অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অংক আৰু আতংক: অভিভাৱক আৰু শিক্ষকৰ কৰণীয়

অংক আৰু আতংক: অভিভাৱক আৰু শিক্ষকৰ কৰণীয়

মহামতি আকবৰৰ ৰাজসভাত এবাৰ আকবৰে বীৰবল সহিতে সভাসদবৰ্গক মাতি আনি প্ৰত্যেককে একোটাকৈ মেকুৰী পোৱালি প্ৰতিপালন কৰিবলৈ দি ক’লে, ’ আপোনালোকৰ প্ৰত্যেককে একোটাকৈ মেকুৰী পোৱালি দিয়া হ’ব আৰু যিয়ে নিজৰ মেকুৰীটোৰ যত্ন লৈ নোদোকা কৰিব পাৰিব তেওঁকেই বিশেষভাৱে পুৰস্কৃত কৰা হ’ব৷ মেকুৰীৰ বাবে প্ৰয়োজনীয় গাখীৰ ৰাজভঁৰালৰ পৰা যোগান ধৰা হ’ব আৰু এমাহৰ পিছত সকলোৱে নিজৰ মেকুৰীবোৰ লৈ আহি দেখুৱাব লাগিব।’

কথা মতেই কাম৷ সকলোৱে নিজৰ নিজৰ মেকুৰীবোৰ ঘৰলৈ লৈ গ’ল আৰু ৰজাই দিয়া গাখীৰ খুৱাই-বুৱাই এমাহৰ ভিতৰত স্বাস্থ্যৱান কৰি তুলিলে৷ আনহাতে বুধিয়ক বীৰবলে নিজৰ মেকুৰীটো আনি প্ৰথম দিনাই গাখীৰখিনি উতলাই মেকুৰীটোক খাবলৈ দিলে৷ উতলা গৰম গাখীৰত মুখ দিয়াৰ লগে লগেই মেকুৰীটোৱে চেঙালুটি পাৰি পলাই পত্ৰং দিলে৷ পিছদিনা বীৰবলে ঠাণ্ডা গাখীৰেই দিলে৷ কিন্তুু মেকুৰীটোৱে ভয়তে গাখীৰৰ ওচৰেই নাচাপিল৷ গাখীৰ দেখিলেই ভয়তে পলোৱা হ’ল৷ ৰাজভঁৰালৰ পৰা অনা গাখীৰ বীৰবলৰ নিজৰহে ভোগ হ’ল৷ ইফালে গাখীৰ খাবলৈ নাপাই বীৰবলৰ মেকুৰীটো শুকাই-খীণাই লেৰেলা চেপেটা হৈ যাবলৈ ধৰিলে৷

এমাহৰ মূৰত সকলোৱে নিজৰ নিজৰ মেকুৰীবোৰ ৰজাৰ ওচৰলৈ লৈ গ’ল৷ সকলোৱে নোদোকা নোদোকা মেকুৰী ৰজাক দেখুৱালে আৰু ৰজাৰ প্ৰশংসা পালে৷ বীৰবলৰ খীণাই আধামৰা হোৱা মেকুৰীটো দেখি ৰজাই সুধিলে,

-বীৰবল, সকলোৰে মেকুৰীবোৰ ইমান স্বাস্থ্যৱান হ’ল, অথচ আপোনাৰ মেকুৰীটোৰ এই অৱস্থা কিয়?

-জাহাপনা, মোৰেই দুৰ্ভাগ্য যে মোৰ ভাগত গাখীৰ নোখোৱা মেকুৰীহে পৰিল৷

আচৰিত হৈ ৰজাই বীৰবলৰ কথাৰ সত্যতা প্ৰমাণ কৰিবলৈ নিজৰ সন্মুখতে মেকুৰীটোক গাখীৰ খাবলৈ দিলে আৰু সঁচাকৈয়ে গাখীৰ দেখিয়েই মেকুৰীটোৱে পলাই পত্ৰং দিলে৷ অৱশেষত প্ৰতীয়মান হৈ ৰজাই বীৰবলকেই শ্ৰেষ্ঠ মেকুৰী পালকৰূপে পুৰস্কৃত কৰিলে৷

অংক বিষয়ৰ প্ৰতি সহজাত আতংকৰ কাৰণো প্ৰকৃততে বীৰবলৰ মেকুৰীটোৰ দুগ্ধভীতিৰ লেখিয়াই৷ সৰুতেই যদি ল’ৰা-ছোৱালীক অংক বিষয়টো উতলাই গৰম কৰি দিয়া হয়, নিঃসন্দেহে পৰৱৰ্তী সময়ত শিশুটিয়ে বিষয়টোৰ প্ৰতি ভীতিগ্ৰস্ত হয়৷ কিছুমান ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত তেওঁলোকৰ অভিভাৱক সকল গণিত শিক্ষাৰ বাটত প্ৰতিবন্ধক হৈ পৰে৷ বহুতো অভিভাৱকে নিজৰ সন্তানক গণিত বৰ টান বিষয় বুলি পঢ়ি থকা সময়তেই সজাগ কৰি দিয়া দেখা যায়৷ ফলস্বৰূপে শিশু কালতেই ছাত্ৰ ছাত্ৰীৰ গণিতভীতি জাগ্ৰত হোৱা দেখা যায়৷ শিশুৰ বিভিন্ন ক্ষেত্ৰৰ বিকাশ যেনে – দৈহিক, আবেগিক আৰু বৌদ্ধিক বিকাশৰ বাবে অভিভাৱকসকলে সুযোগ দিব লাগে৷ অভিভাৱকসকলে আন বিভিন্ন বিষয় যেনে – ভাষা, সাহিত্য, সংস্কৃতি, ক্ৰীড়া আদিতকৈ গণিতৰ প্ৰতি কম গুৰুত্ব দিয়া দেখা যায়৷ ইয়াৰ কাৰণ হৈছে গণিতৰ প্ৰতি থকা তেওঁলোকৰ নিজৰ নেতিবাচক দৃষ্টিভংগী৷ অভিভাৱকে নিজৰ ব্যক্তিগত জীৱনৰ গণিত শিক্ষাৰ ক্ষেত্ৰত হোৱা নেতিবাচক অভিজ্ঞতা সন্তানৰ লগত আলোচনা কৰে, যাৰ ফলত ল’ৰা-ছোৱালীৰ মনতো গণিতৰ প্ৰতি এটা অহেতুক নেতিবাচক ধাৰণাই গঢ় লৈ উঠে৷ এই নেতিবাচক ধাৰণাৰ ফলত সিহঁতৰ মনত এক ভয়ৰ জন্ম হয় আৰু এই ভয়েই ল’ৰা-ছোৱালীক গণিতৰ প্ৰকৃত ৰস পান কৰাৰ পৰা বঞ্চিত কৰি ৰাখে৷ সমগ্ৰ দেশৰে এক বুজন সংখ্যক শিশু গণিতভীতিৰ দ্বাৰা আক্ৰান্ত৷ দৰাচলতে গণিতভীতিৰ কাৰণ বুদ্ধি বা জ্ঞানৰ অভাৱ নহয়, ই এক ধৰণৰ আৱেগিক সমস্যাহে৷ গণিত বিষয়টোত শিশুসকলৰ বিকাশ আৰু ধাউতি নিৰ্ভৰ কৰে আৰম্ভণিতেই সিহঁতৰ গণিতৰ সৈতে জড়িত হোৱাৰ ধৰণৰ ওপৰত আৰু অভিভাৱকে সিহঁতৰ বিভিন্ন কাৰ্যত কিদৰে সহযোগ আগবঢ়ায় তাৰ ওপৰত৷

গণিত হৈছে আমাৰ জীৱনৰ অপৰিহাৰ্য অংগ৷ আমাৰ দৈনন্দিন জীৱনৰ সকলো মুহূৰ্ততে গণিতৰ প্ৰাসঙ্গিকতা আছে৷ গণিত বাদ দি আমাৰ জীৱন যাত্ৰা কল্পনা কৰিব নোৱাৰি৷ ড০ কৈলাস গোস্বামীদেৱে তেখেতৰ ’বুদ্ধিৰ সাঁথৰ আৰু ভ্ৰম’ নামৰ পুথিত গণিতৰ ব্যাখ্যা দিয়াৰ প্ৰসংগত উল্লেখ কৰিছে যে গণিতৰ অৰ্থ অকল তত্ত্ব বা বিশ্লেষণেই নহয় য’ত বিজ্ঞান আছে, যি কলা, দৰ্শন আৰু যুক্তিৰে পুষ্ট, যিয়ে পদ্ধতি, আৰ্হি আৰু সমমিতিৰ উপাদানেৰে উদ্ভাৱনৰ আহিলা আগবঢ়ায় তেনে প্ৰাকৃতিক অধ্যয়নৰ জ্ঞান জগত এখনৰ নামেই গণিত৷ জীৱনৰ সমস্যাবোৰ দূৰ কৰিবলৈ শিশুৰ গণিতীয় জ্ঞান বৃদ্ধি কৰিবলৈ অভিভাৱক সকলে তেওঁলোকৰ সন্তানৰ আত্মবিশ্বাস বৃদ্ধি কৰাত গুৰুত্ব দিব লাগে৷ অভিভাৱক সকলে আমাৰ চৌপাশৰ প্ৰাকৃতিক পৰিবেশ কিম্বা দৈনন্দিন ব্যৱহৃত বস্তুবোৰৰ আকৃতি, দৈৰ্ঘ্য্য, দূৰত্ব, পৰিমাণ বা জোখ আদিৰ সৈতে কৰা ভাৱ বিনিময়ৰ পৰা শিশুসকলে দৰকাৰী গণিতীয় ধাৰণাবোৰ বুজি ল’ব পাৰে৷ একাপ চাহত কিমান চাহপাত লাগিব, কিমান চেনি লাগিব, ঘড়ীটোত কিমান বাজিল, বজাৰৰ তালিকাখনত কোনবিধ সামগ্ৰী কি জোখ বা পৰিমাণত কিনা হ’ল ইত্যাদি ধাৰণাবোৰৰ পৰাই অভিভাৱকসকলে শিশুটিক গণিতীয় ধাৰণাবোৰ আহৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে৷

শিক্ষকসকলৰ গণিত শিকোৱাৰ সঠিক পদ্ধতিৰ ওপৰতো ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ পৰা গণিতভীতি দূৰ কৰাৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা আছে৷ প্ৰাথমিক আৰু মাধ্যমিক স্তৰত যদি গণিতৰ ধাৰণাবোৰ স্পষ্ট নহয় তেনেহ’লে ছাত্ৰ-ছাত্ৰীসকলে হাইস্কুল বা পিছৰ পৰ্যায়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়৷ গতিকে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ আৰু মনযোগ বৃদ্ধি কৰিবলৈ নিতৌ ন ন শিক্ষণ পদ্ধতি প্ৰয়োগ কৰা উচিত৷ গণিতৰ সাঁথৰ বা কৌতুক জাতীয় সমস্যাবিলাকে ছাত্ৰ-ছাত্ৰীক আমোদ দিয়ে; যুক্তি, বিশ্লেষণ আৰু অন্বেষণৰ প্ৰতি আগ্ৰহী কৰি তোলে৷ সাঁথৰ বা কৌতুকৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক আনন্দ যোগোৱাৰ লগতে অংকৰ প্ৰতি থকা আতংক দূৰ কৰাত সহায় কৰে৷ অংক বিষয়টো ছাত্ৰ-ছাত্ৰীৰ সহজবোধ্য কৰিবলৈ আমি সাধাৰণতে দৈনন্দিন কাম-কাজত অহা ঘটনাৱলীৰ উদাহৰণেৰে বুজাবলৈ চেষ্টা কৰা উচিত৷

দেখা যায় আমাৰ বিদ্যালয়বোৰৰ নতুনত্ববিহীন শিক্ষণ পদ্ধতিৰ বাবে বহু সংখ্যক ছাত্ৰ -ছাত্ৰীয়ে গণিতৰ শ্ৰেণীটো আমনিদায়ক অনুভৱ কৰে৷ ফলত তেওঁলোকৰ গণিত শিক্ষাৰ প্ৰতি ধাউতি কমি যায়৷ ইয়াৰ বিপৰীতে গণিত উপভোগ কৰি পৰীক্ষাত ভাল ফল দেখুওৱা ছাত্ৰ-ছাত্ৰীও আছে৷ শিক্ষক সকলে চালি-জাৰি চাই কেনে ধৰণে আমাৰ উঠি অহা চামক গণিতৰ প্ৰতি আকৰ্ষিত কৰিব পৰা যায় তাৰ প্ৰতি মনোযোগ দিয়া উচিত৷ সময়ৰ লগে লগে যিহেতু সমাজ পৰিবৰ্তন হয় আৰু ছাত্ৰ-ছাত্ৰী সকলৰ চৌপাশৰ পৰিবেশ পৰিবৰ্তনৰ লগে লগে তেওঁলোকৰ প্ৰয়োজন সমূহৰো পৰিবৰ্তন হয়৷ সেয়েহে তেওঁলোকৰ শিক্ষা গ্ৰহণ কৰা প্ৰণালীৰো পৰিবৰ্তন হোৱাটো স্বাভাৱিক৷ গণিত শিক্ষাৰ অৰ্থপূৰ্ণ আৰু ফলপ্ৰসূ শিক্ষণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতা আৰু বোধগম্যতা বৃদ্ধি কৰিবলৈ শিক্ষণ প্ৰণালীৰ সহায়ত ইয়াৰ জটিলতা সমূহ দূৰ কৰাটো অতীৱ প্ৰয়োজনীয়৷ অভিজ্ঞ শিক্ষক সকলৰ দ্বাৰা যেতিয়া শিক্ষণ প্ৰণালী উপযুক্তভাৱে সঠিক পৰিবেশত ব্যৱহাৰ কৰা হয়, তেতিয়া ই গাণিতিক ধাৰণা সমূহক এটা মূৰ্তৰূপ প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো গণিতৰ প্ৰতি প্ৰৱল আগ্ৰহী কৰি তুলিব পৰা যায়৷ শিক্ষা বিভাগে এই ক্ষেত্ৰত গণিতৰ শিক্ষকসকলক সময়ে সময়ে উপযুক্তভাৱে প্ৰশিক্ষণ দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিলে নিশ্চিতভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অংক বিষয়টো কেতিয়াও আতংকৰ কাৰণ হৈ নাথাকিব৷
এখন দেশৰ প্ৰগতিত গণিতৰ যথেষ্ট ভূমিকা আছে৷ সেইবাবে বৰ্তমান প্ৰায়বোৰ উন্নত দেশতেই গণিতৰ জাগৰণ হোৱা দেখা গৈছে৷ জীৱনৰ যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ গণিতৰ প্ৰাসঙ্গিকতা আছে৷ আহকচোন আমি সকলোৱে উঠি অহা প্ৰজন্মৰ মনৰ পৰা অংকৰ আতংক দূৰ কৰি তেওঁলোকক দেশৰ প্ৰকৃত মানৱ সম্পদৰূপে গঢ়ি তোলাত ব্ৰতী হওঁ৷

লেখক-কন্দৰ্প কুমাৰ নাথ,সাহিত্য ডট অৰ্গ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate