই মতভেদৰ ফলত দলৰ সদস্য সকলৰ মাজত বিভাজনৰ সৃষ্টি কৰি উপদল গঠনৰ চেষ্টা চলাব নালাগে| দলৰ ভৱিষ্যতৰ কাৰণে দলীয় সিদ্ধান্তৰ প্ৰতি সদস্য সকলে সন্মতি জনাব লাগে| অৰ্থাৎ দলৰ সিদ্ধান্ত আৰু দলীয় নেতাৰ প্ৰতি আনুগত্য থাকিলেহে দাৰ মাজত একতা আৰু সংহতি থাকিব পাৰে আৰু ঐক্যবদ্ধ দলীয় প্ৰচেষ্টাইহে দলৰ ভৱিষৎ উজ্জ্বল কৰিব পাৰে|

তৃতীয়তে, আঞ্চলিক দলৰ ভৱিষ্যতৰ কাৰণে দলৰ সদস্য সকলে শোষণ দুৰ্নীতি আদিত লিপ্ত হোৱাৰ পৰা আঁতৰত থকা উচিত| দলৰ ভাবমুৰ্তি নষ্ট কৰিব পৰা যিকোনো ধৰণৰ কামৰ পৰা দলৰ সদস্য সকল আঁতৰত থকা উচিত| প্ৰত্যেক দলেই জনসাধাৰণৰ মাজত নিজৰ নিজৰ দলৰ ভাবমুৰ্তি উজ্জ্বল কৰাৰ কাৰণে চেষ্টা কৰে| সেয়েহে আঞ্চলিক দলৰ ভৱিষ্যতৰ কাৰনে দলৰ সদস্য সকলে শোষণ দুৰ্নীতি আদিত লিপ্ত হৈ দলৰ বিৰুদ্ধে জনমত সৃষ্টি কৰিবলৈ আন দলক সুবিধা দিব নালাগে|

শেষত, দলৰ ভৱিষৎ নিৰ্ভৰ কৰে জনসাধাৰণৰ সন্মতিৰ ওপৰত| আঞ্চলিক দলো ইয়াৰ ব্যতিক্ৰম নহয়| কোন দলে চৰকাৰ গঠন কৰিব সেই কথা ভোটাৰ ৰাইজেহে সিদ্ধান্ত কৰে| গতিকে দলৰ ভৱিষ্যতৰ কাৰণে আঞ্চলিক দলৰ সদস্য সকলে সদায় জনসাধাৰণৰ সন্তুষ্টিৰ প্ৰতি লক্ষ্য ৰখা উচিত|

ওপৰৰ আলোচনাৰ পৰা সহজে অনুমান কৰিব পাৰি যে আঞ্চলিক দলৰ ভৱিষ্যতৰ কাৰণে দলৰ সদস্য সকলৰ মাজত একতা আৰু সংহতি থকা প্ৰয়োজন| ক্ষমতা লাভ আৰু ক্ষমতা প্ৰয়োগৰ হাবিয়াসৰ পৰিৱৰ্তে সেৱাৰ মনোবৃত্তিৰে সদস্য সকলে নিজৰ নিজৰ দায়িত্ব পালন কৰা উচিত| সদস্য সকলে দলৰ ভাৱমুৰ্তি উজ্জ্বল কৰাৰ কাৰণে আৰু জনসাধাৰণৰ সন্তুষ্টিৰ কাৰণে যথোচিত নীতি আৰু আদৰ্শ গ্ৰহণ কৰা উচিত|

কেইটামান প্ৰধান আঞ্চলিক দল

ডি.এম.কে আৰু এ.ডি.এম.কে:-

তামিলনাডুৰ প্ৰধান আঞ্চলিক দল দুটা হৈছে ডি.এম.কে আৰু এ.ডি.এম.কে| তামিলনাডুত ব্ৰাহ্মণ বিৰোধী, উত্তৰ ভাৰত বিৰোধী আৰু হিন্দী বিৰোধী আন্দোলনৰ ফলস্বৰুপে এই দুটা আঞ্চলিক দলৰ সৃষ্টি হৈছিল| ১৯৪৯ চনত আন্নাডুৰাইৰ নেতৃত্বত ডি.এম.কে দল প্ৰতিষ্ঠা কৰা হৈছিল| দলীয় সংগঠন আৰু প্ৰচাৰ মাধ্যমৰ ওপৰত প্ৰভাৱ থকাৰ কাৰণে আন্নাডুৰাইৰ পিছত এই দলৰ নেতৃত্ব বহন কৰিছিল কৰুণানিধিয়ে| কিন্তু কৰুণানিধি আৰি চিত্ৰতাৰকা এম.জি.ৰামচন্দ্ৰনৰ মাজত মতভেদৰ সৃষ্টি হোৱাৰ ফলত এই দলত বিভাজনৰ সৃষ্টি হয় আৰু ৰামচন্দ্ৰনৰ নেতৃত্বত এ.ডি.এম.কে নামৰ আন এটা আঞ্চলিক দলৰ সৃষ্টি হয়| ১৯৭২ চনত এই দলটোৰ সৃষ্টি হৈছিল| পিছত এই দলটোক এ.আই.এ.ডি.এম.কে নামে নামাকৰণ কৰা হয়| সাম্প্ৰতিক কালত এই দল দুটাই তামিলনাডুৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰি আছে| এই দল দুটাই এতিয়াও ব্ৰাহ্মণ বিৰোধী আৰু উত্তৰ ভাৰত বিৰোধী আদৰ্শ ত্যাগ কৰা নাই| হিন্দীক ৰাষ্ট্ৰভাষা হিচাপে জাপি দিয়া নীতিৰো এই দল দুটাই বিৰোধিতা কৰি আহিছে| ৰামচন্দ্ৰনৰ মৃত্যুৰ পিছত এ.আই.এ.ডি.এম.কে দলত বিভাজনে দেখা দিয়ে| এটা ভাগৰ নেতৃত্ব বহন কৰিছিল চিত্ৰতাৰকা জয়াললিতাই| এই বিভাজনৰ ফলত তামিলনাডুত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছিল আৰু সেয়েহে ৰাষ্ট্ৰপতিৰ শাসন প্ৰয়োগ কৰিবলগা হৈছিল| পিছৰ নিৰ্বাচনত কৰুণানিধিৰ নেতৃত্বত ডি.এম.কে দলে চৰকাৰ গঠন কৰাৰ সুবিধা পাইছিল|

পৰৱৰ্তী কালত তামিলনাডুত জয়াললিতাৰ নেতৃত্বত এ.আই.এ.ডি.এম.কে দলৰ চৰকাৰে শাসনকাৰ্য পৰিচালনা কৰিছিল|

১৯৬৭ চনৰ পৰা ডি.এম.কে আৰু এ.আই.এ.ডি.এম.কে- এই দুটা ৰাজনৈতিক দলেই এটাৰ পিছত এটাকৈ তামিলনাডুৰ শাসনকাৰ্য পৰিচালনা কৰি আহিছে| ১৯৬৭ চনৰ পৰা ১৯৭৬ চনলৈ ক্ৰমে আন্নাডুৰাই আৰু কৰুণানিধিৰ নেতৃত্বত ডি.এম.কে দলে এই ৰাজ্যৰ শাসনকাৰ্য পৰিচালনা কৰিছিল| ১৯৭৭ চনৰ পৰা ১৯৮৭ চনলৈ এম.জি.ৰামচন্দ্ৰনৰ নেতৃত্বত এ.আই.এ.ডি.এম.কে দলে এই ৰাজ্যৰ শাসনৰ দায়িত্ব বহন কৰিছিল| এই দলৰ মুখ্যমন্ত্ৰী আছিল চিত্ৰতাৰকা এম.জি.ৰামচন্দ্ৰন| ৰাজ্যৰ জনসাধাৰণৰ সমৰ্থন লাভ কৰাৰ উদ্দেশ্যে দুটা দলেই কংগ্ৰেছৰ লগত সহযোগিতা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি আহিছে| কংগ্ৰেছ দলেও কেন্দ্ৰীয় বিধানমণ্ডলৰ নিৰ্বাচনত জয়লাভ কৰাৰ আশাত দুইটা দলৰ ভিতৰত যিকোনো এটা দলৰ লগত নিৰ্বাচনী মিত্ৰতা স্থাপন কৰিছিল| দুটা দলেই ৰাজ্যৰ কাৰণে বেছি পৰিমাণৰ বিত্তীয় ক্ষমতা বিচাৰে| ১৯৮৭ চনত ৰামচন্দ্ৰনৰ মৃত্যু হোৱাৰ পিছত দলত অস্থিৰতাৰ সৃষ্টি হৈছিল| তাৰ পাছত এবছৰ কাল ৰামচন্দ্ৰনৰ পত্নী জানকী ৰামচন্দ্ৰন মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়| পৰৱৰ্তী সময়ত ২০১১ চন পৰ্যন্ত এম.কৰুণানিধি তিনিটা আৰু জয়াললিতা চাৰিটা কাৰ্যকালৰ বাবে তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছে|

দুটা দলেই তামিলসকলৰ ভাষা-সংস্কৃতি ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিয়ে| এই দলৰ চৰকাৰেই ৰাজ্যখনৰ নাম মাদ্ৰাজৰ পৰিৱৰ্তে তামিলনাডু কৰিছে| বিখ্যাত তামিল লেখক কিছুমানৰ মৰ্যাদাও এই দল দুটাই বৃদ্ধি কৰিছে আৰু ধৰ্মগ্ৰন্থ সমুহৰ ভিতৰত তামিল বেদক সন্মানজনক আসন দিছে| কিন্তু একমাত্ৰ স্থানীয় ভাষা আৰু লোকৰ উন্নতিৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত আন দিশত এই ৰাজ্য বিশেষ ভাৱে আগবাঢ়িব পৰা নাই|

দুটা দলেই সমাজবাদী আৰু গণতান্ত্ৰিক দৃষ্টিভংগী সমৰ্থন কৰে| দুখীয়া আৰু সমাজৰ পিছ পৰা শ্ৰেণীৰ লোকৰ উন্নতিৰ ওপৰত দুটা দলেই গুৰুত্ব দিয়ে| ভুমিৰ উচ্চতম সীমা নিৰ্ধাৰণ কৰা, সামগ্ৰীৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ প্ৰত্যাহাৰ কৰা, পিছ পৰা শ্ৰেণীৰ লোকৰ প্ৰতি সহায়-সহযোগিতা আগবঢ়োৱা, লেতেৰা অঞ্চল সমুহ পৰিস্কাৰ কৰা, গাঁও অঞ্চলৰ লোকৰ কাৰণে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা আদি নীতিৰ প্ৰতি দুটা দলৰ সমৰ্থন আছে| কৃষক শ্ৰেণীৰ লোকক আৰ্থিক সাহায্য দিয়া আৰু ঋণদান কৰাৰ উদ্দেশ্যে এই চৰকাৰে প্ৰয়োজনীয় বিধি-বিধান ৰচনা কৰিছে| স্থানীয় ল’ৰা ছোৱালীক দুপৰীয়াৰ আহাৰ যোগান ধৰা, বৃদ্ধ সকলক পেন্সন দিয়া, শাৰী বিতৰণ কৰা আদি নীতিও এই চৰকাৰে গ্ৰহণ কৰিছে| দুটা দলেই উচ্চ শ্ৰেণীৰ অ-ব্ৰাহ্মণ লোকৰ সমৰ্থনৰ ওপৰত গুৰুত্ব দি আহিছে| জমিদাৰ শ্ৰেণীৰ লোকৰ ভু-সম্পত্তিৰ নিৰাপত্তা দিয়া নীতিও দুটা দলেই সমৰ্থন কৰে| প্ৰয়াত মুখ্যমন্ত্ৰী ৰামচন্দ্ৰন আৰু জয়ললিতা চিত্ৰতাৰকা হোৱাৰ কাৰণে চিনেমাপ্ৰেমী সকলৰ পৰা এ.আই.ডি.এম.কে দলে সমৰ্থন লাভ কৰি আহিছে| অৱশ্যে সামাজিক কল্যাণমুলক আঁচনিৰ পৰা উপকাৰ পোৱা দুখীয়া শ্ৰেণীৰ লোকৰ পৰাও এই দলে সমৰ্থন পাই আহিছে|

তেলেগু দেশম:-

আমাৰ দেশৰ আঞ্চলিক দলসমুহৰ ভিতৰত অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম হৈছে অন্যতম| ১৯৮২ চনত এন.টি.ৰামৰাওৰ নেতৃত্বত এই দলটো প্ৰতিষ্ঠা কৰা হৈছিল| সেই সময়ত অন্ধ্ৰপ্ৰদেশৰ শাসনৰ বিষয়ত বেমেজালিৰ সৃষ্টি হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰেও এই ৰাজ্যখনৰ প্ৰতি সহানুভুতিসুচক মনোভাৱ গ্ৰহণ কৰা নাছিল| ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে নিজৰ ইচ্ছামতে এই ৰাজ্যৰ মুখ্যমন্ত্ৰী নিৰ্বাচন কৰি দিয়াৰ ফলত ৰাজ্যখনৰ স্বায়ত্ব শাসনত বাধাৰ সৃষ্টি হৈছিল| কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতেহে সেই সময়ৰ চৰকাৰে কাৰ্যনিৰ্বাহ কৰিছিল| সেয়েহে ছয় কৌটি তেলেগু লোকৰ আত্মসন্মান ৰক্ষা কৰাৰ উদ্দেশ্যে আৰু মুল্যবোধজড়িত ৰাজনৈতিক শাসন প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ৰামৰাওৰ নেতৃত্বত এই দলটো গঠন কৰা হৈছিল| ৰামাৰাও আছিল এজন বোলছবিৰ ভাল অভিনেতা| সেয়েহে অন্ধ্ৰৰ জনসাধাৰণৰ ওপৰতো তেওঁৰ প্ৰভাৱ আছিল| ১৯৮৩ চনৰ নিৰ্বাচনত এই দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি অন্ধ্ৰত চৰকাৰ গঠনৰ সুবিধা পাইছিল| ১৯৮৪ চনত এই দলৰ কিছুমান সদস্যই দলত্যাগ কৰাৰ ফলত ৰামাৰাওৰ পৰিৱৰ্তে ভাস্কৰ ৰাওক মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰা হৈছিল| এই ঘটনাই সমগ্ৰ ৰাজ্যখনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ ফলত আন্দোলন আৰম্ভ হৈছিল| কিন্তু ভাস্কৰ ৰাওৱে সদনত নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰাত ৰামাৰাওক পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত কৰা হৈছিল| ১৯৮৪ চনত ৰামাৰাওৱে পদত্যাগ কৰাৰ ফলত ইয়াৰ পিছৰ বছৰত নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল আৰু এই নিৰ্বাচনত তেলেগু দেশম দলে সদনত বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল| ৰামাৰাওক পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছিল| লোকসভাৰ নিৰ্বাচনতো তেলেগু দেশম দলে ভালেমান আসন লাভ কৰিছিল| ৰামাৰাওৱে স্বেচ্ছাচাৰী হিচাপে শাসনকাৰ্য পৰিচালনা কৰিছিল যদিও তেওঁৰ দলে ৰাজ্যৰ জনসাধাৰণৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল| ৰামাৰাওৰ পিছত এই দলত ভাঙোনৰ সৃষ্টি হৈছিল| তেওঁৰ পত্নী লক্ষ্মী পাৰ্বতীয়ে দলৰ নেতৃত্ব বহন কৰিছিল যদিও নিৰ্বাচনত লক্ষ্মী পাৰ্বতীৰ দলে পৰাজয় বৰণ কৰিবলগা হৈছিল| ৰাজ্যৰ আভ্যন্তৰীণ উন্নতিৰ উপৰিও কেন্দ্ৰীয় পৰ্যায়তো এই দলে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছে|

ৰামাৰাওৰ শাসনকলত তেলেগু দেশম আছিল ব্যক্তিকেন্দ্ৰীক দল| চৰকাৰ আৰু দলৰ সকলো ক্ষমতা তেওঁৰ হাততেই আছিল| বাস্তৱ ক্ষেত্ৰত এজন কৃতকাৰ্য বোলছবিৰ অভিনেতা হিচাবেহে তেওঁ ক্ষমতা লাভ কৰিব পাৰিছিল| সেই সময়ত প্ৰকৃতাৰ্থত তেলেগু দেশম এটা ৰাজনৈতিক দল নাছিল; ই আছিল অভিনেতাই নেতৃত্ব বহন কৰা কিছুমান ব্যক্তিৰ সমষ্টি| অৱশ্যে অভিনেতা মন্ত্ৰী হোৱাৰ উদাহৰণ নথকা নহয়| তামিলনাডুৰো অভিনেতা হিচাবেহে ৰামচন্দ্ৰনে এ.আই.ডি.এম.কে দলৰ নেতৃত্ব বহন কৰি মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ সুযোগ লাভ কৰিছিল|

ভোটাৰ ৰাইজক আকৰ্ষণ কৰিব পৰা সন্মোহিনী শক্তি থকাৰ ফলত ৰামাৰাও আৰু তেওঁৰ দলে নিৰ্বাচনত কৃতকাৰ্যতা লাভ কৰিব পাৰিছিল| আনকি তেওঁৰ বিৰোধিতা কৰা ভাস্কৰ ৰাওৱেও ৰামাৰাওৰ এই গুণ স্বীকাৰ কৰিছিল| সাম্প্ৰতিক কালত এই দলৰ নেতা চন্দ্ৰবাবু নাইডুৱে এই দলৰ কৃতকাৰ্যতাত ভালেখিনি বৰঙণি যোগাই আহিছে|

জনসাধাৰণৰ উমৈহতীয়া কল্যাণ সাধন কৰাৰ উদ্দেশ্যে এই দলে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে| সেই ব্যৱস্থাসমুহেও এই দলক জনপ্ৰিয় কৰাত সহায় কৰিছে| এই দলে গ্ৰহণ কৰা নীতি আৰু কাৰ্যসূচীৰ ভিতৰত দেশৰ জনসাধাৰণৰ ভিতৰত বিশেষকৈ গাঁও অঞ্চলৰ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, প্ৰাইমাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে দুপৰীয়া বিনামুলীয়া আহাৰ যোগান ধৰা, ৰাজ্যৰ কাৰণে অধিক ক্ষমতা দাবী কৰা, মহিলা সকলৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা| তেলেগু ভাষাক ৰাজ্যিক মৰ্যাদা দিয়া, চৰকাৰী ধন খৰচ কৰাৰ বিষয়ত মিতব্যয়ীতা অৱলম্বন কৰা, শাসনত দুৰ্নীতি ৰোধ কৰা, নিৱনুৱা সকলক ভাট্টা দিয়া, বৃদ্ধ সকলক পেন্সন দিয়া আৰু পিছ পৰা সম্প্ৰদায়ৰ লোকৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা আদিয়ে প্ৰধান|

২০০৪ চনৰ নিৰ্বাচনৰ আগলৈকে চন্দ্ৰবাবু নাইডুৰ নেতৃত্বৰ এই দলে ৰাজ্যৰ আভ্যন্তৰীণ উন্নতি সাধন কৰাৰ উপৰিও কেন্দ্ৰীয় পৰ্যায়তো এই দলে প্ৰভাৱ বিস্তাৰ কৰাৰ সুযোগ লাভ কৰিছিল|

কিন্তু ২০০৪ আৰু ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত এই দলে শোচনীয় ভাৱে পৰাজয়বৰণ কৰাত ৰাজ্য আৰু কেন্দ্ৰৰ ৰাজনীতিত এই দলৰ প্ৰভাৱ কমি আহিছে|

নেচনেল কনফাৰেন্স

কাশ্মীৰৰ হিন্দু আৰু মুছলমান কিছুমানৰ সহযোগিতাত শ্বেখ আব্দুল্লাই নেচনেল কনফাৰেন্স নামৰ আঞ্চলিক দলতো প্ৰতিষ্ঠা কৰিছিল| এই দলে এতিয়ালৈকে কাশ্মীৰৰ আশা-আকাংক্ষাৰ বিষয়ে অভিমত প্ৰকাশ কৰি আহিছে| আব্দুল্লাৰ জীৱনৰ উত্থান আৰু পতনৰ লগত জড়িত থকা এই দলটোৰ বিভিন্ন সময়ত উত্থান-পতন হৈ থকা দেখা যায়| ১৯৮৩ চনৰ নিৰ্বাচনত শ্বেখ আব্দুল্লাই পুতেক ফাৰুক আব্দুল্লাৰ নেতৃত্বত এই দলে কাশ্মীৰত চৰকাৰ গঠন কৰাৰ সুবিধা পাইছিল| কিন্তু জাতি বিদ্বেষী কামত লিপ্ত হোৱাৰ অভিযোগত এই চৰকাৰক পদচ্যুত কৰি ১৯৮৪ চনৰ আগষ্ট মাহৰ পৰা ১৯৮৭ চনৰ মাৰ্চ মাহলৈ কাশ্মীৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰয়োগ কৰা হৈছিল| কিন্তু পিছত কংগ্ৰেছ আৰু  এই দলৰ মাজত সহযোগিতাৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত ফাৰুক আব্দুল্লাৰ নেতৃত্বত কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সৰ সদস্যক লৈ সংযুক্ত চৰকাৰ গঠন কৰা হৈছিল|

কাশ্মীৰ উপত্যকাত নেচনেল কনফাৰেন্সৰ ভালেখিনি প্ৰভাৱ আছে| অৰ্থাৎ এই উপত্যকাত এই দলটোৱে হৈছে শক্তিশালী দল| অৱশ্যে জম্মু অঞ্চলত কংগ্ৰেছৰ আধিপত্য আছে| দুটা দলৰেই বিভিন্ন এলেকাত নিজৰ নিজৰ প্ৰভাৱ আছে| তথাপিও নেচনেল কনফাৰেন্সে কাশ্মীৰ উপত্যকাৰ মুছলমান সকলৰ পৰা সমৰ্থন লাভ কৰে| এই দলৰ লগত কাশ্মীৰৰ মুছলমান সকলৰ আৱেগিক অনুভূতি জড়িত আছে| কিয়নো এই দল প্ৰতিষ্ঠা কৰা ব্যক্তিজন আছিল কাশ্মীৰী মুছলমান| তেওঁ হৈছে শ্বেখ আব্দুল্লা| কাশ্মীৰে নিজৰ বৈশিষ্ট্য অটুট ৰাখিব বিচাৰে| কাশ্মীৰৰ শাসনৰ বিষয়ত কংগ্ৰেছ দলে অযথা হস্তক্ষেপ কৰাৰ ফলত কংগ্ৰেছে কাশ্মীৰত স্থায়ী চৰকাৰ গঠন কৰিব পৰা নাই| শ্বেখ আব্দুল্লা আৰু তেওঁৰ পুতেক ফাৰুক আব্দুল্লাক ক্ষমতাচ্যুত কৰিবলৈ চেষ্টা কৰা যিকোনো নীতি আৰু কাৰ্য কাশ্মীৰী সকলে সমৰ্থন নকৰে| নেচনেল কনফাৰেন্সৰ ক্ষমতাৰ আন এটা উৎস হৈছে এই যে এই দলে ধৰ্মনিৰপেক্ষ নীতিত বিশ্বাস কৰে আৰু কাশ্মীৰক ভাৰতৰ এটা অবিচ্ছেদ্য অংগ হিচাপে বিবেচনা কৰে| কাশ্মীৰৰ কাৰণে বিশেষ মৰ্যাদা দাবী কৰাৰ কাৰণেও কাশ্মীৰী সকলে এই দলৰ প্ৰতি সমৰ্থন জনায়| বৰ্তমান সময়ত ওমৰ আব্দুল্লাৰ নেতৃত্বত ইয়াত নেচনেল কনফাৰেন্সৰ শাসনৰ দায়িত্ব বহন কৰি আছে|

কাশ্মীৰত কিছুমান পাকিস্তানৰ সমৰ্থকো আছে| কেতিয়াবা কেতিয়াবা এই লোকসকলে নেচনেল কনফাৰেন্সৰ প্ৰতি সমৰ্থন জনায় আৰু কেতিয়াবা কেতিয়াবা এই দলৰ বিৰোধিতাও কৰে| ১৯৪৭ চনৰ পৰা ১৯৫৩ চনলৈ এই লোকসকলে শ্বেখ আব্দুল্লা আৰু নেচনেল কনফাৰেন্সৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছিল| ১৯৫৩ চনৰ পৰা ১৯৭৫ চনলৈ এই দলৰ প্ৰতি সমৰ্থন জনাইছিল| ১৯৭৫ চনৰ পিছত পুনৰ এই দলৰ বিৰোধিতা কৰিছে| আনকি ফাৰুক আব্দুল্লাই ধৰ্মনিৰপেক্ষতা আৰু কাশ্মীৰক ভাৰতৰ অংগ হিচাপে স্বীকাৰ কৰাৰ সময়তো তেওঁ এই বিষয়ত সতৰ্কতা অৱলম্বন কৰিবলগা হৈছিল| ফাৰুক আব্দুল্লা আৰু ৰাজীৱ গান্ধীৰ মাজত স্বাক্ষৰ হোৱা চুক্তি আৰু ইয়াৰ ফলত নিৰ্বাচনত ফাৰুক আব্দুল্লাই জয়লাভ কৰা কাৰ্যকো তেওঁলোকে সমৰ্থন কৰিব পৰা নাছিল|

কংগ্ৰেছৰ লগত সহযোগিতা কৰি নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছে জয়লাভ কৰিছিল যদিও কিছুমানে সংযুক্ত মন্ত্ৰীসভাৰ প্ৰতি সমৰ্থন জনাব পৰা নাছিল| ফাৰুক আব্দুল্লাৰ মন্ত্ৰীসভাৰ কিছুমান সদস্যই সংযুক্ত মন্ত্ৰীসভা সমৰ্থন কৰিব পৰা নাছিল| তেওঁলোকে অনুভৱ কৰিছিল যে কংগ্ৰেছৰ ছত্ৰ-ছায়াত তেওঁলোকৰ প্ৰাধান্য ক্ৰমে নাইকিয়া হৈ আহিছে| দলৰ নেতৃস্থানীয় সদস্যৰ লগত আলোচনা নকৰাকৈ কাশ্মীৰ চুক্তি স্বাক্ষৰ কৰা কামকো তেওঁলোকে সমৰ্থন কৰিব পৰা নাছিল|এই বিষয়ত স্থানীয় কংগ্ৰেছ নেতা সকলেও অসন্তুষ্টি প্ৰকাশ কৰিছিল, কিয়নো এই চুক্তিয়ে কাশ্মীৰত কংগ্ৰেছ প্ৰাধান্য প্ৰতিষ্ঠাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল|

কাশ্মীৰৰ ৰাজনীতিত এতিয়াও নেচনেল কনফাৰেন্সে গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰি আছে| এই দলে ধৰ্মনিৰপেক্ষতাৰ প্ৰতি সমৰ্থন জনায়| কাশ্মীৰক ভাৰতৰ অবিচ্ছেদ্য অংগ হিচাপে বিবেচনা কৰে| ইয়াৰ উপৰিও সংবিধানত ৩৭০ নং অনুচ্ছেদ বাহাল ৰখাৰ প্ৰতি সমৰ্থন জনায়| অৰ্থাৎ এই দলে কাশ্মীৰৰ বিশেষ মৰ্যাদাৰ প্ৰতি সমৰ্থন জনায়| বৰ্তমান সময়ত ওমৰ আব্দুল্লাৰ নেতৃত্বত ইয়াত নেচনেল কনফাৰেন্সৰ শাসনৰ দায়িত্ব বহন কৰি আছে|

আকালি দল

আমাৰ দেশৰ আঞ্চলিক দলসমুহৰ ভিতৰত আকালি দল হৈছে আটাইতকৈ পুৰণি দল| আঞ্চলিক দলৰ ভিতৰত এই দলক কৃতকাৰ্য দল হিচাপেও অভিহিত কৰিব পাৰি| ১৯২৪ চনতেই এই দলৰ জন্ম হৈছিল| এই দলে শিখ সকলৰ প্ৰতিনিধিত্ব কৰে বুলি দাবী কৰে আৰু ৰাজনৈতিক ক্ষমতা লাভ কৰি শিখ সকলৰ স্বাৰ্থ ৰক্ষা কৰিব বুলি ঘোষণা কৰে| শিখৰ বাহিৰে আন লোকক এই দলৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা নহয়| সেয়েহে আকালি দলক সাম্প্ৰদায়িক দল হিচাপে অভিহিত কৰিব পাৰি| ধৰ্ম আৰু ভাষাৰ দোহাই দিয়া এই দলে ইংৰাজৰ শাসনকালত ভালেমান সুবিধা আদায় কৰিবলৈ সমৰ্থ হৈছিল| আনকি স্বাধীনতা লাভ কৰাৰ পিছত কংগ্ৰেছ চৰকাৰৰ পৰা ভালেমান সুবিধা আদায় কৰিছিল| পৰিস্থিতি আৰু পৰিৱেশৰ পৰিৱৰ্তনৰ লগে লগে এই দলে নিজৰ আদৰ্শৰো সলনি কৰে| উদ্দেশ্যে সাধনৰ কাৰণে এই দলে সাংবিধানিক আৰু বৈপ্লৱিক- দুটা পদ্ধতিয়ে অৱলম্বন কৰে|

প্ৰতিযোগিতামুলক ৰাজনীতিত আকালি দলৰ ভালেখিনি উত্থান আৰু পতন দেখা যায়| নিৰ্বাচনত পৰাজয়বৰণ কৰিলে এই দলে আন্দোলনৰ জৰিয়তে শিখসকলৰ স্বাৰ্থৰক্ষা কৰা নীতিৰ ওপৰত গুৰুত্ব দিয়ে| এই প্ৰস্ংগতে উল্লেখ কৰিব পাৰি যে আকালি দলৰ নেতাসকল সাধাৰণ শ্ৰেণীৰ লোক নহয়, তেওঁলোক হৈছে ধনী আৰি শিক্ষিত শ্ৰেণীৰ লোক| এই দলৰ নেতা সকলে ৰাজনীতি আৰু ধৰ্মৰ মাজত প্ৰভেদ বিচাৰি নাচায়; সাংস্কৃতিক কাম-কাজত এই দলে আবদ্ধ থাকিব নিবিচাৰে| বাস্তৱ ক্ষেত্ৰত আকালি দল হৈছে সাম্প্ৰদায়িক দল আৰু পঞ্জাৱৰ সাম্প্ৰদায়িক ৰাজনীতিয়ে এই দলক জীয়াই ৰাখিছে| এই দলে শিখ ধৰ্ম বিকাশৰ ওপৰত গুৰুত্ব দিয়ে| পঞ্জাৱত নাম কৰা শিখ সকলৰ স্বাৰ্থৰক্ষা কৰাই হৈছে এই দলৰ প্ৰধান উদ্দেশ্যে| সম্প্ৰদায়ৰ ভেটিত প্ৰতিষ্ঠিত হোৱাৰ কাৰণে প্ৰকৃতাৰ্থত এই দলক প্ৰকৃত আঞ্চলিক দল হিচাপে অভিহিত কৰিব নোৱাৰি| পঞ্জাৱত বাস কৰা সকলো লোকৰ স্বাৰ্থৰক্ষাৰ ওপৰত এই দলে গুৰুত্ব নিদিয়ে|

আকালি দলে ভাষাৰ ভিত্তিত ১৯৬৬ চনত পঞ্জাৱ ৰাজ্য গঠনৰ সুবিধা পাইছিল যদিও এই দলে সকলো বোৰ শিখৰ ভোট লাভ কৰিব পৰা নাছিল| অৱশ্যে ‘Operation Blue Star’ আৰু Delhi Killings’ ৰ পিছত এই দলৰ জনপ্ৰিয়তা কিছুপৰিমাণে বৃদ্ধি হৈছিল আৰু সেয়েহে ১৯৮৫ চনৰ নিৰ্বাচনত ১১৫ খন আসনৰ ভিতৰত এই দলে ৭৩ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল|

আকালি দলৰ প্ৰধান সমৰ্থক হৈছে খেতিয়ক শিখ সকল| এই দলৰ নেতৃত্ব বহন কৰে ধনী আৰু জমীদাৰ শ্ৰেণীৰ লোকে| আকালি দলৰ ওপৰত শিৰোমণি গুৰুদ্বাৰ প্ৰবন্ধক কমিটিৰ প্ৰভাৱ ভালেখিনি আছে| অৰ্থাৎ এই দলৰ ওপৰত এই কমিটিৰ নিয়ন্ত্ৰণ আছে|

দলৰ জন্মৰ পৰাই আকালি দলৰ দুটা প্ৰধান উদ্দেশ্যে আছিল| এই দলে শিখ সকলৰ ধৰ্ম, ভাষা আৰু সংস্কৃতি ৰক্ষাৰ ওপৰত গুৰুত্ব দি আহিছে| তেওঁলোকে হিন্দু সম্প্ৰদায়ৰ অংশ হিচাপে বিবেচনা নকৰে| দ্বিতীয়তে শিখ সকলৰ স্বকীয়তা ৰক্ষাৰ ওপৰত তেওঁলোকে গুৰুত্ব দি আহিছে| পৰিস্থিতি আৰু পৰিৱেশৰ পৰিৱৰ্তনৰ লগে লগে তেওঁলোকে নিজৰ কৌশলৰো পৰিৱৰ্তন কৰি আহিছে| কেতিয়াবা হয়তো চৰকাৰৰ বিৰোধিতা কৰে আৰু কেতিয়াবা হয়তো চৰকাৰৰ প্ৰতি সমৰ্থন জনায়| কিন্তু উদ্দেশ্যেৰ পৰা তেওঁলোক আঁতৰি যোৱা নাই| উদ্দেশ্যে সাধনৰ কাৰণে কেতিয়াবা এই দলে আন্দোলনৰ সহায় লয় আৰু কেতিয়াবা সাংবিধানিক উপায় অৱলম্বন কৰে| আন্দোলনমুখী কাম-কাজে দলৰ উদ্দেশ্যে সাধনত সহায় কৰি আহিছে| কিছুমান চিন্তাবিদৰ মতে আকালি দল হৈছে এটা বেলেগ ধৰণৰ দল| এই দলৰ উদ্দেশ্যে হৈছে শিখৰাজ্য পঞ্জাৱ শাসন কৰা| আকালি দলৰ কাৰ্যসূচীৰ ভিতৰত কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা, উৎপাদন আৰু বিতৰণৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰা, কৃষিৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া, নিৰ্দ্দিষ্ট পৰ্যায়লৈকে বিনামুলীয়া শিক্ষা ব্যৱস্থাৰ প্ৰচলন কৰা, দেশৰ ভিতৰত খাদ্য সামগ্ৰীৰ সৰবৰাহৰ বিষয়ত থকা বাধা নিষেধ আঁতৰ কৰা, পঞ্জাৱী ভাষাৰ প্ৰচলন থকা অঞ্চল সমুহ পঞ্জাৱ ৰাজ্যত অন্তৰ্ভুক্ত কৰা, ৰাজ্যসমুহক অধিক ক্ষমতা দিয়া আদিয়ে হৈছে প্ৰধান|

আকালি দলে কিছুমান দাবী পুৰণৰ বিষয়ত কৃতকাৰ্যতা লাভ কৰিছে যদিও এই দলৰ দুৰ্বলতা নথকা নহয়| দেখাত বাৰনালা আৰু বাদল- এই দুটা ভাগ আছে যদিও এই দলত আৰু বিভিন্ন ভাগ থকা দেখা যায়| দুটা দলেই শিৰোমণি গুৰুদ্বাৰ প্ৰবন্ধক কমিটি আৰু Golden Tample-ৰ ওপৰত কৰ্তৃত্ব হেৰুৱাইছে| এই দুটা অনুষ্ঠানৰ ওপৰত সন্ত্ৰাসবাদী সকলৰ নিয়ন্ত্ৰণ প্ৰতিষ্ঠা হোৱাৰ ফলত এই দল ভালেখিনি দুৰ্বল হৈ আহিছে| বৰ্তমান প্ৰকাশ সিং বাদলৰ নেতৃত্বত পঞ্জাৱত শিৰোমণি আকালি দলে শাসনৰ দায়িত্ব বহন কৰি আছে|

অসম গণ পৰিষদ

অসমৰ আঞ্চলিক দল বুলিলে সাধাৰণতে “অসম গণ পৰিষদক” বুজায়| এই দলৰ কেইজনমান সদস্যই গণ পৰিষদ ত্যাগ কৰি “নতুন অসম গণ পৰিষদ” নামৰ আন এটা আঞ্চলিক দলৰ সৃষ্টি কৰিছিল যদিও “নতুন অসম গণ পৰিষদে” ৰাজ্যখনৰ শাসনৰ বিষয়ত কোনো গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰিব পৰা নাই| সাম্প্ৰতিক কালত আঞ্চলিক ৰাজনৈতিক দলসমুহ ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ অংগ হৈ উঠিছে| জাতীয় ৰাজ্যিক আৰু স্থানীয় ৰাজনীতিত আঞ্চলিক দলসমুহে গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰি আহিছে|

বিভিন্ন ৰাজনৈতিক সমস্যাৰ পৰিপ্ৰেক্ষিতত ১৯৮৫ চনৰ শেষ ভাগত “অসম গণ পৰিষদ” নামৰ আঞ্চলিক দল এটাৰ অসমত সৃষ্টি হৈছিল| ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ প্ৰায় ছয় বছৰ কাল “অসম ছাত্ৰ সন্থা”ৰ তত্ত্বাবধানত “বিদেশী বহিস্কাৰ আন্দোলন” চলিছিল| এই আন্দোলনৰ সময়ছোৱাত “ছাত্ৰ সন্থাৰ” সভাপতি আৰু সম্পাদক আছিল ক্ৰমান্বয়ে প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকন| প্ৰায় ছয় বছৰ “বিদেশী বহিস্কাৰ আন্দোলন” চলাৰ পিছত ১৯৮৫ চনৰ আগষ্ট মাহত “অসম চুক্তি” স্বাক্ষৰ কৰা হৈছিল আৰু এই চুক্তি স্বাক্ষৰ হোৱাৰ পিছত “বিদেশী বহিস্কাৰ আন্দোলন” সাময়িকভাৱে স্থগিত ৰখা হৈছিল| ১৯৮৫ চনৰ অক্টোবৰ মাহত “অসম গণ পৰিষদ” নামৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ জন্ম হৈছিল আৰু পিছত সাধাৰণ নিৰ্বাচনত “অসম গণ পৰিষদে” অসমত চৰকাৰ গঠনৰ সুবিধা পাইছিল|

অসমৰ খিলঞ্জীয়া লোকসকলৰ উপৰিও বিভিন্ন জনগোষ্ঠীৰ লোকৰ পৰা এই দলে সমৰ্থন লাভ কৰিছিল| অসমীয়া লোকৰ উপৰিও ভৈয়ামৰ জনজাতিৰ লোক, বাগিছাত কাম কৰা বনুৱা, অসমত স্থায়ীভাৱে বসবাস কৰা মুছলমান, বঙালী হিন্দু আৰু বঙালী মুছলমান লোক কিছুমানেও এই দলৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল| ফলত নিৰ্বাচনত “অসম গণ পৰিষদে” অসম বিধানসভাৰ ৬৪ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল|

“অসম গণ পৰিষদ” চৰকাৰে “অসম চুক্তি” কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল| কিন্তু “অসম চুক্তিয়ে” বিভিন্ন গোষ্ঠীৰ লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰাকৈ থকা নাছিল| “গণ পৰিষদে” গনতন্ত্ৰ, সমাজবাদ আৰু ধৰ্মনিৰপেক্ষতাবাদৰ প্ৰতিও সমৰ্থন জনাইছিল| “গণ পৰিষদ” চৰকাৰে “এখন নতুন অসম” গঢ়ি তোলাৰ আশ্বাস দিছিল| এখন শ্ৰেণীহীন সমাজ গঠনৰ তেওঁলোকে আশ্বাস দিছিল| অসম এনে এখন ৰাজ্য হ’ব য’ত সকলো লোকে কামৰ সুবিধা পাব আৰু ইয়াৰ ফলত এখন প্ৰগতিশীল সমাজৰ সৃষ্টি হব| অসমত বিভিন্ন জাতি, গোষ্ঠী আৰু ভাষাৰ লোক বাস কৰে| অসমীয়া লোকৰ উপৰিও অসমত বঙালী, অনুসুচীত জনজাতি, বিহাৰী, নেপালী, স্থানীয় মুছলমান আৰু আন দেশৰ পৰা প্ৰবজন কৰা মুছলমান লোক কিছুমানো বাস কৰে| ভৈয়াম আৰু পাহাৰ অঞ্চলৰ জনজাতিৰ লোকসকলৰ নিজৰ ভাষা-সংস্কৃতি আছে আনহাতে কেইখনমান জিলাত বঙালী লোকসকলৰ শক্তিশালী অৱস্থাও আছে| সেয়েহে বিভিন্ন জাতি, ভাষা আৰু গোষ্ঠীৰ লোক বাস কৰা অসমৰ সকলো শ্ৰেণীকে সন্তুস্ত কৰা সহজ নহয়| জনজাতীয় লোক আৰু সংখ্যালঘুসকলেও “গণ পৰিষদৰ” ওপৰত আস্থা স্থাপন কৰা নাই| এসময়ত “ছাত্ৰ সন্থাৰ” যিসকল লোকে নেতৃত্ব বহন কৰিছিল, তেওঁলোকেই হৈছে “গণ পৰিষদৰো” নেতা| সেয়েহে “বিদেশী বহিস্কাৰ আন্দোলনৰ” গুৰি ধৰা এই নেতাসকলৰ প্ৰতি সংখ্যালঘু শ্ৰেণীৰ সক্ৰিয় সমৰ্থন নাই| এই শ্ৰেণীৰ লোকৰ বিশ্বাস যে “গণ পৰিষদে” অকল হিন্দু সকলৰ স্বাৰ্থ ৰক্ষাৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে|

“গণ পৰিষদে” “অসম চুক্তি” কাৰ্যকৰী কৰাৰ ওপৰত বেছি গুৰুত্ব দি আহিছে| এই দায়িত্ব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ উভয়ে বহন কৰিব লাগিব| কিন্তু, সাম্প্ৰতিক কালত বিভিন্ন কাৰণত “অসম গণ পৰিষদ” আৰু “অসম ছাত্ৰ সন্থা” ৰ মাজত মতভেদৰ সৃষ্টি হোৱা দেখা যায়| ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত “অসম গণ পৰিষদ” আৰু “অসম ছাত্ৰ সন্থা”ই নিজৰ নিজৰ দৃষ্টিভংগী সলনি কৰি দেশৰ স্বাৰ্থৰ কাৰণে কাম কৰা উচিত|

আগতেই উল্লেখ কৰা হৈছে যে, ১৯৮৫ চনৰ অক্টোবৰ মাহত “অসম গণ পৰিষদ” নামৰ এই আঞ্চলিক দলটোৰ সৃষ্টি হৈছিল| সেই বছৰতে অসমৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এই নিৰ্বাচনত “অসম গণ পৰিষদ” দলে অসম বিধানসভাত নিৰ্ংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰাৰ সুবিধা পাইছিল| প্ৰফুল্ল মহন্তৰ নেতৃত্বত “অসম গণ পৰিষদে” চৰকাৰ গঠন কৰিছিল| “গণ পৰিষদ” চৰকাৰে নিকা, শোষণ-দুৰ্নীতিমুক্ত চৰকাৰ প্ৰতিষ্ঠা কৰিব বুলি আশ্বাস দিছিল| কিন্তু “গণ পৰিষদ” চৰকাৰৰ শাসনকালত শোষণ-দুৰ্নীতি কমি যোৱাৰ পৰিৱৰ্তে বাঢ়িহে গৈছিল| অসমৰ ভোটাৰ ৰাইজে যি আশাত গণ পৰিষদ দলক চৰকাৰ গঠনৰ সুবিধা দিছিল, জনসাধাৰণৰ সেই আশা-আকাংঙ্খা চৰকাৰে পুৰণ কৰিব পৰা নাছিল| ইয়াৰ ফলত, “অসম গণ পৰিষদৰ” চৰকাৰৰ প্ৰতি অসমৰ ভোটাৰ ৰাইজৰ আস্থা ক্ৰমান্বয়ে কমি আহিছিল| সেয়েহে শোষণ, দুৰ্নীতি, দলীয় বিভাজন, ৰাজ্যৰ বিভিন্ন সমস্যা সমাধান কৰাত ব্যৰ্থতা আদি বিভিন্ন কাৰণত ১৯৯১ চনৰ নিৰ্বাচনত “অসম গণ পৰিষদ” দলে চৰকাৰ গঠনৰ সুবিধা পোৱা নাছিল| কিন্তু, ১৯৯৬ চনৰ সাধাৰণ নিৰ্বাচনত “অসম গণ পৰিষদ” দলে অসমত পুনৰ ক্ষমতা লাভ কৰাৰ সুযোগ পাইছিল| চি-পি-আই, চি-প-এম আদি দলৰ সহায়ত এই দলে চৰকাৰ গঠন কৰিছিল| আগৰ ভুল-ভ্ৰান্তিবোৰ আঁতৰাই অসমৰ জনসাধাৰণে সম্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰাৰ আশ্বাস দিয়াৰ কাৰণে অসমৰ ভোটাৰ ৰাইজে “অসম গণ পৰিষদক” পুনৰ চৰকাৰ গঠনৰ সুবিধা দিছিল| কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ বিষয়তো “গণ পৰিষদৰ” অৰিহণা আছিল| প্ৰথমবাৰৰ কাৰণে “গণ পৰিষদৰ” দুজন সদস্যই কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পাইছিল| কিন্তু, এই কাৰ্যকালৰ ভিতৰতো “অসম গণ পৰিষদে” ভোটাৰ ৰাইজক সন্তুষ্ট কৰিব পৰা নাছিল| শোষণ, দুৰ্নীতি, ব্যভিচাৰ আদিৰ ফলত এই দলৰ চৰকাৰৰ প্ৰতি জনসাধাৰণৰ আস্থা নাইকিয়া হৈ আহিছিল| সেয়েহে ২০০১ চনত অনুষ্ঠিত হোৱা ৰাজ্যৰ সাধাৰণ নিৰ্বাচনত এই দলে পৰাজয়বৰণ কৰিছিল| ২০০৪ চনত সংসদীয় নিৰ্বাচনত এই দলে দুখন আসন লাভ কৰিবলৈ সমৰ্থ হৈছে| ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এই দলে কিছু পৰিমাণে জনপ্ৰিয়তা পুনৰ লাভ কৰিবলৈ সক্ষম হৈছে|

২০০৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ আগমুহুৰ্তলৈকে অসম গণ পৰিষদ দল আৰু ইয়াৰ সহযোগী দলবিলাকে অসমত এইবাৰ চৰকাৰ গঠন কৰাৰ আশা পোষণ কৰিছিল| এই দলৰ সৰহসংখ্যক নেতাই নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব বুলি ভাবিছিল| কিন্তু এইবাৰ অসম গণ পৰিষদ দলে বিধানসভাত ২৪ খন আসনহে লাভ কৰিব পাৰিছে| এই দলৰ সহযোগী দলবিলাক নিৰ্বাচনত শোচনীয় ভাৱে পৰাজিত হৈছে| অসম গণ পৰিষদ দলৰ ভিতৰুৱা খেলিমেলি আৰু দলৰ গঠনেও ইয়াৰ অৱস্থা শোচনীয় কৰিছে| অসম গণ পৰিষদ দলত এতিয়াওদলৰ নেতৃত্বৰ সংকট অব্যাহত আছে| এই দলৰ সভাপতি শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী আছিল আৰু এই দলে অসম বিধানসভাত বিৰোধী দলৰ ভুমিকা গ্ৰহণ কৰিছিল|

২০০৯ চনৰ পঞ্চদশ লোকসভাৰ সাধাৰণ নিৰ্বাচনত অসম গণ পৰিষদ দলে ৰাষ্ট্ৰীয় দল ভাৰতীয় জনতা দলৰ সৈতে প্ৰাক্‌ নিৰ্বাচনী মিত্ৰতাৰে নিৰ্বাচনত ৬ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ এখন আসনত জয়লাভ কৰিবলৈ সক্ষম হয়|

২০১১ চনৰ বিধানসভা নিৰ্বাচনত দলে শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত ৪ আৰু ১১ এপ্ৰিল তাৰিখত দুটা পৰ্যায়ত নিৰ্বাচনত অংশ গ্ৰহণ লৰিছিল| কিন্তু এই নিৰ্বাচনত এই দলে শোচনীয় পৰাজয়বৰণ কৰে| এই দলে মাত্ৰ ১০ খন আসনতহে জয়লাভ কৰে|

সমালোচনা:- ১৯৮৫ চনৰ নিৰ্বাচনত “অসম গণ পৰিষদে” নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰাৰ সুযোগ পাইছিল| ১৯৯১ চনৰ নিৰ্বাচনত এই দলে পৰাজয়বৰণ কৰি বিৰোধী দলৰ ভুমিকা গ্ৰহণ কৰিছিল| ১৯৯৬ চনৰ নিৰ্বাচনত “অসম গণ পৰিষদ” দলে আন দলৰ সহায়তহে চৰকাৰ গঠন কৰিব পাৰিছিল| ২০০১ চনৰ নিৰ্বাচনত এই দলৰ ভালেমান মন্ত্ৰীপৰ্যায়ৰ লোকে পৰাজয়বৰণ কৰিছিল আৰু এই দলে বিৰোধী পক্ষৰ স্থান লাভ কৰিছিল| এই চাৰিটা সাধাৰণ নিৰ্বাচনৰ বিষয়ে বিশ্লষণ কৰিলে দেখা যায় যে “অসম গণ পৰিষদৰ” জনপ্ৰিয়তা ক্ৰমান্বয়ে কমি আহিছে| ইয়াৰ কাৰণ হৈছে তলত দিয়া ধৰণৰ-

১) “অসম গণ পৰিষদ” দলৰ বেছিভাগ নেতাই ছাত্ৰ আছিল আৰু “বিদেশী বহিস্কাৰ আন্দোলনত” অংশ গ্ৰহণ কৰি “গণ পৰিষদ” দলৰ সদস্যভুক্ত হৈছিল| দেশ শাসন কৰাৰ অভিজ্ঞতা তেওঁলোকৰ নাছিল| অৰ্থাৎ ৰাজনীতিত আছিল এই দল সদস্য সকল নতুন| এনে অৱস্থাত, নিজৰ নিজৰ দায়িত্ব দক্ষতাৰে সম্পাদন কৰিব নোৱাৰাত একো আচৰিত হ’ব লগা নাই|

২) দেশ শাসন একপ্ৰকাৰ কলা-বিদ্যাৰ নিচিনা| কলা-বিদ্যাৰ জ্ঞান সকলো ব্যক্তিৰে নথকাৰ নিচিনা “গণ পৰিষদ” দলৰ কিছুমান সদস্যৰো দেশ শাসনৰ অভিজ্ঞতা নাছিল|

৩) ৰাজনীতি কৰা সহজ যদিও ৰাজনীতিবিদ হোৱা সহজ নহয়| ৰাজনীতিবিদ সকলে বৰ্তমানৰ উপৰিও ভৱিষ্যতৰ বিষয়ে চিন্তা কৰে| অৰ্থাৎ ৰাজনীতিবিদ সকলৰ দূৰদৰ্শিতাৰ প্ৰয়োজন| কোনো এটা নীতিয়ে জনসাধাৰণৰ মনৰ ওপৰত কেনে ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে সেই বিষয়ে সতৰ্ক দৃষ্টি ৰাখিয়ে সিদ্ধান্ত গ্ৰহণ কৰা উচিত| অন্যথাই, ভোটাৰ ৰাইজৰ আস্থা হেৰুওৱাৰ সম্ভাৱনা থাকে| “গণ পৰিষদ” দলে এই দিশৰ ওপৰত গুৰুত্ব দিয়া নাছিল| সেয়েহে, এই দলৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে কমি অহা দেখা যায়|

৪) শোষণ আৰু দুৰ্নীতিয়েও এই দলৰ জনপ্ৰিয়তা কমাই অনাত বৰঙণি যোগাইছে| কোনো অজন ব্যক্তি শোষণ, দুৰ্নীতি আদিত লিপ্ত হৈছে নেকি-সেইটো প্ৰমাণ কৰা টান কাম| কৌটিল্যই অৰ্থশাস্ত্ৰত উল্লেখ কৰা মতে, পানীত সাঁতুৰি থকা মাছে কেতিয়া পানী খায় আৰি কিমান পৰিমাণৰ পানী খায় সেই বিষয়ে প্ৰমাণ কৰা সহজ নহয়| সেইদৰে কোনো এজন ব্যক্তি শোষণত লিপ্ত হোৱাটো প্ৰমাণ কৰাও টান কাম| তথাপিও, এই দলৰ শাসনকালত শোষণ-দুৰ্নীতিয়ে যে ঠাই পাইছিল সেই বিষয়ে সন্দেহ নাই|

৫) দলৰ কৃৰ্তকাৰ্যতা আৰু ব্যৰ্থতা ভালেখিনি নিৰ্ভৰ কৰে গাঁও ভিত্তিত থকা সংগঠনৰ ওপৰত| এই সংগঠনে নিজৰ নিজৰ অঞ্চলৰ লোকৰ ওপৰত দলীয় প্ৰভাৱৰ সৃষ্টি কৰাৰ উপৰিও, চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ যোগসুত্ৰ হিচাবেও কাৰ্যনিৰ্বাহ কৰে| কিন্তু, “অসম গণ পৰিষদ” দলৰ গাঁও ভিত্তিত স্থায়ী আৰু শক্তিশালী সংগঠনৰ অভাৱ| গাঁওভিত্তিত শক্তিশালী সংগঠনৰ অভাৱকো এই দলৰ এটা দুৰ্বলতা হিচাপে অভিহিত কৰিব পাৰি|

৬) শেষত, ৰাজ্যখনে সম্মুখীন হোৱা সমস্যা সমাধানত ব্যৰ্থ হোৱাৰ ফলতো এই দলৰ প্ৰতি জনসাধাৰণৰ আস্থা কমি আহিছে| উগ্ৰপন্থী সমস্যা সমাধানৰ বিষয়ত ৰাজনৈতিক পদ্ধতি অৱলম্বন নকৰি সৈন্যবাহিনী নিয়োগ কৰা কাৰ্য বহুতে সমৰ্থন কৰিব পৰা নাই| সেইদৰে, বড়ো সকলৰ সমস্যা সমাধান কৰাতো এই দলে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই| এইবোৰৰ উপৰিও অৰ্থনৈতিক অনগ্ৰসৰতা, নিৱনুৱা সমস্যা, বিদেশী প্ৰবজনৰ সমস্যা সমাধান কৰা ব্যৰ্থ প্ৰমানিত হোৱাৰ ফলতো এই দলৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে কমি আহিছে| দলৰ সদস্য সকলৰ মাজত সৃষ্টি হোৱা মতভেদেও এই দলৰ জনপ্ৰিয়তা হেৰুওৱাৰ বৰঙণি নোযোগোৱাকৈ থকা নাই|

উৎস: ভাৰতীয় ৰাজনৈতিক ব্যৱস্থা।

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate